Join WhatsApp

Join Now

Join Telegram

Join Now

আন্তর্জাতিক সংগঠনসমূহ Class 12 Political Science Chapter 6 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ আন্তর্জাতিক সংগঠনসমূহ Class 12 Political Science Chapter 6 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

আন্তর্জাতিক সংগঠনসমূহ Class 12 Political Science Chapter 6 Solutions

আন্তর্জাতিক সংগঠনসমূহ Class 12 Political Science Chapter 6 Solutions

আন্তর্জাতিক সংগঠনসমূহ (INTERNATIONAL ORGANISATIONS)

অধ্যায় – ৬

১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)

(ক) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য আছে। (খালী ঠাই পৰণ কৰা)। H.S. ’17

উত্তৰ: ৫ খন।

(খ) ভেটো ক্ষমতাই কি বুজায়?

উত্তৰ: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনো সিদ্ধান্ত গ্রহণ কৰাৰ ক্ষেত্ৰত ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰই বিৰোধিতা কৰিব পৰা ক্ষমতাকে ‘ভেটো ক্ষমতা’ বুলি কোৱা হয়।

(গ) ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য কি?

উত্তৰ: বিশ্ব শান্তি বক্ষা কৰা।

(ঘ) NGO সমূহৰ এটা দুর্বলতা লিখা।

উত্তৰ: NGO সমূহে নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে।

(ঙ) জাতিসংঘ কেতিয়া গঠিত হৈছিল?

উত্তৰ: ১৯২০ চনত।

(চ) ‘যুদ্ধতকৈ বকবকনি বেছি ভাল’- কোনে কৈছিল?

উত্তৰ: উইনস্টোন চার্চিল।

(ছ) ৰাষ্ট্ৰসংঘ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰ: ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে।

(জ) ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ইয়াৰ চনদখনত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?

উত্তৰ: ৫১ খন সদস্য ৰাষ্ট্ৰই।।

(বা) IAEA-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: International Atomic Energy Agency.

(ঞ) বর্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য ৰাষ্ট্ৰ আছে?

উত্তৰ: ১৯২ খন।

(ট) ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্রধান কোন আছিল?

উত্তৰ: নৰবে’ৰ ট্ৰিগ্ৰ ভি লাই।

(ঠ) কোনটো দিনত ৰাষ্ট্ৰসংঘ দিবস পালন কৰা হয়?

উত্তৰ: ২৪ অক্টোবৰ।

(ড) ৰাষ্ট্ৰসংঘলৈ বৃহৎ বৰঙণিদাতা দেশখনৰ নাম কি?

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্র।

(ঢ) কোন চনত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল?

উত্তৰঃ ২০০৬ চনত।

(ণ) ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল?

উত্তৰ: বিজয়লক্ষ্মী পণ্ডিত।

(ত) ‘বিগ থ্রি’ বুলিলে কাক কাক বুজায়?

উত্তৰ: ৰুজভেল্ট, চার্চিল আৰু ষ্টেলিন।

(থ) ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কাৰ্যবাহীৰ নাম কি? H.S. ’16

উত্তৰ সাধাৰণ পৰিষদ।

(দ) শান্তি গঢ়া আয়োগ কেতিয়া গঠন কৰা হৈছিল? H.S. ’13

উত্তৰঃ ২০০৫ চনত।

(ধ) এখন এককেন্দ্রিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্রাসঙ্গিকতা কি?

উত্তৰ: ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তা প্রতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে।

(ন) ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল?

উত্তৰঃ ১৯৪৫ চনত।

(প) ‘এমনেস্টি ইন্টাৰনেচনেল কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰ: ১৯৬১ চনত, লগুণত।

(ফ) ‘হিউমেন ৰাইট বাচ্চ’ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৭৮ চনত।

(ব) ‘হিউমেন ৰাইট বাচ্চ ‘ক পূর্বতে কি নামেৰে জনা গৈছিল?

উত্তৰ: ‘হেলচিনকি বাচ্চ’ নামেৰে।

(ভ) ‘হিউমেন ৰাইট বাচ্চ’ৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰ: নিউয়র্ক চহৰত।

(ম) ‘আন্তর্জাতিক পাৰমাণৱিক ইন্ধন এজেঞ্চি’ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫৭ চনৰ ২৯ জুলাইত।

(ঘ) ২০১১ চনত কোনদেশৰ পাৰমাণবিক কেন্দ্রত বিস্ফোৰণ ঘটি অসংখ্য মানুহৰ জীৱন নাশ হৈছিল?

উত্তৰ: জাপানত।

(ব) বিশ্ব বেংকৰ পৰা সৰ্বাধিক ঋণ গ্রহণ কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ ভাৰত আৰু চীন।

(ল) বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰ: চুইজাৰলেণ্ডৰ জেনেভাত।

(ব) U. N. O.-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: United Nations Organisation.

(শ) UNESCO-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: United Nations Educational Scientific and Cultural Organisation.

(ঘ) ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন সদস্য ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল? H.S. ’15

উত্তৰ: ৫১ খন।

(স) ‘বিশ্ব বেংক’ কেতিয়া প্রতিষ্ঠা হৈছিল? H.S. ’12

উত্তৰ: ১৯৪৫ চনত।

(স) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইখন স্থায়ী সদস্য বাষ্ট্ৰ আৰু কেইখন অস্থায়ী সদস্য ৰাষ্ট্ৰ আছে? H.S. ’14

উত্তৰঃ স্থায়ী সদস্য ৰাষ্ট্ৰ ৫ খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ ১০ খন।

(য) SAARC ৰ প্ৰথমখন শীর্ষ সম্মিলন ক’ত অনুষ্ঠিত হৈছিল? H.S. ’20

উত্তৰ: ঢাকাত।

(ব) ‘ৰিয় সম্মিলনে ‘কাৰ্যসূচী ২১’ নামৰ উন্নয়নমূলক কাৰ্যসূচীক অনুমোদন জনাইছিল। (হয়নে নহয় লিখা) H.S. ’19

উত্তৰঃ হয়।

২। চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক- ২)

(ক) আন্তঃজাতিক সংগঠনৰ প্রয়োজনীয়তা কি?

উত্তৰ: বিশ্ব শান্তি ৰক্ষা কৰা, যুদ্ধৰ সম্ভাৱনাক নাইকীয়া কৰা আৰু আন্তৰাষ্ট্ৰীয় বিৰোধমূলক বিষয়সমূহ আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন।

(খ) ৰাষ্ট্ৰসংঘ এটি অতি ৰাষ্ট্ৰনে? যুক্তি দিয়া।

উত্তৰ: ৰাষ্ট্ৰসংঘক এটি অতি ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। ইয়াৰ কাৰণ হ’ল ই কোনো সার্বভৌম অনুষ্ঠান নহয়। ই ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ ওপৰত কোনো সর্বভৌম ক্ষমতা বা কর্তৃত্ব প্রয়োগ কৰিব নোৱাৰে। এই সংগঠন ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ ইচ্ছা আৰু বুজা-বুজিৰ জৰিয়তেহে গঢ়ি উঠিছে।

(গ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা।

উত্তৰ: আমেৰিকা, ৰাচিয়া, ইংলণ্ড, ফ্রান্স আৰু চীন।

(ঘ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে ভোগ কৰা দুটা সুবিধা উল্লেখ কৰা।

উত্তৰ: (১) ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহে ভেটো প্রয়োগৰ অধিকাৰ আছে।

(২) ভেটো ক্ষমতা প্রয়োগ কৰি স্থায়ী সদস্য ৰাষ্ট্ৰই কোনো জৰুৰী সিদ্ধান্ত কাৰ্যকৰী কৰাত বাধা আৰোপ কৰিব পাৰে।

(ঙ) সমগ্র বিশ্বত মানৱাধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা অনুষ্ঠানৰ নাম লিখা।

উত্তৰ: ‘এমনেস্ট্রি ইন্টাৰনেচনেল’ আৰু ‘হিউমেন ৰাইটচ বাচ্চ’।

(চ) বর্তমান বিশ্বত আন্তঃর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ তাৎপর্য কি? H.S. ’19

উত্তৰ: আন্তঃৰাষ্ট্ৰীয় বিবাদ আৰু বিৰোধমূলক বিষয়সমূহ আলাপ-আলোচনাৰ মাধ্যমেৰে সমাধান কৰি যুদ্ধৰ সম্ভাৱনাক নাইকীয়া কৰাত আৰু

শান্তি বাহাল ৰখাত বৰ্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংঙ্গিকতা আৰু তাৎপর্য আছে।

(ছ) ৰাষ্ট্ৰসংঘৰ দুটা সংগঠনৰ নাম লিখা যি সামাজিক আৰু আৰ্থিক বিষয়ৰ লগত জড়িত?

উত্তৰঃ (১) অর্থনৈতিক আৰু সামাজিক পৰিষদ (২) আন্তর্জাতিক শ্রমিক সংস্থা।

(জ) নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি?

উত্তৰ: ভাবতে শান্তি আৰু অহিংসা নীতি-আদৰ্শৰ ওপৰত বিশ্বাসী। ই যিকোনো ধৰণৰ অস্ত্র প্রয়োগৰ বিৰোধী। বিশ্বত এখন শান্তিপ্রিয় ৰাষ্ট্ৰ হিচাপে ই

সদায় নিৰস্ত্ৰীকৰণৰ সপক্ষে মাত মাতি আহিছে।

(ঝ) নিৰাপত্তা পৰিষদৰ গাঁথনি সম্পর্কে লিখা।

উত্তৰ: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ এক শক্তিশালী অঙ্গ। ইয়াত দুই প্ৰকাৰৰ সদস্য আছে। ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্যৰে এই পৰিষদ গঠিত।

(ঞ) বিশ্ব বেংক কোন চনত স্থাপন কৰা হৈছিল? ইয়াৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা। H.S. ’20

উত্তৰঃ ১৯৪৫ চনত।

বিশ্ব বেংকৰ এটা কাৰ্য হ’ল ই ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰলৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে ঋণ আৰু অনুদান আগবঢ়ায়।

৩। মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ৪)

(ক) নিৰাপত্তা পৰিষদৰ কাৰ্যাবলী লিখা।

উত্তৰ: ৰাষ্ট্ৰসংঘৰ এক প্রধান অংগ হ’ল নিৰাপত্তা পৰিষদ। ইয়াৰ কাৰ্যাৱলীসমূহ হ’ল-

(১) নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰৰ মাজত কোনো বিবাদ বা বিৰোধী বিষয় সম্পর্কে আলোচনা কৰিব পাৰে, তদন্ত কৰিব পাৰে আৰু এনে বিবাদৰ শান্তিপূর্ণ মীমাংসাৰ বাবে পৰামৰ্শ আগবঢ়াব পাবে।

(২) স্থায়ী সদস্য ৰাষ্ট্ৰই ইয়াৰ ভেটো ক্ষমতাৰ প্ৰয়োগৰ দ্বাৰা পৰিষদে কোনো সিদ্ধান্ত লোৱাত বাধা প্রদান কৰিব পাৰে।

(৩) নিৰাপত্তা পৰিষদৰ নিৰ্বাচনী ক্ষমতাৰ দ্বাৰা কোনো নতুন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিব পাৰে।

(৪) কোনো সদস্য ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত নিৰপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন।

(খ) নিৰাপত্তা পৰিষদত তুমি ভাৰতৰ স্থায়ী সসদস্যপদ বিচৰানে? যুক্তিসহ উত্তৰ দিয়া। H.S. ’16, ’18

উত্তৰঃ তলত দিয়া কাৰণসমূহৰ বাবে নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদ দাবী কৰাৰ যুক্তিযুক্ততা আছে। যেনে-

(১) ভাৰতবৰ্ষ বিশ্বৰ এক বৃহত্ত্বৰ গণতান্ত্রিক ৰাষ্ট্ৰ আৰু ই গণতান্ত্রিক মূল্যবোধক স্বীকৃতি দিয়ে।

(২) ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ।

(৩) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ বঢ়ঙনি আগবঢ়ায়।

(৪) বর্তমান অর্থনৈতিক ক্ষেত্ৰত ভাৰত আগবঢ়া। এছিয়াৰ ভিতৰত অর্থনৈতিক দিশত ইয়াৰ স্থান দ্বিতীয়। উক্ত কাৰণবোৰৰ বাবে আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ বিচৰাটো যুক্তিসংগত।

(গ) বিশ্ব বেংকৰ ওপৰত এটি টোকা লিখা।

অথবা

বিশ্ব বেংক কোন চনত স্থাপিত হৈছিল? ইয়াৰ কাৰ্যাবলী আলাচনা কৰা। H.S. ’19

উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ লগে লগে ১৯৪৫ চনত বিশ্ব বেংক গঠন কৰা হয়। ইয়াৰ প্ৰধান কার্যাবলীসমূহ হ’ল-

(১) বিশ্ব বেংকে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰলৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে ঋণ আৰু অনুদান আগবঢ়ায়।

(২) বিশ্ব বেংকে কৃষি, মানব সম্পদ, গ্রাম্য উন্নয়ন, পৰিৱেশ সুৰক্ষা আদি বিভিন্ন দিশৰ বিকাশ আৰু উন্নয়নৰ হকে কাম কৰে।

(৩) আন্তর্জাতিক বাণিজ্যৰ ক্ষেত্ৰত দীর্ঘকালীন ভাৰসাম্য স্থাপনৰ বাবে ই আন্তর্জাতিক বিনিয়োগৰ ওপৰত গুৰুত্ব দিয়ে।

(৪) ই ধন বিনিয়োগৰ জৰিয়তে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহলৈ পুনর্গঠন আৰু উন্নয়নৰ হকে কাম কৰে।

(ঘ) শীতল যুদ্ধৰ পিছত বিশ্বত কি কি পৰিৱৰ্তনৰ সূচনা হৈছে।

উত্তৰ: শীতল যুদ্ধৰ পিছত অর্থাৎ ১৯৯১ চনৰ পিছত বিশ্বত ৰাজনৈতিক, সামৰিক, অর্থনৈতিক আদি বিভিন্ন দিশত বহুত পৰিৱৰ্তনৰ সূচনা হৈছে, যেনে-

(১) আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বত অদ্বিতীয় শক্তি হিচাপে আবির্ভাব হৈছে।

(২) চীন অতি দ্রুত গতিত অর্থনৈতিক উন্নয়নৰ পিনে ধাবিত হৈছে।

(৩) এছিয়াৰ অর্থনীতি অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

(৪) বিশ্বত উদাৰনৈতিক গণতন্ত্ৰৰ সম্প্রসাসৰণ হৈছে। নেপালত ৰাজতন্ত্ৰৰ অৱসান হৈছে।

(৫) সাম্যবাদী দেশসমূহৰ মাজত আমেৰিকাৰ সহযোগিতা স্থাপন হৈছে।

(ঙ) এমনেস্টি ইন্টাৰনেচনেলৰ কাৰ্যসমূহ লিখা।

উত্তৰ: ১৯৬১ চনত এমনেস্টি ইন্টাৰনেচনেল গঠন হয়। ইয়াৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল-

(১) মহিলা, শিশু, নাবালক আৰু স্থানীয় লোকৰ অধিকাৰ সুৰক্ষা দিয়া।

(২) শাৰীৰিক আৰু মানসিক নির্যাতনৰ অৱসান ঘটোৱা।

(৩) মৃত্যুদণ্ডৰ অৱসান ঘটোৱা।

(৪) শৰণাৰ্থীৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিয়া।

(৫) বন্ধীক অধিকাৰ প্ৰদান কৰা।

(৬) মানৱ মৰ্যাদাৰ ৰক্ষণাবেক্ষণ দিয়া।

(চ) ৰাষ্ট্ৰসংঘ এটা নিখুঁত অত্যাবশ্যকীয় আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে? কাৰণ দর্শোৱা। H.S. ’13

উত্তৰ: দ্বিতীয় বিশ্ব যুদ্ধৰ অন্ত পৰাৰ লগে লগে বিশ্বত শান্তি আৰু শৃঙ্খলাৰ বাবে ৰাষ্ট্ৰসংঘৰ জন্ম হয়। তেতিয়াৰ পৰা ই বিশ্ব শান্তি স্থাপনত বিশেষ ভূমিকা গ্রহণ কৰি আছে। বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত উদ্ভব হোৱা বিবাদসমূহৰ এক শান্তিপূর্ণ সমাধানৰ ক্ষেত্রত প্রতিষ্ঠানটোৱে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে। তদুপৰি বিশ্বই এনে কিছুমান সমস্যা বা প্রত্যাহ্বানৰ সন্মুখীন হয় যি সমস্যাসমূহ সকলো ৰাষ্ট্ৰৰ সম্মিলিত প্রচেষ্টাৰ অবিহনে সম্ভব নহয়। এনে ক্ষেত্রত এই আন্তর্জাতিক সংগঠনটোৱে সকলো ৰাষ্ট্ৰৰ মাজত সহযোগিতা স্থাপনৰ চেষ্টা কৰে। উদাহৰণস্বৰূপে কিছুমান বেমাৰ বিশ্বৰ বহুতো ৰাষ্ট্ৰৰ মিলিত শক্তিৰ সহযোগত ৰাষ্ট্ৰসংঘৰ উদ্যোগত সম্পূর্ণরূপে নির্মূল হৈছে।
সেয়ে ৰাষ্ট্ৰসংঘক এক নিখুঁত অত্যাবশ্যকীয় আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ক’ব পাৰি।

৪। ৰচনাধর্মী প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)

(ক) ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পৰিষদৰ ওপৰত এটি টোকা লিখা।

উত্তৰ: ন্যাসৰক্ষী পৰিষদ ৰাষ্ট্ৰসংঘৰ এটি বিশেষ অঙ্গ। এই পৰিষদৰ ওপৰত ৰাষ্ট্ৰসংঘৰ চনদে কিছুমান অঞ্চলৰ প্ৰশাসনৰ দায়িত্ব অর্পণ কৰিছে। ইয়াৰ অধীনত পৰিচালিত অঞ্চলসমূহত অর্থনৈতিক, ৰাজনৈতিক, শিক্ষা-সংস্কৃতি আদি বিভিন্ন দিশত উন্নতি সাধন কৰাই ন্যাসৰক্ষী পৰিষদৰ প্ৰধান উদ্দেশ্য। ন্যাসৰক্ষী পৰিষদত তিনি শ্রেণীৰ সদস্য থাকে। যেনে-

প্রথম, ন্যাস অঞ্চলসমূহৰ শাসনৰ দায়িত্বত থকা ৰাষ্ট্ৰবোৰ।

দ্বিতীয়, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰ।

তৃতীয়, সাধাৰণ সভাই নিৰ্বাচন কৰা সদস্যসকল।

ন্যাসৰক্ষী পৰিষদৰ মূল কাম ন্যাসৰ দ্বাৰা শাসিত অঞ্চলৰ সর্বাঙ্গীন উন্নয়ন সাধন কৰা। কিন্তু ১৯৪৫ চনত আৰম্ভ কৰা এই ন্যাস ব্যৱস্থাৰ অধীনত থকা ভালেকেইখন ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিছে। ১৯৯৪ চনত ন্যাসৰ অধীনত থকা ‘পালান’ নামৰ ৰাষ্ট্ৰখনে স্বাধীনতা লাভ কৰাৰ পিছত বর্তমান ন্যাসৰ অধীনত কোনো অঞ্চল নাই বুলিব পাৰি। ইয়াৰ গুৰুত্ব ক্রমান্বয়ে নাইকীয়া হৈ আহিছে।

(খ) শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে?

উত্তৰ: দ্বিতীয় বিশ্ব যুদ্ধৰ ধ্বংসলীলাৰ পৰা বিশ্বক পুনৰ সংস্থাপনৰ উদ্দেশ্যলৈ ৰাষ্ট্ৰসংঘৰ জন্ম হয়। ৰাষ্ট্ৰসংঘই যুদ্ধোত্তৰ যুগত বিশ্ব শান্তি প্রতিষ্ঠাৰ হকে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছিল। সেই সময়ত বিশ্বত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ আৰম্ভ হয়। কিন্তু ১৯৯১ চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হোৱাত বিশ্বৰ ৰাজনীতিত এক পৰিৱৰ্তন আৰম্ভ হয়। ৰাষ্ট্ৰসংঘৰো দৃষ্টিভঙ্গীৰ পৰিৱৰ্তন হয়।
শীতল যুদ্ধৰ অন্তত ৰাষ্ট্ৰসংঘই বিভিন্ন ধৰণৰ কাৰ্যপন্থা আৰু আঁচনি হাতত লয়। বিশেষকৈ বৃহৎ শক্তি গোষ্ঠীৰ আদৰ্শগত আৰু সামৰিক প্ৰতিযোগিতাৰ অন্ত পৰাৰ লগে লগে সমগ্র বিশ্বতে নিৰস্ত্ৰীকৰণ নীতি অৱলম্বনৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়। তদুপৰি সেই সময়ত বিশ্বৰ উমৈহতীয়া পুঁজি গঠন কৰা হয়। এই বৃহৎ উমৈহতীয়া পুঁজিৰ জৰিয়তে তৃতীয় বিশ্বৰ দেশবোৰক অর্থনৈতিক সাহায্য প্রদান কৰিবলৈ প্ৰয়াস কৰা হয়। ইয়াৰ উপৰিও বৃহৎ শক্তি গোষ্ঠীৰ আধিপত্যৰ অৱসান ঘটাবলৈ এছিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দৰে সৰু-বৰ ৰাষ্ট্ৰই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।

(গ) ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন আৰু ভবিষ্যত সম্পর্কে আলোচনা কৰা। H.S. ’20

নাইবা

ৰাষ্ট্ৰসংঘত সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পর্কে চমুকৈ লিখা। H.S. ’17

উত্তৰ দ্বিতীয় বিশ্ব যুদ্ধৰ অন্ত পৰাৰ লগে লগে বিশ্বত শান্তি আৰু শৃঙ্খলাৰ বাবে ৰাষ্ট্ৰসংঘৰ জন্ম হয়। তেতিয়াৰ পৰা ই বিশ্ব শান্তি স্থাপনত বিশেষ ভূমিকা গ্রহণ কৰি আছে। বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত উদ্ভৱ হোৱা বিবাদসমূহৰ এক শান্তিপূর্ণ সমাধানৰ ক্ষেত্রত প্রতিষ্ঠানটোৱে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে। তদুপৰি বিশ্বই এনে কিছুমান সমস্যা বা প্রত্যাহ্বানৰ সন্মুখীন হয় যি সমস্যাসমূহ সকলো ৰাষ্ট্ৰৰ সন্মিলিত প্রচেষ্টাৰ অবিহনে সম্ভৱ নহয়।

কিন্তু সময় পৰিৱৰ্তনশীল। পৰিৱৰ্তনশীল সময়ৰ লগে লগে মানুহৰ দৃষ্টিভংগী আৰু সমস্যাৰ দিশো পৰিৱৰ্তন হয়। সেয়ে পৰিৱৰ্তনৰ লগত খাপ-খুৱাই বিশ্বক শান্তি আৰু উন্নয়নৰ পথত আগবঢ়াই নিবৰ বাবে ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন বা সংস্কাৰৰ প্ৰয়োজন আছে। বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সাংগঠনিক আৰু প্রক্রিয়াগত সংস্কাৰ আৰু ইয়াৰ অধিকাৰৰ ক্ষেত্ৰতো সংস্কাৰৰ প্ৰয়োজন আছে বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে। ৰাষ্ট্ৰসংঘ কোনো সিদ্ধান্তৰ বিৰুদ্ধে ভেটো ক্ষমতা প্রদান কৰা বিষয়টোও সংস্কাৰ হ’ব লাগে বুলি বহুতে মত পোষণ কৰে। ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্রিক দেশ এখনক ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য পদ দিব লাগে বুলিও প্রস্তাব উত্থাপিত হৈ আহিছে। সেয়ে ৰাষ্ট্ৰসংঘৰ পুনৰ গঠন বা সংস্কাৰৰ প্ৰয়োজন আছে।

বিশ্বত শান্তি, শৃঙ্খলা আৰু ৰাষ্ট্ৰসমূহৰ মাজত সম্ভাৱ বজাই ৰাখিবলৈ ৰাষ্ট্ৰসংঘৰ দৰে সংগঠনৰ বিশেষ প্রয়োজন আছে। অৱশ্যে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সকলো সমস্যা সমাধান কৰিব পৰা নাই যদিও ই বিশ্ব শান্তি প্রতিষ্ঠানত যথেষ্ট ভূমিকা গ্রহণ কৰিছে। ই অনুন্নত দেশসমূহৰ আৰ্থিক প্রগতি বিকাশতো বিশেষ কার্যপন্থা গ্রহণ কৰিছে। সেয়ে অনাগত দিনতো বিশ্ব শান্তি আৰু প্ৰগতিৰ বাবে ৰাষ্ট্ৰসংঘৰ দৰে অনুষ্ঠানৰ প্রাসংগিকতা আছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×