Join WhatsApp

Join Now

Join Telegram

Join Now

বহাগ বিহুৰ পৰম্পৰা Class 12 Advance Assamese Chapter 9 Solutions

By Rabbi Masrur

Published On:

Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক বহাগ বিহুৰ পৰম্পৰা Class 12 Advance Assamese Chapter 9 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

বহাগ বিহুৰ পৰম্পৰা Class 12 Advance Assamese Chapter 9 Solutions

বহাগ বিহুৰ পৰম্পৰা Class 12 Advance Assamese Chapter 9 Solutions

বহাগ বিহুৰ পৰম্পৰা – ড° প্রফুল্ল চন্দ্র গোস্বামী

লেখক পৰিচয়ঃ ড° প্রফুল্ল চন্দ্র গোস্বামী (১৯১৯-১৯৯৪) একেধাৰে এজন শিক্ষাবিদ, লোক-সংস্কৃতিবিদ, ঔপন্যাসিক, সমালোচক, ভ্রমণ সাহিত্য ৰচয়িতা, জীবনীকাৰ আৰু সম্পাদক আছিল। তেওঁৰ জন্ম হয় দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত। তেওঁৰ পিতৃ সিংহদত্ত দেৱ অধিকাৰী এজন বিশিষ্ট কবি আছিল। ১৯৪০ চনত কটন কলেজৰ পৰা ইংৰাজী বিষয়ত সম্মানসহ স্নাতক ডিগ্রীলৈ, ১৯৪৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰে। ১৯৪৫ চনত কটন মহাবিদ্যালয়লৈ আহে। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু বি. টি বিভাগৰ ইংৰাজী প্রবক্তাৰূপে নিযুক্তি পায়। ১৯৭২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত লোক-সংস্কৃতি গবেষণা বিভাগ স্থাপন হোৱাত গোস্বামীয়ে সেই বিভাগৰ প্ৰাধ্যাপক আৰু বিভাগীয় মুৰব্বীৰূপে কার্য নির্বাহ কৰি ১৯৮১ চনত অৱসৰ লয়। ১৯৬৬ চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়তো কিছুদিন অধ্যাপনা কৰিছিল। ১৯৯৪ চনত এইজন আন্তর্জাতিক খ্যাতিসম্পন্ন পণ্ডিতগৰাকীৰ দেহাৱসান ঘটে।

ড° গোস্বামীয়ে অসমীয়া আৰু ইংৰাজী ভাষাত ভালেমান গৱেষণামূলক তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰিছিল। তাৰ ভিতৰত অসমীয়া ভাষাত লিখা উল্লেখযোগ্য কেইখনমান গ্রন্থ হ’ল: এই যুগৰ সাহিত্য, সাহিত্য আৰু জীৱন, অসমীয়া জনসাহিত্য, বিলাতী হোজা, কেঁচা পাতৰ কঁপনি, ভেজাল সোণ, নিতে নৱ ৰূপ তাৰ, বিলাতত সাত মাহ, সোণ-ৰূপৰ নহয় সি দেশ, পৃথিৱীৰ চৌপাশে এপাক, মোৰ ৰাছিয়া ভ্রমণ, ইউৰোপৰ মনীষা, মাণিক চন্দ্ৰ বৰুৱা, এটি জীয়া কাহিনী, চৰাই বিনন্দীয়া, বুৰঞ্জী আৰু সংস্কৃতি আদি।

তেওঁ ইংৰাজীত লিখা কেইখনমান গৱেষণামূলক গ্রন্থ হ’ল: Assamese Drama, The Teach-ing in English, Folk Literature of Asssam, Bihu Songs of Assam, Ballalds and Tales of Assam, The Springtime Bihu of Assam.

কঠিন শব্দৰ অৰ্থ আৰু টোকা:

অথর্ববেদ: চাৰিখন বেদৰ চতুৰ্থখন। ইয়াৰ প্রাচীন নাম অথর্বাংগিৰসবেদ। ২০ টা কাণ্ডত ৭৩১ টা সুক্তত প্রায় ৬,০০০ মন্ত্ৰৰে বেদখনি ৰচিত। যাজ্ঞবন্ধ্য, গৌতম, মনু, প্রভৃতি স্মৃতিকাৰসকলে উল্লেখ কৰিছে যে ৰজাৰ পক্ষে এই বেদৰ অধ্যয়ন অপৰিহাৰ্য। সেইবাবে ইয়াৰ আন এক নাম ‘ক্ষাত্রবেদ’। এই বেদৰ শাখা দুটা: পৈপ্ললাদ আৰু শৌনকীয়।

ঐতৰেয় ব্রাহ্মণ: বৈদিক সাহিত্যসমূহৰ ব্রাহ্মণ গ্ৰন্থসমূহৰ ভিতৰত ঐতৰেয় ব্রাহ্মণ প্রাচীনতম। গ্রন্থখনি মূলত পদ্যত ৰচিত। ইয়াৰ কেইটামান আখ্যান গদ্যত লিখা। সেই কেইটাৰ ভিতৰত হৰিশ্চন্দ্ৰ-শুনশেফৰ কাহিনী উল্লেখযোগ্য।

বিষ্ণুপুৰাণ: বৈষ্ণৱ সম্প্রদায়ৰ এখন প্রধান গ্রন্থ। পুৰাণখনিৰ বিষয়-বস্তুৰ ধাৰাবাহিকতাই প্ৰমাণ কৰে যে ই এখন প্রাচীন পুৰাণ। ইয়াৰ মূল ৰূপটি আজিলৈ অপৰিৱৰ্তিত। পুৰাণৰ পঞ্চ লক্ষণ ইয়াত বর্তমান। বৈষ্ণৱসকলৰ প্রামাণ্য গ্রন্থ হ’লেও ইয়াত বিষ্ণুৰ উদ্দেশ্যে কোনো যাগ-যজ্ঞানুষ্ঠানৰ কথা লিপিবদ্ধ হোৱা নাই।

ইন্দ্ৰধ্বজ পূজা: ভাৰতভূমিত ইন্দ্রধ্বজ পূজাৰ ইতিহাস প্রাচীন। ভাদ মাহৰ প্ৰথম পক্ষত পুৰণি কালত ৰজাসকলে বৰষুণৰ কাৰণে ইন্দ্ৰধ্বজ পূজা কৰিছিল। ‘কালিকা পুৰাণ’কে আদি কৰি প্ৰাচীন গ্রন্থত এই উৎসৱৰ সবিশেষ বিৱৰণ পোৱা যায়। জনশ্রুতি মতে, ইন্দ্রধ্বজ পূজা কৰা ৰজাসকলৰ ৰাজ্যত ৰোগ নাশ হয়। শস্যৰ সমৃদ্ধি সাধন হয়।

হলিৰাম ঢেকিয়াল ফুকন (H. S. ’19ঃ হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) এজন উকিল আৰু লিখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত ‘দুৱলীয়া বৰুৱা’ হয়। চন্দ্রকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বর্গদেবে তেওঁক ‘ঢেকিয়াল ফুকন’ পদবী দিয়ে। ইংৰাজী ১৮২৫ চনত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰ চিৰস্তাদাৰ নিযুক্ত হোৱাৰ পিছত ইংৰাজ চাহাব এজনৰ লগত মতানৈক্য হোৱাত তেওঁ এই পদ এবি দিয়ে। ১৮৩২ চনত তেওঁ গুৱাহাটীত এচিছটেন্ট মেজিস্ট্রেট নিযুক্ত হয়।

তেওঁ এজন ভাল বাংলা গদ্য লিখকো আছিল। তেওঁ বাংলা ভাষাত ৰচনা কৰা কেইখনমান গ্রন্থ হ’ল : আসাম বুৰঞ্জী, তীর্থ যাত্রা পদ্ধতি, সমাচাৰ চন্দ্রিকা, সমাচাৰ দর্পণ আদি।

বলবৰ্মা: পুৰণি প্রাগজ্যোতিষত বলবর্মা উপাধিধাৰী তিনিজন নৃপতিৰ নাম পোৱা যায়। তাবে শালস্তম্ভবংশী তৃতীয় বলবৰ্মাদের অখণ্ড প্রতাপেৰে প্রায় একুৰি পাঁচ বছৰকাল ৰাজত্ব কৰে। তেওঁৰ দিনৰ পৱিত্ৰ বিষুর সংক্রান্তি কালত ব্রাহ্মণলৈ ভূমিদান কৰা একাধিক তামৰ ফলি উদ্ধাৰ হৈছে।

বলীনাৰায়ণ বৰা (H. S. ’19): বলীনাৰায়ণ বৰা (১৮৫২-১৯২৭) এজন অসমীয়া অভিযন্তা আৰু লিখক আছিল। তেওঁ উত্তৰ গুৱাহাটীত জন্ম গ্রহণ কৰে। পিতৃৰ নাম দত্ত নাৰায়ণ বৰা। তেওঁ ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হৈ ১৮৭১ চনত এফ. এ. পৰীক্ষাত কৃতকার্যতা লাভকৰাৰ এবছৰ পিছত গীলক্রাইষ্ট বৃত্তি লৈ বিলাতলৈ যায়। ১৮৭৭ চনত কুপাৰ হিলচ কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ উপাধি লাভ কৰি দেশলৈ উভতি আহে। পিছত বংগদেশ, নগাওঁ, শিৱসাগৰ আদি ঠাইত কার্য নির্বাহ কৰি ১৯০৭ চনত অধীক্ষক অভিযন্তাৰূপে অৱসৰ লাভ কৰে।

নগাওঁত চাকৰি কৰা কালত তেওঁ ‘মৌ’ নামেৰে কাকত এখন উলিয়াইছিল। চাৰিটা সংখ্যা উলিওৱাৰ পিছত কাকতখনৰ প্রকাশ বন্ধ হয়। তেওঁ অসমীয়া আৰু ইংৰাজীত কেইবাখনো গ্রন্থ ৰচনা কৰিছিল। ইংৰাজীত ৰচনা কৰা তেওঁৰ গ্ৰন্থৰ ভিতৰত A Geography of India উল্লেখযোগ্য। তেওঁৰ অসমীয়া গ্রন্থসমূহ হ’ল: ভাৰতবৰ্ষৰ বুৰঞ্জী, অসমীয়া প্ৰৱচন আদি।

ৰজনীকান্ত বৰদলৈ: ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যত ‘উপন্যাস সম্রাট’ আৰু ‘অসমৰ স্কট’ ৰূপে পৰিচিত। তেওঁ গুৱাহাটীৰ কুকুৰমূতা (হেদায়েতপুৰ)ত জন্ম গ্রহণ কৰে। তেওঁ ল’ৰালি কাল উত্তৰ গুৱাহাটীত থকা মোমায়েকৰ ঘৰত অতিবাহিত কৰি গুৱাহাটীৰ চৰকাৰী হাই স্কুলৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হয়। ১৮৮৭ চনত কলিকতাৰ মেট’পলিটান কলেজৰ পৰা এফ. এ. আৰু বি. এ. পাছ কৰি লক্ষীমপুৰত মাটিৰ হাকিম ৰূপে চাকৰিত যোগদান কৰি ১৯১৮ চনত জিলাধিপতি ৰূপে অৱসৰ গ্ৰহণ কৰে।

তেওঁ ৰচনা কৰা উপন্যাসসমূহ হ’ল: বহৈেদ লিগিৰী, মিৰি জীয়ৰী, মনোমতী, দন্দুৱাদ্রোহ, নির্মল ভকত, তাম্ৰেশ্বৰী মন্দিৰ, ৰাধা-ৰুক্মিণীৰ বণ আদি। তেওঁৰ ‘মিৰি জীয়ৰী’ নামৰ উপন্যাসখনৰ বাহিৰে বাকী আটাইবোৰ উপন্যাসেই ঐতিহাসিক উপন্যাস। তেওঁ উপন্যাসৰ জৰিয়তে অতীত অসমৰ ইতিহাস সজীব ৰূপত উপস্থাপন কৰিছিল। তেওঁ কেইবাখনো সফল অসমীয়া উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা বাবে তেওঁক ‘উপন্যাস সম্রাট’ উপাধিৰে বিভূষিত কৰা হয়। ‘ভোলাই শর্মা’ ছদ্ম নামেৰে তেওঁ ‘বাঁহী’ আৰু ‘আলোচনী’ কাকতত এলানি হাস্যৰসাত্মক প্রবন্ধ লিখিছিল। ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ অষ্টম অধিবেশনৰ সভাপতি আছিল।

গণেশচন্দ্ৰ হাজৰিকা: গনেশ চন্দ্ৰ হাজৰিকা এজন অসমীয়া কবি আৰু প্ৰৱন্ধকাৰ আছিল। শিৱসাগৰৰ ওচৰৰ কোঁৱৰপুৰ মৌজাৰ যোগনীয়া গাওঁত তেওঁৰ জন্ম হয়। তেওঁ ‘বাঁহী’, ‘আলোচনী’ আদি কাকতত কবিতা আৰু প্ৰৱন্ধ লিখিছিল। ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র’ হাজৰিকাদেৱৰ একমাত্র প্রকাশিত বিহু সম্পর্কীয় প্রবন্ধ পুথি।

বাঁহী: ১৯০৯ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত ‘বাঁহী’ আলোচনীখন কলিকতাৰ পৰা প্ৰকাশিত হয়। এই আলোচনীখন ইয়াৰ দশম বছৰৰ পৰা চন্দ্ৰ কমল বেজবৰুৱাৰ দ্বাৰা পোনতে ডিব্ৰুগড় আৰু পিছত গুৱাহাটীৰ পৰা প্রকাশ পায়।

মিৰি জীয়ৰী: উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা ৰচিত এখন বিখ্যাত সামাজিক উপন্যাস হ’ল ‘মিৰি জীয়ৰী’। উপন্যাসখন মিচিং সমাজৰ আধাৰত ৰচিত। উন্যাসখনত মিৰি সমাজৰ এহাল প্রেমিক প্ৰেমিকাৰ কৰুণ পৰিণতিৰ চিত্ৰ প্ৰকাশ পাইছে। ইয়াত মিচিংসকলৰ মাজত প্রচলিত নৃত্য আৰু গীতৰ বিস্তাৰিত বিৱৰণ আছে।

আসাম বন্ধুঃ ‘অৰুনোদই’ কাকত প্ৰকাশৰ প্রায় দুকুৰি বছৰ পাছত ১৮৮৫ চনত গুণাভিৰাম বৰুৱাৰ সম্পাদনাত ‘আসাম বন্ধু’ আলোচনীখন কলিকতাৰ পৰা প্ৰকাশ পায়। ১৮৯৪ চনলৈ চলা এই আলোচনীখনত বা-বাতৰিৰ উপৰিও অসমৰ সাহিত্য, বুৰঞ্জী তথা সমাজৰ নৈতিকতা সম্পর্কে নানা কথাই স্থান পাইছিল।

অপৰিহাৰ্ষ: যাক পৰিহাৰ কৰিব নোৱাৰি।

বিষুবণ: দিন-ৰাতি সমান হোৱা কাল। যজ্ঞ সম্পাদন কৰা এটা দিনৰ নাম।

নওৰোজ: নববর্ষ।

হুঁচৰিঃ বহাগৰ বিহুত ঢোল, পেঁপা বজাই জুম বান্ধি নৃত্য গীত কৰি ফুৰা মানুহৰ জুম।

শ্বান: মূলতঃ চীনদেশৰ লোক।

উৰুকা: বিহুৰ আগদিনা।

পৰিপোষণ: পোহপাল।

সমন্বয়: মিলন।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

১। বিহু অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি, তোমাৰ পাঠ্য প্ৰৱন্ধৰ সহায়ত আলোচনা কৰা। H. S. ’15

উত্তৰ: বিহু অসমৰ জাতীয় উৎসব। ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্রবন্ধটিতো প্রবন্ধকাৰ ড° প্রফুল্ল দত্ত গোস্বামীয়ে বিহুক জাতীয় উৎসৱ হিচাপে প্রতিপন্ন কৰিছে। বিহুক জাতীয় উৎসৱ বুলি কোৱাৰ কিছু কাৰণো আছে।

বিহু উৎসৱ হৈছে কৃষিমুখী উৎসব। এই কৃষিভিত্তিক উৎসৱটো কালক্ৰমত বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শলৈ আহি অসমৰ জাতীয় উৎসৱত পৰিণত হৈছে। কৃষি উৎসৱৰ লগত জড়িত গৰু বিহু অর্থাৎ গো পূজা, বিহুৱান দিয়া, মান সৎকাৰ কৰা, নাম-কীৰ্তন কৰা আদি সামাজিক পৰম্পৰাত পৰিণত হৈছে। এইবোৰৰ মূল উদ্দেশ্য হ’ল ৰাইজ, জীব-জন্তু, খেতি-বাতি আদিৰ মংগল সাধন কৰা।

বিহু উৎসৱত অসমীয়া লোকে ঘৰ-বাৰী পৰিস্কাৰ কৰা, কাপোৰ-কানি ধোৱা, গৰুৰ যতন লোৱা আদি কাম কৰা দেখা যায়। এইবোৰ কাৰ্যৰ লগত ধর্মীয় সম্পর্ক আছে যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ দৃষ্টিভংগীৰো পৰিৱৰ্তন হৈ বিহু ধর্মীয় উৎসৱৰ পৰিৱৰ্তে সাংস্কৃতিক উৎসৱত পৰিণত হৈছে। বর্তমান বহাগ বিহু উৎসৱৰ যোগেদি সকলো অসমীয়াই একেগোট হোৱাৰ সুযোগ লাভ কৰিছে। লিখক ড° প্রফুল্ল দত্ত গোস্বামীৰ মতে ই বিভিন্ন খেলৰ বিভিন্ন লোকৰ মিলনৰ ক্ষেত্র হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্রতীক হৈ পৰিছে।

সেয়ে ক’ব পাৰি বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসব নহৈ ই ঘাইকৈ অসমৰ জাতীয় উৎসৱ আৰু সংস্কৃতিৰ প্ৰতীক স্বৰূপ হৈ পৰিছে।

২। বিহুৰ উৎপত্তি আৰু বিহু নৃত্য সম্বন্ধে বিভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ: বিহু আৰু বিহু নৃত্যৰ উৎপত্তি কেতিয়া, ক’ত, কেনেদৰে হৈছিল তাক সঠিককৈ ক’ব পৰা নাযায় যদিও বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে তলত উল্লেখ কৰা মতে মন্তব্য আগবঢ়াইছে।

প্রথমতে, কিছুমান পণ্ডিতে ঠাৱৰ কৰিছে যে বিহুৰ উৎপত্তি সংস্কৃত ‘বিষুৱণ’ শব্দৰ পৰা আহিছে। ‘অথর্ববেদ’ আৰু ‘ঐতৰেয় ব্রাহ্মণ’ আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে সেই সময়ত বিষুবণ’ আছিল যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে বুলি সিহঁতে বিশ্বাস কৰিছিল। অর্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুর দিনত যাগ-যজ্ঞৰ আয়োজন কৰা হৈছিল। দ্বিতীয়তে, প্রাচীন অসমত বিষুর সংক্রান্তিৰ দিনত ৰজাসকলে ব্রাহ্মণক ভূমিদান কৰিছিল। বিষুব সংক্রান্তিৰ সময়ত পালন কৰা এনে মাংগলিক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ-পূৱ চুকৰ অসমতে হৈছিল এনে নহয়, ভাৰতৰ অন্যান্য অঞ্চলতো এই অনুষ্ঠান পতা হৈছিল। বিষুব সংক্ৰান্তিৰ দিনা পালন কৰা
উৎসৱৰ পৰাও বিহুৰ উৎপত্তি হোৱা বুলি ভবাৰ থল আছে।

তৃতীয়তে, দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ মাজতো ‘বিষু মেলা’ বুলি এক উৎসৱৰ প্ৰচলন আছে। তেনেদৰে মধ্য ভাৰতৰ ওৰাওঁসকলে গ্রীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যবস্থা কৰে। ইয়াক কোনো কোনো অঞ্চলত বিহু নুবুলি ‘বৈশাখী’ বোলে।

মুঠতে বিহু উৎসৱটো কেতিয়া ক’ত কেনেদৰে উৎপত্তি হৈছিল তাৰ সঠিক তথ্য আজিলৈ উদ্ধাৰ হোৱা নাই যদিও ই যে পোনতে এক কৃষি উৎসব হিচাপে উৎপত্তি লাভ কৰিছিল তাত অৱশ্যে কাৰো সন্দেহ নাই। কালক্ৰমত এই কৃষি উৎসবটোত আর্য আৰু অনাৰ্যৰ উপাদান লগলাগি এক জাতীয় সাংস্কৃতিক উৎসৱত পৰণিত হয়।

নিহু নৃত্য সম্পর্কেও এই খিনি জনা যায় যে কৃষি বৃত্তি অৱলম্বন কৰা লোকৰ মাজত স্ত্রী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীত পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ এক প্রাচীন ব্যৱস্থা আছিল। সপ্তম শতিকাত এজন মুছলমান ভ্রমণকাৰীয়ে লিখি থৈ যোৱা বৰ্ণনাৰ পৰা জনা যায় যে ভ্রমণ কালত অসমৰ ৰাজধানীত স্ত্রী-পুৰুষ উভয়ে নৃত্য আৰু গীতেৰে ৰং-ধেমালি কৰা তেওঁ প্রত্যক্ষ কৰিছিল। ঢোল, পেঁপা, টকা আদি বাদ্য যন্ত্ৰৰো ব্যৱহাৰ তেওঁ লক্ষ্য কৰিছিল বুলি উল্লেখ আছে। তেওঁ আকৌ উল্লেখ কৰিছে যে এই উৎসৱৰ সময়ত ডেকা-গাভৰুৰ মনৰ আদান-প্রদানো হয়। পিছলৈ আহোম ৰজাসকলে এই উৎসৱক পৰিপোষণ কৰি বিহু উৎসৱক জাতীয় উৎসব হিচাপে গঢ় দিয়াত সহায় কৰিলে।

৩। ‘বিহু এক ধর্মীয় অনুষ্ঠান’ বিহুক ধর্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্রতি পন্ন কৰা।

উত্তৰ: ওপৰৰ ১ নং প্রশ্নোত্তৰ চোৱা।

৪। অসমত বিষুব সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা যায় নে, আলোচনা কৰা। H. S. ’18

উত্তৰ: অসমত বিষুর সংক্রান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত বিভিন্ন ৰূপত পালিত হোৱা দেখা যায়। যেনে

দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষ’ বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচ সকলৰ মাজতো ‘বিষু মেলা’ বুলি এক উৎসৱৰ প্ৰচলন আছে। তেনেদৰে মধ্য ভাৰতৰ ওৰাওঁসকলে গ্রীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। ইয়াক কোনো কোনো অঞ্চলত ‘বিহু’ নুবুলি ‘বৈশাখী’ বোলে। আকৌ মণিপুৰত বৈষ্ণৱ পন্থী হিন্দুসকলে কৃষি উৎসৱৰ লগত সংগতি ৰাখি নৃত্য-গীতৰ আয়োজন কৰে।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়াঃ

(ক) ‘বহাগ বিহুৰ পৰম্পৰা’ প্ৰৱন্ধটিৰ লিখক কোন?

উত্তৰ: ড° প্রফুল্ল দত্ত গোস্বামী।

(খ) লক্ষ্মীধৰ শৰ্মাৰ এখন গল্প পুথিৰ নাম লিখা।

উত্তৰ: ব্যৰ্থতাৰ দান।

(গ) ড° প্রফুল্ল দত্ত গোস্বামী ক’ত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: দক্ষিণ কামৰূপৰ নহিৰা সত্রত।

(ঘ) ড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন গবেষনামূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰ: ‘অসমীয়া জন সাহিত্য’ আৰু ‘সাহিত্য আৰু জীৱন’।

(৬) ড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন ইংৰাজী গ্ৰন্থৰ নাম লিখা।

উত্তৰ: ‘Folk Literature of Asssam’ and ‘Bihu Songs of Assam”

(চ) দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে?

উত্তৰ: বিষু।

(ছ) অসমীয়া কোনগৰাকী ঔপন্যাসিকৰ উপন্যাসত প্ৰথম বিহুৰ নাচ আৰু গীত সম্পর্কে বহল আলোচনা আছে?

নাইবা

প্রথম বিহু নাচ আৰু গীত সম্পর্কে কোনখন অসমীয়া উপন্যাসত উল্লেখ পোৱা যায়? H. S. ’20

উত্তৰ: বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র’ উপন্যাসত।

(জ) ‘অসমীয়া জন সাহিত্য’ গ্রন্থখনৰ ৰচক কোন? H. S. ’18

উত্তৰ: ড° প্রফুল্লদত্ত গোস্বামী।

(ঝ) ‘বিলাতী হোজা’ গ্ৰন্থখনৰ লেখক কোন? H. S. ’19

উত্তৰ: ড° প্রফুল্লদত্ত গোস্বামী।

(ঞ) ‘পৃথিবীৰ চৌপাশে এপাক’ গ্রন্থখনৰ ৰচক কোন? H. S. ’20

উত্তৰঃ ড° প্রফুল্লদত্ত গোস্বামী।

২। তলত দিয়াবোৰৰ চমুটোকা লিখা:

হলীৰাম ঢেকীয়াল ফুকন, ৰজনীকান্ত বৰদলৈ, মিৰি জীয়ৰী, গণেশ চন্দ্ৰ হাজৰিকা, বলীনাৰায়ণ বৰা।

উত্তৰ: (ক) হলিৰাম ঢেকিয়াল ফুকন (H. S. ’15): হলিৰাম ঢেকিয়াল ফুকন (১৮০২-১৮৩২) এজন উকিল আৰু লিখক আছিল। তেওঁৰ পিতৃৰ নাম পৰশুৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল কামেশ্বৰী। দেউতাকৰ মৃত্যুৰ পিছত চৈধ্য বছৰ বয়সত তেওঁ হাদিৰাচকীত ‘দুৱলীয়া বৰুৱা’ হয়। চন্দ্রকান্ত সিংহৰ সৈতে মানৰ লগত হাদিৰাচকীত ৰণ কৰাৰ পিছত স্বৰ্গদেবে তেওঁক ‘ঢেকিয়াল ফুকন’ পদবী দিয়ে। ইংৰাজী ১৮২৫ চনত কোম্পানীৰ আমোলত তেওঁ অসমৰ নামনি খণ্ডৰ কালেক্টৰ চিৰস্তাদাৰ নিযুক্ত হোৱাৰ পিছত ইংৰাজ চাহাব এজনৰ লগত মতানৈক্য হোৱাত তেওঁ এই পদ এৰি দিয়ে। ১৮৩২ চনত তেওঁ গুৱাহাটীত এচিছটেন্ট মেজিস্ট্রেট নিযুক্ত হয়।

তেওঁ এজন ভাল বাংলা গদ্য লিখকো আছিল। তেওঁ বাংলা ভাষাত ৰচনা কৰা কেইখনমান গ্রন্থ হ’ল : আসাম বুৰঞ্জী, তীর্থ যাত্রা পদ্ধতি, সমাচাৰ চন্দ্রিকা, সমাচাৰ দর্পণ আদি।

ৰজনীকান্ত বৰদলৈ (H. S. ’17): ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যত ‘উপন্যাস সম্রাট’ আৰু ‘অসমৰ স্কট’ বৰূপে পৰিচিত। তেওঁ গুৱাহাটীৰ কুকুৰতা (হেদায়েতপুৰ)ত জন্ম গ্রহণ কৰে। তেওঁ ল’ৰালি কাল উত্তৰ গুৱাহাটীত থকা মোমায়েকৰ ঘৰত অতিবাহিত কৰি গুৱাহাটীৰ চৰকাৰী হাই স্কুলৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হয়। ১৮৮৭ চনত কলিকতাৰ মেট্র’পলিটান কলেজৰ পৰা এফ. এ. আৰু বি. এ. পাছ কৰি লক্ষীমপুৰত মাটিৰ হাকিম ৰূপে চাকৰিত যোগদান কৰি ১৯১৮ চনত জিলাধিপতি ৰূপে অৱসৰ গ্ৰহণ কৰে।

তেওঁ ৰচনা কৰা উপন্যাসসমূহ হ’ল: বহৈেদ লিগিৰী, মিৰি জীয়ৰী, মনোমতী, দন্দুৱাদ্রোহ, নির্মল ভকত, তাম্ৰেশ্বৰী মন্দিৰ, ৰাধা-কক্মিণীৰ ৰণ আদি। তেওঁৰ ‘মিৰি জীয়ৰী’ নামৰ উপন্যাসখনৰ বাহিৰে বাকী আটাইবোৰ উপন্যাসেই ঐতিহাসিক উপন্যাস। তেওঁ উপন্যাসৰ জৰিয়তে অতীত অসমৰ ইতিহাস সজীব ৰূপত উপস্থাপন কৰিছিল। তেওঁ কেইবাখনো সফল অসমীয়া উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা বাবে তেওঁক ‘উপন্যাস সম্রাট’ উপাধিৰে বিভূষিত কৰা হয়। ‘ভোলাই শর্মা’ ছদ্ম নামেৰে তেওঁ ‘বাঁহী’ আৰু ‘আলোচনী’ কাকতত এলানি হাস্যৰসাত্মক প্ৰৱন্ধ লিখিছিল। ৰজনীকান্ত বৰদলৈ অসম সাহিত্য সভাৰ অষ্টম অধিবেশনৰ সভাপতি আছিল।

মিৰি জীয়ৰী (H. S. ’18): উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈদেৱৰ দ্বাৰা ৰচিত এখন বিখ্যাত সামাজিক উপন্যাস হ’ল ‘মিৰি জীয়ৰী’। উপন্যাসখন মিচিং সমাজৰ আধাৰত ৰচিত। উন্যাসখনত মিবি সমাজৰ এহাল প্রেমিক প্রেমিকাৰ কৰুণ পৰিণতিৰ চিত্ৰ প্ৰকাশ পাইছে। ইয়াত মিচিংসকলৰ মাজত প্রচলিত নৃত্য আৰু গীতৰ বিস্তাৰিত বিৱৰণ আছে।

গণেশচন্দ্ৰ হাজৰিকা: গনেশ চন্দ্ৰ হাজৰিকা এজন অসমীয়া কবি আৰু প্ৰৱন্ধকাৰ আছিল। শিৱসাগৰৰ ওচৰৰ কোঁৱৰপুৰ মৌজাৰ যোগনীয়া গাওঁত তেওঁৰ জন্ম হয়। তেওঁ ‘বাঁহী’, ‘আলোচনী’ আদি কাকতত কবিতা আৰু প্ৰৱন্ধ লিখিছিল। ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র’ হাজৰিকাদেৱৰ একমাত্র প্রকাশিত বিহু সম্পর্কীয় প্রবন্ধ পুথি।

বলীনাৰায়ণ বৰা: বলীনাৰায়ণ বৰা (১৮৫২-১৯২৭) এজন অসমীয়া অভিযন্তা আৰু লিখক আছিল। তেওঁ উত্তৰ গুৱাহাটীত জন্ম গ্রহণ কৰে। পিতৃৰ নাম দত্ত নাৰায়ণ বৰা। তেওঁ ১৮৬৮ চনত গুৱাহাটী চেমিনাৰীৰ পৰা এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হৈ ১৮৭১ চনত এফ. এ. পৰীক্ষাত কৃতকার্যতা লাভ কৰাৰ এবছৰ পিছত গীলক্রাইষ্ট বৃত্তি লৈ বিলাতলৈ যায়। ১৮৭৭ চনত কুপাৰ হিলচ কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ উপাধি লাভ কৰি দেশলৈ উভতি আহে। পিছত বংগদেশ, নগাওঁ, শিৱসাগৰ আদি ঠাইত কার্য নির্বাহ কৰি ১৯০৭চনত অধীক্ষক অভিযন্তাদপে অৱসৰ লাভ কৰে।

নগাওঁত চাকৰি কৰা কালত তেওঁ ‘মৌ’ নামেৰে কাকত এখন উলিয়াইছিল। চাৰিটা সংখ্যা উলিওৱাৰ পিছত কাকতখনৰ প্ৰকাশ বন্ধ হয়। তেওঁ অসমীয়া আৰু ইংৰাজীত কেইবাখনো গ্রন্থ ৰচনা কৰিছিল। ইংৰাজীত ৰচনা কৰা তেওঁৰ গ্ৰন্থৰ ভিতৰত A Geography of India উল্লেখযোগ্য। তেওঁৰ অসমীয়া গ্রন্থসমূহ হ’ল: ভাৰতবৰ্ষৰ বুৰঞ্জী, অসমীয়া প্ররচন আদি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment