Join WhatsApp

Join Now

Join Telegram

Join Now

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা ৰচনা

By Rabbi Masrur

Updated On:

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা ৰচনা

আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা ৰচনা

“আমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা ৰচনা” আজিকালি প্রায় সকলোবোৰ বিদ্যালয়তে বছৰেকীয়া খেল-ধেমালী উৎসব অনুষ্ঠিত কৰা হয়। খেল-ধেমালীক শিক্ষাৰ অংগ আৰু এক সহ-পাঠ্যক্রমিক ক্রিয়াকলাপ হিচাপে গুৰুত্ব দি আমাৰ বিদ্যায়তো প্রতিবছৰ খেল-ধেমালী অনুষ্ঠিত হয়। এই অনুষ্ঠান প্রায় এক সপ্তাহমান চলে আৰু আৰু খেল-ধেমালীৰ উৎসৱৰ শেষৰ দিনা বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটো ছাত্র-ছাত্ৰীসকলৰ অতি আনন্দৰ বিষয়। সকলোবোৰ ছাত্র-ছাত্ৰীয়ে গোটেই বছৰটো এই অনুষ্ঠানৰ বাবে অতি আগ্ৰহৰে বাট চাই থাকে। আমাৰ বিদ্যালয়ত সাধাৰণতে প্রতিবছৰ চেপ্তেম্বৰ বা অক্টোবৰ মাহত এই খেল-ধেমালী উৎসৱটো অনুষ্ঠিত কৰা হয়।

যোৱা বছৰ আমাৰ বছৰেকীয়া খেল-ধেমালী অনুষ্ঠানটো অক্টোবৰ মাহৰ দহ তাৰিখত আৰম্ভহৈছিল আৰু ই ষোল্ল অক্টোবৰলৈ চলিছিল আৰু সোতৰ অক্টোবৰৰ দিনা বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হৈছিল।

সিদিনাখন ৰাতিপুৱা আমাৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু শিক্ষকসকল বিদ্যালয়ৰ চোতালত সমবেত হৈছিলো। স্থানীয় দর্শক আৰু অতিথিসকলক আদৰণি জনাবলৈ বিদ্যালয়ৰ দুৱাৰমুখত এখন সুন্দৰ প্ৰবেশদ্বাৰ সজাইছিলো আৰু বঁটা বিতৰণী সভাখনৰ বাবে আমি এক আহল-বহল পেণ্ডেল আৰু মঞ্চ সজাইছিলো। দুপৰীয়া ১ বজাত আমাৰ মুকলি সভা আৰম্ভ হৈছিল। আমি ছাত্র-ছাত্রীসকলে পৰিবেশন কৰা এক আৰম্ভণী সংগীতৰ দ্বাৰা সভাটো আৰম্ভ হৈছিল। সভাখনলৈ স্থানীয় শিক্ষাবিদ, সমাজকর্মী আৰু ছাত্র-ছাত্রীসকলৰ অভিভাৱকসকলৰ লগতে বহুতো গণ্য-মান্য ব্যক্তিক আমন্ত্রণ জনোৱা হৈছিল। স্থানীয় বিধায়কজনো আমাৰ অতিথি হৈছিল। অতিথিসকলক আদৰণি জনোৱাৰ পিছত বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদকজনে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল আৰু প্রধান শিক্ষকজনে বিদ্যালয়ৰ বছৰেকীয়া ৰিপোৰ্ট পাঠ কৰি শুনাইছিল।

ইয়াৰ পিছত যিসকল ছাত্র-ছাত্রীয়ে সাংস্কৃতিক প্রতিযোগীতাসমূহত প্রথম হৈছিল সিহঁতক সিহঁতৰ গীত, গজল, চুটি নাটক, মুকাভিনয় আদি পুনৰ উপস্থাপন কৰিবলৈ কোৱা হৈছিল। দর্শক তথা আমন্ত্রিত অতিথিসকলে সেইবোৰ উপভোগ কৰি অতিপাত আনন্দিত হৈছিল। ইয়াৰ পিছত প্রধান শিক্ষকজনৰ অনুৰোধক্রমে প্রধান অতিথিজনে বিজয়ী ছাত্র-ছাত্রীসকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰিছিল।

সন্ধিয়া চাৰি বজাত বঁটা বিতৰণ শেষ হৈছিল। ইয়াৰ পিছত প্রধান অতিথিজনে শিক্ষক আৰু ছাত্র-ছাত্ৰীসকলৰ মাজৰ সম্পৰ্কৰ ওপৰত এক সংক্ষিপ্ত অথচ অতি মূল্যৱান ভাষণ প্রদান কৰিছিল। সন্ধিয়া প্রায় চাৰে চাৰি বজাত বঁটা বিতৰণী সভাখনৰ সভাপতিৰ সংক্ষিপ্ত ভাষণৰ দ্বাৰা সভাখন সমাপ্ত হৈছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment