আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ Class 12 Political Science Chapter 8 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
পাৰিপাৰ্শ্বিকতা আৰু প্রাকৃতিক সম্পদ Class 12 Political Science Chapter 8 Solutions
পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ (ENVIRONMENT AND NATURAL RESOURCES)
অধ্যায় – ৮
১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ১)
(ক) পৰিৱেশ বুলিলে কি বুজা?
উত্তৰ: পৰিৱেশ বুলিলে পানী, বায়ু, ভূমি আৰু এইবোৰৰ মাজত থকা অন্যান্য জীব-জন্তু, প্রাণী আদিব পাৰস্পৰিক সম্পর্কক বুজায়।
(খ) প্রাকৃতিক সম্পদ কি?
উত্তৰ: প্রাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰিব পৰা সম্পদকে প্রাকৃতিক সম্পদ বোলে।
(গ) কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়?
উত্তৰ: ৫ জুন।
(ঘ) পৰিবেশ প্ৰদূষণৰ এটি কাৰণ উল্লেখ কৰা।
উত্তৰ: ঔদ্যোগিকৰণ।
(ঙ) পৰিৱেশ সম্পর্কীয় ‘ষ্টকহম সম্মিলন’ কেতিয়া অনুষ্ঠিত কৰা হৈছিল?
উত্তৰঃ ১৯৭২ চনত।
(চ) ভাৰতে কেতিয়া ‘কী’য়টো প্রট ‘কল’ত স্বাক্ষৰ কৰিছিল? H.S. ’13
উত্তৰ: ২০০২ চনৰ আগষ্ট মাহত।
(ছ) ৰিঅ’ সম্মিলন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ: ১৯৯২ চনত।
(জ) পৰিৱেশ আন্দোলনৰ লগত জড়িত এটা আন্দোলনৰ নাম উল্লেখ কৰা।
উত্তৰ: চিপক’ আন্দোলন।
(ঝ) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত পৰিৱেশ সুৰক্ষা, বনাঞ্চল আৰু বন্যপ্রাণী ৰক্ষাৰ্থে চৰকাৰক নির্দেশনা দিয়া হৈছে?
উত্তৰ: ৪৮ (ক) অনুচ্ছেচদ।
(ঞ) United Nations Framework Convention on Climate কিমান চনত অনুষ্ঠিত হৈছিল?
উত্তৰঃ ১৯৯২ চনত।
(ট) কোনখন আয়োগে ১৯৮৭ চনত বহনক্ষম উন্নয়নৰ সংজ্ঞাটো আগবঢ়াইছিল? H.S. ’17, ’19
উত্তৰ: ব্ৰণ্ডটলেণ্ড আয়োগে।
(2) Kyoto Protocol কি? ই পৰিৱেশৰ কোনটো সমস্যাৰ লগত জড়িত?
উত্তৰ: Kyoto Protocol হ’ল এক আন্তর্জাতিক চুক্তি যি চুক্তিৰ যোগেদি উদ্যোগ প্রধান ৰাষ্ট্ৰসমূহক সেউজ গৃহ গেছ নির্গমন বন্ধ কৰাৰ লক্ষ্য স্থিৰ কৰি দিয়া হৈছে। ই পৰিৱেশ প্রদূষণ সমস্যাৰ লগত জড়িত।
(ড) ‘ভূ-শীর্ষ সম্মিলন’ কি?
উত্তৰ: ১৯৯২ চনৰ জুন মাহত ব্রাজিলৰ ৰাজধানী ৰিঅ’দা জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক সভাখনক ‘ভু-শীর্ষ সম্মিলন’ বুলি কোৱা হয়।
(ঢ) হয়নে নহয় কোরা: ‘ৰিঅ’ সম্মিলনে ২১ দফীয়া কাৰ্যসূচী গ্রহণ কৰিছিল।’
উত্তৰ: হয়।
(ণ) UNEP ৰ সম্পূর্ণ নাম কি?
উত্তৰ: United Nations Environment Programme.
(ত) UNFCCC ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ: United Nations Framework Conventions on Climate Change.
(থ) প্রথম বিশ্বক কি বুলি জনা যায়?
উত্তৰ: ‘গ্লোবাল নর্থ।
(দ) ১৯৯২ চনৰ ‘বসুন্ধৰা সম্মিলন’ত কিমানখন দেশে অংশ গ্রহণ কৰিছিল?
উত্তৰঃ ১৭০ খন বাষ্ট্রই।
(খ) ২১ দফীয়া কার্যসূচী কি? H.S. ’14
উত্তৰ: ১৯৯২ চনত ৰিঅ’ দি জেনেৰিঅ’ চহৰত অনুষ্ঠিত ‘ধৰিত্ৰী সম্মিলন’ত জলবায়ু পৰিবৰ্তন, জৈব বৈচিত্ৰতা, বননীকৰণ আদি সম্পর্কে মুঠ ২১ টা প্রস্তাব গ্রহণ কৰা হৈছিল। ইয়াকে ২১ দফীয়া কাৰ্যসূচী বোলে।
(প) খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠন কৰা হৈছিল?
উত্তৰ: ১৯৭৫ চনত।
(ফ) সেউজ গৃহ গেছ নির্গাসন মানে কি? H.S. ’19
উত্তৰ বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কাৰ্বন-ডাই-অক্সাইড, মিথেন, হাইড্র-ফ্লৰ’কাৰ্বন আদিয়ে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে। এইবোৰ গেছকে ‘সেউজ গৃহ গেছ নির্গাসন’ বুলি কোৱা হয়।
(ব) খালী ঠাই পূৰণ কৰাঃ
বসুন্ধৰা সম্মিলন —-ত—– চনত হৈছিল।
(ভ) সেউজ গৃহ গেছ বুলিলে কি বুজা?
উত্তৰ: বিঅ’ দ্যা জেনেৰিঅ’, ১৯৯২। H.S. ’15
উত্তৰ: সেউজ গৃহ গেছ বুলিলে বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নির্গমন হোৱা কাৰ্বন-ডাই-অক্সাইড, মিথেন, হাইড্র-ফ্লৰ’কার্বন আদি গেছক বুজায়।
২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ২)
(ক) উত্তৰ: ‘সমূহীয়া সম্পদ’ বুলিলে সেইবোৰ সম্পদকে বুজায় যিবোৰ কোনো গোষ্ঠী, গোট বা সম্প্রদায়ে সমূহীয়াভাৱে ব্যৱহাৰ বা উপভোগ কৰে। উদাহৰণস্বৰূপে নদ, হ্রদ, পাহাৰ, পার্ক ইত্যাদি।
সমূহীয়া সম্পদ’ বুলিলে কি বুজা?
(খ) খিলঞ্জীয়া অধিবাসী বুলিলে কি বুজা?
উত্তৰ: ৰাষ্ট্ৰসংঘই আগবঢ়োৱা সংজ্ঞা মতে, খিলঞ্জীয়া অধিবাসী হ’ল সেইসকল লোকৰ বংশধৰ, যিসকলে বর্তমান বসবাস কৰি থকা ভূখণ্ডত অন্য সংস্কৃতি অথবা অন্য জনগোষ্ঠীয় লোকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকক পৰাভূত কৰে।
(গ) গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন যোগোৱা দুটা গেছৰ নাম লিখা।
উত্তৰ কাৰ্বন-ডাই-অক্সাইড আৰু মিথেন।
(ঘ) সামূহিক সম্পদৰ দুটা উদাহৰণ দিয়া।
উত্তৰ: (১) পৃথিৱীৰ জলবায়ু আৰু (২) এন্টার্কটিকা মহাদেশ। H.S. ’13
(ঙ) ‘ভূ-ৰাজনীতি’ৰ অৰ্থ কি? বিশ্ব ৰাজনীতিত প্রাসঙ্গিকতা থকা দুটা সম্পদৰ নাম লিখা।
উত্তৰ: ‘ভূ-বাজনীতি’ৰ অৰ্থ হ’ল বিশ্বৰ সম্পদসমূহ কোনে কিমান, ক’ত, কেনেকৈ উপভোগ কৰিব তাৰ ৰাজনীতি। উদাহৰণ স্বৰূপে ফাৰাক্কা বান্ধক কেন্দ্ৰ কৰি বাংলাদেশ আৰু ভাৰতৰ মাজত হোৱা মত বিৰোধ। কাবেৰী নদীক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ দুখন ৰাজ্য তামিলনাডু আৰু কৰ্ণাটকৰ মাজত হোৱা বিৰোধ।
বিশ্ব ৰাজনীতিত প্রাসঙ্গিকতা থকা দুটা সম্পদ হ’ল খনিজাত তেল আৰু পানী।
(চ) বিশ্ব ৰাজনীতিত পাৰিপার্শ্বিক বিষয়সমূহ গুৰুত্বপূৰ্ণ বিষয়ত পৰিণত হৈছে কিয়?
উত্তৰ: বিশ্ব ৰাজনীতিত পাৰিপার্শ্বিক বিষয়সমূহ গুৰুত্বপূর্ণ বিষয়ত পৰিণত হোৱাৰ কাৰণ হ’ল- পাৰিপাৰ্শ্বিকতাৰ অৱনতিয়ে বিশ্বৰ মানব সভ্যতাৰ অস্তিত্বৰ সন্মুখত ভাবুকি স্বৰূপ হৈ পৰিছে। পাৰিপাৰ্শ্বিক অবস্থা অধোগামী হোৱাৰ ফলত জীবজগতলৈ নানান বিপর্যয় নামি আহি আছে যেনে- গোলকীয় উষ্ণতা বৃদ্ধি, খৰাং বতৰ, জলবায়ুৰ পৰিৱৰ্তন ইত্যাদি।
৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
(ক) সামূহিক (বিশ্বজনীন উমৈহতীয়া) সম্পদ বুলিলে কি বুজা? এই সম্পদবোৰ সংৰক্ষণৰ বাবে দুটা উপায় উল্লেখ কৰা। H.S. ’17
নাইবা
উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি? চমুকৈ আলোচনা কৰা।
উত্তৰ: সমূহীয়া সম্পদ বুলিলে সেইবোৰ সম্পদকে বুজায় যিবোৰ কোনো গোষ্ঠী, গোট বা সম্প্রদায়ে সমূহীয়াভাৱে ব্যৱহাৰ বা উপভোগ কৰে।
উদাহৰণ স্বৰূপে নদ, হ্রদ, পাহাৰ, পার্ক, জলবায়ু ইত্যাদি।
সামুহিক সম্পদবোৰ সংৰক্ষণৰ বাবে দুটা উপায় হ’ল-
(১) সামুহিক সম্পদসমূহ সংৰক্ষণৰ বাবে উত্তৰ বিশ্ব আৰু দক্ষিণ বিশ্বৰ দেশসমূহৰ মাজত সহযোগিতা আৰু ঐক্যমতত উপনীত হৈ সকলো সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব লাগিব।
(২) উপকূলীয় অঞ্চলসমূহত জনবসতি হ্রাস কৰি ইয়াৰ প্ৰদূষণ হ্রাস কৰিবলৈ চেষ্টা কৰিব লাগিব।
উন্নত আৰু ধনী ৰাষ্ট্ৰসমূহে পাৰিৱেশিক সমস্যা সমাধানৰ ক্ষেত্ৰত সকলো ৰাষ্ট্ৰৰ সমপৰিমাণৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কিন্তু উন্নয়শীল ৰাষ্ট্ৰসমূহে দাবী কৰিছে যে যিহেতু সিহঁত ঔদ্যোগিক ক্ষেত্রত পিছপৰা সেয়ে পৰিৱেশৰ ওপৰত সিহঁতৰ প্ৰভাৱ কম। গতিকে এই ক্ষেত্রত উন্নত দেশসমূহৰ দায়িত্ব আৰু কর্তব্য অধিক হোৱা উচিত। ১৯৯২ চনৰ ৰিঅ’ সম্মিলনত উক্ত যুক্তি মানি লোৱা হৈছে। কিন্তু পৰিৱেশ সুৰক্ষাৰ বাবে উন্নত আৰু অনুন্নত দুয়ো শ্ৰেণীৰ ৰাষ্ট্ৰসমূহে সমানে গুৰুত্ব দিয়া উচিত। সিহঁতে কিছুমান নীতি-নিয়ম উমৈহতীয়াভাবে পালন কৰাৰ লগতে
উদ্যোগিক ৰাষ্ট্ৰসমূহে বিশেষ কিছুমান নীতি মানি চলা উচিত।
(খ) বিঅ’ সম্মিলনৰ সিদ্ধান্ত বা ফলাফলবোৰ কি আছিল?
উত্তৰ: ব্রাজিলৰ ৰাজধানী ৰিঅ’ দা জেনেৰিঅ’ত ১৯৯২ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ উন্নয়ন বিষয়ক এখন সভা অনুষ্ঠিত হয়। এই সম্মিলনৰ ফলাফলবোৰ আছিল-
(১) পৃথিৱীৰ পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবর্ধনৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে সহযোগিতা কৰিব।
(২) বিশ্বৰ পাৰিপাৰ্শ্বিকতা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ পৃথকীকৃত দায়বদ্ধতা থাকিব।
(৩) এই সম্মিলনত জলবায়ুৰ পৰিবৰ্তন, জৈৱ বিচিত্রতা, বননিকৰণ আদিৰ দৰে বিষয়সমূহ অর্ন্তভূক্ত কৰি এখন ২১ দফীয়া কাৰ্যসূচী গ্ৰহণ কৰে। সেই কাৰ্যসূচীখনৰ ভিতৰত আছিল- জনসংখ্যা বৃদ্ধিত বাধা প্রদান, বায়ুমণ্ডলৰ ৰক্ষণাবেক্ষণ, নিৰ্বননীকৰণৰ বিৰোদ্ধে যুঁজ, জৈৱ বিচিত্রতা সংৰক্ষণ ইত্যাদি।
(গ) ৰাষ্ট্ৰসংঘই বিশ্বৰ পাৰিপাৰ্শ্বিকতা বিষয়ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশ্বৰ ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত কি ভূমিকা পালন কৰিছে?
উত্তৰ: ৰাষ্ট্ৰসংঘই বিশ্বৰ পাৰিপার্শ্বিকতা বিষয়ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছে। ই পৰিৱেশ কাৰ্যসূচীৰ অধীনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সভা-সমিতিৰ আয়োজন কৰাৰ লগতে পৰিৱেশ সংক্রান্তীয় সমস্যাসমূহৰ বিস্তৃত অধ্যয়ন কৰি সেইবোৰ সমস্যা সমাধানৰ বাবে ফলপ্রসু উপায় আবিষ্কাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ১৯৭২ চনত ৰাষ্ট্ৰসংঘৰ উদ্যোগত ষ্টকহ’লম সম্মিলন অনুষ্ঠিত হয়। ১৯৯২ চনত
ব্রাজিলৰ ৰিঅ’ দা জেনেৰিঅ’ত ভূ-শীর্ষক সম্মিলন অনুষ্ঠিত হয়। ইয়াৰ উদ্যোগত কী’য়টো আচৰণ বিধি গ্রহণ কৰা হয়।
এনেদৰে ৰাষ্ট্ৰসংঘই পাৰিপাৰ্শ্বিকতা বিষয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আছে।
(ঘ) খিলঞ্জীয়া লোকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে কেইটামান ব্যবস্থা উল্লেখ কৰা।
উত্তৰ: ৰাষ্ট্ৰসংঘই আগবঢ়োৱা সংজ্ঞা মতে, খিলঞ্জীয়া অধিবাসী হ’ল সেইসকল লোকৰ বংশধৰ, যিসকলে বর্তমান বসবাস কৰি থকা ভূখণ্ডত অন্য সংস্কৃতি অথবা অন্য জনগোষ্ঠীয় লোকে বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আহি তেওঁলোকক পৰাভূত কৰে। খিলঞ্জীয়া লোকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ উল্লেখ কৰিব পাৰি।
(১) বিশ্বৰ বিভিন্ন দেশৰ সংবিধানত খিলঞ্জীয়াসকলক ন্যায় প্রদানৰ বাবে সিহঁতক অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ তালিকাত স্থান দিয়া হৈছে।
(২) বহুতো দেশৰ সংবিধানত তেওঁলোকৰ অধিকাৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থাৰ উল্লেখ কৰা হৈছে। যেনে- চাকৰিৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা বেহাই, বিশেষ চৰকাৰী বাট্টা আদি।
(৩) যাতায়ত, যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ দ্বাৰা খিলঞ্জীয়া লোকসকলৰ মাজত বুজাবুজি আৰু সামুহিক ধাৰণাৰ সৃষ্টি কৰা হৈছে।
(ঙ) খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিবেশৰ মাজৰ সম্পৰ্ক কি চমুকৈ লিখা। H.S. ’18, 20
উত্তৰ: ৰাষ্ট্ৰসংঘই আগবঢ়োৱা সংজ্ঞা মতে, খিলঞ্জীয়া অধিবাসী হ’ল সেইসকল লোকৰ বংশধৰ, যিসকলে বর্তমান বসবাস কৰি থকা ভূখণ্ডত অন্য সংস্কৃতি অথবা অন্য জনগোষ্ঠীয় লোকে বিশ্বৰ বিভিন্ন প্রান্তৰ পৰা আহি তেওঁলোকক পৰাভূত কৰে।
খিলঞ্জীয়া লোকসকলে পৰিৱেশৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলে। কাৰণ জীৱন নিৰ্বাহৰ বাবে সিহঁত প্রকৃতিক ওপৰত সম্পূর্ণ নিৰ্ভৰশীল। সিহঁতৰ জীবন প্রণালী কৃত্রিমতা বর্জিত। সেয়ে সিহঁতৰ দ্বাৰা পৰিৱেশৰ প্রদূষণ নঘটে।
খিলঞ্জীয়া লোকসকলৰ সংস্কৃতি, আচাৰ-আচৰণ, সামাজিক ৰীতি-নীতি, বসবাসৰ প্ৰণালী পৰিৱেশ অনুকূল।
কিন্তু উন্নত বা উন্নশীল দেশৰ পৰা প্ৰব্ৰজন হোৱা লোকসকলৰ বাবে খিলঞ্জীয়া অধিবাসীসকলৰ অধিকাৰ খর্ব হোৱাৰ লগতে প্রাকৃতিক পৰিৱেশো প্রদূষিত হৈ আছে।
সেয়ে খিলঞ্জীয়া লোকসকলৰ অধিকাৰ ৰক্ষাৰ বাবে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই তলত দিয়া ব্যবস্থাসমূহ গ্রহণ কৰিছে।
(১) বিশ্বৰ বিভিন্ন দেশৰ সংবিধানত খিলঞ্জীয়াসকলক ন্যায় প্রদানৰ বাবে সিহঁতক অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ তালিকাত স্থান দিয়া হৈছে।
(২) বহুতো দেশৰ সংবিধানত তেওঁলোকৰ অধিকাৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থাৰ উল্লেখ কৰা হৈছে। যেনে- চাকৰিৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা ৰেহাই, বিশেষ চৰকাৰী বাট্টা আদি।
(৩) যাতায়ত, যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ দ্বাৰা খিলঞ্জীয়া লোকসকলৰ মাজত বুজাবুজি আৰু সামুহিক ধাৰণাৰ সৃষ্টি কৰা হৈছে।
৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
(ক) কী’য়ট প্রট ‘কল কি? ব্যাখ্যা কৰা।
উত্তৰঃ ১৯৯৭ চনৰ ডিচেম্বৰ মাহত জাপানৰ কী’য়ট চহৰত ৰাষ্ট্ৰসংঘৰ উদ্যোগত জলবায়ু সংক্রান্ত এক সম্মিলন অনুষ্ঠিত হয়। এই সম্মিলনত ১৫০ খন ৰাষ্ট্ৰই অংশ গ্রহণ কৰিছিল। এই সন্মিলনত গ্রহণ কৰা প্ৰস্তাৱসমূহ ‘কীয়ট প্রট’কল’ বুলি কোৱা হয়। ইয়াৰ প্ৰধান বিষয়বোৰ আছিল-
(ৰ) ৰাষ্ট্ৰসংঘৰ সংশ্লিষ্ট ৰাষ্ট্ৰসমূহে সিহঁতৰ সেউজ গৃহৰ নিৰ্গমন গড়ে ৫.২ শতাংশ হ্রাস কৰিব। সামগ্রিকভারে ২০১২ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰই সাত শতাংশ, ইউৰোপীয় ইউনিয়নে আঠ শতাংশ কানাডাই ছয় শতাংশ আৰু জাপানে ছয় শতাংশ হ্রাস কৰিব
(২) উন্নয়নশীল বিশ্বৰ ৰাষ্ট্ৰসমূহক লক্ষ্যসিদ্ধ নির্গমন হ্রাসকৰণৰ পৰা ৰেহাই দিয়া হৈছে। অৱশ্যে সেইবোৰ ৰাষ্ট্ৰই সেউজ গৃহ গেছ নির্গমন নিয়ন্ত্রণ কৰিবলৈ কাৰ্যপন্থা হাতত লব লাগিব।
(৩) চুক্তিত উল্লেখিত সেউজ গৃহ গেছ নির্গমন হ্রাসকৰণ ২০০৮ চনৰ পৰা ২০১২ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব।
(খ) পাৰিপার্শ্বিক বিষয়সমূহৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ বিষয়ে এটি টোকা লিখা।
নাইবা
বিশ্বজনীন পৰিবেশিক বিতর্কৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি আলোচনা কৰা। H.S. ’16
উত্তৰ ভাৰতবৰ্ষই পৰিৱেশৰ সমস্যাটো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিত পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ভাৰত চৰকাৰে বিভিন্ন সময়ত পৰিৱেশৰ ৰক্ষণাবেক্ষণৰ বাবে আইন প্রনয়ণ কৰি আহিছে। সেইবোৰৰ ভিতৰত ‘বন্য প্রাণী ৰক্ষণাবেক্ষণ আইন’ (১৯৭২), বন সংৰক্ষণ আইন’ (১৯৮০), পানী প্রদূষণ প্রতিৰোধ আৰু নিয়ন্ত্রণ আইন’ (১৯৭৪), বায়ু প্রদূষণ আৰু প্ৰতিৰোধ আৰু নিয়ন্ত্রণ আইন (১৯৮১) ইত্যাদি।
এইবোৰ আইন প্রনয়ণ কৰাৰ উপৰিও ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰিবেশ বিষয়ক সমস্যাটোৰ লগত ঘনিষ্ঠ ভাবে জড়িত হৈছে। ১৯৯৭ চনৰ কী’য়ট’ প্রট’কলত ভাৰতে ২০০২ চনত স্বাক্ষৰ কৰে।
২০০৯ চনৰ কোপেনহেগেন জলবায়ু সম্মিলনত ভাৰতবৰ্ষই দৃঢ় স্থিতি গ্রহণ কৰিছে। পৰিৱেশ সংক্রান্তীয় দিশবোৰ ৰক্ষণাবেক্ষণৰ বাবে ভাৰতে বহুতো উদ্যোগ গ্রহণ কৰিছে। উদাহৰণ স্বৰূপে প্ৰদূষণৰ মাত্রা হ্রাস কৰণৰ বাবে ‘যান-বাহন ইন্ধন নীতি’ গ্রহণ কৰি যান-বাহনত বিশুদ্ধ ইন্ধন ব্যৱহাৰৰ নিৰ্দেশ দিয়া হৈছে। ২০০১ চনত গ্রহণ কৰা শক্তি সংৰক্ষণ আইনৰ দ্বাৰা শক্তিৰ দক্ষতা বৃদ্ধিৰ বাবে উদ্যোগ গ্রহণ কৰা হৈছে। ২০০৩ চনত প্রনয়ণ কৰা বিদ্যুত আইনৰ দ্বাৰা নৱীকৃত শক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে। উল্লেখ্য যে নবীকৃত ইন্ধন কাৰ্যসূচী গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত বিশ্বৰ ভিতৰত সৰ্ববৃহৎ।
(গ) সাম্প্ৰতিক সময়ৰ ৰাজনীতিত তেল আৰু জলৰ তাৎপর্যৰ বিষয়ে লিখা।
উত্তৰ: সাম্প্রতিক বিশ্ব ৰাজনীতিত তেল আৰু জলে এক বিশেষ গুৰুত্ব বহন কৰিছে। তেল অতি অপৰিহাৰ্য আৰু সহজে বহন কৰিব পৰা গুণ থকাৰ বাবেই কুৰি শতিকাৰ বিশ্ব অর্থনীতি তেল নিৰ্ভৰ হৈ পৰিছে। বিশ্বৰ যাতায়ত ব্যৱস্থাত প্রয়োজন হোৱা ইন্ধনৰ ৯৫ শতাংশ আহে খাৰুৱা তেলৰ পৰা। ঔদ্যোগিক দিশত আগবঢ়া বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহ তেলৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল।
তেলৰ লগত জড়িত থকা বিশাল ধন-সম্পদৰ কাৰণে তেলৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰিবলৈ ৰাষ্ট্ৰসমূহৰ মাজত সংঘাত, কাজিয়া, অৰিয়া-অৰি আদিৰ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে আমেৰিকাৰ ইৰাক আক্রমণ, ইৰাকৰ কুবেট আক্রমণ, ইৰাণ- ইৰাকৰ যুদ্ধ ইত্যাদি। সেয়ে এইটো কোৱা হয় যে তেলৰ ইতিহাস হৈছে সংঘাত আৰু সংঘৰ্ষৰ ইতিহাস।
জল বা পানীৰ আন এক নাম হৈছে জীবন। পানী জীর জগত জীয়াই থকাৰ প্ৰাথমিক চৰ্ত বুলি কোৱা হয়। বিশ্বৰ ভূভাগৰ ৭১ শতাংশ পানী যদিও ইয়াৰ মাত্র অতি সামান্য অংশহে খোৱাৰ উপযুক্ত। বিশ্বত খোৱা পানীৰ বাবে প্রয়োজনীয় বিশুদ্ধ পানীৰ পৰিমাণ অতি দ্রুত হাৰত হ্রাস পাই আছে। ‘টিয়েৰ ফাণ্ড’ নামৰ এক সংস্থাই প্রকাশ কৰা প্ৰতিবেদনত কোৱা হৈছে যে ২০৫০ চনলৈ পৃথিৱী পৃষ্ঠৰ দহ শতাংশ অঞ্চললৈ খৰাং বতৰ বিস্তৃত হ’ব। বিশ্বজুৰি জলবায়ুৰ ব্যাপক পৰিৱৰ্তন হ’ব। ফলত উন্নয়শীল ৰাষ্ট্ৰৰ ২০ কৌটি লোক শৰণাৰ্থী হ’ব। তেতিয়া উন্নয়নশীল ৰাষ্ট্ৰত পানী যোগান এক বৃহৎ প্রত্যাহ্বান হিচাপে দেখা দিব। পানীক কেন্দ্ৰ কৰি বিশ্ব জুৰি সংঘাত আৰম্ভ হ’ব। কিছুমান চিন্তানায়কৰ মতে তৃতীয় বিশ্বযুদ্ধখন হেনো পানীৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত হোৱা সংঘাতৰ পৰিণতিত সংঘটিত হ’ব।
(ঘ) সম্পদৰ ভূ-ৰাজনীতিৰ বিষয়ে সমালোচনাত্মক আলোচনা কৰা। H.S. ’15
উত্তৰ: ‘ভু-বাজনীতি’ৰ অৰ্থ হ’ল বিশ্বৰ সম্পদসমূহ কোনে কিমান, ক’ত, কেনেকৈ উপভোগ কৰিব -তাৰ ৰাজনীতি। উদাহৰণ স্বৰূপে ফাৰাক্কা বান্ধক কেন্দ্ৰ কৰি বাংলাদেশ আৰু ভাৰতৰ মাজত হোৱা মত বিৰোধ। কাবেৰী নদীক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ দুখন ৰাজ্য তামিলনাডু আৰু কৰ্ণাটকৰ মাজত হোৱা বিৰোধ।
বিশ্ব ৰাজনীতিত প্রাসঙ্গিকতা থকা দুটা সম্পদ হ’ল খনিজাত তেল আৰু পানী। বিশ্বত এনে বহুতো অঞ্চল আছে যিবোৰ কোনো সার্বভৌম ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয়। এনেবাৰ অঞ্চল বিশ্বই সামুহিকভাবে শাসন কৰা উচিত। বিশ্বৰ এনে সম্পদবোৰৰ ভিতৰত পৃথিৱীৰ জলবায়ু, এন্টার্কটিকা মহাদেশ, বৰফাবৃত অঞ্চল, মহাকাশ আদি।
বিশ্বৰ এই সমুহীয়া সম্পদৰাজি ভোগ কৰা, উদ্ঘাটন কৰা আৰু ব্যৱহাৰ কৰাৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত সমন্বয় আৰু সহযোগিতা থকা প্রয়োজন। অৱশ্যে ১৯৫৯ চনৰ এন্টার্কটিকা সন্ধি, ১৯৮৭ চনৰ মন্টীলে আচৰণ বিধি, আৰু ১৯৯১ চনৰ এন্টার্কটিকা পাৰিপার্শ্বিকতা আচৰণ বিধিৰ দৰে সহযোগিতামূলক সমন্বয় গঠন কৰা হৈছে।