আৰম্ভণিঃ বিহু হ’ল অসমৰ জাতীয় উৎসব। ই প্রেম, শান্তি, ভাতৃত্ববোধ, একতা আৰু জাতীয় সংহতিৰ প্রতীক। বিহু মুঠতে তিনিটা, যথা: বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু।
বহাগ বিহুঃ বহাগ বিহু চ’ত মাহৰ শেষৰ দিনাখন আৰম্ভ হয় আৰু ই বহাগ মাহৰ সাত তাৰিখলৈ চলি থাকে। এই বিহুৰ আৰম্ভণি দিনটো গৰু বিহু বুলি কোৱা হয় কাৰণ এই দিনা গৰুক নৈ বা পুখুৰীত গা-পা ধুৱাই গৰুৰ শিং, মূৰ, কাণ আদিত তেল ঘঁহি ভক্তি আৰু শ্ৰদ্ধাৰে লাউ, বেঙেনা আদি খুৱাইনতুন বছৰটোত ডাঙৰ-দীঘল হ’বলৈ শুভ কামনা কৰা হয়। পিছ দিনাৰ পৰা মানুহ বিহু আৰম্ভ হয়। ডেকা ল’ৰা-ছোৱালীহঁতে মুকলি পথাৰত নাচে আৰু বিহু গীত গায়। মানুহে নতুন কাপোৰ লয়। এই বিহুটোৱে জীৱনৰ যৌৱন কালটোক প্রতিনিধিত্ব কৰে। সেয়ে ইয়াক বসন্ত উৎসৱ বুলিও কোৱা হয়। আত্মীয়-কুটুম্বক মাতি জা-জলপান খুওৱা হয় আৰু গামোছা উপহাৰ দিয়া হয়। এই বিহুত মানুহে বহুত ৰং-ধেমালি আৰু স্ফূর্তি কৰে বাবে ইয়াক ৰঙালী বিহু বুলিও কোৱা হয়।
কাতি বিহুঃ কাতি বিহু আহিন মাহৰ শেষ দিনাখন আৰম্ভ হয়। এই সময়ত মানুহৰ শস্য-ভঁৰাল উদং হৈ থাকে আৰু খাদ্যৰ আকাল হয় বাবে ইয়াক কঙালি বিহু বুলিও কোৱা হয়। এই বিহুত চোতালতে কল পুলি আৰু তুলসী কই চাকি-বন্তি জ্বলাই সন্ধিয়া ঘৰে ঘৰে নাম পদ গাই মাহ-প্রসাদ খোৱা হয়। সন্ধিয়া পথাৰত বন্তি জ্বলাই লখিমী দেৱীৰ শুভ আগমন আহ্বান কৰা হয়।
ভোগালী বিহুঃ এই বিহু পুহ মাহৰ শেষ দিনাখন আৰম্ভ হয়। ইসাত দিন চলে। এই সময়ত কৃষকৰ শস্য-ভঁৰাল ধনে-ধানে পৰিপূৰ্ণ হৈ থাকে। গতিকে খাদ্যৰ কোনো অভাৱ নহয় আৰু প্রতি ঘৰত পিঠা-পনা, লাড্ডু, খৈ, মুবি, চিৰা আদি বনোৱা হয় আৰু আত্মীয়-কুটুম্বক মাতি খাবলৈ দিয়া হয়। সেয়ে এই বিহুক ভোগালী বিহু বুলিও কোৱা হয়। বিহুৰ আগদিনাক উৰুকা বোলে। উৰুকাৰ দিনা সকলোৱে মিলিজুলি লগভাত খায়। বিহুৰ দিনা সূর্যোদয়ৰ আগতে সকলোৱে গা-পা ধুই ধানৰ নৰাৰে সজা ভেলা ঘৰত জুই দি অগ্নি দেৱতাৰ পূজা কৰে। আবেলি সময়ত মুকলি পথাৰত মহ যুঁজ, কণী যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, ধোপ খেল আদি অনুষ্ঠিত হয়।
সামৰণিঃ বিহু অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। বিহুত অসমীয়া সমাজৰ স্বকীয় কলা-কৃষ্টি সুন্দৰ ভাবে মূৰ্ত হৈ উঠে। ই প্রেম, ভাতৃত্ববোধ, মৰম, চেনেহ, শান্তি আৰু একতাৰ প্রতীক। অসমীয়াসকলে এই বিহুক লৈ বিশ্ব দৰবাৰত গৌৰৱ কৰে।
