Class 12 Logic And Philosophy Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Logic And Philosophy বিষয়ৰ পাঠভিত্তিক নীতিবিজ্ঞান Class 12 Logic And Philosophy Chapter 7 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
নীতিবিজ্ঞান Class 12 Logic And Philosophy Chapter 7 Solutions
নীতিবিজ্ঞান
সপ্তম অধ্যায়
ক. অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক- ১)
১। ‘Ethics‘ শব্দটো কোন শব্দৰ পৰা আহিছে?
উত্তৰ গ্ৰীক ভাষাৰ ‘Ethos’ শব্দৰ পৰা।
২। ‘Moral’ শব্দটো কোন শব্দৰ পৰা আহিছে?
উত্তৰ: লেটিন শব্দ ‘Mores’ ৰ পৰা আহিছে।
৩। ‘Mores’ শব্দটোৰ অৰ্থ কি? H. S. ’14
উত্তৰ: অভ্যাস বা ৰীতি-নীতি।
৪। ‘Ethos’ শব্দৰ অৰ্থ কি?
উত্তৰ ৰীতি-নীতি বা অভ্যাস।
৫। নীতি-শাস্ত্ৰৰ এটি চমু সংজ্ঞা দিয়া।
উত্তৰ যি বিজ্ঞানে মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্যৰ বিচাৰ কৰে, তাকে ‘নীতি-শাস্ত্র’ বোলে।
৬। পুৰুষাৰ্থ কেইপ্ৰকাৰৰ?
উত্তৰ: পুৰুষাৰ্থ চাৰি প্ৰকাৰৰ।
৭। নৈতিক বিচাৰৰ বিষয়-বস্তু কি?
উত্তৰ: ঐচ্ছিক ক্রিয়া।
৮। উদ্দেশ্যই লক্ষ্য স্থিৰ কৰেনে?
উত্তৰ কৰে।
৯। অনৈতিক কার্য নৈতিক অৱধাৰণৰ বিষয় হয়নে?
উত্তৰ: নহয়।
১০। ‘চৰিত্ৰ মানুহৰ আচৰণৰ আভ্যন্তৰীণ অংগ’: কথাষাৰ সত্যনে?
উত্তৰ : সত্য।
১১। নিম্নোক্ত কোনটো নৈতিক বিচাৰৰ বিষয়বস্তু? H. S. ’14
(ক) স্বয়ংক্রিয়া
(খ) অভ্যাসজনিত ক্রিয়া
(গ) সহজাত ক্রিয়া
(গ) শিশুৰ ক্ৰিয়া
উত্তৰ: (খ) অভ্যাসজনিত ক্রিয়া।
১২। নৈতিকতা আৰু ধৰ্মৰ মাজত এটা সাদৃশ্য লিখা। H. S. ’15
উত্তৰ নৈতিকতা আৰু ধর্ম উভয়েই মানুহৰ সৎ-অসৎ কাৰ্যৰ বিচাৰ কৰে।
১৩। নীতিবিদ্যা বিষয়নিষ্ট বিজ্ঞান হয়নে? H. S. ’17
উত্তৰ নহয়।
১৪। অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি গণ্য কৰা হয়নে? H. S. ’15
উত্তৰ: হয়।
১৫। নৈতিক কৰ্মৰ এটা উদাহৰণ দিয়া। H. S. ’17
উত্তৰ ডাঙৰক শ্রদ্ধা কৰা।
১৬। ঐচ্ছিক ক্রিয়া কাক বোলে? H. S. ’17
নাইবা
ঐচ্ছিক ক্রিয়া কাক বোলে? ঐচ্ছিক ক্রিয়াৰ স্তৰ তিনিটা কি কি? H. S. ’18
উত্তৰ: ঐচ্ছিক ক্রিয়া বুলিলে সেইবোৰ ক্ৰিয়াক বুজায় যিবোৰ কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্রয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাবে কৰে।
ঐচ্ছিক ক্ৰিয়াৰ স্তৰ তিনিটা হ’ল-মানসিক স্তব, দৈহিক স্তৰ আৰু পৰিসমাপ্তিৰ স্তব।
১৭। অভিপ্রায়ৰ অৰ্থ কি? H. S. ’18
উত্তৰ: অভিপ্রায় হৈছে কোনো লক্ষ্য, উদ্দেশ্য, লক্ষ্য লাভৰ উপায় আৰু সম্ভাব্য পৰিণামৰ এক সমন্বয়।
১৮। মানব জীৱনৰ সুখ আৰু আনন্দৰ উৎস কি? H. S. ’15
উত্তৰ কৰ্ম।
১৯। মানব জীবনৰ পৰম শ্রেয় কি?
উত্তৰ: পুৰুষাৰ্থ মানৱ জীৱনৰ পৰম শ্রেয়।
২০। মোক্ষ লাভৰ মাৰ্গ বা উপায় কেইটা?
উত্তৰ তিনিটা।
২১। ত্রিবর্গ কি?
উত্তৰ ভাৰতীয় শাস্ত্রমতে ধর্ম, অর্থ আৰু কামক ‘ত্রিবর্গ’ বুলি কোৱা হয়।
২২। নৈতিকতা আৰু ধৰ্মৰ মাজত এটা সাদৃশ্য লিখা। H. S. ’15
উত্তৰ: নৈতিকতা
২৩। আদর্শ নিষ্ঠ বিজ্ঞানৰ এটা উদাহৰণ দিয়া।
উত্তৰ: নীতি শাস্ত্র।
২৪। লক্ষ্যই উপায়ৰ ন্যার্যতা প্রতিপন্ন কৰেনে?
উত্তৰ কৰে।
২৫। বিষয়নিষ্ঠ বিজ্ঞানৰ এটি উদাহৰণ দিয়া।
উত্তৰ: পদার্থ বিজ্ঞান।
২৬। নৈতিক বিচাৰৰ বিষয়বস্তু কি? H. S. ’19
উত্তৰ: অভিপ্রায়।
২৭। নীতিশাস্ত্র বিষয়নিষ্ঠ বিজ্ঞান। কথাষাৰ শুদ্ধনে? H. S. ’19
উত্তৰ: অশুদ্ধ।
২৮। নীতিবিদ্যাৰ আদর্শ কি? H. S. ’20
উত্তৰ : নীতিবিদ্যাৰ আদর্শ হৈছে -পৰম শ্রেয় (সর্বোচ্চ কল্যাণ)।।
খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক ২)
১। নীতিশাস্ত্র মানে কি?
উত্তৰ যি শাস্ত্ৰই মানুহৰ চৰিত্ৰ, আচৰণ আদিৰ নৈতিক মূল্যায়ন সম্পর্কে আলোচনা কৰে তাকে ‘নীতিশাস্ত্র’ বোলে।
২। বর্ণাশ্রম কি?
উত্তৰ: প্রাচীন ভাৰতৰ হিন্দু সমাজ ব্যবস্থা মতে মানব সমাজত সৃষ্টি হোৱা চাৰি বর্ণ (যেনে- ব্রহ্মচার্য, গ্রার্হস্থ্য, বানপ্রস্থ আৰু সন্নাস) অনুসৰি প্রত্যেকে
বর্ণই নিজৰ নিজৰ কাৰ্য পালন কৰি যোৱাকেই ‘বর্ণাশ্রম’ বোলে।
৩। নীতিশাস্ত্রক কিয় আদর্শনিষ্ট বিজ্ঞান বুলি কোৱা হয়? H. S. ’12, 14, 20
উত্তৰ: আদর্শনিষ্ঠ বিজ্ঞান হৈছে এনে এক বিজ্ঞান যিয়ে মানুহৰ কৰ্মৰ ভাল-বেয়া, উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ, সৎ-অসৎ আদিৰ মানদণ্ড নিৰূপণ কৰে আৰু সেইমতে মানুহৰ কৰ্ম, সামাজিক আচৰণ আদি বিচাৰ বা মূল্যায়ন কৰে। নীতিশাস্ত্রই এইবোৰ কৰে বাবে ইয়াক আদর্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়।
৪। মানব জীবনৰ পৰম মূল্য কেইটা কি কি? কি আদর্শ বা মূল্য নীতিবিদ্যাৰ লগত জড়িত? H. S. ’18
উত্তৰ ভাৰতীয় শাস্ত্রমতে মানব জীৱনৰ পৰম মূল্য তিনিটা সত্য, শিৱ আৰু সুন্দৰ। নীতিবিদ্যা শিব অর্থাৎ মঙ্গলৰ লগত জড়িত।
৫। এজন উন্মাদ ব্যক্তিৰ ক্ৰিয়াক নৈতিক কর্ম বুলি ক’ব পাৰিনে? তোমাৰ মতৰ সপক্ষে এটা যুক্তি দিয়া। H. S. ’18
উত্তৰ : এজন উন্মাদ ব্যক্তিৰ ক্রিয়াক নৈতিক কর্ম বুলি ক’ব নোৱাৰি। কাৰণ উন্মাদ ব্যক্তিৰ কৰ্মৰ লগত উদ্দেশ্য, ইচ্ছা, বাধ্যবাধকতা আদি জড়িত নাথাকে।
৬। দুটা অনৈতিক কৰ্মৰ উদাৰহণ দিয়া। H. S. ’18, ’20
উত্তৰ: শিশুৰ ক্রিয়া, চুৰি কৰা।
৭। অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয় বস্তু বুলি কিয় গণ্য কৰা হয়? H. S. ’12
উত্তৰ: অভ্যাসনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি গণ্য কৰা হয় কাৰণ অভ্যাসজনিত ক্ৰিয়াৰ ভাল-বেয়া, উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদিৰ বিচাৰ কৰা হয়।
৮। নৈতিক বিচাৰ স্বীকাৰ্যৰ সত্যকেইটা কি কি? H. S. ’15
উত্তৰ: নৈতিক বিচাৰৰ স্বীকার্যকেইটা হ’ল-ব্যক্তিৰ ব্যক্তিত্ব, বিচাৰ বুদ্ধি আৰু ইচ্ছাব স্বাধীনতা।
৯। পুৰুষাৰ্থৰ কেইপ্রকাৰৰ আৰু কি কি? H. S. ’17
উত্তৰ: ভাৰতীয় শাস্ত্র মতে, পুৰুষার্থ চাৰি প্ৰকাৰৰ। যেনেঃ ধর্ম, অর্থ, কাম আৰু মোক্ষ।
গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক – ৪)
১। ঐচ্ছিক ক্রিয়া কি? ঐচ্ছিক ক্রিয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰ নৈতিক গুণ অনুসৰি মানুহৰ আচৰণ আৰু কামবোৰক দুটা ভাগত ভাগ কৰা হৈছে। যেনে-নৈতিক কর্ম আৰু অনৈতিক কর্ম। যি ক্ৰিয়াৰ নৈতিক গুণ আছে অর্থাৎ যি ক্রিয়া শুদ্ধতা-অশুদ্ধতা, উচিত-অনুচিত আদিৰ লগত জড়িত তাকে ‘নৈতিক কর্ম’ বোলে। নৈতিক ক্রিয়াই অভ্যাসজনিত ক্রিয়া আৰু ঐচ্ছিক ক্রিয়াক সামৰি লয়। ঐচ্ছিক ক্রিয়া বুলিলে সেইবোৰ ক্ৰিয়াক বুজায় যিবোৰ কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্রয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাবে কৰে।
ঐচ্ছিক ক্ৰিয়াৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(১) ঐচ্ছিক ক্রিয়া কর্তাৰ সজাগজনিত ক্রিয়া।
(২) ঐচ্ছিক ক্রিয়াত কৰ্তাৰ কৰ্মৰ প্রতি দায়বদ্ধতা থাকে।
(৩) ঐচ্ছিক ক্রিয়াত কর্তাৰ বুদ্ধি-বৃত্তি প্রয়োগৰ দ্বাৰা কৰ্ম সম্পাদিত হয়।
(৪) ই কর্তাব উদ্দেশ্যপ্রণোদিত কর্ম।
৬। ভাৰতীয় শাস্ত্র মতে মোক্ষ লাভৰ মাৰ্গ বা উপায়সমূহ কি কি? আলোচনা কৰা।
উত্তৰ ভাৰতীয় শাস্ত্র মতে জন্ম, মৃত্যু আৰু সংসাৰ চক্ৰৰ পৰা মোক্ষ বা নির্বাণ লাভৰ মার্গ (পথ) বা উপায় তিনিটা। যেনে কর্মযোগ, ভক্তিযোগ আৰু জ্ঞান যোগ। তলত এইবোৰৰ বিষয়ে চমুলৈ আলোচনা কৰা হ’ল।
(১) কর্মযোগঃ কর্মযোগত কোৱা হৈছে যে মানুহৰ জীৱনটো কর্মময়। কর্ম নোহোৱাকৈ মানুহ থাকিব নোৱাৰে বা জীবন ধাৰণ কৰিব নোৱাৰে। কিন্তু এই কাম আসক্তি শূন্য হ’ব লাগিব। কর্মফলত আসক্তি নাৰাখি স্বার্থ শূন্য হৈ সৎ কাম বা কর্তব্য কৰাই নিষ্কাম কর্ম। নিষ্কাম কর্মৰ যোগেদি আত্মশুদ্ধি হয় আৰু আত্ম উপলব্ধি হয়।
(২) ভক্তিযোগ: মোক্ষ লাভৰ আন এক মার্গ হ’ল ভক্তিযোগ। ভক্তিযোগ বুলিলে পৰম ঈশ্বৰৰ প্ৰতি শ্রদ্ধা, সেবা অর্থাৎ ভগবৎ প্রীতিৰ কথাকেই সুচাইছে। ঈশ্বৰৰ ওপৰত অবিচলিত বিশ্বাসৰ জৰিয়তে মোক্ষ লাভ কৰা সম্ভব বুলি ভাৰতীয় শাস্ত্ৰই কৈছে।
(৩) জ্ঞানযোগঃ পৰম সত্তাব সাক্ষাৎ দর্শনেই জ্ঞানযোগ। এই পথেৰে অগ্ৰসৰ হৈ সাধকে জীবাত্মা, পৰমাত্মা
আৰু জগত সম্পর্কে জ্ঞান লাভ কৰি নির্বাণ লাভ কৰিব পাৰে।
৭। বস্তুনিষ্ঠ বিজ্ঞান আৰু আদর্শনিষ্ঠ বিজ্ঞানৰ মাজত পাৰ্থক্য দেখুৱা।
উত্তৰ: বিজ্ঞানৰ দুটা প্রধান ভাগ হৈছে বস্তুনিষ্ঠ বিজ্ঞান আৰু আদর্শ নিষ্ঠ বিজ্ঞান। তলত দুয়োৰে মাজত থকা পার্থক্য দেখুৱা হ’ল।
যি বিজ্ঞানে কোনো বস্তুৰ প্রকৃতি স্বভাব, লক্ষণ আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে ইয়াৰ উৎপত্তি, বিকাশ আদিৰ বিষয়ে সুশৃঙ্খলভাবে আলোচনা কৰে তাকে ‘বস্তুনিষ্ঠ বিজ্ঞান’ বুলি কোৱা হয়। যেনেঃ পদার্থ বিজ্ঞান, জীব বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি। আনহাতে যি বিজ্ঞানে কোনো এটা আদর্শ বা মানদণ্ডক মাপকাঠী হিচাপে লৈ বিষয়-বস্তুৰ মূল্য নির্ধাণ কবে তাকে ‘আদর্শনিষ্ট বিজ্ঞান’ বোলে। বস্তুনিষ্ঠ বিজ্ঞানত আমাৰ বিচাৰ বুদ্ধি বিষয়বস্তুৰ অনুগত হয়। আনহাতে, আদর্শনিষ্ঠ বিজ্ঞানত আমাৰ বিচাৰ বুদ্ধি এটা নির্দিষ্ট আদর্শব অনুগত হৈ কাম কৰে।
৮। পুৰুষাৰ্থৰ অৰ্থ ব্যাখ্যা কৰা। প্রাচীন ভাৰতীয় দৰ্শনত স্বীকৃত মানৱ জীৱনৰ চাৰিটা পৰম মূল্য কি কি? H. S. ’18
উত্তৰ: ‘পুৰুষার্থ’ (মানব জীবনৰ পৰম মূল্য) হৈছে ভাৰতীয় নীতিশাস্ত্ৰৰ এক মৌলিক সিদ্ধান্ত। আধ্যাত্মিক পূর্ণতা লাভৰ বাবে থকা উপায়বোৰেই ভাৰতীয় নীতিশাস্ত্রত ‘পুৰুষার্থ’ বুলি কোৱা হৈছে। পুৰুষার্থই হৈছে মানব জীবনৰ পৰমশ্রেয়।
ভাৰতীয় শাস্ত্র মতে, পুৰুষাৰ্থ চাৰি প্ৰকাৰৰ। যেনে ধর্ম, অর্থ, কাম আৰু মোক্ষ।
৯। নৈতিক কর্ম আৰু অনৈতিক (নিনৈতিক) কৰ্মৰ মাজৰ পাৰ্থক্য লিখা। H. S. ’13
উত্তৰ : নৈতিক কর্ম আৰু অনৈতিক (নিনৈতিক) কৰ্মৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-
(ক) যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰা হয় অর্থাৎ যিবোৰ কৰ্মৰ ভাল-বেয়া, সৎ-অসৎ, উচিত-অনুচিত আদি বিচাৰ কৰা হয়, সেইবোৰক কৰ্মক নৈতিক কর্ম বোলে। আনহাতে যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি অৰ্থাৎ যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদি বিচাৰ কৰিব নোৱাৰি তাকে অনৈতিক ক্রিয়া বোলে।
(খ) নৈতিক কর্মত ইচ্ছাৰ স্বাধীনতা আছে। কিন্তু অনৈতিক কর্মত ইচ্ছাৰ স্বাধীনতা স্বীকাৰ কৰা নহয়।
(গ) নৈতিক কর্মত কর্তাৰ দায়বদ্ধতা থাকে। কিন্তু অনৈতিক কর্মত কৰ্তাৰ দায়বদ্ধতা নাথাকে।
(ঘ) পৰম শ্রেয় নৈতিক কর্মৰ লক্ষ্য। কিন্তু অনৈতিক কর্মৰ তেনে লক্ষ্য নাথাকে।
১০। উদ্দেশ্য মানে কি? উদ্দেশ্য আৰু অভিপ্ৰায়ৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। H. S. ’14
উত্তৰ: মানুহৰ অভাৱ দুৰ কৰিব পৰা বস্তু এটাক ঐচ্ছিক ক্ৰিয়াৰ লক্ষ্য বুলি কোৱা হয় আৰু বস্তুটো পোৱাৰ চিন্তা আৰু ধাৰণাক ঐচ্ছিক ক্ৰিয়াৰ উদ্দেশ্য বোলে। গৰমত কষ্ট পোৱা ব্যক্তি এজনৰ বাবে বৈদ্যুতিক ফেন এখন পোৱাৰ চিন্তা হৈছে উদ্দেশ্য।
ঐচ্ছিক ক্রিয়াৰ উদ্দেশ্য আৰু অভিপ্রায়ৰ মাজত পার্থক্য আছে, যেনে- (ক) উদ্দেশ্য হৈছে বাহ্যিক বস্তুৰ প্রতি থকা প্ৰৱণতা। আনহাতে অভিপ্রায় হৈছে মানসিক প্রবণতা।
(খ) উদ্দেশ্য হৈছে কর্মব চূড়ান্ত কাৰণ। আনহাতে অভিপ্রায় কৰ্মৰ নিমিত্ত কাৰণ।
(গ) উদ্দেশ্যত উপায়ৰ ধাৰণা জড়িত থাকে। কিন্তু অভিপ্রায়ত উপায়ৰ ধাৰণা জড়িত নাথাকে।
১১। কামনাৰ সংঘাত সম্পর্কে এটি চমু টোকা লিখা। H. S. ’17
উত্তৰ: অভাব দুৰ কৰিব পৰা বস্তুটোৰ ধাৰণা আৰু বস্তুটো পাবলৈ মনত সৃষ্টি হোৱা আকুলতাই হ’ল কামনা। একে সময়তে একাধিক কামনাৰ উদ্ভৱ হোৱাৰ সময়ত এক সংঘাতৰ সৃষ্টি হয় আৰু সেই সংঘাতত প্রয়োজনীয়টো নির্বাচন কৰি কৰ্মত প্রবৃত্ত হয়। এটা নির্দিষ্ট কামনাক নির্বাচন কৰাৰ পিছত তাক চৰিতার্থ কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু তাক কাৰ্যকৰী কৰাৰ বাবে মানুহে সংকল্প লয়। উদাহৰণস্বৰপে ক’ৰোণা ভাইৰাচত আক্রান্ত বোগী এজনক আমি ঘৰতে ৰাখি শুশ্রূষা কৰিমনে চিকিৎসালয়ত ৰাখি ঘৰৰ আনবোৰ সদস্যই সংক্রমিত হোৱাৰ পৰা ৰক্ষা পোৱাৰ চেষ্টা কৰিম- এয়া হৈছে এক কামনাৰ সংঘাত।
১২। অভ্যাসজনিত কর্ম মানে কি? এই প্রকাৰৰ ক্ৰিয়াক কিয় নৈতিক বিচাৰৰ বিষয়-বস্তু হিচাপে বিবেচনা কৰা হয়? H. S. ’12, ’15
উত্তৰ : ইচ্ছাৰ বশবর্তী হৈ কোনো কাম বাবে বাৰে কৰি থকাৰ ফলস্বৰূপে পিছলৈ স্বতঃস্ফূর্তভাবে কৰিবলৈ লোৱা সেই কামক অভ্যাসজনিত কর্ম বোলে।
অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি গণ্য কৰা হয় কাৰণ অভ্যাসজনিত ক্ৰিয়াৰ ভাল-বেয়া, উচিত-অনুচিত, শুদ্ধ-অশুদ্ধ আদিৰ বিচাৰ কৰা হয়। আন কথাত অভ্যাসজনিত কাম ইচ্ছালব্ধভাবে আৰম্ভ কৰা হয় আৰু ই এক ঐচ্ছিক ক্রিয়াৰ পৰিণতি হোৱা বাবে ইয়াক নৈতিক বিচাৰৰ বিষয়বস্তু হিচাপে বিবেচনা কৰা হয়।
১৩। সাধ্যৰ দ্বাৰা সাধনৰ সমৰ্থন কৰিব পাৰিনে? উপযুক্ত বাস্তব উদাহৰণৰ সহায়ত এটি যুক্তিপূর্ণ বিশ্লেষণ আগবঢ়োবা। H. S. ’16
উত্তৰ: কোনো কাম কৰাৰ উদ্দেশ্য ভাল হ’লেই যে কামটো ভাল বা শুদ্ধ হ’ব, সেয়া নিশ্চিতভাবে ক’ব নোৱাৰি। উদ্দেশ্য অসৎ হ’লে কামটো যে অসৎ হ’ব তাত কোনো সন্দেহ নাই। কিন্তু কেতিয়াবা উদ্দেশ্য সৎ হ’লেও কামটো ভাল বা শুদ্ধ বুলি বিবেচনা কৰিব নোৱাৰি যদিহে ইয়াৰ উপায় অসৎ বা অনুচিত হয়।
উদাৰহণস্বৰূপে বস্ত্রহীনক বস্তু দান কৰিবলৈ লোৱা উদ্দেশ্যটো ভাল। কিন্তু সেই বস্তু যদি চুৰ কৰি দান কৰা হয় তেন্তে ই অশুদ্ধ বা অসৎ হ’ব। সেয়ে উদ্দেশ্যৰ লগতে উপায়ো সৎ বা ভাল হ’ব লাগি। গতিকে সাধ্যৰ দ্বাৰা সাধনৰ সমৰ্থন কৰিব নোৱাবি।
ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ৬)
১। নীতিবিজ্ঞান কি? ইয়াৰ পৰিসৰ আলোচনা কৰা। H. S. ’16
নাইবা
নীতিশাস্ত্রত আলোচনা হোৱা চাৰিটা গুৰুত্বপূর্ণ বিষয় আলোচনা কৰা। H. S. ’19
উত্তৰ দৰ্শনৰ যিটো শাখাই মানুহৰ ঐচ্ছিক কর্মব ভাল-বেয়া, শুদ্ধ- অশুদ্ধ, উচিত-অনুচিত আদি দোষ-গুণবোৰ বিচাৰ কৰে তাকেই ‘নীতি বিজ্ঞান’ বোলে। ই মানুহৰ আচৰণ সম্পৰ্কীয় এক আদর্শনিষ্ঠ বিজ্ঞান। নীতিশাস্ত্র মানুহৰ সামাজিক আচাৰ-আচৰণৰ লগত জড়িত। সেয়ে ইয়াৰ পৰিসৰ বিশাল। তলত ইয়াৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা হ’ল:
(১) মানুহৰ আচৰণৰ নৈতিক বিচাৰ কৰাই নীতি শাস্ত্ৰৰ উদ্দেশ্য। আনহাতে মানুহৰ বাহ্যিক আচৰণৰ মাজেদি চৰিত্ৰ প্রকাশ পায়। গতিকে নীতিবিদ্যাই মানুহৰ চৰিত্ৰৰ স্বরূপ, উপাদান আৰু লক্ষণ সম্পর্কে আলোচনা আৰু অনুসন্ধান কৰে।
(২) মানুহৰ নৈতিক প্রত্যয়বোৰ যেনেঃ ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, মংগল-অমংগল, উচিত-অনুচিত আদি নীতিশাস্ত্রই আলোচনা কৰে।
(৩) পৰমশ্ৰেয় আৰু পৰম লক্ষ্য নীতিশাস্ত্ৰৰ পৰিধিৰ অন্তর্ভুক্ত। কাৰণ মানুহে জীবনত সুখ আৰু পূর্ণতা প্রাপ্তিৰ আকাংক্ষা কৰে। আৰু এই আকাংক্ষা নীতিশাস্ত্রই পূৰণ কৰে।
(৪) নৈতিক বিচাৰৰ স্বৰূপ বিচাৰ কৰোতে নীতিশাস্ত্রই কেইটিমান ধাৰণা মূলসূত্র হিচাপে গ্রহণ কৰে। এইবোৰ নৈতিক বিচাৰৰ স্বীকার্য বুলি বিবেচিত হয়। বিনা প্রমাণে সত্য বুলি গৃহীত হোৱা মৌলিক নীতিক স্বীকার্য বুলি কোৱা হয়। গতিকে নীতি শাস্ত্ৰত ইয়াৰ তিনিটা স্বীকার্য যেনে ব্যক্তিৰ ব্যক্তিত্ব, বিচাৰ শক্তি, আৰু ইচ্ছাৰ স্বাধীনতা আদিৰ বিষয়েও আলোচনা কৰা হয়।
(৫) নৈতিক বাধ্যতাবোধ নীতিশাস্ত্রৰ আন এক আলোচ্য বিষয়। নৈতিক বিচাৰৰ দ্বাৰা কোনো এটা কামৰ ভাল-বেয়া বুলি বিবেচিত হোৱাৰ লগে লগে ভাল কামটো কৰাৰ আৰু বেয়া কামটো পৰিহাৰ কৰাৰ ধাৰণা আমাৰ মনলৈ আহে আৰু ইয়াকেই নৈতিক বাধ্যতাবোধ বুলি কোৱা হয়। এই নৈতিক বাধ্যতাবোধৰ স্বৰূপ সম্পর্কেও নীতিশাস্ত্রই আলোচনা কৰে।
(৭) নীতিশাস্ত্রই সামাজিক পৰম্পৰা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি বিষয়ো ইয়াৰ পসিৰৰ ভিতৰত স্থান দিয়ে।
(৬) ভাল কামৰ বাবে পুৰস্কাৰ আৰু বেয়া কামৰ বাবে শাস্তি আদিৰ বিষয়েও নীতিশাস্ত্রই বিচাৰ কৰে।
(৮) নীতিশাস্ত্রই সামাজিক নৈতিক প্রত্যয়সমূহ যেনে ভাল-বেয়া, উচিত-অনুচিত, মংগল-অমংগল আদি ধাৰণাসমূহৰ অস্পষ্ট অর্থক সুস্পষ্ট কৰে।
মুঠতে নীতিশাস্ত্ৰৰ পৰিধি অতি বিশাল। ব্যক্তিত্বৰ পূর্ণতা প্রাপ্তিৰ বাবে প্রয়োজনীয় সকলোবোৰ দিশ ইয়াৰ পৰিসৰৰ অন্তর্গত।
২। বিজ্ঞান হিচাপে নীতিশাস্ত্ৰৰ স্বৰূপ বা প্রকৃতি আলোচনা কৰা। H. S. ’13, ’16
উত্তৰ দৰ্শনৰ যিটো শাখাই মানুহৰ ঐচ্ছিক কর্মব ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদি দোষ-গুণবোৰ বিচাৰ কৰে তাকেই নীতিবিজ্ঞান বোলে। ই মানুহৰ আচৰণ সম্পৰ্কীয় এক আদর্শনিষ্ঠ বিজ্ঞান।
নীতিশাস্ত্রৰ সংজ্ঞা বিশ্লেষণ কৰিলে দেখা যায় যে ই মানুহৰ আচৰণ সম্পৰ্কীয় আদর্শনিষ্ঠ বিজ্ঞান। বিজ্ঞানৰ অন্যান্য শাখাৰ দৰে নীতিশাস্ত্রবো নির্দিষ্ট বিষয়-বস্তু আছে। নীতি শাস্ত্রই ইয়াৰ বিষয়-বস্তু সম্পর্কে সুসংহত, সুনিশ্চিত, যথার্থ আৰু যুক্তিনিষ্ঠ জ্ঞান দিয়ে। প্রকৃতিৰ কোনো এটা নির্দিষ্ট বিষয়ৰ শৃঙ্খলাবদ্ধ যুক্তিনিষ্ট আৰু যথার্থ আলোচনাক যিহেতু বিজ্ঞান বুলি কোৱা হয় গতিকে নীতিশাস্ত্রও এক প্ৰকাৰৰ বিজ্ঞান। আকৌ বিজ্ঞান প্রধানকৈ দুটাই শ্রেণীত ভাগ কৰিব পাৰি, যেনে (১) বিষয়নিষ্ঠ বা ব্যক্তিনিষ্ঠ বিজ্ঞান আৰু (২) আদর্শনিষ্ঠ বিজ্ঞান। যি বিজ্ঞানে কোনো বস্তুৰ প্রকৃতি স্বভাব, লক্ষণ আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে ইয়াৰ উৎপত্তি, বিকাশ আদিৰ বিষয়ে সুশৃঙ্খলভাবে আলোচনা কৰে তাকে ‘বস্তুনিষ্ঠ বিজ্ঞান’ বুলি কোৱা হয়। যেনে পদার্থ বিজ্ঞান, জীব বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি।
আনহাতে যি বিজ্ঞানে কোনো এটা আদর্শ বা মানদণ্ডক মাপকাঠী হিচাপে লৈ বিষয়-বস্তুৰ মূল্য নির্ধাৰণ কবে তাকে আদর্শনিষ্ট বিজ্ঞান বোলে।
নীতিশাস্ত্র হৈছে এক আদর্শনিষ্ট বিজ্ঞান। ইয়াৰ আদর্শ হৈছে পৰম কল্যাণ। নীতিশাস্ত্রই পৰমশ্রেয়ক আদর্শব মাপকাঠী হিচাপে লৈ মানুহৰ আচৰণ আৰু ঐচ্ছিক ক্ৰিয়াৰ নৈতিক মূল্য নির্ধাৰণ কৰে। নীতিবিদ্যাই মানুহৰ আচৰণৰ আলোচনা কৰোতে বস্তুনিষ্ঠ বিজ্ঞানৰ দৰে সেইবোৰৰ স্বৰূপ, উৎপত্তি, বিকাশ আদিৰ বিষয়ে আলোচনা নকৰে। কিন্তু পৰম শ্রেয়ক লাভ কৰিবলৈ সেই আচৰণ কেনে হোৱা উচিত সেই বিষয়ে আলোচনা কৰে। ই নৈতিক নীতি-নিয়মৰ মাজদি জীৱন যাপন কৰি ইয়াৰ নির্দিষ্ট লক্ষ্য বা আদর্শত উপনীত হ’বলৈ মানুহৰ মনত অনুপ্ৰেৰণা যোগায়। গতিকে নীতিবিদ্যাৰ স্বৰূপ হৈছে ই আচৰণৰ আদর্শনিষ্ঠ বিজ্ঞান।
৩। নীতিশাস্ত্র ব্যবহাৰিক বা প্রায়োগিক বিজ্ঞান হয়নে আলোচনা কৰা। H. S. ’20
উত্তৰ ব্যৱহাৰিক বা প্রায়োগিক বিজ্ঞান হৈছে এনে এক বিজ্ঞান যি বিজ্ঞানে কোনো উদ্দেশ্য বা লক্ষ্যত সফলভাবে উপনীত হ’বলৈ কিছুমান নীতি-নিয়মৰ প্ৰবৰ্তন কৰে। উদাহৰণ স্বৰূপে চিকিৎসা বিজ্ঞানৰ কথাকে ক’ব পাৰি। চিকিৎসা বিজ্ঞানে মানুহৰ স্বাস্থ্যৰ আদর্শ সম্পর্কে আলোচনা নকৰে। ই ৰোগৰ পৰা মুক্ত হৈ সুস্বাস্থ্য লাভ কৰিবলৈ কি উপায় অবলম্বন কৰিব লাগে সেই বিষয়ে জ্ঞান দিয়ে। এই যুক্তিত নীতিশাস্ত্র এক ব্যৱহাৰিক বা প্রায়োগিক বিজ্ঞান হয়নে নহয় সেই সম্পর্কে নীতিশাস্ত্রবিদসকল একমত নহয়। তলত নীতিশাস্ত্র প্রায়োগিক বিজ্ঞান হয়নে নহয় সেই সম্পর্কে কেইজনমান পণ্ডিতৰ মতামত আলোচনা কৰা হ’ল।
অধ্যাপক মেকেঞ্জিৰ মতে নীতিবিদ্যা কেবল আদর্শনিষ্ঠ বিজ্ঞানহে। ই ব্যৱহাৰিক বিজ্ঞান নহয়। কাৰণ তেওঁ যুক্তি দর্শায় যে নীতি শাস্ত্রই নৈতিক জীৱনৰ আদৰ্শৰ স্বৰূপহে নির্ণয় কৰে, কিন্তু এই আদর্শত উপনীত হ’বলৈ কোনো নীতি-নিয়ম প্রবর্তন নকৰে। সেয়ে নীতিশাস্ত্র ব্যবহাৰিক বা প্রায়োগিক বিজ্ঞান নহয়।
আকৌ মুইৰহেড আৰু ছেথ নামৰ নীতিশাস্ত্রবিদসকলৰ মতে সকলো বিজ্ঞানতে তাত্ত্বিক আৰু ব্যৱহাৰিক উভয় দিশ আছে। তেওঁলোকৰ মতে, এই দুয়ো দিশৰ সমন্বয় কৰিহে মানুহে জ্ঞান বিজ্ঞানৰ অগ্রগতি সাধন কৰিব পাৰে। তত্ত্বৰ দিশৰ পৰা পোৱা জ্ঞান ব্যৱহাৰিক জীৱনত অনুশীলন নকৰিলে সেই জ্ঞান যথার্থ জ্ঞান হ’ব নোৱাৰে। সেয়ে ছেথৰ মতে নীতিশাস্ত্র তাত্ত্বিক আৰু ব্যৱহাৰিক বিজ্ঞান উভয়েই। নীতিশাস্ত্র প্রায়োগিক বিজ্ঞান হয়নে নহয় সেই সম্পর্কে পণ্ডিতসকলৰ মাজত মতভেদ থাকিলেও আমি সামৰিণত ক’ব পাৰো যে ব্যৱহাৰিক বিজ্ঞানৰ সংজ্ঞাৰ পৰিসৰৰ ভিতৰত নীতিশাস্ত্র নপৰে। কাৰণ নীতিশাস্ত্রই আদৰ্শৰ স্বৰূপহে নির্ণয় কৰে। ই পৰম কল্যাণ লাভৰ উপায় নির্ধাৰণ নকৰে। অর্থাৎ নৈতিক আদর্শবোৰ কিদৰে ব্যৱহাৰিক জীৱনত প্রয়োগ কৰিব লাগে তাৰ উপায় নীতিবিদ্যাই নিদিয়ে। সেয়ে ক’ব পাৰি বিজ্ঞান হিচাপে নীতিশাস্ত্র এক তত্ত্বনিষ্ঠ আদর্শ বিজ্ঞানহে, ই ব্যৱহাৰিক বিজ্ঞান নহয়।
৪। ঐচ্ছিক ক্রিয়াত থকা মানসিক স্তৰৰ অন্তৰ্গত বিভিন্ন স্তৰবোৰ আলোচনা কৰা। H. S. ’14, ’20
উত্তৰ: ঐচ্ছিক ক্রিয়া বুলিলে সেইবোৰ ক্ৰিয়াক বুজায় যিবোৰ কৰ্তাই সজাগ হৈ বুদ্ধি-বৃত্তি প্রয়োগৰ দ্বাৰা কোনো উদ্দেশ্য সম্পাদন কৰিবলৈ ইচ্ছাকৃতভাবে কবে। ঐচ্ছিক ক্রিয়া বিশ্লেষণ কৰিলে তিনিটা স্তৰ বা পর্যায় পোৱা যায়। যেনে মানসিক স্তৰ, দৈহিক বা শাৰীৰিক স্তৰ আৰু বাহ্য বা পৰিসমাপ্তিৰ স্তৰ। তলত ঐচ্ছিক ক্রিয়াৰ মানসিক জ্বৰত থকা বিভিন্ন স্তৰবোৰ আলোচনা কৰা হ’ল:
(ক) কৰ্মৰ উৎসঃ অভাববোধ হৈছে মানুহৰ মানসিক ক্ৰিয়াৰ উৎস। অভাবে মানুহৰ মনত অস্বস্তিকৰ আৰু দুখদায়ক অবস্থাৰ সৃষ্টি কৰে। এনে মানসিক অবস্থাৰ অন্ত পেলাবলৈ মানুহে কর্মত প্রবৃত্ত হয়।
(খ) লক্ষ্য বা উদ্দেশ্যঃ অভাব দূৰ কৰিব পৰা বস্তুটোৰ প্ৰতি লক্ষ্য আৰু চিন্তাকেই ঐচ্ছিক ক্রিয়াব উদ্দেশ্য বুলি কোৱা হয়।
(গ) কামনা: অভাৱ দূৰ কৰিব পৰা বস্তুটোৰ ধাৰণা আৰু বস্তুটো পাবলৈ মনত সৃষ্টি হোৱা আকুলতাই হ’ল কামনা।
(ঘ) কামনাৰ সংঘাত আৰু নির্বাচন: একে সময়তে একাধিক কামনাৰ উদ্ভৱ হোৱাৰ সময়ত এক সংঘাতৰ সৃষ্টি হয় আৰু সেই সংঘাতত প্রয়োজনীয়টো নির্বাচন কৰি কর্মত প্রবৃত্ত হয়।
(ঙ) সিদ্ধান্ত আৰু সংকল্প : এটা নির্দিষ্ট কামনাক নির্বাচন কৰাৰ পিছত তাক চৰিতাৰ্থ কৰিবলৈ সিদ্ধান্ত
লোবা হয় আৰু তাক কার্যকৰী কৰাৰ বাবে মানুহে সংকল্প লয়।
(চ) অভিপ্রায়: মানসিক ঔৰবোৰৰ ভিতৰত অভিপ্রায় আটাইতকৈ গুৰুত্বপূর্ণ, কাৰণ অভিপ্রায় কোনো কর্মৰ বাবে লক্ষ্য, উদ্দেশ্য, সাধন আৰু পৰিণামৰ সমন্বয়।
৫। অনৈতিক (নিনৈতিক, অনৈচ্ছিক) ক্রিয়া কি? অনৈতিক ক্ৰিয়াৰ বিষয়ে আলোচনা কৰা।
নাইবা
অনৈতিক কর্ম বুলিলে কি বুজা? যিকোনো পাঁচটা অনৈতিক কর্ম চমু ব্যাখ্যা আগবঢ়োৱা। H. S. ’15
উত্তৰ যিবোৰ কৰ্মত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি অর্থাৎ যি ক্ৰিয়াৰ শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদি বিচাৰ কৰিব নোৱাৰি তাকে অনৈতিক ক্রিয়া বোলে। এনে কামবোৰ কৰ্তাৰ অজ্ঞাতসাবে বা বুদ্ধি বৃত্তিৰ প্রয়োগ নকৰাকৈ বাহিৰৰ প্ৰভাৱৰ দ্বাৰা প্রভাবিত হৈ অনিচ্ছাকৃতভাবে কৰা হয়। এনে অনৈচ্ছিক ক্ৰিয়াবোৰৰ নৈতিক মূল্য বিচাৰ কৰাৰ প্ৰয়োজন নহয়। তলত উল্লেখ কৰা ক্রিয়াসমূহ অনৈতিক ক্রিয়াব ভিতৰত পৰে। যেনে-
(১) নির্জীব বা অচেতন বস্তুৰ দ্বাৰা সংঘটিত হোৱা কাম বা প্রাকৃতিক দুর্যোগৰ ফলত হোৱা ঘটনাবোৰ অনৈতিক বুলি ধৰা হয়। যেনে বানপানী, ধুমুহা বতাহ, ভূমিকম্প আদি।
(২) সৰু-সৰু ল’ৰা-ছোৱালী বা শিশুৰ স্বতঃস্ফূর্ত ক্রিয়াসমূহ নিনৈতিক। শিশুয়ে জানি-বুজি বা কেনো অভিপ্রায় লৈ কাম নকৰে।
(৩) ইতৰ প্ৰাণীৰ কৰ্ম বা আচৰণত নৈতিক গুণ আৰোপ কৰিব নোৱাৰি।
(৪) সহজাত প্রবৃতিৰ দ্বাৰা পৰিচালিত হোৱা কার্যক অনৈতিক বুলি ধৰা হয়।
(৫) প্রত্যাবর্তী ক্রিয়া নৈতিক ক্রিয়া নহয়। যিবোৰ ক্ৰিয়া কোনো উদ্দীপকৰ সান্নিধ্যত সংবেদনশীল ইন্দ্রিয়ৰ জৰিয়তে স্বয়ংক্রিয়ভাবে প্রতিক্রিয়াৰ সৃষ্টি হয় তাকে প্রত্যাবর্তী ক্রিয়া বোলে। যেনে তীব্র পোহৰত আপোনা-আপুনি চকু মুদ খায়।
(৬) বাধ্যবাধকতাৰ বশবর্তী হৈ কৰা ক্রিয়াকো অনৈচ্ছিক ক্রিয়া বুলি ধৰা হয় কাৰণ এনে ক্রিয়াত কর্তাব ইচ্ছা বা স্বাধীনাতা নাথাকে।
(৭) ভাবজ ক্রিয়া আন এবিধ অনৈতিক ক্রিয়া। এনে ক্রিয়াত মনত উদয় হোবা ভাব বা ধাৰণাই অজ্ঞাতসাবেই হঠাতে ক্রিয়াত পৰিণত হয়। যেনে ক্রিকেট খেল চাই থকা অৱস্থাত উইকেটে ছিক্স মৰা চাই কিছুসংখ্যক দর্শকৰ মনত স্বতঃস্ফূর্তভাবেই হর্ষধ্বনি উচ্চাৰিত হয়।
(৮) উন্মাদ বা বিকৃত মস্তিষ্কৰ লোকৰ ক্ৰিয়াক অনৈচ্ছিক বুলি ধৰা হয় কাৰণ এনে লোকৰ বিচাৰ ক্ষমতা নাথাকে।
৬। পুৰুষাৰ্থ বুলিলে কি বুজা? চাৰি পুৰুষৰ্থাৰ ব্যাখ্যা কৰা। H. S. ’16
উত্তৰ: পুৰুষাৰ্থ হৈছে ভাৰতীয় নীতিশাস্ত্রব এক মৌলিক সিদ্ধান্ত। আধ্যাত্মিক পূর্ণতা লাভৰ বাবে থকা উপায়বোৰেই ভাৰতীয় নীতিশাস্ত্রত ‘পুৰুষার্থ’ বুলি কোৱা হৈছে। পুৰুষার্থই হৈছে মানৱ জীৱনৰ পৰমশ্রেয়। ভাৰতীয় শাস্ত্র মতে, পুৰুষাৰ্থ চাৰি প্ৰকাৰৰ। যেনেঃ ধর্ম, অর্থ, কাম আৰু মোক্ষ। তলত এইবোৰৰ বিষয়ে সংক্ষেপে আলোচনা কৰা হ’ল।
(১) ধর্ম: ‘ধর্ম’ শব্দৰ বুৎপত্তিগত অর্থ হ’ল যিয়ে ধাৰণ কৰে। সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা ‘ধর্ম’ শব্দৰ উৎপত্তি হৈছে। অর্থাৎ যি গুণ বা শক্তিৰ দ্বাৰা ধাৰণ কৰা হয় সিয়েই ধর্ম। ধর্মই সমাজ বা প্রজাসাধাৰণক ঐক্যবদ্ধ কৰি ৰাখে। ধর্মক বিভিন্ন অর্থত ব্যৱহাৰ কৰিলেও প্রকৃততে ‘ধর্ম’ শব্দৰ দ্বাৰা আটাইবোৰ নৈতিক সদ গুণক বুজোবা হয়। ভাবতীয় শাস্ত্র মতে সমাজত বাস কৰা প্রত্যেক ব্যক্তিৰে স্ব স্ব ধর্ম আছে। ইন্দ্রিয়সমূহক সংযম কৰি নিজ নিজ কর্ম কৰাই মানব ধর্ম। গীতাত উল্লেখ কৰা মতে, স্বধৰ্মৰ অৰ্থ হ’ল নিজৰ কর্ম বা কর্তব্য। ভাৰতীয় নীতিশাস্ত্র মতে, স্ব ধর্ম পালন নকৰি আনৰ ধর্ম গ্রহণ কৰাটো অপৰাধ। সমাজৰ সংহতি আৰু সামুহিক কল্যাণৰ বাবে ভাৰতীয় শাস্ত্রই পুৰুষাৰ্থ হিচাপে ধর্মক অতি গুৰুত্ব দিছে। ধর্মই সামাজিক আচাৰ-আচৰণৰ প্রতি ব্যক্তি মনত সচেতনতাৰ উদ্রেক কৰে, কর্তব্যবোধ জগাই তোলে, ব্যক্তিক অপচিন্তাৰ পৰা দূৰত ৰাখে আৰু আধ্যাত্মিক পূর্ণতা আনে।
(২) অর্থঃ ভাবতীয় শাস্ত্র মতে পুৰুষাৰ্থৰ দ্বিতীয় স্থানত আছে অর্থ। অর্থই মানুহৰ মৌলিক আৰু প্রাথমিক প্রয়োজনসমূহ পূৰণ কৰে। অর্থাৎ অন্ন, বস্ত্র, বাসস্থান আদিৰ বাবে অৰ্থৰ প্রয়োজন। অর্থক অন্যান্য পুৰুষাৰ্থৰ উপায় হিচাপে ব্যৱহাৰ কৰা হয়। নিজৰ আৰু পৰিয়ালৰ প্রয়োজন পুৰণৰ উপৰিও গৃহস্থাশ্ৰমৰ কৰ্তব্য সুচাৰুৰপে পৰিচালিত কৰিবলৈ অৰ্থৰ প্রয়োজন হয়। কিন্তু ভাৰতীয় শাস্ত্রত অর্থক অকল দৈহিক সুখ ভোগৰ বস্তু হিচাপে ব্যৱহাৰ কৰিবলৈ বাধা আৰোপ কৰি ইয়াক পুৰুষার্থ সিদ্ধিৰ পথ সুগম কৰি তোলাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া হৈছে।
(৩) কাম: ভাবতীয় শাস্ত্রত কামক পুৰুষাৰ্থ লাভৰ তৃতীয় স্থানত ৰখা হৈছে। কাম হৈছে এক জৈৱিক প্রবৃত্তি যাৰ সহায়ত জীবৰ অস্তিত্ব অব্যাহত থাকে। কাম শব্দৰ পৰিভাষিক অর্থ হৈছে ইচ্ছা, যি সকলো ক্ৰিয়াৰ প্ৰেৰক শক্তি। এই কাম তিনি প্ৰকাৰৰ হ’ব পাৰে। যেনেঃ সাত্ত্বিক, বাজসিক আৰু তামসিক। যিবোৰ কাম ধর্মানুগত তাক ‘সাত্ত্বিক কাম’ বোলে। আনহতে বিষয়-বাসনা, ভোগ-বিলাস, ইন্দ্রিয় সম্ভোগৰ বাবে কৰা কামবোৰ হ’ল ‘বাজসিক কাম’। আকৌ যিবোৰ কামে মানুহৰ মনত আলস্য, নিদ্রা আদি উৎপন্ন কৰা সেইবোৰ কামক ‘তামসিক কাম’ বুলি কোৱা হৈছে। ভাৰতীয় শাস্ত্র মতে কাম সদায় ধৰ্মৰ অনুকূলে হ’ব লাগে। ধর্ম বিৰোধী কাম সকলোৰে বাবে অপকাৰী। কাম এক সাধনহে, সাধনা নহয়।
(৪) মোক্ষ: ভাবতীয় শাস্ত্র মতে মোক্ষই হৈছে পৰম পুৰুষাৰ্থ আৰু মানৱ জীবনৰ চৰম লক্ষ্য। জন্ম-মৃত্যু অর্থাৎ সংসাৰ চক্ৰৰ পৰা হাত সাৰিব পৰাটোৱেই ভাৰতীয় শাস্ত্রই মোক্ষ বা নির্বাণ বুলি কৈছে। মোক্ষ সম্পর্কে ভাৰতীয় শাস্ত্রই দুই ধৰণে মত পোষণ কৰিছে। যেনে বিদেহ মুক্তি আৰু জীবন মুক্তি। ন্যায় বৈষয়িক আৰু মীমাংসা দর্শনে মত পোষণ কৰে যে জীৱৰ মৌলিক সত্তা আত্মাই অকল স্বরূপ উপলব্ধি কৰিলেই নহ’ব, ই দেহৰ সম্পর্কও ত্যাগ কৰিব লাগিব। আনহাতে জৈন, বৌদ্ধ, সাংখ্য আৰু অদ্বৈতবেদান্তব মতে মুক্তিৰ বাবে দেহ ত্যাগ কৰাৰ আৰু সংসাৰ ত্যাগৰ প্রয়োজন নাই। মোক্ষৰ প্ৰকৃত অর্থ হৈছে আত্মাৰ স্বৰূপ উপলব্ধি কৰা আৰু ইয়াকেই ‘জীবন মুক্তি’ বুলি কোৱা হয়।