Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Logic And Philosophy Chapter 3 Solutions ২০২৫

By Rabbi Masrur

Published On:

Class 12 Logic And Philosophy Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Logic And Philosophy বিষয়ৰ পাঠভিত্তিক মিলৰ পৰীক্ষামূলক অনুসন্ধান পদ্ধতি Class 12 Logic And Philosophy Chapter 3 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Logic And Philosophy Chapter 3 Solutions

Class 12 Logic And Philosophy Chapter 3 Solutions

মিলৰ পৰীক্ষামূলক অনুসন্ধান পদ্ধতি

তৃতীয় অধ্যায়

ক. অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক- ১)

১। শুদ্ধ উত্তৰটো লিখাঃ

প্রকল্প উদ্দেশ্যবিহীন/ উদ্দেশ্য প্রয়াসী ধাৰণা।

উত্তৰ: উদ্দেশ্য প্রয়াসী।

২। প্রকল্পই পর্যবেক্ষণক নিয়ন্ত্রণ কৰেঃ উক্তিটো সত্যনে?

উত্তৰ: সত্য।

৩। প্রকল্পই নিগমক সহায় কৰে। নকৰে সঁচাটো লিখা।

উত্তৰ। কবে।

৪। ‘প্রকল্পৰ বিষয়-বস্তু অস্তিত্বশীল কাৰণ হ’ব লাগিব।’ সঁচানে?

উত্তৰ সঁচা।

৫। প্রকল্পই বৈজ্ঞানিক অনুসন্ধানত প্রথম স্তৰ’কাথাষাৰ সঁচানে?

উত্তৰ : সঁচা।

৬। প্রকল্প এক কাল্পনিক ধাৰণা’: সঁচানে?

উত্তৰ : সঁচা।

৭। ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্রকল্প কেইপ্ৰকাৰৰ?

উত্তৰ: তিনি প্ৰকাৰৰ।

৮। অনির্দিষ্ট ধাৰণা প্রকল্প হ’ব পাৰেনে?

উত্তৰ: পাবে।

৯। কোনো এটা সমস্যাই প্রকল্প ৰচনাৰ বাট মুকলি কৰি দিয়ে।’ উক্তিটো সঁচানে?

উত্তৰ : সঁচা।

১০। মিলৰ মতে আগমনৰ মূল প্রতিপাদ্য বিষয় কি?

উত্তৰ আবিষ্কাৰ।

১১। প্রকল্প এটা প্রমাণৰ প্ৰথম উপায় কি?

উত্তৰ: সত্যাপনীয়তা।

১২। প্রকল্পৰ প্রথম স্তৰ কি?

উত্তৰ: প্রাকৃতিক ঘটনাৰ নিৰীক্ষণ।

১৩। উদ্দেশ্যমূলক দিশ অনুযায়ী প্রকল্প কেইপ্ৰকাৰৰ?

উত্তৰ: তিনি প্ৰকাৰৰ।

১৪। প্ৰকল্পৰ ভবিষ্যত বাণী কৰাৰ ক্ষমতা থাকিব লাগে নে নালাগে।

উত্তৰ: লাগে।

১৫। ‘প্রকল্প বৈজ্ঞানিক অনুসন্ধানৰ পথ প্রদর্শক’: কথাষাৰ সঁচানে?

উত্তৰ : সঁচা।

১৬। মিলে কেইটা পৰীক্ষামূলক পদ্ধতি স্বীকাৰ কৰিছে?

উত্তৰ: পাঁচটা।

১৭। মিলৰ মতে আগমনৰ মৌলিক পদ্ধতিবোৰ কি কি?

উত্তৰ : মিলৰ মতে আগমনৰ মৌলিক পদ্ধতি দুটা, যেনে অন্বয়ী প্রণালী আৰু ব্যতিৰেকী প্রণালী।

১৮। মিলৰ আগমন পদ্ধতিবোৰৰ লক্ষ্য বা উদ্দেশ্য কি?

উত্তৰ ঘটনাৰ মাজৰ কাৰ্য-কাৰণ সম্বন্ধ আবিষ্কাৰ আৰু প্রমাণ কৰাই হৈছে মিলৰ আগমন পদ্ধতিবোৰৰ লক্ষ্য।

১৯। অন্বয়ী প্রণালী প্রয়োগৰ বাবে কিমান দৃষ্টান্তৰ আবশ্যক? H. S. ’13, 20

উত্তৰ: দুই বা ততোধিক।

২০। অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নে? H. S. ’19

উত্তৰ: নহয়।

২১। ব্যতিৰেক প্ৰণালীৰ বাবে কিমানটা দৃষ্টান্তৰ প্রয়োজন? H. S. ’12

উত্তৰ দুটা।

২২। নিম্নোক্ত অপসৰণ সূত্ৰটোৰ ওপৰত প্রতিষ্ঠিত পৰীক্ষণমূলক প্রণালীটোৰ নাম কি? H. S. ’14

“কাৰ্যৰ কোনো ক্ষতি নোহোৱাকৈ পূর্ববর্তী ঘটনাৰ যি অংশ বৰ্জন কৰিব পাৰি, সেই অংশ কেতিয়াও কাৰ্যৰ কাৰণ বা কাৰণৰ কোনো অংগ হ’ব নোৱাৰে।

উত্তৰ: অন্বয়ী প্রণালী।

২৩। ‘বৰফত তাপ প্রয়োগ কৰিলে গলি যায়। তাপ প্রয়োগ নকৰিলে বৰফ গলি নাযায়। গতিকে তাপেই বৰফ গলি যোৱাৰ কাৰণ।’

– উক্ত যুক্তিটোত প্রয়োগ কৰা পৰীক্ষামূলক পদ্ধতিটোৰ নাম কি? H. S. ’15

উত্তৰ ব্যতিৰেকী প্রণালী।

২৪। কাৰণ আৰু কাৰ্যৰ মাজত থকা পৰিমাণগত সম্পৰ্ক বিচাৰ কৰা পৰীক্ষণমূলক পদ্ধতিটোৰ নাম লিখা। H. S. ’18

উত্তৰ সহ পৰিবর্তন প্রণালী।

২৫। ‘পৰীক্ষণ প্রণালী আৰু ব্যতিৰেকী প্রণালী নিৰীক্ষণৰ প্ৰণালী।’ কথাষাৰ শুদ্ধনে? H. S. ’16

উত্তৰ: শুদ্ধ নহয়।

২৬। ‘নানা কাৰণবাদৰ সম্ভাৱনীয়তাই অন্বয়ী প্রণালীক নিষ্ফল কৰিব হোৱাৰে।’ উক্তিটো শুদ্ধনে? H. S. ’15

উত্তৰ শুদ্ধ নহয়।

২৭। ‘কোনো এটা ঘটনাক যদি কোনো কাৰ্যৰ কাৰণ বুলি জনা যায় তেনেহ’লে সি আন কাৰ্যৰ কাৰণ হ’ব নোৱাৰে।’ ওপৰোক্ত সূত্র প্রতিষ্ঠিত পৰীক্ষামূলক প্রণালীটোৰ নাম লিখা। H. S. ’15

উত্তৰ পৰিশেষ প্রণালী।

২৮। পৰিশেষ প্ৰণালী প্রয়োগৰ বাবে কাৰ্য বা কাৰণৰ পূৰ্বজ্ঞানৰ দৰকাৰ হয়নে? H. S. ’18

উত্তৰ হয়।

২৯। তাপসৰণৰ কোনটো সূত্ৰৰ ওপৰত অন্বয়ী প্রণালী প্রতিষ্ঠিত? H. S. ’19

উত্তৰ : প্ৰথম সূত্ৰৰ ওপৰত।

৩০। পৰিশেষ প্রণালী সম্পর্কে মিলৰ সংজ্ঞাটো আগবঢ়োরা। H. S. ’20

উত্তৰ পৰিশেষ প্রণালী সম্পর্কে মিলৰ সংজ্ঞাটো হৈছে-

“কোনো ঘটনাৰ যি অংশ পূর্বজ্ঞান আগমনৰ পৰা কোনো বিশেষপূর্ববর্তী অংশৰ কাৰ্য বুলি জনা যায়, সেই অংশ সমগ্র ঘটনাৰ পৰা বাদ দিলে যি অংশ অবশিষ্ট থাকে, সেই অংশ পূর্ববর্তী অবশিষ্ট অংশৰ কার্য হ’ব।”

৩১। ব্যতিৰেকী প্রণালী প্রতিস্থিত হোৱা অপসৰণৰ সূত্ৰটো লিখা। H. S. ’20

উত্তৰ: ব্যতিৰেকী প্রণালী প্রতিস্থিত হোৱা অপসৰণৰ সূত্ৰটো হৈছে কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূর্ববর্তী ঘটনাৰ যি অংশ বৰ্জন কৰিব নোৱাৰি, সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব।

খ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ২)

১। সহ-পৰিবৰ্তন প্রণালীৰ বিশেষ বৈশিষ্ট্য কি?

উত্তৰ: সহ-পৰিবৰ্তন প্রণালীৰ দুটা দৃষ্টান্তৰ মাজত মাথোন এটা বিষয়ৰ বাহিৰে আন সকলো বিষয়তে মিল থাকিব লাগিব। অমিল থকা একমাত্র বিষয়টো এটা দৃষ্টান্তত উপস্থিত থাকিব লাগিব। আনটো দৃষ্টান্তৰ পৰা সম্পূর্ণ অপসাৰিত হ’ব।

২। সহ-পৰিৱৰ্তন প্ৰণালীৰ এটা উদাহৰণ দিয়া।

উত্তৰ : সহ-পৰিৱৰ্তন প্ৰণালীৰ এটা উদাহৰণ হ’ল- কোনো বস্তুৰ যোগান বাঢ়িলে তাৰ মূল্য হ্রাস পায়। সেইদৰে বস্তুটোৰ যোগান হ্রাস পালে মূল্য বৃদ্ধিপায়। গতিকে বস্তুৰ যোগানৰ পৰিমাণেই মূল্য হ্রাস-বৃদ্ধিৰ কাৰণ।

৩। অন্বয়ী প্ৰণালীৰ সিদ্ধান্ত নিশ্চিত নহয় কিয়?

উত্তৰ: অন্বয়ী প্ৰণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী, ই পৰীক্ষণীয় প্রণালী নহয়। অন্বয়ী প্রণালীয়ে কার্যকাৰণ সম্বন্ধৰ বিষয়ে ইংগিতহে মাত্র দিয়ে। নিশ্চিতভাবে কাৰণ-সম্বন্ধ প্রমাণ কৰিব নোৱাৰে। সেয়ে এই প্রণালীৰ প্রয়োগৰ দ্বাৰা যি ফলাফল বা সিদ্ধান্ত পোৱা যায় সি সদায় সম্ভাবনামূলকহে, নিশ্চিত নহয়।

৪। আগমনাত্মক পদ্ধতিসমূহক কিয় অপসাৰণৰ সূত্র বোলা হয়? H. S. ’13, 14, 16

উত্তৰ: আগমনাত্মক পদ্ধতিসমূহক অপসাৰনৰ সূত্র বুলি কোৱা হয় কাৰণ আগমনাত্মক পদ্ধতিসমূহে কেবল আকস্মিক বা অবাস্তব বা অপ্রাসঙ্গিক ঘটনাবোৰ বৰ্জন কৰে।

৫। ব্যতিৰেকী প্রণালীক কিয় প্ৰমাণৰ প্ৰণালী বুলি কোৱা হয়? H. S. ’18

উত্তৰ: ব্যতিৰেকী প্রণালীক প্রমাণৰ প্ৰণালী বুলি কোৱা হয় কাৰণ এই প্রণালীত যিকেইটা দৃষ্টান্তৰ আবশ্যক সেয়া পৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰা হয় আৰু সংগৃহীত ঘটনাৰ মাজত কেনেকৈ কার্য-কাৰণ সম্বন্ধ প্রমাণ কৰিব পাৰি তাক নিৰ্ণয় কৰাৰ চেষ্টা কৰা হয়।

৬। অন্বয়ী প্রণালীৰ দুটা ব্যৱহাৰিক অপূর্ণতা উল্লেখ কৰা। H. S. ’17

উত্তৰ: অন্বয়ী প্ৰণালীৰ দুটা ব্যৱহাৰিক অপূর্ণতা হ’ল-

(ক) প্রয়োজনীয় দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা।

(খ) দৃষ্টান্তবোৰ সঠিক বিশ্লেষণৰ অসুবিধা।

৭। কিছুমান তর্কবিদে অন্বয়ী প্রণালীক কিয় একান্বয়ী প্রণালী বুলি বিচাৰ কৰে? H. S. ’15

উত্তৰ: অন্বয়ী প্ৰণালীত কার্য কাৰণ সম্বন্ধ নির্ণয় কৰিবলৈ বিভিন্ন বিষয়ৰ অমিলজাত তুলনা কৰি এটা মিল থকা বিষয় বা অবয়বৰ ওপৰত ভিত্তি কৰে বাবে ইয়াক ‘একান্বয়ী প্রণালী’ বুলি কোৱা হয়।

৮। অন্বয়ী প্ৰণালীৰ এটা সুবিধা উল্লেখ কৰা। এই প্রণালীক কিয় আৱিষ্কাৰৰ প্ৰণালী বুলি কোৱা হয়? H. S. ’17

উত্তৰ: অন্বয়ী প্ৰণালীৰ এটা সুবিধা হ’ল ই নিৰীক্ষণমূলক সেয়ে ইয়াৰ পৰিসৰ বৰ ব্যাপক। অকল নিৰীক্ষণৰ জৰিয়তে দৃষ্টান্ত সংগ্ৰহ কৰি এই প্রণালী প্রয়োগ কৰা হয় বাবে এই প্রণালীক আবিষ্কাৰৰ প্রণালী বুলি কোৱা হয়।

৯। মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালী এটাৰ বাস্তৱ উদাহৰণ দিয়া। H. S. ’15

উত্তৰ: মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ এটা বাস্তৱ উদাহৰণ হ’ল-এনোফেলিচ ম’হ থকা ঠাইত মেলেৰীয়া হয়, কিন্তু এনোফেলিচ ম’হ নথকা ঠাইত মেলেৰীয়া নহয়। সেয়ে সিদ্ধান্ত ল’ব পাৰি যে এনোফেলিচ ম’হেই মেলেৰীয়াৰ কাৰণ।

১০। অপসৰণৰ দ্বিতীয় সূত্রটো লিখা। এই সূত্ৰটোৰ ওপৰত প্রতিষ্ঠিত পৰীক্ষামূলক প্রণালীটোৰ নাম লিখা। H. S. ’17

উত্তৰ: অপসৰণৰ দ্বিতীয় সুত্রটো হ’ল-

‘কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূর্ববর্তী ঘটনাৰ যি অংশ বর্জন কৰিব নোৱাৰি সেই অংশটোৰ কাৰণ বা কাৰণৰ অংগ হ’ব লাগিব।’

১১। চৰম দৃষ্টান্ত মানে কি? নাইবা নির্ণায়ক মানে কি? H. S. ’16, 19

উত্তৰ: যিবিলাক দৃষ্টান্তৰ সহায়ত প্রকল্প এটাৰ ঘটনাবোৰৰ মাজত এটা ঘটনাক সন্তোষজনক বুলি ব্যাখ্যা কৰাৰ উপৰিও অলাগতিয়ীল ঘটনাবোৰক বৰ্জন কৰিব পাৰে, সেয়াই চৰম বা নির্ণায়ক দৃষ্টান্ত।

১২। অন্বয়ী পদ্ধতি সম্পর্কে তর্কবিদ মিলে আগবঢ়োবা সূত্রটো লিখা। H. S. ’18

উত্তৰ: অন্বয়ী পদ্ধতি সম্পর্কে মিলে আগবঢ়োৱা সূত্রটো হৈছে-

“অনুসন্ধান কৰা ঘটনা এটাৰ যদি দুটা বা ততোধিক দৃষ্টান্তৰ মাত্র এটাহে সাধাৰণ পৰিস্থিতি থাকে, তেন্তে যিটো একমাত্র পৰিস্থিতিত সকলোবোৰ দৃষ্টান্ত মিল থাকে সেই পৰিস্থিতিটো প্রদত্ত ঘটনাটোৰ কাৰণ হ’ব।

গ. মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -৪)

১। সহ-পৰিৱৰ্তন প্রণালীৰ তিনিটা সুবিধা উল্লেখ কৰা।

উত্তৰ সহ-পৰিৱর্তন প্রণালী এক ব্যৱহাৰিক প্রণালী। সেয়ে ইয়াৰ বহুত সুবিধা আছে, যেনেঃ

(ক) সহপৰিৱৰ্তন প্রণালী বায়ু চাপ, মধ্যাকর্ষণ শক্তি, উত্তাপ আদি কিছুমান স্থায়ী উপাদানৰ ক্ষেত্ৰত প্রয়োগ কৰি কাৰ্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰা হয়।

(খ) সহ-পৰিৱৰ্তন প্রণালী নিৰীক্ষণমূলক আৰু পৰীক্ষামূলক হোৱা বাবে এই প্রণালীৰ জৰিয়তে কার্য-কাৰণ সম্বন্ধ নিশ্চিতভাবে নির্ণয় কৰিব পাৰি।

(গ) সহ-পৰিৱৰ্তন প্রণালীয়ে কার্যকাৰণ সম্বন্ধ নিৰ্ণয় কৰাৰ উপৰিও ঘটনা দুটাৰ মাজত থকা কাৰ্যকাৰণ সম্বন্ধব পৰিমাণগত স্বভাৱ বিচাৰ কৰে।

২। ঘটনাৰ ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্ৰকল্প কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ ঘটনাৰ ব্যাখ্যাৰ ভিন্নতা অনুসৰি প্রকল্প তিনি প্ৰকাৰৰ :

(১) কর্তা সম্পর্কীয় প্রকল্প।

(২) নিয়ম সম্পর্কীয় প্রকল্প আৰু

(৩) পাৰিপার্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প।

৩। ‘অন্বয়ী প্রণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী’ কিয়?

উত্তৰ : অন্বয়ী প্রণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী। কাৰণ অন্বয়ী প্রণালী প্রয়োগ কৰিবলৈ হ’লে অন্বেষণীয় ঘটনা সম্পর্কীয় দুটা বা ততোধিক দৃষ্টান্ত সংগ্ৰহ কৰিব লাগে আৰু সেইবোৰৰ মাজত এটা বিষয়ত সকলোতে মিল থাকিব লাগে আৰু আনবোৰ বিষয়ত অমিল থাকিব লাগে। দৃষ্টান্ত কেইটাৰ নিৰীক্ষণৰ অন্তৰালত অন্যান্য মিল লুকাই আছেনে নাই সেয়া নিশ্চিত হ’ব নোৱাৰি। ই কেৱল কার্য-কাৰণ সম্বন্ধ থাকিব পাৰে বুলি ইংগিতহে দিব পাৰে। গতিকে অন্বয়ী প্রণালী মূলত নিৰীক্ষণৰ প্ৰণালী, পৰীক্ষণ প্রণালী নহয়।

৪। পৰীক্ষণৰ পদ্ধতিক কিয় মিলে অপসৰণৰ পদ্ধতি আখ্যা দিছে? H. S. ’18

উত্তৰ পৰীক্ষণৰ পদ্ধতিক মিলে অপসৰণ পদ্ধতি আখ্যা দিছে। ইয়াৰ কাৰণ

(ক) পৰীক্ষণ পদ্ধতিসমূহৰ প্ৰয়োগ কৰিলে কার্য-কাৰণ সম্বন্ধ নির্ণয়ত অপ্রাসংঙ্গিক বিষয়সমূহ বর্জন কৰিব পাৰি।

(খ) পৰীক্ষণ পদ্ধতিসমূহ অপসৰণৰ চাৰিটা সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰে।

অপসৰণৰ অৰ্থ আকস্মিক বা অপ্রাসংগিক বিষয়ৰ বৰ্জন। আকস্মিক ঘটনাৰ বৰ্জন ইয়াৰ নেতিবাচক দিশ। গতিকে এই পিনৰ পৰা অপসবণ ইয়াৰ মূল লক্ষ্য নহয়। ই লক্ষ্য সাধনৰ মাধ্যমহে। ইয়াৰ বাবে জটিল ঘটনা বিশ্লেষণ কৰি অপ্রাসংগিক বিষয় বৰ্জন কৰি আগবঢ়া হয়।

৫। ব্যতিৰেকী প্রণালীত প্রতিস্থিত হোবা অপসৰণৰ সূত্ৰটো লিখা। H. S. ’18

উত্তৰ: ব্যতিৰেকী প্রণালীত প্রতিস্থিত হোৱা অপসৰণৰ সূত্ৰটো হ’ল-

‘কার্যৰ কোনো ক্ষতি নকৰাকৈ যদি পূর্ববর্তী ঘটনাৰ কোনো অংশ বাদ দিব নোৱাৰি, সেই অংশটো কার্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব।’

৬। এটা বাস্তব উদাহৰণসহ সহ পৰিবৰ্তন প্রণালীৰ সংজ্ঞা দিয়া। এই প্রণালীটোক ব্যতিৰেকী প্ৰণালীৰ এক বিশেষ সংস্কৰণ বুলি কিয় কোৱা হয়? H. S. ’16

উত্তৰ: কোনো এটা ঘটনাৰ কোনো পৰিৱৰ্তনৰ লগত যদি আন এটা ঘটনাৰ বিশেষ পৰিবৰ্তন হয়, তেন্তে সেই ঘটনাটো আনটোৰ কাৰণ বা কার্য বো কোনো ধৰণৰ কাৰ্য-কাৰণ সম্বন্ধৰে সম্বন্ধিত হ’ব। সহ-পৰিবৰ্তন প্রণালীৰ দুটা দৃষ্টান্তৰ মাজত মাথোন এটা বিষয়ৰ বাহিৰে আন সকলো বিষয়তে মিল থাকিব লাগিব। অমিল থকা একমাত্র বিষয়টো এটা দৃষ্টান্তত উপস্থিত থাকিব লাগিব। আনটো দৃষ্টান্তৰ পৰা সম্পূর্ণ অপসাৰিত হ’ব।

সহ-পৰিবৰ্তন প্রণালীৰ এটা উদাহৰণ হ’ল কোনো বস্তুৰ যোগান বাঢ়িলে তাৰ মূল্য হ্রাস পায়। সেইদৰে বস্তুটোৰ যোগান হ্রাস পালে মূল্য বৃদ্ধি পায়। গতিকে বস্তুৰ যোগানৰ পৰিমাণেই মূল্য হ্রাস-বৃদ্ধিৰ কাৰণ। এই পদ্ধতি ঘটনাৰ মাজৰ অমিল জনাটো পৰীক্ষণৰ জৰিয়তে সম্ভব। সেয়ে ই ব্যতিৰেকী প্রণালীৰ সংস্কৰণ।

৭। পৰিশেষ প্ৰণালীৰ সংজ্ঞা দিয়া। কিছুমান তর্কবিদে এই প্রণালীটোক কিয় নিগমনাত্মক বুলি ক’ব খোজে? H. S. ’18

উত্তৰ: পৰিশেষ প্ৰণালীৰ সংজ্ঞাত ক’ব পাৰি যে যদি কোনো ঘটনাৰ এটা অংশ পূর্বজ্ঞাত আগমনৰ পৰা কোনো বিশেষ পূর্ববর্তী অংশৰ কাৰ্য বুলি জনা যায় আৰু সেই অংশটো সমগ্র ঘটনাটোৰ পৰা বাদ দিলে যি অংশ অবশিষ্ট থাকে, সেই অংশ পূর্ববর্তী অবশিষ্ট অংশৰ কাৰ্য হ’ব।
কিছুমান তর্কবিদে এই প্রণালীটোক নিগমনাত্মক বুলি অভিহিত কৰিছে। কাৰণ ইয়াক সংঘটিত কাৰ্যৰ কিছু অংশ পূর্বতেই জনা থাকে। এই পূর্বজ্ঞানৰ ওপৰত ভিত্তি কৰি কাৰ্য-কাৰণ সম্বন্ধ স্থাপন কৰা হয়। নিৰীক্ষণ বা পৰীক্ষণৰ ওপৰত ই বিশেষ নির্ভৰশীল নহয়।

৮। সহ-পৰিবৰ্তন প্রণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা। H. S. 14, ’18

উত্তৰ সহ-পৰিৱৰ্তন প্রণালী এক ব্যৱহাৰিক প্ৰণালী। ইয়াৰ দুটা সুবিধা হ’ল:

(ক) সহপৰিৱৰ্তন প্রণালী বায়ুৰ চাপ, মধ্যাকর্ষণ শক্তি, উত্তাপ আদি কিছুমান স্থায়ী উপাদানৰ ক্ষেত্রত প্রয়োগ কৰি কাৰ্যকাৰণ সম্বন্ধ নির্ণয় কৰা হয়।

(খ) সহ-পৰিবর্তন প্রণালী নিৰীক্ষণমূলক আৰু পৰীক্ষামূলক হোৱা বাবে এই প্রণালীৰ জৰিয়তে কার্য-কাৰণ সম্বন্ধ নিশ্চিতভাবে নির্ণয় কৰিব পাৰি।
সহ পৰিৱৰ্তন প্রণালীৰ দুটা অসুবিধা হ’ল:

(ক) এই প্রণালী গুণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত প্রয়োজ্য নহয়।

(খ) অভিজ্ঞতাৰ বাহিৰত এই প্রণালী প্রয়োগ কৰিব নোৱাৰি।

৯। মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা। H. S. 16, ’18, 19

উত্তৰ : মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দুটা সুবিধা হ’ল-

(ক) এই প্রণালী নিৰীক্ষণৰ ওপৰত নিৰ্ভৰ কাৰণে কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্য নির্ণয় কৰিব পাবি।

(খ) এই পদ্ধতি অন্বয়ী পদ্ধতিৰ এক উন্নত রূপ।

মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ দুটা অসুবিধা।

(ক) এই প্রণালী এক নিৰীক্ষণৰ প্ৰণালী হোৱা বাবে ইয়াত নিৰীক্ষণৰ দোষ থাকি যায়।

(খ) এই প্রণালী নানাকাৰণবাদ দোষৰ পৰা মুক্ত নহয়।

১০। পৰিশেষ প্রণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা। H. S. ’15, ’20

উত্তৰ: পৰিশেষ প্রণালীৰ দুটা সুবিধা হ’ল-

(ক) ৰসায়ন বিজ্ঞান আৰু জ্যোতির্বিজ্ঞানত এই প্রণালী ব্যৱহাৰ কৰি বহুত নতুন তথ্য লাভ কৰিব পাৰি।

(খ) এই প্রণালীয়ে কার্য সংমিশ্ৰণৰ কার্য-কাৰণক পৃথকভাবে দেখুৱাব পাৰে। পৰিশেষ প্ৰণালীৰ দুটা অসুবিধা হ’ল-

(ক) পৰিশেষ প্রণালীৰ প্রয়োগ অতি সীমিত।

(খ) কার্য-কাৰণ সম্বন্ধ প্রতিষ্ঠাৰ প্রাথমিক স্তৰত ইয়াক প্রয়োগ কৰিব নোৱাৰি।

ঘ. ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ৬)

১। উদাহৰণসহ অন্বয়ী প্রণালীৰ ব্যাখ্যা দিয়া।

উত্তৰ: অন্বয়ী প্রণালীৰ ব্যাখ্যা দাঙি ধৰি মিলে কৈছে যে, অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য সংস্থিতি থাকে আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোবেই মাত্র মিল থাকে, তেনেহ’লে সেইটোবেই অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কার্য হ’ব।

মিলৰ সূত্র অনুসৰি অন্বয়ী প্রণালী প্রয়োগৰ কাৰণে –

প্রথমে, অন্বয়ী উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্ত নিৰীক্ষণৰ দ্বাৰা সংগ্ৰহ কৰিব লাগিব।

দ্বিতীয়তে, সংগ্ৰহ কৰা দৃষ্টান্তবিলাক নিৰীক্ষণৰ দ্বাৰা বেলেগ বেলেগ সংস্থিতি বা বিষয়ত বিশ্লেষণ কৰিব লাগিব। লগতে দৃষ্টান্ত বিলাক পৰস্পৰৰ লগত তুলনা কৰিব লাগিব।

তৃতীয়তে, অনিয়মিতভাবে উপস্থিত থকা সংস্থিতিবোৰক অপসৰণ বা বৰ্জন কৰিব লাগিব।

চতুর্থতে, নিয়মিতভাবে আটাইবোৰ দৃষ্টান্তত উপস্থিত থকা সংস্থিতিটোবেই অন্বেষণীয় ঘটনাৰ কাৰ্য বা কাৰণ হ’ব।

উদাহৰণ: বায়ুপূর্ণ কাঁচৰ পাত্ৰ এটিৰ ভিতৰত বৈদ্যুতিক ঘন্টা ৰাখি বিদ্যুৎ সংযোগ কৰি ঘন্টাটো বজালে শব্দ শুনা যায়। সেই একে পৰিস্থিতিত পাত্রটো বায়ু শূন্য কবি ঘন্টাটো বজালে শব্দ শুনা নাযায়। এতেকে সিদ্ধান্তলৈ আহিব পাৰো যে বায়ুৰ উপস্থিতিয়েই শব্দ শুনাৰ কাৰণ।

২। অন্বয়ী প্রণালীৰ দুটা সুবিধা আৰু দুটা অসুবিধা উল্লেখ কৰা। এই অসুবিধাবোৰ কেনেকৈ দূৰ কৰিবা? H. S. ’16, 18, 19

উত্তৰ: অন্বয়ী প্রণালীৰ দুটা সুবিধা হ’ল:

(ক) নিৰীক্ষণমূলক হোৱা বাবে অন্বয়ী প্রণালীৰ প্রয়োগ ক্ষেত্র অতি ব্যাপক।

(খ) অন্বয়ী প্রণালীৰ সহায়ত কাৰণৰ পৰা কাৰ্য আৰু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব পাৰি।

(গ) কোনো বৈজ্ঞানিক অনুসন্ধানত অন্বয়ী প্রণালীয়ে প্রকল্প গঠনত সহায় কৰে।

অন্বয়ী প্রণালী নিৰীক্ষণমূলক প্রণালী। সেইবাবে ইয়াৰ বহুত সীমাবদ্ধতা আৰু প্রকৃতিগত দোষ আছে। অন্বয়ী প্রণালীৰ প্রকৃতিগত দোষৰ পৰিমাণ তলত দিয়া ধৰণে হ্রাস কৰিব পাৰি –

প্রথমতে, ইয়াৰ অসুবিধা দূৰ কৰিবৰ কাৰণে দৃষ্টান্তৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। যিমানেই বেছি সংখ্যক দৃষ্টান্তৰ মিল থাকিব, সিমানেই নানাকাৰণ সম্ভাৱনাৰ দোষ কমি যাব।

দ্বিতীয়তে, অন্বয়ী ব্যতিৰেকী প্রয়োগ কৰিও নানাকাৰণৰ সম্ভাৱনা দুৰ কৰিব পাৰি। কিয়নো অন্বয়ী ব্যতিৰেকী প্রণালীটো অন্বয়ী প্রণালীতকৈ উন্নত।

৩। উদাহৰণসহ ব্যতিৰেকী প্রণালী ব্যাখ্যা কৰা।

উত্তৰ: মিলে ব্যতিৰেকী প্রণালীৰ ব্যাখ্যা তলত দিয়া ধৰণে দাঙি ধৰিছেঃ

“যদি এটা উদাহৰণ বা দৃষ্টান্তত আলোচ্য ঘটনাটো ঘটে আৰু আন এটা উদাহৰণত আলোচ্য ঘটনাটো নঘটে আৰু উদাহৰণ দুটা কেবল এটা বিষয়ৰ বাহিৰে অন্য সকলোবোৰ সংস্থিতিতে সকলো প্ৰকাৰে মিল থাকে আৰু উদাহৰণ দুটাত মিল নথকা সংস্থিতিটো প্রথম উদাহৰণত থাকে, তেনেহ’লে উদাহৰণ দুটাৰ মিল নথকা একমাত্র সংস্থিতিটোরেই আলোচ্য ঘটনাৰ কাৰ্য নাইবা কাৰণৰ অনিবার্য অংগ হ’ব।” ব্যতিৰেকী প্রণালীটো অপসৰণ নীতিৰ দ্বিতীয় সুত্ৰটোৰ ওপৰত প্রতিষ্ঠিত। এই প্রণালীটো ব্যাখ্যা কৰিলে দুটা বিশেষ লক্ষণ পোৱা যায়। যেনে-

(ক) ব্যতিৰেকী প্ৰণালীত দুটা দৃষ্টান্ত সংগ্রহ কৰিব লাগে। এই দৃষ্টান্ত দুটাৰ এটাত অন্বেষণীয় ঘটনাটো উপস্থিত থাকিব লাগে আৰু আনটোত অন্বেষণীয় ঘটনাটো অনুপস্থিত থাকিব লাগে। অর্থাৎ এটা সদর্থক আৰু এটা নঞর্থক দৃষ্টান্ত থাকিব লাগে।

(খ) দৃষ্টান্ত দুটাৰ এটা বিষয়ক বাদ দি আন সকলো বিষয়তে মিল থাকিব লাগে। এই বাদ দিয়া বিষয়টোবে ব্যতিৰেক বা অমিল হোবা বিষয়।
ব্যতিৰেকী প্ৰণালীৰ উদাহৰণস্বৰূপে ক’ব পাৰি যে মালৰ সৈতে এখন ট্রাক গাড়ীৰ ওজন দুই টন। মালব ওজন দেব টন। গতিকে গাড়ীখনৰ ওজন আধা টন।

৪। ব্যতিৰেকী প্ৰণালীৰ তিনিটা সুবিধা আৰু তিনিটা অসুবিধা উল্লেখ কৰা। H. S. ’15, ’18, 19

উত্তৰ: ব্যতিৰেকী প্রণালীৰ তিনিটা সুবিধা হ’ল:

(ক) এই প্রণালীত দৃষ্টান্ত সংগ্ৰহৰ অসুবিধা নাই। কাৰণ মাথো দুটা দৃষ্টান্তৰ জৰিয়তে পৰীক্ষণ কার্য চলাব পাৰি।

(খ) ব্যতিৰেকী প্রণালী পৰীক্ষামূলক হোৱা বাবে ইয়াৰ সঠিক প্রয়োগৰ দ্বাৰা কাৰ্যকাৰণ সম্বন্ধ সুনিশ্চিতভাবে প্রমাণ কৰিব পাৰি।

(গ) অন্বয়ী প্রণালী প্রয়োগৰ জৰিয়তে কার্য-কাৰণ সম্বন্ধৰ বিষয়ে পোবা সন্ধান বা ধাৰণা ব্যতিৰেকী প্রণালী প্রয়োগ কৰি নিশ্চিতভাবে প্রমাণ কৰিব পাৰি।

ব্যতিৰেকী প্ৰণালীৰ অসুবিধা তিনিটা হ’ল:

(ক) ব্যতিৰেকী প্রণালী পৰীক্ষামূলক হোৱা বাবে ইয়াৰ ক্ষেত্ৰ অতি সীমতি।

(খ) পৰীক্ষণৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য নির্ণয় কৰিব পাৰি, কিন্তু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব নোৱাৰি।

(গ) ব্যতিৰেকী প্রণালী নানাকাৰণ সম্ভবনাৰ পৰা সম্পূর্ণভাবে মুক্ত নহয়।

৫। উদাহৰণসহ ব্যতিৰেকী প্রণালীৰ সংজ্ঞা দিয়া। অসাবধানভাবে এই প্রণালী প্রয়োগ কৰিলে কেনেদৰে কাকতালীয় দোষেৰে দূষিত হয়, তাক এটা উদাহৰণৰ সহায়ত দেখুওৱা। H. S. ’16, 18

নাইবা

উদাহৰণসহ ব্যতিৰেকী প্রণালী ব্যাখ্যা কৰা। H. S. ’20

উত্তৰ : ব্যতিৰেকী প্রণালীৰ সংজ্ঞা হ’ল -“যদি এটা উদাহৰণ বা দৃষ্টান্তত আলোচ্য ঘটনাটো ঘটে আৰু আন এটা উদাহৰণত আলোচ্য ঘটনাটো নঘটে আৰু উদাহৰণ দুটা কেবল এটা বিষয়ৰ বাহিৰে অন্য সকলোবোৰ সংস্থিতিতে সকলো প্ৰকাৰে মিল থাকে আৰু উদাহৰণ দুটাত মিল নথকা সংস্থিতিটো প্রথম উদাহৰণত থাকে, তেনেহ’লে উদাহৰণ দুটাৰ মিল নথকা একমাত্র সংস্থিতিটোবেই আলোচ্য ঘটনাৰ কাৰ্য নাইবা কাৰণৰ অনিবার্য অংগ হ’ব।” ব্যতিৰেকী প্ৰণালীৰ উদাহৰণস্বৰূপে ক’ব পাৰি যে মালৰ সৈতে এখন ট্রাক গাড়ীৰ ওজন দুই টন। মালৰ ওজন দেব টন। গতিকে গাড়ীখনৰ ওজন আধা টন।

এই প্রণালী অসাবধানতাবে প্রয়োগ কৰিলে কাকতালীয় দোষযুক্ত হৈ পৰে। উদাহৰণ- নাঙঠ ফকিৰজন গাওঁখনত অহাৰ দিনা বাজেনৰ মৃত্যু হ’ল। এই ঘটনাত সিদ্ধান্ত লোৱা হ’ল যে নাঙঠ ফৰিজনৰ আবির্ভাবেই বাজেনৰ মৃত্যুৰ কাৰণ। এই এক কাকতালীয় সংযোগহে।

৬। এটা বাস্তব উদাহৰণসহ মিলে আগবঢ়োৱা অন্বয়ী ব্যতিৰেকী প্রণালীটোৰ সংজ্ঞা উল্লেখ কৰা। এই প্রণালীটোক কিয় দ্বৈত অন্বয়ী প্রণালী আখ্যা দিয়া হৈছে? H. S. ’16

উত্তৰ: অন্বয়ী প্রণালীৰ ব্যাখ্যা দাঙি ধৰি মিলে কৈছে যে, অন্বেষণীয় ঘটনাটো উপস্থিত থকা দুটা বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য সংস্থিতি থাকে আৰু যদি আটাইকেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিটোবেই মাত্র মিল থাকে, তেনেহ’লে সেইটোরেই অন্বেষণীয় ঘটনাৰ কাৰণ নাইবা কার্য হ’ব।

উদাহৰণ বায়ুপূর্ণ কাঁচৰ পাত্র এটিৰ ভিতৰত বৈদ্যুতিক ঘণ্টা ৰাখি বিদ্যুৎ সংযোগ কৰি ঘন্টাটো বজালে শব্দ শুনা যায়। সেই একে পৰিস্থিতিত পাত্রটো বায়ু শূন্য কৰি ঘন্টাটো বজালে শব্দ শুনা নাযায়। এতেকে সিদ্ধান্তলৈ আহিব পাৰো যে বায়ুৰ উপস্থিতিয়েই শব্দ শুনাৰ কাৰণ।
এই প্রণালীত সদর্থক দৃষ্টান্ত শ্রেণীৰ উপস্থিতি আৰু নঞর্থক দৃষ্টান্ত শ্রেণীৰ উপস্থিতিৰ অন্বয়ৰ দ্বাৰা কাৰ্য-কাৰণ সম্বন্ধ নির্ণয় কৰা হয় বাবে ইয়াক ‘দ্বৈত অন্বয়ী’ প্রণালী বুলি কোৱা হয়।

৭। অন্বয়ী প্রণালী হৈছে আবিষ্কাৰৰ প্ৰণালী আৰু ব্যতিৰেকী প্রণালী হৈছে প্ৰমাণৰ প্ৰণালী’- এই মন্তব্যটোৰ তাৎপর্য ব্যাখ্যা কৰা। H. S. ’14, ’18

উত্তৰ: অন্বয়ী প্রণালীৰৰ দ্বাৰা কিছুমান মহাজাগতিক ঘটনা যেনে ভূমিকম্প, ধুমুহা বতাহ, আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ আদি ঘটনাকহে বিশ্লেষণ কৰিব পাৰি। এইবোৰ পৰীক্ষণৰ দ্বাৰা বিচাৰ কৰিব নোৱাৰি। সেয়ে অন্বয়ী প্রণালীক আবিষ্কাৰৰ প্ৰণালী বুলি কোৱা হয়।

আনহাতে ব্যতিৰেকী প্রণালীক প্ৰমাণৰ প্ৰণালী বুলি কোৱা হয়। কাৰণ ব্যতিৰেকী প্রণালীত পৰীক্ষণৰ দ্বাৰা অমিল থকা বিষয়টো সদর্থক দৃষ্টান্তৰ পৰা উলিয়াই সিয়েই যে কাৰণ বা কাৰণৰ অপৰিহাৰ্য অংগ হ’ব তাক নিশ্চিত কৰিব পাৰি।

৮। সহ পৰিবৰ্তন প্রণালী সম্পর্কে মিলৰ সূত্র উল্লেখ কৰি এই প্ৰণালীৰ অসুবিধাসমূহ ব্যাখ্যা কৰা। H. S. ’18, ’20

উত্তৰ: সহ পৰিবৰ্তন প্রণালী সম্পর্কে মিলে আগবঢ়োবা সংজ্ঞাটো হৈছে- “কোনো এটা ঘটনাৰ কোনো পৰিবৰ্তনৰ লগত যদি আন এটা ঘটনাৰ পৰিবৰ্তন হয়, তেন্তে সেই ঘটনাটো আন ঘটনাৰ কাৰণ বা কাৰ্য বা কোনো ধৰণৰ কাৰ্য-কাৰণ সম্বন্ধেবে সম্বন্ধিত হ’ব।
সহ পৰিৱৰ্তন প্ৰণালীৰ অসুবিধাসমূহ হ’ল-

(ক) গুণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত এই প্রণালী প্রয়োজ্য নহয়।

(খ) এই প্রণালী অভিজ্ঞতাৰ বাহিৰত প্রয়োগ কৰিব নোৱাৰি।

(গ) সহ পৰিবৰ্তন প্রণালীত অন্বয়ী আৰু ব্যতিৰেকী প্ৰণালীৰ সম্ভাব্য দোষসমূহ ঘটাৰ সম্ভাবনা থাকে।

(ঘ) সহ-পৰিৱৰ্তন প্রণালীত পৰিৱৰ্তন নির্ধাৰণৰো এটা সীমা আছে।

৯। ব্যতিৰেকী প্রণালী সম্পর্কে মিলৰ সূত্ৰটো লিখা। এই প্রণালীৰ চাৰিটা অসুবিধা বর্ণনা কৰা। H. S. ’17, ’18

উত্তৰ : মিলে আগবঢ়োৱা ব্যতিৰেকী প্রণালীৰ সূত্রটো হৈছে যদি এটা দৃষ্টান্তৰ অন্বেষণীয় ঘটনাটো উপস্থিত থাকে আৰু আন এটা দৃষ্টান্তৰ অন্বেষণীয় ঘটনাটো উপস্থিত নাথাকে আৰু এই দৃষ্টান্ত দুটা কেবল এটা সংস্থিতি বা বিষয়ৰ বাহিৰে আন সকলো বিষয়তে সম্পূর্ণভাবে মিলে আৰু দৃষ্টান্ত দুটাৰ মিল নথকা একমাত্র বিষয়টোরে অন্বেষণীয় ঘটনাৰ কাৰণ বা কাৰণৰ অপৰিহার্য অংগ হ’ব।

ব্যতিৰেকী প্রণালীৰ অসুবিধা তিনিটা হ’ল:

(ক) ব্যতিৰেকী প্রণালী পৰীক্ষামূলক হোৱা বাবে ইয়াৰ ক্ষেত্ৰ অতি সীমতি।

(খ) পৰীক্ষণৰ দ্বাৰা কাৰণৰ পৰা কাৰ্য নির্ণয় কৰিব পাৰি, কিন্তু কাৰ্যৰ পৰা কাৰণ নির্ণয় কৰিব নোৱাৰি।

(গ) ব্যতিৰেকী প্রণালী নানাকাৰণ সম্ভবনাৰ পৰা সম্পূর্ণভাবে মুক্ত নহয়।

(ঘ) এই প্রণালী প্রয়োগ কৰা অতি কষ্টকৰ।

১০। তোমাৰ নিজৰ ভাষাত অন্বয়ী প্রণালীৰ সংজ্ঞা দিয়া আৰু এই পদ্ধতিটোৰ এনে এটা বাস্তব উদাহৰণ দিয়া য’ত আমি কাৰ্যৰ পৰা কাৰণলৈ অগ্ৰসৰ হওঁ। এই প্রণালীটোক মূলতঃ নিৰীক্ষণৰ প্ৰণালী বোলা হয় কিয়? H. S. ’17

উত্তৰ : আমি অনুসন্ধান কৰিবলৈ লোৱা কোনো ঘটনাত উপস্থিত থকা দুই বা ততোধিক দৃষ্টান্তৰ মাজত যদি কোনো এটা মাত্র সামান্য মিল থাকে, আৰু গোটেই কেইটা দৃষ্টান্তৰ এই সামান্য সংস্থিতিতেই মিল থাকে, তেন্তে সেইটো অনুসন্ধান কৰিবলৈ লোৱা ঘটনাৰ কাৰণ বা কার্য হ’ব।

উদাহৰণ ধৰা হ’ল কাৰণ মদ পান আৰু ইয়াৰ কাৰ্য নির্ণয় কৰিব লাগে। সেয়ে ইয়াৰ বাবে কেইজনমান মদ পান কৰা ব্যক্তিক দৃষ্টান্ত হিচাপে লৈ নিৰীক্ষণ কৰা হ’ল। নিৰীক্ষণত দেখা গ’ল যে ব্যক্তিকেইজন দেখাত ভিন ভিন যদিও সিহঁতৰ আটাইৰে কিডনি দুর্বল।

অন্বয়ী প্রণালী মূলতঃ নিৰীক্ষণৰ প্ৰণালী। কাৰণ অন্বয়ী প্রণালী প্রয়োগ কৰিবলৈ হ’লে অন্বেষণীয় ঘটনা সম্পর্কীয় দুটা বা ততোধিক দৃষ্টান্ত সংগ্রহ কৰিব লাগে আৰু সেইবোৰৰ মাজত এটা বিষয়ত সকলোতে মিল থাকিব লাগে আৰু আনবোৰ বিষয়ত অমিল থাকিব লাগে। দৃষ্টান্ত কেইটাৰ নিৰীক্ষণৰ অন্তৰালত অন্যান্য মিল লুকাই আছেনে নাই সেয়া নিশ্চিত হ’ব নোৱাৰি। ই কেবল কার্য-কাৰণ সম্বন্ধ থাকিব পাৰে বুলি ইংগিতহে দিব পাৰে। গতিকে অন্বয়ী প্রণালী মূলত নিৰীক্ষণৰ প্ৰণালী, পৰীক্ষণ প্রণালী নহয়।

১০। উদাহৰণসহ সহ পৰিশেষ পদ্ধতি ব্যাখ্যা কৰা। এই পদ্ধতিটো ব্যতিৰেক পদ্ধতিৰ এক উন্নত সংস্কৰণ বুলি ভাবানে? ব্যাখ্যা কৰা। H. S. ’17, ’19

উত্তৰ: সহ পৰিশেষ পদ্ধতি সম্পর্কে মিলে কৈছে যে কোনো ঘটনাৰ যি অংশ পূর্বজাত আগমনৰ পৰা কোনো বিশেষ বিশেষ পূর্ববর্তী ঘটনাৰ ফল বুলি জনা যায়, সেই অংশটো বাদ দিলে ঘটনাটোৰ অৱশিষ্ট অংশ পূর্ববর্তী অবশিষ্ট অংশৰ কাৰ্য বুলি ধৰিব পাৰি।

ইয়াৰ সাংকেতিক উদাহৰণ-

ক খ গ-প ফ ব

খ গ -ফ ব

ক প-ৰ কাৰণ।

ইয়াত ‘ক’ ‘ফ ব’ৰ কাৰণ হ’ব নোৱাৰে। কাৰণ দ্বিতীয় দৃষ্টান্তত ‘ফ’ উপস্থিত আছে, কিন্তু ‘ক’ নাই। ‘ক’ হ’ব ‘প’ৰ কাৰণ। কাৰণ য’তেই ‘ক’ আছে তাতেই ‘প’ আছে। ‘ক’ৰ অনুপস্থিতিৰ লগে লগে ‘প’ৰ অনুপস্থিতি হৈছে।

পৰিশেষ প্রণালীক ব্যতিৰেক প্ৰণালীৰ এক ৰূপান্তৰ বা উন্নত সংস্কৰণ বুলি কোৱা হয়। ইয়াৰ কাৰণ দুয়োটা প্রণালীৰ অন্তর্নিহিত নিয়ম একে আৰু দুয়োটাৰ মাজত সাদৃশ্য আছে। প্রণালীটোৰ সূত্র অনুসবি লক্ষ্য কৰিলে দেখা যায় যে ব্যতিৰেকী প্ৰণালীৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা আঁতৰ কৰিবলৈ প্ৰতিষ্ঠা কৰা ই এক সংশোধিত ৰূপ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×