Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Sociology Chapter 7 সংৰচনাত্মক পৰিৱৰ্তন

By Rabbi Masrur

Published On:

Class 12 Sociology Chapter 7 সংৰচনাত্মক পৰিৱৰ্তন

দ্বিতীয় খণ্ড

ভাৰতত সামাজিক পৰিৱৰ্তন আৰু বিকাশ

অধ্যায়-১

সংৰচনাত্মক পৰিৱৰ্তন (Structural Change)

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ঔপনিৱেশিকতাই আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে? তুমি ৰাজনৈতিক অথবা সাংস্কৃতিক এই দুয়োটা দিশত গুৰুত্বসহকাৰে আলোচনা কৰিব পাৰা অথবা তুমি এই দুয়োটা দিশ একেলগে সামৰিও উত্তৰটো প্ৰস্তুত কৰিব পাৰা।

উত্তৰঃ ঔপনিৱেশিকতা (Colonialism) বুলিলে বুজা যায় এনে এক ব্যৱস্থা য’ত এটা শক্তিশালী বিদেশী ৰাষ্ট্ৰই আন এটা দেশক ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিকভাবে অধীনস্থ কৰি শাসন কৰে। ভাৰতবৰ্ষত ব্রিটিছ ঔপনিৱেশিক শাসনে আমাৰ সমাজ, ৰাজনীতি, অর্থনীতি আৰু সংস্কৃতিত গভীৰ আৰু দীঘলীয়া প্রভাৱ পেলাইছে।

ৰাজনৈতিক দিশত প্রভাৱঃ ব্রিটিছ শাসকে ভাৰতত এক কেন্দ্রীভূত প্রশাসনিক ব্যৱস্থা প্ৰৱৰ্তন কৰে। আধুনিক আমলাতান্ত্রিক প্রশাসন, আইনী ব্যৱস্থা, আধুনিক আৰক্ষী আৰু আদালত প্রণালী এই সময়তেই গঢ় লৈ উঠে। ভূমি ৰাজহ ব্যবস্থা যেনে জমিদাৰী প্ৰথা, ৰায়তৱাৰী প্রথা আদিৰ জৰিয়তে গ্রাম্য সমাজৰ গঠন পৰিবৰ্তন হয়। ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয়তাবাদী আন্দোলনৰ উত্থান ঔপনিৱেশিক শাসনৰ প্ৰতিক্ৰিয়াৰ ফল। অর্থাৎ স্বাধীনতা সংগ্রাম ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে গঢ় লৈ উঠা এক ঐতিহাসিক ৰাজনৈতিক প্রক্রিয়া।

সাংস্কৃতিক দিশত প্রভাৱঃ ঔপনিৱেশিক সময়ছোৱাত পশ্চিমীয়া শিক্ষা প্রণালী প্ৰৱৰ্তিত হয়। ইংৰাজী ভাষাৰ প্ৰসাৰ ঘটে আৰু আধুনিক শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ উত্থান হয়। ছপাখানা, সংবাদপত্র, আধুনিক বিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপিত হয়। একে সময়তে ভাৰতীয় সমাজত সংস্কাৰ আন্দোলনৰো জন্ম হয়, যেনে সতীদাহ প্রথা বিলোপ, বিধবা বিবাহ প্রচলন আদি। কিন্তু ই আনহাতে স্থানীয় শিল্প, হস্তশিল্প আৰু পৰম্পৰাগত জীৱনধাৰাত আঘাত হানে।

সামগ্রিকভাৱে ক’ব পাৰি যে ঔপনিৱেশিকতাই আমাৰ জীৱনত আধুনিক প্রশাসন, শিক্ষা আৰু পৰিবহণ ব্যৱস্থা আনিলে যদিও ই এক শোষণমূলক ব্যৱস্থা আছিল যিয়ে ভাৰতীয় অর্থনীতি আৰু সমাজক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।

২। উদ্যোগীকৰণ আৰু নগৰীকৰণ হৈছে সংযুক্ত প্রক্রিয়া আলোচনা কৰা।

উত্তৰঃ উদ্যোগীকৰণ (Industrialization) আৰু নগৰীকৰণ (Urbanization) একে সময়তে ঘটা আৰু পৰস্পৰ নিৰ্ভৰশীল দুটা সামাজিক-অর্থনৈতিক প্রক্রিয়া।

উদ্যোগীকৰণ বুলিলে বৃহৎ পৰিসৰত যান্ত্রিক উৎপাদন ব্যৱস্থা স্থাপনক বুজায়। কাৰখানা, কল-কাৰখানা আৰু উদ্যোগ গঢ় লৈ উঠাৰ লগে লগে কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি পায়। এই কর্মসংস্থাপনৰ সন্ধানত গ্রামাঞ্চলৰ বহু লোক চহৰলৈ প্ৰব্ৰজন কৰে। ফলস্বৰূপে নগৰসমূহত জনসংখ্যা বৃদ্ধি পায়।

এইদৰে উদ্যোগীকৰণে নগৰীকৰণক ত্বৰান্বিত কৰে। আনহাতে, নগৰ অঞ্চলত পৰিবহণ, বজাৰ ব্যৱস্থা, বেংকিং, শিক্ষা আৰু যোগাযোগৰ সুবিধা উন্নত হোৱাত উদ্যোগ স্থাপন সহজ হয়। সেয়ে নগৰীকৰণেও উদ্যোগীকৰণক উৎসাহ দিয়ে।

উদাহৰণস্বৰূপে, ঔপনিৱেশিক কালত কলিকতা, মুম্বাই আৰু মাদ্রাজ বন্দৰ-নগৰ হিচাপে বিকশিত হয়। ইয়াত শিল্প আৰু বাণিজ্য কেন্দ্ৰ গঢ় লৈ উঠাৰ ফলত নগৰসমূহৰ বিস্তাৰ ঘটে।
সেয়েহে ক’ব পাৰি, উদ্যোগীকৰণ আৰু নগৰীকৰণ একে সামাজিক পৰিবৰ্তনৰ দুই দিশ, যি এটাই আনটোক প্রভাৱিত আৰু শক্তিশালী কৰে।

৩। তোমাৰ পৰিচিত যিকোনো চহৰ বা নগৰ চিনাক্ত কৰা। ইয়াৰ বিকাশৰ ইতিহাস আৰু সমসাময়িক স্থিতি দুয়োটাই বিচাৰ কৰিবলৈ চেষ্টা কৰা।

উত্তৰঃ মই ইয়াত অসমৰ ৰাজধানী চহৰ ‘গুৱাহাটী’-ক উদাহৰণ হিচাপে লৈ আলোচনা কৰিবলৈ ললোঁ।

ঐতিহাসিক বিকাশঃ গুৱাহাটীৰ প্রাচীন নাম আছিল প্রাগজ্যোতিষপুৰ। ই প্রাচীন কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল। ব্রিটিছ শাসনকালত ই বাণিজ্য আৰু পৰিবহণৰ গুৰুত্বপূৰ্ণ কেন্দ্র হিচাপে বিকাশ লাভ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ অৱস্থানৰ বাবে ই এক প্রধান বন্দৰ আৰু বাণিজ্যিক সংযোগস্থল হিচাপে গঢ় লৈ উঠে।

স্বাধীনতাৰ পিছত গুৱাহাটী অসমৰ মুখ্য প্রশাসনিক, শৈক্ষিক আৰু বাণিজ্যিক কেন্দ্র হিচাপে বিকাশ লাভ কৰে। বিশ্ববিদ্যালয়, চিকিৎসালয়, বেংক, উদ্যোগ আৰু বাণিজ্য প্রতিষ্ঠানসমূহ গঢ় লৈ উঠে।
সমসাময়িক স্থিতিঃ বর্তমান গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ ‘দুৱাৰমুখ’ বুলি বিবেচিত হয়। ইয়াত উন্নত শিক্ষা প্রতিষ্ঠান, চিকিৎসা সেৱা, তথ্য-প্রযুক্তি, বজাৰ ব্যৱস্থা আৰু পৰিবহণৰ সুবিধা আছে। আনহাতে, যানজট, জনসংখ্যাৰ চাপ, পৰিৱেশ দূষণ আদি সমস্যাও দেখা যায়।

ফল। সেয়েহে গুৱাহাটীৰ বিকাশ এক ঐতিহাসিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰক্ৰিয়াৰ

৪। তুমি বাস কৰা স্থানৰ বৰ্ণনা কৰা।

উত্তৰঃ মই এখন অর্ধ-নগৰীয়া অঞ্চলত বাস কৰোঁ। মোৰ বাসস্থানখনত আধুনিক অট্টালিকা, বজাৰ, বিদ্যালয়, বেংক আৰু চিকিৎসালয় আছে। কিন্তু সম্পূর্ণ নগৰীয় সুবিধা নাই। কিছু অঞ্চলত কৃষিকার্য্য হয়, আৰু কিছুমানে চাকৰি বা ব্যৱসায় কৰে। সেয়ে এই ঠাইখন সম্পূর্ণ গাঁও নহয়, আকৌ সম্পূর্ণ চহৰো নহয়।

ইয়াত সৰু-সুৰা উদ্যোগ আৰু দোকান-পোহাৰ আছে, কিন্তু ডাঙৰ কাৰখানা নাই। কৃষি এতিয়াও এক গুৰুত্বপূৰ্ণ জীৱিকাৰ উৎস। বৃত্তিগত বৈচিত্র্য দেখা যায় শিক্ষক, ব্যৱসায়ী, কৃষক, চৰকাৰী কৰ্মচাৰী আদি আছে।

শৈক্ষিক সুযোগ মধ্যম মানৰ। উচ্চ শিক্ষা লাভৰ বাবে চহৰলৈ যাব লাগে।

মানুহৰ জীৱনধাৰা আধুনিক আৰু পৰম্পৰাগত দিশৰ সংমিশ্রণ। পোছাক-পৰিচ্ছদ আৰু কথা-বতৰাতো স্থানীয় সংস্কৃতি আৰু আধুনিকতাৰ মিল দেখা যায়।
সামগ্রিকভাৱে ক’ব পাৰি, এই ঠাইখন নগৰীকৰণৰ প্ৰক্ৰিয়াত থকা এখন অর্ধ-নগৰীয়া অঞ্চল।

অতিৰিক্ত প্রশ্নোত্তৰ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ

১। ঔপনিবেশিকতা বুলিলে কি বুজায়?

(ক) স্বশাসন

(খ) বিদেশী শক্তিৰ শাসন

(গ) গণতন্ত্র

(ঘ) সমাজতন্ত্র

উত্তৰঃ (খ)

২। ভাৰতত ব্ৰিটিছ ঔপনিৱেশিক শাসন কোন সংস্থাই আৰম্ভ কৰিছিল?

(ক) ডাচ কোম্পানী

(খ) ফ্রেন্স ইষ্ট ইণ্ডিয়া কোম্পানী

(গ) ইংলেণ্ড চৰকাৰ

(ঘ) ইষ্ট ইণ্ডিয়া কোম্পানী

উত্তৰঃ (ঘ)

৩। স্থায়ী বন্দোবস্ত (Permanent Settlement) কোন বছৰত প্ৰৱৰ্তিত হৈছিল?

(ক) ১৭৫৭ চনত

খ) ১৭৯৩ চনত

(গ) ১৮৫৭ চনত

(ঘ) ১৮৮৫ চনত

উত্তৰঃ (খ)

৪। উদ্যোগীকৰণে কি ত্বৰান্বিত কৰে?

(ক) গাঁৱলীয়াকৰণ

(খ) নগৰীকৰণ

(গ) বন সংৰক্ষণ

(ঘ) জনসংখ্যা হ্রাস

উত্তৰঃ (খ)

৫। নগৰীকৰণ বুলিলে কি বুজায়?

(ক) কৃষিৰ উন্নতি

(খ) নগৰৰ জনসংখ্যা বৃদ্ধি

(গ) বনাঞ্চল বৃদ্ধি

(ঘ) গাঁওত বসতি স্থাপন

উত্তৰঃ (খ)

৬। ঔপনিবেশিক সময়ত ভাৰতত কোনটো নতুন শ্ৰেণীৰ উত্থান হৈছিল?

(ক) দাস শ্রেণী

(খ) জমিদাৰ শ্ৰেণী

(গ) আধুনিক শিক্ষিত মধ্যবিত্ত শ্রেণী

(ঘ) কিষাণ সভা

উত্তৰঃ (গ)

৭। ৰায়তবাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?

(ক) লর্ড কর্নৱালিছ

(খ) থমাছ মন্ত্রো

(গ) লর্ড ডালহাউচী

(ঘ) লর্ড বেলেছলি

উত্তৰঃ (খ)

৮। উদ্যোগীকৰণৰ ফলত কি বৃদ্ধি পায়?

(ক) হস্তকর্ম

(খ) যান্ত্রিক উৎপাদন

(গ) গাঁৱলীয়া জীবন

(ঘ) বনসম্পদ

উত্তৰঃ (খ)

৯। ব্রিটিছ শাসনকালত ভাৰতত কোনটো ব্যৱস্থা প্ৰৱৰ্তিত হৈছিল?

(ক) পঞ্চায়ত ৰাজ

(খ) আধুনিক আমোলাতন্ত্র

(গ) গণপৰিষদ

(ঘ) সহকাৰী আন্দোলন

উত্তৰঃ (খ)

১০। নগৰসমূহ সাধাৰণতে কিহৰ কেন্দ্ৰ হয়?

(ক) কৃষি

(খ) চিকাৰ

(গ) বাণিজ্য আৰু উদ্যোগ

(ঘ) বনসংগ্রহ

উত্তৰঃ (গ)

১১। ৰাষ্ট্ৰীয়তাবাদী আন্দোলন কিহৰ প্ৰতিক্রিয়া আছিল?

(ক) কৃষি উন্নয়ন

(খ) ঔপনিৱেশিক শাসন

(গ) নগৰীকৰণ

(ঘ) উদ্যোগীকৰণ

উত্তৰঃ (খ)

১২। নগৰীকৰণে কোন ধৰণৰ জীৱনধাৰা গঢ়ি তোলে?

(ক) সম্পূৰ্ণ পৰম্পৰাগত

(খ) আধুনিক আৰু বৈচিত্র্যময়

(গ) চিকাৰী জীৱন

(ঘ) গাঁৱলীয়া জীবন

উত্তৰঃ (খ)

১৩। ঔপনিৱেশিক সময়ত কোনটো যোগাযোগ ব্যৱস্থা বিস্তৃত হৈছিল?

(ক) উৰাজাহাজ

(খ) ৰেলপথ

(গ) ছেটেলাইট

(ঘ) ইণ্টাৰনেট

উত্তৰঃ (খ)

১৪। উদ্যোগীকৰণ আৰু নগৰীকৰণৰ মাজত সম্পৰ্ক কেনে?

(ক) পৰস্পৰ বিৰোধী

(খ) কোনো সম্পর্ক নাই

(গ) পৰস্পৰ নিৰ্ভৰশীল

(ঘ) সাময়িক

উত্তৰঃ (গ)

১৫। আধুনিক শিক্ষাৰ প্ৰসাৰ কোন সময়ত আৰম্ভ হৈছিল?

(ক) মোগল যুগ

(খ) আহোম যুগ

(গ) ঔপনিৱেশিক যুগ

(ঘ) বৈদিক যুগ

উত্তৰঃ (গ)

চমু প্রশ্নোত্তৰ

১। ঔপনিবেশিকতা কি?

উত্তৰঃ কোনো বিদেশী শক্তিয়ে আন দেশক ৰাজনৈতিক আৰু অর্থনৈতিকভাৱে অধীনস্থ কৰি শাসন কৰা ব্যৱস্থাই ঔপনিৱেশিকতা।

২। উদ্যোগীকৰণৰ অৰ্থ কি?

উত্তৰঃ বৃহৎ পৰিসৰত যান্ত্রিক উৎপাদন ব্যবস্থা গঢ় লৈ উঠা প্রক্রিয়াই উদ্যোগীকৰণ।

৩। নগৰীকৰণ কি?

উত্তৰঃ নগৰত জনসংখ্যা আৰু সুবিধাৰ বৃদ্ধি হোৱা প্ৰক্ৰিয়াই নগৰীকৰণ।

৪। স্থায়ী বন্দোবস্ত কেতিয়া প্ৰৱৰ্তিত হৈছিল?

উত্তৰঃ ১৭৯৩ চনত।

৫। ৰায়তৱাৰী প্ৰথা কাক কয়?

উত্তৰঃ চৰকাৰে পোনপটীয়াকৈ কৃষকৰ পৰা ভূমি ৰাজহ সংগ্ৰহ কৰা ব্যৱস্থাক ‘ৰায়তৱাৰী’ প্রথা কয়।

৬। ঔপনিবেশিক শাসনৰ এটা সাংস্কৃতিক প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ ইংৰাজী শিক্ষাৰ প্ৰৱৰ্তন।

৭। উদ্যোগীকৰণে গাঁওৰ ওপৰত কেনে প্রভাৱ পেলায়?

উত্তৰঃ গাঁওৰ মানুহে কর্মসংস্থাপনৰ বাবে নগৰলৈ প্ৰব্ৰজন কৰে।

৮। নগৰসমূহ কিহৰ কেন্দ্ৰ হয়?

উত্তৰঃ বাণিজ্য, উদ্যোগ আৰু প্ৰশাসনৰ কেন্দ্ৰ।

৯। আধুনিক আমোলাতন্ত্র কি?

উত্তৰঃ নিয়ম-নীতি অনুসৰি সংগঠিত চৰকাৰী প্ৰশাসনিক ব্যৱস্থা।

১০। ঔপনিবেশিক শাসনৰ এটা অর্থনৈতিক প্রভার লিখা।

উত্তৰঃ দেশীয় শিল্পৰ অৱনতি।

১১। ৰাষ্ট্ৰীয়তাবাদ কিহৰ ফলত গঢ় লৈ উঠিল?

উত্তৰঃ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে প্রতিক্ৰিয়াৰ ফলত।

১২। উদ্যোগীকৰণে কি ধৰণৰ উৎপাদন বৃদ্ধি কৰে?

উত্তৰঃ যান্ত্রিক উৎপাদন।

১৩। নগৰ জীৱনৰ এটা বৈশিষ্ট্য লিখা।

উত্তৰঃ পেছাভিত্তিক বৈচিত্র্য।

১৪। ব্রিটিছ শাসনকালত কোনটো পৰিবহণ ব্যৱস্থা গঢ় লৈ উঠিছিল?

উত্তৰঃ ৰেলপথ ব্যৱস্থা।

১৫। নগৰীকৰণৰ এটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ যানজট আৰু জনসংখ্যাৰ অধিক চাপ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment