Class 11 Education Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11 Education Chapter 1 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11 Education Chapter 1 Solutions
👉 Read Also:
- মানৱৰ বিকাশৰ স্তৰ প্রশ্ন উত্তৰ
- বিদ্যালয় আৰু ইয়াৰ সংগঠন প্রশ্ন উত্তৰ
- মনোবিজ্ঞান আৰু শিক্ষা প্রশ্ন উত্তৰ
- মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব প্রশ্ন উত্তৰ
শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
প্রথম অধ্যায়
অতি চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক – ১)
১। Educare শব্দৰ অৰ্থ কি?
উত্তৰঃ প্রতিপালন কৰা বা তুলি-তালি ডাঙৰ-দীঘল কৰা।
২। লেটিন শব্দ Educatum ৰ অৰ্থ কি?
উত্তৰঃ শিক্ষাদান কৰা কাৰ্য।
৩। ‘Emile’ গ্ৰন্থৰ ৰচক কোন?
উত্তৰঃ জে. জে. কচো।
৪। ‘Republic’ গ্ৰন্থৰ ৰচক কোন?
উত্তৰঃ প্লেটো।
৫। কোনে শিক্ষাক দ্বিপাক্ষিক প্রক্রিয়া বুলি অভিহিত কৰিছে?
উত্তৰঃ শিক্ষাবিদ চাৰ জন আদামচে।
৬। ব্যক্তিকেন্দ্রিক শিক্ষাৰ গুৰি ধৰোতা কোন?
উত্তৰঃ পার্চি নান।
৭। ত্রিপাক্ষিক শিক্ষাত কি কি তিনিটা দিশৰ ওপৰত গুৰুত্ব দিয়া হয়?
উত্তৰঃ শিক্ষার্থী, শিক্ষক আৰু সামাজিক পৰিবেশ।
৮। ‘শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে’ঃ কথাষাৰ কাৰ?
উত্তৰঃ এবিষ্ট টলব।
৯। কোন শিক্ষাবিদে শিক্ষাৰ লক্ষ্য হিচাপে সামাজিক যোগ্যতা অৰ্জনৰ ওপৰত গুৰত্ব দিছে?
উত্তৰঃ জন ডিউইয়ে।
১০। শিক্ষাত সমাজকেন্দ্রিক লক্ষ্যত বৰ্তমানৰ বাবে গ্রহণযোগ্য দৃষ্টিভংগী কোনে আগবঢ়ায়?
উত্তৰঃ শিক্ষাবিদ জন ডিউইয়ে।
১১। শিক্ষাৰ কি লক্ষ্যত ব্যক্তিসত্বাৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে?
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যত।
১২। কিণ্ডাৰ গার্ডেন স্কুলৰ জন্মদাতা কোন?
উত্তৰঃ জার্মানীৰ শিক্ষাবিদ ফ্রবেল।
১৩। ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি?
উত্তৰঃ কৈশোৰ কাল।
১৪। জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম কি?।
উত্তৰঃ শৈশৱ কাল।
১৫। শুদ্ধনে অশুদ্ধ লিখাঃ
(ক) শিক্ষাৰ ঘাই লক্ষ্য বিকাশহে, শিক্ষাদান নহয়।
উত্তৰঃ শুদ্ধ।
(খ) শিক্ষা মানুহৰ সভ্যতা সংস্কৃতিৰ বিকশক, সংৰক্ষক নহয়।
উত্তৰঃ অশুদ্ধ।
(গ) অনানুষ্ঠানিক শিক্ষা ব্যক্তিৰ সমগ্র জীবন জুৰি চলি থাকে।
উত্তৰঃ শুদ্ধ।
(ঘ) বিদ্যালয় হৈছে আনুষ্ঠানিক শিক্ষাৰ প্ৰধান কেন্দ্র।
উত্তৰঃ শুদ্ধ।
(ঙ) পাচি নান শিক্ষাৰ ব্যক্তিকেন্দ্রিক শিক্ষাৰ প্ৰধান সমর্থক আছিল।
উত্তৰঃ শুদ্ধ।
(চ) নিৰক্ষৰ লোক মানেইঅশিক্ষিত নহয়।
উত্তৰঃ শুদ্ধ।
(ছ) দর্শন আৰু শিক্ষাৰ মাজত কোনো সম্পর্ক নাই।
উত্তৰঃ অশুদ্ধ।
(জ) আধুনিক শিক্ষা হ’ল শিশুকেন্দ্রিক।
উত্তৰঃ শুদ্ধ।
(ঝ) পৰিপূৰ্ণ জীৱনৰ বাবে শিক্ষাৰ ঘাই প্ৰচাৰক আছিল হার্বার্ট স্পেনচাৰ।
উত্তৰঃ শুদ্ধ।
(ঞ) আনুষ্ঠানিক শিক্ষা সামাজিকভাবে স্বীকৃতিপ্রাপ্ত।
উত্তৰঃ শুদ্ধ।
(ট) শিশু মাতৃ গর্ভত ২৮০ দিন থাকে।
উত্তৰঃ শুদ্ধ।
(ঠ) কৈশোৰ কালত বৃত্তি সচেতন ভার নাথাকে।
উত্তৰঃ অশুদ্ধ।
(ড) বাল্যকালৰ এটা বৈশিষ্ট্য হ’ল সমকামীতা।
উত্তৰঃ শুদ্ধ।
(ঢ) বাল্যকালত দলৰ প্রতি আনুগত্য দেখা নাযায়।
উত্তৰঃ অশুদ্ধ।
(ণ) শৈশবকালত শিশু আনুষ্ঠানিক শিক্ষাৰ উপযোগী হয়।
উত্তৰঃ অশুদ্ধ।
(ত) জন্মৰ পৰা দুমাহলৈকে শিশুক নবজাতক বুলি ধৰা হয়।
উত্তৰঃ শুদ্ধ।
(থ) আচৰণৰ পৰিশোধন প্রক্রিয়াই হ’ল শিক্ষা।
উত্তৰঃ শুদ্ধ।
১৬। খালী ঠাই পূৰণ কৰাঃ
(ক) ব্যক্তিকেন্দ্রিক শিক্ষাৰ গুৰি ধৰোতা
উত্তৰঃ জন ডিউই।
(খ) শিক্ষাৰ দুটা অর্থঃ এটা সংকীর্ণ আনটো-
উত্তৰঃ ব্যাপক।
(গ) শিক্ষা এক ত্রিপাক্ষিক-
উত্তৰঃ প্রক্রিয়া।
(ঘ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ এটা আনটোৰ
উত্তৰঃ পৰিপূৰক।
(2) -শিক্ষা নহয়।
উত্তৰঃ স্বাক্ষৰতা।
১৭। শুদ্ধ বিকল্পটো বাছিউলিওৱা:
(ক) কৈশোৰ কাল হ’ল অপৰাধপ্রবণতাৰ ধুমুহা আৰুপীড়নৰ কাল।
উত্তৰঃ ধুমুহা আৰু পীড়নৰ।
(খ) মানৱ জীৱনৰ প্ৰথম পাঁচ বছৰ কালক নৱজাতক । পূর্ববাল্যকাল। শৈশব কাল বোলা হয়।
উত্তৰঃ পূর্ববাল্য কাল।
(গ) দলানুগত্য হ’ল শিশু কালৰ। বাল্যকালৰ। প্ৰাপ্তবয়স্ক কালৰ বৈশিষ্ট্য।
উত্তৰঃ বাল্য কালব।
(ঘ) প্রশ্ন সোধা কালছোৱাই শৈশব কালৰ। বয়ঃসন্ধিৰ । প্রাপ্তবয়স্ক কালৰ বৌদ্ধিক কথা সূচায়।
উত্তৰঃ শৈশব কালৰ।
(ঙ) অনুকৰণপ্রিয়তা শৈশৱ কালৰ। বাল্য কালৰ।
কৈশোৰকালৰ বৈশিষ্ট্য।
উত্তৰঃ শৈশৱ কালৰ।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২।৩)
১। শিক্ষাৰ সংজ্ঞা দিয়া।
উত্তৰঃ শিক্ষাৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে দিছে। যেনেঃ এৰিষ্ট টলৰ মতে, ‘সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাই শিক্ষা।’
জন ডিউইৰ মতে, ‘শিক্ষা হৈছে এক জীৱন ধাৰণ প্ৰক্ৰিয়া, যাৰ যোগেদি অভিজ্ঞতাৰ পূনর্গঠন কৰিব পৰা যায়।’
পেষ্টালজিৰ মতে, ‘মানুহৰ অন্তনির্হিত শক্তিৰ স্বাভাবিক, সুসামঞ্জস্য আৰু প্রগতিশীল বিকাশেই হ’ল শিক্ষা।’
আকৌ মহাত্মা গান্ধীয়ে শিক্ষাৰ দ্বাৰা শিশুৰ দৈহিক, মানসিক আৰু আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথাকে বুজাইছে।
২। শিক্ষাৰ দ্বিপাক্ষিক প্রক্রিয়া বুলিলে কি বুজা?
উত্তৰঃ চাৰ জন আদামচে শিক্ষাক ‘দ্বিপাক্ষিক প্রক্রিয়া’ বুলি অভিহিত কৰিছে। ইয়াৰ এটা পক্ষ হৈছে শিক্ষক আৰু আনটো হৈছে শিক্ষার্থী। এজন ভাল শিক্ষকৰ ব্যক্তিত্বই শিক্ষার্থীৰ ওপৰত প্রত্যক্ষ আৰু পৰোক্ষভাবে প্রভাৱ পেলায়। অর্থাৎ এজন শিক্ষকে নিজৰ ব্যক্তিত্বক শিক্ষার্থীৰ ব্যক্তিত্বৰ লগত একাকাৰ কৰে। সেয়ে শিক্ষাক দ্বিপাক্ষিক প্রক্রিয়া বুলি অভিহিত কৰা হৈছে।
৩। শিক্ষাৰ ত্রিপাক্ষিক প্রক্রিয়া বুলিলে কি বুজা?
উত্তৰঃ শিক্ষাবিদ জন ডিউই শিক্ষাক ‘ত্রিপাক্ষিক প্রক্রিয়া’ বুলি অভিহিত কৰি কৈছে যে শিক্ষাৰ লগত শিক্ষক, শিক্ষার্থী আৰু সামাজিক পৰিবেশ জড়িত হৈ আছে। সামাজিক পৰিবেশৰ ভিতৰত পাঠ্যক্রম অন্তর্ভুক্ত। তেওঁৰ মতে শিক্ষাই মূলতঃ সামাজিক চেতনাৰ পৰা সৃষ্টি হয়। সেয়ে শিক্ষাই ব্যক্তি আৰু সমাজ উভয়ৰে প্রয়োজন পূৰণ কৰাত গুৰুত্ব দিব লাগে। সেয়ে শিক্ষা প্রক্রিয়াই শিক্ষক, শিক্ষার্থী আৰু সামাজিক পৰিবেশ (পাঠ্যক্রম)ক বুজায়।
৪। ‘শিক্ষা এক জীবনব্যাপী প্রক্রিয়া’: ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষাবিদ জন ডিউইয়ে শিক্ষাক এক জীৱনব্যাপী প্রক্রিয়া বুলি অভিহিত কৰি কৈছে যে শিক্ষা অবিৰতভাৱে চলি থাকে। অর্থাৎ শিশু এজনৰ জন্মৰ লগে লগে শিক্ষা আৰম্ভ হয় আৰু মৃত্যুলৈকে ইচলি থাকে। সংকীর্ণ অর্থতহে শিক্ষাৰ সমাপ্তি আছে। কিন্তু বহল অর্থত শিক্ষাৰ কোনো সমাপ্তি নাই। এনে দৃষ্টিভংগীত আনুষ্ঠানিক শিক্ষা সংকীর্ণ শিক্ষা। বাস্তৱতো দেখা যায় যে আনুষ্ঠানিক শিক্ষাই জীৱনৰ বাবে প্রয়োজনীয় সকলো শিক্ষা সামৰি লব নোৱাৰে। আনুষ্ঠানিক শিক্ষা শেষ হোৱাৰ পিছতো বাস্তৱ জীৱনৰ পৰা মানুহে প্রয়োজন সাপেক্ষে বহুতো শিক্ষা লাভ কৰিব লগা হয়।
সেয়ে শিক্ষাক এক জীবন ব্যাপী প্রক্রিয়া বুলি কোৱাৰ যুক্তিযুক্ততা আছে।
৫। ‘এজন আক্ষৰিক জ্ঞান নথকা লোক অশিক্ষিত নহয়।’- ব্যাখ্যা কৰা।
উত্তৰঃ লিখিব আৰু পঢ়িব জনা লোক এজনক সাক্ষৰ বুলি কোৱা হয়। UNESCO ৰ মতে, ‘দৈনন্দিন জীৱনত এজন ব্যক্তিয়ে বোধগম্যতাৰে চুটি আৰু সাধাৰণ বাক্য পঢ়িব আৰু লিখিব পৰাকেই সাক্ষৰতা বোলে।’ সাধাৰণ অৰ্থত সাক্ষৰতা আৰু শিক্ষা একার্থক যেন লাগিলেও শিক্ষাবিদ সকলৰ দৃষ্টিত দুয়োটাৰ মাজত পাৰ্থক্য আছে। শিক্ষাৰ বহল দৃষ্টি ভংগীৰ পৰা এজন আক্ষৰিক জ্ঞান নথকা ব্যক্তিক অশিক্ষিত বুলি ক’ব নোৱাৰি। কাৰণ শিক্ষা হৈছে এক জীবনব্যাপী প্রক্রিয়া। ইজন্মৰ পৰা মৃত্যুলৈকে অবিৰতভাবে চলি থাকে। ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত শিক্ষানুষ্ঠানৰ বাহিৰত বাস্তৱ জীৱনত নানান অভিজ্ঞতা লাভ কৰে। সেয়ে আক্ষৰিক জ্ঞান নথকা ব্যক্তিক অশিক্ষিত বুলি ক’ব নোৱাৰি।
৬। শিক্ষা কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ শিক্ষা তিনি প্ৰকাৰৰ। যেনেঃ
(ক) আনুষ্ঠানিক শিক্ষা।
(খ) অনানুষ্ঠানিক শিক্ষা।
(গ) অগতানুগতিক শিক্ষা বা অনৌপচাৰিক শিক্ষা।
৭। শিক্ষাৰ লক্ষ্য কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ শিক্ষাৰ লক্ষ্য চাৰি প্ৰকাৰৰ। যেনেঃ
(ক) ব্যক্তিকেন্দ্রিক লক্ষ্য
(খ) সমাজকেন্দ্রিক লক্ষ্য।
(গ) বৃত্তিমুখী লক্ষ্য।
(ঘ) গণতান্ত্রিক লক্ষ্য।
মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)
১। আনুষ্ঠানিক শিক্ষা কাক বোলে? আনুষ্ঠানিক শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ কোনো আনুষ্ঠানিক শিক্ষা প্রতিষ্ঠানৰ জৰিয়তে নিদ্দিষ্ট আচনি, সময়সীমা, পাঠ্যক্রম আদি অনুসৰণ কৰি যি শিক্ষা প্রদান কৰা হয় তাকে ‘আনুষ্ঠানিক শিক্ষা’ বোলে। আনুষ্ঠানিক শিক্ষাৰ মূল উদ্দেশ্য হ’ল জ্ঞান আহৰণ আৰু কর্মকৌশল আয়ত্ব কৰি সমাজৰ উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলা। আনুষ্ঠানিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(ক) আনুষ্ঠানিক শিক্ষা প্রাথমিক বিদ্যালয়ত আৰম্ভ হয় আৰু ই বিশ্ববিদ্যালয় পর্যন্তবর্তী থাকে।
(খ) আনুষ্ঠানিক শিক্ষাৰ নির্দিষ্ট সময় সীমা থাকে।
(গ) এনে শিক্ষা নির্ধাৰিত পৰিকল্পনা, আঁচনি, সময়সীমা, পাঠ্যক্রম আদি থাকে।
২। অনানুষ্ঠানিক শিক্ষা কাক বোলে? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
(ঘ) প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ দ্বাৰা এনে শিক্ষা প্রদান কৰা হয়।
(ঙ) অনুশাসন কঠোৰ আৰু নিয়ন্ত্রিত।
(চ) শিক্ষার্থীৰ যোগ্যতা পৰীক্ষাৰ দ্বাৰা নিৰূপণ কৰা হয়।
(ছ) এনে শিক্ষা খৰচী।
(জ) বৌদ্ধিক জ্ঞানৰ প্ৰসাৰ ঘটোৱাই এনে শিক্ষাৰ উদ্দেশ্য।
উত্তৰঃ ব্যক্তি এজনে নিজ নিজ পৰিবেশত মুক্ত অৱস্থাত স্বতঃস্ফূর্তভাৱে যি শিক্ষা লাভ কৰে, তেনে শিক্ষাকে ‘অনানুষ্ঠানিক শিক্ষা’ বোলে। এনে শিক্ষা কোনো পাঠ্যপুথি অনুসৰণ নকৰি বাস্তৱ জীৱনৰ পৰা মৃত্যুলৈকে নিজে নিজে লাভ কৰা হয়।
অনানুষ্ঠানিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(ক) অনানুষ্ঠানিক শিক্ষা মুক্ত আৰু স্বতঃস্ফূর্ত শিক্ষা।
(খ) এনে শিক্ষা জীবনব্যাপী চলি থাকে।
(গ) এনে শিক্ষাৰ কোনো নির্ধাৰিত পাঠ্যক্রম নাথাকে।
(ঘ) কোনো অনুশাসন নাথাকে।
(ঙ) এনে শিক্ষাৰ যোগ্যতাৰ কোনো আনুষ্ঠানিক প্রমাণ পত্র নাথাকে।
(চ) অনানুষ্ঠানিক শিক্ষাত কোনো শিক্ষকৰ দ্বাৰা শিক্ষা দান কৰা নহয়।
(ছ) এনে শিক্ষাৰ প্রধান উদ্দেশ্য হৈছে ব্যৱহাৰিক জ্ঞানৰ বিকাশ সাধন কৰা।
(জ) এনে শিক্ষা যিকোনো পৰিবেশৰ পৰা লাভ কৰিব পাৰি।
৩। অনৌপচাৰিক বা অগতানুগতিক শিক্ষা কাক বোলে? ইয়াৰ প্ৰধান বৈশিষ্ট্য কি কি?
উত্তৰঃ যিসকল লোকে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰে সেইসকল লোকৰ বাবে চৰকাৰে সুকীয়াকৈ যি শিক্ষাদানৰ ব্যৱস্থা কৰিছে তাকে ‘অনৌপচাৰিক শিক্ষা’ বা ‘অগতানুগতিক শিক্ষা’ বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে পোন প্রথমতে ‘Learning to be’ নামৰ প্ৰতিবেদনত অনৌপচাৰিক শিক্ষা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছে অনৌপচাৰিক শিক্ষাৰ কিছুমান বৈশিষ্ট্য হ’ল:
(ক) অনৌপচাৰিক শিক্ষাৰ নিৰ্ধাৰিত সময় সীমা নাথাকে।
(খ) এনে শিক্ষাত শিক্ষার্থীৰ প্রয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয়।
(গ) মুক্ত বিশ্ববিদ্যালয়, যোগাযোগ পাঠ্যক্রম, অংশকালীন শিক্ষা ব্যৱস্থা আদিৰ জৰিয়তে এনে শিক্ষা প্রদান কৰা হয়।
(ঘ) এন শিক্ষাৰ শিক্ষার্থীৰ বয়সৰ কোনো সীমা নাথাকে।
(ঙ) ই পৰিৱৰ্তনশীল পাঠ্যক্রম, আত্ম অনুশাসন আৰু সজাগতাৰ ওপৰত নিৰ্ভৰশীল।
(চ) মূল্যায়নৰ ওপৰত ভিত্তি কৰি ডিগ্রী, প্রমাণ পত্র আদি প্রদান কৰা হয়।
৫। আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ মূল পার্থক্য লিখা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজৰ মূল পার্থক্য হ’ল:
(ক) আনুষ্ঠানিক শিক্ষাৰ এক পূর্ব পৰিকল্পিত আচঁনি আৰু ৰূপৰেখা থাকে। অনানুষ্ঠানিকশিক্ষা মুক্ত আৰু স্বতঃস্ফূর্ত শিক্ষা। এনে শিক্ষা যিকোনো পৰিবেশৰ পৰা লাভ কৰিব পাৰি
(খ) আনুষ্ঠানিক শিক্ষাৰ নির্দিষ্ট সময় সীমা থাকে। কিন্তু অনানুষ্ঠানিক শিক্ষাৰ কোনো নির্দিষ্ট সময় সীমা নাথাকে।
(গ) এনে শিক্ষা নিৰ্ধাৰিত পৰিকল্পনা, আঁচনি, সময়সীমা পাঠ্যক্রম আদি থাকে। কিন্তু অনানুষ্ঠানিক শিক্ষাৰ কোনো নিৰ্ধাৰিত পাঠ্যক্রম নাথাকে।
(ঘ) প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ দ্বাৰা এনে শিক্ষা প্রদান কৰা হয়। অনানুষ্ঠানিক শিক্ষাত কোনো শিক্ষকৰ দ্বাৰা শিক্ষা দান কৰা নহয়।
(ঙ) অনুশাসন কঠোৰ আৰু নিয়ন্ত্রিত। অনানুষ্ঠানিক শিক্ষাত কোনো অনুশাসন নাথাকে।
(চ) শিক্ষার্থীৰ যোগ্যতা পৰীক্ষাৰ দ্বাৰা নিৰূপণ কৰা হয়। অনানুষ্ঠানিক শিক্ষাৰ যোগ্যতাৰ কোনো আনুষ্ঠানিক প্রমাণ পত্র নাথাকে।
(ছ) বৌদ্ধিক জ্ঞানৰ প্ৰসাৰ ঘটোৱাই এনে শিক্ষাৰ উদ্দেশ্য। অনানুষ্ঠানিক শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে ব্যৱহাৰিক জ্ঞানৰ বিকাশ সাধন কৰা।
৬। আনুষ্ঠানিক শিক্ষা আৰু অগাতানুগতিক বা অনৌপচাৰিক শিক্ষাৰ মাজত থকা পার্থক্যসমূহ লিখা।
উত্তৰঃ আনুষ্ঠানিক শিক্ষা আৰু অনৌপচাৰিক শিক্ষাৰ মাজৰ মূল পার্থক্য হ’লঃ
(ক) আনুষ্ঠানিক শিক্ষা প্রাথমিক বিদ্যালয়ত আৰম্ভ হয় আৰু ই বিশ্ববিদ্যালয় পর্যন্তবর্তী থাকে। আনাহতে মুক্ত বিশ্ববিদ্যালয়, যোগাযোগ পাঠ্যক্রম, অংশকালীন শিক্ষা ব্যৱস্থা আদিৰ জৰিয়তে অগাতানুগতিক শিক্ষা প্রদান কৰা হয়।
(খ) আনুষ্ঠানিক শিক্ষাৰ নির্দিষ্ট সময় সীমা থাকে।
অনৌপচাৰিক শিক্ষাৰ নিৰ্ধাৰিত সময়সীমা নাথাকে।
(গ) এনে শিক্ষা নির্ধাবিত পৰিকল্পনা, আঁচনি, সময়সীমা পাঠ্যক্রম আদি থাকে।
কিন্তু অগতানুগতিক শিক্ষাত শিক্ষার্থীৰ প্রয়োজন অনুসৰি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হয়।
(ঘ) প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ দ্বাৰা এনে শিক্ষা প্রদান কৰা হয়।
অগতানুগতিক শিক্ষাত শিক্ষকৰ ভূমিকা কম। এনে শিক্ষা বহু সময়ত যোগাযোগ মাধ্যমেৰে শিক্ষা প্রদান কৰা হয়।
(ঙ) অনুশাসন কঠোৰ আৰু নিয়ন্ত্রিত।
অনৌপচাৰিক শিক্ষাত কঠোৰ নিয়ন্ত্রণ নাথাকে।
(চ) শিক্ষার্থীৰ যোগ্যতা পৰীক্ষাৰ দ্বাৰা নিৰূপণ কৰা হয়।
অগতানুগতিক শিক্ষাৰ যোগ্যতাৰ কোনো আনুষ্ঠানিক প্রমাণ পত্র নাথাকে।
(ছ) বৌদ্ধিক জ্ঞানৰ প্ৰসাৰ ঘটোৱাই এনে শিক্ষাৰ উদ্দেশ্য।
অগতানুগতিক শিক্ষা পৰিৱৰ্তনশীল পাঠ্যক্রম, আত্মত্ম অনুশাসন আৰু সজাগতাৰ ওপৰত নিৰ্ভৰশীল।
৭। অগতানুগতিক শিক্ষাৰ পাঁচটা লক্ষ্য বা উদ্দেশ্য লিখা।
উত্তৰঃ যিসকল লোকে আনুষ্ঠানিক শিক্ষা লাভ কৰিব নোৱাৰে সেইসকল লোকৰ বাবে চৰকাৰে সুকীয়াকৈ যি শিক্ষাদানৰ ব্যবস্থা কৰিছে তাকে ‘অনৌপচাৰিক শিক্ষা’ বা ‘অগতানুগতিক শিক্ষা’ বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে পোন প্রথমতে ‘Learning to be’ নামৰ প্ৰতিবেদনত অনৌপচাৰিক শিক্ষা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰিছে। অনৌপচাৰিক শিক্ষাৰ কিছুমান উদ্দেশ্য হ’লঃ
(ক) শিক্ষাক সার্বজনীন রূপ দিয়াত সহায় কৰা।
(খ) ব্যক্তিৰ জীৱন ধাৰাৰ মানদণ্ড উন্নত কৰাত সহায় কৰা।
(গ) ব্যক্তিৰ মনত সামাজিক সচেতনতাবোধ জগাই তোলা।
(ঘ) শিক্ষার্থীসকলক শিক্ষাৰ মূল সুতিৰ প্রতি অনুধারিত কৰা।
(ঙ) দেশৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰাকৈ সকলোকে উপযুক্ত কৰি গঢ়ি তোলা।
৮। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ বিষয়ে লিখা।
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ প্ৰৱক্তাজন হ’ল চাৰ পাৰ্চি নান। পাৰ্চিনানৰ মতে, শিক্ষা আঁচনি নিৰ্ভৰ কৰে ব্যক্তিৰ শ্রেষ্ঠতম সম্ভাৱনাৰ উচ্চতম বিকাশৰ ওপৰত। এনে শিক্ষাৰ লক্ষ্যই বিশ্বাস কৰে যে প্রত্যেক শিশু তথা ব্যক্তিৰ একোটা নিজস্ব সত্তা আছে। অর্থাৎ সকলো ব্যক্তিয়ে কিছুমান নিজস্ব গুণ আৰু সম্ভাবনা লৈ জন্ম গ্রহণ কৰে। প্রত্যেক ব্যক্তিৰ এই গুণ আৰু সম্ভাবনাক উপযুক্ত পৰিবেশত বিকাশ সাধন কৰাই ব্যক্তিকেন্দ্রিক শিক্ষাৰ মূল লক্ষ্য। শিক্ষাবিদ হার্বার্ট স্পেনচাৰেও শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ ওপৰত জোৰ দি কৈছে যে ব্যক্তি এজনৰ স্বতন্ত্র সত্বাক স্বীকাৰ কৰি তাৰ পূৰ্ণ বিকাশ সাধন কৰাৰ চেষ্টা কৰা উচিত।
আনহাতে যি শিক্ষাইব্যক্তিৰ স্বকীয়তা আৰু প্রয়োজনীয়তাক গৌণ বিবেচনা কৰি সমাজৰ অস্তিত্ব আৰু প্রয়োজনীয়তাক আগস্থান দি শিক্ষা ব্যবস্থা প্ৰৱৰ্তন কৰাই হৈছে শিক্ষাৰ সামাজিক লক্ষ্য। শিক্ষাৰ সমাজিক লক্ষ্যৰ প্ৰধান পৃষ্ঠপোষক আছিল জন ডিউই। এনে শিক্ষাৰ প্রধান লক্ষ্য হৈছে সমাজৰ উন্নতি সাধন কৰা। ব্যক্তিৰ অৱস্থিতি কেৱল সমাজৰ বাবেহে। সমাজ আৰু ৰাষ্ট্ৰ নোহোৱাকৈ ব্যক্তিৰ কোনো অস্তিত্ব নাই। ব্যক্তি সদায় সমাজমুখী আৰু সমাজৰ ওপৰত নিৰ্ভৰশীল। ব্যক্তিৰ আশা-আকাঙ্খা, আদর্শ, সংস্কৃতি আদি বিকাশ হয় সমাজৰ যোগেদি। সেয়ে শিক্ষাৰ প্রধান লক্ষ্য শিশুৰ ভৱিষ্যত সমাজিক জীৱনৰ বাবে উপযুক্ত কৰি তোলা।
৯। শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দুৰ্বলতাসমূহ উল্লেখ কৰা।
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দুৰ্বলতাসমূহ হ’লঃ
(ক) ব্যক্তিকেন্দ্রিক শিক্ষাই ব্যক্তি স্বাধীনতাক প্রতিনিধিত্ব কৰে।
কিন্তু শিশুক অবাধ স্বাধীনতা দিলে তেওঁলোকৰ সুস্থ বিকাশত বাধাৰ সৃষ্টি হ’ব পাৰে। কাৰণ শিশুয়ে স্বাধীনতাৰ প্রকৃত অর্থ নুবুজে।
(খ) ব্যক্তিৰ পৰিপূৰ্ণ বিকাশ সমাজতহে সম্ভৱ। কাৰণ ব্যক্তিৰ ব্যক্তি সত্ত্বাক ব্যক্তিত্বলৈ উন্নীত কৰিব পাৰে সমূহীয়া জীৱনৰ অভিজ্ঞতাইহে।
(গ) ব্যক্তিকেন্দ্রিক শিক্ষাই ব্যক্তিক স্বাৰ্থপৰ আৰু আত্মকেন্দ্রিক কৰি তুলিব পাৰে। ফলত সমাজত বিৰোধ আৰু বিশৃঙ্খলতাৰ সৃষ্টি হ’ব পাবে।
(ঘ) শিশুৰ স্বাভাবিক প্রৱণতাসমূহক অতি বেছি গুৰুত্ব দিয়াটো তাত্বিক আৰু প্রায়োগিক দিশৰ পৰা অপ্রাসঙ্গিক।
১০। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ শিক্ষাৰ যি লক্ষ্যই ব্যক্তিক জীৱন ধাৰণৰ বাবে উপার্জনক্ষম কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়ে তাকে শিক্ষাৰ বৃত্তিমূলক লক্ষ্য বোলে।
বৃত্তিমূলক শিক্ষাৰ প্ৰধান প্ৰৱক্তা আছিল মহামানর মহাত্মা গান্ধী।
শিক্ষাৰ বৃত্তিমূলক লক্ষ্যৰ প্রয়োজনীতা হ’ল:
(ক) বৃত্তিমূলক শিক্ষাইব্যক্তি জীৱনৰ অর্থনৈতিক দিশটোত গুৰুত্ব দিয়ে। এনে শিক্ষাৰ জৰিয়তে ব্যক্তিয়ে অর্থনৈতিক স্বাৱলম্বীতা লাভকৰিব পাৰে।
(খ) বৃত্তিমূলক শিক্ষাই সমাজৰ পৰা অৰ্থনৈতিক বৈষম্য আঁতৰ কৰাত ভূমিকা গ্রহণ কৰিব পাৰে।
(গ) নিম্ন বুদ্ধাংক ব্যক্তিৰ বাবে বৃত্তিগত শিক্ষা ফলপ্রসু।
(ঘ) বৃত্তিমূলক শিক্ষাই নিবনুৱা সমস্যা সমাধানত অৰিহণা যোগাব পাবে।
(ঙ) এনে শিক্ষাই ব্যক্তিৰ নিজস্ব প্রতিভা, যোগ্যতা, সম্ভাৱনীয়তা বিকাশত সহায় কৰিব পাৰে।
১১। শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত থকা পার্থক্য নিৰূপণ কৰা।
উত্তৰঃ শিক্ষাৰ ব্যক্তিকেন্দ্রিক আৰু সমাজকেন্দ্রিক লক্ষ্যৰ মাজত থকা পার্থক্যসমূহ হ’লঃ
(ক) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যৰ দৃষ্টিভংগী প্রাকৃতিক আৰু বৈজ্ঞানিক। কিন্তু সমাজকেন্দ্রিক শিক্ষাৰ লক্ষ্য হ’ল আর্থ-সামাজিক।
(খ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যই মানুহৰ জৈৱিক অস্তিত্ব বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। আনহাতে, শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্যই মানুহৰ সামাজিক যোগ্যতা লাভৰ ওপৰত অধিক গুৰুত্ব দিয়ে।
(গ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্য প্রকৃতিবাদৰ ওপৰত প্রতিষ্ঠিত। আনহাতে শিক্ষাৰ সমাজকেন্দ্রিক লক্ষ্য প্রয়োগবাদৰ ওপৰত প্রতিষ্ঠিত।
(ঘ) শিক্ষাৰ ব্যক্তিকেন্দ্রিক লক্ষ্যই ব্যক্তিৰ বিকাশৰ পূৰ্ণ স্বাধীনতা দিয়ে। কিন্তু সমাজকেন্দ্রিক লক্ষ্যই ব্যক্তিৰ সামাজিক প্রয়োজন পূৰণ কৰাৰ ওপৰত জোৰ দিয়ে।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৫। ৬)
১। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষাৰ লক্ষ্যসমূহ কি কি আলোচনা কৰা।
উত্তৰঃ ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মূল লক্ষ্য আছিল দেশৰ মানৱ সম্পদৰ বিকাশ সাধন কৰা। এইনীতি অনুসৰি চৰকাৰে কেন্দ্রীয় শিক্ষা দপ্তৰক মানব সম্পদ উন্নয়ন দপ্তৰ হিচাপে নামাকৰণ কৰা হয়।
এই শিক্ষা নীতিৰ মূল লক্ষ্যসমূহ আছিল-
(ক) এই শিক্ষা নীতি মতে শিক্ষা আঁচনি সকলো লোকৰ বাবে উমৈহতীয়া হ’ব লাগে যাতে সকলোবে মানবিশিষ্ট শিক্ষা লাভ কৰিব পাবে।
(খ) ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আন এক লক্ষ্য আছিল সমগ্র বিশ্বৰ সকলো লোকৰ মাজত বিশ্ব ভাতৃত্ববোধ আৰু বুজাপৰাৰ সৃষ্টি কৰা।
(গ) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে জীৱন ব্যাপী শিক্ষা ব্যৱস্থাৰ ওপৰত জোৰ দিয়ে। দেশৰ যুৱক, যুৱতী, গৃহিনী, শ্রমিক, আদি সকলো শ্ৰেণীৰ লোকে নিজৰ সুযোগ-সুবিধা অনুসৰি যিকোনো সময়তে শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে এই শিক্ষা নীতিয়ে গুৰুত্ব আৰোপ কৰে।
(ঘ) জাতি, বর্ণ, ধর্ম নির্বিশেষে সকলো লোকে শিক্ষা গ্রহণ কৰাৰ ওপৰত ইজোৰ দিয়ে।
(ঙ) দেশৰ সামাজিক লোকাচাৰ, সংস্কৃতি আদিৰ ভিন্নতাক শিক্ষার্থীয়ে ভালদৰে বুজি পোৱাৰ ওপৰত এই শিক্ষা নীতিয়ে গুৰুত্ব দিয়ে। ইয়াৰ বাবে সংযোগী ভাষাৰ বিকাশৰ লগতে এটা ভাষাৰ পৰা আন এটা ভাষালৈ গ্রন্থৰ অনুবাদ কৰাৰ ওপৰত গুৰুত্ব দিছিল। ইবহুভাষী অভিধান আৰু পৰিভাষা প্রকাশ কৰিবলৈয়ো পৰামৰ্শ আগবঢ়াইছিল।
(চ) এই শিক্ষা নীতিয়ে প্রশিক্ষণপ্রাপ্ত শিক্ষক নিযুক্তি, বিদ্যালয় নির্মাণ, শিক্ষকৰ প্রশিক্ষণ কেন্দ্র স্থাপন, পৰীক্ষা পদ্ধতিৰ সংশোধন আদিক মূল লক্ষ্য হিচাপে বিবেচনা কৰিছিল।
২। শিক্ষাৰ সংকীৰ্ণ আৰু বহল অর্থ ব্যাখ্যা কৰা।
উত্তৰঃ শিক্ষাক সংকীর্ণ আৰু বহল এই দুটা অর্থত প্রয়োগ কৰা হয়। সংকীর্ণ অর্থত শিক্ষা হৈছে বিদ্যালয়ৰ জৰিয়তে লাভ কৰা শিক্ষা। বিদ্যালয়ত ভর্তি হোৱাৰ লগে লগে এনে শিক্ষা আৰম্ভ হয় আৰু বিদ্যালয় এৰাৰ লগে লগে এনে শিক্ষা অন্ত পৰে বুলি ধৰা হয়। শিক্ষার্থীয়ে শিক্ষানুষ্ঠানত লাভ কৰা জ্ঞান পৰীক্ষাৰ দ্বাৰা জোখা হয়। সংকীর্ণ অর্থত শিক্ষাত নির্ধাৰিত আঁচনি, পাঠ্যক্রম, সময়সূচী আৰু নীতি-নিয়ম পূর্ব পৰিকল্পিতভাৱে যুগুত কৰা থাকে। শিশুসকল লগতে সমাজৰ কল্যাণ সাধনৰ বাবে এই আঁচনিযুক্ত শিক্ষা প্রদান কৰা হয়। প্রচলিত সমাজৰ ঐতিহ্যসমূহ ভবিষ্যত সমাজৰ উঠি অহা চামলৈ প্রেৰণ কৰাই সংকীর্ণ অৰ্থত শিক্ষাৰ মূল লক্ষ্য। শিক্ষাৰ এই উদ্দেশ্য পূৰণ কৰাৰ অৰ্থে বিদ্যালয় স্থাপন কৰা হয় আৰু শিক্ষকৰ নিযুক্তি দিয়া হয়।
আনহাতে শিক্ষাৰ বহল অৰ্থত শিক্ষাক এক জীৱন জোৰা প্ৰক্ৰিয়া বুলি বিবেচনা কৰা হয়। এনে শিক্ষা শৈশব, বাল্যকাল, কৈশোৰ, যৌবন বৃদ্ধ আদি সকলো স্তৰতে লাভ কৰিব পৰা যায়। শিক্ষাৰ বহল অৰ্থত কোৱা হয় যে জীবনেই হৈছে শিক্ষা আৰু শিক্ষাই জীৱন। ই ব্যক্তিৰ জন্মৰ পৰা মৃত্যুলৈকে সকলো অভিজ্ঞতাক সামৰি লয়। বহল অর্থত শিক্ষাই আনুষ্ঠানিক শিক্ষাক সংকীর্ণ শিক্ষা বুলি বিবেচনা কৰে আৰু ই সামাজিক পৰিবেশত বাস্তৱ জীৱনৰ মুখামুখি হৈ ব্যক্তিয়ে গ্রহণ কৰা শিক্ষাক সমর্থন কৰে। বেমন্ট, হুৱাইট হেড আদি শিক্ষাবিদসকলে শিক্ষাৰ বহল অৰ্থৰ সমর্থন কৰে।
৩। শিক্ষাৰ পৰিসৰ আলোচনা কৰা।
উত্তৰঃ শিক্ষাৰ পৰিসৰ বুলিলে শিক্ষাই সামৰি লোৱা বিষয়-বস্তুক বুজায়। শিক্ষাৰ পৰিসৰ অতি ব্যাপক। ব্যক্তিৰ বিকাশৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আধ্যাত্মিক আদি সকলো দিশকেই সামৰি লয়।
ইয়াৰ পৰিধি সংক্ষেপে তলত উল্লেখ কৰা হ’লঃ
(ক) শিক্ষাই ব্যক্তিৰ সকলো ব্যক্তিগত আৰু সামাজিক জীবন-যাপন কৰাৰ বাবে প্রয়োজনীয় সকলো জ্ঞানৰ শাখা সামৰি লয়।
(খ) ব্যক্তিৰ সমগ্ৰ জীৱনেই শিক্ষাৰ পৰিধিৰ ভিতৰত পৰে। শিক্ষা ব্যক্তিৰ জন্মৰ লগে লগে আৰম্ভ হয় আৰু অবিৰাম গতিত চলি থাকে।
(গ) শিক্ষাই ব্যক্তি আৰু পৰিবেশৰ মাজত সুস্থ সমযোজনাৰ প্রয়োজনীয় সকলো দিশ অন্তর্ভুক্ত কবে।
(ঘ) শিক্ষাই সভ্যতা সংস্কৃতি, ঐতিহ্য আদি সংৰক্ষণৰ বাহক বা প্রবাহ। এই সকলোবোৰ কাৰ্য শিক্ষাৰ পৰিধিৰ অন্তৰ্গত। তদুপৰি ব্যক্তিৰ পৰিপূর্ণ বিকাশত প্রভাব পোলোৱা সকলো কার্যই শিক্ষাই সামৰি লৈছে। শিক্ষা-মনোবিজ্ঞান, শিক্ষা দর্শন, শিক্ষা সমাজতত্ব, শিক্ষাদানৰ কৌশল, শিক্ষা প্রযুক্তি আদি সকলো ক্ষেত্ৰতে শিক্ষাৰ পৰিধি বিৰাজমান।
👉 Read Also:
- মানসিক জীৱনৰ শাৰীৰিক ভিত্তি প্রশ্ন উত্তৰ
- মানৱ আচৰণৰ ভিত্তিসমূহ আৰু ইয়াৰ দিকদর্শন প্রশ্ন উত্তৰ
- ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা প্রশ্ন উত্তৰ