অসমৰ বয়ন শিল্প ৰচনা
“অসমৰ বয়ন শিল্প ৰচনা” সাধাৰণ হাতে গড়া সা-সঁজুলিৰ সহায়ত নিজ ঘৰৰ পৰিসৰৰ ভিতৰত থলুৱা কেঁচা সমগ্ৰীৰে যিবোৰ উদ্যোগ গঢ়ি উঠে সেইবোৰ উদ্যোগকে ‘কুটিৰ উদ্যোগ’ বা ‘কুটিৰ শিল্প’ বুলি কোৱা হয়।
প্রাচীন কালৰ পৰাই ভাৰত কুটিৰ শিল্পত চহকী। ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্য অসমো কুটিৰ শিল্পত আগবঢ়া। আনকি কেইবাটাও ক্ষেত্রত ই অন্যান্য ৰাজ্যতকৈয়ো বেছি চহকী। অসমত থকা কুটিৰ শিল্পসমূহৰ ভিতৰত বয়ন শিল্প, বাহঁ-বেতৰ শিল্প, ভাস্কর্য শিল্প, মৃৎ শিল্প, হাতীদাঁতৰ শিল্প, কাহঁ-পিতল শিল্প আদিয়েই প্রধান। ইয়াত অসমৰ বয়ন শিল্পৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে।
বয়ন শিল্পত বিশ্বৰ ভিতৰতে অসমৰ এক সুকীয়া আসন আছে। অসমৰ জীয়ৰি-বোৱাৰী সকলোৱে বয়ন শিল্পত পাকৈত। অসমৰ ছোৱালীয়ে কাপোৰ ব’ব নজনাটো এসময়ত বৰ লাজৰ কথা বুলি বিবেচনা কৰা হৈছিল। অসমীয়া ছোৱালীয়ে নিজে যতৰৰ দ্বাৰা সূতা কটি সেই সূতাত নিজেই থলুৱা পদ্ধতিত বং দি কাপোৰ ব’ব জানে। অসমৰ পাট-মুগা, এৰি আদি কাপোৰ অকল ভাৰততেই নহয়, সমগ্র বিশ্বতে সমাদৰ লাভকৰিবলৈ সক্ষম হৈছে। অসমীয়া তিৰোতাই তৈয়াৰ কৰা পাট-মুগাৰ কাপোৰে এসময়ত মোগল হেৰেমসমূহত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰভু কৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ কোঁৱৰে অসমীয়া সাজ পৰিধান কৰা উষাদেৱীক চাই মুগ্ধ হৈছিল। মহাপুৰুষ শংকৰদেৱেৰ তত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰখনৰ কথা আজি বিশ্বৰ সকলোৱে জানে। ইয়াৰ আৰ্হি বিশ্বৰ কেইবাখনো দেশৰ আঠখন যাদুঘৰত সংৰক্ষিত হৈ আছে। অসমীয়া তিৰোতাই আহোম যুগত এক প্ৰকাৰৰ কাপোৰ এৰাতিৰ ভিতৰতে তৈয়াৰ কৰি উলিয়াছিল যাক ‘করচ’ বোলা হৈছিল। জন বিশ্বাসত কোৱা হৈছিল যে ঘৈণীয়েকে নিজ হাতে তৈয়াৰ কৰি দিয়া এনে বস্ত্ৰ পৰিধান কৰি গিৰিয়েকে যুদ্ধলৈ গ’লে যুদ্ধত বিজয়ী হয়। অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কাপোৰ দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে মন্তব্য কৰি কৈছিল, ‘অসমীয়া তিৰোতাই কাপোৰত সপোন ৰচিব পাৰে।’
এসময়ত অসম বয়ন শিল্পত চহকী আছিল যদিও বর্তমান এই শিল্প বহুত প্রত্যাহব্বানৰ সম্মুখীন হৈছে। ইয়াৰ ঘাই কৰাণ হৈছে- আধুনিক বিজ্ঞানৰ আৱিষ্কৃত বৃহৎ যন্ত্র-পাতিৰ সহায়ত তৈয়াৰ হোৱা কাপোৰৰ প্রতিযোগিতাৰ লগত ই তিষ্টিব পৰা নাই। বৃহৎ কল-কাৰখানাত উৎপাদিত হোৱা কাপোৰৰ তুলনাত হাতেৰে বোৱা কাপোৰৰ খৰচ বেছি হয়। ফলত ইয়াৰ চাহিদা কমি গৈছে।
বয়ন শিল্প অসমৰ এক আচুতীয়া শিল্প যদিও এই শিল্পক জীয়াই ৰাখিবলৈ হ’লে চৰকাৰী পৃষ্ঠপোষকতাৰ প্রয়োজন। চকৰকাৰ আগবাঢ়ি আহিলে আৰু এই শিল্পৰ বিশেষত্বৰ বিষয়ে অসমীয়াসকল সচেতন হ’লে নিশ্চয় এই শিল্প পুনৰ ঠণ ধৰি উঠিব আৰু বিশ্ব দৰবাৰত অসমীয়া শিপিনীৰ যশ-কীৰ্তি পুনৰ প্রতিষ্ঠিত হ’ব।