Class 11 Education Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক ভাৰত বৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা Class 11 Education Chapter 7 Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
ভাৰত বৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা Class 11 Education Chapter 7 Solutions
👉 Read Also:
- শিক্ষাৰ ধাৰণা আৰু লক্ষ্য প্রশ্ন উত্তৰ
- মানৱৰ বিকাশৰ স্তৰ প্রশ্ন উত্তৰ
- বিদ্যালয় আৰু ইয়াৰ সংগঠন প্রশ্ন উত্তৰ
- মনোবিজ্ঞান আৰু শিক্ষা প্রশ্ন উত্তৰ
ভাৰত বৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা
সপ্তম অধ্যায়
অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ১)
১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া:
(ক) ‘নিম্ন পৰিশ্ৰাৱণৰ নীতি’ কোনে আগবঢ়াইছিল?
উত্তৰঃ মেকলে।
(খ) হান্টাৰ আয়োগ কিমান চনত গঠন হৈছিল?
উত্তৰঃ ১৮৮২ চনত।
(গ) ভাৰতবৰ্ষত বিজ্ঞান আৰু সাহিত্যৰ বিকাশৰ বাবে ১৮১৩ চনত চাৰ্টাৰ আইনত কিমান টকা ধাৰ্য কৰা হৈছিল?
উত্তৰঃ ১ লাখ টকা।
(ঘ) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে ইম্পেৰিয়েল লেজিছলেটিভ কাউন্সিলত প্রথমে কোনে বিল উত্থাপন কৰিছিল?
উত্তৰঃ গোপাল কৃষ্ণ গোখলে।
২। খালী ঠাই পূৰণ কৰাঃ
(ক) ‘অসম প্রাথমিক শিক্ষা আইন’খন —— চনত গৃহীত হৈছিল।
উত্তৰঃ ১৯২৬ চনত।
(খ) বাধা সম্মিলনৰ সভাপতি আছিল ——।
উত্তৰঃ ড° জাকিৰ হুছেইন।
(গ) মনিটৰিয়েল প্রথাক —– বুলি কোৱা হয়।
উত্তৰঃ বেল প্রথা।
(ঘ) ১৮৫৪ চনৰ উডৰ ঘোষণাপত্ৰক ভাৰতীয় শিক্ষাৰ —– বোলা হৈছিল।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২।৩)
১। ভাৰতীয় সংবিধানৰ ২৮২ নং অনুচ্ছেদত কোরা কথাষাৰ উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ ২৮২ নং অনুচ্ছেদত কোৱা হৈছে যে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ৰাজহুৱা স্বাৰ্থৰ খাতিৰত জনহিতকৰ অনুষ্ঠানসমূহলৈ আর্থিক সাহার্য আগবঢ়াব পাৰিব।
২। অধিকাৰ হিচাপে শিক্ষা বুলিলে কি বুজা?
উত্তৰঃ ভাৰতীয় সংবিধানত শিক্ষাক এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছে। শিক্ষাক সাৰ্বজীনন কৰিবলৈ সংবিধানৰ ৪৫ নং অনুচ্ছেদত প্রাথমিক শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই উদ্দেশ্য পূৰণৰ বাবে চৰকাৰে সর্বশিক্ষা আঁচনিখন হাতত লয়। এনেদৰে নাগৰিকৰ অধিকাৰ হিচাপে সৰ্বসাধাৰণৰ মাজত শিক্ষা বিস্তাৰৰ বাবে প্রচেষ্টা লোৱা হৈছে।
মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক-৪)
১। তলত দিয়াবোৰৰ ওপৰত চমু টোকা লিখাঃ
(ক) টোল (খ) মোক্তাব (গ) মাদ্রাছা (ঘ) মনিটৰিয়েল প্রথা (ঙ) শ্রীৰামপুৰ ত্রয়ী (চ) সর্বশিক্ষা অভিযান (ছ) পূর্ণ সাক্ষৰতা অভিযান।
উত্তৰঃ (ক) টোলঃ টোল আছিল ভাৰতত এক পৰম্পৰাগত শিক্ষা পদ্ধতি। ইংৰাজসকলে ভাৰতবৰ্ষত আধুনিক শিক্ষা প্ৰৱৰ্তনকৰাৰ আগলৈকে বর্তি থকা টোলবোৰ সংস্কৃত ভাষা, সাহিত্য, ধর্ম আদি অধ্যয়নৰ উদ্দেশ্যে গঢ় লৈ উঠিছিল। বেনাৰস, কাশী, উজ্জয়িনী, হৰিদ্বাৰ, প্রয়াগ আদি বিভিন্ন ঠাইত সংস্কৃত টোলৰ জৰিয়তে শিক্ষা প্রদান কৰা হৈছিল। টোলবোৰৰ নিজা গৃহ নাছিল। মন্দিৰ, গুৰুগৃহ, সম্ভ্রান্ত লোকৰ চ’ৰাঘৰ আদিক শিক্ষা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। সংস্কৃত ভাষা আৰু সাহিত্যত পাণ্ডিত্য অর্জন কৰা লোকক বা ব্রাহ্মণক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। টোলত কাব্য, ব্যাকৰণ, ন্যায়-মীমাংসা, পুৰাণ, বেদ, উপনিষদ আদি চৰ্চা কৰা হৈছিল। ৰজা, মহাৰজা, জমিদাৰ, আৰু ধনীক শ্ৰেণীৰ লোকসকলে টোলসমূলৈ আর্থিক সাহার্য প্রদান কৰিছিল। ছাত্ৰসকলে প্রায় ৮ বছৰকাল টোলসমূহত থাকি অধ্যয়ন কৰিব লাগিছিল।
(খ) মোক্তাব: মোক্তাব হ’ল মুছলমানসকলৰ ল’ৰা- ছোৱালীক শিক্ষা প্রদান কৰা এক অনুষ্ঠান। ‘মোক্তাব’ শব্দটোৰ আৰবী ‘কাতাব’ শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল ‘যিয়ে লিখে’। এতেকে ‘মোক্তাব’ মানে লিখা-পড়া শিকোৱা স্থান।
ভাৰতত ইংৰাজসকলে আধুনিক শিক্ষা প্ৰৱৰ্তন কৰাৰ আগলৈকে মোক্তাব মুছলমানসকলৰ জনপ্রিয় শিক্ষানুষ্ঠান আছিল। ইয়াত আৰবী কোৰাণ আৰু হাদিচ জনা মৌলবীয়ে বা মছজিদৰ মোল্লাই শিক্ষা প্রদান কৰিছিল। মোক্তাবত ইছলামীয় আদব-কায়দা, কোৰান আৰু হাদিচ পঢ়িবলৈ শিকোৱা হৈছিল। স্থানীয় মুছলমান শাসক, জমিদাৰ বা ধনী ব্যক্তিসকলে মোক্তাবলৈ আর্থিক সাহার্য প্রদান কৰিছিল। মোগল যুগত মোক্তাব এক জনপ্রিয় শিক্ষানুষ্ঠান হিচাপে গন্য হৈছিল।
(গ) মাদ্রাছা: মাদ্রাছা হ’ল মুছলমানসকলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান। মোক্তাবৰ শিক্ষা সাং কৰি ছাত্র-ছাত্রীসকলে মাদ্রাছাত নাম ভর্তি কৰিবলগা হৈছিল। মোগল যুগত মাদ্ৰাছাবোৰে বিশেষভাৱে চৰকাৰী ৰক্ষণাবেক্ষণ পাইছিল। এইবোৰত ইছলামীয় দর্শন শিকোৱাৰ উপৰিও সাহিত্য, বিজ্ঞান, ভূগোল, বুৰঞ্জী আদি শিকোৱা হৈছিল। ইংৰাজসকলে ভাৰতত আধুনিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পৰা মাদ্ৰাছাসমূহে আগৰ মৰ্যদা হেৰুৱায় আৰু ক্রমে ইয়াৰ অস্তিত্ব ধ্বংস হয়। কিন্তু আধুনিক যুগত ভাৰতৰ কোনো কোনো প্রদেশত চৰকাৰী পৃষ্ঠপোষকতাত আধুনিক মাদ্রাছা গঢ়ি উঠিছে। এইবোৰত ইছলামীয় শাস্ত্র, যেনে – কোৰান আৰু হাদিছ শিকোৱাৰ উপৰিও আধুনিক বিষয়বোৰো শিকোৱা হয়।
(ঘ) মনিটৰিয়েল প্রথাঃ ভাৰতবৰ্ষত ইংৰাজ ৰাজত্ব আৰম্ভ হোৱাৰ লগে লগে মিছনেৰীসকলেও খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে ভাৰতলৈ আহে। সিহঁতে ধৰ্ম প্ৰচাৰৰ লগে লগে শিক্ষা প্ৰচাৰৰ অভিযানো আৰম্ভ কৰে। মিছনেৰীসকলে ভাৰতবৰ্ষত শিক্ষা বিকাশৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ গ্রহণ কৰে। সেই পদক্ষেপসমূহৰ ভিতৰত এক পদক্ষেপ আছিল ‘মনিটৰিয়েল প্রথা। এই প্রথা মতে ওপৰ শ্ৰেণীৰ মেধাবী ছাত্রই তলৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্রীক পঢ়ুৱাব লাগিছিল। মনিটৰিয়েল প্রথা আৰম্ভ কৰাৰ প্ৰধান কাৰণ আছিল এই যে সময়ৰ লগে লগে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছিল। কিন্তু আর্থিক কাৰণত শিক্ষকৰ সংখ্যা বৃদ্ধি কৰিব পৰা নগৈছিল। সেয়ে শিক্ষকৰ অভাৱ পূৰণ কৰিবলৈ ওপৰ শ্ৰেণীৰ ছাত্ৰকতল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাৰ দায়িত্ব দিয়া হৈছিল। ভাৰতবৰ্ষত পোনতে মাদ্রাছাসমূহত এই প্রথা আৰম্ভ কৰা হৈছিল বাবে ইয়াক ‘মাদ্রাছা প্রথা’ বুলিও কোৱা হয়।
(জ) শ্ৰীৰামপুৰ ত্ৰয়ী: ইংৰাজসকলে ভাৰতত খোপনি পুতি বহাৰ লগে লগে ইংলণ্ড আৰু আমেৰিকাৰ মিছনেৰীসকলেও খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্য লৈ ভাৰতবৰ্ষলৈ আহে। ছিনেৰীসকলে ভাৰতবৰ্ষৰ বিভিন্ন প্রদেশলৈ গৈছিল। সেইসকলৰ ভিতৰত বংগদেশৰ তিনিগৰাকী মিছনেৰী – কেৰী, মার্চমেন আৰু বার্ড বিখ্যাত হৈ উঠিছিল। তেওঁলোকে বংগদেশৰ শ্ৰীৰামপুৰত কেন্দ্ৰ স্থাপন কৰি ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সাহিত্য সংস্কৃতিৰ লগতো জড়িত হৈ পৰিছিল। এই তিনিজন মিছনেৰীক একেলগে ‘শ্রীৰামপুৰ ত্ৰয়ী’ বুলি অভিহিত কৰা হয়।
(চ) সর্বশিক্ষা অভিযানঃ প্রাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ উদ্দেশ্যে চকাৰে গ্ৰহণ কৰা এক আঁচনি হ’ল সর্বশিক্ষা অভিযান।
গুণগত প্রাথমিক শিক্ষাৰ প্ৰতিক্রিয়া হিচাপে এই আঁচনিখনৰ উদ্ভৱ হৈছিল। শিক্ষাৰ মাধ্যমেৰে সামাজিক ন্যায় প্রতিষ্ঠা কৰাৰ লগতে সামাজিক উন্নয়নৰ প্ৰতি সৰ্বসাধাৰণক সচেতন কৰাও ইয়াৰ এক উদ্দেশ্য আছিল। সর্বশিক্ষা অভিযান হ’ল কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰক অংশীদাৰ হিচাপে লৈ চলোৱা এক সমূহীয়া প্রচেষ্টা। সর্বশিক্ষা অভিযানৰ মূল
উদ্দেশ্যসমূহ হ’ল:
(ক) ৰাজ্যসমূহৰ বিদ্যালয়সমূহৰ মানদণ্ড উন্নত কৰা।
(খ) বিদ্যালয় পর্যায়লৈকে শিক্ষাৰ ফলপ্রসূ বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা কৰা।
(গ) শিক্ষা অনুষ্ঠানসমূহ যে ৰাইজৰ তাক জনসাধাৰণক উপলব্ধি কৰোৱা।
(ঘ) শিক্ষাৰ ক্ষেত্ৰসমূহত ছোৱালীবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি মহিলা শিক্ষাৰ বিকাশত অৰিহনা তথা উৎসাহ দিয়া।
(ঙ) অক্ষম শিশুসকল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰা।
(চ) শিক্ষাৰ ক্ষেত্ৰসমূহত নির্দিষ্ট অঞ্চলৰ জনসাধাৰণক জড়িত কৰা।
(ছ) শিক্ষাৰ কাৰ্যসূচী শিথিলভাবে গ্রহণযোগ্য কৰি তোলা।
(ছ) পূৰ্ণ সাক্ষৰতা অভিযান: জাতীয় সাক্ষৰতা মিছনৰ লাভ কৰা অভিজ্ঞতাৰ পৰা ‘পূৰ্ণ সাক্ষৰতা অভিযান’ৰ উদ্ভব হয়। এই অভিযানৰ কাৰ্যপন্থা আছিল নিম্নরূপঃ
(ক) পূৰ্ণ সাক্ষৰতা অভিযানটো সার্বজনীন কৰিবলৈ বিজ্ঞাপন, প্রাচীৰ পত্ৰ আদিৰ ব্যৱস্থা কৰা।
(খ) এই অভিযানত সর্বাধিক সংখ্যক জন সম্প্ৰদায়ৰ লোকক অংশ গ্রহণ কৰোৱা।
(গ) জিলা খণ্ড আৰু গাওঁ এই সকলো পর্যায়তে কমিটি গঠন কৰা আৰু সেইবোৰক একোজন লোকৰ দায়িত্বত ৰখা।
(ঘ) শিক্ষা প্ৰদানৰ সমগ্ৰ ব্যৱস্থাটো সময় সাপেক্ষ বিধৰ কৰা। ইয়াৰ বাবে তিনিমাহ কাল প্ৰচাৰ কাৰ্য চলোৱা আৰু ছয . মাহকাল শিক্ষা প্ৰদানৰ বাবে ধাৰ্য কৰা।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৫। ৬)
১। বৌদ্ধ শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বৌদ্ধ শিক্ষাই মানর কল্যাণ নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। বৌদ্ধ মঠসমহেই শিক্ষাৰ প্ৰধান কেন্দ্রস্থান আছিল। এই শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল:
(ক) বৌদ্ধ শিক্ষার্থীসকলে বৌদ্ধ মঠত প্ৰৱেশ কৰিবৰ বাবে ‘পবজ্জা’ নামৰ ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব লাগিছিল।
(খ) বৌদ্ধমঠত গুৰু আৰু শ্ৰমণসকলৰ মাজত পিতা-পুত্ৰৰ সম্বন্ধ আছিল।
(গ) পালি ভাষাত শিক্ষা প্রদান কৰা হৈছিল।
(ঘ) শ্রমণসকলে প্রতিদিনে ভিক্ষাবৃত্তি পালন কৰিব লাহিগছিল।
(ঙ) কথোপকথন পদ্ধতিত শিক্ষাদান কৰা হৈছিল। পিছলৈ লিখাৰ ব্যৱস্থা প্ৰৱৰ্তন হৈছিল।
২। বৈদিক শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বৈদিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্য আছিল তলত উল্লেখ কৰা ধৰণৰ
(ক) ‘উপনয়ন’ নামৰ এক অনুষ্ঠানৰ জৰিয়তে শিক্ষার্থীয়ে বাৰ বছৰ বয়সত গুৰুকুলত নাম ভৰ্তি কৰিব লগা হৈছিল।
(খ) গুৰুকুলত বেদ, বেদাংগ, উপনিষদ, পুৰাণ, ইতিহাস, জ্যোতিষশাস্ত্র, চিকিৎসাবিদ্যা, আয়ুর্বিদ্যা, যুদ্ধ বিদ্যা আদি শিকোৱা হৈছিল।
(গ) শিক্ষাদান পদ্ধতি মৌখিক আছিল। অর্থাৎ গুৰুৱে মুখে মুখে বা কথোপকথনৰ জৰিয়তে শিক্ষা প্রদান কৰিছিল।
(গ) গুৰুকুলত গুৰু আৰু শিষ্যৰ মাজৰ সম্পৰ্ক পিতা আৰু পুত্ৰৰ দৰে আছিল।
(ঙ) সুচৰিত্ৰ আৰু ব্যক্তিত্ব গঠনৰ ওপৰত বিশেষ জোৰ দিয়া হৈছিল।
৩। মুছলমানসকলৰ শিক্ষাৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ মোক্তাব আৰু মাদ্ৰাছা আছিল মুছলমানসকলৰ প্রধান শিক্ষানুষ্ঠান। ইছলামীয় ৰাতি-নীতি শিক্ষাই আছিল এই শিক্ষাৰ প্ৰধান উদ্দেশ্য। ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ হ’ল:
(ক) মুছলমানসকলৰ শিক্ষাৰ মাধ্যম আছিল পার্টী ভাষা।
(খ) শিক্ষাপদ্ধতি মৌখিক আছিল যদিও কেতিয়াবা লিখিবলৈয়ো শিকোৱা হৈছিল।
(গ) এনে শিক্ষাৰ জৰিয়তে ইছলাম ধৰ্ম প্ৰচাৰ আৰু সম্প্ৰসাৰণ ঘটাবলৈ চেষ্টা কৰা হৈছিল।
(ঘ) পাঠ্যক্রমত ধর্মীয় শিক্ষা দিয়াৰ লগতে সার্বজনীন তথা ধৰ্মনিৰপেক্ষ বিষয়ো সামৰি লোৱা হৈছিল।
(ঙ) এনে শিক্ষাই বুৰঞ্জী ৰচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
৪। ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ নিৰ্দেশাৱলী কি আছিল?
এই আইনখনৰ গুৰুত্ব উল্লেখ কৰা।
উত্তৰঃ ইষ্ট-ইন্ডিয়া কোম্পানীয়ে ১৮১৩ চনত ভাৰতত শিক্ষা সম্প্ৰসাৰণ সম্পর্কে এক আইন প্রনয়ণ কৰিছিল। এই আইনত কোৱা হৈছিল যে কোম্পানীৰ ৰাজহ, কৰ আৰু অন্যান্য উপাৰ্জনৰ পৰা হোৱা বছৰেকীয়া আয় তেওঁলোকৰ সৈনিক, প্রশাসনীয় কাম-কাজ আদিত খৰচ কৰাৰ পিছত যি ধন বাহি হয় তাৰ পৰা কমেও এক লাখ টকা বছৰি ভাৰতত শিক্ষা, দেশীয় ভাষা আৰু সাহিত্য বিকাশৰ বাবে খৰচ কৰিব।
এই আইনৰ গুৰুত্ব আছিল নিম্নরূপঃ
(ক) ১৮১৩ চনৰ চাৰ্টাৰ আইনখন আছিল ভাৰতীয় শিক্ষাৰ ক্ষেত্রত এক বলিষ্ঠ পদক্ষেপ। ইংৰাজসকলে পোনপ্ৰথমবাৰৰ বাবে ভাৰতত শিক্ষাৰ প্রয়োজনীয়তা অনুভৱ কৰে আৰু আইনখন কাৰ্যকৰী কৰে।
(খ) এই আইনখনে ভাৰতীয শিক্ষা ব্যৱস্থাত থকা দুৰৱস্থা দৃঢ়ীকৰণ কৰিবলৈ বছৰি এক লাখ টকা খৰচ কৰাৰ ব্যৱস্থা কৰে।
(গ) কোম্পানীয়ে ভাৰতীয়সকলৰ পৰা ৰাজহ সংগ্ৰহ কৰি পোৱা ধনৰ এক অংশ ভাৰতীয়সকলৰ বাবেও সদ্ব্যৱহাৰ কৰাৰ
কথা উপলব্ধি কৰে।
(ঘ) এই আইনখনে ভাৰতত পাশ্চাত্য শিক্ষা ব্যৱস্থাৰ পথ মুকলি কৰে।
(ঙ) ভাৰতীয়সকলৰ শিক্ষা বিকাশৰ দায়িত্ব গ্রহণ কৰাটো ইষ্ট-ইণ্ডিয়া কোম্পানীৰ এক আইনসংগত কর্তব্য বুলি ১৮১৩ চনৰ চাৰ্টাৰ আইন খনে সাব্যস্ত কৰে।
৫। ১৮৫৪ চনৰ উডৰ নিৰ্দেশনামা বুলিলে কি বুজা? উডৰ নিৰ্দেশনামৰ যিকোনো পাঁচটা পৰামৰ্শ উল্লেখ কৰা।
উত্তৰঃ প্রতি বিশ বছৰৰ মূৰে মূৰে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ চনদ নবীকৰণ নীতি অনুযায়ী ১৮৫৩ চনত সেই সময়ৰ বোর্ড অব কন্ট্রোলৰ সভাপতি চার্লচ উডক ভাৰতত শিক্ষাৰ ক্ষেত্রত কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ ইংলণ্ডৰ হাউচ অব কমনচে নির্দেশ দিয়ে। নির্দেশ মর্মে চার্লচ উডে ১৮৫৪ চনত শিক্ষা সম্পর্কে এখন দলিল প্রকাশ কৰে, যিখনক ‘উডচ ডেচপাচ’ বা ‘উডৰ ঘোষণাপত্র’ বুলি কোৱা হয়। এই ঘোষণাপত্রই ভাৰতত শিক্ষাৰ সকলোবোৰ দিশ সামৰি লয়। উডৰ ঘোষণাপত্রক ভাৰতীয় শিক্ষাৰ ‘মেগনাকার্টা’ বুলি কোৱা হয়।
উডৰ ঘোষণাপত্ৰৰ নিৰ্দেশাৱলী আছিল নিম্নরূপঃ
(ক) ভাৰতবৰ্ষত শিক্ষা সংগঠন তথা প্রশাসনিক দিশৰ উন্নয়ন সাধন কৰিবলৈ প্রত্যেক প্রদেশতে একোটাকৈ শিক্ষা বিভাগ স্থাপন কৰিব লাগে আৰু একোজন শিক্ষা সঞ্চালক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে।
(খ) শিক্ষকসকলক প্রশিক্ষণ দিয়াৰ বাবে শৈক্ষিক প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব লাগে।
(গ) ইংৰাজী ভাষাৰ সমান্তৰালকৈ দেশীয় ভাষাসমূহো শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা উচিত বুলি উডৰ ঘোষণাপত্ৰত উল্লেখ আছে।
(ঘ) বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি মাধ্যমিক আৰু প্রাথমিক বিদ্যালয়লৈকে পৰস্পৰৰ মাজত এক যোগসূত্র স্থাপন কৰিবলৈ ঘোষণাপত্ৰখনত পৰামৰ্শ দিয়ে।
(ঙ) উডৰ নিৰ্দেশপত্রই বৃত্তিমূলক শিক্ষা সহজলভ্য কৰাৰ বাবে বৃত্তিমূলক স্কুল-কলেজ স্থপন কৰাৰ নিৰ্দেশ দিয়ে।
৬। ১৮৫৪ চনৰ উডৰ নিৰ্দেশনামাৰ পাঁচটা গুণ আৰু পাঁচটা দোষ উল্লেখ কৰা।
উত্তৰঃ ভাৰতত আধুনিক শিক্ষা পদ্ধতি বিকাশত উডৰ নির্দেশনামাখন হ’ল এক মাইলৰ খুঁটি। ইয়াক ভাৰতীয় শিক্ষাৰ ক্ষেত্রত মেগনাকার্টা বুলিও অভিহিত কৰা হয়।
উডৰ নিৰ্দেশনামাখনৰ কিছুমান গুণ আছে। যেনেঃ
(ক) এই নির্দেশনামাখনৰ জৰিয়তে ভাৰতৰ প্ৰতিখন প্রদেশতে একোটাকৈ শিক্ষা বিভাগ গঠন কৰি পোনপ্ৰথমবাৰৰ বাবে শিক্ষাক এক সুসংগঠিত আৰু প্ৰণালীবদ্ধ ৰূপ দিয়ে।
(খ) এই নির্দেশনামাখনৰ জৰিয়তে ভাৰতত বিশ্ববিদ্যালয় স্থাপন কৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত নতুন পদক্ষেপ লয়।
(গ) শিক্ষকক প্রশিক্ষণ দিয়াৰ বাবে প্রশিক্ষণ কেন্দ্র স্থাপন কৰা হয় আৰু ছাত্রবৃত্তি দি শিক্ষাৰ ক্ষেত্ৰত এক বলিষ্ট পদক্ষেপ গ্রহণ কৰা হয়।
(ঘ) এই নির্দেশনামাই ‘নিম্ন পৰিশ্ৰাৱণ নীতি’ৰ বিৰোধিতা কৰি সকলোৰে বাবে শিক্ষাৰ দুৱাৰ মুকলি কৰে।
(ঙ) উডৰ নিৰ্দেশনামাখনৰ জৰিয়তে ভাৰতত বৃত্তি শিক্ষাৰ ওপৰতো গুৰুত্ব প্রদান কৰা হয়।
১৮৫৪ চনৰ উডৰ নিৰ্দেশনামাখনৰ কিছু দোষো আছিল।
যেনে-
(ক) এই নির্দেশনামাখনৰ ফলস্বৰূপে ভাৰতত পৰম্পৰাগত শিক্ষা পদ্ধতিয়ে আগৰ স্বাধীনতা হেৰুৱায়। শিক্ষা ব্যৱস্থা ইংৰাজ সকলৰ হাতলৈ যায়।
(খ) এই নির্দেশপত্ৰৰ দ্বাৰা ভাৰতৰ ধৰ্মীয় শিক্ষা বাধাগ্রস্ত হয়। ফলত আধ্যাত্মিক শিক্ষা আৰু ভাৰতীয় সংস্কৃতি বিপৰ্যয়ৰ মুখামুখি হয়।
(গ) এই নির্দেশনামাখনৰ জৰিয়েত ভাৰতত পাশ্চাত্য শিক্ষা ব্যৱস্থা প্রবর্তন হয়।
(ঘ) নির্দেশনামাখনে ভাৰতত ইংৰাজী শিক্ষাৰে শিক্ষিত এক শ্ৰেণীৰ আমোলাৰ সৃষ্টি কৰে যিসকল বিদেশী ইংৰাজৰ বহতীয়া হৈ কাম কৰিবলৈ লয়।
(ঙ) এই ঘোষণাপত্রই ইংৰাজী ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্রহণ কৰাত দেশীয় ভাষাসমূহৰ বিকাশত বাধাৰ সৃষ্টি হয়।
৭। ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত ‘নিম্ন পৰিশ্ৰাৱণ নীতি’ কি?
ইয়াৰ ফলাফলবোৰ বৰ্ণনা কৰা।
উত্তৰঃ ১৮৩৪ চনত লর্ড মেকলে আইন সভাৰ সদস্য হিচাপে ভাৰতলৈ আহে। শিক্ষাৰ ক্ষেত্ৰত ‘নিম্ন পৰিশ্ৰাৱণ নীতি তেৱেই প্ৰবৰ্তন কৰে।
লর্ড মেকলে বিশ্বাস কৰিছিল যে ভাৰতত ইংৰাজী শিক্ষাৰ মাধ্যমেৰে এনে এক শ্ৰেণীৰ শিক্ষিত মানুহ গঢ়ি তুলিব লাগিব যাতে সেই শ্ৰেণীৰ মানুহ তেজ আৰু দেহৰ ৰঙেৰে ভাৰতীয় হ’লেও ৰুচি আৰু মতামতৰ ফালৰ পৰা সম্পূর্ণ ইংৰাজৰ দৰে হ’ব। তেওঁ যুক্তি দর্শাইছিল যে ভাৰতৰ দৰে এখন বিশাল দেশৰ সকলোবোৰ মানুহৰ বাবে মাত্র এখ লাখ টকাৰে শিক্ষাৰ ব্যৱস্থা সম্প্ৰসাৰণ কৰা সম্ভৱ নহয়। লর্ড মেকলেৰ উক্ত পৰামৰ্শমতে ইংৰাজ চৰকাৰে ভাৰতীয়সকলৰ শিক্ষাৰ বাবে এক নীতি গ্রহণ কৰিছিল। ইয়াক ‘নিম্নমুখী পৰিশ্ৰাৱণ নীতি’ (Downward Filtration Theory) বুলি কোৱা হয়। এইনীতিৰ অৰ্থ হ’ল শিক্ষা ওপৰৰ পৰা তললৈ ক্রমান্বয়ে নিগৰি আহিব। অর্থাৎ সমাজৰ উচ্চ খাপৰ মুষ্ঠিমেয় লোকক শিক্ষিত কৰি তুলিব পাৰিলে স্বাভাবিকভাবেই তলৰ শ্ৰেণীৰ লোকসকলৰ মাজত শিক্ষা বিয়পি পৰিব। লর্ড মেকলেৰ দ্বাৰা প্ৰৱৰ্তন কৰা ‘নিম্নমুখী পৰিশ্ৰাৱণ নীতি’ৰ ফলত ভাৰতৰ সৰ্বসাধাৰণ মানুহৰ মাজত শিক্ষাৰ প্ৰসাৰ বন্ধ হৈ পৰে। উক্ত নীতি অনুসৰণ কৰাৰ ফলত আটাইতকৈ বেছি ক্ষতি হয় প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত। ইংৰাজ চৰকাৰে দেশীয় প্রাথমিক বিদ্যালয়বোৰ অৱহেলা কৰিবলৈ লয়। ফলত বেছিভাগ বিদ্যালয় বন্ধ হ’বলৈ বাধ্য হয়।
৮। প্রাথমিক শিক্ষা বিকাশৰ বাবে হান্টাৰ আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ উল্লেখ কৰা।
উত্তৰঃ ১৮৫৪ চনৰ উডৰ ঘোষণাপত্র মতে ইংৰাজ চৰকাৰে ভাৰতীয়সকলৰ শিক্ষাৰ বাবে ‘নিম্নমুখী পৰিশ্ৰাৱণ নীতি’ গ্রহণ কৰে। ফলত উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ’লেও প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত বিপর্যয়ে দেখা দিয়ে। সেয়ে ভাৰতীয় শিক্ষা নীতিসমূহ পর্যালোচনা কৰি সুপৰামৰ্শ আগবঢ়াবলৈ ১৮৮২ চনত সেই সময়ৰ ভাইচৰয় লৰ্ড ৰিপনে চাৰ উইলিয়াম হান্টাৰ নামৰ এজন ইংৰাজ লোকক সভাপতি হিচাপে লৈ এখন শিক্ষা আয়োগ গঠন কৰে। এই আয়োগটোক ‘হান্টাৰ আয়োগ’ বুলি কোৱা হয়।
হান্টাৰ আয়োগে প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা পৰামৰ্শসমূহ আগবঢ়াইছিল-
(ক) মাতৃভাষাত প্রাথমিক শিক্ষা প্রদান কৰা হ’ব।
(খ) প্রাথমিক শিক্ষাৰ প্ৰসাৰৰ বাবে চৰকাৰে কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰিব।
(গ) আইনৰ দ্বাৰা প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হ’ব।
(ঘ) বিদ্যালয়ৰ পৰিদৰ্শকে স্থানীয়ভাবে প্রাথমিক বিদ্যালয়ৰ পৰীক্ষা ল’ব।
(ঙ) ৰাইজে বিচাৰিলে ঠায়ে ঠায়ে নৈশ বিদ্যালয় স্থাপন কৰা হ’ব।
(চ) শাৰীৰিক উৎকর্ষ সাধনৰ বাবে থলুৱা খেল-ধেমালি, ব্যায়াম আদি অনুশীলন কৰাত উৎসাহ দিয়া হ’ব।
(ছ) পিছ পৰি থকা অঞ্চলসমূহত চৰকাৰী দপ্তৰৰ পৰা বিশেষ ব্যৱস্থা লোৱা হ’ব।
(জ) সকলো ছাত্রই মাচুল দিব লাগিব। দুখীয়া ছাত্রক মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা থাকিব।
(ঝ) প্রাথমিক শিক্ষাৰ বাবে স্বায়ত্ব শাসিত অনুষ্ঠানসমূহক চৰকাৰে অনুদান দিব।
৯। ১৮৮২ চনৰ হান্টাৰ আয়োগৰ শিক্ষানীতিৰ পাঁচটা গুণ আৰু পাঁচটা দোষ উল্লেখ কৰা।
উত্তৰঃ হান্টাৰ আয়োগৰ শিক্ষা নীতিৰ পাঁচটা গুণ হ’ল:
(ক) হান্টাৰ আয়োগৰ পৰামৰ্শৱলীৰ যোগেদি ভাৰতীয় শিক্ষাত মিছনেৰীসকলৰ প্ৰভুত্ব হ্রাস হয় আৰু ভাৰতীয় শিক্ষা আৰু সংস্কৃতি বিকাশৰ পথ মুকলি হয়।
(খ) হান্টাৰ আয়োগে ভাৰতত চলি থকা পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ আধুনিকীকৰণৰ ব্যৱস্থা কৰে।
(গ) হান্টাৰ আয়োগে শিক্ষাৰ ধৰ্মনিৰপেক্ষতাৰ নীতি গ্রহণ কৰে।
(ঘ) স্ত্রী শিক্ষা, পিছ পৰা শ্ৰেণী, পাহাৰীয়া উপজাতি আদি লোকসকলক শিক্ষা দিয়াৰ উপযোগী পৰামৰ্শ আগবঢ়ায়।
(ঙ) প্রাথমিক শিক্ষাৰ দায়িত্ব স্থানীয় কর্তৃপক্ষৰ হাতত দিয়ে। ফলত শিক্ষাবিভাগত ভাৰতীয়সকল জড়িত হৈ পৰে।
হান্টাৰ আয়োগৰ প্ৰধান দোষবোৰ হ’ল-
(ক) প্রাথমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হ’লেও মাধ্যমিক শিক্ষাৰ মাধ্যম মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষা হোৱা ভাৰতীয়সকলৰ বাবে সমস্যা হয়।
(খ) প্রাথমিক শিক্ষাৰ দায়িত্ব স্থানীয় কর্তৃপক্ষৰ হাতত অর্পন কৰাৰ ফলত চৰকাৰে জনসাধাৰণৰ শিক্ষাৰ গুৰু দায়িত্বৰ পৰা গা এৰা দিয়ে।
(গ) হান্টাৰ আয়োগে প্রাথমিক শিক্ষাক বিনামূলীয়া আৰু বাধ্যতামূলক কৰি তোলাৰ ওপৰত কোনো পৰামৰ্শ আগনবঢ়ায়।
(ঘ) আয়োগে কাৰীকৰি শিক্ষা বিকাশৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা নাছিল।
(ঙ) হান্টাৰ আয়োগৰ পৰামৰ্শ মতে ইংৰাজে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থাই দুই ধৰণৰ লোকৰ সৃষ্টি কৰে নগৰীয় আৰু গাঁৱলীয়া। শিক্ষিত লোক
চাকৰিৰ আশাত নগৰমুখী হয় আৰু অশিক্ষিত সকল গাওঁ অঞ্চলতে আবদ্ধ হৈৰয়।
১০। ১৯১১ চনত গোপাল কৃষ্ণ গোখলে আগবঢ়োবা বিলখনৰ পৰামৰ্শবলী কি আছিল?
নাইবা
প্রাথমিক শিক্ষাৰ ক্ষেত্রত গোপাল কৃষ্ণ গোখলেৰ অবদান আলোচনা কৰা।
উত্তৰঃ কেন্দ্ৰীয় চৰকাৰে প্ৰাথমিক শিক্ষা বিস্তাৰৰ কাৰণে কোনো কার্যকৰী ব্যৱস্থা গ্রহণ নকৰাত ১৯১১ চনৰ ১৬ মাৰ্চত গোপাল কৃষ্ণ গোখলেইইম্পিৰিয়েল লেজিচলেটিভ কাউন্সিলত এখন বিল উত্থাপন কৰে। ভাৰতত প্রাথমিক শিক্ষা বিস্তাৰৰ কাৰণে উত্থাপন কৰা বিলখনত
তলত দিয়া দিশবোৰ উল্লেখ কৰিছিল-
(ক) গৱৰ্ণৰ জেনেৰেলৰ মত সাপেক্ষে শিক্ষা বিভাগে বিদ্যালয়ত কিমান ল’ৰা-ছোৱালী পঢ়িব, সেয়া থিৰাং কৰিব।
(খ) প্রাথমিক শিক্ষা বাধ্যতামূলক কৰাৰ বাবে লোকেল বোর্ড আৰু মিউনিচিপলিটিয়ে প্রাদেশিক চৰকাৰৰ আগতীয়া অনুমতি ল’ব লাগিব।
(গ) ৬ বছৰৰ পৰা ১০ বছৰৰ বয়সৰ ল’ৰাসকলক বিদ্যালয়লৈ যোৱাৰ বাবে বাধ্য কৰিব।
(ঘ) প্রাথমিক শিক্ষা বিনামূলীয়া কৰা নহ’ব। কিন্তু কোনো অভিভাৱকৰ মাহিলী আয় ১০ টকাতকৈ কম হ’লে ল’ৰা-ছোৱালীয়ে মাচুল দিব নালাগিব।
(ঙ) প্রাদেশিক চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়ত উপস্থিত থাকিবলগীয়া দিন আৰু প্ৰতিদিনৰ সময় ধাৰ্য কৰিব।
(চ) যি অঞ্চলত প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা হ’ব সেই অঞ্চলত ছাত্র-ছাত্রীসকলৰ অভিভাৱকসকলক নিজৰ ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠাবলৈ বাধ্য কৰোৱা হ’ব। গোপাল কৃষ্ণ গোখলে উত্থাপন কৰা বিলখন পৰীক্ষা কৰিবৰ কাৰণে নির্বাচন কমিটিলৈ প্রেৰণ কৰা হয়। সদস্যসকলে দাবী উত্থাপন কৰাত বিলখনৰ ওপৰত ভোটদানৰ ব্যৱস্থা কৰা হয়। ইয়াৰ সপক্ষে ১৩ জন সদস্যই আৰু বিপক্ষে ৩৮ জন সদস্যই ভোট দিয়ে। ফলত বিলখন কাৰ্যকৰী নহয়।
১১। ভাৰতবৰ্ষত শিক্ষাৰ ক্ষেত্ৰত হোৱা প্রাচ্য-পাশ্চাত্যৰ বিতৰ্কৰ এক চমু বর্ণনা দিয়া।
উত্তৰঃ ইষ্ট-ইন্ডিয়া কোম্পানীয়ে ১৮১৩ চনত ভাৰতত শিক্ষা সম্প্ৰসাৰণ সম্পর্কে এক আইন প্রনয়ণ কৰিছিল। এই আইনখনক লৈ ভাৰতত প্রাচ্য আৰু পাশ্চাত্যৰ শিক্ষাৰ সমর্থনকাৰীসকলৰ মাজত এক দীর্ঘদিনীয়া বিতৰ্কৰ সৃষ্টি হয়।
এই বিবাদৰ প্ৰধান কাৰণ আছিল তিনিটা। যেনেঃ
(ক) সেই সময়ত ভাৰতীয় শিক্ষাৰ নীতি সম্পর্কে বিতর্কমূলক পৰিস্থিতি।
(খ) আইনখনৰ নিৰ্দেশাৱলীৰ অস্পষ্টতা।
(গ) বিবাদ নিষ্পত্তি কৰিবলৈ কোম্পানীৰ ইচ্ছাৰ অভাৱ। বিতৰ্কটোৰ প্ৰাচ্যপন্থী আৰু পাশ্চাত্যপন্থীসকলে চাৰিটা বিষয়ক লৈ পৰস্পৰ বিৰোধী মতবাদ আগবঢ়াইছিল। সেয়া আছিল-
(ক) শিক্ষাৰ মাধ্যম: প্রাচ্য শিক্ষাৰ সমৰ্থনকাৰীসকলে ভাৰতবৰ্ষত সংস্কৃত আৰু আৰবী ভাষাৰ মাধ্যমত শিক্ষা প্রদান কৰিব লাগে বুলি মত প্রকাশ কৰিছিল।
আনহাতে, পাশ্চাত্যপন্থীসকলে শিক্ষাৰ মাধ্যম ইংৰাজী হ’ব লাগে বুলি মত পোষণ কৰিছিল।
(খ) শিক্ষাৰ লক্ষ্য: প্রাচপন্থীসকলে ভাৰতবৰ্ষত ভাৰতীয়সকৰ শিক্ষাৰ উন্নতি সাধনেই শিক্ষাৰ লক্ষ্য হ’ব লাগে বুলি মতামত আগবঢ়ায়। কিন্তু পাশ্চাত্যপন্থীসকলে ইউৰোপৰ জ্ঞান-বিজ্ঞানৰ প্ৰয়োগৰ যোগেদি ভাৰতীয় সকলক আধুনিকীকৰণ কৰাটো শিক্ষাৰ লক্ষ্য হ’ব লাগে বুলি মত পোষণ কৰিছিল।
(গ) শিক্ষাদানৰ পদ্ধতিঃ প্রাচপন্থীসকলে মত পোষণ কৰিছিল যে সমাজৰ সকলো শ্ৰেণীৰ লোকে শিক্ষা গ্রহণৰ সুবিধা পাব লাগে।
কিন্তু শাসক কর্তৃপক্ষই মতদান কৰে যে সমাজৰ কেৱল উচ্চ শ্ৰেণীৰ লোকসকলকহে শিক্ষা দান কৰিব লাগে। সিহঁতে লাহে লাহে তলৰ শ্ৰেণীৰ লোকসকলক শিক্ষিত কৰি তুলিব।
(ঘ) শিক্ষাৰ দায়িত্বঃ শিক্ষাৰ দায়িত্ব গ্রহণৰ ক্ষেত্ৰত এটা দলে মত পোষণ কৰে যে দেশৰ প্ৰশাসনীয় কর্তৃপক্ষই শিক্ষাৰ দায়িত্ব গ্রহণ কৰিব লাগে। আন এক দলে মত প্রকাশ কৰে যে মিছনেৰীসকলৰ হাতত শিক্ষাৰ দায়িত্ব অর্পণ কৰিব লাগে। আন কিছুমানে মত প্রকাশ কৰিছিল যে শিক্ষা পৰিচালনা কৰাৰ দায়িত্ব ভাৰতীয়সকলক দিব লাগে। ভাৰতৰ শিক্ষা ব্যৱস্থাক লৈ পাচ্য আৰু পাশ্চাত্যৰ মাজত এই বিবাদ ২২ বছৰকাল চলে। অৱশেষত ১৮৩৪ চনত মেকলে ভাতৰতলৈ অহাত পিছত এই বিবাদৰ অন্ত পৰে।
১২। লর্ড কার্জনৰ প্রাথমিক শিক্ষানীতি সম্বন্ধে আগবঢ়োৱা পৰামৰ্শসমূহ উল্লেখ কৰা।
নাইবা
ভাৰতীয় শিক্ষাৰ প্ৰতি লর্ড কার্জনৰ অৱদান চমুকৈ উল্লেখ কৰা।
উত্তৰঃ লর্ড কার্জন ১৮৯৯ চনত ভাৰতৰ ভাইচৰয় হৈ আহে। ১৯০১ চনত তেওঁ চিমলাত এখন শিক্ষা সম্মিলন আহ্বান কৰে। এই সম্মিলন ১৫ দিন ধৰি চলিছিল। প্রাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈকে সম্মিলনখনত আলোচনা কৰা হয়। সেই আলোচনাৰ ভিত্তিত ১৯০৪ চনত চৰকাৰৰ শিক্ষানীতি ঘোষণা কৰে। এই শিক্ষা নীতিত প্রাথমিক শিক্ষা সম্বন্ধে আগবঢ়োৱা পৰামৰ্শবোৰ আছিল তলত দিয়া ধৰণৰ –
(ক) কার্জনে প্রাথমিক শিক্ষাৰ বাবে উদাৰ ভাবে অর্থ সাহার্য আগবঢ়ায়। প্রাথমিক শিক্ষা খণ্ডলৈ চৰকাৰী অৰ্থ সাহাৰ্যৰ পৰিমাণ মুঠ খৰচৰ দুভাগৰ এভাগ কৰে।
(খ) প্রাথমিক শিক্ষকৰ প্ৰশিক্ষণৰ বাবে শিক্ষক প্রশিক্ষণ কেন্দ্ৰ স্থাপন কৰে। কৃষি বিষয়তো প্রশিক্ষণৰ ব্যৱস্থা কৰে।
(গ) দৰ্মহা বৃদ্ধি কৰি শিক্ষকসকলৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰাৰ ওপৰত জোৰ দিয়ে।
(ঘ) প্রাথমিক শিক্ষাৰ পাঠ্যক্ৰম সংশোধন কৰি ইয়াত কৃষি, শৰীৰ চৰ্চা আদি বিষয় অন্তৰ্ভূক্ত কৰাৰ ওপৰত জোৰ দিয়ে।
(ঙ) ভাৰতীয় শিক্ষাৰ ক্ষেত্ৰত প্ৰশাসনক অধিকভাবে জড়িত কৰে। শিক্ষাৰ সকলো দিশতে চৰকাৰৰ অধিকাৰ সাব্যস্ত কৰে।
১৩। বুনিয়াদী শিক্ষাৰ মূল দিশবোৰ আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত বুনিয়াদী শিক্ষাৰ আঁচনিৰ জন্মদাতা আছিল মহামানব মহাত্মা গান্ধী। ১৯৩৭ চনত ‘হৰিজন’ নামৰ কাকতখনত মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষা আঁচনিৰ ৰূপৰেখা প্রকাশ কৰিছিল। বুনিয়াদী শিক্ষা আঁচনিৰ মূল উদ্দেশ্য আছিল আর্থিকভাবে দেশ তথা সমাজক স্ব-নিৰ্ভৰশীল কৰা।
বুনিয়াদী শিক্ষাৰ মূল দিশবোৰ আছিল নিম্ন ৰূপঃ
(ক) শিক্ষাক শিল্পকেন্দ্ৰিক কৰি গঢ়ি তুলি শিশুসকলক শাৰীৰিক আৰু মানসিকভাবে শক্তিশালী কৰি তোলা।
(খ) মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্রহণ কৰা।
(গ) বুনিয়াদী শিক্ষাৰ দ্বাৰা শিশুসকলে শিল্পকর্ম শিকিব আৰু শিশুয়ে উৎপাদন কৰা সামগ্ৰীৰ মূল্যৰে নিজৰ খৰচ-পাতিৰ
লগতে শিক্ষকক দৰমহা দিব।
(ঘ) বুনিয়াদী শিক্ষা ব্যৱস্থাত শিক্ষক-শিক্ষার্থীৰ মাজত মধুৰ সম্পর্ক স্থাপন হ’ব।
(ঙ) বুনিয়াদী শিক্ষা সম্পূর্ণ ভাৰতীয় আৰু নৈতিক পৰিবেশত প্ৰদান কৰা হ’ব।
(চ) দেশৰ ভৱিষ্যত নাগৰিক হিচাপে নিজৰ কৰ্তব্য আৰু দায়িত্ব সম্পর্কে শিশুক সচেতন কৰি তোলা বুনিয়দী শিক্ষা আঁচনিৰ এক লক্ষ্য আছিল।
(ছ) এই শিক্ষা আঁচনিত আন আন আধুনিক ধাৰণাৰ দৰে শিশুৰ মনস্তাত্বিক দিশৰ ওপৰতো জোৰ দিয়া হৈছিল।
(জ) বুনিয়াদী শিক্ষা আঁচনিয়ে শিশুসকলৰ মনত অহিংসা নীতি আৰু বিশ্বপ্ৰেমৰ ধাৰণা জগাই তোলাৰ লগতে সত্য, ন্যায়, প্ৰেম আৰু সেৱাৰ মাধ্যমেৰে গান্ধী দৰ্শনৰ উপলব্ধি হোৱাত সহায় কৰে।
১৪। মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা আঁচনি অকৃতকার্য হোৱাৰ কাৰণবোৰ কি আছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে দাঙি ধৰা বুনিয়াদী শিক্ষা আঁচনি অকৃতকাৰ্য হোৱাৰ কাৰণসমূহ আছিল –
(ক) ভাৰত স্বাধীন হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে বুনিয়াদী শিক্ষা আইন পাছ কৰিছিল যদিও ইয়াৰ নীতিবোৰ কাৰ্যকৰী কৰাৰ প্রতি চৰকাৰ উদাসীন আছিল।
(খ) সাধাৰণ লোকে এই আঁচনিৰ মৰ্ম উপলব্ধি কৰিব পৰা নাছিল। মানুহৰ মনত এটি ধাৰণা সোমাইছিল যে এই শিক্ষা ব্যৱস্থাই শিক্ষার্থীক দিন মজুৰি কৰা বনুৱাহে কৰিব।
(গ) কাৰীকৰি বিদ্যা (হস্ত শিল্প) শিকোৱাটোৱেই আছিল বুনিয়াদী শিক্ষাৰ মূল উদ্দেশ্য। কিন্তু কাৰীকৰি বা হস্তশিল্পৰ বিষয়বোৰ শিকোৱাৰ বাবে উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাব আছিল।
(ঘ) এই শিক্ষা ব্যয় বহুল আছিল।
(ঙ) সৰ্বসাধাৰণ লোকেও বুনিয়াদ শিক্ষাৰ প্ৰতি অবহেলা প্রদর্শন কৰিছিল।
১৫। ১৯১৩ চনৰ শিক্ষা নীতিয়ে প্রাথমিক শিক্ষাৰ ক্ষেত্রত আগবঢ়োৱা মূল পৰামৰ্শসমূহ উল্লেখ কৰা।
উত্তৰঃ ১৯১১ চনৰ ১৬ মাৰ্চত গোপাল কৃষ্ণ গোখলেই ইম্পিৰিয়েল লেজিচলেটিভ কাউন্সিলত ভাৰতত শিক্ষা বিস্তাৰৰ কাৰণে এখন বিল উত্থাপন কৰে। কিন্তু বিলখন অগ্রাহ্য হয় যদিও বিলখনৰ আভ্যন্তৰীণ দিশবোৰৰ প্ৰতি ইংৰাজ চৰকাৰ সজাগ হয়। আনকি বিলখনে ভাৰতীয়সকলকো শিক্ষা সম্পর্কে সচেতন কৰে। তেনে সময়তে ইংলণ্ডৰ ৰজা পঞ্চম জর্জ ভাৰতলৈ আহে আৰু গোখলেৰ প্ৰস্তাৱ ব্যর্থ হোৱাৰ বাবে অসন্তুষ্টি প্রকাশ কৰে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে শিক্ষাৰ এক নতুন নীতি ঘোষণা কৰে। এই শিক্ষা নীতিক ‘১৯১৩ চনৰ শিক্ষা নীতি’ বুলি কোৱা হয়।
এই শিক্ষা নীতিয়ে প্রাথমিক শিক্ষানীতি সম্পর্কে আগবঢ়োৱা মূল দিশবোৰ আছিল তলত দিয়া ধৰণৰ –
(ক) নিম্ন প্রাথমিক বিদ্যালয়ৰ দ্রুত সম্প্ৰসাৰণ হ’ব লাগে। ইয়াৰ পাঠ্যক্ৰমত চিত্রাংকন, শৰীৰ বিদ্যা, প্রকৃতি পাঠ আদি বিষয় অন্তর্ভুক্ত হ’ব লাগে
(খ) সুবিধাজনক ঠাইত উচ্চ প্রাথমিক বিদ্যালয় স্থাপন কৰিব লাগে। প্রয়োজন হ’লে নিম্ন প্রাথমিক বিদ্যালয়ক উচ্চ প্রাথমিক বিদ্যালয়লৈ উন্নীত কৰিব লাগে।
(গ) স্থানীয় শিক্ষা কর্তৃপক্ষই নিজ নিজ এলেকাত অধিক বিদ্যালয় স্থাপন কৰিব লাগে।
(ঘ) নগৰ আৰু গাওঁৰ স্কুলৰ পাঠ্যক্ৰমৰ মাজত কোনো বিৰোধ থাকিব নালাগে।
(ঙ) প্রাথমিক বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে।
(চ) প্রাথমিক শিক্ষা সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আর্থিক অনুদান আগবঢ়াব লাগে।
১৬। অসম প্রাথমিক শিক্ষা আইন ১৯২৬ চনৰ মূল দফাসমূহ উল্লেখ কৰা।
উত্তৰঃ ১৯২৬ চনৰ অসম প্রাথমিক শিক্ষা আইনৰ মূল দফাসমুহ হ’ল:
(১) এই আইনখন সমগ্র দেশতে প্রযোজ্য হ’ব।
(২) ১১ বছৰৰ তলৰ আৰু ৬ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালীক বাধ্যতামূলক প্রাথমিক শিক্ষা প্রদান কৰা হ’ব।
(৩) স্থানীয় স্বায়ত্ব পৰিষদে তেওঁলোকৰ সমগ্ৰ এলেকাত অথবা কোনো নির্দিষ্ট এলেকাত বাধ্যতামূলক প্রাথমিক শিক্ষা প্ৰৱৰ্তন কৰিব।
(৪) স্থানীয় স্বায়ত্ব পৰিষদে অভিভাৱকসকলক তেওঁলোকৰ ল’ৰা-ছোৱালীক স্কুলত পঠাবলৈ বাধ্য কৰাব পাৰিব।
(৫) স্থানীয় স্বায়ত্ব পৰিষদে প্রয়োজন সাপেক্ষে শিক্ষা কৰ ধাৰ্য কৰিব পাৰিব।
(৬) স্থানীয় স্বায়ত্ব পৰিষদে দুখীয়া ল’ৰা-ছোৱালীক কিতাপ-পত্র, কাগজ-কলম আদি যোগান ধৰিব লাগিব।
👉 Read Also:
- মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব প্রশ্ন উত্তৰ
- মানসিক জীৱনৰ শাৰীৰিক ভিত্তি প্রশ্ন উত্তৰ
- মানৱ আচৰণৰ ভিত্তিসমূহ আৰু ইয়াৰ দিকদর্শন প্রশ্ন উত্তৰ