অসমৰ কুটিৰ শিল্প ৰচনা Essay in Assamese
অসমৰ কুটিৰ শিল্প, নিজ ঘৰত হাতেৰে সাধাৰণ সা-সঁজুলিৰ সহায়ত তৈয়াৰ কৰা সামগ্রক ‘কুটিৰ শিল্প’ বুলি কোৱা হয়। ভাৰতৰ কুটিৰ শিল্পৰ ইতিহাস অতি প্রাচীন। সমগ্র ভাৰতৰ ভিতৰত কুটিৰ শিল্পৰ ক্ষেত্ৰত অসমৰ বিশেষ স্থান আছে। কুটিৰ শিল্পক কেইবাটাও ভাগত ভাগ কৰা হৈছে, যথাঃ বয়ন শিল্প, বাঁহ-বেতৰ শিল্প, মৃৎশিল্প, কাঁহ-পিতলৰ শিল্প, হাতীদাঁতৰ শিল্প আৰু কাঠৰ শিল্প।
👉 Read Also:
- অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা
- অসমৰ বানপানী ৰচনা
- শিক্ষা আৰু মূল্যবোধ ৰচনা
- মোৰ প্ৰিয় গ্রন্থ ৰচনা
- দৈনন্দিন জীৱনত বিজ্ঞান ৰচনা
বয়ন শিল্পঃ
বিশ্বত অসমীয়া বয়ন শিল্পৰ এক বিশিষ্ট স্থান আছে। অসমৰ জীয়ৰী-বোৱাৰীয়ে মুগা, পাট, এৰি আদি কপোৰ বোৱাত অভিজ্ঞ। মহাপুৰুষ শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ আৰু ফুলাম কাপোৰ বিশ্বজুৰি সমাদৃত। মহাত্মা গান্ধীয়ে অসমীয়া মহিলাৰ বয়নৰ সৃজনশীলতাক উচ্চ প্রশংসা কৰিছিল। বাঁহ-বেতৰ শিল্পঃ অসমত বাঁহ-বেতৰ শিল্প অত্যন্ত জনপ্রিয়। ঢাৰি, জাকৈ, কুলা, মুচা আদি বহুতো বস্তু ঘৰত তৈয়াৰ কৰা হয়। বর্তমান এইবোৰ বিদেশলৈও ৰপ্তানি কৰা হয়।
মৃৎশিল্পঃ
অসমীয়া কুমাৰসকলে মাটিৰে বিভিন্ন পাত্র যেনে- বাচন-বর্তন, খেলনা, গছা আদি প্রস্তুত কৰে। মৃৎশিল্প অসমৰ এক পুৰণি ঐতিহ্য।
কাঁহ-পিতলৰ শিল্পঃ
অসমৰ হাজো আৰু সৰ্থেবাৰীৰ কাঁহ-পিতলৰ সামগ্ৰী বিশ্বজুৰি প্রসিদ্ধ। এই শিল্পৰ বস্তু একসময় মোগল দৰবাৰলৈ পঠোৱা হৈছিল। হাতীদাঁতৰ শিল্পঃ অসমৰ হাতীদাঁতৰ শিল্প সুকীয়া আৰু গৌৰৱজনক। অসমৰ শিল্পীয়ে হাতীদাঁতেৰে বিভিন্ন ধৰণৰ অলংকাৰ আৰু বুঢ়া মানুহৰ বাবে হাতৰ লাঠি তৈয়াৰ কৰে। এই শিল্পত অসমৰ বৰপেটা অঞ্চল বিশেষভাবে প্রসিদ্ধ।
কাঠৰ শিল্পঃ
অসমীয়া শিল্পীয়ে কাঠেৰে বিভিন্ ধৰণৰ সুন্দৰ সুন্দৰ আচবাব-পত্ৰৰ উপৰিও মূর্তি, মুখা আৰু দেৱালয়ৰ সিংহাসন তৈয়াৰ কৰে। কুটিৰ শিল্পৰ প্ৰত্যাহ্বানঃ আজিৰ আধুনিক কল-কাৰখানাৰ প্ৰতিযোগিতাৰ কাৰণে কুটিৰ শিল্প সংকটত পৰিছে। যান্ত্রিক সামগ্ৰীৰ তুলনাত এইবোৰৰ খৰচ বেছি। সেয়ে কুটিৰ শিল্পজাত সমাগ্রীৰ চাহিদা ক্রমাৎ কমি আহিছে। HSLC ’18
👉 Read Also:
- দূৰদৰ্শন (টেলিভিচন) ৰচনা
- পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
- মোৰ জীৱনৰ লক্ষ্য ৰচনা
- লক্ষ্মীনাথ বেজবৰুৱা বা মোৰ প্ৰিয় সাহিত্যিকজন ৰচনা
- শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী ৰচনা
সামৰণিঃ
কুটিৰ শিল্প অসমৰ এক পুৰণি ঐতিহ্য। চৰকাৰী সহায় আৰু সচেতনতাৰ জৰিয়তে ইয়াক পুনৰ জীৱিত কৰিব পাৰি। এই শিল্পৰ উন্নতি হ’লে অসমৰ পুৰণি ঐতিহ্য পুনৰ প্ৰতিষ্ঠা হ’ব।

