Join WhatsApp

Join Now

Join Telegram

Join Now

মানসিক জীৱনৰ সামাজিক ভিত্তি Class 11 Education Chapter 5 Solutions ২০২৫

By Rabbi Masrur

Updated On:

Class 11 Education Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক মানসিক জীৱনৰ সামাজিক ভিত্তি Class 11 Education Chapter 5 Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

মানসিক জীৱনৰ সামাজিক ভিত্তি Class 11 Education Chapter 5 Solutions

মানসিক জীৱনৰ সামাজিক ভিত্তি  Class 11 Education Chapter 5 Solutions

👉 Read Also:

মানসিক জীৱনৰ সামাজিক ভিত্তি

পঞ্চম অধ্যায়

অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। শুদ্ধ নে অশুদ্ধ বিচাৰ কৰাঃ

(ক) অনুমস্তিষ্কক আবেগ নিয়ন্ত্ৰণৰ কেন্দ্ৰৰূপে জনা যায়।

উত্তৰঃ শুদ্ধ।

(খ) স্বতঃক্রিয় স্নায়ুতন্ত্রই মস্তিষ্কৰ লগত প্রত্যক্ষ যোগাযোগ ৰক্ষা কৰি নচলে।

উত্তৰঃ শুদ্ধ।

(গ) শংকু কোষবোৰে কম পোহৰত বস্তুৰ সংবেদন অনুভূতি দিব পাৰে।

উত্তৰঃ অশুদ্ধ।

(ঘ) মস্তিষ্কই দেহৰ স্থিৰতা আৰু ভাৰসাম্য ৰক্ষা কৰে।

উত্তৰঃ অশুদ্ধ।

(ঙ) দৈহিক প্রতিবর্ত ক্রিয়া মস্তিষ্কৰ দ্বাৰা পৰিচালিত নহয়।

উত্তৰঃ শুদ্ধ।

(চ) বিভন্ন ইন্দ্রিয় অনুভূতি গুৰু মস্তিষ্কৰ পৃথক পৃথক অঞ্চলত পৃথক পৃথকভাবে গ্রহণ কৰা হয়।

উত্তৰঃ শুদ্ধ।

(ছ) অধঃমস্তিষ্কই ব্যক্তিৰ নিদ্রাকেন্দ্ৰ হিচাপে কাম কৰে।

উত্তৰঃ শুদ্ধ।

(জ) অক্ষি পটত থকা দণ্ডকোষবোৰে বস্তুৰ ৰঙৰ সংবেদন অনুভূতি দিব পাৰে।

উত্তৰঃ অশুদ্ধ।

(ঝ) সংবেদন সংবোধনৰ বাবে বিশেষভাবে প্রয়োজনীয়।

উত্তৰঃ শুদ্ধ।

(ঞ) ইন্দ্ৰিয় শিক্ষা চকুৰে নেদেখা শিশুক দৃষ্টিদানৰ সমপৰ্যায়ৰ।

উত্তৰঃ শুদ্ধ।

(ট) সংবেদনৰ অভিজ্ঞতা অস্পষ্ট আৰু অনুমানৰ ওপৰত প্রতিষ্ঠিত।

উত্তৰঃ শুদ্ধ।

(ঠ) সংবেদনক মানসিক অভিজ্ঞতা বুলিব নোৱাৰি।

উত্তৰঃ শুদ্ধ।

(ড) মস্তিষ্কৰ অস্বাভাৱিক অৱস্থাত অমূলক প্রত্যক্ষ অনুভূত হয়।

উত্তৰঃ শুদ্ধ।

(ঢ) বিভিন্ন ইন্দ্রিয় অনুভূতি গুৰুমস্তিষ্কৰ পৃথক পৃথক অঞ্চলত পৃথক পৃথকভাবে গ্রহণ কৰা হয়।

উত্তৰঃ শুদ্ধ।

(ণ) প্রতি বর্ত ক্রিয়া গুৰুমস্তিষ্কৰ দ্বাৰা পৰিচালিত নহয়।

উত্তৰঃ শুদ্ধ।

(ত) শিক্ষিত লোকে ভ্রান্ত প্রত্যক্ষৰ প্ৰভাৱত নপৰে।

উত্তৰঃ অশুদ্ধ।

(থ) সংবেদন কেৱল ইন্দ্ৰিয়ৰ যোগেদি পাব পাৰি।

উত্তৰঃ অশুদ্ধ।

(ধ) নৱজাত শিশুৰ সংবেদন আৰু সংবোধন একেলগে পাব পাৰে।

উত্তৰঃ অশুদ্ধ।

(দ) সংবেদন হ’ল জ্ঞানৰ সৰলতম প্রক্রিয়া।

উত্তৰঃ শুদ্ধ।

(ন) অর্থপূর্ণ সংবেদনক সংপ্রত্যয় বোলে।

উত্তৰঃ অশুদ্ধ।

(প) উদ্দীপক হ’ল সংবেদনৰ মূল কাৰণ।

উত্তৰঃ শুদ্ধ।

(ফ) সংবেদন মনৰ এক সক্রিয় অবস্থা।

উত্তৰঃ অশুদ্ধ।

(ব) সংবেদন অবিহনেও সংবোধন হ’ব পাৰে।

উত্তৰঃ অশুদ্ধ।

(ভ) সংবেদন আৰু সংবোধন উভয়ে ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ শুদ্ধ।

(ম) অভিজ্ঞতাই সংবোধন স্পষ্ট কৰাত সহায় কৰে।

উত্তৰঃ শুদ্ধ।

২। খালী ঠাই পূৰণ কৰাঃ

(ক) —-ৰ মতে সংবেদন হ’ল এটা ‘অস্পষ্ট পৰিচয়’।

উত্তৰঃ জেমচ।

(খ) ইন্দ্ৰিয় শিক্ষাৰ পদ্ধতি হৈছে —-।

উত্তৰঃ ক্রিয়া প্রধান।

(গ) ইন্দ্রিয়যোগে আমি যি সংবেদন অভিজ্ঞতা পাওঁতাক —- বোলে।

উত্তৰঃ বিশিষ্ট সংবেদন।

(ঘ) সংবেদন অনুভূতিৰ মূল উপাদান হৈছে—-।

উত্তৰঃ উদ্দীপক।

(ঙ) মস্তিষ্ক হৈছে বৌদ্ধিক আচৰণৰ —- এটা অংশ।

উত্তৰঃ গুৰু মস্তিষ্ক।

(চ) অধঃমস্তিষ্ক —- এটা অংশ।

উত্তৰঃ মস্তিষ্কৰ।

(ছ) মেৰুমজ্জাৰ শীর্ষস্থানত থকা স্নায়ুগ্রন্থিক —- বুলি জনা যায়।

উত্তৰঃ অধঃমস্তিষ্ক।

(জ) উদৰস্থ অংগবোৰৰ লগত সংযোজিত স্নায়ুতন্ত্র হ’ল।

উত্তৰঃ স্বয়ংচালিত স্নায়ুতন্ত্র।

(ঝ) সংবেদন নিয়ন্ত্রিত হয় ৰ দ্বাৰা।

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্র।

(ঞ) প্রতিবর্ত ক্রিয়াসমূহ ৰ দ্বাৰা নিয়ন্ত্রিত হয়।

উত্তৰঃ মেৰুমজ্জা।

(ট) মন্টেছৰীয়ে শিশুক কোৱাৰ পক্ষপাতিত্ব কৰা নাছিল।

উত্তৰঃ কাল্পনিক গল্প।

(ঠ) ফ্ৰবেল আৰু মন্টেছৰীয়ে অনুশীলনীৰ ওপৰত গুৰুত্ব দিছিল।

উত্তৰঃ ইন্দ্রিয়।

(ড) —– ৰ অভাৱত মিক্সাডিমা ৰোগে দেখা দিয়ে।

উত্তৰঃ থাইৰক্সিন।

(ঢ) অন্তঃস্রাবী গ্রন্থিৰ পৰা ওলোৱা গ্রন্থিৰসক-বোলে।

উত্তৰঃ হৰম’ন।

(ণ) গ্রন্থিসমূহৰ প্রধান কাম

উত্তৰঃ বস নিঃসৰণ কৰা।

(ত) স্নায়ুতন্ত্রই স্বাধীনভাবে ক্রিয়া সম্পাদন কৰে।

উত্তৰঃ স্বতঃক্রিয়।

থ) মস্তিষ্কৰ দুটা অংশ হৈছে। আৰু –

উত্তৰঃ থেলামাছ, হাইপ’থেলামাছ।

(দ) মস্তিষ্কৰ সৰ্ববৃহৎ আৰু গুৰুত্বপূৰ্ণ অংশ।

উত্তৰঃ গুৰুমস্তিষ্ক।

(ধ) মেৰুমজ্জাৰ প্রধান কাম হৈছে- পৰিবহন কৰা।

উত্তৰঃ উত্তেজনা।

(ন) অক্ষিপটত আৰু নামৰ দুই প্ৰকাৰৰ গ্ৰহণ কোষ থাকে।

উত্তৰঃ দণ্ডকোষ, শংকুকোষ।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২।৩)

১। স্নায়ুতন্ত্র বুলিলে কি বুজা?

উত্তৰঃ বিভিন্ন আকাৰৰ অসংখ্য স্নায়ুকোষেৰে গঠিত তন্ত্রক ‘স্নায়ুতন্ত্র’ বোলে। ইহ’ল দেহৰ প্ৰধান আৰু প্রয়োজনীয় অংশ। স্নায়ুতন্ত্ৰৰ কাৰ্য-কলাপ হৈছে আমাৰ মানসিক জীৱনৰ মূল ভিত্তি।

২। স্নায়ুতন্ত্রক কি কি ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ স্নায়ুতন্ত্রক তিনিটা ভাগত ভাগ কৰা হৈছে।

যেনে-

(ক) কেন্দ্রীয় স্নায়ুতন্ত্র।

(খ) স্বয়ংক্রিয় স্নায়ুতন্ত্ৰ আৰু

(গ) প্রান্তবর্তী স্নায়ুতন্ত্র।

৩। কেন্দ্রীয় স্নায়ুতন্ত্র বুলিলে কি বুজা?

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্র হৈছে আমাৰ দেহৰ সকলোবোৰ মানসিক ক্রিয়া আৰু আচৰণৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ কেন্দ্ৰস্থল। ইয়াৰ লগত দেহৰ গ্ৰাহক আৰু সাধকসমূহ কিছুমান সমযোজক অথবা আনুসঙ্গিক স্নায়ুৰ দ্বাৰা সংযোজিত হৈ থাকে।

৪। কেন্দ্রীয় স্নায়ুতন্ত্রক কেই ভাগত ভাগ কৰা হৈছে?

উত্তৰঃ কেন্দ্ৰীয় স্নায়ুতন্ত্রক মূলতঃ দুই ভাগত ভাগ কৰা হৈছে। যথাঃ

(ক) মেৰুমজ্জা আৰু

(খ) মস্তিষ্ক।

৫। মেৰুমজ্জা কাক বোলে?

উত্তৰঃ মেৰুমজ্জা হৈছে ৰাজহাড়ৰ সুৰঙ্গযুক্ত অংশত থকা কিছুমান স্নায়ুৰ সমাহাৰ। ইয়াত ৩১ জোৰকৈ অন্তৰ্বাহী আৰু বহির্বাহী স্নায়ু আছে। ইহঁতে আমাৰ ইন্দ্ৰিয়, পেশী, গ্রন্থি আদিৰ লগত যোগাযোগ ৰক্ষা কৰি থাকে।

৬। সনালী বা বাহিনী গ্রন্থি কাক বোলে?

উত্তৰঃ সনালী বা বাহিনী গ্রন্থি হৈছে এনে গ্রন্থি য’ৰ পৰা সংযোজিত নলেৰে গ্ৰন্থিৰস বাহিৰলৈ নিঃসৰণ হয়। চকুত থকা অশ্রু গ্রন্থি, পিত্তত থকা পিত্তকোষ, ছালত থকা ঘর্মগ্রন্থি, মুখত থকা লালটি গ্রন্থি আদি এইজাতীয় গ্রন্থি। এই গ্রন্থিবোৰে সাধাৰণতে খোৱা বস্তু হজম কৰাত আৰু শৰীৰৰ পৰা দূষিত পদাৰ্থ দূৰীকৰণ কৰে।

৭। অন্তঃস্রাবী গ্রন্থি কাক বোলে?

উত্তৰঃ গ্রন্থিবোৰ হৈছে আমাৰ দেহৰ বিভিন্ন স্থানত অবস্থিত স্ৰাৱণক্ষম ৰস উলিয়াই দিব পৰা নলী। ইয়াৰ কিছুমানে দেহৰ বাহিৰলৈ ৰস নিঃসৰণ নকৰে। ইহঁত কোনো ছিদ্রযুক্তও নহয়। এনে গ্রন্থিবোৰকেই ‘অন্তঃস্রাবী’ বা ‘নির্বাহিনী গ্রন্থি’ বোলে। এই গ্রন্থিবোৰৰ পৰা অতি সামান্য পৰিমাণৰ গ্ৰন্থিৰস নিঃসৰিত হয় আৰু দেহৰ সঞ্চাৰিত তেজত মিহলি হৈ গোটেই শৰীৰতে মিহলি হৈ পৰে।

৮। প্রমস্তিষ্ক আৱৰণ বুলিলে কি বুজা?

উত্তৰঃ সমগ্ৰ গুৰুমস্তিষ্কক এবিধ ধূসৰ পদার্থই আৱৰি থাকে। এই আৱৰনখনেই প্রমস্তিষ্ক আৱৰণ বুলি কোৱা হয়। ইয়াৰ ভিতৰত অসংখ্য সৰু সৰু ৰেখা আৰু ভাঁজ আছে। এই ভাঁজ যিমানেই অধিক হয় সিমানেই মানুহৰ বুদ্ধিৰ পৰিমাণ বেছি হয় বুলি কোৱা হয়।

৯। প্রমস্তিষ্ক কেইটা অঞ্চলত বিভক্ত? সেইবোৰ কি কি?

উত্তৰঃ প্ৰমস্তিষ্ক চাৰিটা অঞ্চলত বিভক্ত। সেইবোৰ হ’ল:

(ক) ললাট অঞ্চল।

(খ) শিৰকুম্ভ অঞ্চল।

(গ) পশ্চাৎ অঞ্চল আৰু (ঘ) শিৰকুম্ভ বা ৰগ অঞ্চল।

১০। ভ্রান্ত প্রত্যক্ষ বুলিলে কি বুজা?

উত্তৰঃ সংবেদনৰ অৰ্থ নিৰ্ণয় কৰাৰ সময়ত অস্বাভাবিক কল্পনাৰ প্ৰভাৱত যেতিয়া আমি উদ্দীপক সম্বন্ধে ভুল ব্যাখ্যা দিও, তেতিয়া তাক ‘ভ্রান্ত প্রত্যক্ষ’ বুলি কোৱা হয়। অস্বাভাবিক কল্পনাই সঠিক প্রত্যক্ষণৰ পথত বাধাৰ সৃষ্টি কৰে বাবে সংবেদনৰ ব্যাখ্যা ভুল হয়। অর্থাৎ প্রকৃত উদ্দীপকক বেলেগ উদ্দীপক বুলি ধাৰণা কৰা হয়।

১১। অমূল প্রত্যক্ষৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অমূল প্রত্যক্ষ হৈছে অস্বাভাবিক দেহ আৰু মানসিক অৱস্থাৰ ব্যক্তিয়ে অনুভৱ কৰা এক বিৰল অভিজ্ঞতা, সংবোধনৰ কোনো মূল উৎস বা ইন্দ্রিয় অনুভূতিৰ অভিজ্ঞতা নথকা অবস্থাতো ব্যক্তিয়ে যি অবাস্তৱ ভুল কৰে সেয়াই ‘অমূল প্রত্যক্ষ’। এই ক্ষেত্রত ব্যক্তিৰ মানসিক অবস্থা অস্বাভাবিক থকা বাবে বা অস্বাভাৱিক অৱস্থা পোৱা বাবে ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতা নোপোৱা অৱস্থাতো পৰিবেশ সম্বন্ধে ভুল ধাৰণাৰ সৃষ্টি হয়। সাধাৰণতে ৰাগিয়াল বস্তু পান কৰা, জ্বৰ মূৰত উঠা অবস্থা, আৰু মতিভ্রম থকা মানুহৰ ক্ৰিয়া আচৰণত এনে অমূল প্রত্যক্ষৰ প্ৰভাৱ পৰিলক্ষিত হয়। মুঠতে অমূল প্রত্যক্ষ হৈছে ব্যক্তিৰ অস্বাভাবিক মানসিক অবস্থাত বস্তু সম্পৰ্কে কৰা ভুল ধাৰণা।

১২। সংপ্রত্যয়ন বুলিলে কি বুজা?

উত্তৰঃ সংবেদনৰ উন্নত মানসিক পর্যায়টোৱেই হ’ল সংপ্রত্যয়ন। আমি জীৱনত নানান বস্তু সম্পর্কে জ্ঞান লাভ কৰো। এই প্রত্যক্ষ জ্ঞান তথা অভিজ্ঞতা ক্রমান্বয়ে সঞ্চিত হৈ আমাৰ মনত বস্তু বিশেষৰ প্ৰতি এক সাধাৰণ মত বা ধাৰণাই গঢ় লৈ উঠে। এই গঢ় লৈ উঠা ধাৰণা অতীতত প্রত্যক্ষ কৰা বস্তুবা অভিজ্ঞতাৰ এক সামূহিক, সুসংবদ্ধ, অর্থব্যঞ্জক অবস্থাহে। ই আমাৰ চিন্তাশক্তিৰ খোৰাক যোগায়। ইয়াকেই ‘সংপ্রত্যয়ন’ বোলা হয়। সংক্ষেপে ক’বলৈ গ’লে সংপ্রত্যয়ন হ’ল সাধাৰণ ধাৰণাসমূহৰ বিমূর্ত জ্ঞান।

১৩। শিশুৰ সংবোধনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ শিশুৰ সংবোধনৰ দুটা বৈশিষ্ট্য হ’লঃ

(ক) শিশুৰ সংবোধন অতি অস্পষ্ট।

(খ) শিশুয়ে তাৰ ভাৱ, অনুভূতি, কল্পনা আৰু সংবোধনৰ মাজত প্রায়েই আঁত হেৰুৱায়।

১৪। অন্তর্বাহী আৰু বহির্বাহী স্নায়ুৰ প্ৰধান কাম কি?

উত্তৰঃ অন্তৰ্বাহী স্নায়ুয়ে ইন্দ্ৰিয়সমূহৰ পৰা সংবেদন বা উদ্দীপনা মেৰুমজ্জা আৰু মস্তিষ্কলৈ প্ৰেৰণ কৰে।
আনহাতে, বহির্বাহী স্নায়ুৰ প্ৰধান কাম হ’ল মেৰুমজ্জা আৰু মস্তিষ্কৰ শক্তিকেন্দ্ৰৰ পৰা সঞ্চালিত স্নায়বিক উত্তেজনা কঢ়িয়াই অনা।

মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। সাধক যন্ত্র কাক বোলে? ইয়াৰ ভাগ কেইটা কি কি?

উত্তৰঃ দেহৰ বহিঃ অংশত থকা গ্রহণেন্দ্ৰিয়বোৰে পৰিবেশৰ পৰা উদ্দীপনা গ্রহণ কৰি মস্তিষ্কলৈ তাৰ চাপ প্ৰেৰণ কৰে।

মস্তিষ্কই তাৰ প্ৰয়োজনীয় বিশ্লেষণ কৰি প্ৰাপ্ত বার্তা বা প্রতিক্রিয়া দেহৰ বিভিন্ন অংশৰ যোগেদি প্রকাশ কৰে। দেহযন্ত্ৰৰ যিবোৰ অংশৰ যোগেদি সেই বার্তা বা প্রতিক্রিয়া প্রতিফলিত বা অভিব্যক্ত হয় তাকে ‘সাধক যন্ত্র’ বা ‘সাধক স্নায়ুতন্ত্র’ বোলে।
ইয়াৰ দুটা ভাগ আছে। যেনেঃ

(ক) পেশীসমূহ আৰু

(খ) গ্রন্থিসমূহ।

২। সংবেদন কাক বোলে? ইয়াৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ বাহ্য জগতৰ লগত মনৰ সংযোগ ঘটাৰ প্ৰাথমিক আৰু সৰলতাৰ দৈহিক অৱস্থাটোৱেই সংবেদন। দেহৰ উপৰি ভাগত থকা চকু, কাণ, নাক, জিভা আৰু ছাল এই পাঁচবিধ ইন্দ্ৰিয়ই পৰিবেশৰ পৰা বিকিৰণ হোৱা পাঁচবিধ উদ্দীপনাৰ চাপ গ্ৰহণ কৰে। এই চাপ গ্রহণেন্দ্ৰিয়ৰ লগত সংযোগ থকা স্নায়ুয়ে মস্তিষ্কলৈ প্ৰেৰণ কৰে। ইয়াৰ ফলত মস্তিষ্ক সচেতন আৰু সক্রিয় অবস্থাপ্রাপ্ত হয়। বাহ্য জগতৰ উদ্দীপনাই মস্তিষ্কত এই সচেতনতাৰ সৃষ্টি কৰি তোলা কার্যকেই সংবেদন বোলে।

সংবেদনৰ তিনিটা বৈশিষ্ট্য হ’ল:

(ক) সংবেদন কোনো এক নির্বাচিত বস্তুৰ আলম লৈ আমাৰ মনত গঢ় লৈ উঠে।

(খ) সংবেদনৰ অনুভূতি তুলনামূলকভাবে বিশ্লেষণ কৰি চোৱাৰ পিছতহে আমাৰ মনত সংবেদনাত্মক ধাৰণাৰ সৃষ্টি হয়।

(গ) সংবেদন অতীতত লাভ কৰা জ্ঞানৰ সংযোগ বা সম্মিলনতহে সম্ভব হয়।

৩। অনুমস্তিষ্ক কি? ইয়াৰ প্রধান কামবোৰ উল্লেখ কৰা।

উত্তৰঃ প্ৰমস্তিষ্কৰ শিৰনিম্ন অঞ্চলৰ পিছফালে থকা আপেক্ষিকভাবে সৰু স্নায়ুকেন্দ্ৰক অনুমস্তিষ্ক বোলে। ই দেখিবলৈ এটা চেপেটা বলৰ দৰে আৰু দুটা অংশত বিভক্ত। ইয়াৰ মাজৰ অংশত এডাল সমাযোজক অৱস্থিত। ইয়াৰ ওজন প্রায় ১৫০ গ্রাম। অনুমস্তিষ্কৰ প্ৰধান কাম হৈছে ভাৰসাম্য ৰক্ষা কৰা আৰু স্থিৰতা অবলম্বন কৰা। এই অঞ্চলে মাংসপেশীৰ কাম-কাজ পৰিচালনা কৰে। বিভিন্ন দৈহিক ক্ৰিয়াৰ অংগ সঞ্চালনৰ ক্ষেত্ৰত আৱশ্যক হোৱা নির্ভুল অৱলম্বন বহু পৰিমাণে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। মার্জিত চাল-চলন আৰু অভ্যাসৰ দ্বাৰা পৰিচালিত হোৱা কেতবোৰ দৈহিক ক্রিয়াও এই অঞ্চলৰ দ্বাৰা প্রভাবিত। ইয়াৰ উপৰিও দেহৰ প্রয়োজন অনুযায়ী এক সংহতি ৰক্ষা কৰি সামূহিকভাবে ক্রিয়া কৰাটো মস্তিষ্কৰ এই অংশই সহায় কৰে।

৪। সংবেদন আৰু সংবোধনৰ মাজত পার্থক্য কি?

উত্তৰঃ সংবেদন আৰু সংবোধনৰ মাজত পাৰ্থক্য হ’লঃ

(ক) সংবেদন জ্ঞানহীন।

কিন্তু সংবোধন জ্ঞানযুক্ত।

(খ) সংবেদন হৈছে সৰল অভিজ্ঞতা।

কিন্তু সংবোধন হৈছে জটিল মানসিক অবস্থা।

(গ) সংবেদন মনৰ নিষ্ক্রিয় অৱস্থা।

আনহাতে, সংবোধনে মনৰ সক্রিয় অৱস্থাক বুজায়।

(ঘ) সংবেদন অনিশ্চিত আৰু অনুমানৰ ওপৰত প্রতিষ্ঠিত।

কিন্তু সংবোধন হৈছে বাস্তৱ অভিজ্ঞতা।

(ঙ) সংবেদনত ব্যক্তিৰ পূৰ্বজ্ঞান বা অভিজ্ঞতাৰ প্ৰভাৱ নাথাকে।

কিন্তু সংবোধন ব্যক্তিৰ পূৰ্বজ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত সম্ভৱ হৈ উঠে।

৫। মানৱ শৰীৰত থকা চাৰিটা সনালী গ্ৰন্থিৰ নাম লিখা।

উত্তৰঃ মানৱ শৰীৰত থকা চাৰিটা সনালী গ্রন্থিৰ নাম হ’ল:

(ক) চকুত থকা অশ্রুগ্রন্থি।

(খ) পিত্তত থকা পিত্ত কোষ।

(গ) মুখত থকা লালটি গ্রন্থি আৰু

(ঘ) ছালত থকা ঘর্মগ্রন্থি।

৬। চালুকীয়া শিশুয়ে কিয় সংবোধন পাব নোৱাৰে? চমুকৈ লিখা।

উত্তৰঃ সংবোধন পূর্ব জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। এজন বয়স্ক লোকৰ মস্তিষ্কৰ অতীত অভিজ্ঞতা সংৰক্ষণ কৰিব পৰা বিশেষ ক্ষমতা থাকে। কিন্তু চালুকীয়া শিশুৰ মস্তিষ্ক অপৰিপক্ক তাৰ বাবে এনে ক্ষমতা নাথাকে। সেয়ে শিশুয়ে কেবল সংবেদন হেলাভ কৰিব পাৰে; সংবোধন পাব নোৱাৰে। সংবেদন অর্থপূর্ণ কৰিবলৈ অভিজ্ঞতাৰ পুনৰাবৃত্তি, সংৰক্ষণ, স্মৃতি, শিক্ষা, অনুশীলন আদিৰ প্ৰয়োজন।
কিন্তু চালুকীয়া শিশুৱে পৰিবেশৰ পোহৰ আৰু শব্দ উদ্দীপকৰ প্ৰতি প্ৰতিক্রিয়া প্রকাশ কৰি হাত-ভৰি লৰচৰ কৰা, কান্দি উঠা, উচপ খাই উঠা আদি কাৰ্য কৰিব পাৰে।

৭। শিশুৰ সংবেদনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ শিশুৰ সংবেদনৰ চাৰিটা বৈশিষ্ট্য হ’ল:

(ক) শিশুয়ে দুর্বল, অস্পষ্ট ক্ষণস্থায়ী সংবেদকৰ প্ৰতি কোনো আকর্ষণ অনুভৱ নকৰে।

(খ) শিশুৰ সংবেদন বেছিভাগ সময়ত জ্ঞানহীন বা অর্থহীন অবস্থাত থাকে।

(গ) শিশুয়ে সকলো সংবেদন অনুভূতিৰ প্ৰতি সমানে উত্তেজনা অনুভৱ নকৰে।

(ঘ) স্থায়ী, গতিশীল, স্পষ্ট, উজ্জল আদি সংবেদকসমহে সহজে শিশুৰ সংবেদন জগাই তুলিব পাৰে।

৮। সংবেদন কাক বোলে? ইয়াৰ প্ৰকাৰসমূহ কি কি? চমুকৈ আলোচনা কৰা।

উত্তৰঃ জীৱৰ কোনো এটা বিশেষ জ্ঞান লাভৰ একেবাৰে প্রাথমিক অৱস্থাটোকে ‘সংবেদন’ বুলি কোৱা হয়। বাহ্য জগতৰ বিভিন্ন বস্তুয়ে পৰিবেশ অনুযায়ী মানব দেহৰ ইন্দ্রিয়সমূহত উত্তেজনাৰ সৃষ্টি কৰে। এই উত্তেজনা শৰীৰৰ অন্তৰ্বাহী স্নায়ুয়ে মস্তিষ্কলৈ কঢ়িয়াই নিয়ে। কোনো উদ্দীপকৰ স্বৰূপ সম্পর্কে মস্তিষ্কত এই উত্তেজনাৰ সৃষ্টি হ’লেও মানৱ মনত সংবেদনৰ সৃষ্টি হয়।

সংবেদন তিনি প্ৰকাৰৰ। যেনেঃ

(ক) জৈবিক সংবেদন: পাকস্থলীৰ পেশীসমূহৰ ক্ৰিয়া-

প্রতিক্রিয়া আৰু দৈহিক পৰিৱৰ্তনৰ ফলত এই সংবেদনৰ সৃষ্টি হয়। ক্ষুদা, তৃষ্ণা হ’ল জৈৱিক সংবেদনৰ উদাহৰণ।

(খ) বিশিষ্ট সংবেদন: বিভিন্ন ইন্দ্ৰিয়সমূহৰ মাধ্যমত লাভ

কৰা সংবেদনক বিশিষ্ট সংবেদন বা ইন্দ্রিয় সংবেদন বুলি কোৱা হয়। উদাহৰণঃ দৃষ্টি সংবেদন, শ্রবণ সংবেদন।

(গ) পেশীয় সংবেদন: মাংসপেশী আৰু তন্ত্রসমূহৰ ক্ৰিয়া-

প্রতিক্রিয়াই স্নয়ুকোষসমূহত এক বিশেষ উদ্দীপনাৰ সৃষ্টি কৰে। এনে উদ্দীপনাৰ ফলত যি সংবেদন অনুভূত হয়, তাকে পেশীয় সংবেদন বোলে।

৯। ভ্রান্ত প্রত্যক্ষ আৰু অমূল প্রত্যক্ষৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ ভ্রান্ত প্রত্যক্ষ আৰু অমূল প্রত্যক্ষৰ মাজত থকা পার্থক্য হ’ল:

(ক) ভ্রান্ত প্রত্যক্ষত মস্তিষ্কৰ অস্থিৰ অৱস্থা বা অসহজ অৱস্থাৰ বাবে উদ্দীপনাৰ দ্বাৰা ভুল ধাৰণা অনুভূত হয়।

আনহাতে অমূল প্রত্যক্ষ মস্তিষ্কৰ ক্ৰিয়া অস্বাভাৱিক হোৱাৰ ফলত হয়।

(খ) ভ্রান্ত প্রত্যক্ষৰ সময়ত ব্যক্তিৰ দৈহিক আচৰণ, গতিবিধি আদি স্বভাবিক অৱস্থাত থাকে।

কিন্তু অমূল প্রত্যক্ষৰ সময়ত ব্যক্তিৰ দৈহিক আচৰণ, গতিবিধি স্বাভাবিক অৱস্থাত নাথাকে।

(গ) ভ্রান্ত প্রত্যক্ষ সকলোৰে বাবে প্রায় একে।

অমূল প্রত্যক্ষ ব্যক্তি বিশেষেহে হয়।

(ঘ) ভ্রান্ত প্রত্যক্ষৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ উঠিব পাৰে।

কিন্তু অমূল প্রত্যক্ষৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী নহয়।

১০। সংবোধন আৰু সংপ্রত্যয়নৰ মাজত থকা পার্থক্যসমূহ লিখা।

উত্তৰঃ সংবোধন আৰু সংপ্রত্যয়নৰ মাজত থকা পার্থক্যসমূহ হ’ল:

(ক) সংবোধনৰ বাবে সংবোধন অনুভূতিৰ প্ৰয়োজন হয়।

আনহাতে, সংপ্রত্যয়নৰ বাবে সংবোধন অভিজ্ঞতাৰ প্রয়োজন নহয়।

(খ) সংবোধন অভিজ্ঞতাত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ সামান্যতম।

আনহাতে, সংপ্রত্যয়ন অভিজ্ঞতাত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ অধিকভাৱে পৰে।

(গ) সংবোধনৰ অভিজ্ঞতা বাস্তবভিত্তিক।

কিন্তু সংপ্রত্যয়নৰ অভিজ্ঞতা বাস্তৱভিত্তিক নহ’বও পাৰে।

(ঘ) সংবোধন উদ্দীপকৰ উপস্থিতিত পোৱা এক প্রত্যক্ষ জ্ঞান।

আনাহতে উদ্দীপকৰ অনুপস্থিতিত সংপ্রত্যয়ন পাব পৰা যায়।

(ঙ) সংবোধন হৈছে পূর্ব অভিজ্ঞতাৰ ভিত্তিত নতুন বিষয়ৰ অর্থ প্রদান কার্য।

কিন্তু সংপ্রত্যয়ন হৈছে পূর্ব অভিজ্ঞতাৰ সংক্ষেপে নাম প্রদান কার্য।

১১। সংপ্রত্যয়নৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সংপ্রত্যয়নৰ বৈশিষ্ট্যসমূহ হ’ল:

(ক) সংবোধনৰ উন্নত আৰু সুসংগঠিত মানসিক অৱস্থাটোৱেই হ’ল সংপ্রত্যয়। ইসংবোধনৰ ওপৰত নিৰ্ভৰশীল। সংবোধন যিমান স্পষ্ট আৰু নির্ভুল হয়, সংপ্রত্যয়নো সিমানে নির্ভুল আৰু স্পষ্ট হয়। -(খ) সংপ্রত্যয়ন গুণগত আৰু আকৃতিগত এই দুয়োবিধৰে হ’ব পাৰে। মানুহ সম্পর্কে আমাৰ ধাৰণা শাৰীৰিক অবয়বৰ পৰাও হ’ব পাৰে বা মানবীয় গুণ আদিৰ ভিত্তিতো হ’ব পাৰে।

(গ) সকলো সংপ্রত্যয়নৰ বাস্তৱ ভিত্তি নাথাকিব পাৰে। কোনো কোনো সময়ত অবাস্তৱ আৰু অসম্ভৱ বস্তুৰ প্ৰতিও মনৰ মাজত এক ধাৰণা আহিব পাবে।

(ঘ) চিৰসত্য ঘটনাৰাজিৰ বাহিৰে অন্য ধাৰণা বা সংপ্রত্যয়ন ব্যক্তি বিশেষৰ মানসিক ক্ষমতা আৰু ৰুচিবোধৰ ভিন্নতা অনুসৰি বেলেগ বেলেগ হ’ব পাৰে।

১২। সংপ্রত্যয়ন বা ধাৰণাৰ বিকাশৰ মানসিক প্রক্রিয়াবোৰ উল্লেখ কৰা।

উত্তৰঃ সংপ্রত্যয়ন বা ধাৰণা বিকাশৰ মানসিক প্ৰক্ৰিয়াবোৰ হ’ল:

(ক) পর্যবেক্ষণ

(খ) বিশ্লেষণ

(গ) তুলনাকৰণ

(ঘ) পৃথকীকৰণ

(ঙ) সামান্যকৰণ

(চ) নামাকৰণ।

১৩। সংপ্রত্যয়নৰ প্রয়োজনীয়তা কি লিখা।

উত্তৰঃ সংপ্রত্যয়নৰ প্রয়োজীনয়তাসমূহ হ’ল:

(ক) সংপ্রত্যয়নৰ যোগেদি আমাৰ জ্ঞান, অভিজ্ঞতা, বস্তু, বিষয় আদি সুসংগঠিত আৰু শ্ৰেণীবদ্ধ কৰা হয়।

(খ) সংপ্রত্যয়নে চিন্তাৰ পৰিধি প্ৰসাৰিত কৰে।

(গ) সংপ্রত্যয়নৰ যোগেদি মানসকি প্রক্রিয়াসমূহৰ উৎকৰ্ষ সাধন হয়।

(গ) সংপ্রত্যয়নে ধাৰণাবিলাকৰ মাজত শৃঙ্খলা আনে।

১৪। সংপ্রত্যয়নৰ শৈক্ষিক গুৰুত্ব কি?

উত্তৰঃ সংপ্রত্যয়নৰ শৈক্ষিক গুৰুত্ব আছে। শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আদি দিশৰ সুস্থ বিকাশৰ ক্ষেত্ৰত সংপ্রত্যয়নৰ ভূমিকা গুৰুত্বপূৰ্ণ। ই সমস্যা সমাধান, কল্পনাপ্রবণতা, চিন্তা, যুক্তিযুক্ততা আদি গুণৰ বিকাশ ঘটায়। সংপ্রত্যয়নৰ ওপৰত নিৰ্ভৰ কৰি শিশুৰ ভাষিক বিকাশো হয়। সেয়েহে শিক্ষণৰ ক্ষেত্ৰত শিশুৰ মনত নির্ভুল ধাৰণা গঢ়ি উঠাৰ বাবে পৰিয়াল, চুবুৰীয়া আদিয়ে গুৰুত্ব দিয়া উচিত। সঠিক সংপ্রত্যয়ন বিকাশৰ বাবে শিক্ষকে মানচিত্র, ছবি, বিভিন্ন দৃশ্য-শ্রাব্য সঁজুলি আদি ব্যৱহাৰ কৰা যুগুত। সময়ে সময়ে শিক্ষকে বিভিন্ন বিষয়ৰ ওপৰত প্ৰজেক্টমূলক কাম কৰিবলৈ দিয়া উচিত। ইয়াৰ উপৰিও মাজে মাজে ভ্রমণলৈ যোৱা, ক্ষেত্র ভিত্তিক অধ্যয়ন আদিও অনুষ্ঠিত কৰা উচিত।

১৫। উদ্দীপক আৰু প্রতিক্রিয়া বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ বাহ্য জগতৰ বিভিন্ন জ্ঞান শৰীৰৰ বিভিন্ন ইন্দ্ৰিয়সমূহৰ জৰিয়তে আহৰণ কৰা হয়। এই’ইন্দ্রিয়সমূহক বাহ্যিক জগতৰ শক্তিসমূহে উত্তেজিত কৰে। এনে ধৰণৰ উত্তেজনাৰ সৃষ্টি কৰা বিষয়সমূহক উদ্দীপক বোলে। সাধাৰণতে আমি পঞ্চ ইন্দ্ৰিয়ৰ যোগেদি উদ্দীপনা লাভ কৰো। উদাহৰণস্বৰূপে কাণৰ বাবে শব্দ, নাকৰ বাবে গোন্ধ, জিভাৰ বাবে সোৱাদ, চকুৰ বাবে পোহৰ আৰু ছালৰ বাবে স্পর্শ উদ্দীপক। আনাহতে উদ্দীপকৰ প্ৰতি সহাঁৰি জনাই জীৱই যি কার্য কৰে তাকে প্রতিক্রিয়া বোলে। চকুপানী ওলোৱা, খোজ কঢ়া, লালটি ওলোৱা আদি উদ্দীপকৰ প্ৰতি আমাৰ ইন্দ্ৰিয়ই জনোৱা সহাঁৰি।

১৬। প্রতি বৰ্ত ক্রিয়া কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যেতিয়া গ্রহণেন্দ্রিয় আৰু সাধকসমূহৰ মাজৰ যোগাযোগ পোনপটীয়াভাবে মেৰুমজ্জাৰ যোগেদি সম্পাদিত হয়, তেতিয়া কোনো উদ্দীপক প্রতিক্রিয়া আমাৰ অজ্ঞাতেই সংঘটিত হয়। এনে ক্রিয়াকে ‘প্রতিবর্তী ক্রিয়া’ বোলে। এই ক্রিয়া সম্পূর্ণ যান্ত্রিকভাবে সংঘটিত হয়। ই দৈহিক আচৰনৰ প্রাথমিক স্তৰ আৰু দৈহিক প্রয়োজন পূৰণৰ বাবে ইয়াৰ প্ৰকাশ হয়। উজ্জল পোহৰত চকুৰ পতা বন্ধ হোবা, হামিওঁরা, হাঁচি মৰা আদি প্রতিৱৰ্ত ক্ৰিয়াৰ উদাহৰণ।

১৭। স্নায়ুকোষ কি? ইয়াৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ স্নায়ুকোষ হৈছে স্নায়ুতন্ত্ৰৰ এক ক্ষুদ্রতম বিভাজ্য অংশ বা একক। স্নায়ুকোষৰ সংখ্যা আনুমানিক ১২ লাখ কৌটি বুলি অনুমান কৰা হৈছে। আমাৰ শৰীৰৰ স্নায়ুতন্ত্র বিভিন্ন আকাৰৰ স্নায়ুকোষেৰে গঠিত।
স্নায়ুকোষৰ কাৰ্য দুটা। যেনেঃ

(ক) স্নায়ুকোষবোৰে ইন্দ্ৰিয়ৰ সহায়ত লাভ কৰা উদ্দীপনা মস্তিষ্কলৈ প্ৰেৰণ কৰে।

(খ) ই মস্তিষ্ক আৰু মেৰুদণ্ডৰ পৰা মাংসপেশীলৈয়ো উদ্দীপনা বহন কৰে।

১৮। মেৰুমজ্জাৰ প্ৰধান কাৰ্য উল্লেখ কৰা।

উত্তৰঃ মেৰুমজ্জাৰ প্ৰধান কাৰ্য চাৰিটা। যেনেঃ

(ক) মেৰুমজ্জা হৈছে ৰাজহাড়ৰ সুৰঙ্গযুক্ত অংশত থকা কিছুমান স্নায়ুৰ সমাহাৰ। ইয়াত ৩১ জোৰকৈ অন্তৰ্বাহী আৰু বহির্বাহী স্নায়ু আছে। ইহঁতে আমাৰ ইন্দ্রিয়, পেশী, গ্রন্থি আদিব লগত যোগাযোগ ৰক্ষা কৰি থাকে।

(খ) মেৰুমজ্জাই আমাৰ অভ্যস্ত কার্য সমূহ পৰিচালনা কৰে। সাঁতোৰা, খোজকঢ়া, চাইকেল চলোৱা আদি ঐচ্ছিক ক্রিয়া অনুশীলনৰ ফলত অভ্যাসত পৰিণত হয়। তেনে অভ্যস্ত ক্ৰিয়াৰ কেন্দ্রস্থল হ’ল মেৰুমজ্জা।

(গ) ই উত্তেজনা পৰিবহণ কৰে। মানুহৰ মূৰত থকা কিছুমান স্নায়ুৰ বাহিৰে দেহৰ সকলোবোৰ অংশৰ সংবেদী উত্তেজনা মেৰুমজ্জাৰ সহায়ত মস্তিষ্কলৈ যায়।

(গ) মেৰুমজ্জাই মস্তিষ্কৰ লগত দেহৰ বিভিন্ন অংশৰ সংযোগ স্থাপন কৰে।

১৯। গ্রন্থি কি? ইয়াৰ প্ৰধান ভাগবোৰ কিকি?

উত্তৰঃ গ্রন্থিসমূহ হ’ল আমাৰ শৰীৰৰ বিভিন্ন ঠাইত অৱস্থিত ৰস উলিয়াই দিব পৰা পথ। ৰস নিঃসৰণ কৰাই ইয়াৰ প্ৰধান কাম। এই গ্রন্থিসমূহত বিন্ধা থাকে। সেই বিন্ধাৰে ৰস নিঃসৰিত হয়। গ্রন্থিসমূহে দেহৰ গঠন, স্বাস্থ্য, কর্মক্ষমতা, ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশত গুৰুত্বপূৰ্ণ প্রভাৱ পেলায়। মাংসপেশী আৰু গ্রন্থিসমূহৰ সহযোগত দেহত ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি হোৱাৰ ফলতেই আমাৰ শাৰীৰিক আৰু মানসিক বিকাশ সম্ভব হয়।
আমাৰ দেহৰ প্ৰধান গ্রন্থিসমূহ হ’ল:

(ক) শোষক বা পিটুইটাৰী গ্রন্থি।

(খ) গলগ্রন্থি বা থাইৰয়ড গ্রন্থি।

(গ) অধিবৃক্ক গ্রন্থি বা এডনিৰেল গ্রন্থি।

(ঘ) যৌনগ্রন্থি।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৫। ৬)

১। গ্রাহক যন্ত্র বুলিলে কি বুজা? গ্রাহকযন্ত্ৰৰ কাৰ্যাৱলী চমুকৈ বর্ণনা কৰা।

উত্তৰঃ বাহিৰৰ জগতৰ বিভিন্ন উদ্দীপনাৰ লগত যোগাযোগ স্থাপনৰ কাৰণে আমাৰ শৰীৰত ভিন ভিন অংশত কেইটামন অংগ আছে, যথাঃ কাণ, নাক, জিভা, ছাল, চকু আদিক ‘গ্রাহক যন্ত্র’ বা ‘গ্রহণেন্দ্রিয়’ বোলে। গ্রহণেন্দ্রিয়বোৰ আমাৰ শৰীৰৰ বাবে দুৱাৰ-খিৰিকীৰ নিচিনা। এই ইন্দ্ৰিয়বোৰে বাহ্যিক জগতৰ পৰা বিভিন্ন জ্ঞান গ্রহণ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰে। গ্রহণেন্দ্ৰিয়সমূহৰ কিছুমান বিশেষ ধৰণৰ গ্ৰহণকোষ থাকে। বাহিৰৰ উদ্দীপকে এই গ্রহণ কোষবোৰ উত্তেজিত কৰি তোলে। ফলত সেই উত্তেজনা মগজুলৈ সঞ্চাৰিত হয়। তলত প্রত্যেকবিধ ইন্দ্ৰিয়ৰ কাৰ্যাৱলী তলত চমুকৈ উল্লেখ কৰা হ’ল-

(ক) কাণ: কাণৰ সহায়ত আমি শব্দৰ সংবেদন লাভ কৰো। ইয়াৰ উদ্দীপক হ’ল শব্দ। কাণক তিনিটা অংশত ভাগ কৰিব পাৰি। যেনেঃ বাহিৰ কাণ, মাজ কাণ আৰু ভিতৰ কাণ। কাণৰ গ্রহণ কোষ হ’ল শ্রবণ কোষাংগৰ নোমকোষসমূহ। বাহ্যিক জগতৰ শব্দ তৰংগ কাণৰ বিন্ধাৰে ভিতৰলৈ প্ৰৱেশ কৰি কাণৰ পর্দাত মৃদু কম্পনৰ সৃষ্টি কৰে। সেই কম্পন কাণৰ অভ্যন্তৰ পর্দাত ঠেকা খাই জুলীয়া পদাৰ্থৰ তৰংগৰ সৃষ্টি কৰে। লগে লগে স্নয়ুবিলাক উত্তেজিত হৈ মস্তিষ্কলৈ খবৰ পঠিয়াই দিয়ে আৰু তেতিয়াই আমাৰ শ্ৰৱণ সংবেদন হয়।

(খ) চকুঃ গ্রহণেন্দ্রিয়সমূহৰ ভিতৰত অন্যতম ইন্দ্রিয় হৈছে চকু। চকুৰ ভিতৰত এখন পর্দা আছে ইয়াক ‘অক্ষিপট’ বুলি কোৱা হয়। অক্ষিপটত দণ্ডকোষ আৰু শংকুকোষ নামেৰে দুই প্ৰকাৰৰ গ্ৰহণকোষ আছে। বাহিৰৰ পোহৰ যেতিয়া গ্রহণকোষত পৰে তেতিয়া এক প্ৰকাৰৰ তড়িৎ ৰাসায়নিক পৰিৱৰ্তন হয়। লগে লগে উদ্দীপনাৰ সৃষ্টি হয়। এই উদ্দীপনা সংবেদনবাহী স্নায়ুৰ সহায়ত মস্তিষ্কলৈ যায় আৰু লগে লগে উদ্দীপক আমাৰ দৃষ্টিগোচৰ হয়।

(গ) নাকঃ নাকৰ সহায়ত আমি বিভিন্ন বস্তুৰ গোন্ধ লওঁ। নাকৰ ভিতৰত স্নায়ুকোষেৰে গঠিত এখন পাতল আৱৰণ আছে।

এই পাতল আৱৰণখনৰ তলত গোন্ধ স্নায়ুকোষ অবস্থিত। বাষ্পীয় পদার্থ কণা বতাহত ভাঁহি আহিনাকত সোমায় আৰু স্নায়ুকোষত এক প্ৰকাৰৰ ৰাসায়নিক ক্রিয়া সংঘটিত হৈ উদ্দীপনাৰ সৃষ্টি হয়। তেতিয়া গন্ধবাহী স্নায়ুয়ে সেই উদ্দীপনা মস্তিষ্কলৈ প্ৰেৰণ কৰে আৰু আমি ঘ্রাণ সংবেদন লাভ কৰো।

(ঘ) জিভাঃ জিভাৰে সোৱাদ লাভ কৰা হয়। জিভাৰ ওপৰ ভাগত কিছুমান ক্ষুদ্র ক্ষুদ্র দানাৰ দৰে বিন্দু থাকে। এইবোৰক ‘স্বাদবাহী কোষ’ বোলে। এই কোষবোৰৰ ভিতৰত আকৌ কিছুমান কাৰক আছে। ইয়াক ‘স্বাদকাৰক’ বোলে। এই কাৰকবোৰেই হ’ল সোৱাদ গ্ৰহণৰ প্ৰকৃত ইন্দ্ৰিয়। আমি আহাৰ খালে সেইআহাৰ জিভাৰ স্বাদকোষৰ পৰা নিৰ্গত হোৱা লালটিৰ লগত মিহলি হোৱাৰ লগে লগে স্নায়ুত উদ্দীপনাৰ সৃষ্টি হয়। সেই উদ্দীপনা স্নায়ুৰ মাজেৰে আমাৰ মস্তিষ্ক পায়গৈ আৰু আমাৰ স্বাদ সম্পর্কীয় সংবেদন হয়।

(ঙ) ছালঃ ছালৰ দ্বাৰা আমি স্পর্শ সংবেদন লাভ কৰে।

ছালৰ সংবেদন মূলত চাৰি প্ৰকাৰৰ। যেনেঃ

(ক) স্পর্শ সংবেদন,

(খ) তাপ সংবেদন,

(গ) শীত সংবেদন,

(ঘ) পীড়া সংবেদন। ইয়াৰ তিনিটা তৰপ থাকে।

যেনেঃ

উপছাল, ছাল আৰু মেদস্তৰ। বাহ্যিক জগতৰ উদ্দীপনাৰ হেঁচা উপছালৰ ওপৰত পৰিলে তাৰ তলত থকা ছালত উদ্দীপনাৰ সৃষ্টি হয়। ছালৰ তলত স্নায়ুবোৰে এই উদ্দীপনা মস্তিষ্কলৈ কঢ়িয়াই নিয়ে আৰু তেতিয়াই আমাৰ স্পৰ্শ সংবেদন অনুভূত হয়।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×