Join WhatsApp

Join Now

Join Telegram

Join Now

ভাৱবাদঃ আত্মগত আৰু বস্তুগত Class 12 Logic And Philosophy Chapter 6 Solutions ২০২৫

By Rabbi Masrur

Published On:

Class 12 Logic And Philosophy Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Logic And Philosophy বিষয়ৰ পাঠভিত্তিক ভাৱবাদঃ আত্মগত আৰু বস্তুগত Class 12 Logic And Philosophy Chapter 6 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

ভাৱবাদঃ আত্মগত আৰু বস্তুগত Class 12 Logic And Philosophy Chapter 6 Solutions

ভাৱবাদঃ আত্মগত আৰু বস্তুগত Class 12 Logic And Philosophy Chapter 6 Solutions

ভাৱবাদঃ আত্মগত আৰু বস্তুগত

ষষ্ঠ অধ্যায়

ক. অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)

১। ‘প্রত্যক্ষতে ইতি বিদ্যতে’ (প্রত্যক্ষতে বস্তু বিদ্যমান): উক্তিটো কোনজন দার্শনিকৰ? H. S. ’18

উত্তৰ: জর্জ বার্কলিৰ।

২। কোনজন দার্শনিকৰ মতে চিন্তা আৰু সত্তা একে?

উত্তৰ: দার্শনিক হেগেলৰ মতে।

৩। আধুনিক দর্শনত বস্তুগত ভাববাদৰ প্ৰৱৰ্তন কৰা দার্শনিকজনৰ নাম কি?

উত্তৰ: হেগেল।

৪। আধুনিক দর্শনত কোনজন দার্শনিকে আত্মগত ভাববাদ প্রবর্তন কৰে?

উত্তৰ: জর্জ বার্কলি।

৫। নিম্বোল্লেখিত দার্শনিকসকলৰ ভিতৰত কোনজন ভাববাদী নহয়? H. S. ’15

(ক) বার্কলি

(খ) জিই মূৰ

(গ) ব্রেডলী

উত্তৰ: (খ) জিই মুৰ।

৬। ‘চিন্তা আৰু সত্বা পৰিশেষত একে’- উক্তিটো কাৰ?

উত্তৰ: উক্তিটো দার্শনিক হেগেলৰ। আৰু দার্শনিক তত্বটোৰ নাম বস্তুনিষ্ঠ ভাববাদ।

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ২)

১। ‘প্রত্যক্ষ ইতি বিদ্যতে’: কথাষাৰৰ অৰ্থ কি? H. S. ’15, ’18

উত্তৰ: ‘প্রত্যক্ষ ইতি বিদ্যতে’ কথাষাৰৰ অৰ্থ হ’ল – এই বিশ্বৰ কোনো বস্তুয়েই মন নিৰপেক্ষ নহয়। বস্তুৰ অস্তিত্ব প্রত্যক্ষৰ দ্বাৰাই নির্ধাৰিত হয়।

২। দ্বন্দ্বাত্মক পদ্ধতি মানে কি?

উত্তৰ: জড় আৰু চেতনৰ পাৰ্থক্য, সত্তা আৰু অসত্তাৰ বিশেষৰ সম্বন্ধয় সাধনৰ চিন্তা প্রক্রিয়াকে ‘দ্বন্দ্বাত্মক পদ্ধতি’ বোলে।

৩। বস্তুগত ভাববাদৰ সংজ্ঞা দিয়া। H. S. ’18

উত্তৰ যি মতবাদে পৰম ব্রহ্ম বা চৈতন্য সত্ত্বাৰ অস্তিত্ব স্বীকাৰ কৰে আৰু বস্তুময় জগতৰ মাজেদিয়েই ব্রহ্মসত্ত্বাৰ প্রকাশ বুলি ধাৰণা কৰে তাকে ‘বস্তুগত ভাববাদ’ বোলে।

৪। আত্মবাদৰ সংজ্ঞা লিখা। আত্মবাদৰ লগত জড়িত তত্নটোৰ নাম লিখা।

উত্তৰ যি দার্শনিক মতবাদ অনুসিৰ এজন ব্যক্তিৰ আত্মাহে কেবল অস্তিত্বশীল সেয়াই আত্মবাদ। এই ভাববাদৰ লগত জড়িত তত্বটোৰ নাম- বার্কলিৰ আত্মগত ভাববাদ।

৫। ‘ভাববাদ’ কি? নাইবা তোমাৰ নিজৰ ভাষাৰে ভাববাদৰ এটা সংজ্ঞা দিয়া। H. S. ’19

উত্তৰ যি মতবাদ অনুসৰি প্ৰকৃতিৰ বস্তুসমূহৰ মন নিৰপেক্ষ স্বতন্ত্র অস্তিত্ব নাই, আধ্যাত্মিক জগতহে পৰম জগত বুলি স্বীকাৰ কৰে তাকে ‘ভাববাদ’ বুলি কোৱা হয়।

৬। দ্বন্দ্বাত্মক পদ্ধতিৰ লগত জড়িত ভাৱবাদৰ প্ৰকাৰ বিধৰ নাম লিখা। এই পদ্ধতিৰ পোষকতা কৰা দার্শনিকজনৰ নাম কি? H. S. ’17

উত্তৰ: দ্বন্দ্বাত্মক পদ্ধতিৰ লগত জড়িত ভাৱবাদৰ প্ৰকাৰ বিধৰ নাম বস্তুগত ভাববাদ।

এই পদ্ধতিৰ পোষকতা কৰা দার্শনিকজনৰ নাম হেগেল।

৭। বস্তুনিষ্ট ভাববাদৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। H. S. ’15, ’17

উত্তৰ: বস্তুনিষ্ঠ ভাববাদৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) সত্বা এক গতিশীল প্রক্রিয়া।

(খ) সত্বা আৰু চিন্তা অভিন্ন।

৮। বস্তুনিষ্ঠ ভাৱবাদৰ দুটা সমালোচনা লিখা। H. S. ’15

উত্তৰঃ (১) হেগেলৰ মতে পৰম সত্তা আত্মচেতনাময় আৰু বৌদ্ধিক। একে সময়তে তেওঁ সত্তাক মূর্ত বুলি অভিহিত কৰিছে। দার্শনিক চিন্তামতে বৌদ্ধিক চেতনাময়তা স্ববিৰুদ্ধ।

(২) হেগেলে তেওঁৰ ভাববাদ উদ্দেশ্যধর্মী মতবাদ বুলি অভিহিত কৰিছে। কিন্তু জড় বা ভৌতিক দ্রব্যৰ উদ্দেশ্য কি সেয়া বুজা নাযায়।

৯। বার্কলিৰ আত্মনিষ্ঠ ভাববাদৰ সংজ্ঞা দিয়া। বার্কলি এজন আত্মবাদী দার্শনিক হয়নে? H. S. ’17

উত্তৰ: বার্কলিৰ মতে কেৱল মন বা চেতনাৰহে একমাত্র অস্তিত্ব আছে আৰু সকলো জ্ঞেয় বস্তু মন সাপেক্ষ তাকেই আত্মনিষ্ঠ ভাববাদ।
বার্কলি এজন আত্মবাদী দার্শনিক।

১০। ভাববাদ বুলিলে কি বুজা? বাস্তববাদ আৰু ভাৱবাদৰ মাজত থকা দুটা পার্থক্য লিখা। H. S. ’14

উত্তৰ : যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল আৰু জ্ঞাতাৰ মনৰ বাহিৰত কোনো বস্তু থাকিব নোৱাৰে, সেই মতবাদেই ‘ভাববাদ’।

বাস্তববাদ আৰু ভাববাদৰ মাজত দুটা পার্থক্য হ’ল-

(ক) বাস্তববাদত এখন স্বতন্ত্র জগতৰ অস্তিত্ব স্বীকাৰ কৰা হয়। কিন্তু ভাববাদত এখন স্বতন্ত্র জগতৰ অস্তিত্ব স্বীকাৰ কৰা নহয়।

(খ) বাস্তববাদত জ্ঞাতাতকৈ জ্ঞেয়ৰ প্রাধান্য বেছি। আনহাতে ভাববাদত জ্ঞেয়তকৈ জ্ঞাতাৰ প্রাধান্য বেছি।

১১। কার্য সংমিশ্রণ বুলিলে কি বুজা?ই কেই প্ৰকাৰৰ?

উত্তৰ : সংযোজিত কাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন মিশ্রণক কার্য সংমিশ্রণ বুলি কোৱা হয়।

কার্য সংমিশ্রণ দুই প্ৰকাৰৰ-

(ক) সমজাতীয় কার্য সংমিশ্রণ আৰু

(খ) বিজাতীয় কার্য সংমিশ্রণ।

গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। ভাববাদৰ বিভিন্ন ভাগবোৰ কি কি?

উত্তৰ: ভাববাদৰ বিভিন্ন ভাগবোৰ হ’ল:

(ক) আত্মগত ভাববাদ।

(খ) বস্তুগত ভাববাদ আৰু

(গ) পৰিদৃশ্যমান ভাববাদ।

২। আত্মগত ভাববাদ গ্রহযোগ্য বুলি ভাবানে? যদি নহয় কিয়?

উত্তৰ: আত্মগত ভাববাদক গ্রহণযোগ্য মতবাদ বুলি ক’ব নোৱাৰি কাৰণ

(ক) আত্মগত ভাববাদে বস্তুৰ অস্তিত্বৰ ধাৰাবাহিকতা, স্থিতি আদিৰ ব্যাখ্যা দিব নোৱাৰে।

(খ) আত্মগত ভাববাদী দার্শনিক বার্কলিৰ মতে, বস্তুবোৰ আমাৰ প্রত্যক্ষৰ বাহিৰে আন একো নহয়। প্রত্যক্ষবোৰ এই ক্ষেত্ৰত আপেক্ষিক আৰু পৰিৱৰ্তনশীল।

(গ) আত্মগত ভাববাদে সংবেদন আৰু সংবেদনৰ বিষয়-বস্তুৰ পার্থক্য অস্বীকাৰ কৰিছে। কিন্তু বাস্তবত দুয়োটাৰে পার্থক্য অস্বীকাৰ কৰিব নোৱাৰি।

৩। প্রত্যক্ষ ইতি বিদ্যতে’ উক্তিটো ব্যাখ্যা কৰা।

উত্তৰ: ‘প্রত্যক্ষ ইতি বিদ্যতে’ কথাষাৰৰ অৰ্থ হৈছে প্রত্যক্ষতে বস্তুৰ অস্তিত্ব বিদ্যমান। ই বার্কলিৰ আত্মগত ভাববাদৰ মূল কথা। জন ল’কৰ বৈজ্ঞানিক বাস্তৱবাদক খণ্ডন কৰি বার্কলিয়ে আত্মগত ভাববাদ প্রতিষ্ঠা কৰিবলৈ গৈ তেনেদৰে কৈছে।

আত্মগত ভাববাদ মতে, আমি যি প্রত্যক্ষ কৰোঁ কেবল তাৰহে অস্তিত্ব আছে। অর্থাৎ কোনো এটা বস্তু অস্তিত্বশীল এই কাৰণেই যে বস্তুটো প্রত্যক্ষ কৰা হৈছে। ইয়াৰ ব্যাখ্যাত কোৱা হয় যে প্রত্যক্ষ কৰা পর্যন্ত বস্তু এটা অস্তিত্বশীল হয়। বস্তু এটা প্রত্যক্ষ কৰিবলৈ এৰি দিলেই ইয়াৰ অস্তিত্ব নোহোৱা হয়।

ইয়াৰ সমালোচনাত সমালোচকসকলে কয় যে এই তত্ত্ব মানি ললে এটা বস্তুৰ অস্তিত্ব সদায় পৰিৱৰ্তনশীল হৈ থাকিব। কাৰণ এই তত্ত্বই স্বীকাৰ কৰে যে প্ৰত্যক্ষৰ সময়তহে বস্তুটো অস্তিত্বশীল আৰু প্রত্যক্ষ কৰিবলৈ এৰি দিয়াৰ লগে লগেই বস্তুটোৰ অস্তিত্ব নাইকীয়া হ’ব। কিন্তু বার্কলিয়ে এই যুক্তি খণ্ডন কৰি কৈছে যে বিশেষ বস্তু এটা এজন নহয় এজন ব্যক্তিয়ে প্রত্যক্ষ কৰি থাকে। আকৌ কোনো ব্যক্তিয়ে প্রত্যক্ষ নকৰা সময়ত বস্তুটো ঈশ্ববে প্রত্যক্ষ কৰি থাকে।

৯। বার্কলিৰ আত্মনিষ্ঠ ভাববাদ কি? বার্কলিয়ে কি যুক্তিত মূল আৰু গৌণ গুণসমূহ অভিন্ন বুলি কৈছে? H. S. 15

উত্তৰ: বার্কলিৰ মতে কেবল মন বা চেতনাৰহে একমাত্র অস্তিত্ব আছে আৰু সকলো জ্ঞেয় বস্তু মন সাপেক্ষ তাকেই আত্মনিষ্ঠ ভাববাদ।
বার্কলিয়ে মূল আৰু গৌণ গুণসমূহ অভিন্ন বুলি কৈছে, কাৰণ তেওঁৰ মতে সকলো গুণেই ব্যক্তি নির্ভৰশীল। তেওঁ কয় যে বস্তুৰ ৰূপ, বস, গোন্ধ আদি যেনেকৈ ব্যক্তি নিৰ্ভৰ ঠিক তেনেকৈ বস্তুৰ আয়তন, আকৃতি, ওজন আদি ব্যক্তিৰ ওপৰতেই নির্ভৰশীল।

১০। প্লেটোৰ ভাৱবাদৰ ওপৰত এটি টোকা লিখা। H. S. 19

উত্তৰ: প্লেটোৰ দৰ্শনত ভাৱবাদৰ চানেকি আছে। তেওঁৰ ভাৱবাদৰ মতে এই বিশ্বৰ সকলো বস্তু ক্ষণস্থায়ী। সকলো বস্তুবে এটা নির্দিষ্ট আয়ুসকাল আছে আৰু আয়ুসসকাল শেষ হ’লে সি শূন্যত বিলীন হৈ যায়। বিশেষ সদায় বিনামী, সামান্য, অবিনাশী আৰু সনাতন-এই সামান্যক প্লেটোয়ে কেতিয়াবা ধাৰণা আৰু কেতিয়াৱা ৰূপ বুলি কৈছে।

১১। কাৰণ সম্পর্কে এৰিষ্টটলৰ ধাৰণা ব্যাখ্যা কৰা। H. S. ’19

নাইবা

কাৰণৰ সংজ্ঞা দিয়া। এৰিষ্টটলৰ মতে কাৰণৰ ভাগ কেইটা আৰু কি কি উদাৰহণৰ সৈতে আলোচনা কৰা।

উত্তৰ: কাৰণ হৈছে কোন কার্যৰ নিয়ত পূর্ববর্তী ঘটনা। এবিষ্টটলে কাৰণক চাৰিটা ভাগত ভাগ কৰিছে।

যেনেঃ

(ক) উপাদান কাৰণ: যি দ্রব্য বা পদাৰ্থৰ দ্বাৰা কোনো কাৰ্য উৎপাদন কৰা হয় সেয়ে উপাদান কাৰণ। উদাহৰণ- কাঠৰ টেবিলক এটা কার্য বুলি ধৰিলে কাঠ হৈছে উপাদান কাৰণ।

(খ) আকাৰগত কাৰণ: কোনো উপাদান বা দ্রব্যৰ যি আকাৰ দি কার্য এটা উৎপন্ন কৰা হয়, সেয়াই আকাৰগত কাৰণ। উদাহৰণ- কাঠৰ দ্বাৰা টেবিলৰ যি আকৰ দিয়া হয় সেয়া আকাৰগত কাৰণ।

(গ) নিমিত্ত কাৰণ: কোনো কার্য উৎপাদন কৰিবলৈ যি শক্তি, দক্ষতা বা কৌশলব প্রয়োজন হয়, সেয়াই নিমিত্ত কাৰণ। উদাহৰণ- টেবিল তৈয়াৰ কৰা মিস্ত্রীজন হ’ল নিমিত্ত কাৰণ।

(ঘ) পৰিণাম বা উদ্দেশ্য কাৰণ: যি উদ্দেশ্যে বা ফল লাভৰ বাবে কোনো কার্য উৎপাদন কৰা হয় তাকে পৰিণাম বা উদ্দেশ্য কাৰণ বোলে। যেনে লিখা পড়া কৰিবৰ বাবে টেবিল এখন তৈয়াৰ কৰা হৈছে, এয়াই পৰিণাম বা উদ্দেশ্য কাৰণ।

১২। কাৰভেথৰীডক অনুসৰণ কৰি কাৰণৰ সংজ্ঞা দিয়া। কাৰণৰ গুণগত লক্ষণসমূহ চমুকৈ ব্যাখ্যা কৰা। H. S. ’17

উত্তৰ : দার্শনিক কাৰভেথৰীডৰ মতে, “গুণগতভাবে কাৰণ কাৰ্যৰ নিয়ত, অব্যবহিত চর্তহীন, পূর্ববর্তী ঘটনা আৰু পৰিমাণগতভাবে কাৰণ আৰু কাৰ্য সমপৰিমাণৰ।”

কাৰণৰ কিছুমান গুণগত লক্ষণ আছে, যেনেঃ

(ক) কাৰণ আৰু কার্য পৰস্পৰ সাপেক্ষ পদ। কাৰণ অবিহনে কার্য নহয় আৰু কার্য অবিহনে কাৰণ অসম্ভব।

(খ) কাৰণ আৰু কার্য সদায় পূর্ববর্তী আৰু অনুবর্তী ঘটনা। কাৰণ সদায় কার্যৰ লগত অপৰিবৰ্তনীয় হৈ থাকে।

(গ) কার্য সংঘটিত হোৱা ক্ষমতা কাৰণৰ ভিতৰত থাকিব লাগিব। তেতিয়াহে তাৰ মাজত কাৰ্য-কাৰণ সম্পর্ক স্থাপন হ’ব।

(ঘ) এটা কাৰ্যৰ এটাহে কাৰণ থাকে।

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক- ৬)

১। হেগেলৰ বস্তুগত ভাববাদ আলোচনা কৰা। H. S. ’15, ’16

নাইবা

হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ সমালোচনামূলক ব্যাখ্যা আগবঢ়োবা।

নাইবা

হেগেলৰ বস্তুনিষ্ঠ ভাববাদৰ চাৰিটা বৈশিষ্ট্য আগবঢ়োবা। H. S. ’20

উত্তৰ বস্তুগত ভাববাদৰ প্ৰবক্তা হ’ল হেগেল। তেওঁৰ বস্তুগত ভাববাদৰ মতে পৰম ধাৰণাই পৰম সত্তা। মানুহৰ সকলো সসীম ধাৰণা সর্বশেষত পৰম সত্তাত অন্তর্ভুক্ত হয়। পৰম সত্তাই সসীম ধাৰণাৰ মাজেৰে নিজৰ চৈতন্য প্রকাশ কৰে। এই জগতৰ পৰম সত্তাই হ’ল পৰম ধাৰণা। অর্থাৎ পৰম ধাৰণা অথবা পৰম চিন্তাই জগতৰ অন্তর্নিহিত সত্তা। মানবৰ দ্বাৰা বোধগম্য হোৱা সকলোৰে প্রধান শক্তিটোৱেই হ’ল ‘পৰম ধাৰণা’ (Absolute Idea) আৰু জাগতিক বস্তু আৰু জীবসমূহৰ মাজৰ সম্পর্ক এৰাব নোৱাৰা। অর্থাৎ এটাক বাদ দি আনটোৰ কথা ভাবিব নোৱাৰি। যিদৰে জীৱদেহৰ অঙ্গসমূহ সমগ্র দেহৰ লগত জড়িত। দেহক বাদ দি অঙ্গসমূহৰ অস্তিত্ব নাথাকে। সেইদৰে পৰম ধাৰণা অবিহনে সসীম বস্তু আৰু জীৱবোৰ অস্তিত্বশীল হ’ব নোৱাৰে। এয়ে হেগেলৰ বস্তুগত ভাববাদৰ মূল কথা।

হেগেলৰ পৰম সত্তা জীবন্ত তথা গতিশীল। এই জগতৰ বৈচিত্ৰতাৰ মাজেৰে সত্তাই নিজৰ স্বৰূপ প্রকাশ কৰে। জগত অবিহনে পৰম সত্তা অসম্পূর্ণ অর্থাৎ সত্তাৰ আত্মা চৈতন্য উপলব্ধিৰ নিমিত্তে জগত অপবিহার্য। সসীম মানৱৰ চিন্তাসমূহত সংঘাত থাকে। এইবোৰ সত্তাৰ ৰহস্য বা লীলা। সংঘাতবোৰ সত্তাৰ মাজেৰে সুসংহত আৰু সমন্বিত হয়। হেগেলৰ মতে ‘চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন।’ এইদৰে সসীমৰ মাজেবে পৰম সত্তাৰ অভিব্যক্তি অধিক উজ্জ্বল আৰু সুন্দৰ হৈ পৰে। মুঠতে হেগেলৰ ভাৱবাদে জগতৰ বাস্তৱতা স্বীকাৰ কৰিছে।

হেগেলৰ ভাৱবাদৰ বিৰুদ্ধে তলত দিয়া ধৰণে সমালোচনা আগবঢ়াব পাৰি-(১) হেগেলৰ মতে পৰম সত্তা আত্মচেতনাময় আৰু বৌদ্ধিক। একে সময়তে তেওঁ সত্তাক মূর্ত বুলি অভিহিত কৰিছে। দার্শনিক চিন্তামতে বৌদ্ধিক চেতনাময়তা স্ববিৰুদ্ধ।

(২) হেগেলে তেওঁৰ ভাৱবাদ উদ্দেশ্যধর্মী মতবাদ বুলি অভিহিত কৰিছে। কিন্তু জড় বা ভৌতিক দ্রব্যব উদ্দেশ্য কি সেয়া বুজা নাযায়।

(৩) চৈতন্যময় মানব আত্মাকে ধৰি এই জড় জগত পৰম সত্তাব এক আৱশ্যকীয় অংশ বুলি হেগেলৰ ভাববাদে মানি লৈছে। কিন্তু সীমিত বস্তুরূপে অসীম সত্তাৰ প্রকাশ কি দৰে হয়, তাক ভাববাদী মতবাদৰ যোগেদি বুজিব নোৱাৰি।

২। সমালোচনাসহ আত্মগত ভাববাদ ব্যাখ্যা কৰা।

নাইবা

বার্কলিৰ আত্মনিষ্ঠ ভাববাদ কি? বার্কলিৰ আত্মনিষ্ঠ ভাৱবাদৰ বিৰুদ্ধে উত্থাপিত হোৱা চাৰিটা সমালোচনা লিখা। H. S. ’14, ’16

উত্তৰ : আত্মগত ভাববাদৰ প্রবক্তা হৈছে জর্জ বার্কলি। জন ল’কৰ অভিজ্ঞতাবাদৰ যুক্তিসম্মত পৰিণতিত বার্কলিৰ আত্মগত ভাববাদ গঢ় লৈ উঠিছে। বার্কলিৰ আত্মগত ভাৱবাদ মতে ধাৰণাকহে কেবল জানিব পাৰি অথবা ধাৰণাৰহে বাস্তবতা আছে। প্রত্যক্ষকাৰীৰ মনৰ পৰা স্বতন্ত্রভাবে প্রকৃতি জগতৰ অস্তিত্ব নাই।

সহজ ভাষাত বার্কলিৰ আত্মগত ভাববাদৰ সাৰ কথা হ’ল ‘প্রত্যক্ষতে ইতি বিদ্যতে’। অর্থাৎ ‘অস্তিত্ব প্রত্যক্ষ নির্ভব।’ এই মত অনুসৰি কোনো বস্তুৰ অস্তিত্ব স্বীকাৰ কৰিবলৈ হ’লে সি ব্যক্তি বিশেষৰ প্ৰত্যক্ষ নিৰ্ভৰ হ’ব লাগিব। যাক প্রত্যক্ষৰ দ্বাৰা লাভ কৰিব পৰা নাযায় সি অস্তিত্বশীল নহয়। যি বস্তুক কোনেও প্রত্যক্ষ কৰা নাই তাৰ অস্তিত্ব নাই। যিহেতু অস্তিত্ব প্রত্যক্ষ নির্ভৰ সেয়ে কোনো এটা বস্তু আছে বোলা কথাষাৰে ইয়াকে বুজায় যে সেই বস্তুটোক কোনোবাই প্রত্যক্ষ কৰিছে। মুঠতে বার্কলিৰ মতে কোনো এটা বস্তুৰ স্থিতি প্রমাণিত হ’বলৈ হ’লে ই প্রত্যক্ষৰ জৰিয়তে জ্ঞাত হ’ব লাগিব। অর্থাৎ প্রত্যক্ষ জ্ঞানৰ বিষয় নোহোৱা কোনো বস্তু পৰোক্ষ জ্ঞানৰো বিষয় হ’ব নোৱাৰে।

আধুনিক বাস্তববাদীসকলে বার্কলিৰ আত্মগত ভাববাদক তলত দিয়া ধৰণে সমালোচনা কৰিছে-

(১) আধুনিক বাস্তববাদী ই, জি. মুৰে কয় যে জ্ঞানৰ এটি সন্তোষজনক মতবাদৰ নিমিত্তে বিষয়-বস্তু আৰু সংবেদনৰ মাজত পার্থক্য থকা কথাটো গ্রহণ কৰিব লাগিব। কিন্তু আত্মগত ভাববাদীসকলে ই মানি নলয়।

(২) বার্কলিৰ মতে সংবেদনৰ বস্তু আৰু সংবেদন একে। কিন্তু ই সত্য নহয়। সংবেদন আৰু সংবেদনৰ বস্তুৰ মাজত অপৰিহাৰ্য সম্বন্ধ আছে। কিন্তু সিয়ে দুয়োটাক একে বুলি প্রমাণ কৰিব নোৱাৰে।

(৩) বার্কলিৰ অস্তিত্ব প্রত্যক্ষ নির্ভব। এই মতবাদৰ যুক্তিগত পৰিণতি হৈছে আত্মজ্ঞানবাদ। কিন্তু আত্মজ্ঞানবাদে সকলো বস্তুৰ মূল ঢুকি নাপায়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×