Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Sociology Chapter 3 সামাজিক সংস্থাসমূহঃ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন

By Rabbi Masrur

Published On:

Class 12 Sociology Chapter 3 সামাজিক সংস্থাসমূহঃ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন

প্রথম খণ্ড

অধ্যায়-৩

সামাজিক সংস্থাসমূহঃ ধাৰাবাহিকতা আৰু পৰিৱৰ্তন (Social Instututions: Continuity and Change)

পাঠভিত্তিক প্রশ্নোত্তৰ

১) জাতি পদ্ধতিত পৃথকীকৰণ আৰু বিন্যাসৰ ধাৰণাবোৰৰ ভূমিকা কি?

উত্তৰঃ জাতি পদ্ধতিত “পৃথকীকৰণ” (Segregation) আৰু “বিন্যাস” (Hierarchy) দুটা মুখ্য বৈশিষ্ট্য। পৃথকীকৰণ মানে বিভিন্ন জাতিৰ লোকৰ মাজত সামাজিক দূৰত্ব ৰক্ষা কৰা, যেনে-বেলেগ বাসস্থান, বিবাহ আৰু খাদ্য গ্রহণৰ নিয়ম। বিন্যাস মানে উচ্চ আৰু নিম্ন স্থান অনুসাৰে জাতিসমূহৰ স্তৰীকৰণ। এই দুটা ধাৰণাই সমাজত সামাজিক বৈষম্য আৰু অসমতা বজাই ৰাখে আৰু জাতি পদ্ধতিক স্থিৰ কৰি ৰাখে।

২) জাতি পদ্ধতিয়ে আৰোপ কৰা কেইটামান বিধি কি কি?

উত্তৰঃ জাতি পদ্ধতিয়ে কিছুমান কঠোৰ বিধি আৰোপ কৰে, যেনে-

ক) অন্তঃবিবাহ (Endogamy) নিজৰ জাতিৰ ভিতৰতেই বিবাহ।

পিতৃৰ পেচা সন্তানেও গ্রহণ কৰা। খ) বৃত্তিৰ বংশানুক্রমিকতা

গ) খাদ্য আৰু সামাজিক সংস্পৰ্শৰ নিষেধাজ্ঞা।

ঘ) উচ্চ-নিম্ন স্পর্শবিধি।

ঙ) সামাজিক আৰু ধর্মীয় অধিকাৰত অসমতা।

৩) ঔপনিবেশিকতাবাদে জাতি পদ্ধতিলৈ কি কি পৰিবৰ্তন আনিছে?

উত্তৰঃ ব্রিটিছ শাসনৰ সময়ত জনগণনা আৰু আইনী ব্যৱস্থাই জাতিসমূহক নির্দিষ্ট ৰূপে লিপিবদ্ধ কৰে। আধুনিক শিক্ষা, ৰেলপথ আৰু নগৰীকৰণে সামাজিক সংস্পর্শ বৃদ্ধি কৰে। নতুন চাকৰি আৰু শিল্পক্ষেত্রত সকলো জাতিৰ লোকৰ অংশগ্রহণে পুৰণি বৃত্তিগত বাধা কিছু পৰিমাণে ভাঙি পেলায়। এইদৰে ঔপনিবেশিকতাবাদে জাতি পদ্ধতিত পৰিৱৰ্তনৰ সূচনা কৰিছে।

৪) তুলনামূলকভাবে নগৰীয়া উচ্চ জাতিৰ ক্ষেত্ৰত জাতি অস্পৃশ্য হৈ পৰা কথাষাৰে কি বুজাইছে?

উত্তৰঃ ইয়াৰ অৰ্থ হৈছে নগৰীয়া উচ্চ শিক্ষিত আৰু আর্থিকভাবে স্বাৱলম্বী উচ্চ জাতিৰ মাজত জাতিগত বাধা কিছু পৰিমাণে কমিছে। চাকৰি, শিক্ষা আৰু আধুনিক জীৱনশৈলীয়ে জাতিগত বৈষম্য হ্রাস কৰিছে। তথাপিও বিবাহ আৰু সামাজিক পৰিচয়ৰ ক্ষেত্ৰত জাতিৰ প্রভাব সম্পূর্ণরূপে নোহোৱা হোৱা নাই।

৫) ভাৰতত জনজাতিক কেনেদৰে শ্ৰেণীবিভক্ত কৰা হৈছে?

উত্তৰঃ ভাৰতত জনজাতিসকলক ভৌগোলিক অবস্থান, জীবিকা, সংস্কৃতি আৰু সামাজিক সংগঠনৰ ভিত্তিত শ্রেণীবিভক্ত কৰা হৈছে। যেনে-উত্তৰ-পূব, মধ্য ভাৰত আৰু দক্ষিণ ভাৰতৰ জনজাতি। চৰকাৰে “অনুসূচিত জনজাতি” হিচাপে স্বীকৃতি দিয়া গোটসমূহক বিশেষ সুবিধা প্রদান কৰে।

৬) “জনজাতি হৈছে সভ্যতাই স্পর্শ নকৰা অকলশৰীয়া জীৱন যাপন কৰা আদিম সম্প্রদায়” এই দৃষ্টিভংগীৰ বিপক্ষে কি প্রমাণ আছে?

উত্তৰঃ এই দৃষ্টিভংগী সম্পূর্ণ সঠিক নহয়। বহু জনজাতিয়ে বাণিজ্য, কৃষি আৰু আধুনিক শিক্ষাৰ সৈতে জড়িত। তেওঁলোকে ৰাজনীতি আৰু প্রশাসনতো অংশ লয়। আধুনিক যোগাযোগ ব্যৱস্থাই তেওঁলোকক মূলস্রোতৰ সমাজৰ সৈতে সংযুক্ত কৰিছে। সেয়ে জনজাতিসকল সম্পূর্ণ অকলশৰীয়া বা সভ্যতাৰ পৰা বিচ্ছিন্ন নহয়।

৭) বর্তমান জনজাতীয় পৰিচয়ৰ দাবীৰ আঁৰত থকা কাৰকবোৰ কি কি?

উত্তৰঃ বর্তমান জনজাতীয় পৰিচয়ৰ দাবীৰ আঁৰত থকা কাৰকবোৰ হ’লঃ

ক) ভূমি আৰু প্রাকৃতিক সম্পদ ৰক্ষা কৰাৰ প্ৰয়োজন।

খ) সাংস্কৃতিক পৰিচয় সংৰক্ষণ।

গ) আর্থ-সামাজিক অধিকাৰ লাভৰ দাবী।

ঘ) ৰাজনৈতিক স্বায়ত্তশাসনৰ আকাংক্ষা।

ঙ) শিক্ষাগত আৰু চাকৰিৰ সংৰক্ষণ সুবিধা।

৮) পৰিয়ালৰ বিভিন্ন আকৃতিসমূহ কি কি?

উত্তৰঃ পৰিয়ালৰ বিভিন্ন আকৃতি হৈছে-

ক) যৌথ পৰিয়াল

খ) একক পৰিয়াল

গ) মাতৃবংশীয় পৰিয়াল

ঘ) পিতৃবংশীয় পৰিয়াল

ঙ) একবিবাহী আৰু বহুবিবাহী পৰিয়াল।

৯) সামাজিক সংৰচনা (গঠন)ৰ পৰিবৰ্তনে কেনেদৰে পৰিয়ালৰ সংৰচনাৰ পৰিৱৰ্তন ঘটায়?

উত্তৰঃ নগৰীকৰণ, শিক্ষা, মহিলাৰ কৰ্মসংস্থান আৰু শিল্পায়নে পৰিয়ালসমূহক যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ পৰিৱৰ্তন আনিছে। আর্থিক স্বাৱলম্বিতা আৰু আধুনিক মূল্যবোধে পৰিয়ালৰ ভূমিকা আৰু আকাৰ সলনি কৰিছে। সেয়ে সামাজিক পৰিৱৰ্তনে পৰিয়ালৰ গঠন আৰু কার্যপদ্ধতিত পৰিৱৰ্তন ঘটায়।

১০) মাতৃবংশীয় আৰু মাতৃপ্ৰধানৰ মাজত পার্থক্য ব্যাখ্যা কৰা।

উত্তৰঃ মাতৃবংশীয় (Matrilineal) ব্যবস্থাত বংশ আৰু সম্পত্তি মাতৃৰ দিশেৰে অনুসৰণ কৰা হয়। উদাহৰণস্বৰূপে, কিছুমান জনজাতিত সন্তানৰ পৰিচয় মাতৃৰ পৰিয়ালৰ পৰা হয়। মাতৃপ্রধান (Matriarchal) ব্যৱস্থাত পৰিয়ালৰ সিদ্ধান্ত আৰু ক্ষমতা মাতৃ বা মহিলাৰ হাতত থাকে।
অর্থাৎ মাতৃবংশীয় ব্যৱস্থাত বংশানুক্ৰম মাতৃৰ দিশেৰে হয়, কিন্তু মাতৃপ্রধান ব্যৱস্থাত শাসন ক্ষমতা মহিলাৰ হাতত থাকে। দুয়োটা ধাৰণা একে নহয়।

অতিৰিক্ত প্রশ্নোত্তৰ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ

১। জাতি পদ্ধতিৰ মুখ্য ভিত্তি কি?

(ক) ব্যক্তিগত যোগ্যতা

(খ) জন্ম

(গ) শিক্ষা

(ঘ) সম্পত্তি

উত্তৰঃ (খ)

২। ‘এন্ডোগেমি’ বুলিলে কি বুজায়?

(ক) নিজৰ জাতিৰ ভিতৰত বিবাহ

(খ) জাতিৰ বাহিৰত বিবাহ

(গ) প্রেম বিবাহ

(ঘ) একাধিক বিবাহ

উত্তৰঃ (ক)

৩। অস্পৃশ্যতা কোন ব্যৱস্থাৰ লগত জড়িত?

(ক) শ্রেণী ব্যবস্থা

(খ) জাতি পদ্ধতি

(গ) গণতন্ত্র

(ঘ) ধৰ্মনিৰপেক্ষতা

উত্তৰঃ (খ)

৪। ঔপনিবেশিক শাসনে জাতি পদ্ধতিৰ ওপৰত কি প্ৰভাৱ পৰিছিল?

(ক) সম্পূর্ণ বিলুপ্ত হৈছিল

(খ) অধিক সংগঠিত হৈছিল

(গ) কোনো পৰিবৰ্তন নহ’ল

(ঘ) কেৱল গ্রাম্য এলেকাত সীমাবদ্ধ থাকিল

উত্তৰঃ (খ)

৫। ‘জনজাতি’ শব্দটো সাধাৰণতে কাক বুজাবলৈ ব্যৱহাৰ কৰা হয়?

(ক) নগৰীয়া লোক

(খ) শিল্পপতি

(গ) নিজস্ব সংস্কৃতি থকা জনগোষ্ঠী

(ঘ) বিদেশী নাগৰিক

উত্তৰঃ (গ)

৬। জনজাতিসকলক সাধাৰণতে কিহৰ ভিত্তিত শ্রেণীবিভক্ত কৰা হয়?

(ক) ভাষা আৰু ভৌগোলিক অৱস্থান

(খ) আয়

(গ) ৰাজনৈতিক দল

(ঘ) শিক্ষা

উত্তৰঃ (ক)

৭। মাতৃবংশীয় পদ্ধতিত বংশ কোনফালৰ পৰা গণনা কৰা হয়?

(ক) পিতৃৰ ফালৰ পৰা

(খ) মাতৃৰ ফালৰ পৰা

(গ) দুয়োফালৰ পৰা

(ঘ) কোনোফালৰ পৰা নহয়

উত্তৰঃ (খ)

৮। যৌথ পৰিয়ালত সাধাৰণতে কিমান প্রজন্ম একেলগে থাকে?

(ক) এটা

(খ) দুটা

(গ) কেইবাটাও

(ঘ) কোনোটা নহয়

উত্তৰঃ (গ)

৯। নিউক্লিয়াৰ (একক) পৰিয়াল বুলিলে কি বুজায়?

(ক) কেৱল স্বমী-স্ত্রী আৰু সন্তান

(খ) সম্পূর্ণ আত্মীয়

(গ) গাঁওবাসী

(ঘ) বন্ধুবর্গ

উত্তৰঃ (ক)

১০। নগৰীয়াকৰণে পৰিয়ালৰ ওপৰত কি প্রভাৱ পেলায়?

(ক) যৌথ পৰিয়াল বৃদ্ধি পায়

(খ) নিউক্লিয়াৰ পৰিয়াল বৃদ্ধি পায়

(গ) কোনো প্রভাব নাই

(ঘ) জনজাতি বিলুপ্ত হয়

উত্তৰঃ (খ)

১১। সংবিধানে অস্পৃশ্যতা কেতিয়া নিষিদ্ধ কৰে?

(ক) ১৯৪৭

(খ) ১৯৫০

(গ) ১৯৬২

(ঘ) ১৯৭৫

উত্তৰঃ (খ)

১২। সামাজিক সংস্থা বুলিলে কি বুজায়?

(ক) ব্যক্তিগত আচৰণ

(খ) সংগঠিত সামাজিক নিয়ম আৰু পদ্ধতি

(গ) কেৱল ৰাজনীতি

(ঘ) ব্যক্তিগত মতামত

উত্তৰঃ (খ)

১৩। আধুনিক শিক্ষাৰ প্ৰসাৰে জাতি পদ্ধতিত কি আনিছে?

(ক) অধিক কঠোৰতা

(খ) পৰিৱৰ্তন আৰু নমনীয়তা

(গ) সম্পূর্ণ অৱসান

(ঘ) কোনো প্রভার নাই

উত্তৰঃ (খ)

১৪। পিতৃতান্ত্রিক পৰিয়ালত ক্ষমতা সাধাৰণতে কাৰ হাতত থাকে?

(ক) মাতৃ

(খ) জীয়েক

(গ) পিতৃ

(ঘ) পুত্র

উত্তৰঃ (গ)

১৫। সামাজিক সংৰচনাৰ পৰিৱৰ্তন সাধাৰণতে কিহৰ লগত জড়িত?

(ক) সামাজিক আৰু অর্থনৈতিক পৰিৱৰ্তন

(খ) কেবল ধর্ম

(গ) কেৱল ভাষা

(ঘ) কেৱল সংস্কৃতি

উত্তৰঃ (ক)

চমু প্রশ্নোত্তৰ

১। জাতি পদ্ধতি কি?

উত্তৰঃ জন্মৰ ভিত্তিত গঢ়ি উঠা এক সামাজিক বিন্যাস ব্যৱস্থা।

২। এন্ডোগেমি মানে কি?

উত্তৰঃ নিজৰ জাতিৰ ভিতৰত বিবাহ কৰাৰ নিয়ম।

৩। জনজাতীয় পৰিচয় কিয় গুৰুত্বপূৰ্ণ?

উত্তৰঃ নিজৰ সংস্কৃতি আৰু অধিকাৰ সংৰক্ষণৰ বাবে।

৪। অস্পৃশ্যতা কি?

উত্তৰঃ কিছুমান জাতিক সামাজিকভাবে অপবিত্র বুলি গণ্য কৰা প্ৰথা।

৫। জনজাতি বুলিলে কি বুজা?

উত্তৰঃ নিজস্ব ভাষা, সংস্কৃতি আৰু পৰম্পৰা থকা জনগোষ্ঠী।

৬। যৌথ পৰিয়াল কি?

উত্তৰঃ কেইবাটাও প্রজন্ম একেলগে থকা পৰিয়াল।

৭। নিউক্লিয়াৰ পৰিয়াল কি?

উত্তৰঃ স্বামী-স্ত্রী আৰু সন্তানৰে গঠিত সৰু পৰিয়াল।

৮। মাতৃবংশীয় পদ্ধতি কি?

উত্তৰঃ মাতৃৰ ফালৰ পৰা বংশ পৰম্পৰা গণনা কৰা পদ্ধতি।

৯। পিতৃতান্ত্রিক ব্যবস্থা কি?

উত্তৰঃ য’ত পিতৃয়ে মুখ্য সিদ্ধান্ত লয়।

১০। ঔপনিবেশিকতাবাদ মানে কি?

উত্তৰঃ বিদেশী শক্তিৰ দ্বাৰা এখন দেশ শাসন কৰা।

১১। সামাজিক সংস্থা কি?

উত্তৰঃ সমাজৰ সংগঠিত নিয়ম আৰু ব্যবস্থা।

১২। নগৰীয়াকৰণ কি?

উত্তৰঃ গাঁওৰ পৰা নগৰলৈ জনসংখ্যাৰ স্থানান্তৰ আৰু নগৰ জীৱনৰ বিস্তাৰ।

১৩। সংবিধানৰ ১৭ নং অনুচ্ছেদে কি কয়?

উত্তৰঃ অস্পৃশ্যতা নিষিদ্ধ কৰিছে।

১৪। সামাজিক পৰিৱৰ্তন মানে কি?

উত্তৰঃ সমাজৰ গঠন আৰু নিয়মৰ পৰিৱৰ্তন।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment