“অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায় ৰচনা (H.S. ’17)” আৰম্ভিণি: পানীৰ অস্বাভাৱিক বাঢ়নিয়েই বানপানী। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমেই হৈছে আটাইতকৈ বেছি বানপানী আসক্ত প্রদেশ। বর্ণনাতীত কালৰে পৰা অসমৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জন-জীৱন বানপানীৰ দ্বাৰা সকৰুণভাবে প্ৰভাৱিত হৈ আহিছে। ই হ’ল অসমৰ এক স্বতঃস্ফূর্ত প্রাকৃতিক বিপর্যয়।
বানপানীৰ কাৰণ: অসমৰ বানপানীৰ বাবেবহুতো উৎস দায়ী, যথা: প্রথমতে, গ্রীষ্ম কালত অসমত যথেষ্ট পৰিমাণে বৰষুণ হয়, যাৰ ফলত অসমৰ বাট-পথ, গাওঁ-ভূই প্লাবিত হৈ বাপানীৰ সৃষ্টি হয়।
দ্বিতীয়তে, অসম হৈছে পাহৰ আৰু পৰ্ব্বত, নদী আৰু উপনদী, জান আৰু জুৰিৰ দেশ। ইয়াৰ ওচৰে-পাঁজৰে থকা পাহাৰ আৰু পৰ্ব্বত (বিশেষকৈ হিমালয় পর্বত) সমুহত জমা হৈ থকা বৰফবোৰ গ্রীষ্ম ঋতুত সূৰ্যৰ তাপত গলি অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ প্লাৱিত কৰি বানপানীৰ সৃষ্টি কৰে।
তৃতীয়তে, চৰকাৰে নিৰ্মাণ কৰা নলী-নর্দমা, দলং, কালভার্ট, নদীৰ মাথাউৰি আদিত বহুতো আসোঁৱাহ থকাৰ বাবে বাৰিষা কালত পানীৰ হেচাঁত ভাঙি-ছিঙি নদী উপনদীৰ পানী গাওঁ-ভুই, শস্য পথাৰ আদিত সোমাই বানপানীৰ সৃষ্টি কৰে।
বান পানীৰ প্রভার বানপানীৰ প্রভাৱ অসমবাসীৰ কাৰণে সুদূৰ প্ৰসাৰী। ই মানুহৰ খেতি-বাতি, পথাৰ, পুখুৰী আদি নষ্ট কৰাৰ উপৰিও হাজাৰ হাজাৰ ঘৰবাৰী, ভিটা-মাটি উচ্ছন্ন কৰে। বহু পৰিয়ালক গৃহহীন কৰে। বহু মানুহক জীৱন্তে উঠাই লৈ গৈ সলিল সমাধি ঘটায়। ই বাস্তা-ঘাট, সাঁকো, দলং, আদিৰ ক্ষতি সাধন কৰি যোগাযোগ বিচ্ছিন্ন কৰে।
তাৰোপৰি বানপানীৰ পিছতো গেলা-পচা বস্তু আৰু মৰা-শৰ গোন্ধই পৰিৱেশ দূষিত কৰি অনাহাৰ -অনিদ্রাত ভুগি থকা মানুহক বেমাৰত পেলায়। কেতিয়াবা কেতিয়াবা মহামাৰীৰ প্রাদুর্ভাব ঘটি বহুত লোকৰ প্ৰাণ হানি হয়। ফলত সামাজিক, আর্থিক আৰু সাংস্কৃতিক দিশত অৱনমন ঘটে। মুঠতে বানপানীয়ে অসমবাসীৰ কাৰণে চৰম অভিশাপ হৈ জন-জীৱন সকৰুণভাবে বিধ্বস্ত কৰে।
বানপানী ৰোধৰ উপায়: প্রতিটো সমস্যাৰে সমাধান থকাৰ দৰে বানপানী নামৰ দৈত্যটোক ৰোধ কৰাৰো উপায় নিশ্চয় আছে। ইয়াক ৰোধৰ বাবে আমি তলত দিয়া উপায়বোৰ গ্ৰহণ কৰিব পাৰো।
প্রথমতে, মহাবাহু ব্রহ্মপুত্রক বৈজ্ঞানিকভাবে নিয়ন্ত্রণ কৰি বা দুয়োপাবে শক্তিশালী মাথাউৰি বান্ধি ইয়াৰ জলশক্তিক অন্য কামত ব্যৱহাৰ কৰিব পাৰিলে বানপানীৰ প্ৰাৱল্যৰ পৰা নিশ্চয় অসমবাসী সকাহ পাব।
দ্বিতীয়তে, ব্রহ্মপুত্র নদীৰ সকলো উপনদী সমূহকো সুপৰিকল্পিতভাবে নিয়ন্ত্রণ কৰি স্থায়ী ভাবে মাথাউৰি নিৰ্মাণ কৰাৰ বিভিন্ন আঁচনি গ্রহণ কৰিব লাগে।
তৃতীয়তে, প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে অধিক গছ-গছনি ঝব লাগে আৰু যধে-মধে গছ-গছনি কটা ৰোধ কৰিব লাগে।
চতুৰ্থতে, সুপৰিকল্পিতভাবে আলিবাট, কালভার্ট, দলং আদি নির্মাণ কৰিব লাগে যাতে অতিৰিক্ত পানীৰ প্ৰাৱল্য প্ৰতিৰোধ কৰিব পাৰে।
পঞ্চমতে, হ্রস্বম্যাদী আঁচনিবোৰৰ ভিতৰত বানপানীয়ে সৃষ্টি কৰা দুর্যোগ চম্বালিবলৈ চকৰকাৰী অনুদান, বঢ়ঙণি, সাহার্য আদি বৃদ্ধি কৰিব লাগে আৰু কোনো ধৰণৰ ৰঙাফিটাৰ মেৰপাক সোমাব নিদিয়াকৈ ৰাইজক যোগান ধৰিব লাগে।
সামৰণি: অসমৰ বানপানী যদি নিয়ন্ত্ৰণ কৰিব পৰা যায়, তেন্তে অসম তথা ভাৰতৰ অর্থনীতি নিশ্চয় টনকীয়াল হ’ব আৰু অসম ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত।
এক লেখতলবলগীয়া ৰাজ্যত পৰিণত হ’ব। (H.S. ’17)