আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ ভাৰতীয় ৰাজনীতিৰ শেহতীয়া বিকাশসমূহ Class 12 Political Science Chapter 19 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
ভাৰতীয় ৰাজনীতিৰ শেহতীয়া বিকাশসমূহ Class 12 Political Science Chapter 19 Solutions
ভাৰতীয় ৰাজনীতিৰ শেহতীয়া বিকাশসমূহ
অধ্যায়- ১৯
১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)
(ক) ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা। H.S. ’17, ’19
উত্তৰ: অর্থনৈতিক উদাৰীকৰণ।
(খ) গোধৰা কাণ্ড কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত।
(গ) ‘ভাইছাৰা’ মানে কি?
উত্তৰ: সামাজিক সমিলমিল বা ভাতৃত্ববোধ।
(ঘ) বহুজন সামজবদী পার্টিৰ প্রতিষ্ঠাতা কোন?
উত্তৰ: কাশীৰাম।
(ঙ) মণ্ডল আয়োগৰ অধ্যক্ষ কোন আছিল?
উত্তৰ: বিন্দেশ্বৰী প্রসাদ মণ্ডল।
(চ) ভাৰত নতুন অর্থনৈতিক নীতি কোনে গ্রহণ কৰিছিল?
উত্তৰ: পি ভি নৰসিংহ ৰাও চৰকাৰে।
(ছ) ‘নীৰৱ বিপ্লব’ কি?
উত্তৰ ভাৰতৰ ৰাজনীতিত অন্যান্য পিছপৰা সম্প্রদায় আৰু নিম্নবৰ্গৰ উত্থানক ক্রিস্টফাৰ জাফেল টেবে ‘নীৰৱ বিল্পব’ বুলি আখ্যা দিছিল।
৩২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ২)
(ক) ভাৰতত ১৯৯১ চনত গ্রহণ কৰা নতুন অর্থনৈতিক নীতিৰ প্রধান দুটা বৈশিষ্ট্য লিখা। H.S. ’15, ’20
উত্তৰ: ১৯৯১ চনত ভাৰতে গ্রহণ কৰা নতুন অর্থনৈতিক নীতিৰ দুটা প্রধান বৈশিষ্ট্যসমূহ হ’ল-
(১) উদাৰীকৰণ: নতুন অর্থনৈতিক নীতিয়ে ৰাষ্ট্ৰৰ অপ্রয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অর্থনীতি মুক্ত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। এই নীতিয়ে ঔদ্যোগিক অনুজ্ঞাপত্র ব্যবস্থাৰ বিলোপ সাধন কৰিছে।
(২) ব্যক্তিগতকৰণ: নতুন অর্থনৈতিক নীতিৰ আন এক গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল ব্যক্তিগতকৰণ। ইয়াত ব্যক্তিগতকৰণে ৰাজহুৱা মালিকানাস্বত্ব থকা উদ্যোগসমূহত ব্যক্তিগত মালিকানাস্বত্ব প্ৰৱৰ্তন কৰাৰ লগতে ব্যক্তিগত পৰিচালনা আৰু নিয়ন্ত্রণক বুজাইছে।
(খ) ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱৰ দুটা কাৰণ লিখা।
উত্তৰ ভাৰতত সাম্প্রদায়িকতাবাদ উদ্ভৱ হোৱাৰ দুটা কাৰণ হ’ল
(১) বৃটিছ শাসকসকলৰ ‘বিভাজন আৰু শাসন নীতি’।
(২) ভাৰতত বিভিন্ন সময়ত গঠন হোৱা বিভিন্ন সাম্প্রদায়িক সংগঠন।
৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৪)
(ক) নতুন অর্থনৈতিক নীতিৰ ওপৰত এটি টোকা লিখা। H.S. ’17
উত্তৰ ভাৰতে বিশ্বায়নৰ সৈতে খোজ মিলাবলৈ আৰু অর্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ ১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্রহণ কৰে। ১৯৯৪ চনৰ ৩০ ডিচেম্বৰত ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যপদ গ্রহণেৰে অৰ্থনৈতিক উদাৰবাদী নীতিৰ অংশীদাৰ হয়। ভাৰতে বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত হ’ব লাগে নে নালাগে সেই বিষয়ে তিনিটা মতামতৰ সৃষ্টি হৈছিল।
কিছু সংখ্যকৰ মতে বহুজাতিক ব্যৱসায়ী প্রতিষ্ঠানসমুহে এখন ৰাষ্ট্ৰৰ কেৱল অর্থনৈতিক ক্ষেত্রখনতে দমন সাব্যস্ত নকৰে, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীবনো এই প্রতিষ্ঠানসমূহৰ দ্বাৰা প্রভাবিত হয়।
দ্বিতীয় মতামতৰ দৃষ্টিত ভাৰতে যদিহে দৰিদ্ৰতা, নিৰক্ষতা আৰু সামাজিক অনগ্ৰসৰতা নির্মূল কৰিব বিচাৰে, তেন্তে ৰাষ্ট্ৰখনে বিশ্বায়ন প্রক্রিয়া নিয়ন্ত্রিত বিশ্ব অর্থনীতিৰ সৈতে জড়িত হ’ব লাগিব।
তৃতীয়তে, ভাৰতে এনেদৰে বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত হ’ব লাগে যে ভাৰতে গ্রহণ কৰা নীতিৰ দ্বাৰা ঘৰুৱা বজাৰ, সামাজিক-সাংস্কৃতিক ব্যবস্থা, ৰাজনৈতিক পৰিৱেশ আদিৰ ক্ষতি সাধন নহয়।
(খ) নতুন অর্থনৈতিক নীতিৰ সপক্ষে থকা যুক্তিবোৰ আগবঢ়োৱা।
উত্তৰ: ১৯৯১ চনত ভাৰতে গ্ৰহণ কৰা নতুন অর্থনৈতিক নীতিৰ সপক্ষে তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি।
(১) নতুন অর্থনৈতিক নীতিৰ জৰিয়তে ভাৰতৰ ঔদ্যোগিক খণ্ডই বিশ্ব ঔদ্যোগিক খণ্ডৰ সৈতে প্রতিযোগিতা কৰিবলৈ সাহস লাভ কৰিছে।
(২) নতুন অর্থনৈতিক নীতি প্ৰৱৰ্তনৰ পিছত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ বৃদ্ধি পাইছে।
(৩) নতুন অর্থনৈতিক নীতিৰ আধাৰত ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ কৰ্মদক্ষতা আৰু মুনাফা বৃদ্ধিৰ কাৰ্যব্যৱস্থাও হাতত লোৱা হৈছে।
(৪) উদাৰীকৰণৰ বাবে বহুজাতিক ব্যবসায়িক প্রতিষ্ঠানসমূহে ভাৰতত ব্যৱসায় আৰম্ভ কৰাৰ ফলস্বৰূপে নিয়োগৰ সুযোগ আৰু সুবিধা বৃদ্ধি পাইছে।
(৫) নতুন অর্থনৈতিক নীতিয়ে ক্ষুদ্র উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন ব্যৱস্থা প্রবর্তনৰ ফলত ক্ষুদ্র উদ্যোগসমূহ লাভবান হৈছে।
(গ) ১৯৯১ চনত ভাৰতে গ্রহণ কৰা নতুন অর্থনৈতিক নীতিৰ বিপক্ষে যুক্তি আগবঢ়োৱা।
উত্তৰ: ১৯৯১ চনত ভাৰতে গ্রহণ কৰা নতুন অর্থনৈতিক নীতিৰ বিপক্ষে তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি –
(১) নতুন অর্থনৈতিক নীতিৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ হ’ল- এই নীতিয়ে উদ্যোগ, ব্যৱসায় আৰু চৰকাৰী খণ্ডৰ তুলনাত কৃষি খণ্ডক চূড়ান্তরূপে অৱহেলা কৰিছে। ফলস্বৰূপে কৃষকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে।
(২) এই নীতিৰ বিৰুদ্ধে এক ডাঙৰ অভিযোগ হ’ল ভাৰতে নতুন অর্থনৈতিক নীতি গ্রহণে দুই আন্তঃৰাষ্ট্ৰীয় সংগঠন- বিশ্ববেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিৰ ওচৰত আত্মসমর্পণ কৰিছে।
(৩) এই নীতিয়ে বিদেশী প্রযুক্তি বিদ্যাৰ ওচৰত ভাৰতীয় অর্থনীতিৰ নিৰ্ভৰশীলতা বৃদ্ধি কৰিছে আৰু থলুৱা প্রযুক্তি বিদ্যাৰ বিকাশত ব্যর্থ হৈছে।
(৪) বিভিন্ন খণ্ডত বিশ্ববেংকৰ নিৰ্দেশত ৰাজ সাহায্য হ্রাস কৰাত দুখীয়া শ্রেণীটোক প্রত্যক্ষভাবে ক্ষতিসাধন কৰিছে।
(৫) অর্থনৈতিক মুক্ত নীতি প্ৰবৰ্তনৰ ফলত ভাৰতত ভোগবাদী মানসিকতাৰ জন্ম হৈছে আৰু ভাৰতৰ নবপ্রজন্ম বিদেশী অপসংস্কৃতিৰ গ্ৰাসত পৰিছে।
(৬) এই নীতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰতো বিৰূপ প্রভাৱ পেলাইছে। শিক্ষাৰ ব্যক্তিকগতকৰণৰ ফলস্বৰূপে শিক্ষা গ্রহণ প্রক্রিয়া যথেষ্ট ব্যয়বহুল হৈছে।
(৭) নতুন অর্থনৈতিক নীতি গ্রহণৰ ফলত ভাৰতীয় অর্থনীতিৰ বিকাশ হৈছে যদিও এই বিকাশে মুষ্ঠিমেয় এচাম লোককহে উপকৃত কৰিছে।
(ঘ) মণ্ডল আয়োগৰ পৰামৰ্শাবলী আলোচনা কৰা। H.S. ’20
উত্তৰ: ১৯৭৯ চনত সেই সময়ৰ জনতা দলৰ চৰকাৰে ভাৰতৰ পিছপৰা শ্ৰেণীৰ সামাজিক আৰু আর্থিক দিশ অধ্যয়ন কৰি পৰামৰ্শ আগবঢ়োৱাৰ বাবে এখন আয়োগ গঠন কৰি দিয়ে। এই আয়োগৰ অধ্যক্ষ আছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী বিন্দেশ্বৰী প্রসাদ মণ্ডল। তেওঁৰ নামেৰে এই আয়োগখনক ‘মণ্ডল আয়োগ’ বুলি নামাকৰণ কৰা হয়। এই আয়োগে ভাৰতৰ পিছপৰা শ্ৰেণীৰ জীৱন ব্যৱস্থা অধ্যয়ন আৰু পর্যবেক্ষণ কৰি ১৯৮০ চনৰ ডিচেম্বৰ মাহত প্রতিবেদন দাখিল কৰে। প্রতিবেদনখনত আগবঢ়োৱা পৰামৰ্শবোৰ আছিল তলত দিয়া ধৰণৰ –
(১) চৰকাৰী চাকৰি বা শৈক্ষিক অনুষ্ঠানসমূহত ২৭ শতাংশ পদ আৰু আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষিত কৰিব লাগে।
(২) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ দৰে অন্যান্য পিছপৰা শ্ৰেণীৰ জনকল্যাণমূলক আঁচনিৰ বাবেও ভাৰত চৰকাৰে পুঁজিৰ যোগান ধৰিব লাগে।
(৩) বাজ্যসমূহত থকা দুখীয়া কৃষকসকলে যাতে ধনী কৃষকসকলৰ ওপৰত অধিক পৰিমাণে নিৰ্ভৰ কৰিবলগীয়া নহয়, ইয়াৰ বাবে ভূমি সংস্কাৰ সাধন কৰিব লাগে।
(৪) অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক ক্ষুদ্র উদ্যোগ স্থাপনৰ বাবে উৎসাহিত কৰাৰ লগতে আর্থিক সাহায্য আগবঢ়াব লাগে।
(৫) বৃত্তিমুখী প্রশিক্ষণ প্রদানৰ ওপৰত গুৰুত্ব দি পিছপৰা শ্ৰেণীৰ বাবে বিশেষ শৈক্ষিক আঁচনি গ্রহণ কৰিব লাগে।
৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
(ক ) ভাৰতত ১৯৯১ চনত গ্রহণ কৰা নতুন অর্থনৈতিক নীতিৰ প্ৰধান বৈশিষ্ট্য সমূহ আলোচনা কৰা।
উত্তৰ: ১৯৯১ চনত ভাৰতে গ্রহণ কৰা নতুন অর্থনৈতিক নীতিৰ মূল ভেটি আছিল অর্থনৈতিক উদাৰীকৰণ আৰু মুক্ত বাণিজ্য। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল-
(১) উদাৰীকৰণ: নতুন অর্থনৈতিক নীতিয়ে ৰাষ্ট্ৰৰ অপ্রয়োজনীয় নিয়ন্ত্ৰণৰ পৰা অর্থনীতি মুক্ত কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। এই নীতিয়ে ঔদ্যোগিক অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ বিলোপ সাধন কৰিছে।
(২) ব্যক্তিগতকৰণ: নতুন অর্থনৈতিক নীতিৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ব্যক্তিগতকৰণ। ইয়াত ব্যক্তিগতকৰণে ৰাজহুৱা মালিকানাস্বত্ব থকা উদ্যোগসমূহত ব্যক্তিগত মালিকানাস্বত্ব প্ৰৱৰ্তন কৰাৰ লগতে ব্যক্তিগত পৰিচালনা আৰু নিয়ন্ত্রণক বুজাইছে।
(৩) অর্থনৈতিক বিশ্বায়ন: ভাৰতে নতুন অর্থনৈতিক নীতি প্ৰৱৰ্তনৰ জৰিয়তে অর্থনীতিৰ বিশ্বায়নৰ প্রত্যাহ্বান গ্রহণ কৰিছে আৰু বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে নতুন অর্থনৈতিক নীতিত বিভিন্ন ব্যবস্থা সন্নিবিষ্ট কৰিছে।
(৪) নতুন ৰাজহুৱা খণ্ড নীতি: নতুন অর্থনৈতিক নীতিয়ে ৰাজহুৱা খণ্ডৰ চৰকাৰী নীতিৰ পৰিবৰ্তন সাধন কৰিছে। এই নীতিয়ে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাৰ গুৰুত্ব ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ সলনি কৰিছে।
(৫) আধুনিকীকৰণ: নতুন অর্থনৈতিক নীতিয়ে উৎপাদন ব্যৱস্থাত কাৰিকৰী কৌশল গ্রহণ কৰাৰ ওপৰত যথেষ্ট গুৰত্ব আৰোপ কৰিছে।
(৬) বিত্তীয় সংস্কাৰ: নতুন অর্থনৈতিক নীতি গ্রহণৰ ফলত ভাৰতে বহুতো বিত্তীয় সংস্কাৰ সাধন কৰিব লগা হৈছে, যেনে প্রত্যক্ষ ঋণ ব্যৱস্থাৰ বিলুপ্তি সাধন, বিদেশী বেংকৰ প্ৰতি উদাৰ আচৰণ, বেংকসমূহক অধিক স্বাধীনতা প্রদান আদি।
(খ) ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ ভাৰতত সাম্প্রদায়িকতাবাদ উদ্ভৱ হোৱাৰ কেইবাটাও কাৰণ আছে, যেনে-
(১) বৃটিছৰ বিভাজন আৰু শাসন নীতি: বৃটিছ শাসকসকলে তেওঁলোকৰ স্থিতি মজবুত কৰিবলৈ ‘বিভাজন আৰু শাসন নীতি’ গ্রহণ কৰিছিল। তেওঁলোকে ভাৰতৰ বিভিন্ন সম্প্রদায়ৰ মাজত বিভেদ সৃষ্টি কৰাৰ লগতে ভাৰতীয় লোকসকলৰ মাজত অবিশ্বাসৰ মনোভাব জাগ্রত কৰিবলৈ চেষ্টা কৰিছিল। বৃটিছসকলৰ এই বিভাজন আৰু শাসন নীতিয়ে ভাৰতত সাম্প্রদায়িকতাৰ পাতনি মেলিছিল, যাৰ পৰা বৰ্তমানেও ভাৰতে পৰিত্ৰাণ পোৱা নাই।
(২) সাম্প্রদায়িক সংগঠন: ভাৰতত বিভিন্ন সময়ত বিভিন্ন সাম্প্রদায়িক সংগঠন গঠন কৰি অহা হৈছে। এই সংগঠনসমূহে বিভিন্ন ধৰণে ভাৰতৰ বিভিন্ন ধর্মীয় সম্প্রদায়সমূহৰ মাজত ঘৃণাৰ মানোভাৱ সিঁচৰতি কৰাত ইন্ধন যোগাইছে।
(৩) সাম্প্রদায়িক সংঘর্ষ মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ উদাসীনতা: কেতিয়াবা ভাৰতৰ বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহে ৰাজ্যসমূহত উদ্ভব হোৱা সাম্প্রদায়িক সংঘৰ্ষ ৰোধ কৰাৰ ক্ষেত্ৰত অক্ষমতা প্রদর্শন কৰা পৰিলক্ষিত হয়। এই অক্ষমতাৰ বাবেও সাম্প্রদায়িকতাবাদৰ বিস্তাৰ ঘটে।
(৪) সন্তুষ্টকৰণৰ ৰাজনীতি: বহুসময়ত ৰাজনৈতিক উদ্দেশ্যেৰে ৰাজনৈতিক দলসমূহে গ্রহণ কৰা সিদ্ধান্তই সাম্প্রদায়িক সংঘাতৰ সূচনা কৰে। নিৰ্বাচনৰ সময়ত বহুতো ৰাজনৈতিক দলে কোনো বিশেষ ধর্ম অথবা সম্প্রদায়ক সন্তুষ্ট কৰাত আগ্রহ প্রকাশ কৰে। আনহাতে ক্ষমতাত অধিষ্ঠিত ৰাজনৈতিক দলেও চৰকাৰৰ কার্যকাল সুৰক্ষিত কৰিবলৈ, কোনো বিশেষ ধর্মক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে। এনে পৰিস্থিতিত অন্যান্য ধর্ম, জাতি অথবা সম্প্রদায় ক্ষুন্ন হয় আৰু সাম্প্রদায়িকতা মনোভাব বৃদ্ধি পায়।
(৫) জীতীয়তাবাদী চিন্তাধাৰা প্ৰচাৰত হিন্দু চৰিত্ৰঃ স্বাধীনতা আন্দোলনৰ সময়ত জাতীয়তাবাদী চিন্তাধাৰা প্ৰচাৰত এক শক্তিশালী ধর্মীয় উপাদান অন্তৰ্ভূক্ত কৰা হৈছিল। বহুত নেতাই মধ্য যুগৰ ভাৰতীয় সংস্কৃতিক বাদ দি পুৰণি ভাৰতীয় সংস্কৃতিৰ দিশটোত গুৰুত্ব দিছিল। ৰাজনৈতিক আন্দোলনত সঘনাই হিন্দু জতুবা ঠাঁচ ব্যৱহাৰ কৰা হৈছিল।
উপৰি উক্ত কাৰণবোৰৰ বাবে ভাৰতত সাম্প্রদায়িকতাবাদৰ উদ্ভৱ হৈছে।
(গ) ভাৰতত সাম্প্রদায়িকতাবাদ ৰোধ কৰাৰ কেইটামান উপায় আলোচনা কৰা।
উত্তৰঃ বৰ্তমান সাম্প্রদায়িকতাবাদ ভাৰতৰ এক জ্বলন্ত সমস্যা। ই ভাৰতৰ ঐক্য আৰু সংহতিৰ ওপৰত এক কুঠাৰাঘাত হিচাপে দেখা দিছে। তলত সাম্প্রদায়িকতাবাদ নির্মূলৰ কিছুমান উপায় আলোচনা কৰা হ’ল-
(১) শিক্ষা ব্যৱস্থাটোক সাম্প্রদায়িকতাবাদী মনোভাব নির্মূল কৰাৰ উপযুক্ত মাধ্যম হিচাপে ব্যৱহাৰ কৰিব লাগে। শিক্ষানুষ্ঠানত ধর্মীয় সহনশীলতা, ধৰ্মনিৰপেক্ষতা আদিৰ শিক্ষা দিব লাগে।
(২) প্ৰচাৰ মাধ্যমসমূহে সাম্প্রদায়িক ঘৃণা বৃদ্ধি কৰাৰ আশংকা থকা বাতৰি প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।
(৪) বহুক্ষেত্রত কিছুসংখ্যক নেতা বা নেতৃস্থানীয় ব্যক্তিৰ প্ৰৰোচনাত সাম্প্রদায়িক হিংসা সংগঠিত হৈ চাৰিওফালে বিয়পি পৰে। সেয়ে প্রশাসনে এনে ধৰণৰ বা-বাতৰি চাৰিওফালে বিয়পি পৰাৰ আগতে যথোপযুক্ত ব্যৱস্থা হাতত লব লাগে।
(৪) সংখ্যালঘুসকলৰ মনত বৈষম্যৰ মনোভাব সৃষ্টি নহ’বলৈ অর্থনৈতিক বৈষম্য আৰু অসমতা হ্রাস কৰাৰ চেষ্টা কৰিব লাগে।
(৫) সংখ্যাগৰিষ্ঠ আৰু সংখ্যালঘিষ্ঠ সকলৰ মাজত পাৰস্পৰিক বিশ্বাস সৃষ্টিৰ জৰিয়তে সহজতে সাম্প্রদায়িকতাবাদী মনোভাৱ আঁতৰ কৰিব পাৰি।
(ঘ) অযোধ্যা আৰু গোধৰা ঘটনাৰ সৈতে সম্পৰ্ক ৰাখি ভাৰতত সাম্প্রদায়িকতাবাদে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা। H.S. ’13
উত্তৰঃ বৃটিছৰ দিনৰ পৰাই ভাৰতত সাম্প্রদায়িকতাৰ বীজ ৰোপন হৈছিল যদিও বিংশ শতাব্দীৰ শেষ দহকইেটাত সাম্প্রদায়িকতাবাদে গুৰুতৰ ৰূপ লয়। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ অযোধ্য কাণ্ড আৰু গুজৰাটৰ গোধৰা কাণ্ডই ভাৰতৰ ইতিহাসত এক কলংকময় অধ্যায়ৰ সূচনা কৰে।
১৯৯২ চনৰ ৬ ডিচেম্বৰৰ দিনা ভাৰতীয় জনতা দল আৰু বিশ্ব হিন্দু পৰিষদৰ পৃষ্ঠপোষকতাত প্রায় দুই লাখ কৰসেবকে অযোধ্যাৰ বিখ্যাত বাবৰি মছজিদ ধ্বংস কৰে। সিহঁতে যুক্তি দর্শায় যে মচজিদটোৰ স্থানত পূৰ্বতে ৰাম মন্দিৰ আছিল। সেয়ে তাত থকা মছজিদটো ধ্বংস কৰি ৰাম মন্দিৰ নিৰ্মাণ কৰিব লাগে। ৰাম মন্দিৰ-বাবৰি মছজিদক কেন্দ্র কবি সমগ্র ভাৰততে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত সাম্প্রদায়িক সংঘর্ষ হয়। এই সংঘর্ষত কেইবাহাজাৰ লোকৰ প্ৰাণ হানি হয়।
সাম্প্রদায়িকতাৰ বলি হোৱা আন এক ঘটনা হ’ল গোধৰা কাণ্ড। ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰা নামৰ চহৰখনত সবৰমতী ৰেলগাড়ীখন ৰখাই উভতি অহা কৰসেৱকসকল থকা ডবা এটাত জুই লগাই দিয়াত প্রায় ৫৭ জন লোকৰ মৃত্যু হয়। উক্ত কার্য মুছলমানসকলে কৰা বুলি সন্দেহ কৰি গুজৰাটৰ মুছলমানসকলৰ ওপৰত হত্যা লীলা আৰম্ভ হয়। এই সংঘর্ষ প্রায় সমগ্র দেশতে বিয়পি পৰে। পৰিণতিত কেইবা হাজাৰ লোক সাম্প্রদায়িকতাৰ বলি হ’বলগীয়া হয়। এই দুটা কাণ্ড ভাৰতৰ ধৰ্ম নিৰপেক্ষতা নীতিত চৰম আঘাতস্বরূপ।