Join WhatsApp

Join Now

Join Telegram

Join Now

একাদশ শ্ৰেণী Class 11 Economics MCQ Chapter 9 তথ্য সংকলন 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণী Class 11 Economics MCQ Chapter 9 তথ্য সংকলন, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Economics MCQ Chapter 9 তথ্য সংকলন

শাখা-খ

অধ্যায়-9

তথ্য সংকলন

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

👉 Read Also:

প্রঃ কেঁচা তথ্য কি?

(ক) সু-সংগঠিত তথ্য

(খ) মৌলিক অসংগ্রহীত তথ্য

(গ) বিশ্লেষণৰ বাবে সংগৃহীত তথ্য

(ঘ) শ্রেণীকৃত তথ্য

উঃ (খ)

প্ৰঃ শ্ৰেণীকৰণৰ প্ৰধান উদ্দেশ্য কি?

(ক) তথ্যৰ পৰিমাণ বঢ়োৱা

(খ) তথ্যত শৃংখলতা আনা

(গ) তথ্যৰ গুণগত মান হ্রাস কৰা

(ঘ) তথ্যৰ পৰীক্ষণ কমোৱা

উঃ (খ)

প্রঃ শ্রেণীকৰণৰ বৈশিষ্ট্য সমূহৰ ভিতৰত কোনটো সঠিক?

(ক) স্পষ্টতা

(খ) পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল

(গ) মূল্যমান হ্রাস কৰা

(ঘ) পৰীক্ষণ সংকোচন

উঃ (ক)

প্রঃ শ্রেণী মধ্যমান কি?

(ক) উচ্চ সীমা আৰু নিম্ন সীমাৰ গড়

(খ) উচ্চ সীমাৰ অনুপাত

(গ) নিম্ন সীমাৰ গুণফল

(ঘ) শ্ৰেণী পৰিসৰ

উঃ (ক)

প্ৰঃ পৰিসৰ কি?

(ক) উচ্চতম আৰু নিম্নতম মানৰ পাৰ্থক্য

(খ) উচ্চতম মান

(গ) নিম্নতম মান

(ঘ) মুঠ মান

উঃ (ক)

প্রঃ কেঁচা তথ্যৰ বৈশিষ্ট্য কি?

(ক) সর্বদা শৃংখলিত থাকে

(খ) অনিয়মিত থাকে

(গ) বিভাজিত তথ্য থাকে

(ঘ) পৰীক্ষিত তথ্য থাকে

উঃ (খ) অনিয়মিত থাকে

প্রঃ শ্রেণীকৰণ সংগতিযুক্ত হোৱাৰ কাৰণ কি?

(ক) সময় অপচয় হয়

(খ) তথ্যৰ বিশ্লেষণ সহজ হয়

(গ) তথ্য কম থাকে

(ঘ) উপৰোক্ত সকলোৱে

উঃ (খ)

প্রঃ শ্ৰেণী বিভাগৰ মুঠ বাৰংবাৰতা কি?

(ক) এটি শ্ৰেণীৰ মুঠ তথ্যৰ সংখ্যা

(খ) এটা শ্ৰেণী অন্তৰালৰ বিভাজন

(গ) পৰিসৰৰ গড়

(ঘ) এটা সংখ্যাৰ পৰিমাপক

উঃ (ক)

প্রঃ সঞ্চয়ী বাৰংবাৰতা কি?

(ক) মুঠ তথ্যৰ সংখ্যা

(খ) নির্দিষ্ট শ্ৰেণীৰ মুঠ সংখ্যা

(গ) শ্রেণী বিভাগৰ লগত আগৰ শ্ৰেণীসমূহৰ যোগফল

(ঘ) উচ্চতম মান

উঃ (গ)

প্রঃ “গুণগত শ্রেণীকৰণ” কাক বোলে?

(ক) সংখ্যা অনুযায়ী বিভাজন

(খ) গুণ আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শ্রেণীকৰণ

(গ) কালানুক্রমিক শ্রেণীকৰণ

(ঘ) অঞ্চল ভিত্তিক শ্রেণীকৰণ

উঃ (খ)

প্রঃ সংখ্যাভিত্তিক শ্রেণীকৰণত কি থাকে?

(ক) আয়, মূল্য, বয়স

(খ) অঞ্চল

(গ) সময়

(ঘ) পৰিকল্পনা

উঃ (ক) আয়, মূল্য, বয়স

প্রঃ “আক্ষৰিক শ্রেণীকৰণ” কাক বোলে?

(ক) সময় ভিত্তিত শ্রেণীকৰণ

(খ) সংখ্যা ভিত্তিত শ্ৰেণীকৰণ

(গ) বর্ণমালা অনুসৰি শ্ৰেণীকৰণ

(ঘ) অঞ্চল ভিত্তিত শ্রেণীকৰণ

উঃ (গ)

প্ৰঃ শ্ৰেণীকৰণৰ উপযোগিতা কি?

(ক) অনুসন্ধান সহজ কৰে

(খ) তথ্যৰ মান হ্রাস কৰে

(গ) সময় বঢ়ায়

(ঘ) কোনো সুবিধা নাই

উঃ (ক)

প্রঃ কালানুক্রমিক শ্রেণীকৰণত কি অন্তর্ভুক্ত হয়?

(ক) বছৰৰ অনুক্ৰমত তথ্য

(খ) স্থান

(গ) গুণ

(ঘ) পৰীক্ষা

উঃ (ক)

প্রঃ সঞ্চয়ী বাৰংবাৰতাৰ বৈশিষ্ট্য কি?

(ক) প্ৰথম শ্ৰেণীৰ বাৰংবাৰতা সঞ্চয়ীত একে থাকে

(খ) সঞ্চয়ী বাৰংবাৰতা সৰ্বদা বাঢ়ে

(গ) শ্ৰেণীৰ সংখ্যা হ্রাস কৰে

(ঘ) তথ্যৰ মান বাড়ায়

উঃ (ক)

প্রঃ শ্রেণী অন্তৰালৰ পৰিসৰ কেনেকৈ গণনা কৰা হয়?

(ক) নিম্ন আৰু উচ্চ সীমাৰ পাৰ্থক্য

(খ) নিম্ন সীমাৰ যোগ

(গ) গড়

(ঘ) সীমাৰ গুণফল

উঃ (ক)

👉 Read Also:

প্ৰঃ দ্বিভাজিত শ্ৰেণীকৰণত কি অন্তর্ভুক্ত হয়?

(ক) দুটা ভাগ

(খ) তিনিটা ভাগ

(গ) বহুসংখ্যক ভাগ

(ঘ) কেবাটাও পৰীক্ষণ

উঃ (ক) দুটা ভাগ

প্রঃ শ্রেণী বিন্যাসৰ উদ্দেশ্য কি?

(ক) বৈজ্ঞানিক তথ্য সংগ্রহ

(খ) তথ্যৰ নির্ভুলতা বাঢ়োবা

(গ) সাদৃশ্য পৃথক কৰা

(ঘ) সময় হ্রাস কৰা

উঃ (ক)

প্রঃ নমনীয় শ্রেণীকৰণৰ বৈশিষ্ট্য কি?

(ক) স্থিৰ

(খ) সৰু পৰিবৰ্তন আৰু খাপ খুৱাব পাৰি

(গ) সবিশেষ তথ্য

(ঘ) সন্দেহাতীত

উঃ (খ)

প্রঃ কোন পদ্ধতিত শ্ৰেণীৰ উচ্চ সীমা বাদ দিয়া হয়?

(ক) বিবর্জিত পদ্ধতি

(খ) অন্তর্ভুক্তি পদ্ধতি

(গ) বিভাজিত পদ্ধতি

(ঘ) বর্তমান পদ্ধতি

উঃ (ক)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রঃ কেঁচা তথ্য বুলিলে কি বুজা?

উঃ অনুসন্ধানকাৰীয়ে সংগ্ৰহ কৰা মৌলিক তথ্যক কেঁচা তথ্য বোলে।

প্ৰঃ শ্ৰেণীকৰণৰ মূল উদ্দেশ্য কি?

উঃ কেঁচা তথ্যত শৃংখলতা আনিবলৈ শ্রেণীকৰণ কৰা হয়।

প্ৰঃ শ্ৰেণীকৰণৰ স্পষ্টতাৰ অৰ্থ কি?

উঃ শ্ৰেণীকৰণ সৰল আৰু সন্দেহমুক্ত হোৱাক স্পষ্টতা বোলে।

প্রঃ পৰিসৰ কেনেকৈ গণনা কৰা হয়?

উঃ পৰিসৰ হৈছে উচ্চতম আৰু নিম্নতম মানৰ পার্থক্য।

প্ৰঃ শ্ৰেণীকৰণৰ নমনীয়তা কাক বোলে?

উঃ পৰিবৰ্তনশীল পৰিস্থিতিত খাপ খুৱাবলৈ সক্ষম হোৱাক শ্রেণীকৰণৰ নমনীয়তা বোলে।

প্রঃ সংগতিযুক্ত শ্রেণীকৰণৰ উদ্দেশ্য কি?

উঃ তথ্যৰ সালসলনি ধাৰাবাহিক কৰিবলৈ সংগতিযুক্ত শ্ৰেণীকৰণ কৰা হয়।

প্রঃ শ্রেণী মধ্যমান কেনেকৈ নিৰ্ণয় কৰা হয়?

উঃ নিম্ন সীমা আৰু উচ্চ সীমাৰ গড়ক শ্ৰেণী মধ্যমান বোলে।

প্রঃ সঞ্চয়ী বাৰংবাৰতা কাক বোলে?

উঃ শ্ৰেণী আৰু আগৰ শ্ৰেণীসমূহৰ বাৰংবাৰতাৰ যোগফলক সঞ্চয়ী বাৰংবাৰতা বোলে।

প্রঃ আক্ষৰিক শ্রেণীকৰণ কাক বোলে?

উঃ বৰ্ণমালাৰ অনুক্ৰমত কৰা শ্ৰেণীকৰণক আক্ষৰিক শ্রেণীকৰণ বোলে।

প্রঃ কালানুক্রমিক শ্রেণীকৰণৰ অৰ্থ কি?

উঃ কালৰ অনুক্ৰমত কৰা শ্ৰেণীকৰণক কালানুক্রমিক শ্রেণীকৰণ বোলে।

প্রঃ সংখ্যাভিত্তিক শ্রেণীকৰণত কি অন্তর্ভুক্ত হয়?

উঃ আয়, মূল্য, বয়স আদি অন্তর্ভুক্ত হয়।

প্ৰঃ শ্ৰেণীকৰণৰ সময়ত স্পষ্টতাৰ প্ৰয়োজন কিয়?

উঃ সঠিক বিশ্লেষণৰ বাবে শ্ৰেণীকৰণৰ সময়ত স্পষ্টতা থকা উচিত।

প্ৰঃ শ্ৰেণীকৰণৰ সুবিধা কি?

উঃ শ্রেণীকৰণে তথ্যৰ বিশ্লেষণ সহজ কৰে।

প্ৰঃ তথ্যৰ সংগতিযুক্ততাক কি বোলা হয়?

উঃ তথ্যৰ সংগতিযুক্ততাক শ্রেণীকৰণ বোলা হয়।

প্রঃ গুণগত শ্ৰেণীকৰণ কি?

উঃ গুণগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কৰা শ্ৰেণীকৰণক গুণগত শ্রেণীকৰণ বোলে।

প্ৰঃ শ্ৰেণীকৰণত স্থিৰতাৰ প্ৰয়োজন কিয়?

উঃ তুলনাৰ সুবিধাৰ বাবে শ্ৰেণীকৰণত স্থিৰতা থাকা উচিত।

প্রঃ দ্বিভাজিত শ্ৰেণীকৰণত কি অন্তর্ভুক্ত হয়?

উঃ দ্বিভাজিত শ্রেণীকৰণত শ্ৰেণীকৰণৰ দুটা ভাগ থাকে।

প্রঃ শ্রেণীকৃত তথ্যত কি পাৰিসাংখ্যিক গণনা ভিত্তি কৰা হয়?

উঃ শ্ৰেণী মধ্যমানৰ ওপৰত পাৰিসাংখ্যিক গণনা কৰা হয়।

প্রঃ শ্রেণীকৰণত উপযোগীতাৰ প্ৰয়োজন কিয়?

উঃ তথ্য অনুসন্ধানৰ বাবে শ্রেণীকৰণ উপযোগী হোৱা উচিত।

প্রঃ পৰিসংখ্যাৰ বাবে কেঁচা তথ্যৰ প্ৰয়োজন কিয়?

উঃ সঠিক পৰিসংখ্যাৰ বাবে মৌলিক কেঁচা তথ্যৰ প্ৰয়োজন।

প্রঃ শ্রেণী বিভাগৰ সীমা দুটা কি?

উঃ নিম্ন সীমা আৰু উচ্চ সীমা।

প্ৰঃ মুঠ বাৰংবাৰতা কাক বোলে?

উঃ সকলো শ্ৰেণীৰ বাৰংবাৰতাৰ যোগফলক মুঠ বাৰংবাৰতা বোলে।

প্রঃ শ্রেণী অন্তৰাল কাক বোলে?

উঃ শ্ৰেণীৰ উচ্চ আৰু নিম্ন সীমাৰ পাৰ্থক্যক শ্রেণী অন্তৰাল বোলে।

প্রঃ সমজাতীয়তা কি?

উঃ একে বৈশিষ্ট্যৰ তথ্য সমূহক এক শ্রেণীত অন্তর্ভুক্ত কৰাক সমজাতীয়তা বোলে।

প্রঃ পৰিসংখ্যাত শ্রেণীকৰণ কিয় প্রয়োজন?

উঃ পৰিসংখ্যাত বিশ্লেষণ সহজ কৰাৰ বাবে শ্ৰেণীকৰণৰ প্ৰয়োজন।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment