Join WhatsApp

Join Now

Join Telegram

Join Now

ইণ্টাৰনেটৰ তিতা মিঠা Class 10 Assamese Chapter 9 Solutions 2026

By Rabbi Masrur

Published On:

ইণ্টাৰনেটৰ তিতা মিঠা Class 10 Assamese Chapter 9

ইণ্টাৰনেটৰ তিতা মিঠা Class 10 Assamese Chapter 9 Solutions

হ্যালো বন্ধু বান্ধবী সকল আপোনালোক কেনে আছে? আশা কৰো ভালেই আছে। Amaraxom.com website ত আপোনালৈ স্বাগত। আপুনি যদি ইণ্টাৰনেটৰ তিতা মিঠা Class 10 Assamese Chapter 9 Solutions প্রশ্নোত্তৰ ইন্টারনেটত বিচাৰি আছে তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত ইণ্টাৰনেটৰ তিতা মিঠা Class 10 Assamese Chapter 9 Solutions ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।

অসমীয়া (বাধ্যতামূলক) সূচীপত্ৰ
গ্ৰুপ- ক (বাধ্যতামূলক)
গদ্যাংশ
ইটাৰনেটৰ তিতা-মিঠা ড° প্রণয়ী দত্ত
চমু প্রশ্নোত্তৰ

👉 Read Also:

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? HSLC ’22

উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা প্ৰথম হৈ উত্তীর্ণ হোৱা হেতুকে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

(খ) ইন্টাৰনেট কি?

উত্তৰঃ ‘ইন্টাৰনেট’ হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা। ‘Interconnection of Network’ শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটাই ‘Internet’ শব্দটি গঠন কৰা হৈছে।

(গ) কুঁৱলীয়ে প্রথমে ক’লৈ ই-মেইল কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে প্রথমে তাইৰ বান্ধবী শ্বেৰণলৈ ই-মেইল কৰিছিল।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? HSLC ’23

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

(ঙ) ভাইৰাচ কি? HSLC ’22

উত্তৰঃ Virus শব্দটোৰ সম্পূৰ্ণ ৰূপ হ’ল Vital
Information resources Under Seize। ই হ’ল এক ধ্বংসাত্ম অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰ’গ্ৰেম। ই কম্পিউটাৰৰ ফাইলৰ লগত সংযুক্ত হৈ ব্যৱহাৰকাৰীৰ অজ্ঞাতে সেইবোৰত নানান বিজুতি ঘটাব পাৰে।

(চ) ইটাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো জানিবলৈ কুঁৱলীয়ে ক’ত সন্ধান কৰিলে? HSLC ’20

উত্তৰঃ ইন্টাৰনেটত ব্যৱহৃত হৈ থকা www জানিবলৈ কুঁৱলীয়ে গুগল (Google)ত সন্ধান কৰিছিল।

(ছ) WWW বা বেব কি?

উত্তৰঃ WWW বা বেব হৈছে পৃথিবীব্যাপী সিচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত পৰস্পৰ সংলগ্ন তথ্যপাতিৰ এক সমূহীয়া ভাণ্ডাৰ। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত পদার্থ কণিকাৰ তাত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিবী বিখ্যাত গবেষণাকেন্দ্র চার্নত www বা বেব -ৰ জন্ম হৈছিল।

(জ) কুঁৱলীৰ অন্তৰঙ্গ বান্ধৱীজনীৰ নাম কি? HSLC ’24

উত্তৰঃ কুঁৱলীৰ অন্তৰঙ্গ বান্ধৱীজনীৰ নাম-শ্বেৰণ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?

নাইবা

ইটাৰনেটৰ জৰিয়তে কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? HSLC ’22

উত্তৰঃ কুঁৱলীয়ে সর্বপ্রথমে ৰাছিয়াত থকা বান্ধবী শ্বেৰণলৈ ই-মেইল পঠাইছিল। শ্বেৰণে উষ্ণ সঁহাৰি দি ই-মেইলৰ জৰিয়তে তাইৰ অভিজ্ঞতাৰ বৰ্ণনা কৰিছিল। পিটার্চবাৰ্গ চহৰলৈ দেউতাকৰ লগত ফুৰিবলৈ যোৱাৰ সময়ত তোলা বিভিন্ন ফটোৰ সৈতে তাইৰ ৰোমাঞ্চকৰ অভিজ্ঞতাসমূহ কুঁৱলীৰ সৈতে ভাগ বতৰা কৰিছিল। এই বিৱৰণে কুঁৱলীক আকৰ্ষিত কৰি তুলিছিল। তাই উপলব্ধি কৰিলে যে ই-মেইল ব্যৱহাৰ কৰি বিভিন্ন ৰোমাঞ্চকৰ তথ্য আৰু অভিজ্ঞতা লাভ কৰিব পাৰি।

এনেদৰে কুঁৱলীয়ে অন্যান্য বান্ধৱীৰ সৈতে ই- মেইল আদান-প্রদান কৰি দেশ-বিদেশৰ নতুন তথ্য আৰু কাহিনীৰ বিষয়ে জানিব পাৰিছিল।

২। ‘ইন্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।’ঃ কথাষাৰৰ বক্তা কোন? ইটাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। HSLC ’20

উত্তৰঃ ‘ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে’ কথাষাৰৰ বক্তা হৈছে কুঁৱলীৰ বান্ধবী শ্বেৰণ। ইন্টাৰনেট আধুনিক বিজ্ঞানৰ এক বিশেষ আৱিষ্কাৰ। ইয়াৰ মিঠা দিশসমূহ হ’লঃ-

ই-মেইল আৰু ভিডিঅ’ কলৰ জৰিয়তে পৃথিৱীৰ যিকোনো প্রান্তত থকা বন্ধু-বান্ধৱীৰ সৈতে সংযোগ স্থাপন কৰা যায়।
ইন্টাৰনেটৰ সহায়ত বিভিন্ন ধৰণৰ তথ্য আৰু কিতাপপত্র সহজে পোৱা যায়।
ঘৰতে বহি ৰেল আৰু বিমানৰ টিকট, হোটেলৰ বুকিং আদি কৰিব পাৰি।
ইন্টাৰনেটত গেম খেলি আৰু গীত-চিনেমা উপভোগ কৰি মনোৰঞ্জন কৰিবলৈও ব্যৱহাৰ কৰিব পাৰি।

ইন্টাৰনেটৰ সুবিধাসমূহৰ উপৰিও কিছুমান অসুবিধা বা তিতা দিশো আছেঃ
অধিক ব্যৱহাৰে লোকজন ইন্টাৰনেটত আসক্ত হৈ যায়, যাৰ ফলত জীৱনৰ প্ৰধান কৰ্তব্যসমূহ পাহৰি যায়।
ইন্টাৰনেট আসক্ত ব্যক্তিয়ে পৰিয়াল আৰু সমাজৰ প্ৰতি থকা দায়িত্ব পাহৰি যায়।
ইন্টাৰনেটত অহৰহ সময় নষ্ট হয়, বিশেষকৈ ছাত্র- ছাত্ৰীসকলে পাঠ্যপুথিৰ অধ্যয়ন উপেক্ষা কৰে।
ইন্টাৰনেটত প্ৰচাৰিত তথ্য আৰু বাতৰিবোৰ সদায় শুদ্ধ নহয়, যাৰ ফলত ভুল তথ্যৰ প্ৰভাৱ পৰে।
ইন্টাৰনেটত আসক্তি থকা ব্যক্তিসকলে শৰীৰ চর্চা আৰু সামাজিক সম্পর্ক উপেক্ষা কৰে, যাৰ ফলত শাৰীৰিক আৰু মানসিক বিকাশ বাধা প্রাপ্ত হয়।

৩। ‘এটা মুদ্ৰাৰ দুটঅ পিঠিৰ দৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ দুটা থাকে’-কথাষাৰ কোনে কান আৰু কিয় কৈছিল? HSLC ’23

উত্তৰঃ উক্ত কথাষাৰ শ্বাবানা বাইদেৱে কুঁৱলীক কৈছিল। উক্ত কথাষাৰৰ দ্বাৰা শ্বাবানাই বুজাব বিচাৰিছে যে প্রতিটো বস্তুৰ ভাল আৰু বেয়া দিশ থকাৰ দৰে ইন্টাৰনেটৰো ভাল আৰু বেয়া দিশ আছে। সেয়ে ইন্টাৰনেট ব্যৱহাৰৰ কৰোঁতে সতর্কতা অৱলম্বন কৰিব লাগে। ইয়াৰ বেয়া দিশবোৰ এৰি ভাল দিশবোৰ ব্যৱহাৰ কৰি আমি উপকৃত হ’ব পাৰোঁ।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

2 thoughts on “ইণ্টাৰনেটৰ তিতা মিঠা Class 10 Assamese Chapter 9 Solutions 2026”

  1. ৰচনা ধৰ্মী প্ৰশ্নৰ ২ নম্বৰটো ৪ marks ৰ কাৰণে লিখি দিয়কচোন

    Reply

Leave a Comment