Join WhatsApp

Join Now

Join Telegram

Join Now

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা Class 12 Political Science Chapter 14 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা Class 12 Political Science Chapter 14 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা Class 12 Political Science Chapter 14 Solutions

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা 12 Political Science Chapter 14 Solutions

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনৰ প্ৰতিষ্ঠা

অধ্যায়- ৫

১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)

(ক) কোনটো অঞ্চলৰ বিধায়কৰ লগত ‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশটো জড়িত?

উত্তৰ: হাৰিয়ানা।

(খ) ভাৰতত মৰ্চা ব্যবস্থা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৬৭ চনৰ পৰা।

(গ) চতুর্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ: ১৯৬৭ চনত।

(ঘ) ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত ভাৰতৰ জাতীয় কংগ্ৰেছে লোকসভাত কিমানখন আসন লাভ কৰিছিল?

উত্তৰঃ ২৮৩ খন।

(ঙ) ‘দলত্যাগ’ৰ অৰ্থ কি? H.S. ’14

উত্তৰ: এজন নির্বাচিত সদস্যই এটা দল ত্যাগ কৰি আন এটা দলত যোগদান কৰা বা নতুনকৈ দল গঠন কৰাকে ‘দলত্যাগ’ বুলি কোৱা হয়।

(চ) ভাৰতত কোন দশকক ‘বিপদজ্জনক দহক’ (ভয়ংকৰ দহক) হিচাপে আখ্যা দিয়া হৈছে? H.S. ’12

উত্তৰ: ১৯৬০ দশকটোক।

(ছ) লাল বাহদুৰ শাস্ত্রী কোন ৰাজ্যৰ লোক আছিল?

উত্তৰ প্রদেশ।

(জ) ভাৰতৰ প্ৰধান মন্ত্রী হিচাপে লাল বাহাদুৰ শাস্ত্ৰীৰ পিছত কোন অধিষ্ঠিত হৈছিল?

উত্তৰ: শ্রীমতী ইন্দিৰা গান্ধী।

(ঝ) DMK ৰ সম্পূর্ণ ৰূপটো কি?

উত্তৰ: Dravida Munnetra Kazhagam.

(ঞ) SVD ই কি সূচায়?

উত্তৰ: Sanyukt Vidhayak Dal.

(ট) ভাৰতৰ ৰাজনৈতিক আৰু নির্বাচন সম্পকীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বর্ষ হিচাপে বিবেচনা কৰা হয়?

উত্তৰ: ১৯৬৭  চনটোক।

(ঠ) ‘ছিণ্ডিকেট’ বুলিলে কি বুজা?

উত্তৰ: ‘ছিন্ডিকেট’ বুলিলে কোনো এক শক্তিশালী আৰু প্রভাবশালী ৰাজনৈতিক নেতাৰ গোটক বুজায়।

(ড) লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্রধান মন্ত্রী আছিল।। (খালী ঠাঁই পূৰণ কৰা)

উত্তৰ: দ্বিতীয়।

(ঢ) ‘গৰীবি হটাও’ শ্লোগানটো কোনটো দলৰ আছিল?

উত্তৰ কংগ্ৰেছ দলৰ।

(গ) ‘জয় জোবান, জয় কিষাণ’ শ্লোগানটোৰ স্রষ্টা কোন আছিল?

উত্তৰ: লাল বাহাদুৰ শাস্ত্রী।

(ত) কংগ্রেছ ছিণ্ডিকেটৰ নেতৃত্ব কোনে লৈছিল?

উত্তৰ: কে, কামৰাজ।

(থ) ‘দ্রাবিড়া মুন্নেটা কাজাগাম’ কোন ৰাজ্যৰ আঞ্চলিক দল?

উত্তৰ: তামিলনাডুব।

(দ) ‘ইন্দিৰা হটাও’ শ্লোগানটো কোনে দিছিল?

উত্তৰঃ ১৯৭১ চনত কংগ্ৰেছৰ সভাপতি এছ, নিজামিংগাপ্পাই ইন্দিৰা বিৰোধী মিত্রজোটৰ হৈ উক্ত শ্লোগানটো দিছিল।

(খ) কিমান চনত দলত্যাগ বিৰোধী আইন প্রণয়ন কৰা হৈছিল?

উত্তৰঃ ১৯৮৫ চনত।

(ন) ভাৰতৰ প্ৰথম মহিলা প্রধান মন্ত্রী কোন আছিল?

উত্তৰ: শ্রীমতী ইন্দিৰা গান্ধী।

(প) ভাৰতৰ প্ৰথম গৰাকী নির্বাচন আয়ুক্তৰ নাম কি আছিল? H.S. ’15

উত্তৰঃ সুকুমাৰ সেন।

(ফ) কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ আৰম্ভণি হয়? H.S. ’14

উত্তৰ: ১৯৭৭ চনৰ পৰা।

২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক ২)

(ক) মৰ্চা চৰকাৰ বুলিলে কি বুজা?

উত্তৰ: কোনো নিৰ্বাচনৰ ফলাফলৰ পাছত যদি কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমর্থ নহয়, তেতিয়া একাধিক ৰাজনৈতিক দল লগ লাগি উমৈহতীয়া এজন নেতা মনোনীত কৰি যি চৰকাৰ গঠন কৰে তাকে ‘মৰ্চা চৰকাৰ’ বুলি কোৱা হয়।

(খ) ভাৰতীয় ৰাজনীতিত ‘ৰাজনৈতিক ভূমিকম্প’ ই কি সুচায়?

উত্তৰ: ১৯৬৭ চনত হোৱা সাধাৰণ নির্বাচনত কংগ্রেছে মাত্র ২৮৩ খন আসন লাভ কৰিবলৈ সমর্থ হৈছিল। এই নির্বাচনত সাতখন বাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুৱাৰ লগতে দুখন ৰাজ্যত দলত্যাগ কার্যই চৰকাৰ গঠন কৰাত বিফল হৈছিল। ইয়াৰোপৰি ইন্দিৰা গান্ধী মন্ত্রীসভাৰ আধাতকৈ বেছি সংখ্যক সদস্যই নির্বাচনত। জয়ী হ’ব পৰা নাছিল। সেইবাবে ১৯৬৭ চনৰ এই নির্বাচনটোক ভাৰতৰ ৰাজনীতিত ‘বাজনৈতিক ভূমিকম্প’ বুলি কোৱা হয়।

(গ) ‘অনা-কংগ্রেছবাদ কি?

উত্তৰ: ১৯৬৭ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ বিৰোধী ধাৰণাটোক বুজাবলৈ মনোহৰ লোহিয়াই ‘অ-কংগ্রেছবাদ’ শব্দটো ব্যৱহাৰ কৰিছিল। ১৯৬২ চনত চীনৰ লগত ভাৰতৰ যুদ্ধ, ১৯৬৫ চনত পাকিস্থানৰ লগত ভাৰতৰ যুদ্ধ, দেশত দেখা দিয়া খাদ্য সংকট, অর্থনৈতিক সংকট আদিয়ে ৰাজনীতিত প্রভাব পেলাইছিল। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন কংগ্রেছ বিৰোধী দলবোৰে একগোট হৈ নির্বাচন অভিযান আৰম্ভকৰিছিল। সেই অভিযানটোক অনা-কংগ্রেছবাদ বুলি কোৱা হয়।

(ঘ) ‘হুইপ’ অভিধাটো ব্যাখ্যা কৰা।

উত্তৰ: ৰাজনীতিত ‘হুইপ’ শব্দটোৰ অৰ্থ হ’ল বিধায়িনী দলৰ সদস্যসকলক দলীয় নেতৃবর্গৰ দ্বাৰা প্রদান কৰা কঠোৰ নির্দেশ। এই নির্দেশ দলৰ প্রত্যেকজন সদস্যই মানি চলাটো বাধ্যতামূলক।

(ঙ) ‘আয়া ৰাম, গয়া ৰাম’- ব্যাক্যাংশটোৰ উদ্ভৱ কিদৰে হৈছিল?

উত্তৰ ভাৰতৰ ৰাজনীতিত ‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশটো অতি জনপ্রিয়। এই শব্দটো বিধায়কসকলৰ সঘন দল সলনি কৰা কাৰ্যক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই বাক্যাংশটো উদ্ভৱ হোৱাৰ এক হাস্যকৰ কাহিনী আছে। কাহিনীটো হ’ল ১৯৬৭ চনৰ সাধাৰণ নির্বাচনত হাৰিয়ানাৰ ‘গয়া বাম’ নামৰ এজন বিধায়কে নির্বাচনৰ পিছত পোন্ধৰ দিনৰ ভিতৰত তিনিবাৰকৈ দল সলনি কৰি হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। তেওঁ প্রথমে কংগ্ৰেছ দলৰ পৰা ইউনাইটেড ফ্রন্টলৈ আকৌ সেই দলৰ পৰা কংগ্ৰেছলৈ আকৌ ন ঘণ্টা পিছত পুনৰ ইউনাইটেড ফ্রন্টলৈ আনুগত্য পৰিবৰ্তন কৰিছিল। সেয়ে এজন সাংবাদিকে কৈছিল, ‘আয়া ৰাম, গয়া বাম’।

(চ) মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰ: মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য হ’ল-

(১) মৰ্চা চৰকাৰ গঠন হয় এটা দলতকৈ অধিক দলৰ সহযোগত।

(২) মৰ্চা চৰকাৰ গঠনৰ ক্ষেত্ৰত আদর্শৰ ওপৰত গুৰুত্ব দিয়া নহয়।

(৩) মৰ্চা চৰকাৰত যোগ দিয়া দলবোৰৰ চৰিত্ৰ হ’ল সুবিধাবাদ।

(৪) মৰ্চা চৰকাৰ ক্ষণস্থায়ী।

(ছ) লালবাহাদুৰ শাস্ত্ৰীৰ চমু প্রধানমন্ত্রীত্বৰ সমছোৱাত ভাবতে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ সম্মুখীন হোৱা দুটা প্রত্যাহ্বান উল্লেখ কৰা। H.S. ’16, 18

উত্তৰ (১) খৰাং বতৰৰ বাবে খাদ্য সংকট আৰু

(২) ১৯৬৫ চনত পাকিস্থানৰ লগত যুদ্ধ।

(জ) ভাৰতীয় দলীয় ব্যবস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) বহু দলীয় ব্যবস্থা।

(খ) বিৰোধী দলৰ ভূমিকা। H.S. ’16

(ফ) ভাৰতৰ নিৰ্বাচনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী নির্বাচনী আযুক্ত কোন আছিল? H.S. ’17

উত্তৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন কৰা হয় ১৯৫০ চনৰ ২৫ জানুৱাৰীত। ইয়াৰ প্ৰথম আয়ুক্তজন আছিল সুকুমাৰ সেন।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৪)

(ক) মৰ্চা চৰকাৰৰ উৎপত্তি ব্যাখ্যা কৰা।

উত্তৰ: গিয়ান সিং বাৰেৱালাৰ নেতৃত্বত ১৯৫২ চনত পাটিয়ালা এণ্ড পঞ্জাব স্টেটছ ইউনিয়নত পোন প্রথমবাৰৰ বাবে মৰ্চা (সংযুক্ত) চৰকাৰ গঠন হয়। ১৯৫৯ চনত দ্বিতীয়খন মৰ্চা চৰকাৰ গঠন হয় উৰিষ্যাত হৰেকৃষ্ণ মেহাবৰ নেতৃত্বত। সেইদৰে ১৯৬৭ চনত ভাৰতৰ আঠখন ৰাজ্যত মৰ্চা চৰকাৰ গঠন হৈছিল।

অৱশ্যে মৰ্চা চৰকাৰত ভিন্ন মতাদর্শ থকা দলসমূহে একেলগে কাম কৰাৰ ক্ষেত্রত অতি সোনকালে সমস্যাৰ উদ্ভৱ হয়। ফলত মৰ্চা চৰকাৰৰ সুস্থিৰতা নাইকীয়া হৈ পৰে আৰু মধ্যবর্তীকালীন নির্বাচন অনুষ্ঠিত কৰিব লগা হয়। বর্তমান মৰ্চা চৰকাৰ ভাৰতীয় ৰাজনীতিত এক অভিন্ন অংগত পৰিণত হোৱা দেখা যায়।

(খ) ১৯৭০ দহকৰ আৰম্ভণিতে ইন্দিৰা গান্ধী চৰকাৰৰ জনপ্রিয়তা লাভ কৰাৰ কাৰণসমূহ কি কি আছিল?

উত্তৰ: ১৯৭০ ৰ দহকৰ প্ৰথমছোৱাত ইন্দিৰা গান্ধী চৰকাৰে বহুল জনপ্রিয়তা অর্জন কৰিছিল। ইয়াৰ কাৰণবোৰ আছিল

(১) ইন্দিৰা গান্ধীয়ে সাংগঠনিক দিশত থকা কঠোৰতা, নিয়মানুবর্তিতা, নিপুণতা আৰু বিচক্ষণতাৰে নেতৃত্ব দিব পাৰিছিল বাবে জনগণৰ পৰা ব্যপক হাৰত ভোট লাভ কৰিছিল।

(২) ইন্দিৰা গান্ধীয়ে কিছুমান সংস্কাৰমূলক কাম-কাজ আৰম্ভ কৰিছিল তাৰ ভিতৰত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা, ভূমি সংস্কাৰ নীতি আদিৰ বাবে জনগণৰ বিপুল সমর্থন পাইছিল।

(৩) ইন্দিৰা গান্ধীয়ে ‘গৰীবি হটাও’ শ্লোগানেৰে জনকল্যাণমুখী আঁচনি গ্রহণ কৰি দৰিদ্ৰতা দুঢ়ীকৰণত আগভাগ লৈছিল। ফলত সর্বসাধৰণৰ প্রিয়ভাজন হৈছিল।

(৪) ১৯৭১ চনত পাকিস্থানৰ লগত হোৱা যুদ্ধত জয়ী হোৱাৰ বাবেও ইন্দিৰা গান্ধীৰ জনপ্রিয়তা বাঢ়ি গৈছিল।

(গ) ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ ফলাফল কি আছিল, আলোচনা কৰা।

উত্তৰঃ কংগ্ৰেছ দলৰ বাবে ১৯৬৭ চনৰ নির্বাচনটো আছিল এক বৃহৎ প্রত্যাহ্বানস্বরূপ। ইয়াৰ ফলাফলবোৰ তলত আলোচনা কৰা হ’ল

(১) সেই সময়ছোৱাত কংগ্রেছ দলত বিভাজন হোৱা আৰম্ভ কৰিছিল আৰু ই দুটা দলত বিভক্ত হোবাত অনা-কংগ্ৰেছী দলবোৰ কংগ্ৰেছৰ বিৰুদ্ধে সংগ্রামত নামি কংগেছৰ বিপর্যয় সাধন কৰিছিল।

(২) সেই সময়ত কংগ্ৰেছ দলত নেতৃত্বৰ বাবে উপযুক্ত নেতাৰ অভাব অনুভূত হৈছিল। নেহৰুৰ মৃত্যুব পিছত নেতৃত্বক লৈ কংগ্ৰেছ দল বিমোৰত পৰিছিল।

(৩) সেই সময়ত জনতা দলে কংগ্রেছৰ বিৰুদ্ধে সবব হৈ পৰিছিল। ফলত কংগ্ৰেছ দল বিপর্যয়ৰ সন্মুখীন হৈছিল।

৪। ৰচনাধর্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)

(ক) ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণবোৰ কি আছিল?

অথবা

কংগ্ৰেছৰ অবনতিৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰ: কংগ্ৰেছ দলৰ বাবে ১৯৬৭ চনৰ নিৰ্বাচনটো আছিল এক বৃহৎ প্রত্যাহ্বানস্বরূপ। এই নির্বাচনত কংগ্ৰেছে পূৰ্বৰ ধাৰাবাহিকতা হেৰুৱাইছিল আৰু বহুতো বাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ অসমর্থ হৈছিল। ইয়াৰ কৰাণবোৰ হ’ল-

(১) ১৯৬০ ৰ দহকটোত ভাৰতত অর্থনৈতিক সংকটে দেখা দিছিল। ফলত জনসাধাৰণে কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল আৰু কংগ্ৰেছ বিদ্বেষী হৈ উঠিছিল।

(২) সেই সময়ৰ কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ বিদ্বেষ ভাৱৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ বাবে ভাৰতত প্ৰথমবাৰৰ বাবে একাংশ জনসাধাৰণে সশস্ত্র বিদ্রোহৰ সুচনা কৰিছিল।

(৩) সেই সময়ছোৱাত কংগ্রেছ দলত বিভাজন হোৱা আৰম্ভ কৰিছিল আৰু ই দুটা দলত বিভক্ত হোবাত অনা-কংগ্ৰেছী দলবোৰ কংগ্ৰেছৰ বিৰুদ্ধে সংগ্রামত নামি কংগেছৰ বিপর্যয় সাধন কৰিছিল।

(৪) সেই সময়ত কংগ্ৰেছ দলত নেতৃত্বৰ বাবে উপযুক্ত নেতাৰ অভাব অনুভূত হৈছিল। নেহৰুৰ মৃত্যুৰ পিছত নেতৃত্বক লৈ কংগ্ৰেছ দল বিমোৰত পৰিছিল।

(৫) সেই সময়ত জনতা দলে কংগ্রেছৰ বিৰুদ্ধে সবব হৈ পৰিছিল। ফলত কংগ্রেছ দল বিপর্যয়ব সম্মুখীন হৈছিল।

(খ) ১৯৬৭ চনত অনুষ্ঠিত সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা কেনেদৰে পৰিবৰ্তন কৰিছিল? বুজাই লিখা। H.S. ’13

উত্তৰ: ১৯৬৭ চনত অনুষ্ঠিত হোৱা সাধাৰণ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা পৰিবৰ্তন কৰিছিল। এই নির্বাচনটো আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বাবে এক প্রত্যাহ্বানস্বরূপ।

১৯৬৭ চনত প্রথমবাৰৰ বাবে কংগ্ৰেছ দলটোৱে নেহৰুৰ দৰে এজন আকর্ষণীয় নেতাৰ অবিহনে নির্বাচনী খুঁজত অবতীর্ণ হয়। নির্বাচনৰ ফলাফলে কংগ্ৰেছৰ দুৰ্গত জোকাৰণি তোলে। কেন্দ্র আৰু বাজ্য উভয়তে কংগ্রেছ দলে এক বৃহৎ প্রত্যহ্বানৰ সম্মুখীন হয়। এই দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও ভোট আৰু আসন লাভৰ ক্ষেত্রত এয়া আছিল ১৯৫২ চনৰ নিৰ্বাচনৰ পিছত সর্বনিম্ন। এই নির্বাচনত কংগ্রেছ দলে ২৮৩ খন আসন লাভ কৰে। বিগত নির্বাচনৰ তুলনাত দলটোরে ৭৮ খন আসন কম পায়। স্বতন্ত্র দলে ৪৪ খন আসনেৰে দ্বিতীয় স্থান দখল কৰে। নির্বাচনত ইন্দিৰা গান্ধীৰ মন্ত্রীসভাৰ আধাসংখ্যক মন্ত্ৰী পৰাজিত হয়।

ৰাজ্য নির্বাচনী ফলাফলতো কংগ্ৰেছ দলৰ গৰাখহনীয়া পৰিলক্ষিত হয়। সাতখন ৰাজ্যত দলটোবে সংখ্যাগৰিষ্ঠতা হেৰুৱাবলগীয়াত পৰে। আনহাতে দুখন ৰাজ্যত দলত্যাগৰ বাবে দলটোৱে চৰকাৰ গঠন কৰাত অসমর্থ হয়। মাদ্রাজত ডি. এম কে. নামৰ দল এটাই সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ সুযোগ পায়। অন্যান্য আঠখন ৰাজ্যত বিৰোধী দলসমূহে মৰ্চা চৰকাৰ গঠন কৰে। এই নির্বাচনৰ ফলাফলে এনে ধাৰণাৰ জন্ম দিছিল যে ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ আধিপত্যৰ অন্ত পৰিল। অৱশ্যে এই নির্বাচনৰ পিছৰ নির্বাচনবোৰতো কংগ্ৰেছে বিশেষ সাফল্য লাভ কৰাত ব্যর্থ হয়। আনকি ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্রেছক হেৰুৱাই কেন্দ্রত জনতা দলে চৰকাৰ গঠন কৰে। এনেদৰে ১৯৬৭ চনৰ নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা পৰিৱৰ্তন কৰি দিছিল।

(গ) ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নির্বাচনৰ সৈতে জড়িত বিতৰ্কৰ বিষয়ে আলোচনা কৰা। H.S. ’16, 20

উত্তৰঃ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি নির্বাচনক লৈ বহুতো বিতৰ্কৰ সূচনা হৈছিল। ইয়াৰ বিষয়ে তলত সংক্ষেপে আলোচনা কৰা হ’ল-
১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতিৰ আসনটো পূৰণ কৰিবলৈ দলীয় ছিন্ডিকেট আৰু শ্রীমতী ইন্দিৰা গান্ধীৰ মাজত সংঘাত হয়। ইয়াৰ কাৰণ ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতি পদৰ বাবে জগজীবন ৰামৰ নামটো প্রস্তাৱ কৰে। আনহাতে ছিন্ডিকেট আৰু জনতা দলৰ নেতা মোমাৰজী দেশাইয়ে নীলম সঞ্জীব ৰেড্ডিৰ নাম প্রস্তাব কৰে। ইয়াত ইন্দিৰা গান্ধী ক্ষুব্ধ হৈ সভা ত্যাগ কৰে।

পিছত ছিন্ডিকেটে জগ জীৱন ৰামৰ নামটো নাকচ কৰাত ইন্দিৰা গান্ধীয়ে সেই সময়ৰ কংগ্ৰেছৰ উপসভাপতি ভি ভি গিৰিক ৰাষ্ট্রপতি পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনায়। ভিভি গিৰিয়ে নির্দলীয় প্রার্থী হিচাপে অবতীর্ণ হয়। আনহাতে কংগ্রেছৰ সভাপতিয়ে নীলম সঞ্জীব বেড্ডিক ভোট দিবলৈ দলীয় হুইপ জাৰি কৰে। ইন্দিৰা গান্ধীয়ে দলীয় সদস্যসকলক ৰাষ্ট্ৰপতি নির্বাচনত সিহঁতৰ বিবেক ভোট দিবলৈ আহ্বান জনায়।। নির্বাচনত ভি ভি গিৰি জয়ী হয় আৰু ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×