Join WhatsApp

Join Now

Join Telegram

Join Now

মনোবিজ্ঞান আৰু শিক্ষা Class 11 Education Chapter 4 A Solutions ২০২৫

By Rabbi Masrur

Updated On:

Class 11 Education Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক মনোবিজ্ঞান আৰু শিক্ষা Class 11 Education Chapter 4 A Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

মনোবিজ্ঞান আৰু শিক্ষা Class 11 Education Chapter 4 A Solutions

মনোবিজ্ঞান আৰু শিক্ষা Class 11 Education Chapter 4 A Solutions

👉 Read Also:

মনোবিজ্ঞান আৰু শিক্ষা

(ক) চতুর্থ অধ্যায়

অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -১)

১। শুদ্ধ নে অশুদ্ধ বিচাৰ কৰাঃ

(ক) মনোবিজ্ঞান এক ইতিবাচক বিজ্ঞান।

উত্তৰঃ শুদ্ধ।

(খ) মনোবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য নির্ধাৰণ কৰে।

উত্তৰঃ অশুদ্ধ।

(গ) শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একেধৰণৰ।

উত্তৰঃ অশুদ্ধ।

(ঘ) ইংৰাজী ‘Psychology’ শব্দৰ অৰ্থ আত্মাৰ বিজ্ঞান।

উত্তৰঃ শুদ্ধ।

(ঙ) মনোবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য হ’ল মানুহৰ আচৰণ সম্বন্ধে জনা।

উত্তৰঃ শুদ্ধ।

(চ) মনোবিজ্ঞানৰ অধ্যয়ন প্রক্রিয়া বিশ্লেষণাত্মক।

উত্তৰঃ শুদ্ধ।

২। তলৰ বাক্যবোৰৰ শুদ্ধ অংশটো বিচাৰি উলিওৱাঃ

(ক) মনোবিজ্ঞান প্রত্যক্ষ। মান নির্ণায়ক।

চিন্তাধর্মী বিজ্ঞান।

উত্তৰঃ প্রত্যক্ষ।

(খ) মনোবিজ্ঞান’ শব্দটো পুৰণি গ্রীক। লেটিন / ইংৰাজী ভাষাৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ গ্ৰীক।

(গ) মনোবিজ্ঞানে শিক্ষাৰ সকলো সমস্যা সমাধান কৰিব পাৰে। নোৱাৰে সমাধানৰ চেষ্টা কৰে।

উত্তৰঃ সমাধানৰ চেষ্টা কৰে।

(ঘ) মনোবিজ্ঞান মনৰ বিজ্ঞান। সচেতনতাৰ বিজ্ঞান / আচৰণৰ বিজ্ঞান বুলি কোৱা হয়।

উত্তৰঃ: আচৰণৰ বিজ্ঞান।

(ঙ) মনোবিজ্ঞানৰ অধ্যয়ন হৈছে আদর্শনিষ্ট। সত্যনিষ্ট। বস্তুনিষ্ট।

উত্তৰঃ বস্তুনিষ্ট।

(চ) মনোবিজ্ঞানে ব্যক্তিৰ দলৰ । সমাজৰ আচৰণ অধ্যয়ন কৰে।

উত্তৰঃ ব্যক্তিৰ আচৰণ।

(ছ) মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতি হৈছে সংশ্লেষণাত্মক। বিশ্লেষণাত্মক। নির্দেশাত্মক।

উত্তৰঃ বিশ্লেষণাত্মক।

চমু প্রশ্নোত্তৰ (প্ৰত্যেকটোৰ মূল্যাংক-২।৩)

১। মনোবিজ্ঞানৰ বুৎপত্তিগত অর্থ লিখা।

উত্তৰঃ মনোবিজ্ঞানৰ ইংৰাজী প্রতিশব্দটো হ’ল ‘Psy-chology’। এই ‘Psychology’ শব্দটো গ্রীক ভাষাৰ ‘Psyche’ অর্থাৎ ‘আত্মা’ আৰু ‘logos’ অর্থাৎ ‘বিজ্ঞান’ শব্দ দুটি যুক্ত হৈ গঠিত হৈছে। গতিকে Psychology-ৰ বুৎপত্তিগত অৰ্থ হৈছে ‘মনৰ বিজ্ঞান’। প্রথম অৱস্থাত ই আত্মা বিষয়ক অধ্যয়নৰ আলোচনাতেই সীমাবদ্ধ আছিল। কিন্তু পিছলৈ ইয়াৰ পৰিধি বৃদ্ধি পোৱাত ইয়াক ‘আচৰণৰ বিজ্ঞান’ বুলি অভিহিত কৰা হয়।

মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)

১। মনোবিজ্ঞানক কিয় আচৰণৰ বিজ্ঞান বুলি কোৱা হয়?

উত্তৰঃ মনোবিজ্ঞানক আদিতে মনৰ বা আত্মাৰ বিজ্ঞান বুলি কোৱা হৈছিল যদিও পিছলৈ মনোবিজ্ঞানী ৱাটচন আৰু মেকডুগলে ইয়াক আচৰণৰ বিজ্ঞান বুলি প্রতিপন্ন কৰিছে। মেকডুগলৰ মতে, মনৰ উদ্দেশ্য প্রকাশ কৰাই হৈছে আচৰণৰ লক্ষণ আৰু আচৰণেই হৈছে জীৱৰ বৈশিষ্ট্য। মনৰ বাহ্যিক ৰূপ হ’ল আচৰণ। মনৰ চিন্তা, অনুভূতি আৰু ইচ্ছাশক্তি আদি দৈহিকভাবে প্রদর্শন কৰা আচৰণৰ যোগেদি প্রকাশ পায়। এনে আচৰণ প্ৰত্যক্ষভাবে অধ্যয়ন কৰাও সম্ভৱপৰ। সেয়ে মনোবিজ্ঞানক ‘আচৰণৰ বিজ্ঞান’ বুলি কোৱা হয়।

২। ‘মনোবিজ্ঞান এবিধ বস্তুনিষ্ঠ বিজ্ঞান’- ব্যাখ্যা কৰা।

উত্তৰঃ মনোবিজ্ঞান আদর্শ নিষ্ঠ বিজ্ঞান নহয়; ইয়াক বস্তুনিষ্ঠ বিজ্ঞান বুলিহে কোৱা হয়। অর্থাৎ ই কোনো ঘটনা যেনেকৈ ঘটে তেনেকৈয়ে বর্ণনা কৰে। ইয়াৰ ওপৰত কোনো মন্তব্য নিদিয়ে। উদাহৰণস্বৰূপে ই শিশুৰ প্ৰকৃতি যেনেকৈয়ে প্রকাশ পায় তেনেকৈয়ে বৰ্ণনা কৰে। এই সম্পর্কে মনোবিজ্ঞানীসকলে কোনো ধৰণৰ মন্তব্য নিদিয়ে। অর্থাৎ ই ব্যক্তিৰ আচৰণ বস্তুগত দৃষ্টিভংগীৰে অধ্যয়ন কৰে। ব্যক্তিৰ আচৰণ কেনে হোৱা উচিত সেই বিষয়ে ই কোনো কথা নকয় বা বিচাৰ নকৰে। শিক্ষাৰ ক্ষেত্রত মনোবিজ্ঞানীসকলে বিশ্বাস কৰে যে শিক্ষা পৰিবেশনৰ মাজত শিক্ষাৰ্থীৰ সকলোবিধ দৈহিক আৰু মানসিক ক্ষমতা, যোগ্যতা, আচৰণ আদি প্রত্যক্ষ আৰু বস্তুনিষ্ঠভাবে বিশ্লেষণ কৰাটো সম্ভৱ।
সেয়ে শিক্ষা মনোবিজ্ঞান এক আদর্শনিষ্ঠ বিজ্ঞান নহৈ বস্তুনিষ্ঠ বিজ্ঞানহে।

৩। মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা প্রভেদ বিচাৰ কৰা।

উত্তৰঃ মনোবিজ্ঞান আৰু শিক্ষা মনোবিজ্ঞানৰ মাজত থকা প্রভেদবোৰ হ’লঃ

(ক) মনোবিজ্ঞানে মানৱ আচৰণ অধ্যন কৰে।

কিন্তু শিক্ষা মনোবিজ্ঞানে মানুহৰ শিক্ষা গ্রহণ সম্বন্ধীয় কাৰ্যৰ মনোবৈজ্ঞানিক দিশ অধ্যয়ন কৰে।

(খ) মনোবিজ্ঞানৰ উৎপত্তি হৈছে মন বা আত্মা সম্বন্ধে কৰা কাল্পনিক চিন্তা-চৰ্চাৰ পৰা।
আনহাতে শিক্ষা মনোবিজ্ঞানৰ উৎপত্তি হৈছে শিশু মনৰ প্রকৃতি অধ্যয়নৰ বাস্তৱ প্ৰয়োজনৰ পৰা।

(গ) মনোবিজ্ঞানে শিশুৰ পৰা বুঢ়ালৈকে সকলো লোকৰ আচৰণৰ অধ্যয়নক সামৰি লয়।
শিক্ষা মনোবিজ্ঞানে অকল শিক্ষার্থীসকলৰ আচৰণহে অধ্যয়ন কৰে।

(ঘ) মনোবিজ্ঞানে মানৱ মন আৰু আচৰণৰ সম্বন্ধে নীতি আৰু সূত্ৰ উদ্ভাৱনৰ লগত জড়িত।
শিক্ষা মনোবিজ্ঞানে সেই নীতিসমূহ শ্রেণী কক্ষৰ শিক্ষা পৰিস্থিতিত প্রয়োগ কৰে।

৪। শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা।

উত্তৰঃ শিক্ষা আৰু মনোবিজ্ঞানৰ মাজৰ সম্বন্ধ অতি ঘনিষ্ঠ। মনোবিজ্ঞানৰ ধ্যান-ধাৰণাক বাদ দি আধুনিক শিক্ষা পদ্ধতি প্রণালীবদ্ধভাৱে আগবাঢ়িব নোৱাৰে। বিষয়-বস্তুৰ পিনৰ পৰা দুয়োটাৰ মাজত পাৰ্থক্য থাকিলেও দুয়োটাৰ মাজত নিবিড় সম্বন্ধ আছে। দুয়োৰে মাজত থকা সম্বন্ধ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি –

(ক) মনোবিজ্ঞানে শিক্ষাক বিজ্ঞানসম্মত আৰু বস্তুনিষ্ঠভাবে উপস্থাপন কৰি জীৱন আৰু জগত সম্পর্কে ব্যক্তিক উপযোগী জ্ঞান প্রদান কৰে।

(খ) মনোবিজ্ঞানে শিক্ষাত উপযুক্ত দৃষ্টিভংগী প্ৰদান কৰি ইয়াৰ মানদণ্ড উন্নত কৰে।

(গ) মনোবিজ্ঞানে শিক্ষকক নিজৰ জ্ঞান বৃদ্ধি কৰাত আৰু ছাত্র-ছাত্রীক বুজি পোৱাত সহায় কৰে।

(ঘ) মনোবিজ্ঞানে শিক্ষাত উপযুক্ত অনুশাসন প্রদান কৰাত নির্দেশনা প্রদান কৰে।

(ঙ) মনোবিজ্ঞান অধ্যয়ন কৰি শিক্ষকে শিক্ষাৰ ক্ষেত্ৰত উপযুক্ত কর্মপদ্ধতি নিৰ্ধাৰণ কৰিব পাৰে।

৫। শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এটি শাখা যিটো বিদ্যালয়ৰ শিক্ষণ পদ্ধতি, অৱস্থা, ফল, মূল্যায়ন আদিৰ লগত জড়িত।
শিক্ষা মনোবিজ্ঞানৰ প্ৰধান উদ্দেশ্যসমূহ হ’লঃ
(ক) শিক্ষা মনোবিজ্ঞানে সংজ্ঞা নিরূপণ আৰু শিক্ষাৰ উদ্দেশ্যৰ মাজত সংযোগ স্থাপন কৰি প্ৰয়োজনীয় আচৰণৰ মানদণ্ড নিৰূপণ কৰাত সহায় কৰে।

(খ) শিক্ষা মনোবিজ্ঞানে ছাত্র-ছাত্রীসকলৰ আচৰণ, ধ্যান-ধাৰণা, প্রকৃতি আদিৰ অধ্যয়নত উদ্‌গনি দিয়ে।

(গ) শিক্ষা মনোবিজ্ঞানৰ আন এক উদ্দেশ্য হ’ল ইয়াৰ মাধ্যমত সামাজিক সম্বন্ধৰ প্ৰকৃতি আৰু গুৰুত্বৰ বিষয়ে জ্ঞান দিয়ে।

(ঘ) শিক্ষা মনোবিজ্ঞানে শিক্ষক আৰু শিক্ষার্থীসকলৰ শিক্ষাদানৰ ফলশ্রুতিৰ জোখ লোৱাত সহায় কৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৫। ৬)

১। শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ আলোচনা কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ বৰ বহল। ইমানব আচৰণ, শিক্ষা সম্পর্কীয় বিষয়, সমস্যা, শিক্ষাদান পদ্ধতি আদিৰ লগত জড়িত। ইয়াৰ পৰিসৰ তলত সংক্ষেপে উল্লেখ কৰা হ’ল:

(ক) শিক্ষার্থীৰ আচৰণ অধ্যয়ন: শিক্ষাদান ফলপ্রসু
কৰিবলৈ শিক্ষার্থীসকলৰ আচৰণ অধ্যয়ন কৰাটো অতি জৰুৰী। শিক্ষা মনোবিজ্ঞানে এই আচৰণসমূহ বিজ্ঞানসন্মতভাবে অধ্যয়ন কৰে।

(খ) ব্যক্তি পার্থক্য অধ্যয়ন: ব্যক্তিভেদে আচৰণৰ পাৰ্থক্য আছে। শিক্ষার্থীসকলৰ আচৰণৰ পাৰ্থক্য জানি শিক্ষাদান কৰিলে শিক্ষা ফলপ্রসু হয়। শিক্ষা মনোবিজ্ঞানে সেই পাৰ্থক্যৰ বিষয়ে আলোচনা কৰে।

(গ) শিশুৰ বিকাশৰ স্তৰঃ শিশু এজনে বিকাশৰ বিভিন্ন স্তৰ কেনেকৈ অতিক্ৰম কৰে, বিকাশৰ পৰ্যায়সমূহ কেনেকুৱা এই সকলোবোৰ বিষয় শিক্ষা মনোবিজ্ঞানে অধ্যয়ন কৰে।

(ঘ) শিক্ষা পদ্ধতি: শিক্ষা মনোবিজ্ঞানে শিক্ষণৰ পদ্ধতি, নীতি আৰু তত্ত্বসমূহ অধ্যয়ন কৰে।

(ঙ) বংশগতি আৰু পৰিবেশ: শিক্ষা মনোবিজ্ঞানে কেনেদৰে বংশগতি আৰু পৰিবেশৰ প্ৰভাৱত শিশুবে বিকাশ লাভ কৰে সেই বিষয়ৰ অধ্যয়ন সাঙুৰি লয়।

(চ) শিক্ষা নির্দেশনা: শিক্ষা মনোবিজ্ঞানে ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত ক্ষমতাসমূহ অনুধাৱন কৰি উপযুক্ত শৈক্ষিক নির্দেশনাৰ সন্ধান কৰাত সহায় কৰে।

(ছ) আচৰণগত সমস্যাৰ অধ্যয়ন: শিক্ষা মনোবিজ্ঞানে অনুশাসন সম্বন্ধীয় বিভিন্ন দিশও অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণগত সমস্যাসমূহ সমাধান কৰাত সহায় কৰে।

২। শিক্ষা মনোবিজ্ঞানৰ বিভিন্ন ভাগসমূহ আলোচনা কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানক বহলভাবে দুটা ভাগত ভাগ ১। সাধাৰণ মনোবিজ্ঞান আৰু ২। কৰা হৈছে। যেনে ব্যৱহাৰিক বা প্রায়োগকি মনোবিজ্ঞান।

যি মনোবিজ্ঞানে মানুহৰ সাৰ্বজনীন আচৰণসমূহ অধ্যয়ন কৰে, তাকে ‘সাধাৰণ মনোবিজ্ঞান’ বোলে। সাধাৰণ মনোবিজ্ঞানৰ কিছুমান ভাগ আছে। যেনেঃ

(ক) শাৰীৰিক মনোবিজ্ঞান: শাৰীৰিক মনোবিজ্ঞানে মানুহৰ দেহযন্ত্ৰৰ গাঁথনি আৰু ইয়াৰ লগত মনৰ সম্বন্ধ আলোচনা কৰে। লগতে মানৱ ইন্দ্রিয়সমূহ, স্নায়ুৱিক প্রক্রিয়া, গ্রন্থিসমূহৰ ভূমিকা আদিৰ পৰীক্ষা-নিৰীক্ষা কৰে।

(খ) তুলনামূলক মনোবিজ্ঞান: মনোবিজ্ঞানৰ যি ভাগে মানৱ জাতিৰ আচৰণৰ সৈতে জীৱজন্তুৰ আচৰণৰ তুলনা কৰি মানৱ মনৰ ক্ৰমবিকাশৰ পৰ্যায়সমূহ আলোচনা কৰে, তাকে তুলনামূলক মনোবিজ্ঞান বোলে।

(গ) শিশু মনোবিজ্ঞান: শিশু মনোবিজ্ঞানে শিশুৰ শৈশব, বাল্য আৰু কৈশোৰ কালৰ শাৰীৰিক, মানসকি, আবেগিক, সামাজিক দিশমূহৰ বিষয়ে আলোচনা কৰে।

(ঘ) সামাজিক মনোবিজ্ঞান: মনোবিজ্ঞানৰ যিটো ভাগে ব্যক্তিৰ লগত সমাজৰ সম্বন্ধ আলোচনা কৰে তাকে সামাজিক মনোবিজ্ঞান বোলে।

(ঙ) পার্থক্যমূলক মনোবিজ্ঞান: মনোবিজ্ঞানৰ এইটো ভাগে ব্যক্তিৰ পাৰ্থক্যসমূহ নিৰ্ণয় কৰি ব্যক্তিৰ অভিৰুচিৰ ভিত্তিত শিক্ষাদানৰ

প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে। মনোবিজ্ঞানৰ দ্বিতীয় বহল ভাগটো হ’ল প্রায়োগিক মনোবিজ্ঞান। যি মনোবিজ্ঞানে মনোবিজ্ঞানৰ ফলাফলসমূহ মানুহৰ ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰা সম্পৰ্কে আলোচনা কৰে তাকে ব্যৱহাৰিক মনোবিজ্ঞান বোলে। ব্যৱহাৰিক মনোবিজ্ঞানৰ কিছুমান ভাগ আছে।

যেনে-

(ক) নিদানমূলক মনোবিজ্ঞান: যি মনোবিজ্ঞানে মানুহৰ মানসিক ৰোগ নিৰ্ধাৰণ কৰিবলৈ আৱশ্যকীয় উপায় আৰু পদ্ধতি সম্পর্কে আলোচনা কৰে, তাকে নিদানমূলক মনোবিজ্ঞান বোলে।

(খ) ব্যবসায়িক মনোবিজ্ঞান: প্রয়োগিক মনোবিজ্ঞানৰ যিটো শাখাই ব্যৱসায় সম্প্ৰসাৰণ, ব্যৱসায়ৰ লগত অন্য ব্যক্তিৰ সম্পৰ্কৰ উন্নয়ন, আদিৰ বিষয়ে অধ্যয়ন কৰে তাকে ব্যৱসায়িক মনোবিজ্ঞান বোলে।

(গ) অপৰাধ মনোবিজ্ঞান: প্রায়োগিক মনোবিজ্ঞানৰ যিটো শাখাই সমাজত অপৰাধ সংঘটিত কৰা ব্যক্তিসকলৰ আচৰণ, আৰু অপৰাধীক ধৰা পেলোৱাৰ উপায় সম্পর্কে আলোচনা কৰে, তাকে অপৰাধ মনোবিজ্ঞান বোলে।

(ঘ) সামৰিক মনোবিজ্ঞান: মনোবিজ্ঞানৰ যিটো ভাগে সামৰিক বিভাগত লোক নিযুক্তি সংক্রান্ত বিষয়সমূহ অধ্যয়ন কৰে, তাকে সামৰিক মনোবিজ্ঞান বোলে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×