আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অর্থবিজ্ঞান বিষয়ৰ Class 12 Economics MCQ Chapter 1 ৰাষ্ট্ৰীয় আয় আৰু আনুসঙ্গিক ধাৰণা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Economics MCQ Chapter 1 ৰাষ্ট্ৰীয় আয় আৰু আনুসঙ্গিক ধাৰণা
প্রথম খণ্ড: সমষ্টিবাদী অৰ্থনীতিৰ পাতনি
অধ্যায়-১
ৰাষ্ট্ৰীয় আয় আৰু আনুসঙ্গিক ধাৰণা
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ মধ্যৱৰ্তী দ্রব্য বুলিলে কি বুজায়?
(ক) চূড়ান্ত উপভোক্তাৰ দ্বাৰা ব্যৱহৃত দ্রব্য
(খ) উৎপাদন প্রক্রিয়াত ব্যবহৃত দ্রব্য
(গ) আমদানি কৰা দ্রব্য
(ঘ) ৰপ্তানি কৰা দ্রব্য
উঃ (খ) উৎপাদন প্রক্রিয়াত ব্যৱহৃত দ্রব্য
প্রঃ “An Enquiry into the Nature and Cause of Wealth of Nations” গ্রন্থখনৰ লেখক কোন?
(ক) জন মে’নার্ড কি’ন্স
(খ) কার্ল মা’
(গ) আদাম স্মিথ
(ঘ) ডেভিড ৰিকার্ডো
উঃ (গ) আদাম স্মিথ
প্রঃ চূড়ান্ত দ্রব্য বুলিলে কি বুজায়?
(ক) উৎপাদন প্রক্রিয়াত ব্যৱহৃত দ্রব্য
(খ) শেষ উপভোক্তাৰ দ্বাৰা ব্যৱহৃত দ্রব্য
(গ) কাঁচামাল
(ঘ) শিল্প উৎপাদনৰ সামগ্ৰী
উঃ (খ) শেষ উপভোক্তাৰ দ্বাৰা ব্যৱহৃত দ্রব্য
প্ৰঃ “হস্তান্তৰ পৰিশোধ” বুলিলে কি বুজায়?
(ক) উৎপাদনৰ বাবে কৰা ব্যয়
(খ) চৰকাৰৰ দ্বাৰা কৰা আয়ৰ পুনৰ্বিতৰণ
(গ) শ্ৰমিকৰ মজুৰি
(ঘ) বিনিয়োগৰ ব্যয়
উঃ (খ) চৰকাৰৰ দ্বাৰা কৰা আয়ৰ পুনৰ্বিতৰণ
প্রঃ চলিত মূল্যত ৰাষ্ট্ৰীয় আয় মানে কি?
(ক) চলিত দৰ সূচী অনুসৰি গণনা কৰা আয়
(খ) স্থিৰ মূল্যত গণনা কৰা আয়
(গ) বৈদেশিক মুদ্রাত গণনা কৰা আয়
(ঘ) কেবল সৰকাৰি আয়
উঃ (ক) চলিত দৰ সূচী অনুসৰি গণনা কৰা
আয়
প্ৰঃ স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় মানে কি?
(ক) কোনো নিৰ্দিষ্ট বছৰৰ মূল্যত গণনা কৰা
আয়
(খ) চলিত বছৰৰ মূল্যত গণনা কৰা আয়
(গ) বিদেশৰ পৰা লাভ কৰা আয়
(ঘ) মুঠ জাতীয় উৎপাদন
উঃ (ক) কোনো নির্দিষ্ট বছৰৰ মূল্যত গণনা কৰা
আয়
প্রঃ ব্যয়যোগ্য ব্যক্তিগত আয় কি?
(ক) কৰ মচি থকা ব্যক্তিগত আয়
(খ) চৰকাৰৰ দ্বাৰা উপহাৰ দিয়া আয়
(গ) কৰ কটোৱাৰ পিছত অৱশিষ্ট ব্যক্তিগত
আয়
(ঘ) বিদেশৰ পৰা পোৱা আয়
উঃ (গ) কৰ কটোৱাৰ পিছত অৱশিষ্ট ব্যক্তিগত
আয়
প্ৰঃ হৰণ-ভগনৰ ব্যয় ক’ত ব্যৱহাৰ কৰা হয়?
(ক) নতুন কল-কাৰখানা খোলাত
(খ) জৰাজীৰ্ণ যন্ত্রপাতি মেৰামতি কৰা ব্যয়
(গ) ভূমি ক্রয়ৰ ব্যয়
(ঘ) ব্যৱসায়ৰ লাভ বুটলাত
উঃ (খ) জৰাজীৰ্ণ যন্ত্রপাতি মেৰামতি কৰা ব্যয়
প্রঃ সর্বমুঠ বিনিয়োগ বুলিলে কি বুজায়?
(ক) উৎপাদন প্রক্রিয়াত ব্যৱহাৰ কৰা মূলধনী সামগ্ৰীৰ যোগফল
(খ) সম্পূর্ণ নতুন বিনিয়োগ
(গ) বৈদেশিক বিনিয়োগ
(ঘ) চৰকাৰী বিনিয়োগ
উঃ (ক) উৎপাদন প্রক্রিয়াত ব্যৱহাৰ কৰা মূলধনী সামগ্ৰীৰ যোগফল
প্রঃ ক্ষয়-ক্ষতিৰ বানচ কি?
(ক) মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ পৰিমাণ
(খ) কৰ কমোৱা পৰিমাণ
(গ) চৰকাৰী খৰচ
(ঘ) ব্যক্তিগত আয়
উঃ (ক) মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ পৰিমাণ
প্রঃ GDP মানে কি?
(ক) দেশখনৰ মুঠ আয়
(খ) এখন দেশত এবছৰত উৎপাদিত দ্রব্য আৰু
সেৱাৰ মুদ্রাগত মূল্য
(গ) চৰকাৰৰ খৰচ
(ঘ) বৈদেশিক বাণিজ্য
উঃ (খ) এখন দেশত এবছৰত উৎপাদিত দ্রব্য আৰু সেৱাৰ মুদ্রাগত মূল্য
প্রঃ GDP গণনাত মধ্যবর্তী দ্রব্যৰ মূল্য অন্তর্ভুক্ত নকৰা কিয়?
(ক) ইয়াক কেবাবাৰো গণনা কৰা হয়
(খ) GDP ত কেবল চূড়ান্ত দ্রব্য অন্তর্ভুক্ত হয়
(গ) ইয়াক লাভ হিচাপে গণনা কৰা হয়
(ঘ) ইয়াক ৰপ্তানিৰ সৈতে জড়িত ধৰা হয়
উঃ (খ) GDP ত কেবল চূড়ান্ত দ্রব্য অন্তর্ভুক্ত হয়
প্রঃ জাতীয় আয় গণনাৰ সময়ত দ্বৈত গণনাৰ সমস্যা কিয় হয়?
(ক) কোনো দ্ৰব্যৰ মূল্য দুবাৰ গণনা হয়
(খ) GDP বৃদ্ধি পায়
(গ) আয় কমি যায়
(ঘ) বৈদেশিক বাণিজ্যৰ সমস্যা হয়
উঃ (ক) কোনো দ্ৰব্যৰ মূল্য দুবাৰ গণনা হয়
প্রঃ GDP সংকোচক কি?
(ক) সাধাৰণ আৰু প্ৰকৃত GDP ৰ অনুপাত
(খ) GDP ৰ বৃদ্ধি সূচক
(গ) বিনিয়োগৰ পৰিমাণ
(ঘ) বৈদেশিক বাণিজ্য
উঃ (ক) সাধাৰণ আৰু প্ৰকৃত GDP ৰ অনুপাত
প্রঃ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় বুজায় কিমান?
(ক) নিগুট জাতীয় আয় হস্তান্তৰিত পৰিশোধ
(খ) GDP বিনিয়োগ
(গ) চলিত মূল্যত আয়
(ঘ) চৰকাৰী খৰচ
উঃ (ক) নিগুট জাতীয় আয় হস্তান্তৰিত পৰিশোধ
প্রঃ বিনিয়োগ সামগ্রী কি?
(ক) যিবিলাক দ্ৰব্যৰ সহায়ত অন্য দ্রব্য উৎপাদন কৰিব পাৰি
(খ) চূড়ান্ত উপভোক্তাৰ বাবে উৎপাদিত দ্রব্য
(গ) আমদানি কৰা সামগ্রী
(ঘ) ক্ষয় হোৱা সম্পত্তি
উঃ (ক) যিবিলাক দ্ৰব্যৰ সহায়ত অন্য দ্রব্য উৎপাদন কৰিব পাৰি
প্রঃ GDP ৰ লগত GNP সমান হ’ব কেতিয়া?
(ক) বিদেশৰ পৰা লাভ হোৱা নিশুট আয় শূন্য
হ’লে
(খ) দেশৰ আয় বৃদ্ধি পালে
(গ) বৈদেশিক বিনিয়োগ হ’লে
(ঘ) চৰকাৰী আয় কমি গ’লে
উঃ (ক) বিদেশৰ পৰা লাভ হোৱা নিগুট আয় শূন্য হ’লে
প্রঃ জাতীয় আয় কি?
(ক) এখন দেশৰ এবছৰৰ ভিতৰত উৎপাদিত সৰ্বমুঠ দ্ৰব্য আৰু সেৱাৰ মুদ্রাগত মূল্য
(খ) GDP ৰ সমান
(গ) ব্যক্তিগত আয়
(ঘ) চৰকাৰী আয়
উঃ (ক) এখন দেশৰ এবছৰৰ ভিতৰত উৎপাদিত সৰ্বমুঠ দ্ৰব্য আৰু সেৱাৰ মুদ্রাগত মূল্য
প্রঃ উপাদান দৰত শুদ্ধ জাতীয় উৎপাদন বুজায় কিমান?
(ক) GDP + বিদেশৰ পৰা উপাদান আয়
(খ) GDP-ক্ষয়-ক্ষতি
(গ) উপাদান পৰিশোধৰ যোগফল
(ঘ) চলিত মূল্যত আয়
উঃ (গ) উপাদান পৰিশোধৰ যোগফল
প্রঃ মূলধনী দ্রব্য কি?
(ক) উৎপাদনৰ বাবে ব্যৱহৃত সামগ্রী
(খ) চলিত উপভোক্তা সামগ্রী
(গ) চৰকাৰী সম্পত্তি
(ঘ) মজুত সম্পত্তি
উঃ (ক) উৎপাদনৰ বাবে ব্যৱহৃত সামগ্ৰী
প্রঃ “সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ (GDP) লগত মুঠ ৰাষ্ট্ৰীয় উৎপাদন (GNP) সমান হ’ব কেতিয়া?”
(ক) যেতিয়া বিদেশৰ পৰা লাভ কৰা নিগুট আয় শূন্য হয়
(খ) যেতিয়া GDP বৃদ্ধি পায়
(গ) যেতিয়া কৰ হ্ৰাস হয়
(ঘ) যেতিয়া বিনিয়োগ বৃদ্ধি পায়
উঃ (ক) যেতিয়া বিদেশৰ পৰা লাভ কৰা নিগুট আয় শূন্য হয়
প্ৰঃ আয়ৰ চক্ৰীয় প্রবাহত সুৰুংসমূহ কি কি?
(ক) সঞ্চয় আৰু আয়
(খ) আয় আৰু ব্যয়
(গ) সঞ্চয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য
(ঘ) বিনিয়োগ আৰু চৰকাৰী ব্যয়
উঃ (গ) সঞ্চয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য
প্রঃ জাতীয় আয় গণনাৰ সময়ত সংযোজিত মূল্য কিয় গণনা কৰা হয়?
(ক) এটা নির্দিষ্ট বছৰত উৎপাদিত মুঠ মূল্য বিচাৰি উলিওৱাৰ বাবে
(খ) চলিত মূল্য নির্ধাৰণৰ বাবে
(গ) চৰকাৰী খৰচ নিৰ্ণয়ৰ বাবে
(ঘ) ৰপ্তানি আয় গণনা কৰাৰ বাবে
উঃ (ক) এটা নির্দিষ্ট বছৰত উৎপাদিত মুঠ মূল্য বিচাৰি উলিওৱাৰ বাবে
প্রঃ শুদ্ধ জাতীয় উৎপাদন (NNP) উলিওৱাৰ সূত্র কি?
(ক) GDP-ক্ষয়-ক্ষতি
(খ) GNP-ক্ষয়-ক্ষতি
(গ) GDP + বৈদেশিক আয়
(ঘ) GNP + চৰকাৰী খৰচ
উঃ (খ) GNP-ক্ষয়-ক্ষতি
প্রঃ GDP গণনাৰ অন্যতম সমস্যা কি?
(ক) দ্বৈত গণনা
(খ) কৰ বঢ়ি যোৱা
(গ) মুদ্রাস্ফীতি
(ঘ) আয়ৰ অসম বণ্টন
উঃ (ক) দ্বৈত গণনা
প্রঃ স্থূল বিনিয়োগ মানে কি?
(ক) ক্ষয়-ক্ষতিৰ আগতে মুঠ বিনিয়োগ
(খ) ক্ষয়-ক্ষতি বাদ দি কৰা বিনিয়োগ
(গ) চৰকাৰী বিনিয়োগ
(ঘ) ব্যক্তিগত বিনিয়োগ
উঃ (ক) ক্ষয়-ক্ষতিৰ আগতে মুঠ বিনিয়োগ
প্রঃ নিগুট বিনিয়োগ উলিওৱাৰ নিয়ম কি?
(ক) স্থূল বিনিয়োগ- ক্ষয়-ক্ষতি
(খ) স্থূল বিনিয়োগ + ক্ষয়-ক্ষতি
(গ) GDP-কৰ
(ঘ) GNP-বৈদেশিক আয়
উঃ (ক) স্থূল বিনিয়োগ – ক্ষয়-ক্ষতি
প্রঃ GDP সংকোচকৰ মূল্য কি?
(ক) সাধাৰণ GDP/প্রকৃত GDP
(খ) GNP/NNP
(গ) আয়/ব্যয়
(ঘ) বিনিয়োগ/GDP
উঃ (ক) সাধাৰণ GDP/প্রকৃত GDP
প্ৰঃ জাতীয় আয় গণনাৰ অন্যতম পদ্ধতি কি?
(ক) উৎপাদন পদ্ধতি
(খ) কৰ বৃদ্ধি পদ্ধতি
(গ) বিনিয়োগ পদ্ধতি
(ঘ) বৈদেশিক বাণিজ্য পদ্ধতি
উঃ (ক) উৎপাদন পদ্ধতি
প্রঃ “স্বতন্ত্র উপভোগ ব্যয়” বুলিলে কি বুজায়?
(ক) ব্যক্তিৰ উপাৰ্জন নথকাকৈও কৰা ব্যয়
(খ) চৰকাৰী আয়ৰ লগত সম্পর্কিত ব্যয়
(গ) বিদেশত কৰা ব্যয়
(ঘ) কেবল মজুৰি হিচাপে দিয়া আয়
উঃ (ক) ব্যক্তিৰ উপাৰ্জন নথকাকৈও কৰা ব্যয়
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ জাতীয় আয় কি?
উঃ এখন দেশৰ এবছৰৰ ভিতৰত উৎপাদিত মুঠ সামগ্ৰী আৰু সেৱাৰ মুদ্রাগত মূল্যক জাতীয় আয় বোলা হয়।
প্রঃ GDP মানে কি?
উঃ এখন দেশত এবছৰত উৎপাদিত মুঠ দ্রব্য আৰু সেৱাৰ মুদ্রাগত মূল্যক GDP বোলা হয়।
প্রঃ GNP মানে কি?
উঃ এখন দেশৰ নাগৰিকসকলে এবছৰত উৎপাদন কৰা মুঠ দ্ৰব্য আৰু সেৱাৰ মুদ্রাগত মূল্যক GNP বোলা হয়।
প্রঃ মধ্যবর্তী দ্রব্য কি?
উঃ উৎপাদন প্রক্রিয়াত ব্যৱহৃত দ্রব্যসমূহক মধ্যবর্তী দ্রব্য বোলা হয়।
প্রঃ চূড়ান্ত দ্রব্য কি?
উঃ শেষ উপভোক্তাৰ দ্বাৰা ব্যৱহৃত দ্রব্যসমূহক চূড়ান্ত দ্রব্য বোলা হয়।
প্রঃ চলিত মূল্যত ৰাষ্ট্ৰীয় আয় কি?
উঃ চলিত মূল্যত গণনা কৰা ৰাষ্ট্ৰীয় আয়ক চলিত মূল্যত ৰাষ্ট্ৰীয় আয় বোলা হয়।
প্ৰঃ স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় কি?
উঃ কোনো নির্দিষ্ট বছৰৰ মূল্যত গণনা কৰা ৰাষ্ট্ৰীয় আয়ক স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় বোলা হয়।
প্রঃ ব্যয়যোগ্য ব্যক্তিগত আয় কি?
উঃ ব্যক্তিগত আয়ৰ পৰা কৰ বাদ দিলে যে পৰিমাণ থাকে তাক ব্যয়যোগ্য ব্যক্তিগত আয় বোলা হয়।
প্রঃ হৰণ-ভগনৰ ব্যয় কি?
উঃ মূলধনী সামগ্ৰীৰ ক্ষয়-ক্ষতিৰ বাবদ হোৱা ব্যয়ক হৰণ-ভগনৰ ব্যয় বোলা হয়।
প্রঃ সর্বমুঠ বিনিয়োগ কি?
উঃ উৎপাদন প্রক্রিয়াত ব্যৱহৃত মুঠ মূলধনী সামগ্ৰীৰ যোগফলক সর্বমুঠ বিনিয়োগ বোলা হয়।
প্রঃ ক্ষয়-ক্ষতিৰ বানচ কি?
উঃ মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ পৰিমাণ বাদ দিলে যে অংশ থাকে তাক ক্ষয়-ক্ষতিৰ বানচ বোলা হয়।
প্রঃ GDP গণনাত মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য অন্তর্ভুক্ত নকৰাৰ কাৰণ কি?
উঃ মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য চূড়ান্ত দ্রব্যৰ মূল্যত অন্তর্ভুক্ত হৈ থাকে, গতিকে পৃথকভাৱে গণনা কৰা নহয়।
প্রঃ দ্বৈত গণনা বুলিলে কি বুজায়?
উঃ জাতীয় আয় গণনাৰ সময়ত কোনো দ্ৰব্যৰ মূল্য দুবাৰ বা ততোধিকবাৰ গণনা হ’লে তাক দ্বৈত গণনা বোলা হয়।
প্রঃ GDP সংকোচক কি?
উঃ সাধাৰণ GDP আৰু প্ৰকৃত GDP ৰ অনুপাতক GDP সংকোচক বোলা হয়।
প্ৰঃ উপাদান দৰত শুদ্ধ জাতীয় উৎপাদন কি?
উঃ কোনো এবছৰত উৎপাদনৰ উপাদানসমূহে লাভ কৰা মুঠ উপাৰ্জনক উপাদান দৰত শুদ্ধ জাতীয় উৎপাদন বোলা হয়।
প্রঃ বিনিয়োগ সামগ্রী কি?
উঃ উৎপাদন প্রক্রিয়াত ব্যৱহাৰ হৈ অন্য দ্রব্য উৎপাদন কৰাত সহায় কৰা সামগ্ৰীসমূহক বিনিয়োগ সামগ্রী বোলা হয়।
প্রঃ GDP ৰ লগত GNP সমান কেতিয়া হয়? গ্ধগ্ধ
উঃ বিদেশৰ পৰা লাভ কৰা নিগুট আয় শূন্য হ’লে GDP আৰু GNP সমান হয়।
প্রঃ জাতীয় আয় গণনাৰ অন্যতম সমস্যা কি?
উঃ জাতীয় আয় গণনাৰ অন্যতম সমস্যা হ’ল দ্বৈত গণনা।
প্রঃ স্থূল বিনিয়োগ কি?
উঃ ক্ষয়-ক্ষতিৰ আগতে থকা মুঠ বিনিয়োগক স্থূল বিনিয়োগ বোলা হয়।
প্রঃ নিগুট বিনিয়োগ কি?
উঃ স্থূল বিনিয়োগৰ পৰা ক্ষয়-ক্ষতি বাদ দিলে যে বিনিয়োগ থাকে তাক নিগুট বিনিয়োগ বোলা হয়।
প্রঃ বিনিয়োগৰ মূল উদ্দেশ্য কি?
উঃ বিনিয়োগৰ মূল উদ্দেশ্য হ’ল উৎপাদন বৃদ্ধি আৰু নতুন নিয়োগৰ সৃষ্টি কৰা।
প্রঃ ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি?
উঃ নিগুট জাতীয় আয়ৰ সৈতে বিদেশৰ পৰা লাভ কৰা হস্তান্তৰযোগ্য আয় যোগ দিলে যে আয় থাকে তাক ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় বোলা হয়।
প্রঃ আয়ৰ চক্ৰীয় প্রবাহ কেনেকৈ চলে?
উঃ উৎপাদনৰ উপাদানসমূহে উপাৰ্জন কৰা আয় উপভোগত ব্যয় কৰে, আৰু এই প্রবাহ চক্রীয়ভাবে চলি থাকে।
প্রঃ হস্তান্তৰ পৰিশোধ কি?
উঃ চৰকাৰৰ দ্বাৰা কৰা আয়ৰ পুনৰ্বিতৰণক হস্তান্তৰ পৰিশোধ বোলা হয়।
প্রঃ স্বতন্ত্র উপভোগ ব্যয় কি?
উঃ উপার্জন নথকা অৱস্থাতো জীৱন নিৰ্বাহৰ বাবে কৰা অত্যাৱশ্যকীয় ব্যয়ক স্বতন্ত্র উপভোগ ব্যয় বোলা হয়।
প্রঃ মূলধনী দ্রব্য কি?
উঃ যিবিলাক দ্ৰব্যৰ সহায়ত অন্য দ্রব্য উৎপাদন কৰিব পাৰি তাক মূলধনী দ্রব্য বোলা হয়।
প্রঃ জাতীয় আয় গণনাৰ সময়ত সংযোজিত মূল্য গণনা কৰাৰ প্ৰয়োজন কিয়?
উঃ সংযোজিত মূল্য গণনা নকৰিলে জাতীয় আয় দ্বৈত গণনাৰ সমস্যাত পৰিব।
কি? প্রঃ জাতীয় আয় গণনাৰ তিনিটা পদ্ধতি কি
উঃ উৎপাদন পদ্ধতি, আয় পদ্ধতি, আৰু ব্যয় পদ্ধতি।
প্ৰঃ আয়ৰ চক্ৰীয় প্রবাহৰ দুটা সুৰুং কি?
উঃ সঞ্চয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য।
প্ৰঃ GDP আৰু GNP ৰ পাৰ্থক্য কি?
উঃ GDP এখন দেশৰ ভিতৰত উৎপাদিত মুঠ দ্রব্য আৰু সেৱা, আৰু GNP দেশখনৰ নাগৰিকসকলে উৎপাদিত মুঠ দ্রব্য আৰু সেৱা।
