Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক চিঠি Class 12 Assamese Chapter 6 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
চিঠি Class 12 Assamese Chapter 6 Solutions
চিঠি – শীলভদ্র
লেখক পৰিচয়: শীলভদ্র (১৯২৪- ২০০৮) এজন সুপ্রসিদ্ধ অসমীয়া গল্পকাৰ আছিল। তেওঁৰ প্ৰকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী। ‘শীলভদ্র’ তেওঁৰ ছদ্ম নাম। তেওঁৰ জন্ম হয় ধুবুৰী জিলাৰ গৌৰীপুৰত। প্রৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ হৈ শীলভদ্রই কটন কলেজত বিজ্ঞানৰ শিক্ষা গ্রহণ কৰে। পৰৱৰ্তী সময়ত বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্রী লাভ কৰে। ১৯৪৬ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। ১৯৪৭ চনত তেওঁ কটন কলেজৰ গণিতৰ অধ্যাপক হিচাপে যোগদান কৰে। তাত দুবছৰ শিক্ষকতা কৰাৰ পিছত কিছুদিন ঠিকাদাৰ, সাংবাদিক আৰু চাহ বাগিছাৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে। ১৯৫৭ চনত তেওঁ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পৰাই ১৯৮২ চনত অৱসৰ গ্ৰহণ কৰে।
শীলভদ্রই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। ১৯৭১ চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায়। পৰৱৰ্তী সময়তো তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অর্জন কৰে। ১৯৭৫ চনত তেওঁৰ প্ৰথম গল্প সংকলন ‘বাস্তৱ’ প্রকাশ পায়। ইয়াৰ পাছত তেওঁ কুৰিখনৰো অধিক গল্প সংকলন প্রকাশ কৰে। তাৰে কেইখনমান হ’ল: সমুদ্রতীৰ, কোনো ক্ষোভ নাই, উত্তৰণ, আকৌ মধুপুৰ, মধুপুৰ বহু দূৰ, তর্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, দায়িত্ব আৰু অনান্য গল্প ইত্যাদি। শীলভদ্রই ‘বিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ‘রূপান্তৰ’ নামৰ দুখন গ্রন্থ অনুবাদ কৰিছিল। শীলভদ্ৰৰ ভাষা সহজ আৰু সৰল। তেওঁ বাস্তৱ জীৱনৰ সৰু সৰু ঘটনা একোটাক মূল বিষয় হিচাপে লৈ গল্প লিখাত সিদ্ধহস্ত আছিল। তেওঁৰ বহুত গল্পত অতীত সময়ৰ সজীৱ আৰু আবেগিক ৰোমন্থন আছে। সাহিত্য কৰ্মৰ স্বীকৃতি স্বৰূপে শীলভদ্রই কেইবাটাও বঁটা আৰু সম্মান লাভ কৰে। তাৰ ভিতৰত ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম সাহিত্য পৰিষদ বঁটা’ আৰু ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ‘ভাৰতীয় ভাষা পৰিষদৰ বঁটা’ লাভ কৰে। ১৯৯৪ চনত শীলভদ্রই ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে ‘সাহিত্য একাডেমি বঁটা’ লাভ কৰে। সাহিত্যক্ষেত্রলৈ শীলভদ্ৰৰ জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক ‘অসম উপত্যকা সাহিত্য বঁটা’ৰে সন্মানিত কৰা হয়।
কঠিন শব্দৰ অৰ্থ:
আনুসঙ্গিক: মূল বিষয়ৰ লগত গৌণভাবে জড়িত। পুৰুষানুক্রমে: এক পুৰুষৰ পৰা তাৰ পিছৰ পুৰুষলৈ চলি থকা। সংগতঃ খাপ খোৱা, উচিত,
যুক্তিযুক্ত। উদাসীনতা: অনুৰাগ নথকা স্বভাব। অনুকম্পা: সহানুভূতি, করুণা, দয়া। কঙাল: যাব একো নাই, নিঃস্ব, দুখীয়া, খাবলৈ নোপোৱা।
প্রতীক্ষা: অপেক্ষা। প্রত্যাশা: আশা, ভৰসা। স্বয়ংক্রিয়: আপোনা-আপুনি ক্রিয়া কৰা।
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)
১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে? H. S. ’24
উত্তৰ: ‘চিঠি’ গল্পটো শীলভদ্ৰৰ ‘চিঠি আৰু অন্যান্য গল্প’ সংকলনখনৰ পৰা লোৱা হৈছে।
২। ‘শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? H.S. ’18
উত্তৰ: শীলভদ্রই ‘মধুপুৰ বহু দূৰ’ গল্প সংকলনখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভকৰিছিল।
৩। কাৰ চিঠিৰ বাবে ভূদেব চৌধুৰীয়ে অপেক্ষা কৰিছিল?
উত্তৰ: ঘনিষ্ঠ বন্ধু প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেব চৌধুৰীয়ে অপেক্ষা কৰিছিল।
৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেব চৌধুৰীক কোনে দিছিল?
উত্তৰ: প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে ভূদের চৌধুৰীক প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো দিছিল।
৫। ভূদেব চৌধুৰী টিংকঙলৈ কিয় গৈছিল?
উত্তৰ: বাগানত থকা দিনকেইটাত মাজে মাজে গাওঁৰ ঘৰত থকা পত্নীৰ পৰা ভূদেব চৌধুৰীলৈ চিঠি আহিছিল। সেই চিঠিখন সোনকালে পাবলৈ তেওঁ টিংখণ্ডত থকা ডাকঘৰলৈ গৈছিল।
(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক: ২/ ৩)
১। ‘চিঠি’ গল্পটিত ভূদেব চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে?
উত্তৰ: ‘চিঠি’ গল্পটিত ভূদেব চৌধুৰীয়ে প্রথমতে বাগানত থকা কালছোৱাত গাওঁৰ ঘৰৰ পৰা মাজে মাজে পঠোৱা পত্নীৰ চিঠিৰ বাবে আৰু পিছত বন্ধু প্রশান্ত শৰ্মাৰ পৰা চিঠি পোৱাৰ বাবে অপেক্ষা কৰাৰ কথা আছে।
২। শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা। H.S. ’17, ’18
উত্তৰ: শীলভদ্ৰই তেওঁৰ সাহিত্য কীৰ্তিৰ স্বীকৃতি স্বৰূপে বহুত বঁটা-বাহন পাইছিল। তাৰে দুটা বঁটা হ’ল: ‘সাহিত্য একাডেমী বঁটা’ আৰু ‘অসম উপত্যকা সাহিত্য বঁটা’।
৩। ভূদের চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল? H.S. ’17
উত্তৰ: ভূদেব চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো ঘনিষ্ঠ বন্ধু আছিল। সিহঁত দুয়ো একেখন চহৰৰ দুই প্রান্তত থাকে। বহু দিন সিহঁতৰ মাজত কোনো যোগাযোগ নথকাত ভূদেব চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল।
৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যবান?
উত্তৰ: কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক। সাধাৰণতে বিখ্যাত লোকৰ জীৱনৰ বিষয়ে সাধাৰণ মানুহৰ কৌতূহল থাকে বাবে তেওঁৰ চিঠি মূল্যবান বুলি ভবা হয়।
৫। বর্তমান যুগত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল? H.S. ’20
উত্তৰ: বৰ্তমান যুগ হৈছে মোবাইল ফোন, ইন্টাৰনেট, টেলিফোন, কম্পিউটাৰ আদিৰ যুগ। এইবোৰ আধুনিক মাধ্যমৰ যোগেদি অতি দ্রুতভাবে যোগাযোগ সম্ভব হয় বাবে চিঠিৰ প্রাসঙ্গিকতা কমি গৈছে।
(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪। ৫)
১। শীলভদ্ৰৰ সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া।
উত্তৰ: শীলভদ্রই সাহিত্যিক জীৱন আৰম্ভকৰে উপন্যাস ৰচনাৰে। ১৯৭১ চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায়। পৰৱৰ্তী সময়তো তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অর্জন কৰে। ১৯৭৫ চনত তেওঁৰ প্রথম গল্প সংকলন ‘বাস্তব’ প্রকাশ পায়। ইয়াৰ পাছত তেওঁ কুৰিখনৰো অধিক গল্প সংকলন প্রকাশ কৰে। তাৰে কেইখনমান হ’ল: সমুদ্রতীৰ, কোনো ক্ষোভ নাই, উত্তৰণ, আকৌ মধুপুৰ, মধুপুৰ বহু দূৰ, তর্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ বং, দায়িত্ব আৰু অনান্য গল্প ইত্যাদি। শীলভদ্রই ‘ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ‘ৰূপান্তৰ’ নামৰ দুখন গ্রন্থ অনুবাদ কৰিছিল।
শীলভদ্ৰৰ ভাষা সহজ আৰু সৰল। তেওঁ বাস্তব জীৱনৰ সৰু সৰু ঘটনা একোটাক মূল বিষয় হিচাপে লৈ গল্প লিখাত সিদ্ধহস্ত আছিল। তেওঁৰ বহুত গল্পত অতীত সময়ৰ সজীৱ আৰু আবেগিক ৰোমন্থন আছে।
২। ‘চিঠি’ চুটিগল্পটিৰ কাহিনীভাগ তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰ: ভূদের চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো ঘনিষ্ঠ বন্ধু। সিহঁত দুয়ো একেখন চহৰতে থাকে যদিও সিহঁতৰ ঘৰ চহৰৰ দুই প্রান্তত। সেয়ে সিহঁতৰ দেখা সাক্ষাৎ খুব কম হয়। গাড়ীত যাত্ৰীৰ ভিৰ হোৱা বাবেও সিহঁতে পৰস্পৰে পৰস্পক দেখা কৰিবলৈ ভয় পায়। এদিন ভূদেব চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ চিঠি লিখে। তেওঁ ভাবে যে প্রশান্ত শর্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব। কিন্তু বহু দিন অপেক্ষা কৰিও প্রশান্ত শৰ্মাৰ পৰা কোনো উত্তৰ নাপালে। অৱশেষত ভূদেব চৌধুৰয়ে এদিনাখন প্রশান্ত শৰ্মাৰ ভতিজা ল’ৰা এজনৰ পৰা জানিবলৈ পায় যে প্রশান্ত শৰ্মাৰ মৃত্যু হৈছে। ভূদেব শৰ্মাই প্রশান্ত শৰ্মাৰ ঘৰলৈ যোৱাত পৰিয়ালৰ লোকসকলৰ পৰা জানিবলৈ পায় যে প্রশান্ত শর্মাই ভূদের চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু সকলোকে চিঠিখন দেখুৱাই ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। কথাটো গম পাই ভূদেব চৌধুৰীৰ শোক উথলি উঠিছে। তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাট চাই আছিল, সেই আনন্দখিনি যে বন্ধু প্রশান্ত শৰ্মাই লাভ কৰিলে সেয়া অনুভৱ কৰি তেওঁ আবেগিক হৈ পৰে। গল্পটিত অপ্রাপ্তিৰ মাজতো লুকাই থকা মধুৰতাৰ সুন্দৰ প্ৰকাশ ঘটিছে।
৩। ভূদেব শৰ্মাৰ চিঠিখনে প্রশান্ত শৰ্মাৰ ঘৰত কেনে প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল?
উত্তৰ: ভূদেব চৌধুৰীয়ে ঘনিষ্ট বন্ধু প্রশান্ত শৰ্মাৰ লগত যোগাযোগ ৰক্ষা কৰাৰ উদ্দেশ্যে এদিন এখন চিঠি লিখে যদিও বহু দিন চিঠিখনৰ কোনো উত্তৰ নাপাই হতাশ হৈ পৰে। অৱশেষত প্রশান্ত শৰ্মাৰ ভতিজাক ল’ৰা এজনৰ পৰা প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ জানিব পাৰি তালৈ গৈ তাত তেওঁৰ চিঠি পাই প্রশান্তৰ ঘৰত হোৱা প্রতিক্রিয়া জানিব পাৰে।
প্রশান্ত শর্মাই চিঠিখন পাই ইমানেই আনন্দিত হৈছিল যে তেওঁ সকলোকে চিঠিখন দেখুৱাইছিল। সকলোৰে লগত চিঠিখনৰ বিষয়ে আৰু তাৰ প্ৰেৰক ভূদেব চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। চিঠিখনৰ এক উত্তৰ পঠাব বুলিও তেওঁ ভতিজাকৰ দ্বাৰা লেফাফা এটিও যোগাৰ কৰিছিল। কিন্তু তেওঁ চিঠিখনৰ উত্তৰ লিখিবলৈ লোৱাৰ আগতেই মৃত্যু মুখত পৰিল।
৪। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰ: আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি ‘চিঠি’ নামৰ গল্পটিত সুন্দৰকৈ প্রকাশ পাইছে। প্রথমতে আমি দেখা পাওঁ যে ভূদেব চৌধুৰীয়ে বাগানত থকা কালছোৱাত পত্নীৰ পৰা চিঠি পাবলৈ অধীৰ হৈ অপেক্ষা কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁ চিঠি আহিব লগা দিনত সন্ধিয়ালৈ ধৈর্য ধৰি থাকিব নোৱাৰি নিজেই চাৰি মাইল দূৰত থকা টিংখঙলৈ আগবাঢ়ি গৈছিল। দ্বিতীয়তে আমি দেখা পাওঁ যে ভূদেব চৌধুৰীয়ে ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মালৈ পঠোৱা চিঠিৰ উত্তৰ পোৱাৰ বাবে অধীৰ হৈ অপেক্ষা কৰি থাকে। ক’ৰবালৈ গ’লেও ঘৰলৈ আহিয়েই পত্নীক চিঠ-পত্র আহিছেনে নে নাই সেয়া সুধে। তৃতীয়তে, প্রশান্ত শর্মাই ভূদের চৌধুৰীৰ পৰা চিঠিখন পাই এক মধুৰ আনন্দ লাভ কৰিছে। তেওঁ চিঠিখন সকলোকে দেখুৱাইছে। সকলোৰে লগত ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছে। আনকি চিঠিখনৰ এক উত্তৰ লিখিবলৈ তেওঁ লেফাফা এটিও যোগাৰ কৰিছে। এনেদৰে আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতখিনি ‘চিঠি’ নামৰ গল্পটিত সুন্দৰকৈ প্রকাশ পাইছে।
৫। ‘চিঠি’ গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।H.S. ’18, ’20
উত্তৰ: ‘চিঠি’ গল্পটোৰ নামকৰণ ইয়াৰ বিষয়-বস্তু আৰু কেন্দ্রীয় ভাবৰ লগত সংগতিপূর্ণ। গল্পটিৰ প্রধান চৰিত্ৰ দুটি ভূদেব চৌধুৰী আৰু প্রশান্ত শর্মা চিঠিক লৈয়ে ব্যক্ত হোৱা বুলি অংকিত হৈছে। গল্পটিত প্রখ্যাত সাহিত্যিক ৰবীন্দ্রনাথে লিখা চিঠিৰ প্ৰসংগও আছে। ভূদেৱ শৰ্মাই ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ ভাবে অপেক্ষা কৰাৰ কথাও গল্পটিত বর্ণিত হৈছে। আনহাতে ভূদেব চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ প্রেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা অৱস্থাত প্রশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেব চৌধুৰীৰ আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱা ভূদেব চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকেই দোহাৰিছে।
এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ বিষয়-বস্তু আৰু কেন্দ্রীয় ভাব চিঠিক লৈয়ে আৰম্ভহৈছে আৰু চিঠিৰ প্ৰসংগ লৈয়ে অন্ত হৈছে। সেয়ে ‘চিঠি’ গল্পটিৰ নামকৰণ সার্থক হৈছে বুলি ক’ব পাৰি।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) শীলভদ্ৰৰ জন্ম ক’ত হৈছিল? H.S. ’17
উত্তৰ ধুবুৰী জিলাৰ গৌৰীপুৰত।
(খ) শীলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনখনৰ নাম কি? H.S. ’18
উত্তৰ: মধুপুৰ আৰু তৰঙ্গিনী।
(গ) শীলভদ্ৰৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ: ৰেৱতীমোহন দত্ত চৌধুৰী।
(ঙ) ‘মিনতি’ৰ অৰ্থ কি?
উত্তৰঃ প্রার্থনা
(ছ) শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা। H.S. ’18
উত্তৰঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ’ল : ‘অসম প্রকাশন পৰিষদ বঁটা’ আৰু ‘ভাৰতীয় ভাষা পৰিষদ বঁটা’।
(জ) শীলভই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা।
উত্তৰ: ‘মধুপুৰ আৰু তৰংগিনী’
(ঝ) ‘মধুপুৰ বহু দূৰ’ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ: শীলভদ্র।
(ছ) শীলভদ্ৰৰ প্ৰথম গল্প সংকলনটিৰ নাম কি? H.S. ’20
উত্তৰ: বাস্তৱ।
(জ) বাগানত কৰ্মৰত অৱস্থাত ভূদেব চৌধুৰীয়ে কাৰ চিঠিৰ বাবে ব্যাকুল ভাবে প্রতীক্ষা কৰিছিল। H.S. ’19
উত্তৰ: বাগানত কৰ্মৰত অৱস্থাত ভূদেব চৌধুৰীয়ে পত্নীৰ চিঠিৰ বাবে অপেক্ষা কৰিছিল।
(ঝ) শীলভদ্রই কোনখন উপন্যাসৰ বাবে কোন চনত ‘অসম প্রকাশন পৰিষদ বঁটা’ লাভ কৰিছিল? H.S. ’19
উত্তৰ: শীলভদ্রই ‘অনুসন্ধান’ উপন্যাসৰ বাবে অসম প্রকাশন পৰিষদ বঁটা লাভ কৰিছিল।
(ঞ) চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা। H.S. ’19
উত্তৰ: চুটিগল্পৰ কেইবাটাও বৈশিষ্ট্য আছে। তাৰে দুটা বৈশিষ্ট্য হ’ল (ক) চুটিগল্প জীৱনৰ কোনো এক মূহুৰ্তৰ ঘটনাৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হয়।
(ঠ) টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম কি? H.S. ’19
উত্তৰ: টিংখঙৰ পৰা বাগানৰ ডাক অনা বনুৱাজনৰ নাম আছিল ফাণ্ড।