Class 12 Advance Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Advance Assamese বিষয়ৰ পাঠভিত্তিক উপন্যাস আৰু চুটি গল্প Class 12 Advance Assamese Chapter 16 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
উপন্যাস আৰু চুটি গল্প Class 12 Advance Assamese Chapter 16 Solutions
গোট-৭ অসমীয়া সাহিত্যৰ বুৰঞ্জী (নম্বৰ ১৫)
উপন্যাস আৰু চুটি গল্প
১। অসমীয়া উপন্যাস সাহিত্য সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা।
উত্তৰ: অসমীয়া উপন্যাস সাহিত্য ৰচনাৰ পৰম্পৰা ঊনবিংশ শতাব্দীৰ অন্তিম দহক কেইটাত পাশ্চাত্য আৰু কিছু পৰিমাণে বঙালী উপন্যাস সাহিত্যৰ অনুকৰণ আৰু প্ৰভাৱৰ ফলত শুভাৰম্ভ হয়। প্রথমতে কিছুমান লিখকে ইংৰাজী আৰু বঙালী উপন্যাস কেইখনমান অনুবাদ ৰূপত অসমীয়া ভাষাত প্রকাশ কৰে। তাৰ ভিতৰত ‘যাত্ৰিকৰ যাত্রা, ‘ফুলমনি আৰু কৰুণা’, ‘এলোকেশী বেশ্যাৰ বিষয়’, ‘কামিনীকান্ত’ আদি উল্লেখযোগ্য। অসমীয়া মৌলিক উপন্যাস সাহিত্যৰ সগৌৰৱ উদ্বোধন হয় পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতী’ উপন্যাসৰ জৰিয়তে। এই উপন্যাসখন অসমীয়া সমাজ জীৱনৰ ওপৰত আলোকপাত কৰি ৰচনা কৰা হৈছিল। ইয়াৰ পিছত তেওঁৰ দ্বিতীয়খন উপন্যাস ‘লাহৰী’ প্রকাশ পায়।
পদ্মনাথ গোহাঞি বৰুৱাৰ পিছত লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র উপন্যাস ‘পদুম কুঁৱৰী’ প্রকাশ পায়। এইখন ঐতিহাসিক দন্দোৱাদ্ৰোহৰ পটভূমিত ৰচিত। এই উপন্যাসখনত অস্বাভাবিক ঘটনা, চাঞ্চল্যকৰ পৰিস্থিতি আৰু অপ্রয়োজনীয় বর্ণনা পোৱা যায় বাবে ইয়াক পৰিপূৰ্ণ উপন্যাস বুলিব নোৱাৰি যদিও অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা সৃষ্টিত এইখন উপন্যাসৰো অৱদান আছে।
পদ্মনাথ গোহাঞি বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত আৰম্ভ হোৱা অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰাত পূর্ণতা আনে ৰজনীকান্ত বৰদলৈদেৱে। মিৰি জাতীয় জীৱনৰ পটভূমিত ৰচনা কৰা ‘মিৰি জীয়ৰী’ নামৰ উপন্যাসখন তেওঁৰ প্ৰথম উপন্যাস। এইখন ১৮৯৪ চনত প্রকাশিত হয়। ইয়াৰ পিছত তেওঁ ইংৰাজ ঔপন্যাসিক চাৰ ৱাল্টাৰ স্কটৰ অনুকৰণত ঐতিহাসিক উপন্যাস সাহিত্য ৰচনাত হাত দিয়ে। তেওঁ তেওঁৰ উপন্যাসসমূহত বৈচিত্রময় ঘটনাৰ সমাবেশ কৰাৰ উপৰিও ইংৰাজ ৰাজত্বৰ আগৰ কালছোৱাৰ অসমৰ বীতি-নীতি, ধর্ম সংস্কাৰ, আচাৰ-অনুষ্ঠান আদিৰ চিত্রাংকন কৰিছে।
বৰদলৈদেরে অসমীয়া উপন্যাস সাহিত্যক এক বলিষ্ঠ ৰূপত প্রতিষ্ঠা কৰাৰ পিছে পিছে অসমীয়া ভাষাত উপন্যাস সাহিত্য ৰচনাৰ ঢল বোৱা আৰম্ভ হয়। বৰদলৈদেৱৰ পিছত দণ্ডিনাথ কলিতাৰ নাম লব পাৰি। তেওঁৰ ‘ফুল’ আৰু ‘সাধনা’ নামৰ উপন্যাস দুটি সার্থক অসমীয়া উপন্যাস।
দণ্ডিনাথ কলিতাৰ লগতে আন এজন ঔপন্যাসিক হ’ল দৈবচন্দ্র তালুকদাৰ। তেওঁ ‘খুঁৱলী-কুঁৱলী’, ‘অপূর্ণ’, ‘আগ্নেয়গিৰি’, ‘বিদ্রোহ’ আদি উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা শক্তিশালী কৰে। তেওঁৰ উপন্যাসমূহ সমস্যাবহুল আৰু অতিপাত বর্ণনাত্মক।
ওপৰত উল্লেখিত উপন্যাসিকসকলৰ লগতে হিতেশ্বৰ বৰবৰুৱা, শৰৎচন্দ্ৰন্দ্র গোস্বামী, শান্তিৰাম দাস, স্নেহলতা, হৰিনাৰায়ণ দত্ত বৰুৱা, দীননাথ শৰ্মা, কমলেশ্বৰ চলিহা আদি ভালেমান লিখকে উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চকহী কৰে। এইসকল ঔপন্যাসিকৰ সৰহভাগ উপন্যাসেই সামাজিক উপন্যাস।
দ্বিতীয় মহাযুদ্ধৰ সময়ৰ পৰা অসমীয়া উপন্যাস সাহিত্যৰ ধাৰা সলনি হয়। এই সময়ৰ পৰা অসমীয়া ঔপন্যাসিকসকলে প্রকৃত অর্থত সফল সামাজিক উপন্যাস ৰচনা কৰিবলৈ সমর্থ হয়। এই যুগত আত্ম প্রকাশ কৰা ঔপন্যাসিকসকলৰ ভিতৰত বিৰিঞ্চি কুমাৰ বৰুৱা, হিতেশ ডেকা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, কৈলাশ শর্মা, চন্দ্র প্রসাদ শইকীয়া, পদ্ম বৰকটকী, প্রফুল্ল দত্ত গোস্বমী, ভবেন্দ্র নাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, মামনি বয়চম গোস্বামী, নিৰুপমা বৰগোহাঞি, চৈয়দ আব্দুল মালিক আদিৰ নাম উল্লেখযোগ্য। এই সকল ঔপন্যাসিকে অসমীয়া উপন্যাস সাহিত্যক প্রকৃতাৰ্থত পৰিপূৰ্ণতা দান কৰাৰ উপৰিও অসমীয়া উপন্যাস সাহিত্যবিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰে। বিৰিঞ্চি কুমাৰ বৰুৱাৰ ‘জীৱনৰ বাটত’ এটি বিখ্যাত সামাজিক উপন্যাস। তেনেদৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসখন এক লেখত লবলগীয়া বিখ্যাত উপন্যাস। এইখন ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত। তেনেদৰে হিতেশ ডেকাৰ ‘আজিৰ মানুহ, ‘এয়েতো জীবন’ আদি উল্লেখযোগ্য সামাজিক উপন্যাস।
এইসকল ঔপন্যাসিকৰ বলিষ্ঠ পৰম্পৰা অটুট ৰাখি বৰ্তমানলৈ অসমীয়া ভাষাত উভৈনদী উপন্যাস ৰচিত হৈ আছে।
২। অসমীয়া উপন্যাস সাহিত্য জগতলৈ ৰজনীকান্ত বৰদলৈৰ অৱদান আলোচনা কৰা।
নাইবা
ৰজনীকান্ত বৰদলৈয়ে জনজাতীয় জীৱনক পটভূমি হিচাপে লৈ লিখা উপন্যাসখনৰ নাম কি? তেওঁ ৰচনা কৰা উপন্যাস সাহিত্যৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োবা। H. S. ’15
নাইবা
অসমীয়া সাহিত্যৰ ইতিহাসত বুৰঞ্জীমূলক উপন্যাসৰ স্ৰষ্টা হিচাপে ৰজনীকান্ত বৰদলৈৰ অবদান সম্পর্কে লিখা। H. S. ’16
নাইবা
ৰজনীকান্ত বৰদলৈৰ উপন্যাসবোৰৰ চমু পৰিচয় দিয়া। H. S. ’18
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত আৰম্ভ হোৱা অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰাত পূর্ণতা আনে ৰজনীকান্ত বৰদলৈদেবে। মিৰি জনজাতীয় জীৱনৰ পটভূমিত ৰচনা কৰা ‘মিৰি জীয়ৰী’ নামৰ উপন্যাসখন তেওঁৰ প্ৰথম উপন্যাস। এইখন ১৮৯৪ চনত প্রকাশিত হয়। এইখন উপন্যাসত তেওঁ মিৰি ডেকা জঙ্কি আৰু মিৰি জীয়ৰী পানৈৰ কৰুণ প্রেম কাহিনী মর্মস্পর্শী ৰূপত দাঙি ধৰিছে। ইয়াৰ পিছত তেওঁ ইংৰাজ ঔপন্যাসিক চাৰ ৱাল্টাৰ স্কটৰ অনুকৰণত ঐতিহাসিক উপন্যাস সাহিত্য ৰচনাত হাত দিয়ে। তেওঁ ৰচনা কৰা উপন্যাসসমূহ হৈছে: ‘মনোমতী, ৰঙ্গিলী, নির্মল ভকত, ৰহদৈ লিগীবি, তাম্ৰেশ্বৰী মন্দিৰ, দন্দোৱাদ্রোহ, বাধা-ৰুক্মিণীৰ ৰণ’ আদি। তেওঁ উপন্যাসসমূহত বৈচিত্রময় ঘটনাৰ সমাবেশ কৰাৰ উপৰিও ইংৰাজ ৰাজত্বৰ আগৰ কালছোৱাৰ অসমীয়া ৰীতি-নীতি, ধৰ্ম সংস্কাৰ, আচাৰ-অনুষ্ঠান আদিৰ চিত্রাংকন কৰিছে। বিশেষ উল্লেখ্য যে বৰদলৈদেৱৰ একমাত্র ‘মিৰি জীয়ৰী’খনৰ বাহিৰে বাকী আটাইবোৰ উপন্যাসেই ঐতিহাসিক উপন্যাস।
তেওঁৰ উপন্যাসবোৰত অসমৰ অতীত মূৰ্তমান হৈ উঠাৰ লগতে অসমৰ প্ৰকৃতি জগতখনো প্রকট হৈ উঠিছে। অসমৰ বিভিন্ন নদ-নদী, পাহাৰ টিলাৰে পৰিৱেষ্টিত প্রাকৃতিক সৌন্দৰ্যৰ চিত্ৰ তেওঁৰ উপন্যাসসমূহত প্রাণবন্ত ৰূপত জিলিকি উঠিছে।
বৰদলৈদেৱৰ উপন্যাসসমূহ ঐতিহাসিক উপন্যাস যদিও সেইবোৰ ইতিহাস নহয়। ইতিহাসৰ ঘটনা এটিক আধাৰ বা আলম হিচাপে লৈ অতীত অসমৰ, বিশেষকৈ মানৰ আক্ৰমণৰ আগৰ সময়ছোৱাৰ অসমীয়া সামাজিক আৰু ৰাজনৈতিক জীৱনৰ এক আভাস দিবলৈ চেষ্টা কৰি সফল হৈছে। তেওঁৰ ‘মনোমতী’ উপন্যাসখন এটি জনপ্রিয় ঐতিহাসিক উপন্যাস। এইখন উপন্যাসত বৰপেটা জিলাৰ (বৰ্তমানৰ হাউলী অঞ্চলৰ চণ্ডীবৰুৱা নামৰ বৰুৱা এজনৰ সময়কালৰ ছবি অংকন কৰিছে।
ৰজনীকান্ত বৰদলৈয়ে অসমীয়া উপন্যাস সাহিত্যক বিষয়-বস্তুৰ উপস্থাপন আৰু আঙ্গিকৰ দিশত এক বিশেষ গতি প্রদান কৰি অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা নিকপকপীয়াকৈ প্রতিষ্ঠা কৰে বাবে তেওঁক অসমীয়া সাহিত্য জগতত ‘উপন্যাস সম্রাট’ উপাধিৰে বিভূষিত কৰা হৈছে। ইয়াৰ উপৰিও এইজন ঔপন্যাসিকে ইংৰাজ ঔপন্যাসিক চাৰ ৱাল্টাৰ স্কটৰ দৰে ঐতিহাসিক উপন্যাস ৰচনা কৰি অসমীয়া ঐতিহাসিক উপন্যাস ৰচনাৰ পৰম্পৰা শক্তিশালী কৰে বাবে তেওঁক ‘অসমৰ স্কট’ বুলি শ্রদ্ধা জনোৱা হয়।
৩। অসমীয়া উপন্যাস সাহিত্য জগতলৈ বিৰিঞ্চি কুমাৰ বৰুৱাৰ অৱদান আলোচনা কৰা।
উত্তৰ: বিৰিঞ্চি কুমাৰ বৰুৱা অসমীয়া সাহিত্য জগতত এক বহুমুখী প্রতিভাধাৰী ব্যক্তিত্ব। তেওঁ একেধাৰে লোকসংকৃতিৰ গৱেষক, প্ৰৱন্ধকাৰ, চুটি গল্প ৰচিয়তা আৰু সফল ঔপন্যাসিক। তেওঁ অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাললৈ দুখন অনুপম উপন্যাস দান দি ইয়াৰ ভঁৰাল সমৃদ্ধ কৰিছে। ইয়াৰে প্ৰথমটো হৈছে ‘জীৱনৰ বাটত’। ‘বীণা বৰুৱা’ ছদ্ম নামেৰে লিখা এই উন্যাসখনত তেওঁ অসমীয়া গ্রাম্য জীৱনৰ সৰলতা, সাধুতা আৰু নিষ্ঠাৰ চিত্ৰ দাঙি ধৰিছে। এইখন উপন্যাসৰ চৰিত্ৰ ‘তগৰ’ কৃষিজীবি গ্রাম্য সমাজৰ প্রতিনিধি। উপন্যাসখনৰ নায়ক কমলাকান্ত অসমৰ নগৰীয়া জীৱনৰ ভদ্রলোক শ্ৰেণীৰ প্রতিনিধি। উপন্যাসখনত কেনেদৰে ঔদ্যোগিক সভ্যতাৰ হাতত গ্রাম্য সমাজৰ কৃষিজীবি মানুহে কাৰণ্য ভুগিছে তাৰ প্ৰতিচ্ছবি লিখকে সফলভাবে দাঙি ধৰিছে।
বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বিতীয় উপন্যাস ‘সেউজী পাতৰ কাহিনী’ ‘ৰাস্না বৰুৱা’ ছদ্ম নামত লিখে আৰু এইখন প্রকাশিত হয় ১৯৫৮ চনত। উপন্যাসখনত অসমৰ চাহ বাগিছাৰ এখন সুন্দৰ আলেখ্য দাঙি ধৰিছে। উপন্যাসখনত ইংৰাজসকলৰ প্ৰভাৱত গঢ়ি উঠা আধুনিক ঔদ্যোগিক সভ্যতাৰ স্থিতি হেৰুৱাৰ কৰুণ কাহিনী ৰূপায়িত হৈছে।
কাহিনী নির্বাচন, উপস্থাপন, চৰিত্রাংকন আদি সকলো দিশৰ পৰাই বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাস দুখন অনুপম উপন্যাস।
৪। অসমীয়া উপন্যাস সাহিত্য জগতলৈ চৈয়দ আব্দুল মালিকৰ অৱদান আলোচনা কৰা।
উত্তৰ: অসমীয়া উপন্যাস সাহিত্য জগতত এক আছুতীযা আসন লাভ কৰিবলৈ সমর্থ হোৱা চৈয়দ আব্দুল মালিক বিংশ শতাব্দীৰ পঞ্চম দহকৰ পৰা উপন্যাসিক হিচাপে আত্ম প্রকাশ কৰে। তেওঁৰ প্রথমখন উপন্যাস হৈচে ‘ল. সা. গু.’। তেওঁ মুঠতে ডেৰ কুৰিমান উপন্যাস ৰচনা কৰে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: ৰথৰ চকৰি ঘুৰে, ছবিঘৰ, সুৰুষমুখী স্বপ্ন, মাটিৰ চাকি, অঘৰী আত্মাৰ কাহিণী, ওমলা ঘৰৰ ধূলি, চকুলো, সিপাৰে প্রাণ সমুদ্র, একাবেঁকা বৃত্ত আদি।
মালিকে তেওঁৰ উপন্যাসৰ জৰিয়তে অসমৰ গাঁৱলীয়া-নগৰীয়া, শিক্ষিত-অশিক্ষিত, সৎ-অসৎ, এন্ধাৰ-পোহৰ আদি বিভিন্ন দিশৰ চিত্ৰ অংকন কৰিছে। কিছুমান উপন্যাসত তেওঁ নৰ-নাৰীৰ মাজৰ সম্পৰ্কও উদঙাই দেখুৱাইছে।
চৈয়দ আব্দুল মালিকে জীবন ভিত্তিক ‘রূপতীৰ্থৰ যাত্রী’ আৰু ‘ধন্য নৰতনু ভাল’ নামৰ দুখন জীবন ভিত্তিক উপন্যাসো ৰচনা কৰিছে। ইয়াৰ ‘ৰূপতীৰ্থৰ যাত্রী’ উপন্যাসখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত ৰচিত। ‘ধন্য নৰতনু ভাল’ উপন্যাসখন শ্রীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচিত। দুয়োখন উপন্যাসেই সার্থক জীৱন ভিত্তিক উপন্যাস।
মালিকৰ ভাষা আৰু শৈলী অতি সহজ আৰু সৰল। তেওঁৰ কাহিনী সম্পূৰ্ণ ৰূপেই অসমীয়া চহা গোন্ধেৰে আমোলমোল। তেওঁৰ চৰিত্রাংকন কেতিয়াবা বিশ্লেষণধর্মী আৰু আর্হিমূলক।
মুঠতে অসমীয়া উপন্যাস সাহিত্য জগতত চৈয়দ আব্দুল মালিকৰ অৱদান যে অনবদ্য তাক সকলোবে স্বীকাৰ কৰিবলৈ বাধ্য।
৫। অসমীয়া উপন্যাস সাহিত্য জগতলৈ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অৱদান আলোচনা কৰা।
উত্তৰ: অসমীয়া ঔপন্যাসিকসকলৰ ভিতৰত এগৰাকী নমস্য ঔপন্যাসিকৰ নাম হ’ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য। তেওঁ অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাললৈ ভালেমান বলিষ্ঠ উপন্যাস দান দি থৈ গৈছে। তেওঁ বিংশ শতাব্দীৰ চতুৰ্থ দহকত ‘ৰাজপথে ৰিঙিয়ায়’ উপন্যাসখনৰ জৰিয়তে ঔপন্যাসিক হিচাপে আত্মপ্রকাশ কৰে। ইয়াৰ পিছত তেওঁ একেলেথাৰিয়ে ভালেমান উপন্যাস ৰচনা কৰিছে। তেওঁ ৰচনা কৰা প্ৰধান উপন্যাসবোৰৰ ভিতৰত ইয়াৰুইঙ্গম, মৃত্যুঞ্জয়, মুনিচুনি পোহৰ, কাল হুমুনিয়াহ, আই, কবৰ আৰু ফুল, নষ্টচন্দ্র, চিনাকী সুঁতি আদি উল্লেখযোগ্য।
বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেওঁৰ উপন্যাসৰ জৰিয়তে সমসাময়িক অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি সকলোবোৰ দিশেই প্রতিভাত কৰি তুলিছে।
তেওঁৰ ‘ৰাজপথে ৰিঙিয়ায়’ উপন্যাসখনত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে লাভ কৰা স্বাধীনতাৰ প্রতিক্রিয়া প্রকাশ কৰিছে। তেওঁৰ ইয়াৰুইঙ্গম’, মৃত্যুঞ্জয়’ আৰু ‘প্রতিবাদ’ উপন্যাস তিনিখন ৰাজনৈতিক উপন্যাস। ‘ইয়াৰুইঙ্গম’ উপন্যাসখনৰ পটভূমি হৈছে প্রাক-স্বাধীনতা কালৰ নগা পাহাৰৰ ৰাজনৈতিক পৰিস্থিতি। ‘মৃত্যুঞ্জয়’ উপন্যাসকখনৰ পটভূমি হৈছে ১৯৪২ চনৰ গণ বিল্পব।
তেওঁৰ উপন্যাসসমূহত সমাজবাদী দৃষ্টিভংগী, মানবতাবোধ, মানৱ প্রমূল্য, অবহেলিত, পতিত দৰিদ্ৰ জনগণৰ প্রতি সহানুভূতি আদি ভাৱধাৰা প্ৰকাশ পাইছে। আঙ্গিকৰ দিশৰ পৰা তেওঁৰ উপন্যাসবোৰ সংযমী, ভাষা শৈলী গাম্ভীর্যপূর্ণ আৰু চৰিত্রাংকন উদ্যমী।
বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্যই অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল অকল চহকী কৰাই নহয় তেওঁ অসমীয়া উপন্যাস সাহিত্যক গাম্ভীর্যতাও দান কৰি থৈ গৈছে।
৬। অসমীয়া উপন্যাস সাহিত্য জগতলৈ হিতেশ ডেকাৰ অৱদান আলোচনা কৰা।
উত্তৰ: অসমীয়া উপন্যাস সাহিত্যলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা বিংশ শতিকাৰ দ্বিতীয়ার্ধত ‘আজিৰ মানুহ’ উপন্যাসখনৰ জৰিয়তে আত্ম প্রাকশ কৰা এজন জনপ্রিয় ঔপন্যাসিকৰ নাম হ’ল হিতেশ ডেকা। এইজন ঔপন্যাসিকে অসমীয়া সাহিত্যৰ ভঁৰাল বহু কেইখন সাৰ্থক উপন্যাস ৰচনাৰ দ্বাৰা পৰিপুষ্ঠ কৰি থৈ গৈছে। তাৰ ভিতৰত ‘নতুন পথ, বৈৰী মানুহ, ভাড়া ঘৰ, এয়তো জীৱন, মাটি কাৰ, আচল মানুহ, জীৱন সংঘাত’ আদি উল্লেখযোগ্য।
হিতেশ ডেকাই অসমীয়া সমাজ জীৱনৰ বিভিন্ন দিশৰ গঢ়াখহনীয়া তেওঁৰ উপন্যাসত মূৰ্তমান কৰি তুলিছে। বিশেষকৈ তেওঁৰ কিছুমান উপন্যাসত পাৰিবাৰিক জীৱনৰ সমস্যা, সংঘাত, কাৰুণ্য, সম্পৰ্কৰ ভাঙোন আদি নিখুঁতভাবে আন্তৰিকতাৰে অংকিত হৈছে। আনহাতে কিছুমান উপন্যাসত দাৰিদ্ৰ-পীড়িত লোকৰ ওপৰত নিষ্পেষণৰ চিত্ৰ প্রতিফলিত হৈছে।
সামৰণিত ক’বলৈ গ’লে হিতেশ ডেকাই অসমীয়া উপন্যাস সাহিত্যক এক মর্যদাশালী স্থানত উপনীত কৰাত সফল হৈছে।
৭। অসমীয়া উপন্যাস সাহিত্য জগতলৈ পদ্মনাথ গোহাঞি বৰুৱাৰ অৱদান আলোচনা কৰা। H. S. ’17
উত্তৰ: অসমীয়া উপন্যাস সাহিত্যৰ বাটকটীয়া হৈছে পদ্মনাথ গোহাঞি বৰুৱা। তেঁৱেই পোন প্রথমতে ইংৰাজী আৰু বাংলা উপন্যাসৰ প্ৰেৰণা লৈ অসমীয়া ভাষাত উপন্যাস সাহিত্যৰ সগৌৰৱ উদ্বোধনী কৰে। তেওঁ ‘ভানুমতী’ আৰু ‘লাহৰী’ নামৰ মাত্ৰ দুখন উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ পৰম্পৰা আৰম্ভ কৰে। তেওঁৰ প্ৰথম উপন্যাস ‘ভানুমতী’ সেই সময়ৰ আলোচনী ‘বিজুলী’ৰ পাতত ছোৱা-ছোৱাকৈ প্রাকশ পায় আৰু ই ১৮৯১ চনত পুথি আকাৰে প্ৰকাশ পায়।
তেওঁৰ ‘ভানুমতী’ উপন্যাসখন মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত। ইয়াত এটি অসমীয়া পৰিয়ালৰ পাৰিবাৰিক জীৱনৰ শোকাবহ কাহিনী বর্ণনা কৰিছে। তেওঁৰ দ্বিতীয়খন উপন্যাস ‘লাহীৰী’খনো ঐতিহাসিক পটভূমিক লৈ ৰচিত যদিও ঐতিহাসিক ঘটনাই তেওঁৰ উপন্যাখনত ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাই। সেয়ে তেওঁৰ উপন্যাস দুখনক পৰিপূৰ্ণ ঐতিহাসিক উপন্যাস নুবুলি সামাজিক উপন্যাস বুলি কোৱাই যুগুত। তেওঁৰ দুয়োখন উপন্যাসেই নায়িকা প্রধান।
আঙ্গিক, চৰিত্রাংকন, বৰ্ণনাৰ বৈচিত্ৰ আদি দিশৰ পৰা তেওঁৰ উপন্যাস শক্তিশালী নহয় যদিও অসমীয়া উপন্যাস সাহিত্যৰ বাটকটীয়া হিচাপে তেওঁৰ এক সুকীয়া স্থান আছে।
২. চুটি গল্প
১। অসমীয়া চুটি গল্প সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান আলোচনা কৰা।
নাইবা
লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক জীৱনৰ চমু পৰিচয় দি তেওঁৰ দ্বাৰা প্ৰণীত চুটিগল্পৰ পুথিসমূহৰ নাম লিখা। H. S. ’15
নাইবা
“লক্ষ্মীনাথ বেজবৰুৱা পুৰণি সাধুকথা আৰু আধুনিক চুটিগল্পৰ সংযোজক সেতুৰ দৰে।” অসমীয়া চুটিগল্পৰ জন্ম আৰু বিকাশত বেজবৰুৱাৰ অৱদানৰ বিষয়ে লিখা। H. S. ’16
নাইবা
অসমীয়া চুটিগল্পৰ জনক কোন? তেওঁৰ চমু পৰিচয় দি তেওঁ ৰচনা কৰা চুটিগল্পৰ পুথিসমূহৰ নাম লিখা। H. S. ’17
নাইবা
অসমীয়া চুটিগল্পৰ জনক কোন? অসমীয়া চুটিগল্পৰ বিকাশত তেওঁৰ অৱদানৰ বিষয়ে লিখা। H. S. ’18
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমুখী প্রতিভাধাৰী এজন অসমীয়া সাহিত্যিক। কবিতা, নাটক, উপন্যাস, চুটিগল্প, বম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলেবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অবদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে।
তেওঁ হৈছে অসমীয়া ভাষাত প্রথম চুটিগল্প বচয়িতা। ঊনবিংশ শতিকাৰ শেষ ভাগত তেওঁ ‘জোনাকী’ কাকতৰ যোগেদি চুটি গল্প ৰচনাত হাত দিয়ে। তেওঁৰ গল্পসমূহ চাৰিখন পুথিত সন্নিবিষ্ট হৈছে। সেইকেইখন হ’ল: ‘জোনবিৰি’, ‘সাধুকথাৰ ঝুঁকি’, ‘কেহোঁকলি’ আৰু ‘সুৰভি’। বেজবৰুৱাই তেওঁৰ গল্পসমূহৰ মাজেদি সেই সময়ৰ অসমীয়া সমাজৰ অৱক্ষয়ৰ সকলো দিশ হাস্য আৰু ব্যঙ্গাত্মক ৰূপত প্রতিভাত কৰি তুলিছে। উদাহৰণ স্বৰূপে ‘মিলাৰামৰ আত্ম জীৱনী’, ‘পাতমুগী’ আদি উল্লেখ কৰিব পাৰি। অসমীয়া সমাজৰ অন্ধ বিশ্বাস, বিদ্যাভিমানী, পুরুষ প্রধান সমাজত নাৰীৰ স্থান, ধর্মীয় গোড়ামী, নেতৃত্বত ভণ্ডামী আদিক লৈ তেওঁ ৰসাল ব্যঙ্গ গল্প ৰচনাত সিদ্ধহস্ত আছিল।
আঙ্গিক আৰু চৰিত্রাংকনত বেজবৰুৱাৰ গল্পসমূহ পূর্ণাঙ্গ বুলি ক’ব নোৱাৰি। কিয়নো তেওঁৰ গল্পত সাধু কথাৰ ছাপো পৰিছে। ইয়াৰ কাৰণ তেওঁ গল্প ৰচনাত হাত দিয়াৰ আগতে মুখে মুখে চলি অহা কিছুমান অসমীয়া পৰম্পৰাগত সাধু কথাৰ সংগ্ৰহ আৰু সংকলন কৰিছিল। উদাৰহণস্বৰূপে ‘বুঢ়া আইৰ সাধু’, ‘কাকদেউতা আৰু নাতি ল’ৰা’, ‘জুনুকা’ আদি। সম্ভৱত তেওঁ এইবোৰৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাছিল। তৰোপৰি তেওঁ আছিল অসমীয়া ভাষাত প্রথম চুটিগল্প বচয়িতা। সেয়ে লক্ষ্মীনাথ বেজবৰুৱা গল্পসমূহ পুৰণি সাধুকথা আৰু আধুনিক চুটিগল্পৰ সংযোজক সেতুৰ দৰে। যিয়েই নহওঁক অসমীয়া গল্প সাহিত্যৰ জনক হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এক সুকীয়া স্থান আছে।
২। ১৮৮৯-১৯৪০- এই সময়ছোৱাৰ যিকোনো এগৰাকী গল্পকাৰৰ বিষয়ে এটি নাতিদীর্ঘ টোকা যুগুত কৰা। H. S. ’20
উত্তৰ: ১৮৮৯ চনৰ পৰা ১৯৪০ চন অর্থাৎ চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত শুভাৰম্ভ হোৱা ‘জোনাকী’ কাকতৰ সময়ছোৱাত অসমীয়া ভাষাত কেইজনমান লিখকে চুটিগল্প ৰচনা কৰি আধুনিক অসমীয়া চুটিগল্পৰ ভেটি স্থাপন কৰে। সেইসকল অসমীয়া চুটিগল্পকাৰসকলৰ ভিতৰত লক্ষ্মীনাথ ফুকন আছিল অন্যতম। তেওঁ ‘জোনাকী’ কাকতত গল্প লিখা আৰম্ভ কৰি তিনিখন গল্প সংকলন প্রকাশ কৰিছিল। তেওঁৰ গল্প পুথিসমূহ হ’ল ‘মালা’, ‘ওফাইদাং’ আৰু ‘মৰমৰ মাধুৰী’।
লক্ষ্মীনাথ ফুলনৰ গল্পসমূহত অসমীয়া সমাজৰ ফোপোলা স্বভাৱটো উদং হৈ ধৰা দিছে। অসমীয়া সমাজৰ দোষ আৰু কেৰোণসমূহ ব্যঙ্গাত্মক ৰূপত ফুটাই তেওঁ আছিল সিদ্ধহস্ত। তেওঁৰ ‘বিহু সম্মিলন’, ‘ওফাইদাং’, নতুন সুৰ’, ‘মৰমৰ মাধুৰী’ আদি গল্পসমুহ অসমীয়া সমাজৰ দুৰ্ব্বল দিশবোৰ সফল প্রতিফলন। লক্ষ্মীনাথ ফুকনৰ প্রকাশভংগী সৰল, উপস্থাপন বর্ণনাত্মক, কাহিনী স্পষ্ট, চৰিত্রাংকন প্রায়ে আর্হিমূলক।
৩। ‘মিৰি জীয়ৰী’ সোৱণশিৰি বালিৰ পৰা বুটলি অনা এচপৰা কেঁচা সোণ।’ এই উক্তিৰ আধাৰত ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ উপন্যাসখনৰ বিষয়ে এটি পৰিচয়মূলক আলোচনা আগবঢ়োৱা।H. S. ’20
উত্তৰ: ‘মিৰি জীয়ৰী’ হৈছে অসমীয়া উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ একমাত্র সামাজিক উপন্যাস। উপন্যাসখন মিৰি জনজাতিৰ ওপৰত ৰচিত। এইখন উপন্যাসত মিৰি গাভৰু পানৈ আৰু জংকি নামৰ এজন মিৰি ডেকাৰ কৰুণ প্ৰেমৰ কাহিনী বর্ণিত হৈছে।
পানে আৰু জংকি একেখন অঞ্চলতে বাস কৰে। শৈশৱৰ পৰা দুয়ো চিনাকী আৰু এই চিনাকীৰ পৰা দুয়োৰে মাজত প্রেম হয়। পানৈৰ দেউতাকে তাইক গামাৰ পুতেক কুমুদলৈ বিয়া দিবলৈ ঠিক কৰে আৰু কুমুদেও মিৰি সমাজৰ নিয়ম অনুযায়ী পানৈহঁতৰ ঘৰত জোঁৱাই খাটিবলৈ সিদ্ধান্ত লয়। এই কথা পানৈ আৰু জংকিয়ে গম পাই দুয়ো এদিন ৰাতি ঘৰৰ পৰা পলাই গৈ সোৱণশিৰিৰ পাৰৰ হাবিত লুকাই থাকে। ডালিমী নামৰ এগৰাকী মিৰি গাভৰুয়ে সিহঁতক পলাই থকাত সহায় কৰে। কিন্তু এদিন সিহঁত ধৰা পৰাত কাছাৰীত বিচাৰ হয় আৰু বিচাৰত পানৈৰ দেউতাকে পানৈক নিজ ঘৰলৈ লৈ আহে। কিছুদিন পিছত পানৈ অকলে ঘৰৰ পৰা পলায়ন কৰে। পানৈ ঘৰৰ পৰা পলোৱা খবৰ পাই জঙ্কিয়ে পানৈৰ পিতৃ-মাতৃক লগ ধৰি এইবাৰ যে পানৈ অকলে গৈছে সেয়া জানিব দিয়ে আৰু তাই আত্মঘাতী হ’ব পাৰে বুলি সন্দেহ কৰিলে। তেওঁৰ কথা শুনি পানৈৰ পিতৃ-মাতৃয়ে পানৈক জংকিলৈ বিয়া দিয়াৰ বাবে সৈমান হয়।
জংকিয়ে পানৈক বিচাৰি যায় যদিও তেওঁ গাছি মিৰিৰ হাতত বন্দী হয়। আনহাতে পানৈয়ো সিহঁতৰ হাতত বন্দী হয়। তাতে পানৈ আৰু জংকিৰ দেখা-দেখি হয়। এদিন নিশা দুয়ো পলাবৰ চেষ্টা কৰি দুয়ো ধৰা পৰে। বাৰে গামাৰ মেলত দুয়োটাৰে বিচাৰ হয়। বিচাৰত বিচাৰত মৃত্যুদণ্ডৰ ৰায় হয়। সিহঁত দুটাক পিঠিয়া-পিঠিকৈ বান্ধি শাল মাৰি সোৱণশিৰি নৈত উটুৱাই দিয়ে। সিহঁতৰ নিষ্প্রাণ দেহ দুটি ভাঁহি ভাঁহি সোৱণশিৰিৰ ঘাটত লাগিল। সামাজিক বাধাৰ বাবেই সিহঁতৰ প্ৰেমৰ কৰুণ পৰিণত হ’ল।
এইদৰে ঔপন্যাসিক ৰজনীকান্ত বৰদলৈয়ে ‘মিৰি জীয়ৰী’ উপন্যাসত মিৰি জংকি-পানৈৰ কৰুণ প্রেম কাহিনীৰ সজীব চিত্র দাঙি ধৰিছে।
উপন্যাসখনত প্ৰেমৰ কাহিনীৰ লগে লগে মিৰি সমাজৰ ৰীতি-নীতি, পৰম্পৰা, সংস্কৃতি আদিও বৰদেলৈদেবে সুন্দৰকৈ ফুটাই তুলিছে।
উপন্যাসখন বর্ণনা বহুল। ইয়াৰ প্ৰধান চৰিত্ৰ দুটা- জংকি আৰু পানৈ। সিহঁত মিৰি ডেকা-গাভৰুৰ প্রতিনিধি স্বৰূপ। সৰহভাগ চৰিত্ৰই আৰ্হিমূলক যদিও কিছুমান চৰিত্ৰত স্বতন্ত্রতা বৈশিষ্ট্যও লক্ষ্যণীয়, যেনে ডালিমী নামৰ চৰিত্ৰটো। সমাজে জংকি-পানৈৰ প্ৰেমক সহাঁৰি নিদিলেও ডালিমীয়ে সিহঁতৰ প্ৰেমৰ প্ৰতি শ্রদ্ধা দেখুৱাই দুয়োকো সহায় কৰিছে। উপন্যাসখনৰ কাহিনী বিন্যাস আটিল নহয় যদিও চৰিত্রাংকনত লিখক সফল হৈছে।
ৰচনা শৈলীৰ পিনৰ পৰা উপন্যাসখনৰ কিছু দুৰ্ব্বলতা থাকিলেও অসমীয়া সামাজিক উপন্যাস সাহিত্যৰ পৰম্পৰা সৃষ্টিত ইয়াৰ বিশেষ মূল্য আছে। অসমীয়া উপন্যাস সাহিত্যৰ আদৰ থাকে মানে ‘মিৰি জীয়ৰী’ উপন্যাসখন জীয়াই থাকিব।
(খ) লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাসৰ বিষয়ে এটি টোকা যুগুত কৰা। H. S. ’20
উত্তৰ: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র উপন্যাসটি হ’ল ‘পদম কুঁৱৰী’। এইখন এখন ৰাজনৈতিক উপন্যাস। ই বুৰঞ্জীখ্যাত হৰদত্ত-বীৰদত্তৰ নামৰ দুজন ভাই-ককাইৰ দ্বাৰা সংঘটিত হোৱা দন্দোৱা দ্ৰোহৰ পটভূমিত ৰচিত। আহোম ৰাজত্বৰ শেষৰ পিনে আহোম ৰজাসকল অত্যাচাৰী হৈ উঠিছিল। সিহঁতে কামৰূপত প্রজাসাধাৰণৰ ওপৰত অত্যাচাৰ চলাইছিল আৰু এই অত্যাচাৰৰ প্ৰতিবাদ হিচাপে হৰদত্ত আৰু বীৰদত্তই আহোম শাসনৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল। ঔপন্যাসিক বেজবৰুৱাই এই ঐতিহাসিক বিদ্ৰোহৰ ঘটনাৰ লগত এক কাল্পনিক প্ৰেমৰ কাহিনীৰ সংযোজন কৰিছে উপন্যাসখন ৰচনা কৰিছে।
প্রেম কাহিনীৰ নায়কজনৰ নাম সূৰ্যকুমাৰ আৰু নায়িকাজনীৰ নাম পদুমী। তাই বিদ্রোহী হৰদত্তৰ জীয়ৰী। পদুমী অতি ৰূপহী। সূর্যকুমাৰে তাইৰ ৰূপত মোহিত হৈ তাইৰ প্ৰেমত পৰে। পদুমীয়েও সহাঁৰি দিয়ে। সময় আগবাঢ়ি যোৱাৰ লগে লগে সিহঁতৰ প্ৰেমো আগবাঢ়ি থাকিল। কিন্তু সামাজিক বাধা, ৰাজনৈতিক বিশৃঙ্খলতাৰ বাবে সিহঁতৰ প্রেমে পৰিপূৰ্ণতা লাভ কৰিব নোৱাৰিলে। প্রেমিক-প্রেমিকাহালে অবশেষত আত্মহত্যা কৰে। দুজন ডেকা-ডেকেৰীৰ প্ৰেমে অকালতে কৰুণ পৰিণতি লাভ কৰিলে।
উপন্যাসখনৰ প্ৰেমৰ কাহিনীভাগ উপভোগ্য যদিও উপন্যাস হিচাপে ই দুর্ব্বল। বর্ণনাত ই বিক্ষিপ্ত, চৰিত্রাংকনত অপূর্ণ আৰু কাহিনী বিন্যাসত ঢিলা। উপন্যাসখন আংগিকৰ দিশত কিছু দুর্বলতা থাকিলেও অসমীয়া উপন্যাস সাহিত্যৰ বিকাশৰ ইতিহাসত বেজবৰুৱাদেৱৰ ‘পদুম কুঁৱৰী’ উপন্যাসখনৰ এক স্থান আছে।
৩। তলত উল্লেখ কৰা গল্পকাৰসকলৰ গল্প সাহিত্যৰ পৰিচয় দাঙি ধৰা।
হোমেন বৰগোহাঞি, লক্ষ্মীনাথ ফুকন, যোগেশ দাস, ভবেন্দ্রনাথ শইকীয়া, সৌৰভ কুমাৰ চলিহা, লক্ষ্মীধৰ শর্মা, শীলভদ্র
উত্তৰ: হোমেন বৰগোহাঞি দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আত্ম প্রকশ কৰা হোমেন বৰগোহাঞি এজন বহুমুখী প্রতিভাধৰ অসমীয়া সাহিত্যক। তেওঁ একেধাৰে কবি, গল্পকাৰ, ঔপন্যাসকি, প্ৰৱন্ধকাৰ আৰু সাংবাদিক।
হোমেন বৰগোহাঞিয়ে ৰচনা কৰা গল্পৰ পুথিসমূহ হৈছে: ‘বিভিন্ন ক’ৰাচ, প্রেম আৰু মৃত্যুৰ কাৰণে, বিভিন্ন নৰক, স্বপ্ন-স্মৃতি বিষাদ’ আদি। বৰগোহাঞিদেৱে সমাজৰ অন্ধকাৰ দিশটো তেওঁৰ গল্পসমূহৰ যোগেদি পোৰহলৈ আনিছে। মানৱতাৰ অপমান, দুৰ্বলীৰ ওপৰত বলীৰ শোষণ আৰু অত্যাচাৰ, সহজ, সৰল আৰু হোজা গাৱঁলীয়া লোকৰ দুখ-কষ্ট আদি দিশ তেওঁৰ গল্পত মূর্ত হৈ উঠিছে। তেওঁৰ কিছুমান গল্পত প্ৰজন্মৰ ব্যৱধান অতি কৰুণ আৰু মর্মস্পর্শী ৰূপত ফুটাই তুলিছে।
বৰগোহাঞিৰ ভাষা, শব্দ চয়ন, কাহিনী বিন্যাস, চৰিত্রাংকন আদিত এক স্বকীয় ৰূপ প্রকাশ পাইছে। অসমীয়া গল্প সাহিত্যৰ পৰম্পৰাত তেওঁৰ অৱদান স্মৰণযোগ্য।
লক্ষ্মীনাথ ফুকন: ১৮৮৯ চনৰ পৰা ১৯৪০ চন অর্থাৎ চন্দ্র কুমাৰ আগৰৱালাৰ সম্পাদনাত শুভাৰম্ভ হোৱা ‘জোনাকী’ কাকতৰ সময়ছোৱাত অসমীয়া ভাষাত কেইজনমান লিখকে চুটিগল্প ৰচনা কৰি আধুনিক অসমীয়া চুটিগল্পৰ ভেটি স্থাপন কৰে। সেইসকল অসমীয়া চুটিগল্পকাৰসকলৰ ভিতৰত লক্ষ্মীনাথ ফুকন আছিল অন্যতম। তেওঁ ‘জোনাকী’ কাকতত গল্প লিখা আৰম্ভ কৰি তিনিখন গল্প সংকলন প্রকাশ কৰিছিল। তেওঁৰ গল্প পুথিসমূহ হ’ল ‘মালা’, ‘ওফাইদাং’ আৰু ‘মৰমৰ মাধুৰী’।
লক্ষ্মীনাথ ফুলনৰ গল্পসমূহত অসমীয়া সমাজৰ ফোপোলা স্বভাৱটো উদং হৈ ধৰা দিছে। অসমীয়া সমাজৰ দোষ আৰু কেৰোণসমূহ ব্যঙ্গাত্মক ৰূপত ফুটাই তেওঁ আছিল সিদ্ধহস্ত। তেওঁৰ ‘বিহু সম্মিলন’, ‘ওফাইদাং’, নতুন সুৰ’, ‘মৰমৰ মাধুৰী’ আদি গল্পসমূহ অসমীয়া সমাজৰ দুর্ব্বল দিশবোৰ সফল প্রতিফলন। লক্ষ্মীনাথ ফুকনৰ প্রকাশভংগী সৰল, উপস্থাপন বর্ণনাত্মক, কাহিনী স্পষ্ট, চৰিত্রাংকন প্রায়ে আর্হিমূলক।
(খ) যোগেশ দাস: ‘ৰামধেনু’ যুগৰ শ্রেষ্ঠ গল্পকাৰ সকলৰ ভিতৰত যোগেশ দাস অন্যতম। তেওঁ ৰচনা
কৰা গল্প পুথিসমূহ হৈছে: ‘পপীয়া তৰা, আন্ধাৰৰ আঁৰে আঁৰে, সঁহাৰি পাই, মদাৰৰ বেদনা, পৃথিৱীৰ অসুখ’ আদি। তেওঁৰ গল্পসমূহত সমাজৰ দুৰ্বল আৰু অৱহেলিত লোকসকলৰ প্রতি সহানুভূতিশীল চিত্র আছে। তেওঁৰ গল্প সমূহৰ ভিতৰত ‘কলপটুৱাৰ মৃত্যু’ গল্পটোক শ্রেষ্ঠ গল্প বুলি কোৱা হয়। গল্পটিত গাঁৱলীয়া জীৱনৰ দুখ-যন্ত্রণা আৰু সংঘাতৰ ছবি চিত্রিত হৈছে।
যোগেশ দাসৰ ভাষা সবল, কাহিনী হোজা, চৰিত্রাংকন আর্হিমূলক আৰু সহানুভূতিসূচক আৰু কাহিনী বিন্যাস প্রায়ে শিথিল।
(গ) ভবেন্দ্রনাথ শইকীয়া: অসমীয়া গল্প সাহিত্যত বলিষ্ঠ আৰু দৃষ্টিভংগীৰ দিশত অভিনবত্ব আনয়ন কৰা এজন স্বনামধন্য গল্পকাৰ হৈছে ভবেন্দ্রনাথ শইকীয়া। তেওঁৰ প্রকাশিত গল্প সংকলনসমূহ হৈছে: ‘প্ৰহৰী, গহ্বৰ, সেন্দুৰ, শৃঙ্খলা, তৰঙ্গ’ আদি। তেওঁ গল্পৰ সহৰভাগ চৰিত্ৰই নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰা বুটলি লৈছে। এই শ্ৰেণীৰ দুখ-দুর্দশা, সামাজিক সংঘাত, শোষণ, অত্যাচাৰ আদি প্রতিটো দিশ তেওঁৰ গল্পত ভাস্বৰ হৈ উঠিছে। তেওঁ চৰিত্রাংকনত পটু। তেওঁৰ গল্পৰ নায়কে নিজকে অৱলীলা ক্রমে প্রকাশ কৰিছে। তেওঁৰ অসংখ্য গল্পসমূহৰ মাজত ‘বৃন্দাবন’, ‘আবর্জনা’ আৰু ‘গংগাস্নান’ আদি গল্পবোৰ শ্রেষ্ঠ। তেওঁৰ ভাষা সৰল আৰু পোনাপুনি আৰু কাহিনী বর্ণনাবহুল। তেওঁৰ সংলাপ ভাৱবাহী আৰু যথাযথ। অসমীয়া গল্প সাহিত্যলৈ তেওঁৰ স্থান নিশ্চয় তেওঁৰ সমসাময়িক মামনি ৰয়চম গোস্বামীৰ সমপর্যায়ৰ।
(ঘ) সৌৰভ কুমাৰ চলিহা: অসমীয়া গল্প সাহিত্যাকাশত ভোটাতৰা সদৃশ এজন গল্পকাৰ হৈছে সৌৰভকুমাৰ চলিহা। তেওঁ এক অভিনব দৃষ্টিভংগীৰে অসমীয়া গল্প সাহিত্যত আবির্ভাব হৈছে। তেওঁৰ গল্পসংকলনসমূহ হৈছে: ‘অশান্ত ইলেকট্রন, দুপৰীয়া, এহাত দাবা, গোলাম’ আদি।
সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ কষ্ট, যন্ত্রণা, হাহাকাৰ আদি তেওঁৰ গল্পসমূহৰ প্রতিপাদ্য বিষয়। তেওঁ বিদেশী চৰিত্ৰ আৰু পৰিৱেশো তেওঁৰ কেইখনমান গল্পত ৰূপায়িত কৰিছে। গল্পসমূহৰ কাহিনী উপস্থাপনত তেওঁৰ বুদ্ধিনিষ্ঠ একাগ্রতা, ভাষাৰ সাৱলীলতা, চৰিত্ৰৰ সুক্ষ্ম বিশ্লেষণ আৰু সংলাপৰ মননশীলতা লক্ষণীয় বিষয়। তেওঁ কিছুমান গল্পত বৈজ্ঞানিক ভাষা আৰু সংকেতো ব্যৱহাৰ কৰিছে।
(ঙ) লক্ষ্মীধৰ শৰ্মা: অসমীয়া গল্প সাহিত্যৰ ইতিহাসত এক সুকীয়া আসন লাভ কৰিবলৈ সমৰ্থ হোৱা এজন আগশাৰীৰ গল্পকাৰ হৈছে লক্ষ্মীধৰ শৰ্মা। ‘বাঁহী’, ‘বন্তি’, ‘চেতনা’, আৰু ‘আৱাহন’ আলোচনীৰ পাতত আত্ম প্রকাশ কৰা গল্পকাৰ লক্ষ্মীধৰ শৰ্মাৰ গল্পবোৰ ‘ব্যৰ্থতাৰ দান’ নামৰ গল্প সংকলনখনত সন্নিবিষ্ট হৈছে। তেওঁৰ কিছুমান গল্প এতিয়াও আলোচনীৰ পাততে সিঁচৰতি হৈ আছে। তেওঁৰ গল্পৰ এক বলিষ্ঠ সুৰ হৈছে মানৱাতাবাদৰ সুৰ। মানৱ প্ৰমূল্যক সমাজত প্রতিষ্ঠা কৰাৰ ঐকান্তিক প্রচেষ্ঠা তেওঁৰ গল্পত পোৱা যায়। চিৰাজ, বিদ্রোহিনী, পৰাজয, ব্যর্থতাৰ দান’ আদি তেওঁৰ প্রতিনিধিত্বশীল গল্প। এই গল্পসমূহৰ ভিতৰত ‘চিৰাজ’ নামৰ গল্পটি তেওঁৰ সর্বশ্রেষ্ঠ গল্প বুলি ক’ব পাৰি। গল্পটিত তেওঁ সাম্প্রদায়িক সংঘাত আৰু সম্প্রতি, প্ৰেমৰ সহজাত অভিব্যক্তি, অসম প্ৰেমৰ কৰুণ পৰিণতি মর্মস্পর্শী ৰূপত চিত্ৰিত কৰিছে। লক্ষ্মীধৰ শৰ্মাই ৰচিত গল্পৰ সংখ্যা কম যদিও তেওঁৰ গল্পত এক স্বকীয়তা আছে যিয়ে সমসাময়িক আন আন গল্পকাৰৰ পৰা তেওঁক পৃথক কৰিছে।
(ক) শীলভদ্র: অসমীয়া গল্প সাহিত্যৰ ইতিহাসত শীলভদ্র এটি উজ্জ্বল তাৰকা সদৃশ গল্পকাৰ। তেওঁ বিংশ শতিকাৰ সপ্তম দহকৰ পৰা বিভিন্ন কাকতত গল্প লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ বহুতো গল্প ‘নবযুগ’ আলোচনীৰ পাতত প্রকাশ পায়। তেওঁৰ প্ৰথম গল্প সংকলনখনৰ নাম ‘বাস্তব’।
শীলভদ্রই তেওঁৰ গল্পসমূহত কঢ় বাস্তৱ আৰু অতীতৰ মৰ্মস্পর্শী ৰোমন্থন আছে। তেওঁ তেওঁৰ জন্মস্থান গোৱালপাৰা অঞ্চলৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা ‘মধুপুৰ বহু দূৰ’ গল্পটি আত্মজীবনীমূলক। গল্পটিত সেই অঞ্চলৰ অতীত মূর্ত হৈ উঠছে। তেওঁৰ গল্পত প্রেম, ঈর্ষা, শ্রেণী সংগ্রাম, শোষিতৰ চিত্ৰ, অর্থনৈতিক দৈন্যতাত ভোগা সমাজৰ দুৰ্বল শ্ৰেণীৰ ছবি তেওঁ আন্তৰিকতাৰ সৈতে ফুটাই তুলিছে। তেওঁৰ গল্পৰ ভাষাত গোৱালপৰীয়া অঞ্চলৰ জতুৱা ঠাচৰ প্রভাৱ আছে।
শৰৎচন্দ্ৰ গোস্বামী (H. S. ’19): অসমীয়া গল্প সাহিত্যৰ ইতিহাসত শৰৎচন্দ্ৰ এটি স্বনামধন্য নাম। অসমীয়া গল্প সাহিত্যতৰ বিকাশত তেওঁৰ অৱদান লেখতলবলগীয়া। অসমীয়া চুটিগল্প সাহিত্যৰ জনকস্বরূপ লক্ষ্মীনাথ বেজবৰুৱাৰ পিছে পিছেই শৰৎচন্দ্ৰ গোস্বামীয়ে গল্প ৰচনা হাত দিয়ে। তেওঁৰ গল্প সংকলনকেইটা হ’ল ‘গল্পাঞ্জলী’, মইনা’, বাজিকৰ আৰু মৰণোত্তৰভাৱে প্রকাশ পোৱা ‘পৰিদৰ্শন’।
শৰৎচন্দ্ৰ গোস্বামীৰ গল্পসমূহত অসমীয়া গ্রাম্য জীৱনৰ সৰলতা, দুখ-দুর্দশা ভোগা দুখীয়া লোকৰ প্রতি সহানুভূতি, ইতৰ প্ৰাণীৰ প্রতি আবেগ, সমাজৰ কালিমাৰ প্ৰতি কটাক্ষ দৃষ্টি আদি প্রকাশ পাইছে। তেওঁৰ প্রকাশভংগী সৰল। তেওঁৰ গল্পসমূহৰ উপস্থাপন স্বাভাৱিক আৰু বৰ্ণনামূলক। লক্ষ্মীনাথ বেজবৰুৱাই আৰম্ভকৰা আধুনিক অসমীয়া গল্প সাহিত্যৰ পৰম্পৰা বিকাশত তেওঁৰ অৱদান প্রশংসনীয়। লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পত থকাৰ দৰে তেওঁৰ গল্পত সাধু কথাৰ আঁচোৰ পৰিলক্ষিত নহয়।
ৰমা দাসঃ বমা দাস ‘আৱাহন’ যুগৰ এজন অসময়ী গল্পকাৰ। তেওঁৰ প্ৰকাশিত গল্প সংকলন তিনিখন– ‘জাহ্নবী’, ‘বর্ষা যেতিয়া নামে’ আৰু ‘বমা দাসৰ শ্ৰেষ্ঠ গল্প’। ৰমা দাসৰ গল্পসমূহৰ সৰহভাগেই ৰোমান্টিক গল্প। তেওঁৰ গল্পসমূহত ডেকা-গাভৰুৰ প্ৰেম, সামাজিক কেৰোণ, দুখীয়াৰ কাৰুণ্য আদি কল্পনাৰ বহনেবে মূর্ত হৈ উঠিছে। তেওঁৰ গল্পত ভাৱৰ গভীৰতাৰ অভাৱ দেখা যায়। তেওঁৰ ভাষা গতিশীল আৰু সংযমহীন। ‘আচল টকা’ ৰমা দাসৰ এক প্রতিনিধিত্বমূলক গল্প বুলি ক’ব পাৰি। তেওঁৰ গল্পত চৰিত্ৰৰ বৰ্ণনা আছে যদিও চৰিত্রাংকনত বৈচিত্ৰতাৰ অভাৱ লক্ষণীয়। মুঠতে তেওঁৰ গল্পসমূহ উপভোগযোগ্য যদিও তেওঁৰ গল্পসমূহত কোনো গভীৰ তত্ত্ব বা দর্শন প্রকাশ প্রচেষ্টা নাই।
১৮। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:
(অ) দণ্ডিনাথ কলিতা মুখ্যতঃ ঔপন্যাসিক নে গল্পকাৰ? H. S. ’15
উত্তৰ: ঔপন্যাসিক।
(আ) দৈবচন্দ্র তালুকদাৰে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা। H. S. ’15
উত্তৰ: অপূর্ণ।
(ই) ‘অপূর্ণ’ চুটিগল্প নে উপন্যাসৰ পুথি? H. S. ’16
উত্তৰ: উপন্যাস।
(ঈ) ‘বাজীকৰ’ নামৰ গল্পপুথিখনৰ ৰচক কোন? H. S. ’15, ’18
উত্তৰ: শৰৎ চন্দ্ৰ গোস্বামী
(উ) ‘দন্দুবা দ্রোহ’ উপন্যাসৰ ৰচক কোন? H. S. ’16
উত্তৰ : ৰজনীকান্ত বৰদলৈ।
(উ) অসমীয়া সাহিত্যত প্রথম উপন্যাস কোনে ৰচনা কৰে? H. S. ’17
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱা।
(ঋ) শৰৎচন্দ্ৰ গোস্বামীৰ এখন গল্প-পুথিৰ নাম লিখা। H. S. ’16,’17
উত্তৰ: ‘বাজীকৰ’।
(এ) পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা। H. S. ’18
উত্তৰ: ‘লাহৰী’।
(ঐ) ত্রৈলোক্যনাথ গোস্বামীৰ এখন গল্প পুথিৰ নাম লিখা। H. S. ’18
উত্তৰ: ‘মৰীচিকা’।
(ও) জোনাকী কাকতৰ প্ৰথম প্ৰকাশ কিমান চনত হৈছিল?
উত্তৰ: ১৮৮৯ চনত।
(ঔ) ‘ভানুমতী’ উপন্যাসৰ ৰচক কোন?
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱা।
(ক) কাক অসমীয়া চুটিগল্পৰ জনক আখ্যা দিয়া হয়?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাক।
(খ) ‘বাজীকৰ’ গল্প পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ: শৰৎচন্দ্ৰ গোস্বামী।
(গ) ‘লাহৰী’ উপন্যাসখনৰ ৰচক কোন? H. S. ’15
উত্তৰ: পদ্মনাথ গোহাঞি বৰুৱাৰ।
(ঘ) হোমেন বৰগোহাঞিয়ে ৰচনা কৰা এখন গল্প পুথিৰ নাম লিখা।
উত্তৰ: বিভিন্ন কোৰাচ।
(ঙ) ‘ব্যর্থতাৰ দান’ কাৰ ৰচনা?
উত্তৰ: লক্ষ্মীধৰ শৰ্মাৰ।
(চ) অ. ভা. উ. সা. সভা কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৯৮৮ চনত।
(ছ) ‘পদুম কুঁৱৰী’ৰ ৰচক কোন? H. S. ’16
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱা।
(জ) ‘সাতসৰী’ গল্প পুথিৰ লেখক কোন?
উত্তৰ: ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
(ঝ) ‘অপূর্ণ’ কোন শ্ৰেণীৰ ৰচনা?
উত্তৰ: দৈৱচন্দ্ৰ তালুকদাৰৰ এখন ৰাজনৈতিক উপন্যাস।
(ঞ) জোনাকী’ কাকতৰ প্ৰথম সম্পাদক কোন আছিল? H. S. ’19
উত্তৰ: চন্দ্ৰ কুমাৰ আগৰৱালা।
(ট) ‘ৰহদৈ লিগিৰী’ উপন্যাসখনৰ ৰচক কোন? H. S. ’19
উত্তৰ: ৰজনীকান্ত বৰদলৈ।
(ঠ) বেজবৰুৱাৰ একমাত্র উপন্যাসখনৰ নাম কি? H. S. ’19
উত্তৰ: পদুম কুঁৱৰী
(ড) ‘মনোমতী’ কাৰ ৰচনা?
উত্তৰ: ৰজনীকান্ত বৰদলৈৰ।
(ণ) ফুল আৰু সাধনা’ উপন্যাসন নে চুটিগল্প? H. S. ’20
উত্তৰ: ‘ফুল আৰু সাধনা’ এটি উপন্যাস।
(ত) ‘কেঁহোকলি’ গল্পৰ সংলনটিৰ ৰচক কোন? H. S. ’20
উত্তৰ: কেঁহোকলি’ গল্প সংকলনটিৰ ৰচক হ’ল লক্ষ্মীনাথ বেজবৰুৱা।
(থ) শৰৎচন্দ্ৰ গোস্বামীৰ এখন গল্প পুথিৰ নাম লিখা। H. S. ’20
উত্তৰ: ‘গল্পাঞ্জলী’।
(ন) ‘সাধনা’ গ্ৰন্থৰ ৰচক কোন?
উত্তৰ: দণ্ডিনাথ কলিতা।
(প) ‘আৱাহন’ কাকত প্রথম প্রকাশ কিমান চনত হৈছিল?
উত্তৰ: ১৯২৯ চনত।
(ফ) ‘নির্মল ভকত’ উপন্যাসখন কোনে লিখিছিল? H. S. ’17
উত্তৰ: ৰজনীকান্ত বৰদলৈ।
(ব) ‘অপূর্ণ’ শীর্ষক উপন্যাসখনৰ ৰচক কোন? H. S. ’17, 18
উত্তৰ: দৈব চন্দ্ৰ তালুকদাৰ।