ইন্টাৰনেট ৰচনা
(ইন্টাৰনেট ৰচনা) ‘ইন্টাৰনেট’ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা। ‘Interconnection of Net-work‘ শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটাই ‘Internet‘ শব্দটি গঠন কৰা হৈছে। সহজ ভাষাত হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট। ইন্টাৰনেটৰ লগত World Wide Web (WWW) শব্দকেইটা জড়িত। World Wide Web (সংক্ষেপে ‘ৱেব’) হৈছে পৃথিবীব্যাপী সিচৰতি হৈ থকা লাখ লাখ বিভিন্ন কম্পিউটাৰত থকা তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ। এই বিভিন্ন তথ্যবোৰ পাঠ, গ্রাফিক্স, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু ইয়াক ইন্টাৰনেট সংযোগৰ জৰিয়তে অতি সহজে আহৰণ কৰিব পাৰি। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত পদার্থ কণিকাৰ তাত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় গবেষণাকেন্দ্র চার্নত World Wide Web বা ৱেব-বৰ জন্ম হৈছিল।
বিংশ শতাব্দীৰ শেষ দহকত ইন্টাৰনেটৰ শুভাৰম্ভহয় আৰু আৰম্ভণিৰ মাত্ৰ কেইবছৰমানৰ ভিতৰতে ইয়াৰ প্ৰসাৰ ইমানেই বৃদ্ধি পায় যে আজি ইন্টাৰনেট নোহোৱাকৈ এক মূহুর্তও চলিব নোৱাৰো। আজি আমাৰ দৈনন্দিন জীৱনৰ সকলো কাম-কাজ ইন্টাৰনেটৰ সহায়ত সম্পন্ন কৰা হয়।
ইন্টাৰনেটৰ বহুত সুবিধা আছে, যেনেঃ প্রথমত, ইন্টাৰনেটৰ জৰিয়তে আমি পৃথিৱীৰ বিভিন্ন প্রান্তত থকা বন্ধু-বান্ধবীসকললৈ ই-মেইল পঠাব পাৰো, ভিডিঅ’ কলিং কৰিব পাৰো।
দ্বিতীয়, ইন্টাৰনেটৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ তথ্য, কিতাপ পত্র আদি পঢ়িব পাৰো।
তৃতীয়তে, ঘৰতে বহি ৰেলৰ টিকট, বিমানৰ টিকট আদি সংগ্ৰহ কৰাৰ লগতে হোটেলৰ ৰুম বুকিং আদি বহুতো কাম কৰিব পাৰো।
চতুৰ্থতে, ইন্টাৰনেটৰ জৰিয়তে আমি ভিডিঅ’ গেম খেলিব পাৰো।
পঞ্চমতে, ইন্টাৰনেটৰ জৰিয়তে গীত, চিনেমা, আদি উপভোগ কৰিব পাৰো।
ইন্টাৰনেটৰ সুবিধা অর্থাৎ মিঠা দিশ থকাৰ লগতে ইয়াৰ অসুবিধা বা তিতা দিশো আছে, যেনেঃ
প্রথম, ইন্টাৰনেট অধিক ব্যৱহাৰ কৰিলে ইয়াৰ প্রতি ব্যৱহাৰকাৰী আসক্ত হৈ যায়। ফলত ব্যৱহাৰকাৰীয়ে প্রধান কর্তব্যক পাহৰি যায়।
দ্বিতীয়ত, ইন্টাৰনেটে ব্যক্তি এজনৰ মনত পৰিয়াল আৰু সমাজৰ প্ৰতি থকা দায়িত্বৰ প্ৰতি অবহেলাৰ ভাৱ গঢ়ি তোল।
তৃতীয়তে, ইন্টাৰনেটত সময়ৰ অপচয় হয়। ছাত্র-ছাত্রীসকলে পাঠ্যপুথি অধ্যয়ন, আলোচনী, বাতৰি কাকত আদি পঢ়িবলৈ এলাগী হয়।
চতুর্থতে, ইন্টনেটত প্ৰচাৰ হোৱা তথ্য, বাতৰি আদি সদায় শুদ্ধ নহয়। বহু সময়ত উৰা-বাতৰিও প্ৰচাৰ হয়। ফলত মানুহৰ মাজত ভুল বুজা-বুজি হয় আৰু সমাজৰ ক্ষতি কৰে।
পঞ্চমতে, ইন্টাৰনেটত আসক্ত ছাত্র-ছাত্রীসকলে শৰীৰচৰ্চা, খেলা-ধূলা, বন্ধ-বান্ধবীৰ লগত সম্পৰ্ক আদিৰ প্ৰতি পিঠি দিয়ে। ফলত শাৰীৰিক আৰু মানসিক বিকাশ ব্যাহত হয়।
ইন্টাৰনেট আধুনিক সভ্যতাৰ অতি বিস্ময়কৰ আৱিষ্কাৰ। ই মানৱ সভ্যতাৰ ৰূপ মাত্ৰ কেইবছৰমানৰ ভিতৰতে অভাবনীয়ভাবে সলনি কৰি দিছে। ইন্টাৰনেট ব্যৱাহাৰৰ বেয়া দিশ কিছুমান আছে যদিও ইয়াৰ শুভ দিশবোৰ অতুলনীয়।