Join WhatsApp

Join Now

Join Telegram

Join Now

এটা দলৰ আধিপত্যৰ যুগ Class 12 Political Science Chapter 10 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ এটা দলৰ আধিপত্যৰ যুগ Class 12 Political Science Chapter 10 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

এটা দলৰ আধিপত্যৰ যুগ Class 12 Political Science Chapter 10 Solutions

এটা দলৰ আধিপত্যৰ যুগ Class 12 Political Science Chapter 10 Solutions

এটা দলৰ আধিপত্যৰ যুগ  (ERA OF ONE PARTY DOMINANCE)

অধ্যায় – ১০

১। অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক- ১)

(ক) কোন চনত ভাৰতত প্রথম সাধাৰণ নির্বাচন অনুষ্ঠিত কৰা হৈছিল?

উত্তৰ: ১৯৫২ চনত।

(খ) ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আযুক্ত কোন আছিল?

উত্তৰ: সুকুমাৰ সেন।

(গ) কোনজন ভাৰতীয় মুখ্য নির্বাচনী আযুক্ত নেপাল আৰু চূডানৰ মুখ্য নির্বাচনী আযুক্ত হিচাপে কার্য নির্বাহ কৰিছিল?

উত্তৰ: সুকুমাৰ সেন।

(ঘ) ভাৰতৰ প্ৰথমখন সাধাৰণ নির্বাচনত কিমানখন দলে প্রতিদ্বন্দ্বিতা কৰিছিল?

উত্তৰ: ১৪ খন ৰাষ্ট্ৰীয় দলে আৰু ৫০ খনতকৈ অধিক ৰাজ্যিক পৰ্যায়ৰ দলে।

(ঙ) কেতিয়া জাতীয় কংগ্রেছ প্রতিষ্ঠা হৈছিল? H.S. ’13

উত্তৰ: ১৮৮৫ চনত।

(চ) কোনে কংগ্রেছ দলটো গঠন কৰিছিল? H.S. ’13

উত্তৰঃ এলান অক্টোভিয়াম হিউম নামৰ এজন ইংৰাজ বিষয়াই।

(ছ) স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ: জৱাহৰলাল নেহৰু।

(জ) ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?

উত্তৰ: ডক্টৰ বি. আৰ. আম্বেদকাৰ।

(ঝ) ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয়?

উত্তৰ: ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

(ঞ) ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ মুঠ কিমানখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হৈছিল?

উত্তৰঃ ৪৮৯ খন।

(ট) ভাৰতৰ প্ৰথমখন সাধাৰণ নির্বাচনত কংগ্রেছে কিমানখন আসন লাভ কৰিছিল?

উত্তৰ: ৩৬৪ খন।

(ঠ) ভাৰতৰ প্ৰথমখন সাধাৰণ নির্বাচনত কোনটো দলে দ্বিতীয় স্থান দখল কৰিছিল।

নাইবা

ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত লোকসভাৰ দ্বিতীয় বৃহৎ সংখ্যক আসন লাভ কৰা দলটোৰ নাম কি?

উত্তৰ ভাৰতীয় সাম্যবাদী দলে, ১৬ খন আসন।

(ড) ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কংগ্রেছ দলে কিমান শতাংশ ভোট লাভ কৰিছিল?

উত্তৰ: ৪৫ শতাংশ।

(ঢ) ভাৰতৰ কোনখন সাধাৰণ নির্বাচনক বিশ্বৰ গণতান্ত্রিক ইতিহাসত এক ‘মাইলৰ খুটি’ বুলি বিবেচনা কৰা হয়?

উত্তৰ: ভাৰতৰ প্ৰপ্রথম (১৯৫২ চনৰ) সাধাৰণ নির্বাচনক।

(ণ) ভাৰতৰ কোনখন সাধাৰণ নির্বাচনক এখন কাকতৰ সম্পাদকে ‘ইতিহাসৰ সৰ্ববৃহৎ জুবা’ বুলি মন্তব্য কৰিছিল?

উত্তৰ: ১৯৫২ চনত অনুষ্ঠিত হোৱা ভাৰতৰ প্ৰথমখন সাধাৰণ নির্বাচনক।

(ত) ভাৰতৰ দ্বিতীয় সাধাৰণ নির্বাচন কোন চনত অনুষ্ঠিত কৰা হৈছিল?

উত্তৰঃ ১৯৫৭ চনত।

(থ) ভাৰতবৰ্ষ হ’ল পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ-ৰাষ্ট্র। (খালী ঠাই পূৰণ কৰা)।

উত্তৰ: গণতান্ত্রিক।

(দ) কংগ্রেছ দলে পোন প্ৰথমতে ভাৰতৰ কোনখন ৰাজ্যত পৰাজয়ৰ তিক্ততা লাভ কৰে?

উত্তৰ: কেৰালা ৰাজ্যত, ১৯৫৭ চনৰ নিৰ্বাচনত।

(ধ) ভাৰতৰ কোনখন নির্বাচনক ‘ৰাজনৈতিক ভূমিকম্প’ বুলি কোৱা হয়?

উত্তৰ: ১৯৬৭ চনৰ সাধাৰণ নির্বাচনক।

(ন) অসমত পোন প্ৰথমবাৰৰ বাবে কেতিয়া জনতা দলে চৰকাৰ গঠন কবে?

উত্তৰঃ ১৯৭৭ চনত।

(প) কিমান চনত অসমত ‘অসম গণ পৰিষদ’ দলে নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰে?

উত্তৰঃ ১৯৮৫ চনত।

(ফ) কোন চনত ‘সমাজবাদী দল’ গঠন হয়?

উত্তৰ: ১৯৪৮ চনত।

(ব) ‘ভাৰতৰ সাম্যবাদী দল (চি পি আই) কেতিয়া গঠন কৰা হয়?

উত্তৰঃ ১৯২৪ চনত।

(ভ) ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত ১৪ টা ৰাষ্ট্ৰীয় দলে অংশ গ্রহণকৰিছিল? সত্যনে? H.S. ’13

উত্তৰঃ সত্য।

(ম) ‘ভাৰতীয় জনসংঘ’ কিমান চনত প্রতিষ্ঠিত হৈছিল? H.S. ’14

উত্তৰঃ ১৯৫১ চনত।

(য) কোন দেশত বলছেভিক বিপ্লৱ হৈছিল?

উত্তৰ: ছোভিয়েট ৰাচিয়াত।

(ব) ‘ভাৰতীয় জনসংঘ’ৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? H.S. ’14

উত্তৰ: শ্যামা প্রসাদ মুখার্জী।

(ল) ১৯৬৭ চনৰ সাধাৰণ নির্বাচনে ভাৰতৰ নিৰ্বাচনী আৰু ৰাজনৈতিক ইতিহাসত পৰিবৰ্তন আনিছিল। সত্যনে? H.S. ’18

উত্তৰঃ সত্য।

(ব) কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল? H.S. ’17

উত্তৰঃ ১৯৭৭ চনৰ পৰা।

(শ) ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত একে সময়তে লোকসভা আৰু (ৰাষ্ট্ৰপতি/ ৰাজ্যিক বিধান সভা/প্রধানমন্ত্রী/ ৰাজ্য সভা) ৰ নির্বাচন অনুষ্ঠিত হৈছিল। H.S. ’17

উত্তৰঃ ৰাজ্যিক বিধান সভা।

(স) UPA ৰ সম্পূৰ্ণ নাম কি? H.S. ’13

উত্তৰঃ United Progressive Alliance.

২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

(ক) ‘ভাৰতীয় জনসংঘৰ’ নীতি কি?

উত্তৰ: ‘এক দেশ, এক সংস্কৃতি, এক জাতি’- হৈছে ভাৰতীয় জনসংঘৰ নীতি।

(খ) ‘ভাৰতীয় জনসংঘৰ’ মূল কি?

উত্তৰ: ‘ভাৰতীয় জনসংঘৰ’ মূল হ’ল- ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ আৰু ‘হিন্দু মহাসভা’।

(গ) ভাৰতবৰ্ষত কেতিয়া সংযুক্ত প্রগতিশীল মৰ্চাই চৰকাৰ গঠন কৰে?

উত্তৰ: ২০০৪ চনত, কংগ্রেছ নেতা মনমোহন সিঙৰ নেতৃত্বত।

(ঘ) ভাৰতীয় ৰাজনীতিত কোনটো যুগক কংগ্ৰেছৰ একাধিপত্যৰ যুগ বুলি কোৱা হয়?

উত্তৰ: ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা ১৯৭৭ চনলৈকে।

(ঙ) ভাৰতৰ ৰাজনৈতিক নিৰ্বাচনৰ বেলট কাকতত দুটা বস্তুক সন্নিবিষ্ট কৰা হয়। সেই দুটা কি কি?

উত্তৰ: প্রার্থীজনৰ নাম আৰু প্রতীক।

(চ) ১৯৫২ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনক কিয় এক ‘মাইলৰ খুটি’ বুলি কোৱা হয়?

উত্তৰ: ১৯৫২ চনৰ নির্বাচনে এটা কথা প্রমাণ কৰি দেখুৱালে যে দৰিদ্ৰতা আৰু অশিক্ষা গণতান্ত্রিক নির্বাচনত বাধা হ’ব নোৱাৰে। লগতে এই নির্বাচনে প্রমাণ কৰি দেখুৱায় যে বিশ্বৰ যিকোনো ৰাষ্ট্ৰতে গণতন্ত্র প্রচলন কৰিব পাৰি। সেই বাবে বিশ্বৰ গণতান্ত্রিক ইতিহাসত ১৯৫২ চনৰ নিৰ্বাচনক এক ‘মাইলৰ খুটি’ বুলি কোৱা হয়।

(ছ) সংবিধানে মাত্র এটা দলৰ শাসনক অনুমোদন জনোৱা দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ: চীন আৰু ছিৰিয়া।

(জ) কংগ্ৰেছ দলত ‘আদর্শগত সমন্বয়’ থকা বুলি কিয় কোৱা হয়?

উত্তৰ: ভাৰতবৰ্ষত ভিন্ন শ্ৰেণীৰ নিজস্ব পৰিচয়, বিশ্বাস আৰু আদর্শ থকা সত্বেও কংগ্রেছ দলক সকলোৱে নিজস্ব দল হিচাপে গ্রহণ কৰা দেখিবলৈ পোৱা যায়। এই ফালৰ পৰা কংগ্ৰেছ দলত ‘আদর্শগত সমন্বয়’ থকা বুলি ক’ব পাৰি।

(ঝ) কোন চনৰ কোন তৰাৰিখে ভাৰতীয় সংবিধানৰ খচৰা স্বাক্ষৰিত হৈছিল আৰু কেতিয়াৰ পৰা বলবৎ কৰা হয়?

উত্তৰ ভাৰতীয় সংবিধানখনৰ খচৰাত স্বাক্ষৰ হৈছিল ১৯৪৯ চনৰ ২৬ নবেম্বৰ তাৰিখে আৰু ই বলবৎ কৰা হৈছিল ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

(ঞ) ভাৰতীয় জনসংঘৰ যিকোনো দুটা আদর্শ উল্লেখ কৰা।

উত্তৰ ভাৰতীয় জনসংঘৰ দুটা আদর্শ হ’ল:

(ক) এক দেশ, এক সংস্কৃতি, এক জাতি।

(খ) সমগ্ৰ ভাৰতবৰ্ষত ভাৰতীয় হিন্দু সংস্কৃতি বিস্তাৰ কৰা।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

(ক) ‘বিৰোধী দল হ’ল ভাৰতৰ এক বিভাজিত সদন’ ব্যাখ্যা কৰা। H.S. ’20

উত্তৰঃ ভাৰতীয় দলীয় ব্যবস্থাৰ এটি অন্যতম প্রকৃতি হ’ল শক্তিশালী বিৰোধী দলৰ অভাৱ আৰু বিভাজনৰ সম্মুখীন হোৱা বিৰোধী দল। ভাৰতৰ বিৰোধী দলবোৰৰ মাজত কোনো ধৰণৰ ঐক্য আৰু সংহতি নাই। এই দলবোৰে এখন ঐক্যবদ্ধ মঞ্চ গঠন কৰাত সম্পূর্ণরূপে বিফল হৈছে। এই দলবোৰৰ মাজত সঘনাই মতানৈক্যৰ সৃষ্টি হয়। ইয়াৰ মূল কাৰণ হ’ল তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থ আৰু উদ্দেশ্যৰ ভিন্নমুখীতা। সিহঁতৰ উদ্দেশ্যৰ ভিন্ন মুখীতাৰ বাবেই কেন্দ্ৰ আৰু ৰাজ্যিক সদনত শক্তিশালী বিৰোধী দলৰ ভূমিকা পালনত ব্যর্থ হয়।

(খ) ৰাষ্ট্ৰীয় পর্যায়ত কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰ কৰাৰ কাৰণবোৰ আলোচনা কৰা। H.S. ’18

উত্তৰ: ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দলৰ আধিপত্য লাভৰ কাৰণবোৰ হ’ল-

(১) ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত স্বাধীনতা আন্দোলনৰ মূল হোতাসকলে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল। সেইসকল ব্যক্তি আছিল কংগ্রেছী লোক। সিহঁত সমগ্র দেশতে জনপ্রিয় আছিল। সেয়ে তেওঁলোকে অতি সহজে নির্বাচনত জয়ী হ’ব পাৰিছিল।

(২) কংগ্ৰেছ দলৰ আধিপত্যৰ আন এক কাৰণ হ’ল এই দলটো অতি পুৰণি আৰু সুসংগঠিত দল। সেয়ে এই দলটোৱে স্বাধীনতাৰ পিছত হোৱা নির্বাচনবোৰত অতি সহজে গোটেই দেশখনতে বিজয় সাব্যস্ত কৰিব পাৰিছিল।

(৩) ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন চলি থকা সময়ছোৱাত কংগ্রেছ দলে ইয়াৰ ভেটি ভাৰতবৰ্ষৰ গাঁৱে-ভুয়ে, চহৰে-নগৰে সকলো স্তৰতে শক্তিশালী কৰি তুলিছিল। ফলত এই দলে নির্বাচনত জয়ী হ’ব পাৰিছিল।

(৪) ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পিছত হোৱা নিৰ্বাচনবোৰত স্বাধীনতা আন্দোলনৰ নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাবমূর্তিৰ বাবেও এই দলক নির্বাচনত জয়ী হোৱাত বৰঙণি যোগাইছিল।

৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)

(ক) ভাৰতৰ দলীয় ব্যবস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ: ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ’ল-

(১) ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ প্ৰথম বৈশিষ্ট্যটো হ’ল বহুদলীয় ব্যৱস্থা। ভাৰতবৰ্ষত ভিন ভিন লক্ষ্যৰে নানান দল গঠন হৈছে আৰু নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰে।

(২) ভাৰতীয় ৰাজনৈতিক দলীয় ব্যৱস্থাৰ দ্বিতীয় বৈশিষ্ট্যটো হ’ল ইয়াৰ দলবোৰ প্ৰধানকৈ জাতি আৰু সম্প্ৰদায়ৰ ভিত্তিত গঠিত হয়। ইয়াৰ একমাত্ৰ কংগ্ৰেছ দলৰ বাহিৰে প্ৰায় সকলোবাৰ দলে সাম্প্রদায়িক চৰিত্ৰ প্রতিফলিত কৰে। উদাহৰণস্বৰূপে ভাৰতীয় জনতা দল হিন্দুত্ববাদী।

(৩) ভাৰতীয় ৰাজনৈতিক দলৰ তৃতীয় বৈশিষ্ট্য হ’ল দলসমূহত ব্যক্তিৰ আধিপত্য। ভাৰতত প্রায়ে দেখা যায় দলসমূহ মতাদর্শ তথা কর্মসূচীগত উদ্দেশ্যৰ পৰিৱৰ্তে কোনো প্রভাৱশালী ৰাজনৈতিক নেতাক কেন্দ্র কৰিহে গঢ়ি উঠে। উদাহৰণস্বৰূপে কংগ্ৰেছ দলক পৰিয়ালকেন্দ্রিক বুলি প্রায়ে অভিযোগ কৰা হয়।

(৪) ভাৰতীয় ৰাজনৈতিক দলৰ চতুর্থ বশিষ্ট্য হ’ল দলসমূহত মতাদৰ্শৰ দ্বিধাগ্রস্ততা। বাওঁপন্থী দলসমূহৰ বাহিৰে ভাৰতৰ কোনো এটা ৰাজনৈতিক দলৰে সুস্পষ্ট মতাদর্শ নাই। প্রায় প্রতিটো দলে গান্ধীবাদ, সমাজবাদ, ধর্মনিৰপেক্ষতাৰ কথা কৈ থাকে যদিও এই আদর্শবোৰৰ প্ৰতি নেতাসকলৰ শ্রদ্ধা সন্দেহজনক।

(৫) ভাৰতীয় ৰাজনৈতিক দলৰ পঞ্চম বৈশিষ্ট্য হ’ল দলসমূহৰ সাংগঠনিক দুর্বলতা। দেখা যায় বাওঁপন্থী দলসমূহ আৰু ভাৰতীয় জনতা দলৰ কিছু পৰিমাণে সাংগঠনিক ভেটি আছে যদিও অইন দলসমূহৰ কোনো নির্দিষ্ট সংগঠন আৰু শৃঙ্খলা নাই বুলি প্রমাণ পোৱা যায়।

(৬) ভাৰতীয় ৰাজনৈতিক দলৰ ষষ্ঠ বৈশিষ্ট্য হ’ল দলসমূহত দল ত্যাগ এক অতি সাধাৰণ ঘটনা। বহুতো নেতাই দলীয় স্বার্থ ত্যাগ কৰি নিজ নিজা স্বার্থ বজাই ৰাখিবলৈ এটা দল এৰি আন এটা দললৈ যোৱা লক্ষ্যণীয় বিষয়।

(খ) ভাৰতত বাওঁপন্থী দলবোৰৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে লিখা।

উত্তৰ ভাৰত সাম্যবাদী দল, ভাৰতৰ সাম্যবাদী মার্ক্সবাদী দল, সামজবাদী দল আদি হৈছে প্রধান বাওঁপন্থী দল। বাওঁপন্থী দলসমূহৰ কিছুমান স্পষ্ট নীতি আৰু কার্যপন্থা আছে, যেনে-

প্রথমতে, ভাৰতৰ বাওঁপন্থীদলবোৰ মাক্সবাদী-লেলিনবাদী আদৰ্শত বিশ্বাসী। এই দলৰ মূল লক্ষ্য হৈছে ৰাষ্ট্ৰৰ পৰা পুঁজিবাদ, সামন্তবাদ, সাম্রাজ্যবাদৰ অৱসান ঘটাই শ্রমিক শ্রেণীৰ একনায়কত্ব প্রতিষ্ঠা কৰা।

দ্বিতীয়তে, বাওঁপন্থীদলসমূহে ব্যক্তিগত মালিকীস্বত্বৰ সম্পূৰ্ণ অৱসান বিচাৰে। সিহঁতৰ মতে ৰাষ্ট্ৰ সকলো সম্পত্তিৰ মালিক আৰু জনসাধাৰণে সিহঁতৰ প্রয়োজনীয়খিনিহে পাব।

তৃতীয়তে, বাওঁপন্থীদলসমূহে কৰ্মৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়াৰ পক্ষপাতী।

চতুর্থতে, এই দল সাম্প্রদায়িকতাবাদ, উগ্রবাদ, জাতীয়তাবাদ, বিচ্ছিন্নতাবাদ আদিৰ তীব্ৰ বিৰোধী।

পঞ্চমতে, এই দলবোৰে সামৰিক ক্ষেত্ৰত ব্যয় হ্রাস কৰাৰ পক্ষপাতী।

ষষ্ঠতে, বৈদেশিক নীতিৰ ক্ষেত্ৰত এই দলবোৰে সাম্রাজ্যবাদ নীতিৰ বিৰোধী। ই দেশসমূহৰ লগত সৌহার্দপূর্ণ সম্পর্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে।

(গ) ভাৰতৰ প্ৰথম তিনিটা নির্বাচনত কংগ্ৰেছৰ আধিপত্যৰ বিশ্লেষণ কৰা। H.S. ’12, ’15

উত্তৰ: স্বাধীন ভাৰতৰ প্ৰথম তিনিটা নির্বাচনত কংগ্রেছ দলে একাধিপত্যৰ সূচনা কৰিছিল।

ইয়াৰ প্ৰথমটো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত। এই নিৰ্বাচনত লোকসভাৰ মুঠ ৪৮৯ খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল ৩৬৪ খন আৰু মুঠ ভোটাৰৰ শতকৰা ৪৫ টা ভোট লাভ কৰিছিল। ইয়াৰ উপৰিও ৰাজ্যিক বিধান সভাবোৰতো কংগ্রেছে বিপুল ভোট লাভ কৰি বিজয়ী হৈছিল।

ভাৰতৰ দ্বিতীয়টো নির্বাচন অনুষ্ঠিত হৈছিল ১৯৫৭ চনত। এই নির্বাচনত কংগ্রেছে তিনি চতুর্থাংশ আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন কৰে যদিও কেৰালাত সাম্যবাদী দলৰ নেতৃত্বত মৰ্চা চৰকাৰ গঠন হয়।

ভাৰতৰ তৃতীয় সাধৰণ নির্বাচন অনুষ্ঠিত হৈছিল ১৯৬২ চনত। এই নির্বাচনত ৪৯৪ খন আসনৰ ভিতৰত কংগ্রেছে ৩৬১ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিছিল।

এনেদৰে স্বাধীন ভাৰতৰ প্ৰথম তিনিটা নির্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰি একাধিপত্যৰ সূচনা কৰিছিল।

(গ) ভাৰতত বিৰোধী দলৰ ভূমিকৰ বিষয়ে চমুকৈ আলোচনা কৰা। H.S. ’14

উত্তৰ: ভাৰতবৰ্ষ পৃথিৱীৰ এক বৃহত্তম গণতান্ত্রিক ৰাষ্ট্ৰ। ইয়াত বহুদলীয় দলৰ অস্তিত্ব বিদ্যামান। ভাৰতীয় ৰাজনীতিত বিৰোধী দলে এক মুখ্য ভূমিকা গ্রহণ কৰি আছে। যেনেঃ

(ক) ভাৰতত বিৰোধী দলসমূহে প্রতিষ্ঠিত চৰকাৰক গঠনমূলক সমালোচনা কৰি চৰকাৰক শুদ্ধ পথত পৰিচালিত হোৱাত সহায় কৰে।

(খ) বিৰোধী দলসমূহে সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থ আগত ৰাখি চৰকাৰক সঠিক সমালোচনা কৰি শাসন ব্যবস্থা প্রগতিশীল কৰি ৰখাত সহায় কৰে।

(গ) বিৰোধী দলসমূহ চৰকাৰৰ অপশাসন, দুর্নীতি আদি দোষ-ত্রুটিসমূহ আঙুলিয়াই দি প্রশাসন ব্যবস্থাক সঠিক ৰখাত সাহায় কৰে।

(ঘ) বিৰোধী দলসমূহে চৰকাৰৰ দোষ-ত্রুটিসমুহৰ বিৰোদ্ধে জনমত গঠন কৰাত সহায় কৰে।

(ঙ) বিৰোধী দলসমূহে ৰাষ্ট্ৰত গণতান্ত্রিক আদর্শ বৰ্তাই ৰখাত প্রধান ভূমিকা গ্রহণ কৰে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×