Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Sociology Chapter 5 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

By Rabbi Masrur

Published On:

Class 12 Sociology Chapter 5 সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান

প্রথম খণ্ড

অধ্যায়-৫

সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান (Challanges of Cultural Diversity)

পাঠভিত্তিক প্রশ্নোত্তৰ

১। সাংস্কৃতিক বিচিত্রতা মানে কি বুজা? ভাৰতক কিয় বিচিত্ৰতাৰ দেশ বুলি কোৱা হয়?

উত্তৰঃ সাংস্কৃতিক বিচিত্রতা (Cultural Diversity) বুলিলে একেটা সমাজত ভিন ভিন ভাষা, ধর্ম, জাতি, আচাৰ-অনুষ্ঠান, খাদ্যাভ্যাস, পোছাক-পৰিচ্ছদ, শিল্প-সংস্কৃতি আৰু জীৱনশৈলীৰ সহাবস্থানক বুজায়।

ভাৰতক বিচিত্ৰতাৰ দেশ বুলি কোৱা হয় কাৰণ ভাৰতবৰ্ষত বহু ভাষা (যেনে অসমীয়া, হিন্দী, তামিল, বঙালী আদি), বহু ধর্ম (হিন্দু, ইছলাম, খ্রীষ্টান, শিখ, বৌদ্ধ, জৈন আদি), বহু জাতি আৰু জনগোষ্ঠীৰ সহাবস্থান আছে। ভাৰতীয় সংবিধানেও এই বিচিত্রতাক স্বীকৃতি প্রদান কৰিছে। সেয়ে “Unity in Diversity” অর্থাৎ বিচিত্ৰতাৰ মাজত ঐক্য ভাৰতৰ বিশেষ বৈশিষ্ট্য।

২। সম্প্রদায় পৰিচয় কি? ইয়াৰ গঠন কেনেকৈ হয়?

উত্তৰঃ সম্প্রদায় পৰিচয় (Communal Identity) বুলিলে কোনো নির্দিষ্ট ধর্মীয় গোটৰ সৈতে ব্যক্তিৰ আত্মপৰিচয় আৰু সম্পৃক্ততাৰ অনুভূতিক বুজায়।

ই সাধাৰণতে ধৰ্ম, আচাৰ-অনুষ্ঠান, ঐতিহাসিক অভিজ্ঞতা, সংস্কৃতি আৰু সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে গঠিত হয়। পৰিয়াল, বিদ্যালয়, ধর্মীয় সংস্থা আৰু সমাজৰ মাধ্যমত ব্যক্তি নিজৰ ধৰ্মীয় গোটৰ সৈতে পৰিচিত হয় আৰু সেই গোটৰ স্বাৰ্থক নিজৰ স্বাৰ্থ বুলি ভাবিবলৈ আৰম্ভ কৰে। এই প্রক্রিয়াত সম্প্রদায়িক চেতনা বিকশিত হয়।

৩। ৰাষ্ট্ৰক সংজ্ঞাকৰণ কৰিবলৈ জটিল নেকি? ৰাষ্ট্ৰ আৰু ৰাজ্য আধুনিক সমাজৰ লগত কেনেকৈ জড়িত?

উত্তৰঃ ৰাষ্ট্ৰ (Nation) সংজ্ঞাকৰণ কৰাটো জটিল, কাৰণ ৰাষ্ট্ৰ কেরল ভৌগোলিক সীমাৰেখা নহয়; ই এক সাংস্কৃতিক, ঐতিহাসিক আৰু মানসিক ঐক্যৰ অনুভূতি। ভাষা, ইতিহাস, সংস্কৃতি আৰু ৰাজনৈতিক আকাংক্ষা ৰাষ্ট্ৰ গঠনৰ মুখ্য উপাদান।

আনহাতে ৰাজ্য (State) হৈছে এক ৰাজনৈতিক সংস্থা, যাৰ নির্দিষ্ট ভৌগোলিক সীমা, চৰকাৰ, আইন আৰু প্রশাসনিক ব্যৱস্থা থাকে। আধুনিক সমাজত ৰাজ্যই আইন-শৃংখলা ৰক্ষা, অধিকাৰ সুৰক্ষা আৰু উন্নয়নমূলক কাম সম্পাদন কৰে। ৰাষ্ট্ৰ আৰু ৰাজ্য একে নহয়; কিন্তু আধুনিক জাতিৰাষ্ট্ৰত (Nation-State) দুয়ো একেলগে দেখা যায়।

৪। ৰাজ্যবোৰে সাংস্কৃতিক বিচিত্রতাক সন্দেহজনক মনোভাবেবে কিয় চায়?

উত্তৰঃ কিছুমান ক্ষেত্ৰত ৰাজ্যবোৰে সাংস্কৃতিক বিচিত্রতাক সন্দেহজনক দৃষ্টিৰে চায়, কাৰণ অত্যধিক ভিন্নতা ৰাজনৈতিক ঐক্য আৰু জাতীয় সংহতিৰ বাবে বিপদজনক হ’ব পাৰে বুলি ভাবা হয়। ভাষাগত, ধর্মীয় বা জাতিগত ভিন্নতাৰ ফলত বিচ্ছিন্নতাবাদী আন্দোলন বা সংঘাত সৃষ্টি হ’ব পাৰে। সেয়ে ৰাজ্যই একতা আৰু স্থিৰতা ৰক্ষাৰ স্বার্থত কেতিয়াবা সাংস্কৃতিক বিচিত্রতাক নিয়ন্ত্রণ কৰাৰ চেষ্টা কৰে।

৫। আঞ্চলিকতাবাদ কি? আঞ্চলিকতাবাদৰ প্ৰধান কাৰকবোৰ কি কি?

উত্তৰঃ আঞ্চলিকতাবাদ (Regionalism) বুলিলে কোনো নির্দিষ্ট অঞ্চলৰ স্বার্থ, সংস্কৃতি, ভাষা বা উন্নয়নমূলক দাবীক গুৰুত্ব দি আঞ্চলিক পৰিচয়ৰ ওপৰত জোৰ দিয়াক বুজায়।

ইয়াৰ প্ৰধান কাৰকসমূহ হৈছে-

(ক) ভাষাগত পার্থক্য

(খ) অর্থনৈতিক বৈষম্য

(গ) সাংস্কৃতিক স্বাতন্ত্র্য

(ঘ) ৰাজনৈতিক বঞ্চনা

(ঙ) ঐতিহাসিক কাৰণ

৬। তোমাৰ মতে ভাষাভিত্তিক ৰাজ্য গঠন প্রক্রিয়াই ভাৰতক উপকাৰ কৰিব নে অপকাৰ কৰিব?

উত্তৰঃ ভাষাভিত্তিক ৰাজ্য গঠনে ভাৰতত উপকাৰ কৰিছে বুলি ক’ব পাৰি। ১৯৫৬ চনৰ ৰাজ্য পুনর্গঠন আইন (States Reorganisation Act, 1956) অনুসৰি ভাষাভিত্তিক ৰাজ্য গঠন কৰা হৈছিল। ইয়াৰ ফলত প্রশাসন সহজ হয়, জনগণে নিজৰ মাতৃভাষাত শাসনৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু আঞ্চলিক অসন্তোষ হ্রাস পায়। অৱশ্যে অত্যধিক ভাষাগত আবেগে আঞ্চলিকতাবাদ বৃদ্ধি কৰাৰ সম্ভাবনাও থাকে। কিন্তু সামগ্রিকভাবে ই জাতীয় ঐক্যক মজবুত কৰিছে।

৭। সংখ্যালঘু কি? সংখ্যালঘু লোকসকলে ৰাজ্যৰ পৰা কিয় নিৰাপত্তা বিচাৰে?

উত্তৰঃ সংখ্যালঘু (Minority) বুলিলে জনসংখ্যাত তুলনামূলকভাবে কম সংখ্যক আৰু পৃথক ধর্ম, ভাষা বা সংস্কৃতি থকা গোটক বুজায়।
সংখ্যালঘু লোকসকলে নিজৰ পৰিচয়, অধিকাৰ আৰু সংস্কৃতি সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ পৰা নিৰাপত্তা বিচাৰে। কেতিয়াবা সংখ্যাগৰিষ্ঠ গোটৰ আধিপত্যৰ ফলত তেওঁলোকৰ অধিকাৰ হ্রাস পোৱাৰ সম্ভাবনা থাকে। সেয়ে সংবিধানে সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত কৰিছে।

৮। সাম্প্রদায়িকতা মানে কি?

উত্তৰঃ সাম্প্রদায়িকতা (Communalism) হৈছে এনে এক মনোভাৱ বা ৰাজনৈতিক ধাৰণা, য’ত নিজৰ ধৰ্মীয় গোটৰ স্বাৰ্থক সর্বোচ্চ বুলি গণ্য কৰি আন ধর্মীয় গোটৰ প্রতি বৈৰিতা বা সন্দেহ পোষণ কৰা হয়। সাম্প্রদায়িকতাই সামাজিক সংঘাত আৰু হিংসা সৃষ্টি কৰিব পাৰে।

৯। ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাক বুজিবলৈ ভিন ভিন উপায়বোৰ কি কি?

উত্তৰঃ ভাৰতীয় ধৰ্মনিৰপেক্ষতা (Secularism) মানে হৈছে সকলো ধৰ্মৰ প্রতি সমান সন্মান আৰু দূৰত্ব বজাই ৰখা। ই দুটা দিশত বুজা যায়-

(ক) ৰাজ্যৰ কোনো নিজা ধর্ম নাথাকে।

(খ) সকলো ধর্মক সমান অধিকাৰ প্ৰদান কৰা হয়।

ভাৰতীয় ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া মডেলৰ দৰে কঠোৰ পৃথকীকৰণ নহয়; ই “Sarva Dharma Sambhava” নীতি অনুসৰণ কৰে।

১০। সাম্প্রতিক কালত ‘নাগৰিক সমাজ’ৰ (Civil Society) প্রাসংগিকতা কি?

উত্তৰঃ নাগৰিক সমাজ (Civil Society) বুলিলে চৰকাৰৰ বাহিৰত থকা স্বেচ্ছাসেৱী সংস্থা, এনজিঅ’, সংঘ-সংগঠন, গণআন্দোলন আৰু সামাজিক গোটসমূহক বুজায়। সাম্প্ৰতিক কালত নাগৰিক সমাজ গণতান্ত্রিক জবাবদিহিতা বৃদ্ধি, মানবাধিকাৰ সুৰক্ষা, পৰিবেশ সংৰক্ষণ, লিংগ সমতা আৰু সামাজিক ন্যায় প্রতিষ্ঠাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ই ৰাজ্য আৰু জনতাৰ মাজত সেতুৰ দৰে কাম কৰে আৰু গণতন্ত্রক শক্তিশালী কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ

প্রঃ সাংস্কৃতিক বিচিত্রতা বুলিলে কি বুজায়?

(ক) এক ভাষাৰ প্রাধান্য

(খ) এক ধৰ্মৰ আধিপত্য

(গ) বিভিন্ন সংস্কৃতিৰ সহাবস্থান

(ঘ) একে জীৱনশৈলী

উত্তৰঃ (গ)

প্রঃ ভাৰতবৰ্ষত ৰাজ্য পুনর্গঠন আইন কেতিয়া প্ৰৱৰ্তিত হৈছিল?

(ক) ১৯৫০ চনত

(খ) ১৯৫২ চনত

(গ) ১৯৫৬ চনত

(ঘ) ১৯৬২ চনত

উত্তৰঃ (গ)

প্রঃ সম্প্রদায় পৰিচয় সাধাৰণতে কিহৰ ওপৰত ভিত্তি কৰে?

(ক) ভাষা

(খ) ধর্ম

(গ) পেছা

(ঘ) আয়

উত্তৰঃ (খ)

প্রঃ ৰাষ্ট্ৰৰ সৈতে জড়িত এটা মুখ্য উপাদান কি?

(ক) সাংস্কৃতিক ঐক্যৰ অনুভূতি

(খ) ব্যক্তিগত সম্পদ

(গ) শাৰীৰিক শক্তি

(ঘ) বয়স

উত্তৰঃ (ক)

প্রঃ ৰাজ্যৰ এটা মুখ্য বৈশিষ্ট্য কি?

(ক) ভৌগোলিক সীমা আৰু চৰকাৰ

(খ) কেৱল ভাষা

(গ) কেবল ধর্ম

(ঘ) পৰিয়াল

উত্তৰঃ (ক)

প্রঃ আঞ্চলিকতাবাদ কিহৰ সৈতে সম্পর্কিত?

(ক) জাতীয় সংহতি

(খ) আঞ্চলিক স্বার্থ

(গ) ব্যক্তিগত লাভ

(ঘ) বৈদেশিক নীতি

উত্তৰঃ (খ)

প্রঃ সংখ্যালঘু গোট সাধাৰণতে কিহৰ ভিত্তিত চিহ্নিত হয়?

(ক) সংখ্যা কম হোৱা

(খ) অধিক সম্পদ থকা

(গ) অধিক ক্ষমতা থকা

(ঘ) চৰকাৰী পদ অধিক হোৱা

উত্তৰঃ (ক)

প্রঃ সাম্প্রদায়িকতাৰ ফলত কি হ’ব পাৰে?

(ক) সামাজিক ঐক্য বৃদ্ধি

(খ) ধর্মীয় সংঘাত

(গ) অর্থনৈতিক উন্নয়ন

(ঘ) বৈজ্ঞানিক চিন্তা

উত্তৰঃ (খ)

প্রঃ ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ এটা মূল নীতি কি?

(ক) এক ধৰ্মৰ প্রাধান্য

(খ) সকলো ধৰ্মৰ সমান সম্মান

(গ) ধর্ম নিষিদ্ধ কৰা

(ঘ) কেৱল সংখ্যাগৰিষ্ঠ ধৰ্মৰ সুৰক্ষা

উত্তৰঃ (খ)

প্রঃ নাগৰিক সমাজৰ অংশ হিচাপে কোনটো গণ্য হয়?

(ক) সংসদ

(খ) আদালত

(গ) স্বেচ্ছাসেবী সংস্থা

(ঘ) আৰক্ষী বিভাগ

উত্তৰঃ (গ)

প্রঃ আঞ্চলিকতাবাদৰ এটা মুখ্য কাৰণ কি?

(ক) ভাষাগত পার্থক্য

(খ) একতা

(গ) সমতা

(ঘ) ধৰ্মনিৰপেক্ষতা

উত্তৰঃ (ক)

প্রঃ সংখ্যালঘু অধিকাৰ ভাৰতীয় সংবিধানত কোন অংশত সুৰক্ষিত?

(ক) মৌলিক অধিকাৰ

(খ) মৌলিক কর্তব্য

(গ) নীতি-নির্দেশমূলক তত্ত্ব

(ঘ) অনুচ্ছেদ ৩৬০

উত্তৰঃ (ক)

প্রঃ ৰাষ্ট্ৰ আৰু ৰাজ্য একে নে?

(ক) সদায় একে

(খ) কেতিয়াও পৃথক নহয়।

(গ) সম্পূর্ণ পৃথক ধাৰণা

(ঘ) দুয়ো একে অর্থ

উত্তৰঃ (গ)

প্রঃ ভাষাভিত্তিক ৰাজ্য গঠনৰ মুখ্য উদ্দেশ্য কি আছিল?

(ক) বিভাজন সৃষ্টি কৰা

(খ) প্রশাসন সহজ কৰা

(গ) সংঘাত বৃদ্ধি কৰা

(ঘ) ধর্মীয় বিভাজন কৰা

উত্তৰঃ (খ)

প্রঃ নাগৰিক সমাজে গণতন্ত্রত কি ভূমিকা পালন কৰে?

(ক) স্বৈৰাচাৰ বৃদ্ধি কৰে

(খ) জবাবদিহিতা বৃদ্ধি কৰে

(গ) আইন বাতিল কৰে

(ঘ) চৰকাৰ বিলুপ্ত করে

উত্তৰঃ (খ)

চমু প্রশ্নোত্তৰ

১। ‘সাংস্কৃতিক বিচিত্রতা’ কি?

উত্তৰঃ একেটা সমাজত ভিন ভিন সংস্কৃতি, ভাষা আৰু ধৰ্মৰ সহাবস্থানক ‘সাংস্কৃতিক বিচিত্রতা’ বুলি কোৱা হয়।

২। সম্প্রদায় পৰিচয় কি?

উত্তৰঃ কোনো ধর্মীয় গোটৰ সৈতে ব্যক্তিৰ আত্মপৰিচয় আৰু সম্পৃক্ততাৰ অনুভূতিক সম্প্রদায় পৰিচয় কোৱা হয়।

৩। ৰাষ্ট্ৰ কি?

উত্তৰঃ ভাষা, ইতিহাস আৰু সাংস্কৃতিক ঐক্যৰ অনুভূতি থকা জনসমষ্টিক ৰাষ্ট্ৰ কোৱা হয়।

৪। ৰাজ্য কি?

উত্তৰঃ নির্দিষ্ট ভৌগোলিক সীমা, চৰকাৰ আৰু আইন থকা ৰাজনৈতিক সংগঠনক ৰাজ্য কোৱা হয়।

৫। আঞ্চলিকতাবাদ কি?

উত্তৰঃ কোনো অঞ্চলৰ স্বাৰ্থ আৰু পৰিচয়ৰ ওপৰত জোৰ দিয়াক আঞ্চলিকতাবাদ বুলি কোৱা হয়।

৬। সংখ্যালঘু বুলিলে কি বুজায়?

উত্তৰঃ জনসংখ্যাত তুলনামূলকভাবে কম সংখ্যা থকা পৃথক গোটক সংখ্যালঘু বুলি কোৱা হয়।

৭। সাম্প্রদায়িকতা কি?

উত্তৰঃ নিজৰ ধৰ্মীয় গোটৰ স্বাৰ্থক সর্বোচ্চ বুলি গণ্য কৰি আন ধর্মীয় গোটৰ প্রতি বৈৰিতা বা সন্দেহ পোষণ কৰা মনোভাবক সাম্প্রদায়িকতা কোৱা হয়।

৮। ধৰ্মনিৰপেক্ষতা কি?

উত্তৰঃ সকলো ধৰ্মৰ প্রতি সমান সম্মান আৰু সমান আচৰণ কৰা নীতিক ধৰ্মনিৰপেক্ষতা কোৱা হয়।

৯। ভাষাভিত্তিক ৰাজ্য গঠনৰ এটা উপকাৰ লিখা।

উত্তৰঃ প্রশাসন সহজ হয় আৰু মাতৃভাষাত শাসন ব্যবস্থা চলোবা যায়।

১০। নাগৰিক সমাজ কি?

উত্তৰঃ চৰকাৰৰ বাহিৰত থকা স্বেচ্ছাসেৱী আৰু সামাজিক সংগঠনসমূহক নাগৰিক সমাজ বুলি কোৱা হয়।

১১। আঞ্চলিকতাবাদৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ অর্থনৈতিক বৈষম্য।

১২। সংখ্যালঘু লোকসকলে ৰাজ্যৰ পৰা কিয় সুৰক্ষা বিচাৰে?

উত্তৰঃ নিজৰ সাংস্কৃতিক পৰিচয় আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ আৰু সংখ্যাগৰিষ্ঠৰ আধিপত্যৰ পৰা ৰক্ষা পাবলৈ।

১৩। সাম্প্রদায়িকতাৰ এটা ক্ষতিকাৰক প্রভাব লিখা।

উত্তৰঃ সামাজিক সংঘাত আৰু হিংসা সৃষ্টি কৰে।

১৪। ৰাষ্ট্ৰ আৰু ৰাজ্যৰ এটা পার্থক্য লিখা।

উত্তৰঃ ৰাষ্ট্ৰ হৈছে সাংস্কৃতিক ঐক্যৰ অনুভূতি, কিন্তু ৰাজ্য হৈছে ৰাজনৈতিক আৰু প্রশাসনিক সংগঠন।

১৫। নাগৰিক সমাজৰ এটা ভূমিকা লিখা।

উত্তৰঃ গণতান্ত্রিক জবাবদিহিতা বৃদ্ধি কৰে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment