Class 12 Sociology Chapter 9 গ্রাম্য সমাজত পৰিৱৰ্তন আৰু উন্নয়ন
দ্বিতীয় খণ্ড
ভাৰতত সামাজিক পৰিৱৰ্তন আৰু বিকাশ
অধ্যায়-৩
গ্রাম্য সমাজত পৰিৱৰ্তন আৰু উন্নয়ন (Change and Development in Rural Society)
পাঠভিত্তিক প্রশ্নোত্তৰ
১। ছাত্র-ছাত্রীসকল, তোমালোকে তলত দিয়া কথাখিনি পঢ়া আৰু তাৰ পৰাই তলত উল্লেখ কৰা প্ৰশ্ন দুটিৰ উত্তৰ লিখা।
“আঘানবিঘা (Aghanbigha) নামৰ ঠাইত শ্রমিকসকলে কাম বা শ্রম কৰাৰ এক বিষম বা অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই অনাকাংক্ষিত বা বিষম পৰিস্থিতিটো সৃষ্টিৰ মূলতে আছিল মালিক শ্রেণীয়ে পোৱা অর্থনৈতিক ক্ষমতা (Economic power) আৰু এটা প্রতিপত্তিশীল জাতিৰ সদস্য হিচাপে পোৱা অধিক ক্ষমতা। এই প্রতিপত্তিশীল জাতিৰ মালিক শ্ৰেণীটোৰে এনেধৰণে পোৱা ক্ষমতাক শ্ৰমিকসকলৰ বিভিন্ন দিশৰ ওপৰত অনাকাংক্ষিতভাবে প্রয়োগ কৰাৰ ফলত শ্ৰমিকসকলৰ বাবে এক অনাকাংক্ষিত বা বিষম পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই মালিক শ্রেণীয়ে পোৱা সামাজিক ক্ষমতাৰ এক উল্লেখনীয় দিশ হ’ল এই যে, সেই সময়ৰ ৰাজ্যৰ প্ৰতিৰক্ষাৰ সশস্ত্ৰ শক্তি (arms) কো তেওঁলোকৰ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰিছিল। এনেধৰণৰ কাৰকৰ ফলতেই শ্রমিক আৰু প্রতিপত্তিশীল শ্ৰেণীৰ মাজৰ ব্যৱধান ক্রমশঃ বাঢ়ি গৈছিল।”
(ক) মালিকসকলে তেওঁলোকৰ স্বাৰ্থৰ বাবে ৰাষ্ট্ৰৰ সশস্ত্র শত্তিকো ব্যৱহাৰ কৰাৰ কাৰণ তোমালোকে কি বুলি ভাবা?
উত্তৰঃ আঘানবিঘা অঞ্চলত মালিক শ্রেণীয়ে অর্থনৈতিক ক্ষমতা আৰু জাতিগত প্রতিপত্তিৰ জৰিয়তে এক প্রভাবশালী স্থান অধিকাৰ কৰিছিল। তেওঁলোক ভূমিৰ মালিক আছিল আৰু স্থানীয় সমাজ-প্রশাসনত প্ৰভাৱ বিস্তাৰ কৰিছিল।
মালিকসকলে ৰাষ্ট্ৰৰ সশস্ত্র শক্তি নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰিছিল, কাৰণ-
প্রথমতে, তেওঁলোক স্থানীয় ৰাজনীতি আৰু প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰখা প্রতিপত্তিশালী শ্রেণী আছিল।
দ্বিতীয়তে, অর্থনৈতিক ক্ষমতাৰ বাবে তেওঁলোকৰ কণ্ঠস্বৰ প্ৰশাসনিক ব্যৱস্থাত অধিক গুৰুত্ব পাইছিল।
তৃতীয়তে, জাতিগত আধিপত্যই তেওঁলোকক সামাজিক স্বীকৃতি আৰু বৈধতা প্রদান কৰিছিল।
ফলস্বৰূপে, শ্রমিকসকলৰ দাবী দমন কৰিবলৈ আৰক্ষী বা সশস্ত্র শক্তিক ব্যৱহাৰ কৰা সম্ভৱ হৈছিল। এই ঘটনাই দেখুৱায় যে ৰাষ্ট্ৰীয় ক্ষমতা বহু সময়ত শক্তিশালী শ্ৰেণীৰ পক্ষলৈ যায়।
(খ) শ্রমিকসকলে শ্রম বা কাম কৰা ক্ষেত্ৰত এক বিষম বা অনাকাংক্ষিত পৰিস্থিতিৰ কিয় সৃষ্টি হৈছিল?
উত্তৰঃ শ্রমিকসকল ভূমিহীন আৰু আর্থিকভারে দুর্বল আছিল। তেওঁলোকৰ জীৱিকা সম্পূৰ্ণৰূপে মালিকৰ ওপৰত নিৰ্ভৰশীল আছিল।
বিষম পৰিস্থিতি সৃষ্টিৰ কাৰণসমূহ-
নিম্ন মজুৰি আৰু অনিৰাপদ কর্মপৰিৱেশ।
সামাজিক আৰু জাতিগত বৈষম্য।
ৰাষ্ট্ৰীয় সুৰক্ষাৰ অভাৱ।
মালিক শ্ৰেণীৰ অর্থনৈতিক আৰু ৰাজনৈতিক আধিপত্য।
এই সকলো কাৰকৰ ফলত শ্রমিক আৰু মালিকৰ মাজত ক্ষমতাৰ অসমতা বৃদ্ধি পাইছিল আৰু শ্রমক্ষেত্রত শোষণমূলক পৰিস্থিতি সৃষ্টি হৈছিল।
২। ভূমিহীন কৃষি শ্রমিক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ অধিকাৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে কি কি ব্যৱস্থা গ্রহণ কৰিছে বুলি তুমি ভাবা?
উত্তৰঃ ভাৰত চৰকাৰে বিভিন্ন আইন আৰু কল্যাণমূলক আঁচনি গ্রহণ কৰিছে।
ন্যূনতম মজুৰি আইন শ্রমিকক নির্দিষ্ট ন্যূনতম মজুৰি নিশ্চিত কৰা।
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্রাম্য ৰোজগাৰ নিশ্চয়তা আইন (MGNREGA) বছৰত ১০০ দিনৰ কৰ্মসংস্থান নিশ্চিত কৰা। – গ্রাম্য অঞ্চলত
আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্রমিক আইন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সুৰক্ষা।
সামাজিক সুৰক্ষা আঁচনি জীৱন বীমা, পেঞ্চন, স্বাস্থ্যবীমা।
ভূমি সংস্কাৰ নীতি- ভূমিহীনক ভূমি প্রদানৰ চেষ্টা।
এই ব্যৱস্থাসমূহে শ্রমিকৰ অধিকাৰ সুৰক্ষা কৰাৰ চেষ্টা কৰে যদিও বাস্তৱায়নত সমস্যা হয়।
৩। কৃষি শ্রমিকসকলৰ পৰিস্থিতি বা অৱস্থা আৰু তেওঁলোকৰ ঊর্ধ্বমুখী আর্থ-সামাজিক গতিশীলতাৰ অভাৱৰ মাজত প্রত্যক্ষ সম্পর্ক আছে। এই বিষয়ে লিখা।
উত্তৰঃ কৃষি শ্রমিকসকল সাধাৰণতে ভূমিহীন, নিম্ন মজুৰিভোগী আৰু সামাজিকভারে পিছপৰা। শিক্ষা, সম্পদ আৰু দক্ষতাৰ অভাৱৰ বাবে তেওঁলোকে বিকল্প কর্মসংস্থাপন লাভকৰিব নোৱাৰে।
ঊর্ধ্বমুখী গতিশীলতা মানে উচ্চ আর্থ-সামাজিক স্তৰলৈ অগ্ৰসৰ হোৱা। কিন্তু-
ভূমিৰ মালিকানা নাই।
শিক্ষাৰ অভাৱ।
ঋণগ্রস্ততা।
জাতিগত বৈষম্য।
এইবোৰে তেওঁলোকক নিম্ন স্তৰতেই আবদ্ধ কৰি ৰাখে। সেয়ে তেওঁলোকৰ দৰিদ্ৰ অৱস্থা আৰু সামাজিক গতিশীলতাৰ অভাৱৰ মাজত স্পষ্ট সম্পর্ক আছে।
৪। কি কি প্রধান কাৰকে কিছুসংখ্যক লোকক নতুন সম্পদশালী, উদ্যোগী বা প্রতিপত্তিশীল শ্ৰেণীলৈ পৰিৱৰ্তিত হোৱাত সহায় কৰে? উদাহৰণ দাঙি ধৰা।
উত্তৰঃ নতুন সম্পদশালী শ্ৰেণীৰ উত্থানৰ কাৰকসমূহ-
সেউজ বিপ্লব- উন্নত বীজ, সাৰ, জলসিঞ্চন ব্যৱস্থা।
বজাৰ অৰ্থনীতি আৰু বাণিজ্যিক কৃষি।
শিক্ষা আৰু প্রযুক্তি।
ৰাজনৈতিক অংশগ্রহণ।
উদাহৰণস্বৰূপে, পঞ্জাৱ আৰু হাৰিয়ানাত সমৃদ্ধ কৃষক শ্রেণী গঢ় লৈ উঠিছে। কিছুমান পিছপৰা জাতিৰ লোকেও শিক্ষা আৰু ৰাজনৈতিক সংগঠনৰ জৰিয়তে প্রতিপত্তিশীল শ্রেণীলৈ উত্তৰণ কৰিছে।
৫। হিন্দী আৰু আঞ্চলিক ভাষাৰ বোলছবিবোৰৰ বেছিভাগেই গ্রাম্য জীবনক লৈ নির্মাণ কৰা। তোমালোকে এনে এখন বোলছবিৰ কথা ভাবা- যিখন ভাৰতৰ গ্ৰাম্য জীবন বা গ্রাম্য সমাজক লৈ নিৰ্মাণ কৰা হৈছে আৰু গ্রাম্য কৃষি সমাজ-সংস্কৃতিক সেই বোলছবিত উপস্থাপন কৰা হৈছে। তোমালোকে মূল্যাংকন কৰাৰ প্ৰয়াস কৰা যে কেনেকৈ এই সমাজৰ বাস্তৱতা তাত দেখুওৱা হৈছে?
এনেধৰণৰ গ্ৰাম্য সমাজৰ ওপৰত সদ্যহতে মুক্তিপ্রাপ্ত কোনো বোলছবি তুমি চাইছানে? যদি নাই চোৱা, কিয় চাব পৰা নাই ব্যাখ্যা কৰা।
উত্তৰঃ ভাৰতত গ্রাম্য জীৱনক লৈ বহুতো বোলছবি নির্মিত হৈছে। সেইবোৰৰ ভিতৰত উদাহৰণস্বৰূপে ‘Lagaan’ বোলছবিখনে ভাৰতৰ ঔপনিৱেশিক যুগৰ গ্ৰাম্য জীৱনৰ চিত্ৰ অংকন কৰিছে। ইয়াত কৃষকসকলৰ দৰিদ্ৰ অৱস্থা, ভূমি কৰ, ঔপনিবেশিক শোষণ দেখুওৱা হৈছে।
এই বোলছবিখনে সামাজিক সংহতি, কৃষি নিৰ্ভৰ অৰ্থনীতি আৰু ঔপনিৱেশিক অত্যাচাৰ বাস্তবসম্মতভাবে উপস্থাপন কৰিছে যদিও নাটকীয় উপাদানৰ বাবে কিছু অতিশয়োক্তিও আছে।
এনেদৰে বোলছবিয়ে গ্রাম্য সমাজৰ সমস্যা আৰু শোষণৰ ছবি জনসাধাৰণৰ আগত তুলি ধৰিছে।
সদ্য, মুক্তিপ্রাপ্ত কোনো গ্রাম্য সমাজৰ ওপৰত নির্মিত বোলছবি মই চাব পৰা নাই, কাৰণ-পৰীক্ষাৰ বতৰ চলি থকা বাবে পাঠ্যপুথি অধ্যয়নত চাপ বৃদ্ধি পাইছে।
৬। তোমালোকে বাস কৰা ঠাইৰ ওচৰে-পাঁজৰে এনে কোনো ঠাইৰ ইটা-ভাটা বা এনে কোনো কাম দেখিছানে- য’ত কিছুমান প্ৰব্ৰজনকাৰী বনুৱাই কাম কৰে? এতিয়া, এই শ্রমিকসকল ক’ৰ পৰা আহিছে আৰু তেওঁলোকৰ নিজা গাঁৱৰ পৰা কেনেকৈ আনি এই কামবোৰত তেওঁলোকক নিয়োগ কৰা হ’ল সেই বিষয়ে গম লোৱা। লগতে নিজা ঠাইত তেওঁলোকৰ জীৱনশৈলী কেনেকুৱা আছিল আৰু এই কর্মথলীলৈ কিয় প্রব্রজন কৰিবলগীয়া হ’ল জানিবলৈ চেষ্টা কৰা।
উত্তৰঃ ইটা-ভাটা, নির্মাণক্ষেত্র আদিত প্রব্ৰজনকাৰী শ্রমিক কাম কৰে। তেওঁলোক সাধাৰণতে বিহাৰ, ঝাৰখণ্ড, ওড়িশা বা উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলৰ পৰা আহে।
নিজ গাঁৱত কৰ্মসংস্থাপনৰ অভাৱ, দৰিদ্ৰতা আৰু ঋণগ্রস্ততাৰ বাবে তেওঁলোক প্রব্রজন কৰে। তেওঁলোকক দালাল বা ঠিকাদাৰৰ জৰিয়তে নিয়োগ কৰা হয়। নতুন ঠাইত তেওঁলোকে নিম্ন মজুৰি আৰু অনিৰাপদ জীৱন যাপন কৰে।
৭। তোমালোকৰ স্থানীয় ফল-মূল বিক্রেতা এজনক এবাৰ লগ ধৰা আৰু সোধা যে-তেওঁলোকে কি কি ফল-মূলৰ ব্যৱসায় কৰে তথা এই ফল-মূলবোৰ কোন ঠাইৰ পৰা অনা হৈছে আৰু এইবোৰৰ মূল্য কেনে ধৰণৰ?
এতিয়া তোমালোকে জানিবলৈ যত্ন কৰা যে ভাৰতৰ বাহিৰৰ পৰা ফল-মূল (যেনে-অষ্ট্ৰেলিয়াৰ পৰা অহা আপেল) আমদানি কৰাৰ পৰিণামত দেশত স্থানীয়ভাবে উৎপাদিত ফল-মূলবোৰৰ বিক্ৰী মূল্যৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন হৈছে নেকি? লগতে জানিবলৈ চেষ্টা কৰা যে- এনে কোনো আমদানি কৰা ফল-মূল আছেনে, যিবোৰৰ মূল্য ভাৰতত উৎপন্ন হোৱা ফল-মূলতকৈ কম।।
উত্তৰঃ অস্ট্রেলিয়া বা আন দেশৰ পৰা আমদানি কৰা আপেল আদিৰ ফলত স্থানীয় উৎপাদকৰ ওপৰত প্ৰভাৱ পৰিছে।
যদি আমদানিকৃত ফল সস্তা হয়, তেন্তে স্থানীয় ফলৰ মূল্য হ্রাস পায়। আনহাতে, উন্নত মানৰ ফল অধিক মূল্যত বিক্রী হয়।
ইয়াত বিশ্বায়নৰ প্ৰভাৱ স্পষ্ট দেখা যায়।
৮। তোমালোকে ভাৰতবৰ্ষৰ গ্ৰাম্য অঞ্চলবোৰৰ পৰিৱেশৰ ওপৰত তথ্য সংগ্ৰহ কৰি এখন প্রতিবেদন প্রস্তুত কৰা। লগতে এই প্রতিবেদন প্রস্তুত কৰোঁতে তলৰ দিশ বা বিষয়কেইটা সাঁঙুৰি ল’বা।
ক) গ্রাম্য অঞ্চলৰ ৰাইজে কৃষি পথাৰত ব্যৱহাৰ কৰা কীটনাশক দ্রব্য, ৰাসায়নিক সাৰৰ ব্যৱহাৰ।
খ) জলপৃষ্ঠৰ হ্রাস।
গ) সাগৰৰ কাষৰীয়া ঠাইত ব্যৱসায়িক ভিত্তিত মিছা মাছ পোহাৰ ফলত পৰিৱেশৰ ওপৰত পৰা প্রভাব।
ঘ) কৃত্রিমভাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা ঠাইবোৰত বৃহৎ পৰিমাণৰ পানী জমা হৈ পৰা আৰু সেই ঠাইবোৰত মাটি লবণযুক্ত বা লোণযুক্ত হৈ পৰা।
(ঙ) জৈৱ-বৈচিত্র্যৰ বিপৰ্যয় ইত্যাদি।
উত্তৰঃ ভাৰতবৰ্ষৰ গ্ৰাম্য অঞ্চলসমূহৰ পৰিৱেশৰ ওপৰত প্ৰতিবেদন ভাৰতবৰ্ষ মূলতঃ কৃষিনিৰ্ভৰ দেশ, আৰু ইয়াৰ বৃহৎ অংশ জনসংখ্যাই গ্রাম্য অঞ্চলত বাস কৰে। গ্রাম্য পৰিৱেশে দেশৰ খাদ্য সুৰক্ষা, জীৱিকা, আৰু সামগ্রিক আর্থ-সামাজিক বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। কিন্তু আধুনিক কৃষি পদ্ধতি, অযত্নশীল সম্পদ ব্যৱহাৰ, আৰু বাণিজ্যিক কর্মকাণ্ডৰ ফলত গ্রাম্য পৰিৱেশ বহু ক্ষেত্ৰত ক্ষতিগ্রস্ত হৈ আছে। তলত উল্লেখ কৰা বিষয়সমূহৰ ভিত্তিত গ্রাম্য পৰিৱেশৰ অৱস্থা বিশ্লেষণ কৰা হ’ল।
ক) কৃষি পথাৰত কীটনাশক আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ:
গ্রাম্য অঞ্চলৰ কৃষকে অধিক উৎপাদনৰ আশাত অধিক পৰিমাণে কীটনাশক দ্রব্য আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। এই দ্রব্যসমূহে তৎকালীনভাৱে শস্যৰ উৎপাদন বৃদ্ধি কৰিলেও মাটিৰ স্বাভাৱিক উৰ্বৰতা ধ্বংস কৰে। মাটিৰ জৈৱ-পদার্থ কমি যায় আৰু উপকাৰী অণুজীৱসমূহ নষ্ট হয়। লগতে বৰষুণৰ পানীৰ সৈতে এই ৰাসায়নিক দ্রব্য নদী-নদী, পুখুৰী আদি জলাশয়ত প্ৰৱেশ কৰি পানী দূষিত কৰে। ফলত মাছ, বেং, আৰু অন্যান্য জলজ জীৱৰ ওপৰত নেতিবাচক প্রভাৱ পৰে। এই দূষিত খাদ্য শৃংখলৰ মাধ্যমে মানুহৰ স্বাস্থ্যতো কুপ্রভাৱ পেলায়।
খ) জলপৃষ্ঠৰ হ্ৰাসঃ
অতিমাত্রাত টিউবেল আৰু গভীৰ নলকূপ ব্যৱহাৰ কৰি ভূগর্ভস্থ পানী তোলা হৈছে। কৃষি, গৃহস্থলী, আৰু সৰু উদ্যোগসমূহৰ বাবে পানীৰ অধিক চাহিদাই জলপৃষ্ঠৰ স্তৰ ক্ৰমে হ্রাস কৰিছে। বহু ঠাইত আগতে য’ত ২০-৩০ ফুটত পানী পোৱা গৈছিল, এতিয়া ১০০ ফুট বা তাৰো অধিক গভীৰতাত পানী বিচাৰিব লাগে। ইয়াৰ ফলত ভৱিষ্যৎ প্রজন্মৰ বাবে পানীৰ সুৰক্ষা সংকটত পৰিছে।
গ) সাগৰৰ কাষৰীয়া ঠাইত ব্যৱসায়িক ভিত্তিত মিছা মাছ পোহা
সাগৰৰ কাষৰীয়া অঞ্চলত চিংড়ী বা অন্যান্য মাছ ব্যৱসায়িকভাৱে পোহাৰ বাবে বিস্তৃত এলেকা কৃত্রিম পুখুৰীত ৰূপান্তৰ কৰা হৈছে। এই ব্যৱস্থাত লৱণযুক্ত পানী ব্যৱহাৰ কৰা হয়, যাৰ ফলত ওচৰে-পাঁজৰে থকা কৃষিভূমি আৰু পানীৰ উৎস লৱণাক্ত হৈ পৰে। মাটি কৃষিযোগ্যতা হেৰুৱায় আৰু স্থানীয় উদ্ভিদ-প্ৰাণীৰ জীৱনচক্র বিঘ্নিত হয়। লগতে মেংগ্রোভ বনাঞ্চল ধ্বংস হোৱাৰ ফলত উপকূলীয় অঞ্চলত প্রাকৃতিক দুর্যোগৰ আশংকা বৃদ্ধি পায়।
ঘ) কৃত্রিম জলসিঞ্চন আৰু মাটিৰ লোণযুক্ততা
কিছু অঞ্চলত কৃত্রিমভাৱে জলসিঞ্চনৰ ব্যৱস্থা কৰি বৃহৎ পৰিমাণৰ পানী জমা কৰি ৰখা হয়। এই জমা পানী সূৰ্যৰ তাপত বাষ্পীভৱন হৈ উৰি যায় যদিও লৱণ আৰু খনিজ পদার্থ মাটিত অৱশিষ্ট থাকে। এএনদৰে ক্ৰমে ক্রমে মাটি লোণযুক্ত বা লবণাক্ত হৈ কৃষিৰ বাবে অনুপযোগী হৈ পবে। ইয়াৰ ফলত শস্য উৎপাদন হ্রাস পায় আৰু কৃষকে আর্থিক ক্ষতি ভোগ কৰে।
৬) জৈৱ-বৈচিত্র্য্যৰ বিপৰ্যয়
উপৰোক্ত সকলো কাৰণৰ ফলত গ্রাম্য অঞ্চলত জৈৱ-বৈচিত্র্যৰ বিপৰ্যয় ঘটিছে। বহু থলুৱা উদ্ভিদ আৰু প্রাণী প্রজাতি বিলুপ্তিৰ মুখামুখি হৈছে। একমাত্ৰ ধৰণৰ শস্যৰ খেতি কৰাৰ প্ৰৱণতাই (ম’নোক্রপিং) পৰিৱেশৰ স্বাভাৱিক সাম্য নষ্ট কৰিছে। জৈৱ-বৈচিত্র্য কমি যোৱাত পৰিৱেশৰ প্ৰাকৃতিক সহনশীলতা হ্রাস পাইছে।
অতিৰিক্ত প্রশ্নোত্তৰ
বহু বিকল্পধর্মী প্রশ্নোত্তৰ
১। ভূমিহীন কৃষি শ্রমিক বুলিলে কাক বুজায়?
(ক) যাৰ নিজৰ বহু ভূমি আছে
(খ) যি কেৱল ব্যৱসায় কৰে
(গ) যাৰ নিজৰ কৃষিযোগ্য ভূমি নাই আৰু আনৰ ভূমিত কাম কৰে।
(ঘ) যি চৰকাৰী কৰ্মচাৰী
উত্তৰঃ (গ)
২। প্ৰব্ৰজনকাৰী শ্ৰমিকসকল সাধাৰণতে কিহৰ বাবে স্থানান্তৰিত হয়?
(ক) পর্যটন
(খ) শিক্ষালাভ
(গ) কর্মসংস্থাপনৰ সন্ধানত
(ঘ) বিনোদন
উত্তৰঃ (গ)
৩। সেউজ বিপ্লৱৰ মুখ্য লক্ষ্য কি আছিল?
(ক) উদ্যোগ বৃদ্ধি
(খ) খাদ্যশস্য উৎপাদন বৃদ্ধি
(গ) বন সংৰক্ষণ
(ঘ) জনসংখ্যা নিয়ন্ত্রণ
উত্তৰঃ (খ)
৪। ন্যূনতম মজুৰি আইন কিহৰ সৈতে সম্পর্কিত?
(ক) ভূমি সংস্কাৰ
(খ) শ্রমিকৰ ন্যূনতম পাৰিশ্ৰমিক
(গ) শিক্ষা
(ঘ) স্বাস্থ্য
উত্তৰঃ (খ)
৫। কৃষি শ্রমিকসকলৰ নিম্ন অৱস্থাৰ এটা কাৰণ কি?
(ক) অধিক শিক্ষা
(খ) ভূমিৰ মালিকানা
(গ) ঋণগ্রস্ততা আৰু দৰিদ্ৰতা
(ঘ) ৰাজনৈতিক ক্ষমতা
উত্তৰঃ (গ)
৬। আন্তঃৰাজ্যিক প্ৰব্ৰজনকাৰী শ্রমিক আইন কিহৰ বাবে প্ৰৱৰ্তিত?
(ক) কৃষি উন্নয়ন
(খ) শ্রমিক সুৰক্ষা
(গ) বন সংৰক্ষণ
(ঘ) উদ্যোগ স্থাপন
উত্তৰঃ (খ)
৭। অধিক কীটনাশক ব্যৱহাৰৰ ফলত কি হয়?
(ক) মাটিৰ উৰ্বৰতা বৃদ্ধি
(খ) পৰিৱেশ দূষণ
(গ) জলবায়ু শুদ্ধতা
(ঘ) বন বৃদ্ধি
উত্তৰঃ (খ)
৮। ভূগর্ভস্থ পানীৰ স্তৰ হ্ৰাস পোৱাৰ এটা কাৰণ কি?
(ক) বৃষ্টিপাত বৃদ্ধি
(খ) অতি জলসিঞ্চন
(গ) বন সংৰক্ষণ
(ঘ) নদী বৃদ্ধি
উত্তৰঃ (খ)
৯। ইটা-ভাটাত কাম কৰা শ্ৰমিকসকল সাধাৰণতে কেনে ধৰণৰ শ্রমিক?
(ক) স্থায়ী চৰকাৰী কৰ্মচাৰী
(খ) প্ৰব্ৰজনকাৰী শ্রমিক
(গ) উদ্যোগপতি
(ঘ) শিক্ষানৱিছ
উত্তৰঃ (খ)
১০। বিশ্বায়নৰ এটা প্ৰভাৱ কি?
(ক) দেশীয় বজাৰ বন্ধ
(খ) বিদেশী সামগ্ৰীৰ আমদানি বৃদ্ধি
(গ) কৃষি হ্রাস
(ঘ) যোগাযোগ বন্ধ
উত্তৰঃ (খ)
১১। ঊর্ধ্বমুখী সামাজিক গতিশীলতা মানে কি?
(ক) নিম্ন স্তৰলৈ নামি যোৱা
(খ) উচ্চ আর্থ-সামাজিক স্তৰলৈ উত্তৰণ
(গ) স্থানান্তৰ
(ঘ) গাঁও ত্যাগ
উত্তৰঃ (খ)
১২। উপকূলীয়া অঞ্চলত বাণিজ্যিক মাছ পালনে কি সৃষ্টি কৰে?
(ক) মাটি উৰ্বৰতা বৃদ্ধি
(খ) লৱণাক্ততা বৃদ্ধি
(গ) বন বৃদ্ধি
(ঘ) বৃষ্টিপাত বৃদ্ধি
উত্তৰঃ (খ)
১৩। ভূমি সংস্কাৰৰ মুখ্য লক্ষ্য কি?
(ক) ভূমিহীনক ভূমি প্রদান
(খ) উদ্যোগ বৃদ্ধি
(গ) নগৰ উন্নয়ন
(ঘ) বন সংৰক্ষণ
উত্তৰঃ (ক)
১৪। কৃষি শ্রমিকসকলৰ এটা মুখ্য সমস্যা কি?
(ক) অধিক মজুৰি
(খ) কর্মসংস্থাপনৰ অনিশ্চয়তা
(গ) অধিক সম্পদ
(ঘ) ৰাজনৈতিক আধিপত্য
উত্তৰঃ (খ)
১৫। ৰাসায়নিক সাৰৰ অধিক ব্যৱহাৰে কি প্ৰভাৱ পেলায়?
(ক) মাটিৰ গুণগত মান উন্নত কৰে
(খ) মাটিৰ স্বাভাৱিক গঠন নষ্ট কৰে
(গ) জলস্তৰ বৃদ্ধি কৰে
(ঘ) বন সংৰক্ষণ কৰে
উত্তৰঃ (খ)
চমু প্রশ্নোত্তৰ
১। ভূমিহীন কৃষি শ্রমিক কাক কয়?
উত্তৰঃ যাৰ নিজৰ কৃষিযোগ্য ভূমি নাই আৰু আনৰ পথাৰত কাম কৰে তাকে ভূমিহীন কৃষি শ্রমিক বোলে।
২। প্রব্রজন কি?
উত্তৰঃ জীৱিকা বা আন কাৰণত এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হোৱাক প্ৰব্ৰজন বোলে।
৩। ন্যূনতম মজুৰি কি?
উত্তৰঃ শ্রমিকক চৰকাৰে নিৰ্ধাৰণ কৰা নিম্নতম পাৰিশ্ৰমিক।
৪। সেউজ বিপ্লৱ কি?
উত্তৰঃ উন্নত বীজ আৰু জলসিঞ্চন ব্যৱস্থাৰে খাদ্যশস্য উৎপাদন বৃদ্ধি কৰা অভিযান।
৫। কৃষি শ্রমিকসকল কিয় দৰিদ্ৰ হৈ থাকে?
উত্তৰঃ ভূমিৰ অভাৱ আৰু নিম্ন মজুৰিৰ বাবে।
৬। প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ক’ত অধিক দেখা যায়?
উত্তৰঃ নির্মাণক্ষেত্র, ইটা-ভাটা আৰু কাৰখানাত।
৭। ভূগর্ভস্থ পানী হ্ৰাসৰ এটা কাৰণ লিখা।
উত্তৰঃ অতি জলসিঞ্চন।
৮। লবণাক্ততা কি?
উত্তৰঃ মাটিত লোণৰ পৰিমাণ বৃদ্ধি হোৱা অৱস্থা।
৯। বিশ্বায়ন কি?
উত্তৰঃ বিশ্বব্যাপী বাণিজ্য আৰু সম্পৰ্কৰ বিস্তাৰ প্ৰক্ৰিয়া।
১০। ঊর্ধ্বমুখী গতিশীলতা কি?
উত্তৰঃ উচ্চ সামাজিক বা আর্থিক স্তৰলৈ উত্তৰণ।
১১। কৃষি শ্রমিকসকলৰ এটা সামাজিক সমস্যা লিখা।
উত্তৰঃ জাতিভিত্তিক বৈষম্য।
১২। ভূমি সংস্কাৰৰ লক্ষ্য কি?
উত্তৰঃ ভূমিৰ সমবণ্টন নিশ্চিত কৰা।
১৩। প্ৰব্ৰজনকাৰী শ্ৰমিকসকল কিয় অসুৰক্ষিত হয়?
উত্তৰঃ স্থায়ী বাসস্থান আৰু আইনী সুৰক্ষাৰ অভাৱৰ বাবে।
১৪। ৰাসায়নিক সাৰৰ এটা অপকাৰ লিখা।
উত্তৰঃ মাটিৰ স্বাভাৱিক উৰ্বৰতা হ্রাস কৰে।
১৫। গ্রাম্য পৰিৱেশৰ এটা সমস্যা লিখা।
উত্তৰঃ জৈৱ-বৈচিত্র্য হ্রাস।
