অসমৰ প্ৰাকৃতিক সম্পদ অসমীয়া ৰচনা Natural resources of Assam
👉 Read Also:
- অসমৰ বানপানী ৰচনা
- শিক্ষা আৰু মূল্যবোধ ৰচনা
- মোৰ প্ৰিয় গ্রন্থ ৰচনা
- দৈনন্দিন জীৱনত বিজ্ঞান ৰচনা
- দূৰদৰ্শন (টেলিভিচন) ৰচনা
অসমৰ প্ৰাকৃতিক সম্পদ, প্ৰকৃতিৰ বুকুত মুক্তভাবে থকা বা প্রকৃতিৰ বুকুত উদ্ভূত হোৱা সম্পদসমূহক প্রাকৃতিক সম্পদ বুলি কোৱা হয়। দেশৰ সার্বিক উন্নয়নত প্রাকৃতিক সম্পদৰ ভূমিকা অতিকৈ গুৰুত্বপূর্ণ। ভাৰতৰ পূৰ্বাঞ্চলত অৱস্থিত অসম ৰাজ্যৰ প্ৰাকৃতিক সম্পদসমূহ ভাৰতৰ আন প্রদেশসমূহৰ তুলনাত অধিক আৰু বিশেষভাবে সমৃদ্ধ। অসমৰ গাঁৱ-ভূয়ে, পাহাৰ-পৰ্বত, হাবি-জঙ্গল আৰু নদী-ভূমিত প্রাকৃতিক সম্পদৰ বিপুল ভাণ্ডাৰ আছে।
অসমৰ প্ৰাকৃতিক সম্পদৰ শ্ৰেণীবিভাগঃ
অসমৰ প্ৰাকৃতিক সম্পদসমূহ সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা যায়; যথাঃ বনজ সম্পদ, খনিজ সম্পদ, জলজ সম্পদ আৰু কৃষিজ সম্পদ।
বনজ সম্পদঃ
অসমৰ বনজ সম্পদক দুটা ভাগত ভাগ কৰা হৈছে, যেনেঃ গছ-গছনি আৰু জীব-জন্তু অসমৰ হাবি-বননিত বহু মূল্যবান গছ-গছনি পোৱা যায়, যেনে শাল, চেগুণ, চন্দন, অগৰ, শিমলয়, শিশু ইত্যাদি। এই গছ গৃহ নির্মাণ, বেল শ্লিপাৰ, ঔষধ আৰু সুগন্ধি তৈয়াৰ কৰাত ব্যৱহৃত হয়। অসমৰ বনাঞ্চলত একাধিক মূল্যবান জীৱ-জন্তু পোৱা যায়। সেইবোৰৰ ভিতৰত বাঘ, সিংহ, ভালুক, হাতী, গড় আদি উল্লেখযোগ্য। অসমৰ এশিঙিয়া গড় পৃথিৱী বিখ্যাত। অসমৰ হাবিত থকা চৰাইবোৰৰ ভিতৰত মইনা, কাউৰী, ধনেশ, বগলী, চিলনী, কেতেকী, কুলি, বন হাঁহ, দেও হাঁহ প্ৰচুৰ পৰিমাণে পোৱা যায়।
খনিজ সম্পদঃ
অসমৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত খনিজ সম্পদো উল্লেখযোগ্য। কয়লা আৰু তেলৰ খনি অসমত যথেষ্ট পৰিমাণে পোৱা যায়। অস মাকুম, লিডু, মাৰ্ধাৰিটা, টিপয় আদিত কয়লাৰ খনি আছে। চুণশিল আৰু বালি চন্দাও অসমত পোৱা যায়।
জলজ সম্পদঃ
অসমৰ জলজ সম্পদতো অতিকৈ চহকী। অসম দীমাতৃক দেশ হোৱা বাবে অসমত প্ৰচুৰ পৰিমাণে জলজ প্রাণী বিশেষকৈ বিভিন্ন প্ৰকাৰৰ মাছ, কাছ, শিশু, ঘৰিয়াল আদি পোৱা যায়। অসমৰ জলজ সম্পদৰ ভিত্তি কৰি বহুতো উদ্যোগ স্থান হৈছে।
কৃষিজ সম্পদঃ
অসমৰ কৃষিজ সম্পদও এক বিশেষ গুৰুত্বৰ অধিকাৰী। ভূমিৰ উৰ্বৰতা আৰু সাৰুৱা গুণৰ বাবে অসমত ধান, পাট, মাহ, সৰিয়হ, তামোল, টিচি, আদি উভৈনদীকৈ উৎপন্ন হয়। ইয়াৰ উপৰিও অসমত বিভিন্ন ধৰণৰ শাক-পাচলি উৎপন্ন হয়। উপসংহাৰঃ অসমীয়াসকলে যদি কর্মঠ হয় আৰু এই প্রাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰে তেন্তে অসম ভাৰতৰ এক উন্নত আৰু সমৃদ্ধ ৰাজ্য হৈ পৰিণত হ’ব। HSLC ’16, 18, 22
👉 Read Also:
- পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
- মোৰ জীৱনৰ লক্ষ্য ৰচনা
- লক্ষ্মীনাথ বেজবৰুৱা বা মোৰ প্ৰিয় সাহিত্যিকজন ৰচনা
- অসমৰ কুটিৰ শিল্প অসমীয়া ৰচনা
- শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী ৰচনা