Join WhatsApp

Join Now

Join Telegram

Join Now

ই যে অগ্নি-বীণাৰ তান Class 12 Advance Assamese Chapter 3 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক ই যে অগ্নি-বীণাৰ তান Class 12 Advance Assamese Chapter 3 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

ই যে অগ্নি-বীণাৰ তান Class 12 Advance Assamese Chapter 3 Solutions

ই যে অগ্নি-বীণাৰ তান Class 12 Advance Assamese Chapter 3 Solutions

ই যে অগ্নি-বীণাৰ তান – অম্বিকাগিৰি ৰায়চৌধুৰী

কবি পৰিচয়ঃ অম্বিকাগিৰি ৰায়চৌধুৰী (১৮৮৫-১৯৬৭) এজন অসমীয়া কবি, গীতিকাৰ, নাট্যকাৰ, প্ৰৱন্ধকাৰ, সাংবাদিক আৰু স্বাধীনতা বিপ্লবী। বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত তেওঁৰ জন্ম হয়। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্রিয় অংশগ্রহণকাৰী ৰায়চৌধুৰীৰ কবিতাত স্বদেশপ্রেম আৰু ৰহস্যবাদী প্ৰেমৰ সুৰ লক্ষণীয় বিষয়। তেওঁৰ কবিতাৰ ভাষা আৰু ছন্দৰ এক নিজস্ব ওজস্বিতা আছে। তেওঁৰ প্রকাশিত কবিতা পুথিসমূহ হ’ল বীণা, তুমি, অনুভূতি, বেদনাৰ উল্কা, বন্দো কি ছন্দেৰে, আৰু গীতৰ পুথি চেতনাৰ কণ্ঠ। কল্যাণময়ী, ভক্ত-গৌৰৱ, জয়দ্রথ বধ আদি তেওঁ ৰচনা কৰা নাটক। তেওঁৰ আত্মজীৱনীখনৰ নাম ‘মোৰ জীৱনৰ ধুমুহা এছাটি’। তেখেতে ‘চেতনা’ আৰু ‘ডেকা অসম’ নামৰ দুখন আলোচনীও সম্পাদনা কৰিছিল।

অসমীয়া সাহিত্য জগতত অম্বিকাগিৰি ৰায়চৌধুৰী ‘অসম কেশৰী’ নামে জনা যায়। তেওঁ ১৯৫০ চনৰ একবিংশতিতম অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মৃত্যৰ পিছত তেওঁক ‘বেদনাৰ উল্কা’ নামৰ কাব্য পুথিৰ বাবে সাহিত্য একাডেমীৰ বঁটা প্রদান কৰা হয়।

কঠিন শব্দৰ অৰ্থ:

অনল: জুই। সুধা: অমৃত হলাহল: বৰ চোকা বিষ। নিনাদ: শব্দ। মর্দিত: যাক পিহন কৰা হৈছে। শ্রাবণঃ শাওন।

পাঠভিত্তিক প্রশ্ন-উত্তৰ:

১। ‘ই যে অগ্নি-বীণাৰ তান’ কবিতাটিত প্রকাশ পোরা দেশপ্ৰেমৰ আভাস দাঙি ধৰা। H. S. ’15, ’17, ’20

উত্তৰঃ ই যে ‘অগ্নি বীণাৰ তান’ শীর্ষক কবিতাটিৰ মাজেৰে কবিৰ গভীৰ স্বদেশানুৰাগ প্ৰকাশ পাইছে। কবিতাটোৰ মাজেৰে কবিয়ে দেশৰ জনগণৰ পৰাধীনতাৰ শিকলি ছিঙি, সমাজৰ পৰা কলুষ-কালিমা নাশি এক সমৃদ্ধময় জীৱন গঢ়াৰ বাবে জীৱন পণ কৰাৰ দৃঢ়সংকল্প লৈছে।
কবিৰ মতে জীৱনটো হাঁহি-তামচাৰ বাবে নহয়। ইয়াৰ এক মহৎ উদ্দেশ্য আছে। জীৱনটো হৈছে মৰণ-পণ এক সংগ্রামহে। এই সংগ্রাম অপমান লাঞ্ছনাৰ বিৰুদ্ধে। এই সংগ্রাম সুধাৰ কাৰণে অমৃত মন্থনৰ সংগ্রাম। কবিয়ে দেশ মাতৃৰ বাবে জীৱন দান কৰিবলৈ হাবিয়াস কৰিছে। কবিয়ে হীনতা, নীচতা, ভীকতা, দীনতা আদি নাশি এক সুন্দৰ সমতাৰ পৃথিবী গঢ়িব বিচাৰে। কবিয়ে উৎপীড়ন, অপমানৰ বিৰুদ্ধে আৰু মানৱতাৰ হকে এক অভিযান আৰম্ভ কৰিছে। তেওঁৰ লক্ষ্য হৈছে বিপ্লৱৰ জৰিয়তে মানৱ অধিকাৰ প্ৰতিষ্ঠা কৰা। কবিয়ে মানৱতা লঙ্ঘিত হোৱা ভয়াবহ ইতিহাস জীৱন মৰণ সংগ্ৰামৰ জৰিয়তে মচি পেলাবলৈ অভিলাষ কৰিছে। তেওঁৰ সংগ্ৰাম শ্রাবণৰ মহাবানৰ দৰে। তেওঁ নিজৰ দেশ মাতৃৰ সেৱাৰ উদ্দেশ্য নিজকে বলিদান দিবলৈ প্রস্তুত আছে।

২। ‘ই যে মাতৃ আদেশ, সন্তান প্রাণ দিবলকে বলিদান’ – কথাষাৰৰ ভিত্তিত কবিতাটিৰ সাৰমৰ্ম বুজাই লিখা। H. S. ’16, ’18

উত্তৰঃ কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ‘ই যে অগ্নিবীণাৰ তান’ কবিতাটিৰ মাজেদি স্বদেশৰ প্রতি থকা তেওঁৰ গভীৰ প্রেমভার প্রকাশ কৰিছে।
কবিৰ মতে জীৱনটো হাঁহি-তামচাৰ বাবে নহয়। ইয়াৰ এক মহৎ উদ্দেশ্য আছে। জীৱনটো হৈছে মৰণ-পণ এক সংগ্রামহে। এই সংগ্রাম অপমান লাঞ্ছনাৰ বিৰুদ্ধে। এই সংগ্ৰাম সুধাৰ কাৰণে অমৃত মন্থনৰ সংগ্ৰাম। কবিয়ে দেশ মাতৃৰ বাবে জীৱন দান কৰিবলৈ হাবিয়াস কৰিছে। কবিয়ে হীনতা, নীচতা, ভীকতা, দীনতা আদি নাশি এক সুন্দৰ সমতাৰ পৃথিৱী গঢ়িব বিচাৰে। কবিয়ে উৎপীড়ন, অপমানৰ বিৰুদ্ধে আৰু মানৱতাৰ হকে এক অভিযান আৰম্ভ কৰিছে। তেওঁৰ লক্ষ্য হৈছে বিপ্লৱৰ জৰিয়তে মানৱ অধিকাৰ প্ৰতিষ্ঠা কৰা। কবিয়ে মানৱতা লঙ্ঘিত হোৱা ভয়াবহ ইতিহাস জীৱন মৰণ সংগ্ৰামৰ জৰিয়তে মচি পেলাবলৈ অভিলাষ কৰিছে। তেওঁৰ সংগ্ৰাম শ্ৰাৱণৰ মহাবানৰ দৰে। তেওঁ নিজৰ দেশ মাতৃৰ সেৱাৰ উদ্দেশ্যে নিজকে বলিদান দিবলৈ প্রস্তুত আছে। অর্থাৎ কবিয়ে ক’ব বিচাৰিছে যে দেশ মাতৃৰ মংগলৰ হকে ইয়াৰ সন্তানসকলে নিজকে বলিদান দিবলৈকে প্রস্তুত থাকিলেহে দেশৰ শৌর্য-বীর্য চিৰদিন উচ্চ হৈ থাকিব।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম ক’ত হৈছিল?

উত্তৰ: বৰপেটাত।

(খ) অম্বিকাগিৰি ৰায় চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ: ‘বীণা’ আৰু ‘অনুভূতি’।

(গ) অম্বিকাগিৰি ৰায়চৌধুৰীৰ এখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰ: চেতনাৰ কণ্ঠ।

(ঘ) অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কোনখন পুথিৰ বাবে ‘সাহিত্য একাডেমী বঁটা’ লাভ কৰিছিল? H. S. ’14, ’18

উত্তৰ: বেদনাৰ উল্কা।

(ঙ) অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰ: ‘কল্যাণময়ী’ আৰু ‘জয়দ্রথ বধ’।

(চ) অম্বিকাগিৰি ৰায়চৌধুৰী অসমীয়া সাহিত্য জগতত কি নামেৰে পৰিচিত? H. S. ’15, ’18

উত্তৰ: ‘অসম কেশৰী’।

(ছ) অম্বিকাগিৰি ৰায়চৌধুৰীয়ে সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখা।

উত্তৰ: ‘চেতনা’ আৰু ‘ডেকা অসম’।

(জ) অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাৰ প্ৰধান সুৰ কেইটা আৰু কি কি?

উত্তৰ: অম্বিকাগিৰি ৰায় চৌধুৰীৰ কবিতাৰ প্ৰধান সুৰ দুটা, যথা ৰহস্যবাদী প্ৰেমৰ সুৰ আৰু স্বদেশ প্ৰেমৰ সুৰ।

(ঝ) অম্বিকাগিৰি ৰায়চৌধুৰীৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰ: মোৰ জীৱনৰ ধুমুহা এছাটি।

(ঞ) ‘চেতনা’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?

উত্তৰ: অম্বিকাগিৰি ৰায় চৌধুৰী

(ঞ) ‘নিনাদ’ শব্দৰ অৰ্থ কি? H. S. ’19

উত্তৰ: তীব্র শব্দ।

২। প্রসঙ্গ-সঙ্গতি দর্শাই ব্যাখ্যা কৰাঃ H. S. ’20

(ক) ‘ইযে হীনতা, নীচতা, ভীকতা-দীনতা জোকাৰি-পেলোৱা ভাব, ই যে এক ৰূপ বসে, একে বঙে চঙে এক কৰি দিয়া ছাব।”

উত্তৰ: উদ্ধৃত কথাফাকি অম্বিকাগিৰি ৰায় চৌধুৰীয়ে ৰচিত ‘ই যে অগ্নিবীণাৰ তান’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
জীৱনৰ প্ৰকৃত কৰ্তব্য কি সেই সম্পর্কে ক’বলৈ যাওঁতে কবিষে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
কবিয়ে দেশত চলি থকা অসমতা, ভীৰুতা, দীনতা, নীচাত্মিকতা আদি দেখা পাই মর্মাহত হৈছে আৰু সেয়ে তেওঁ কৈছে যে এই সকলোবোৰ হীনতা, ভীৰুতা, মচি পেলোৱাৰ সময় আহি পাইছে। তেওঁ আশাবাদী যে সমাজৰ পৰা এই কলুষ-কালিমাবোৰ মচি পেলাব পাৰিলে এক সাম্যৰ শোষণহীন সুন্দৰ সমাজ গঠন হ’ব।

(খ) ‘ই যে মুক্ত জীবন বন্ধন কৰা কঠোৰ বেথাৰ হান ‘ই মানবতা অবমাননাকাৰীক মর্দিত কৰা ধ্যান।’ – কি প্রসংগত কবিয়ে এইদৰে কৈছে বুজাই লিখা। H. S. ’19

উত্তৰ: কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ‘ই যে অগ্নিবীণাৰ তান’ কবিতাটিৰ মাজেদি স্বদেশৰ প্ৰতি থকা তেওঁৰ গভীৰ প্রেমভাৱ প্ৰকাশ কৰিছে।

কবিৰ মতে জীৱনটো হাঁহি-তামচাৰ বাবে নহয়। ইয়াৰ এক মহৎ উদ্দেশ্য আছে। জীৱনটো হৈছে মৰণ-পণ এক সংগ্রামহে। এই সংগ্রাম অপমান লাঞ্ছনাৰ বিৰুদ্ধে। এই সংগ্রাম সুধাৰ কাৰণে অমৃত মন্থনৰ সংগ্রাম। কবিয়ে দেশ মাতৃৰ বাবে জীবন দান কৰিবলৈ হাবিয়াস কৰিছে। কবিয়ে হীনতা, নীচতা, ভীৰুতা, দীনতা আদি নাশি এক সুন্দৰ সমতাৰ পৃথিৱী গঢ়িব বিচাৰে। কবিয়ে উৎপীড়ন, অপমানৰ বিৰুদ্ধে আৰু মানৱতাৰ হকে এক অভিযান আৰম্ভ কৰিছে। তেওঁৰ লক্ষ্য হৈছে বিপ্লৱৰ জৰিয়তে মানৱ অধিকাৰ প্ৰতিষ্ঠা কৰা। কবিয়ে মানৱতা লঙ্ঘিত হোৱা ভয়াবহ ইতিহাস জীৱন মৰণ সংগ্ৰামৰ জৰিয়তে মচি পেলাবলৈ অভিলাষ কৰিছে। তেওঁৰ সংগ্ৰাম শ্ৰাৱণৰ মহাবানৰ দৰে। তেওঁ নিজৰ দেশ মাতৃৰ সেৱাৰ উদ্দেশ্যে নিজকে বলিদান দিবলৈ প্রস্তুত আছে। অর্থাৎ কবিয়ে ক’ব বিচাৰিছে যে দেশ মাতৃৰ মংগলৰ হকে ইয়াৰ সন্তানসকলে নিজকে বলিদান দিবলৈকে প্রস্তুত থাকিলেহে দেশৰ শৌর্য-বীর্ঘ চিৰদিন উচ্চ হৈ থাকিব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×