Join WhatsApp

Join Now

Join Telegram

Join Now

বাস্তৱবাদ সৰল আৰু বৈজ্ঞানিক Class 12 Logic And Philosophy Chapter 5 Solutions ২০২৫

By Rabbi Masrur

Published On:

Class 12 Logic And Philosophy Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Logic And Philosophy বিষয়ৰ পাঠভিত্তিক বাস্তৱবাদ সৰল আৰু বৈজ্ঞানিক Class 12 Logic And Philosophy Chapter 5 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

বাস্তৱবাদ সৰল আৰু বৈজ্ঞানিক Class 12 Logic And Philosophy Chapter 5 Solutions

বাস্তৱবাদ সৰল আৰু বৈজ্ঞানিক Class 12 Logic And Philosophy Chapter 5 Solutions

বাস্তৱবাদ সৰল আৰু বৈজ্ঞানিক

খ-অংশঃ দর্শন

পঞ্চম অধ্যায়

ক. অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)

১। বৈজ্ঞানিক (বিজ্ঞানসম্মত) বাস্তববাদৰ প্রবর্তক কোন?

উত্তৰ জন ল’ক।

২। বিজ্ঞানসম্মত বাস্তৱবাদৰ মতে বস্তুৰ গুণ ব্যক্তিনির্ভৰশীল হয়নে?

উত্তৰ: নহয়।

৩। ‘সবল বস্তুববাদে ভ্রমাত্মক জ্ঞানৰ ব্যাখ্যা দিব নোৱাৰে’ কথাষাৰ সঁচানে?

উত্তৰ : সঁচা।

৪। সৰল বাস্তববাদৰ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্ক কেনেকুৱা? H. S. ’16, ’20

উত্তৰ: বাহ্যিক।

৫। সৰল বাস্তববাদৰ মতে, জ্ঞান বিজ্ঞানৰ বিষয় —- বস্তু ইয়াৰ ৰ সৈতে বাহ্যিক জগতত স্বতন্ত্রভাবে থাকে। (খালী ঠাই পূৰণ কৰা)।

উত্তৰ : গুণ।

৬। মুখ্য গুণ কি? নাইবা মৌলিক গুণৰ সংজ্ঞা দিয়া। H. S. ’15, 17, 20

উত্তৰ যিবোৰ গুণ মনৰ পৰা স্বতন্ত্র অর্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়, তাক মুখ্য গুণ বোলে। যেনেঃ বস্তুৰ আকাৰ, ওজন আদি।

৭। গৌণ গুণ কি?

উত্তৰ যিবোৰ গুণ মনৰ পৰা স্বতন্ত্র নহয় অর্থাৎ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল, তাক গৌণ গুণ বোলে।

৮। ‘পূর্বস্থাপিত শৃংখলা মতবাদ’ কোনে আগবঢ়াইছিল? H. S. ’16

উত্তৰ: দার্শনিক লাইবনিজে।

৯। আধুনিক দৰ্শনৰ পিতৃ কোন? H. S. ’16

উত্তৰ : ডেকার্ট।

১০। বাস্তববাদ মানে কি? H. S. ’16

উত্তৰঃ বাস্তববাদ হৈছে জ্ঞানৰ বিষয়-বস্তু সম্পর্কীয় মতবাদ যিয়ে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে বুলি স্বীকাৰ কৰে।

১১। গৌণ গুণৰ এটা উদাহৰণ দিয়া। H. S. ’18

উত্তৰ: সোবাদ।

১২। নিৰীক্ষণৰ বৌদ্ধিক চর্ত কি লিখা। H. S. ’18

উত্তৰ: কোনো সমস্যা বা বিষয়ৰ কাৰণ বা ব্যাখ্যা সম্পর্কে জানিবলৈ মনত জাগি উঠা ইচ্ছা বা অনুসন্ধিৎসাই নিৰীক্ষণৰ বৌদ্ধিক চর্ত।

১৩। বাহ্যজগতখন প্রত্যক্ষভাবে জানিব পৰা যায় বুলি ভবা মতবাদটোৰ নাম কি? H. S. 19

উত্তৰ: বাহ্য জগতখন প্রত্যক্ষভাবে জানিব পৰা যায় বুলি ভবা মতবাদটোৰ নাম সবল বাস্তববাদ।

১৪। বস্তুৰ এটাৰ মুখ্য আৰু গৌণ গুণ লিখা। H. S. 19

উত্তৰ বস্তু এটাবৰ মুখ্য গুণ ওজন আৰু গৌণ গুণ বং।

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ২)

১। ‘সৰল বাস্তৱবাদ’ নামটো পোনতে কোনে ক’ত ব্যৱহাৰ কৰিছিল?

উত্তৰ সৰল বাস্তৱবাদ নামটো ডুবান্ট ড্রেক নামৰ দার্শনিক এজনে ‘Invitation to Philoso-phy’ নামৰ গ্ৰন্থত পোন প্ৰথমবাৰৰ কাৰণে প্রয়োগ কৰিছিল।

২। বাস্তৱবাদৰ প্ৰধান ভাগ কেইটা আৰু কি কি?

উত্তৰ: বাস্তববাদৰ প্রধান ভাগ চাৰিটা যেনেঃ

(ক) সবল বাস্তববাদ

(গ) নব্য বাস্তববাদ আৰু

(খ) বিজ্ঞানসম্মত বাস্তববাদ

(ঘ) নব্য বিচাৰমূলক বাস্তববাদ।

৩। বাস্তববাদ আৰু ভাৱবাদৰ মাজত তিনিটা পার্থক্য উল্লেখ কৰা। H. S. ’12, ’16

উত্তৰ : বাস্তববাদ আৰু ভাববাদৰ মাজত দুটা পার্থক্য হ’ল-

(ক) বাস্তববাদে এখন অস্তিত্বময় জগতৰ স্বীকৃতি দিয়ে যি মনৰ পৰা স্বাধীন। কিন্তু ভাববাদে মনৰ পৰা স্বাধীন জগতৰ অস্বিত্ব মানি নলয়।

(খ) বাস্তববাদত জ্ঞাততকৈ জ্ঞেয়ৰ প্রাধান্য বেছি। কিন্তু ভাববাদত জ্ঞেয়তকৈ জ্ঞাতাৰ প্রাধান্য বেছি।

(গ) বাস্তববাদীসকলে প্রাকৃতিক নিয়মসমূহক চূড়ান্ত বুলি ভাবে, কিন্তু ভাববাদীসকলে নাভাবে।

গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। মুখ্য গুণ আৰু গৌণ গুণৰ পাৰ্থক্য লিখা। H. S. ’16, ’20

উত্তৰ: বৈজ্ঞানিক বাস্তৱবাদৰ প্ৰৱক্তাসকলে বস্তুৰ দুটা গুণৰ কথা স্বীকাৰ কৰে। এটা মুখ্য গুণ আৰু আনটো গৌণ গুণ। তলত মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা পার্থক্যসমূহ উল্লেখ কৰা হ’ল।

(১) মুখ্য গুণবোৰ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল নহয়। ই হ’ল বস্তুৰ বস্তুগত ধর্ম।

আনহাতে গৌণ গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল।

(২) মুখ্য গুণবোৰ অপৰিবৰ্তনীয় আৰু বস্তুটোৰ বস্তুগত ধর্ম। আনহাতে গৌণ গুণসমূহ পৰিৱৰ্তনশীল। স্থান, কাল, পাত্রভেদে গৌণগুণসমূহৰ পৰিৱর্তন হয়।

(৩) মুখ্য গুণবোৰৰ লগত বস্তুৰ সম্পৰ্ক সাদৃশ্যমূলক। আনহাতে, গৌণ গুণসমূহৰ লগত বস্তুৰ সম্পৰ্ক সাদৃশ্যমূলক নহয়।

(৪) মুখ্য গুণবোৰৰ অভিজ্ঞতা সকলোৰে ক্ষেত্রত একে। গৌণ গুণবোৰৰ অভিজ্ঞতা ব্যক্তিভেদে ভিন ভিন হয়।

২। বাস্তববাদ মানে কি? বাস্তববাদ আৰু বৈজ্ঞানিক বাস্তববাদৰ মাজত থকা যিকোনো দুটা পার্থক্য লিখা। H. S. ’14, ’15

উত্তৰ বাস্তববাদ হৈছে জ্ঞানৰ বিষয়-বস্তু সম্পর্কীয় মতবাদ যিয়ে জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে বুলি স্বীকাৰ কৰে।
বাস্তববাদ আৰু বৈজ্ঞানিক বাস্তববাদৰ মাজত পার্থক্য হ’ল-

(ক) বাস্তববাদত জ্ঞাততকৈ জ্ঞেয়ৰ প্রাধান্য বেছি। কিন্তু বৈজ্ঞানিক বাস্তববাদত এই প্রাধান্য নাই।

(খ) বাস্তববাদীসকলে জ্ঞানক এক প্রত্যক্ষ প্রক্রিয়া বুলি ভাবে। কিন্তু বৈজ্ঞানিক বাস্তববাদ মতে, জ্ঞান এক পৰোক্ষ প্রক্রিয়া।

৩। কোন তত্বমতে বহিঃজগতখন যি ধৰণে আছে প্রত্যক্ষভাবে ঠিক সেইদৰে জনা যায়। কিন্তু এই সূত্রটো গ্রহণযোগ্য নহয় তাৰ দুটা কাৰণ উল্লেখ কৰা। H. S. ’18

উত্তৰ সৰল বাস্তববাদ তত্বমতে বহিঃজগতখন যি ধৰণে আছে ঠিক সেইদৰে জনা যায়।

কিন্তু এই সূত্রটো গ্রহণযোগ্য নহয়। কাৰণ-

(ক) এই সূত্রটোরে সপোন, ভ্রান্তি আদিৰ ব্যাখ্যা দিব নোৱাৰে।

(খ) সূত্রটোরে জ্ঞানৰ আত্মনিষ্ঠতাক অস্বীকাৰ কৰে।

৪। বাহ্যিক জগতখনৰ প্ৰকৃত স্বৰূপ প্রত্যক্ষভাবে জানিব পৰা যায় বুলি উল্লেখ কৰা তত্বটোৰ নাম লিখা। এই তত্নটোৰ সংজ্ঞা আগবঢ়াই ইয়াৰ এটা গুৰুত্বপূর্ণ অসুবিধা উল্লেখ কৰা। H. S. ’17

উত্তৰ: বাহ্যিক জগতখনৰ প্ৰকৃত স্বরূপ প্রত্যক্ষভাবে জানিব পৰা যায় বুলি উল্লেখ কৰা তত্বটোৰ নাম হ’ল সবল বাস্তববাদ। যি মতবাদ অনুসৰি বিষয়ৰ স্বতন্ত্র অস্তিত্ব স্বীকাৰ কৰা হয় আৰু বিষয়-বস্তুবোৰক ইন্দ্ৰিয়ৰ দ্বাৰা পোনপটীয়াকৈ জানিব পৰা যায় বুলি দাবী কৰে, তাকে ‘সবল বাস্তৱবাদ’ বা ‘লৌকিক বাস্তববাদ’ বুলি কোৱা হয়। সৰল বাস্তৱবাদৰ এটা অসুবিধা হ’ল ই ভ্রান্ত প্রত্যক্ষ, সপোন আদিৰ ব্যাখ্যা দিব নোৱাৰে।

৫। সৰল বাস্তববাদ সমর্থন কৰানে? তোমাৰ মতৰ সমৰ্থনত যুক্তি প্রদান কৰা। H. S. ’19

উত্তৰ : যি মতবাদ অনুসৰি বিষয়ৰ স্বতন্ত্র অস্তিত্ব স্বীকাৰ কৰা হয় আৰু বিষয়-বস্তুবোৰক ইন্দ্রিয়ৰ দ্বাৰা পোনপটীয়াকৈ জানিব পৰা যায় বুলি দাবী কৰে, তাকে ‘সবল বাস্তববাদ’ বা ‘লৌকিক বাস্তববাদ’ বুলি কোৱা হয়।
সৰল বাস্তববাদক আমি সমর্থন কৰিব নোৱাৰো, কাৰণ-

(১) বাহ্যিক জগতখনৰ লগত আমাৰ ব্যৱহাৰিক যি সম্পর্ক তাৰ ব্যাখ্যা সবল বাস্তববাদে দিব পৰা নাই।

(২) সবল বাস্তববাদে ভ্রান্ত প্রত্যক্ষ, সপোন আদিৰ ব্যাখ্যা দিব নোৱাৰে।

(৩) সবল বাস্তববাদৰ জ্ঞানৰ সার্বিকতা ব্যাখ্যা কৰিব নোৱাৰে। কিয়নো একে বস্তুব জ্ঞান ব্যক্তিভেদে বেলেগ বেলেগ হোৱা দেখা যায়।

ঘ. ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)

১। সবল বাস্তববাদ কি? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। H. S. ’20

উত্তৰ যি মতবাদ অনুসৰি বিষয়ৰ স্বতন্ত্র অস্তিত্ব স্বীকাৰ কৰা হয় আৰু বিষয়-বস্তুবোৰক ইন্দ্ৰিয়ৰ দ্বাৰা পোনপটীয়াকৈ জানিব পৰা যায় বুলি দাবী কৰে, তাকে ‘সবল বাস্তববাদ’ বা ‘লৌকিক বাস্তববাদ’ বুলি কোৱা হয়। আন কথাত সৰল বাস্তববাদ মতে জ্ঞাতাই যি ধৰণে বস্তু এটাক প্রত্যক্ষ কৰে বস্তুটোৰ প্ৰকৃত স্বরূপ তেনেকুৱাই বুলি গ্রহণ কৰা হয়। এই মতবাদ অনুসৰি জগতৰ সকলো বস্তু মন নিৰপেক্ষ। সৰল বাস্তৱবাদৰ মুখ্য বৈশিষ্ট্যবোৰ হ’ল:

(১) জ্ঞানৰ বিষয়-বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র।

(২) সৰল বাস্তৱবাদে সাধাৰণ লোকৰ দৰে এখন বাহ্য জগতৰ অস্তিত্ব স্বীকাৰ কৰে।

(৩) সৰল বাস্তৱবাদৰ মতে জগতখন সম্পর্কে পোনপটীয়া জ্ঞান লাভ হয় আৰু এই জ্ঞানৰ উৎস হৈছে অভিজ্ঞতা বা ইন্দ্রিয়ানুভূতি।

(৪) এই মতবাদ মতে জগতখন বা বস্তুবোৰ কোনোবাই প্রত্যক্ষ কৰিলেও থাকে বা নকৰিলেও থাকে। বস্তুটোক জনা বা নজনাৰ ওপৰত বস্তুটোৰ অস্তিত্ব নিৰ্ভৰ নকৰে।

(৫) বাহ্যিক বস্তুয়ে আমাৰ মনৰ মাজত সংবেদনৰ সৃষ্টি কৰে। এই সংবেদন সকলোৰে কাৰণে একে ধৰণৰ হয়।

(৬) সৰল বাস্তৱবাদ মতে, বাহ্যিক জগতখনৰ বিষয়-বস্তুৰ জ্ঞান তাৰ গুণৰ দ্বাৰা জনা যায়।

(৭) এই মতবাদ মতে বস্তু এটাক যি ধৰণে প্রত্যক্ষ কৰা যায় সেয়েই বস্তুটোৰ সত্যতা।

২। সৰল বাস্তৱবাদৰ এটি সমালোচনা ব্যাখ্যা আগবঢ়োৱা। H. S. ’14, ’16, ’18, ’20

উত্তৰ : যি মতবাদ অনুসৰি বিষয়ৰ স্বতন্ত্র অস্তিত্ব স্বীকাৰ কৰা হয় আৰু বিষয়-বস্তুবোৰক ইন্দ্ৰিয়ৰ দ্বাৰা পোনপটীয়াকৈ জানিব পৰা যায় বুলি দাবী কৰে, তাকে ‘সবল বাস্তববাদ’ বা ‘লৌকিক বাস্তববাদ’ বুলি কোৱা হয়। আন কথাত সবল বাস্তববাদ মতে জ্ঞাতাই যি ধৰণে বস্তু এটাক প্রত্যক্ষ কৰে বস্তুটোৰ প্রকৃত স্বৰূপ তেনেকুৱাই বুলি গ্রহণ কৰা হয়। এই মতবাদ অনুসৰি জগতৰ সকলো বস্তু মন নিৰপেক্ষ।
সৰল বাস্তববাদ মতবাদটো তলত দিয়া ধৰণে সমালোচনা কৰিব পাৰি-

(১) বাহ্যিক জগতখনৰ লগত আমাৰ ব্যৱহাৰিক যি সম্পর্ক তাৰ ব্যাখ্যা সবল বাস্তববাদে দিব পৰা নাই।

(২) সবল বাস্তববাদে ভ্রান্ত প্রত্যক্ষ, সপোন আদিৰ ব্যাখ্যা দিব নোৱাৰে।

(৩) সবল বাস্তববাদৰ জ্ঞানৰ সার্বিকতা ব্যাখ্যা কৰিব নোৱাৰে। কিয়নো একে বস্তুৰ জ্ঞান ব্যক্তিভেদে বেলেগ বেলেগ হোৱা দেখা যায়।

(৪) এই মতবাদে জগতখনৰ সকলো বস্তুৰ মন নিৰপেক্ষ অস্তিত্ব স্বীকাৰ কৰে। কিন্তু কিছুমান জ্ঞেয় বস্তু মনৰ ধাৰণা হিচাপেও থাকে।

৩। বৈজ্ঞানিক বাস্তববাদ কি? ইয়াৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। H. S. 15,’18, 19, 20

উত্তৰ যি মতবাদ অনুসৰি বিষয়-বস্তুৰ বাহ্যিক অস্তিত্ব স্বীকাৰ কৰাৰ লগতে বিষয়ৰ প্ৰাথমিক আৰু গৌণ গুণৰ পাৰ্থক্য স্বীকাৰ কৰা হয়, তাকে ‘বিজ্ঞানসম্মত বাস্তববাদ’ বুলি কোৱা হয়। দার্শনিক জন ল’ক বিজ্ঞানসম্মত বাস্তববাদৰ প্রবক্তা। জন ল’কৰ বাহিৰেও ডেকার্ট, স্পিনোজা আদি দার্শনিকসকলেও এই মতবাদ মানি লৈছে।

বৈজ্ঞানিক বাস্তববাদৰ মুখ্য বৈশিষ্ট্যবোৰ হ’ল:

(১) জ্ঞানৰ বিষয়-বস্তু জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্র।

(২) বাহ্যিক বস্তুবোৰ তাৰ গুণৰ জৰিয়তহে জানিব পাৰি। এই গুণসমূহৰ মুখ্য গুণসমূহ মনৰ পৰা স্বতন্ত্র। স্থান, কাল, ব্যক্তিভেদে গৌণ গুণসমূহৰ পৰিৱৰ্তন হ’ব পাৰে।

(৩) বৈজ্ঞানিক মতবাদ মতে, বস্তু এটা আমি দেখিব নোৱাৰো। তাৰ প্রতিলিপি বা নকলহে জ্ঞাতাই দেখিবলৈ পায়।

(৪) জ্ঞান এটা সম্পূর্ণ স্বাধীন প্রক্রিয়া। এই প্রক্রিয়াৰ দ্বাৰা বস্তুৰ প্রকৃত স্বৰূপ প্রভাবিত নহয়।

(৫) বৈজ্ঞানিক বাস্তববাদ মতে, জ্ঞান এক পৰোক্ষ প্রক্রিয়া। জ্ঞান পৰোক্ষ কাৰণে জ্ঞানৰ বিষয়বস্তুক জ্ঞাতাই জানিব নোৱাৰে।

৪। বৈজ্ঞানিক বাস্তৱবাদ কি? ইয়াৰ এটি সমালোচনামূলক ব্যাখ্যা আগবঢ়োৱা। H. S. ’14, ’16

উত্তৰ যি মতবাদ অনুসৰি বিষয়-বস্তুৰ বাহ্যিক অস্তিত্ব স্বীকাৰ কৰাৰ লগতে বিষয়ৰ প্ৰাথমিক আৰু গৌণ গুণৰ পাৰ্থক্য স্বীকাৰ কৰা হয়, তাকে ‘বিজ্ঞানসম্মত বাস্তববাদ’ বুলি কোৱা হয়। এই মতবাদ মতে আমি বস্তু এটাক নাজানো, তাৰ হুবহু ধাৰণা বা প্রতিলিপিকহে জানো। বস্তু এটাক তাৰ গুণৰ জৰিয়তেহে জনা যায়। গুণ দুই প্রকাৰৰ যেনে মুখ্য গুণ আৰু গৌণ গুণ। মুখ্য গুণ অপৰিৱৰ্তনীয়, প্রকৃত আৰু বস্তুৰ বস্তুগত ধর্ম। আনহাতে গৌণ গুণ পৰিবৰ্তনশীল, মন নির্ভৰশীল আৰু আত্মগত। দার্শনিক জন ল’ক বিজ্ঞানসম্মত বাস্তববাদৰ প্রৱক্তা। জন ল’কৰ বাহিৰেও ডেকার্ট, স্পিনোজা আদি দার্শনিকসকলেও এই মতবাদ মানি লৈছে।

বৈজ্ঞানিক বাস্তববাদ আমি তলত দিয়া ধৰণে সমালোচনা কৰিব পাৰো-

(১) বৈজ্ঞানিক বাস্তৱবাদে কোনো বস্তুৰ জ্ঞানৰ প্ৰসংগত সীমাবদ্ধতা আনি দিছে। কাৰণ এই মতবাদে বাহ্যিক জগতখনৰ অস্তিত্বৰ জ্ঞান সম্ভব নহয় বুলি মানি লয়।

(২) বিজ্ঞানসম্মত বাস্তববাদে জ্ঞানৰ সত্যতা আৰু অসত্যতাৰ ব্যাখ্যা দিব নোৱাৰে। কাৰণ ল’কে কয় যে জ্ঞাতাৰ ধাৰণাৰ লগত যদি বাহ্য বস্তুৰ সাদৃশ্য থাকে তেনেহ’লে জ্ঞান সত্য হয় আৰু সাদৃশ্য নাথাকিলে জ্ঞান মিথ্যা হয়।

(৩) এই মতবাদ মতে বস্তুৰ গুণৰ যি দুটা ভাগ (মুখ্য গুণ আৰু গৌণ গুণ) তাৰ পাৰ্থক্য যুক্তিসংগত নহয়। কাৰণ গৌণ গুণবোৰ যিদৰে ব্যক্তিৰ মনৰ ওপৰত নিৰ্ভৰশীল তেনেদৰে মুখ্য গুণবোৰো ব্যক্তিব মনৰ ওপৰত নিৰ্ভৰশীল।

(৪) ল’কৰ বৈজ্ঞানিক বাস্তববাদত ভাববাদৰ প্ৰৱণতা দেখা যায়। কাৰণ গৌণ গুণসমূহৰ প্রভাব ব্যক্তিভেদে ভিন ভিন হ’ব পাৰে।
ল’কৰ বৈজ্ঞানিক বাস্তববাদ বিভিন্ন ধৰণে সমালোচিত হ’লেও ই সবল বাস্তববাদৰ কিছুমান দোষ-ত্রুটি হ্রাস কৰিবলৈ সমর্থ হৈছে।

৫। প্রকৃতি একৰূপতা বিধিটো ব্যাখ্যা কৰা। এই বিধিটোক কিয় আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়? H. S. ’18

উত্তৰ: বিশেষ বিশেষ বস্তুৰ ক্ষেত্ৰত সম্বন্ধ জ্ঞানৰ পৰা সার্বিক সম্বন্ধ প্রতিষ্ঠা কৰাই আগমনৰ মূল উদ্দেশ্য। আগমনে এই সার্বিক বচন প্রতিষ্ঠা কৰিবলৈ প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে।

প্রকৃতিৰ একৰূপতা বিধি মতে, নির্দিষ্ট পৰিৱেশত প্রকৃতিয়ে সদায় একে ধৰণৰ আচৰণ কৰে। এই বিধি নানা ধৰণে প্ৰকাশ কৰা হয়। এই বিধিমতে ধৰা হয় যে প্ৰকৃতিৰ নিয়মৰ ভবিষ্যত অতীতৰ নিচিনা। যি জ্ঞাত বিষয়ত সত্য, সি অজ্ঞাত বিষয়তো সত্য। প্রকৃতিয়ে নিজৰ নিয়ম কেতিয়াও উলঙ্ঘন কৰে। অৱশ্যে প্রকৃতি একৰূপতা বিধিয়ে এয়া নুসুচায় যে প্রকৃতি পৰবিৰ্তন নহয়। ই মাথো একে পৰিৱেশত একে ধৰণৰ আচৰণ কৰিব।

প্রকৃতিৰ বিভিন্ন বস্তুয়ে বিভিন্ন নিয়মে কাম কৰি আছে। গছ-গছনি বা জীব-জন্তুৰ ক্ষেত্ৰত যি নিয়ম খাটে, গ্রহ-নক্ষত্ৰৰ ক্ষেত্রত সেই নিয়ম নাখাটে। প্রকৃতি মূলতঃ বহু নিয়মৰ এক সংহতি মাত্র। প্রকৃতিৰ মাজত অনন্ত নিয়মে কাম কৰিলেও সেই নিয়মবোৰ বিচ্ছিন্ন নিয়ম নহয়। ইয়াত এক সামগ্রিক ছন্দবদ্ধতা আছে। প্রকৃতিৰ এক একৰূপতা বিধি মানি চলি কোনো সার্বিক বচন প্রতিষ্ঠা কৰা হয়। সেয়ে আগমনে সামান্য বচন পাবলৈ প্ৰকৃতিৰ বিশেষ বিশেষ ঘটনা নিৰীক্ষণ কৰে। আন কথাত প্রকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃতিৰ বিশেষ বিশেষ দৃষ্টান্ত পর্যবেক্ষণ কৰি কোনো সামান্য বচনত উপনীত হোবা হয়। সেয়ে প্রকৃতিৰ একৰূপতা বিধিক আগমনৰ আকাৰগত ভিত্তি বুলি কোৱা হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×