Amaraxom.com ওয়েবসাইট লৈ আপোনাক স্বাগতাম। আপুনি যদি অৰুণিমা সিনহা Class 10 Assamese Chapter 10 Solutions প্রশ্নোত্তৰ ইন্টারনেটত ইতিমদ্ধে বিচাৰি আছে নেকি? যদি হয়। তেনেহলে আপুনি সঠিক স্থানত আহিছে আজি আমি এই পোস্টত অৰুণিমা সিনহা Class 10 Assamese Chapter 10 Solutions ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয় আলোচনা কৰিছো।
অৰুণিমা সিনহা Class 10 Assamese Chapter 10 Solutions
অসমীয়া (বাধ্যতামূলক) | সূচীপত্ৰ |
গ্ৰুপ- ক (বাধ্যতামূলক) | |
গদ্যাংশ | |
অৰুণিমা সিন্হা | জয়শ্ৰী গোস্বামী মহন্ত |
চমু | প্রশ্নোত্তৰ |
👉 Read Also:
- ভাৰতীয় সংস্কৃতি প্রশ্ন উত্তৰ
- অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি প্রশ্ন উত্তৰ
- পাৰস্যত এভূমুকি প্রশ্ন উত্তৰ
- ইন্টাৰনেটৰ তিতা-মিঠা প্রশ্ন উত্তৰ
- অৰণ্য যাত্ৰা প্রশ্ন উত্তৰ
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া হল:
(ক) অৰুণিমা সিন্হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? HSLC ’20
উত্তৰঃ ভলীবল খেলত।
(খ) অৰুণিমা সিনহাৰ ঘৰ ক’ত?
উত্তৰঃ উত্তৰ প্ৰদেশত।
(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্র ৰূপ লৈছিল? HSLC ’24
উত্তৰঃ এভাৰেষ্ট বিজয় কৰাৰ সপোন।
(ঘ) চিকিৎসাৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰঃ চিকিৎসাৰ পৰা ওলাই অৰুণিমা সিন্হাই এভাৰেষ্ট বিজয় কৰাৰ সপোন বাস্তবায়িত কৰিবলৈ পৰামৰ্শ বিচাৰি এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল।
(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
উত্তৰঃ মাউন্ট এভাৰেষ্টত অৰুণিমাই ২০১৩ চনৰ ২১ মে’ত আৰোহণ কৰিছিল। তেওঁ তাত ডেৰঘণ্টামান সময় আছিল।
(চ) এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য হৈছিল? HSLC ’20
উত্তৰঃ অৰুণিমাহঁতে মাউন্ট এভাৰেষ্ট বগাওঁতে শ্বেৰপাজনে সকিয়াই দিছিল যে যিকোনো মুহুর্ততে অক্সিজেন শেষ হৈ যাব পাৰে। সেয়ে অৰুণিমাহঁতে এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে খৰখেদাকৈ নামি আহিবলৈ বাধ্য হৈছিল।
(ছ) “ইমানখিনি আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে। যি হয় দেখা যাব।”- কথাষাৰৰ বক্তা কোন? HSLC ’24
উত্তৰঃ উক্ত কথাষাৰৰ বক্তা অৰুণিমা সিনহা।
(জ) “আটাইৰে মুখবোৰ শুকাই টেমি যেন হৈছে।” -কাৰ, কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে? HSLC ’24
উত্তৰঃ লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখে যোৱা অৰুণিমা যাত্রী হিচাপে যোৱাৰ ৰেলৰ এটা ডবাত কেইজনমান ডকাইতে ডাবি-ডমকি দিয়াত সেইডবাটোত থকা যাত্ৰীসকলৰ ‘মুখবোৰ শুকাই টেমি যেন হৈছিল’ বুলি লিখকে লিখিছে।
(ঝ) ড’ জয়শ্রী গোস্বামীয়ে ৰচনা কৰা শিশু- কিশেঅৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা। HSLC ’23
উত্তৰঃ জয়শ্রী গোস্বামীয়ে ৰচনা কৰা দুখন শিশু- কিশোৰৰ উপযোগী গ্ৰন্থৰ নাম-‘চেমনীয়াৰ বিশ্ব সাহিত্য’ আৰু ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’। ৰচনাধৰ্মী প্রশ্নোত্তৰ
১। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় কৰিছিল?
উত্তৰঃ এক দুর্ঘটনাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ অৰুণিমা ভৰি এখন হেৰুৱাই চিকিৎসালয়ত ভর্তি হৈছিল। চাৰি মাহমান চিকিৎসাধীন থাকোতে তাইৰ এভাৰেষ্ট বিজয়ৰ সপোন দেখা হৈছিল। সপোনটো পূৰণৰ মনস্থিৰ কৰি তাই চিকিৎসালয়ৰ পৰা ওলাই যাওঁতে ঘৰলৈ নগৈ পোনে পোনে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালেৰ লগত দেখা কৰে। বাচেন্দ্ৰি পালে তাইৰ কথা মনোযোগেৰে শুনি সঠিক অনুশীলন কৰিলে অৰুণিমাই সাফল্য লাভ কৰিব বুলি বিশ্বাস কৰিছিল। তাৰ পিছত, বাচেন্দ্রি পালেৰ তত্ত্বাৱধানত টাটা স্টিল এডভেঞ্চাৰ ফাউণ্ডেচনৰ অনুশীলন শিবিৰত পৰ্বতৰ অনুশীলন কৰিছিল। এই অনুশীলনৰ ফলত, ২০১৩ চনৰ ২১ মে’ত অৰুণিমাই মাউন্ট এভাৰেষ্ট বিজয় কৰে। দিয়া।
২। অৰুণিমা সিন্হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা HSLC ’24
উত্তৰঃ এক দুর্ঘটনাত ভৰি এখন হেৰুৱাই চিকিৎসালয়ত থকা অৱস্থাত অৰুণিমাই এভাৰেষ্ট বিজয়ৰ সপোন দেখে। চিকিৎসালয়ৰ পৰা ওলাই গৈ, তাই বাচেন্দ্ৰি পালৰ সহায়ত টাটা স্টিল এডভেঞ্চাৰ ফাউণ্ডেচনৰ শিবিৰত কঠোৰ অনুশীলন সম্পন্ন কৰে। পৰীক্ষামূলকভাবে, তাই লাডাখৰ মাউন্ট কাংৰিত অভিযান কৰি অভিজ্ঞতা অর্জন কৰে। ২০১৩ চনৰ মে’ত এভাৰেষ্ট অভিযানে তাইক মনোবল আৰু ধৈৰ্যৰ পৰীক্ষাৰ আগত উপস্থিত কৰে। অভিযানৰ সময়ত চাৰি নম্বৰ শিবিৰত তাইৰ ভৰি দুখনৰ পৰা তেজ ওলাই ভয়ংকৰ অৱস্থা হয়। অক্সিজেন শেষ হোৱাৰ আশংকাত থকা সত্বেও তাই দৃঢ় ইচ্ছাশক্তিৰে শৃঙ্গত আৰোহণ কৰি ৫২ দিনৰ যাত্ৰাৰ অন্তত নিশা প্রায় ৮ বজাত এভাৰেষ্টত উপস্থিত হয়। তাইৰ এই সাফল্য আৰু মনোবল বিশ্ববাসীক দেখুৱাই দিয়ে যে দৃঢ়তা আৰু অধ্যবসায়েৰে যিকোনো কামত সফলতা অর্জন কৰিব পাৰি।
৩। ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাবে জাতীয় জীবনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’ কথাষাৰ যুক্তিযুক্ততা অৰুণিমা সিন্হাৰ জীৱনৰ আধাৰত বুজাই লিখা। HSLC ’20, 23
উত্তৰঃ উক্ত কথাষাৰ অৰুণিমা সিন্হাৰ জীৱনৰ ক্ষেত্রত যথেষ্ট প্রাসংগিক। অৰুণিমাই নিজৰ প্ৰচেষ্টা আৰু মনোবলৰ জৰিয়তে শাৰীৰিক সীমাবদ্ধতা অতিক্ৰম কৰি অসম্ভৱকো সম্ভৱ কৰি দেখুৱাইছে। তাই দুর্ঘটনাত ভৰি এখন হেৰুৱাই চিকিৎসালয়ত ভর্তি হৈছিল। সপোন পূৰণৰ মনস্থিৰ কৰি চিকিৎসালয়ৰ পৰা ওলাই এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ সৈতে যোগাযোগ কৰে। অৱশেষত, কঠোৰ অনুশীলনৰ ফলত, তাই ২০১৩ চনত মাউন্ট এভাৰেষ্টত আৰোহণ কৰে। তাইৰ এই সাফল্যই বিশ্ববাসীক অনুপ্রাণিত কৰে। তাই দেখুৱায় যে দৃঢ় মনোবল, অধয়াৱসায় আৰু সাহসেৰে, ব্যক্তিগত সীমাবদ্ধতা অতিক্রম কৰি যিকোনো জটিল কামত সফলতা অর্জন কৰিব পাৰি।
👉 Read Also:
- উদ্যোগী হওঁ আহাঁ প্রশ্ন উত্তৰ
- বৰগীত প্রশ্ন উত্তৰ
- জিকিৰ জাৰী প্রশ্ন উত্তৰ
- প্রশস্তি প্রশ্ন উত্তৰ
- মই অসমীয়া প্রশ্ন উত্তৰ