Class 12 Sociology Chapter 6 প্রকল্প প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ
প্রথম খণ্ড
অধ্যায়-৬
প্রকল্প প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শ (Suggestions for Project Work)
চমু প্রশ্নোত্তৰ
১। সমাজবিজ্ঞানৰ প্ৰকল্প কি?
উত্তৰঃ কোনো সামাজিক বিষয়ত গৱেষণাধর্মী অধ্যয়ন কৰি তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰাৰ লিখিত উপস্থাপনক ‘সমাজবিজ্ঞানৰ প্রকল্প’ বুলি কোৱা হয়।
২। বিষয় নির্বাচনৰ সময় কি কথা মনত ৰাখিব লাগে?
উত্তৰঃ বিষয়টো সমাজ-প্রাসংগিক, গৱেষণাযোগ্য আৰু সীমিত পৰিসৰৰ হোৱা উচিত।
৩। প্রাথমিক উৎস কি?
উত্তৰঃ গৱেষকে নিজে সংগ্ৰহ কৰা মূল তথ্যক প্রাথমিক উৎস কোৱা হয়।
৪। গৌণ উৎস কি?
উত্তৰঃ কিতাপ, আলোচনী, প্রতিবেদন আদিৰ পৰা সংগৃহীত তথ্যক গৌণ উৎস বুলি কোৱা হয়।
৫। সাক্ষাৎকাৰ কি?
উত্তৰঃ প্রশ্নোত্তৰৰ জৰিয়তে ব্যক্তি বা গোটৰ পৰা তথ্য সংগ্ৰহ কৰাৰ পদ্ধতিক সাক্ষাৎকাৰ কোৱা হয়।
৬। প্রশ্নাবলী কি?
উত্তৰঃ লিখিত প্ৰশ্নৰ জৰিয়তে তথ্য সংগ্ৰহ কৰাৰ সঁজুলিক প্রশ্নাবলী কোৱা হয়।
৭। তথ্য বিশ্লেষণ কিয় প্রয়োজন?
উত্তৰঃ সংগৃহীত তথ্যসমূহৰ অৰ্থ বুজি সিদ্ধান্ত ল’বলৈ তথ্য বিশ্লেষণ প্রয়োজন।
৮। উপসংহাৰ কি?
উত্তৰঃ গৱেষণাৰ অন্তিম ফলাফলৰ সংক্ষিপ্ত বিৱৰণক উপসংহাৰ বুলি কোৱা হয়।
৯। গ্রন্থপঞ্জী মানে কি?
উত্তৰঃ প্ৰকল্পত ব্যৱহৃত উৎসসমূহৰ তালিকাক গ্রন্থপঞ্জী বুলি কোৱা হয়।
১০। ক্ষেত্র সমীক্ষা কি?
উত্তৰঃ নির্দিষ্ট স্থানত গৈ তথ্য সংগ্ৰহ কৰাৰ পদ্ধতিক ক্ষেত্র সমীক্ষা বুলি কোৱা হয়।
১১। নমুনা নির্বাচন কিয় কৰা হয়?
উত্তৰঃ সমগ্র জনসংখ্যাৰ পৰা প্রতিনিধিত্বমূলক অংশ লৈ সহজে আৰু সঠিকভাবে তথ্য সংগ্ৰহ কৰিবলৈ নমুনা নির্বাচন কৰা হয়।
১২। শুদ্ধ তথ্যৰ গুৰুত্ব কি?
উত্তৰঃ শুদ্ধ তথ্যই গৱেষণাৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰে।
১৩। প্ৰকল্পৰ গঠনসমূহ উল্লেখ কৰা।
উত্তৰঃ ভূমিকা, উদ্দেশ্য, পদ্ধতি, তথ্য বিশ্লেষণ, উপসংহাৰ আৰু গ্ৰন্থপঞ্জী প্রকল্পৰ মুখ্য অংশ।
১৪। তথ্য সংগ্ৰহৰ দুটা পদ্ধতি লিখা।
উত্তৰঃ সাক্ষাৎকাৰ আৰু প্ৰশ্নাৱলী।
১৫। প্রকল্প প্রস্তুত কৰাৰ সময় সততা কিয় প্রয়োজন?
উত্তৰঃ তথ্য বিকৃতি বা অনুলিপি নকৰাকৈ শুদ্ধ তথ্য উপস্থাপন কৰাটো গৱেষণাৰ নৈতিক দায়িত্ব।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ
প্রঃ সমাজবিজ্ঞানৰ প্ৰকল্প প্রস্তুতৰ মূল উদ্দেশ্য কি?
(ক) কেৱল নম্বৰ লাভ কৰা
(খ) তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ দক্ষতা গঢ়ি তোলা
(গ) কিতাপ অনুলিপি কৰা
(ঘ) সময় অপচয় কৰা
উত্তৰঃ (খ)
প্রঃ প্ৰকল্পৰ প্ৰথম পদক্ষেপ কি?
(ক) উপসংহাৰ লিখা
(খ) বিষয় নির্বাচন
(গ) তথ্য বিশ্লেষণ
(ঘ) তালিকা প্রস্তুত কৰা
উত্তৰঃ (খ)
প্রঃ তথ্য সংগ্ৰহৰ প্রাথমিক উৎস কোনটো?
(ক) পাঠ্যপুথি
(খ) সংবাদপত্র
(গ) সাক্ষাৎকাৰ
(ঘ) ইণ্টাৰনেট নিৱন্ধ
উত্তৰঃ (গ)
প্রঃ প্রশ্নাবলী (Questionnaire) ব্যৱহাৰ কিয় কৰা হয়?
(ক) অলংকাৰৰ বাবে
(খ) তথ্য সংগ্রহ সহজ কৰিবলৈ
(গ) সময় নষ্ট কৰিবলৈ
(ঘ) অনুলিপি কৰিবলৈ
উত্তৰঃ (খ)
প্রঃ তথ্য বিশ্লেষণ মানে কি?
(ক) তথ্য নষ্ট কৰা
(খ) সংগৃহীত তথ্য পৰীক্ষা আৰু ব্যাখ্যা কৰা
(গ) নতুন তথ্য সৃষ্টি কৰা
(ঘ) উপসংহাৰ এৰা
উত্তৰঃ (খ)
প্ৰঃ প্রকল্পত উপসংহাৰৰ ভূমিকা কি?
(ক) নতুন বিষয় আৰম্ভ কৰা
(খ) সংগৃহীত তথ্যৰ সংক্ষিপ্ত ফলাফল দাঙি ধৰা
(গ) অলংকাৰ যোগ কৰা
(ঘ) উদ্ধৃতি দিয়া
উত্তৰঃ (খ)
প্রঃ গ্রন্থপঞ্জী কিয় সংযোজন কৰা হয়?
(ক) পৃষ্ঠা বৃদ্ধি কৰিবলৈ
(খ) উৎসসমূহৰ স্বীকৃতি দিবলৈ
(গ) অলংকাৰৰ বাবে
(ঘ) সময় লাঘৱ কৰিবলৈ
উত্তৰঃ (খ)
প্রঃ ক্ষেত্র সমীক্ষা কিহৰ অংশ?
(ক) তাত্ত্বিক অধ্যয়ন
(খ) তথ্য সংগ্রহ
(গ) উপসংহাৰ
(ঘ) তালিকা প্রস্তুতি।
উত্তৰঃ (খ)
প্রঃ সমাজবিজ্ঞানৰ প্ৰকল্পত কোনটো অতি গুৰুত্বপূর্ণ?
(ক) শুদ্ধ তথ্য
(খ) অলংকাৰ
(গ) দীঘল বাক্য
(ঘ) ৰঙীন কাগজ
উত্তৰঃ (ক)
প্রঃ নমুনা (Sample) বুলিলে কি বুজায়?
(ক) সমগ্র জনসংখ্যা
(খ) জনসংখ্যাৰ পৰা নিৰ্বাচিত অংশ
(গ) একক ব্যক্তি
(ঘ) গৱেষক
উত্তৰঃ (খ)
