আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ দ্বি-মেৰুকৰণৰ অৱসান Class 12 Political Science Chapter 2 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
দ্বি-মেৰুকৰণৰ অৱসান Class 12 Political Science Chapter 2 Solutions
👉 Read also:
দ্বি-মেৰুকৰণৰ অৱসান (THE END OF BIPOLARITY)
অধ্যায় – ২
১। অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ১)
(ক) বার্লিন দেৱালৰ দৈৰ্ঘ কিমান কিলোমিটৰ আছিল?
উত্তৰঃ ১৫০ কি. মি.।
(খ) বার্লিন দেৱাল’ৰ কেতিয়া পতন হয়?
উত্তৰঃ ১৯৮৯ চনত।
(গ) ‘ছোভিয়েট গণৰাজ্যৰ ভিতৰত কোনখন গণৰাজ্য প্রথমে স্বাধীন বুলি ঘোষণা কৰে?
উত্তৰঃ লিথুৱানিয়া।
(ঘ) শ্বক থেৰাপী (Shock Therapy) মানে কি? H.S. ’15
উত্তৰঃ সমাজবাদী গোষ্ঠী পতনৰ পিছত পূৰ্বৰ সমাজবাদী ৰাষ্ট্ৰবোৰক পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ যি প্রক্রিয়া বিশ্ববেংক আৰু আন্তঃর্জাতিক মুদ্রা নিধিৰ উদ্দ্যোগত আৰম্ভ হৈছিল, তাকে বিশ্ব বাজনীতিত ‘Shock Therapy’ বুলি কোৱা হয়।
(ঙ) CIS ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ CIS ৰ সম্পূৰ্ণ ৰূপটো হ’ল Commonwealth of Independent States.
(চ) কোন চনত ৰাষ্ট্ৰসংঘত ৰাছিয়াই পূৰ্বৰ ছোভিয়েট ইউনিয়ৰ আসন গ্রহণ কৰিছিল?
উত্তৰঃ ১৯৯১ চনত।
(ছ) কোনখন দেশৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অবসান ঘটায়?
উত্তৰঃ ছোভিয়েট ইউনিয়ন।
(জ) পূৰ্বৰ ছোভিয়েট ইউনিয়নত কিমানখন গণৰাজ্য আছিল?
উত্তৰঃ ১৫ খন।
(ঝ) বলচেভিক সাম্যবাদী দলৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ বৰিচ য়াল্টচিন।
(ঞ) কেতিয়া ছোভিয়েট ৰাছিয়াৰ জন্ম হয়?
উত্তৰঃ ১৯১৭ চনত।
(ট) কেতিয়া পাৰমাণবিক নিঃসম্প্ৰসাৰণ চুক্তি স্বাক্ষৰিত হৈছিল? H.S. ’15
উত্তৰঃ ১৯৬৪ চনৰ ১ জুলাইত।
(ঠ) ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত বিশ্বত কোন শক্তি একক মহাশক্তি হৈছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
(ড) দুই মহাশক্তিৰ নাম লিখা।
উত্তৰঃ দুই মহাশক্তি হ’ল- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্র ছোভিয়েট ৰাছিয়া।
(ঢ) কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আণরিক বোমা নিক্ষেপ কৰিছিল?
উত্তৰঃ ১৯৪৫ চনত।
(ণ) কোন চনত বাৰশ্ব সন্ধি ভংগ হৈছিল?
উত্তৰঃ ১৯৯১ চনত।
(ত) বলছেভিক কমিউনিষ্ট পার্টিৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ লেলিন।
(থ) কেতিয়া ছোভিয়েট ৰাছিয়াৰ উত্থান হয়?
উত্তৰঃ ১৯১৭ চনত।
(দ) কেতিয়া দ্বি-মেৰুকৰণৰ অৱসান ঘটে?
উত্তৰঃ ১৯৯১ চনত।
(খ) কোনে ছোভিয়েট ৰাছিয়াত সংস্কাৰ আৰম্ভ কৰিছিল?
উত্তৰঃ মিখাইল গর্বাচেভে।
(ন) চোভিয়েট ৰাছিয়াৰ পতনৰ তাৎক্ষণিক কাৰণ কি আছিল?
উত্তৰঃ চোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে গর্বাচভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰত পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়নৰ পৰিসমাপ্তি ঘটে।
(প) কোনখন দেশৰ পতনক ‘দ্বিতীয় বিশ্বৰ পতন’ বুলি কোৱা হয়? H.S. ’19
উত্তৰঃ ছোভিয়েট ইউনিয়ন।
(ফ) এক মেৰু ৰাষ্ট্ৰ বুলিলে কি বুজা? H.S. ’17
উত্তৰঃ ‘এক মেৰু ৰাষ্ট্ৰ’ বুলিলে এনে এখন ৰাষ্ট্ৰক বুজোৱা যি বিশ্বৰ সৰ-বৰ অন্যান্য ৰাষ্ট্ৰৰ ওপৰত সামৰিক, ৰাজনৈতিক, অর্থনৈতিক আৰু সাংস্কৃতিক প্রভাৱ বিস্তাৰ কৰে।
(ভ) ছোভিয়েট ইউনিয়নত ৰাজনৈতিক আৰু অর্থনৈতিক সংকট কোনে আৰম্ভ কৰিছিল? H.S. ’16
উত্তৰঃ মিখাইল গর্বাচভে।
২। চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ২)
(ক) ছোভিয়েট ইউনিয়নৰ পতনৰ আকস্মিক কাৰণ কি?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ পতনৰ আকস্মিক কাৰণ হ’ল গৰ্বাচভৰ ‘গ্লাছনোষ্ট’ আৰু পেৰেষ্ট্ৰাইক’ নামৰ সংস্কাৰ কাৰ্যসূচী।
(খ) ‘দ্বিতীয় বিশ্ব’ বুলিলে কি বুজা? H.S. ’14
উত্তৰঃ পূৱ ইউৰোপৰ দেশসমূহ বিশেষকৈ যিবোৰ ৰাষ্ট্ৰই ‘বাৰশ্ব চুক্তি’ত চহী কৰিছিল, তেনে দেশসমূহক সম্মিলিতভাবে ‘দ্বিতীয় বিশ্ব’ বা ‘সমাজবাদী গোট’ বুলি কোৱা হয়।
(গ) গর্বাচভে আৰম্ভ কৰা দুটা সংস্কাৰৰ উল্লেখ কৰা। H.S. ’15, ’19
উত্তৰঃ গৰ্বাচভে আৰম্ভ কৰা দুটা সংস্কাৰ হ’ল ‘মুক্ত বাতাবৰণ’ আৰু ‘পুনৰ গঠন’ নামৰ সংস্কাৰ।
(ঘ) ইতিহাসৰ বৃহৎ আবর্জনা বিক্রি (Garbage Sale) কি?
উত্তৰঃ ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিয়ন্ত্রণাধীন বৃহৎ উদ্যোগিক এলেকাসমূহৰ পতন ঘটাৰ ফলস্বৰূপে প্রায় ৯০ শতাংশ উদ্যোগ প্রতিষ্ঠানক ব্যক্তিগত কোম্পানীক বিক্রি কৰিব লগা হোৱাকেই ইতিহাসত ‘বৃহৎ আবর্জনা বিক্রি’ বুলি কোৱা হয়।
(ঙ) ছোভিয়েট বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা।
উত্তৰঃ ৰাছিয়া আৰু বেলাৰুচ।
(চ) ‘শ্বক থেৰাপী’ৰ দুটা নেতিবাচক প্রভাব লিখা।
উত্তৰঃ ‘শ্বক থেৰাপী’ৰ দুটা নেতিবাচক প্রভাৱ হ’ল-
এক, ছোভিয়েট ৰাছিয়াৰ মুদ্রা মূল্য হাস পায় আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পায়। দুই, ছোভিয়েট বাছিয়াৰ সাম্যবাদী আদৰ্শৰ ভিত্তিত প্রৱৰ্তিত হৈ থকা কল্যাণমূলক আঁচনিসমূহ লোপ পায়।
(ছ) ‘শ্বক থেৰাপী’ৰ ৰাজনৈতিক পৰিণতি কি?
উত্তৰঃ শ্বক থেৰাপী’ৰ ৰাজনৈতিক পৰিণতি হ’ল-
এক, পুঁজিবাদী শাসন ব্যৱস্থাৰ সম্প্ৰসাৰণ।
দুই, ছোভিয়েট বাণিজ্যিক গোষ্ঠীৰ পতন।
তিনি, স্বাধীন হোৱা ৰাষ্ট্ৰবোৰৰ দ্বাৰা স্বাধীন ৰাষ্ট্ৰৰ কমনবেলথ গঠন।
(জ) সাম্যবাদী শাসনৰ অন্ত পৰাৰ পিছত ত্রাসিক অথবা ‘আতংক প্ৰতিকাৰ ব্যৱস্থাৰ’ অর্থ কি?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ভাঙোনৰ পিছত ইয়াৰ ৰাষ্ট্ৰসমূহে পুঁজিবাদী ব্যবস্থা গ্রহণ কৰাৰ ফলত যি ত্ৰাসৰ সৃষ্টি হৈছিল তাৰ পৰা উপশম পাবলৈ বিশ্ব বেংক আৰু আন্তর্জাতিক মুদ্রা নিধিয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল। এই ব্যবস্থাকে ‘আতংক প্ৰতিকাৰ ব্যৱস্থা’ বুলি কোৱা হয়।
৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
(ক) ভাৰত আৰু ৰাছিয়াৰ মাজত ভাল সম্পর্ক আছে বুলি তুমি ভাবানে? চাৰিটা কাৰণ দিয়া।
উত্তৰঃ ভাৰত আৰু ছোভিয়েট ৰাছিয়াৰ মাজত সুসম্পর্ক আছে বুলি ক’ব পাৰি, কাৰণ-
এক, মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰমাণবিক শক্তিৰ ক্ষেত্ৰত ৰাছিয়াই ভাৰতলৈ সহযোগিতা আগবঢ়াইছে।
দুই, দুয়োখন দেশে বাণিজ্য, বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্রব্যৰ বে-আইনী ব্যবসায়ক নিয়ন্ত্ৰণ কৰাৰ বাবে চুক্তি সম্পাদন কৰিছে।
তিনি, ‘ভাৰত-বাছিয়া কূট-কৌশল চুক্তি, ২০০১’ ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্রায় ৮০ খনতকৈ অধিক দ্বিপাক্ষীক চুক্তিত স্বাক্ষৰ কৰিছে।
চাৰি, ২০০৪ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ কালত দুয়োখন দেশে প্রতিৰক্ষা, কাৰিকৰী কৌশল আৰু অর্থনৈতিক সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
(খ) ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল কিয়? চাৰিটা কাৰণ দশোৱা।
অথবা
ছোভিয়েট ইউনিয়ন কিয় ধ্বংস হৈছিল? ইয়াৰ কাৰণবোৰ আলোচনা কৰা।
উত্তৰঃ ১৯১৭ চনত ছোভিয়েট ৰাছিয়া ৰাজতন্ত্ৰৰ পৰা গণতন্ত্রলৈ পর্যবসিত হোৱাৰ পিছত মার্ক্সীয় সমাজবাদ প্রতিষ্ঠা হৈছিল। কিন্তু জনসাধাৰণ এই পদ্ধতিত সন্তুষ্ট হোৱা নাছিল। কাৰণ-
এক, ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ব্যবস্থা জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল। এই ব্যবস্থা আমোলাতান্ত্রিক আৰু প্ৰভুত্ববাদীৰ ৰূপ লৈছিল। ফলত জনসাধাৰণৰ সমৰ্থন হেৰুৱাইছিল।
দুই, ছোভিয়েট ব্যবস্থাত জনসাধাৰণতকৈ দলীয় নেতাসকলে অধিক সা-সুবিধা ভোগ কৰিছিল। ফলত জনসাধাৰণ অসন্তুষ্ট হৈছিল।
তিনি, ছোভিয়েট ব্যৱস্থাত সাংগঠনিক দুর্বলতা আৰু দুর্নীতি আছিল বাবে জনসাধাৰণ সন্তুষ্ট হোৱা নাছিল।
চাৰি, নেতাসকল স্বৈৰাচাৰী হৈ পৰিছিল। জনসাধাৰণেও নিজ দায়িত্বৰ প্ৰতি অৱহেলা প্রদর্শন কৰিছিল।
(গ) ছোভিয়েট ইউনিয়নৰ বিভাজনৰ প্রভাব বা ফলাফল চমুকৈ লিখা। H.S. ’20
নাইবা
ছেঅভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা। H.S. ’14
উত্তৰঃ ১৯৯১ চনত ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গর্বাচভে পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়নৰ পতন ঘটে। ইয়াৰ প্ৰভাৱ বা ফলাফল সমূহ হ’ল-
এক, ছোভিয়েট ৰাছিয়াৰ পতনে আমেৰিকাক বিশ্বৰ একমাত্র মহাশক্তিধৰ দেশ বুলি পৰিগণিত কৰে।
দুই, ছোভিয়েট ৰাছিয়াৰ পতনত পুঁজিবাদী ব্যৱস্থা শক্তিশালী হৈ উঠে আৰু সমাজবাদী ধাৰণাৰ প্ৰতি জনসাধাৰণৰ আস্থা কমি আহে।
তিনি, ছোভিয়েট ৰাছিয়াৰ ভাঙোনৰ পিছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হয়।
চাৰি, ছোভিয়েট বাছিয়াৰ পতনৰ পিছত অন্যান্য জাতি গোট যেনে ইউৰোপীয় সংঘ, নেচন স্টেট আদি শক্তিশালী ৰূপত আত্মপ্রকাশৰ সুবিধা পায়।
(ঘ) গৰ্বাচভৰ সংস্কাৰ নীতিবোৰৰ বৈশিষ্ট্য পৰীক্ষা কৰা।
উত্তৰঃ ৰাছিয়া সংঘৰ ৰাষ্ট্ৰপতি মিখাইল গর্বাচভে ৰাছিয়াৰ বিকাশৰ বাবে’ মুক্ত বাতাবৰণ’ আৰু ‘পুনৰ গঠন’ নামৰ সংস্কাৰমূলক নীতি গ্রহণ কৰিছিল। এই সংস্কাৰ নীতিয়ে- পশ্চিমীয়া ৰাজনৈতিক দর্শন আৰু মুক্ত অর্থনীতিৰ পথ মুকলি কৰে।
এই সংস্কাৰ নীতিৰ পৰিণতিত উৎসাহিত হৈ বিভিন্ন জনগোষ্ঠীৰ লোকে স্বাধীনতাৰ দাবী উত্থাপন কৰে আৰু জাতীয়তাবাদী আন্দোলনে গা কৰি উঠে।
গৰ্বাচভে গ্ৰহণ কৰা সংস্কাৰমূলক নীতি যুক্তি সহকাৰে জনসাধাৰণৰ ওচৰত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমর্থন হেৰুৱায় আৰু পদত্যাগ কৰিবলগীয়া হয়। ই ছোভিয়েট ইউনিউনৰ ভাঙোনৰ কাৰণ।
(ঙ) ছোভিয়েট ইউনিয়নৰ পৰা নতুনকৈ উদ্ভৱ হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থা সম্পর্কে চমু টোকা লিখা। H.S. ’14
উত্তৰঃ ১৯৯১ চনত সমাজবাদী ৰাষ্ট্ৰ ছোভিয়েট ইউনিয়নৰ পতন হোৱাত বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয়। ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীন বা ফালৰি কাটি অহা সেই নতুন নতুন ৰাষ্ট্ৰবোৰে নিজৰ নিজৰ আশা আকাঙ্খা পূৰণৰ অর্থে বাল্টিক অঞ্চল আৰু পুৱ ইউৰোপৰ লগত থাকিবলৈ ইচ্ছা প্রকাশ কৰে। সেয়ে সেইবোৰ ৰাষ্ট্ৰই ‘নাটো’ৰ সদস্যভুক্ত হয়। কেন্দ্রীয় এচিয়াৰ দেশসমূহে নিজ ভৌগোলিক অবস্থানৰ সুবিধা গ্ৰহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰিও পশ্চিমীয়া দেশ, চীন আৰু আমেৰিকাৰ লগত সুসম্পর্ক বজাই ৰখাৰ পক্ষপাতী।
৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)
(ক) কি কি কাৰণত গর্বাচভে ছোভিয়েট বাছিয়াত সংস্কাৰ নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছিল?
উত্তৰঃ গৰ্বাচভে তলত দিয়া কাৰণত সংস্কাৰ নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছিল-
এক, সেই সময়ত পাশ্চাত্য দেশসমূহত তথ্য-প্রযুক্তিৰ ক্ষেত্ৰত এক বৈপ্লবিক পৰিৱৰ্তন সাধিত হৈছিল কিন্তু ৰাছিয়া এই ক্ষেত্ৰত পিচ পৰি আছিল। সেয়ে সংস্কাৰ নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছিল।
দুই, বাছিয়াই বার্ষিক বাজেটৰ অধিকাংশ পৰমাণু শক্তি বৃদ্ধি আৰু সামৰিক অস্ত্র-শস্ত্র নির্মাণত ব্যয় কৰিছিল। এই কার্যই দেশৰ অর্থনৈতিক অৱস্থাৰ ওপৰত বিৰূপ ক্ৰিয়া কৰিছিল।
তিনি, ছোভিয়েট ৰাছিয়াই ১৯৭৯ চনত আফগানিস্থান আক্রমণ কৰিছিল। ফলস্বৰূপে ছোভিয়েট ব্যবস্থা অধিক দুৰ্বল হৈ পৰে, উৎপাদনৰ পৰিমাণ হ্রাস পায় আৰু কাৰিকৰী দিশত ই পিছ পৰি ৰয়। পৰিণাম স্বৰূপে ভোগজাত সামগ্ৰীৰ নাটনি হৈছিল। প্রতি বছৰে খাদ্য-বস্তুৰ আমদানিৰ পৰিমাণ বৃদ্ধি পাইছিল।
সেয়ে অর্থনৈতিক বিকাশ সাধনৰ বাবে মিখাইল গর্বাচভে সংস্কাৰ নীতি গ্রহণ কৰিবলৈ বাধ্য হৈছিল।
(খ) ছোভিয়েট ইউনিয়নৰ বিভাজনৰ কাৰণসমূহ আলোচনা কৰা।
নাইবা
ছোভিয়েট ইউনিয়ন কিয় ভংগ হৈছিল? আলোচনা কৰা। H.S. ’15, 17, 19
উত্তৰঃ ১৯৯১ চনত ছোভিয়েট ইউনিয়ন পতন হয়। ইয়াৰ প্ৰধান কৰাণবোৰ হ’ল-
এক, ছোভিয়েট ৰাছিয়াৰ ভাঙোনৰ অন্যতম কাৰণ হ’ল ভুল নেতৃত্বৰ শাসন। ই সমাজবাদী আদর্শত বিশ্বাসী আছিল যদিও জনসাধাৰণৰ আশা-আকাঙ্খা পূৰণ কৰাত ব্যর্থ হৈছিল।
দুই, ছোভিয়েট ইউনিয়নৰ পতনৰ আন এক কাৰণ হ’ল- প্রশাসনিক ব্যৱস্থাত দেখা দিয়া দুর্নীতি। শাসনত থকা লোকসকলে অধিক সুবিধা ভোগ কৰিবলৈ লৈছিল, ফলত ই জনসমর্থন হেৰুৱাইছিল।
তিনি, বিভিন্ন গণৰাজ্যৰ জনসাধাৰণৰ মাজত জাতীয়তাবোধৰ উত্থান হৈছিল আৰু সিহঁতে ছোভিয়েট ইউনিয়নৰ পৰা স্বতন্ত্র হ’বলৈ বিচাৰিছিল।
চাৰি, ছোভিয়েট বাছিয়াই ৰাজনৈতিক আৰু প্রশাসনীয় দিশত স্থিতাবস্থা ৰক্ষা কৰাত ব্যস্ত আছিল।
প্রশাসকসকলে ক্ষমতা বিকেন্দ্রীকৰণৰ বা নিজাকৈ জনগণৰ ওচৰত দায়বদ্ধ থকাৰ বাবে কোনো ধৰণৰ বিহিত ব্যৱস্থা হাতত লোৱা নাছিল। ফলত সমাজবাদী শাসন ব্যবস্থাই জনসাধাৰণৰ আস্থা হেৰুৱাইছিল।
পাঁচ, ছোভিয়েট ইউনিয়নৰ বিভাজনৰ আন এক কাৰণ হ’ল গর্বাচভৰ সংস্কাৰ নীতি। তেওঁ ৰাছিয়াৰ বিকাশৰ বাবে ‘মুক্ত বাতাবৰণ’ আৰু ‘পুনৰ গঠন’ নামৰ সংস্কাৰমূলক নীতি গ্রহণ কৰিছিল। গর্বাচভে গ্রহণ কৰা সংস্কাৰমূলক নীতি যুক্তি সহকাৰে জনসাধাৰণৰ ওচৰত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমর্থন হেৰুৱায় আৰু পদত্যাগ কৰিবলগীয়া হয়। ই ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণ হৈ উঠে।
(গ) শ্বক থেৰাপী কি? কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপীৰ পৰিণতিবোৰ কি কি আছিল? সাম্যবাদৰ পৰা পুঁজিবাদলৈ পৰিবৰ্তনৰ এয়া উত্তম পথ আছিলনে?
উত্তৰঃ সমাজবাদী গোষ্ঠী পতনৰ পিছত পূৰ্বৰ সমাজবাদী ৰাষ্ট্ৰৰবোৰক পুঁজিবাদী গণতান্ত্রিক ৰাষ্ট্ৰলৈ
ৰূপান্তৰিত কৰাৰ যি প্রক্রিয়া বিশ্ববেংক আৰু আন্তঃজার্তিক মুদ্রানিধিৰ উদ্দ্যোগত আৰম্ভ কৰা হৈছিল, তাকে বিশ্ব ৰাজনীতিত ‘শ্বক থেৰাপী’ (Shock Therapy) বুলি কোৱা হয়। শ্বক থেৰাপীৰ ফলাফলবোৰ হ’ল-(১) প্রত্যক্ষভাবে বিদেশী ধন বিনিয়োগৰ দ্বাৰাই শ্বক থেৰাপী প্রক্রিয়াত মুক্ত বাণিজ্যৰ প্ৰসাৰ ঘটাৰ লগে লগে নিবনুৱা সমস্যাৰ কিছু সমাধান হৈছিল।
(২) বাছিয়াৰ লগতে আন আন স্বাধীন ৰাষ্ট্ৰসমূহত ৰাজনৈতিক আৰু অর্থনৈতিক পৰিৱৰ্তন সংঘটিত হোৱাৰ ফলত তেওঁলোকৰ ৰক্ষণশীল বাণিজ্য ব্যবস্থাৰ পৰা মুক্ত বাণিজ্যলৈ পৰিবৰ্তিত হৈছিল। লগে লগে বৃহৎ ঔদ্যোগিক এলেকাৰ পতন ঘটিছিল।
(৩) শ্বক থেৰাপীৰ ফলত ৰাচিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটি স্বাধীন গণৰাজ্যবোৰে পশ্চিমীয়া দেশসমূহৰ লগত নানান চুক্তিত আবদ্ধ হোৱাৰ সুবিধা লাভ কৰিছিল।
(৪) অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত শ্বক থেৰাপীয়ে বহুতো অৰিহনা যোগাইছিল।
শ্বক থেৰাপীয়ে সাম্যবাদৰ পৰা পুঁজিবাদী অর্থনীতিলৈ পৰিৱৰ্তন হোৱাত কিছু সহায়ক হৈছিল যদিও ইয়াৰ কিছু কুপ্রভাবো আছিল,
যেনে- ই ৰাছিয়াৰ অর্থনৈতিক ব্যৱস্থাৰ পতন ঘটাইছিল।
উদ্যোগ প্রতিষ্ঠান ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ হোৱাত নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছিল।
খাদ্য সামগ্ৰীৰ নাটনিয়ে মুদ্রাস্ফীতিৰ সৃষ্টি কৰিছিল।