Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি

By Rabbi Masrur

Published On:

Class 12 Sociology Chapter 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি

প্রথম খণ্ড

অধ্যায়-২

ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি (Demographic Structure of Indian Society)

পাঠভিত্তিক প্রশ্নোত্তৰ

১। জনসাংখ্যিক পৰিবৰ্তনৰ সিদ্ধান্তৰ মূল যুক্তিসমূহ ব্যাখ্যা কৰা। জনসংখ্যা বিস্ফোৰণৰ লগত পৰিৱৰ্তনৰ সময় কিয় জড়িত?

উত্তৰঃ জনসাংখ্যিক পৰিৱৰ্তনৰ সিদ্ধান্ত (Demographic Transition Theory) অনুসাৰে সমাজ এখন আর্থ-সামাজিক উন্নয়নৰ বিভিন্ন স্তৰত জনসংখ্যাৰ জন্ম আৰু মৃত্যুৰ হাৰত পৰিবৰ্তন ঘটে। ইয়াৰ তিনিটা মুখ্য স্তৰ আছে-

প্রথম স্তৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ দুয়ো বেছি থাকে।

দ্বিতীয় স্তৰত চিকিৎসা, পুষ্টি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ উন্নতিত মৃত্যুৰ হাৰ দ্রুতভাবে কমে, কিন্তু জন্মৰ হাৰ উচ্চ থাকে।

তৃতীয় স্তৰত জন্মৰ হাৰো ধীৰে ধীৰে কমে আৰু জনসংখ্যা স্থিৰ হয়।

দ্বিতীয় স্তৰত মৃত্যুৰ হাৰ কমি জন্মৰ হাৰ উচ্চ থাকি যোৱাৰ বাবে জনসংখ্যা হঠাৎ বৃদ্ধি পায়। এই অৱস্থাক জনসংখ্যা ‘বিস্ফোৰণ’ বোলা হয়। সেয়ে জনসংখ্যা বিস্ফোৰণ জনসাংখ্যিক পৰিৱৰ্তনৰ দ্বিতীয় স্তৰৰ লগত জড়িত।

২। গণ মৃত্যুৰ কাৰক হিচাপে দুর্ভিক্ষ আৰু মহামাৰীক কিয় অপৰিহাৰ্য বুলি মালথাছে বিশ্বাস কৰিছিল?

উত্তৰঃ Thomas Robert Malthus-এ বিশ্বাস কৰিছিল যে জনসংখ্যা জ্যামিতিক হাৰত বৃদ্ধি পায় কিন্তু খাদ্য উৎপাদন গাণিতিক হাৰত বৃদ্ধি পায়। সেয়ে জনসংখ্যা অধিক হ’লে প্রাকৃতিকভাবে দুর্ভিক্ষ, মহামাৰী, যুদ্ধ আদি ঘটনাই জনসংখ্যা নিয়ন্ত্রণ কৰে। তেওঁ এইবোৰক “Positive Checks” (ইতিবাচক ৰক্ষাকরচ) বুলি কৈছিল। তেওঁৰ মতে এই কাৰকসমূহ অপৰিহাৰ্য, কাৰণ ইহঁতে অতিৰিক্ত জনসংখ্যা হ্রাস কৰি সমাজত সুষমতা আনে।

৩। জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ বুলিলে কি বুজা? জন্মৰ হাৰ আনুপাতিকভাবে ধীৰ গতিত তললৈ নামিছে য’ত মৃত্যুৰ হাৰ দ্রুতভাবে কমিছে কিয়? ব্যাখ্যা কৰা।

উত্তৰঃ জন্মৰ হাৰ মানে নির্দিষ্ট সময়ত প্রতি হাজাৰ লোকত হোৱা জন্মৰ সংখ্যা। মৃত্যুৰ হাৰ মানে নির্দিষ্ট সময়ত প্রতি হাজাৰ লোকত হোৱা মৃত্যুৰ সংখ্যা। চিকিৎসা ব্যবস্থা, টিকাকৰণ, পৰিষ্কাৰ পানী আৰু পুষ্টিৰ উন্নতিৰ বাবে মৃত্যুৰ হাৰ দ্রুতভারে কমিছে। কিন্তু জন্মৰ হাৰ কমিবলৈ সামাজিক চিন্তাধাৰা, মহিলাৰ শিক্ষা, পৰিয়াল পৰিকল্পনা আদি ক্ষেত্রত সময় লাগে। সেয়ে জন্মৰ হাৰ ধীৰ গতিত কমে।

৪। ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা বৃদ্ধি পৰিপূৰক স্তৰৰ ওচৰত আছে? কোনখন ৰাজ্যত এতিয়াও জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি? আঞ্চলিক পার্থক্যৰ কাৰণ কি?

উত্তৰঃ Kerala আৰু Tamil Nadu-ত জনসংখ্যা বৃদ্ধি পৰিপূৰক স্তৰৰ ওচৰত আছে। Bihar আৰু Uttar Pradesh-ত এতিয়াও জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি। আঞ্চলিক পার্থক্যৰ কাৰণসমূহ হ’ল-শিক্ষাৰ স্তৰ, মহিলাৰ সাক্ষৰতা, স্বাস্থ্যসেবা, দৰিদ্রতা, নগৰীকৰণ আৰু সামাজিক সচেতনতা।

৫। জনসংখ্যাৰ বয়সৰ গাঁথনি বুলিলে কি বুজা? অর্থনৈতিক উন্নয়নৰ বাবে ই কিয় গুৰুত্বপূর্ণ?

উত্তৰঃ জনসংখ্যাৰ বয়সৰ গাঁথনি মানে বিভিন্ন বয়সৰ লোকৰ অনুপাত। জনসংখ্যা সাধাৰণতে ০-১৪ বছৰ, ১৫-৫৯ বছৰ আৰু ৬০ বছৰৰ ওপৰৰ শ্ৰেণীত বিভাজন কৰা হয়। কর্মক্ষম বয়সৰ লোক বেছি হ’লে উৎপাদনশীলতা বৃদ্ধি পায়। ইয়াক জনসংখ্যাগত সুবিধা (Demographic Dividend) বুলি কোৱা হয়। সেয়ে অর্থনৈতিক উন্নয়নৰ বাবে বয়সৰ গাঁথনি গুৰুত্বপূর্ণ।

৬। লিঙ্গ অনুপাত বুলিলে কি বুজা? লিঙ্গ অনুপাত হ্ৰাসৰ কাৰণ কি?

উত্তৰঃ লিঙ্গ অনুপাত মানে প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা।

লিঙ্গ অনুপাত হ্ৰাসৰ কাৰণসমূহ-

ক) কন্যা ভ্রূণ হত্যাৰ দৰে কু-প্রথা

খ) পুত্ৰ সন্তানৰ প্ৰতি অধিক আগ্রহ

গ) মহিলাৰ স্বাস্থ্যৰ প্রতি অবহেলা

ঘ) সামাজিক বৈষম্য

বর্তমানো কিছুমান ঠাইত পুত্র সন্তানক অগ্রাধিকাৰ দিয়া হয়, কাৰণ পুত্ৰ সন্তানে পৰিয়ালৰ নাম আগুৱাই নিয়ে আৰু বুঢ়া বয়সত পিতৃ-মাতৃৰ সহায় হয় বুলি ধাৰণা আছে। এই মনোভাবে সমাজত লিংগ সমতা হ্রাস কৰে।

৭। ভাৰতবৰ্ষই জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কি ব্যৱস্থা গ্রহণ কৰিছে? ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বত অগ্রগণ্য পদক্ষেপ গ্রহণ কৰিছে। ১৯৫২ চনত ভাৰতেই প্রথমবাৰ চৰকাৰীভাবে ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা কাৰ্যসূচী আৰম্ভকৰে। ইয়াৰ মুখ্য লক্ষ্য আছিল জনসংখ্যা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰি আৰ্থ-সামাজিক উন্নয়ন নিশ্চিত কৰা।

ভাৰতত গৰ্ভনিৰোধক সামগ্রী বিতৰণ, বন্ধ্যাকৰণ (sterilization) অভিযান, জন্ম নিয়ন্ত্ৰণৰ বিষয়ে সচেতনতা বৃদ্ধি আদি ব্যৱস্থা গ্রহণ কৰা হৈছে। চৰকাৰে “সৰু পৰিয়াল সুখী পৰিয়াল” ধাৰণাটো প্ৰচাৰ কৰি দুটা সন্তান গ্রহণ নীতিৰ ওপৰত গুৰুত্ব দিছে।

ইয়াৰ লগতে মহিলাৰ শিক্ষা বিস্তাৰ, মাতৃ আৰু শিশুৰ স্বাস্থ্যসেবা উন্নত কৰা, আৰু প্রাথমিক স্বাস্থ্যকেন্দ্র স্থাপন কৰাৰ দৰে পদক্ষেপো লোৱা হৈছে। এই সকলো ব্যৱস্থাই জনসংখ্যা বৃদ্ধিৰ হাৰ ধীৰে ধীৰে হ্ৰাস কৰাত সহায় কৰিছে।

৮। জনসাংখ্যিক আলোচনাৰ কেইটামান মূল সূচকৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ জনসাংখ্যিক সূচক হৈছে জনসংখ্যাৰ অৱস্থা বুজিবলৈ ব্যবহৃত কিছুমান পৰিমাপ।

ইয়াৰ মুখ্য সূচকসমূহ হ’ল-

(ক) জন্মৰ হাৰ প্রতি হাজাৰ লোকত হোৱা জন্মৰ সংখ্যা।

(খ) মৃত্যুৰ হাৰ – প্রতি হাজাৰ লোকত হোৱা মৃত্যুৰ সংখ্যা।

(গ) শিশুমৃত্যুৰ হাৰ শিশুমৃত্যুৰ সংখ্যা। প্রতি হাজাৰ জীবন্ত জন্মৰ বিপৰীতে এক বছৰৰ ভিতৰত হোৱা

(ঘ) জীৱনকালৰ আশা গড় হিচাপে এজন মানুহে কিমান বছৰ জীয়াই থাকিব পাৰে।

(ঙ) লিঙ্গ অনুপাত – প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা।

(চ) সাক্ষৰতাৰ হাৰ পঢ়া-লিখা কৰিব পৰা লোকৰ শতাংশ।

এই সূচকসমূহে এখন দেশৰ সামাজিক উন্নয়ন, স্বাস্থ্য ব্যবস্থা আৰু জীৱনমানৰ অবস্থা প্রকাশ কৰে।

৯। জনসাংখ্যিক অধ্যয়নক সমাজতত্ত্বৰ বাবে কিয় এক প্রয়োজনীয় বিষয় বুলি কোৱা হৈছে? ব্যাখ্যা কৰা।

উত্তৰঃ জনসাংখ্যিক অধ্যয়ন সমাজতত্ত্বৰ এটা গুৰুত্বপূর্ণ শাখা। সমাজৰ গঠন, আকাৰ, বয়স, লিঙ্গ অনুপাত আৰু জনসংখ্যা বৃদ্ধি সমাজৰ প্রতিটো ক্ষেত্রত প্রভার পেলায়।

বিবাহৰ ধাৰণা, পৰিয়ালৰ গঠন, কর্মসংস্থান, শিক্ষা, স্বাস্থ্য, নগৰীকৰণ আদি বিষয়সমূহ জনসংখ্যাৰ পৰিৱৰ্তনৰ লগত জড়িত। উদাহৰণস্বৰূপে, কর্মক্ষম বয়সৰ লোক বেছি হ’লে উৎপাদন বৃদ্ধি পায়, আৰু বৃদ্ধ লোক বেছি হ’লে উৎপাদন হ্রাস পায় আৰু সামাজিক নিৰ্ভৰশীলতা বৃদ্ধি পায়।

সেয়ে সমাজৰ সমস্যাবোৰ বুজিবলৈ আৰু পৰিকল্পনা প্রস্তুত কৰিবলৈ জনসাংখ্যিক তথ্য অতি প্রয়োজনীয়।

১০। জনসাংখ্যিক সমাজতত্ত্বত সাক্ষৰতাৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা কৰা।

উত্তৰঃ সাক্ষৰতা জনসাংখ্যিক পৰিৱৰ্তনৰ এটা মুখ্য কাৰক। শিক্ষিত মানুহে স্বাস্থ্য, পৰিয়াল পৰিকল্পনা আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে অধিক সচেতন হয়।

বিশেষকৈ মহিলাৰ সাক্ষৰতা বৃদ্ধি পালে বাল্যবিবাহ কমে, জন্মৰ হাৰ হ্রাস পায় আৰু মাতৃ-শিশুৰ স্বাস্থ্য উন্নত হয়। সাক্ষৰতাই আর্থিক স্বাবলম্বিতা বৃদ্ধি কৰে আৰু জীবনমান উন্নত কৰে।

সেয়ে সাক্ষৰতা জনসংখ্যা নিয়ন্ত্রণ আৰু সামাজিক উন্নয়নৰ ভিত্তি বুলি কোৱা হয়।

১১। ‘বাষ্ট্রীয় স্বাস্থ্য নীতি ২০১৭’ৰ কেইটামান মূল লক্ষ্য ব্যাখ্যা কৰা।

উত্তৰঃ National Health Policy 2017-ৰ মুখ্য লক্ষ্য আছিল সকলো নাগৰিকৰ বাবে সুলভ, সমান আৰু গুণগত স্বাস্থ্যসেবা নিশ্চিত কৰা।

এই নীতিয়ে শিশু মৃত্যুৰ হাৰ আৰু মাতৃ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ লক্ষ্য গ্রহণ কৰিছে। টিকাকৰণ আৰু ৰোগ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে।

ইয়াৰ লগতে চৰকাৰী স্বাস্থ্য ব্যয় বৃদ্ধি কৰি প্রাথমিক স্বাস্থ্যসেবা উন্নত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। নীতিখনৰ উদ্দেশ্য হৈছে স্বাস্থ্যসেবাক অধিক ন্যায়সংগত আৰু সহজলভ্য কৰি জনসাধাৰণৰ জীৱনমান উন্নত কৰা।

অতিৰিক্ত প্রশ্নোত্তৰ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ

প্রঃ জনসাংখ্যিক অধ্যয়ন কিহৰ সৈতে সম্পর্কিত?

(ক) মাটি

(খ) জনসংখ্যা

(গ) বন

(ঘ) বতাহ

উত্তৰঃ (খ)

প্রঃ প্রতি হাজাৰ লোকত জন্মৰ সংখ্যাক কি বোলা হয়?

(ক) মৃত্যুৰ হাৰ

(খ) জন্মৰ হাৰ

(গ) লিঙ্গ অনুপাত

(ঘ) জীবনকাল

উত্তৰঃ (খ)

প্রঃ প্রতি হাজাৰ লোকত মৃত্যুৰ সংখ্যাক কি বোলা হয়?

(ক) জন্মৰ হাৰ

(খ) মৃত্যুৰ হাৰ

(গ) শিশুমৃত্যু

(ঘ) আয়ু

উত্তৰঃ (খ)

প্রঃ লিঙ্গ অনুপাত মানে-

(ক) প্রতি হাজাৰ পুৰুষত মহিলাৰ সংখ্যা

(খ) প্রতি হাজাৰ মহিলাত পুৰুষৰ সংখ্যা

(গ) শিশুৰ সংখ্যা

(ঘ) বৃদ্ধ লোকৰ সংখ্যা

উত্তৰঃ (ক)

প্রঃ কর্মক্ষম বয়সৰ শ্ৰেণী কোনটো?

(ক) ০-১৪ বছৰ

(খ) ১৫-৫৯ বছৰ

(গ) ৬০ ঊর্ধ্ব

(ঘ) ৫-১০ বছৰ

উত্তৰঃ (খ)

প্রঃ জনসংখ্যা বিস্ফোৰণ কেতিয়া দেখা যায়?

(ক) জন্ম আৰু মৃত্যু সমান

(খ) মৃত্যুৰ হাৰ বেছি

(গ) মৃত্যুৰ হাৰ কমি জন্মৰ হাৰ উচ্চ থাকিলে

(ঘ) জনসংখ্যা হ্রাস পালে

উত্তৰঃ (গ)

প্রঃ শিশুমৃত্যুৰ হাৰ কিহৰ সূচক?

(ক) স্বাস্থ্য ব্যৱস্থা

(খ) বনাঞ্চল

(গ) বাণিজ্য

(ঘ) ৰাজনীতি

উত্তৰঃ (ক)

প্রঃ জীবনকালৰ আশা মানে-

(ক) জন্মৰ সংখ্যা

(খ) গড় আয়ু

(গ) মৃত্যুৰ সংখ্যা

(ঘ) বাল্যবিবাহ

উত্তৰঃ (খ)

প্রঃ জনসংখ্যাৰ বয়সৰ গাঁথনিয়ে বুজায়-

(ক) ধর্ম

(খ) ভাষা

(গ) বিভিন্ন বয়সৰ লোকৰ অনুপাত

(ঘ) অঞ্চল

উত্তৰঃ (গ)

প্রঃ উচ্চ জন্মৰ হাৰৰ এটা কাৰণ-

(ক) সাক্ষৰতা বৃদ্ধি

(খ) মহিলাৰ শিক্ষা

(গ) অশিক্ষা আৰু দৰিদ্ৰতা

(ঘ) নগৰ উন্নয়ন

উত্তৰঃ (গ)

প্রঃ জনসংখ্যা নিয়ন্ত্ৰণৰ এটা উপায়-

(ক) পৰিয়াল পৰিকল্পনা

(খ) বন নিধন

(গ) যুদ্ধ

(ঘ) স্থানান্তৰ

উত্তৰঃ (ক)

প্রঃ সাক্ষৰতা বৃদ্ধি পালে-

(ক) জন্মৰ হাৰ কমে

(খ) জন্মৰ হাৰ বাঢ়ে

(গ) মৃত্যুৰ হাৰ বাঢ়ে

(ঘ) জনসংখ্যা দ্রুত বাঢ়ে

উত্তৰঃ (ক)

প্রঃ জনগণনা কিমান বছৰৰ ব্যৱধানত হয়?

(ক) ৫ বছৰত

(খ) ৮ বছৰত

(গ) ১০ বছৰত

(ঘ) ১৫ বছৰত

উত্তৰঃ (গ)

প্রঃ কর্মক্ষম জনসংখ্যা বেছি হ’লে-

(ক) উৎপাদন হ্রাস পায়

(খ) উৎপাদন বৃদ্ধি পায়

(গ) মৃত্যু বৃদ্ধি পায়

(ঘ) ৰোগ বৃদ্ধি পায়

উত্তৰঃ (খ)

চমু প্রশ্নোত্তৰ

১। জনসংখ্যা মানে কি?

উত্তৰঃ কোনো অঞ্চলত বাস কৰা মুঠ লোকৰ সংখ্যাক ‘জনসংখ্যা’ বোলে।

২। জনসাংখ্যিক সূচক মানে কি?

উত্তৰঃ জনসংখ্যাৰ অৱস্থা বুজিবলৈ ব্যৱহৃত পৰিমাপকসমূহক ‘জনসাংখ্যিক সূচক’ বোলে।

৩। জন্মৰ হাৰ কিদৰে গণনা কৰা হয়?

উত্তৰঃ প্রতি হাজাৰ লোকত হোৱা জন্মৰ সংখ্যা হিচাপে গণনা কৰা হয়।

৪। মৃত্যুৰ হাৰ কিদৰে গণনা কৰা হয়?

উত্তৰঃ প্রতি হাজাৰ লোকত হোৱা মৃত্যুৰ সংখ্যা হিচাপে গণনা কৰা হয়।

৫। শিশুমৃত্যুৰ হাৰ কি?

উত্তৰঃ এক বছৰৰ ভিতৰত হোৱা শিশুৰ মৃত্যুৰ অনুপাত।

৬। লিঙ্গ বৈষম্য মানে কি?

উত্তৰঃ পুৰুষ আৰু মহিলাৰ মাজত অসম আচৰণ।

৭। জীবনকালৰ আশা কি বুজায়?

উত্তৰঃ এজন মানুহে গড় হিচাপে জীয়াই থকাৰ সম্ভাব্য সময়।

৮। কর্মক্ষম বয়সৰ লোক কিয় গুৰুত্বপূর্ণ?

উত্তৰঃ তেওঁলোকে উৎপাদন আৰু অর্থনৈতিক কাম-কাজত অংশ লয়।

৯। জনসংখ্যা বিস্ফোৰণ কি?

উত্তৰঃ কম সময় পৰিসৰত জনসংখ্যাৰ দ্রুত বৃদ্ধি।

১০। সাক্ষৰতা কি?

উত্তৰঃ পঢ়া আৰু লিখা কৰিব পৰা সামর্থ্য।

১১। উচ্চ জন্মৰ হাৰৰ এটা সামাজিক কাৰণ লিখা।

উত্তৰঃ অশিক্ষা।

১২। জনসংখ্যা নিয়ন্ত্ৰণৰ এটা চৰকাৰী ব্যবস্থা লিখা।

উত্তৰঃ পৰিয়াল পৰিকল্পনা কাৰ্যসূচী।

১৩। বয়সৰ গাঁথনি কিহৰ ওপৰত প্ৰভাৱ পেলায়?

উত্তৰঃ অর্থনৈতিক উন্নয়ন।

১৪। লিঙ্গ অনুপাত উন্নত হ’বলৈ কি প্রয়োজন?

উত্তৰঃ মহিলাৰ শিক্ষা আৰু সমতা।

১৫। জনসংখ্যা অধ্যয়ন কিয় প্রয়োজনীয়?

উত্তৰঃ সমাজৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে জনসংখ্যাৰ অধ্যয়ন অত্যাৱশ্যক।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment