Join WhatsApp

Join Now

Join Telegram

Join Now

আধুনিক সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা

By Rabbi Masrur

Updated On:

আধুনিক সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা

আধুনিক সমাজলৈ বিজ্ঞানৰ অৱদান ৰচনা

আধুনিক সমাজলৈ বিজ্ঞানৰ অৱদান (H.S. ’18) বা বিজ্ঞান আৰু মানৱ সমাজ বা বিজ্ঞান আৰু দৈনদিন জীৱন (H.S. ’24) আধুনিক যুগটো হৈছে বিজ্ঞানৰ যুগ। অষ্টাদশ শতাব্দীৰ অন্তিম ভাগৰ পৰা বিংশ শতাব্দীৰ মাজ ভাগলৈ বিজ্ঞানে চৰম উৎকর্ষ সাধন কৰি মানব সভ্যতাৰ ৰেহ-ৰূপ সম্পূর্ণরূপে সলনি কৰি দিছে। বিজ্ঞানে যে অকল বস্তু-বাহিনী, সা-সঁজুলি, যন্ত্রপাতিৰ দিশতেই মানৱ সমাজখনক পৰিৱৰ্তন কৰি দিছে সেয়া নহয়; বিজ্ঞানে মানুহৰ দৃষ্টিভঙ্গী, যুক্তি-বিচাৰ আদিকো সলনি কৰি মানৱ সভ্যতালৈ এক দৃষ্টান্তহীন বৈপ্লবিক পৰিৱৰ্তন আনি দিছে। ইংৰাজ দার্শনিক C. M. Joad ব ভাষাত, “Science has not only changed the lives of men, but made them happier, easier and more secure.

আজি মানব সভ্যতালৈ বিজ্ঞানৰ অৱদান ইমানেই যে আজিৰ মানুহে ৰাতিপুৱা টোপনিৰ পৰা উঠিয়েই পিছদিনা আকৌ টোপনিলৈ যোৱাৰ সময়খিনিৰ ভিতৰত যি যি বস্তু স্পর্শ কৰে বা যি কাৰ্য্য সমাধা কৰে সকলোতে বিজ্ঞানৰ অৱদান আছে। অর্থাৎ আমাৰ দৈনদিন জীৱনৰ প্ৰতিটো পল-অনুপল বিজ্ঞানে অধিকাৰ কৰি লৈছে। বিজ্ঞানৰ ইমান অলেখ-অপাৰ অৱদানৰ বিষয়ে সীমিত পৰিসৰৰ এটি প্রবন্ধত বর্ণনা কৰিবলৈ যোৱা অবান্ত ৰহে মাথোন। তথাপি আমাৰ দৈনন্দিন জীৱনৰ যোগাযোগ, পৰিবহন আৰু যাতায়ত, শিল্প, কৃষি, আকাশ বিজ্ঞান, জ্ঞান বিকাশৰ দিশ, স্বাস্থ্য বিজ্ঞান, কু-সংস্কাৰ দুঢ়ীকৰণ আদি দিশত বিজ্ঞানে যোগোৱা অৱদানৰ বিষয়ে চমু আভাষ দিবলৈ অর্থাৎ “হাতী মাৰি ভুৰুকাত সুমুৱাবলৈ” অসাধ্য প্রচেষ্টা চলোৱা হ’ল-

আজিৰ যুগত বিজ্ঞানে যাতায়ত আৰু পৰিবহনৰ দিশত ইমান অবদান আগবঢ়ালে যে আমি মুহুৰ্তৰ ভিতৰতে বিশ্বৰ এঠাইৰ পৰা আন ঠাইলৈ নিজ ইচ্ছা অনুযায়ী যাতায়ত কৰিব পৰা হলোঁ। যাতায়াতৰ দিশত বিজ্ঞানে আগবঢ়োৱা অৱদানসমূহ হ’ল- চাইকেল, মটৰ গাড়ী, বেল গাড়ী, জাহাজ, জেট বিমান আৰু ক’ত যে কি!

যোগাযোগৰ ক্ষেত্রত টেলিফোন, টেলিগ্রাফ, ফেক্স, কেৱল ফোন, বেঁতাৰ ইত্যাদি- যিবোৰৰ জৰিয়তে আজি যিকোনো সময়তে বিশ্বৰ যিকোনো ঠাইৰ ব্যক্তিৰ সৈতে যোগাযোগ সম্ভৱ হৈ বিশ্বখন এটা পৰিয়ালৰ দৰে সৰু কৰি পেলাইছে। শিল্প উদ্যোগৰ ক্ষেত্ৰত বিজ্ঞানৰ অৱদান অনস্বীকার্য। আজি বিজ্ঞানে শিল্প উদ্যোগৰ বাবে ইমানবোৰ যন্ত্রপাতি, সা-সঁজুলি আদিৰ উদ্ভাবন কৰিছে যে তাৰ তালিকা প্রস্তুত কৰাটো সম্ভৱ নহয়। তথাপি থোৰতে ক’বলৈ গ’লে সূতা কটা যন্ত্র, কাপোৰ বোৱা মেচিন, খাৰুৱা তেল উদঘাটন কৰা যন্ত্র, বিজুলী শক্তিৰ আৱিষ্কাৰ ইত্যাদি।

বিজ্ঞানে আজি কৃষিৰ ক্ষেত্ৰতো বিপ্লব আনয়ন কৰিছে। ই হালবোবা মেচিন, মাটি খন্দা মেচিন আৱিষ্কাৰ কৰাৰ লগতে খেতিত উৎপাদন আশাতীতভাবে বৃদ্ধি কৰাৰ উদ্দেশ্যে ৰাসায়নিক সাৰৰ উদ্ভাৱন, পোক- পৰুৱাৰ পৰা শস্যক ৰক্ষা কৰাৰ উদ্দেশ্যে নানা ধৰণৰ কীটনাশক দ্ৰব্যৰ যোগান ধৰিছে। জ্ঞানৰ বিকাশ আৰু বিস্তাৰ অৰ্থাৎ লিখা পঢ়াৰ দিশতো বিজ্ঞানৰ অৱদান লেখত লবলগীয়া। বিজ্ঞানে কলম, টাইপ বাইটিং, ছপাশাল, কম্পিউটাৰ আদি আৱিষ্কাৰ কৰাৰ লগতে কলা আৰু কণা মানুহৰ বাবেও শিক্ষাৰ সঁজুলি উদ্ভাবন কৰি জ্ঞান লাভৰ পথ প্রশান্ত কৰিছে।

স্বাস্থ্য বিজ্ঞানৰ ক্ষেত্ৰতো বিজ্ঞানৰ অৱদান কম নহয়। আজিৰ মানুহে কম দুখ-যন্ত্রণা ভোগ কৰে-কিয়নো প্রায় প্রতিটো ৰোগৰ ঔষধ বিজ্ঞানে আবিষ্কাৰ কৰি আৰু স্বাস্থ্য ৰক্ষাৰ যাবতীয় দিশৰ সন্ধান উলিয়াই মানৱ জীৱনটো দীর্ঘায়ু কৰিছে। ফলত আজি মৃত্যুৰ হাৰ যথেষ্ট কমি গৈছে।

সকলোবোৰ দিশৰ লগতে বিজ্ঞানে মহাকাশ বিজ্ঞানৰ দিশতো সমানে আগবাঢ়ি গৈছে। আজি বিজ্ঞানে এনেকুৱা যান আৱিষ্কাৰ কৰিছে যাৰ দ্বাৰা চন্দ্ৰত মানুহ পঠাব পৰা হোৱাৰ উপৰিও মঙ্গল গ্রহত মানুহৰ পদার্পনৰ সম্ভৱনাৰ দিশো প্রশস্ত কৰিছে। আজি আমাৰ সৌৰজগতৰ বাহিৰতো যোগাযোগ স্থাপন কৰাৰ প্ৰচেষ্টা চলিছে।

বিজ্ঞানে মানুহৰ বাহ্যিক জীৱনত বাৰুকৈয়ে পৰিৱৰ্তন সাধন কৰাৰ লগতে মানুহৰ মানসিকতা পৰিবৰ্তন কৰি সমাজৰ পৰা পৰম্পৰাগতভাৱে চলি অহা অন্ধ বিশ্বাসো দুঢ়ীকৰণত ইন্ধন যোগাইছে। আজি কালি মানুহ যুক্তিবাদী হৈছে। যুক্তি, পর্যবেক্ষণ আৰু বিশ্লেষণৰ তুলাচনীত সকলো কার্য্য আৰু বিশ্বাস জুখিহে গ্রহণ কৰে। ফলত আজিৰ বিশ্ব সম্পূর্ণ সলনি হৈ গৈছে।

মুঠতে বিজ্ঞানে আমাৰ মানৱ সমাজৰ দৈনদিন জীৱনৰ প্রতিটো দিশ হস্তগত কৰি আমাক বিজ্ঞানৰ দাসত পৰিণত কৰি লৈছে। আজি আমি বিজ্ঞান নোহোৱাকৈ এটা মূহর্তও পাৰ কৰিব নোৱাৰো আৰু এখোজো আগবঢ়িব নোৱাৰো।

বিজ্ঞানে মানব সভ্যতাৰ ৰূপ কল্পনাতীত ভাবে সলনি কৰি উন্নয়নৰ শীৰ্ষত তুলি দিছে সঁচা, কিন্তু বিজ্ঞানে মানব সমাজলৈ অশান্তি আৰু ধ্বংসও মাতি আনিছে। উদাহৰণস্বৰূপে যাতায়ত, পৰিবহন, শিল্প, কৃষি আদিৰ ক্ষেত্ৰত যিবোৰ অৱদান আগবঢ়াইছে, সেইবোৰ অপৰিকল্পিত আৰু অতিৰিক্ত ব‍্যবহাৰৰ ফলত পৰিৱেশ প্ৰদূষিত হৈ মানৱ সভ্যতাৰ অস্তিত্বৰ পথত ভাবুকিৰ সৃষ্টি কৰিছে।

আজিৰ বিজ্ঞানে টেষ্ট টিউবত প্ৰণৰ স্পন্দন সম্ভব কৰি স্রষ্টাকো প্রত্যাহ্বান জনাইছে সঁচা, তাৰ বিপৰীতে গণ বিধ্বংসী অস্ত্র-শস্ত্র যথা- বন্দুক-বাৰুদ, যুদ্ধ জাহাজ, পাৰমানবিক বোমা, আদিও বিজ্ঞানেই আবিষ্কাৰ কৰিছে। এক শ্রেণীৰ স্বাথান্বেষী অবিবেচকী লোকে এনেবোৰ মৰণাস্ত্ৰৰ সুবিধা গ্রহণ কৰি বিশ্বত্ৰাসৰ সৃষ্টি কৰি বিশ্ব শান্তিত কুঠাৰাঘাত কৰিছে। সম্প্রতি আফগানিস্থান, ইৰাক, পেলেষ্টাইন, ইয়েমেন, চিৰিয়া আদি দেশত চলোৱা ধ্বংস যজ্ঞ বিজ্ঞানে আগবঢ়োৱা অৱদানৰ বাবেই সম্ভৱ হৈছে।

সামৰণিত ক’ব পাৰি বিজ্ঞান মানৱ সভ্যতাৰ ওপৰত আর্শীবাদ আৰু অভিশাপ দুয়োটাই। মানুহে যুক্তি বিচাৰৰ তুলাচনীত বিজ্ঞানৰ অৱদানসমূহ জুখি-মাখি ইয়াৰ আর্শীবাদসমূহ গ্রহণ কৰি অভিশাপসমূহ বৰ্জন কৰিব লাগিব। তেতিয়াহে বিজ্ঞানৰ অৱদানে মানৱ সমাজলৈ প্রত্যাশিত শান্তি- শৃঙ্খলা আনয়ন কৰিব পাৰিব অন্যথা বিশ্ব সভ্যতা এদিনাখন বিজ্ঞানৰ অৱদানসমূহৰ বাবেই ধ্বংস হৈ যাব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment