Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Economics MCQ Chapter 2 উপভোক্তাৰ আচৰণ তত্ত্ব 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ একাদশ শ্ৰেণীৰ Class 11 Economics MCQ Chapter 2 উপভোক্তাৰ আচৰণ তত্ত্ব, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Economics MCQ Chapter 2 উপভোক্তাৰ আচৰণ তত্ত্ব

শাখা-ক

অধ্যায়-২

উপভোক্তাৰ আচৰণ তত্ত্ব

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

👉 Read Also:

প্ৰঃ উপযোগিতাৰ সংজ্ঞা কি?

(ক) বস্তুৰ অভাৱ

(খ) বস্তুক সঞ্চয় কৰা

(গ) বস্তুৰ অভাৱ পূৰণ কৰিবলৈ সক্ষমতা

(ঘ) নতুন বস্তু সৃষ্টি

উঃ (গ)

প্রঃ উপভোক্তাৰ উপযোগিতাই কি প্রতিনিধিত্ব কৰে?

(ক) আয়

(খ) চাহিদা

(গ) বাজেট

(ঘ) ব্যৱহাৰ

উঃ (খ)

প্রঃ এজন উপভোক্তাৰ বাবে নিৰ্ধাৰিত বাজেটে কি বুজায়?

(ক) অযাচিত আয়

(খ) সীমিত আয়

(গ) অর্থনৈতিক আয়

(ঘ) মুঠ আয়

উঃ (খ)

প্রঃ বাজেট ৰেখা কি?

(ক) সমান ব্যয়

(খ) মুঠ খৰচ

(গ) বিভিন্ন আয়ৰ মাপকাঠি

(ঘ) সমান উপভোগৰ টোপোলা

উঃ (ঘ.)

প্রঃ বাজেট ৰেখাৰ হেলনীয়া হোৱাটোৱে কি বুজায়?

(ক) মুঠ আয়

(খ) সমান আয়

(গ) এটা দ্ৰব্যৰ সঞ্চয়

(ঘ) আনটো দ্ৰব্যৰ পৰিমাণ হ্রাস

উঃ (ঘ)

প্রঃ প্রান্তিক উৎপাদন শূন্য হলে মুঠ উৎপাদন কি হ’ব?

(ক) কম

(গ) স্থিৰ

(খ) বৃদ্ধি

(ঘ) সর্বোচ্চ

উঃ (ঘ)

প্রঃ বাজেট ৰেখাৰ হেলনীয়াটোরে কি নির্ণয় কৰে?

(ক) আয়

(খ) সমান আয়

(গ) কিমান পৰিৱৰ্তন হয়

(ঘ) সমান ৰেখা

উঃ (গ)

প্ৰঃ বাজেট ৰেখাৰ তলৰ বিন্দুবোৰে কি সূচায়?

(ক) কম আয়

(খ) মুঠ আয়

(গ) কম খৰচ

(ঘ) অধিক খৰচ

উঃ (গ)

প্ৰঃ দুটা দ্ৰব্যৰ বিকল্পৰ নিৰিখে কি বুজায়?

(ক) চাহিদাৰ বৃদ্ধি

(খ) ব্যয়ৰ হাৰ

(গ) প্রতিকল্পনৰ প্রান্তিক হাৰ

(ঘ) আয়

উঃ (গ)

প্রঃ নিৰপেক্ষ ৰেখা তলমুৱাকৈ হেলনীয়া কিয়?

(ক) এটা বাঢ়ে

(খ) এটা হ্রাস পায়

(গ) স্থিৰ থাকে

(ঘ) ওপৰলৈ মূৱা

উঃ (খ)

প্রঃ উপভোক্তাগৰাকী কিধৰণৰ ব্যক্তি?

(ক) যুক্তিসংগত

(খ) অযুক্তিসংগত

(গ) অসংগত

(ঘ) অজ্ঞাত

উঃ (ক)

প্ৰঃ উপভোক্তাৰ যুক্তিযুক্ত আচৰণ কাক সূচায়?

(ক) বাজেট

(খ) চাহিদা

(গ) অগ্রাধিকাৰ

(ঘ) আয়

উঃ (গ)

প্ৰঃ উপভোক্তাৰ অগ্ৰাধিকাৰৰ শীৰ্ষ বিন্দুটো ক’ত থাকে?

(ক) বাজেট ৰেখাৰ ওপৰত

(খ) বাজেট ৰেখাৰ তলত

(গ) বাজেট ৰেখাৰ কাষত

(ঘ) বাজেট ৰেখাৰ মাজত

উঃ (ক)

প্ৰঃ x আৰু y ৰ মাজত কি ধৰণৰ সম্পৰ্ক আছে?

(ক) অসম্পর্কিত

(খ) সাংঘাতিক

(গ) কার্যমূলক

(ঘ) সংঘর্ষমূলক

উঃ (গ)

প্রঃ নিৰ্ভৰশীল চলক অভিলম্বীয় অক্ষত জোখা হয়- সঠিক নে অশুদ্ধ?

(ক) সঠিক

(খ) অশুদ্ধ

(গ) অসম্পূর্ণ

(ঘ) আপেক্ষিক

উঃ (খ)

প্রঃ চাহিদা ৰেখাৰ হেলনীয়া প্ৰৱণতাই বুজায়?

(ক) স্থিতিস্থাপকতা

(খ) মূল্য

(গ) উপভোগ

(ঘ) আয়

উঃ (ক)

প্রঃ চাহিদা কার্য কি?

(ক) চাহিদাৰ ভৱিষ্যৎ

(খ) পৰিমাণ আৰু দামৰ সম্পৰ্ক

(গ) আয়ৰ পৰিমাণ

(ঘ) উৎপাদন

উঃ (খ)

প্রঃ স্বাভাবিক দ্রব্য কি?

(ক) উচ্চ মান

(খ) নিম্ন মান

(গ) মাত্র অধিক আয়ৰ সৈতে

(ঘ) উচ্চ আয়ৰ পৰিমাণত মাত্ৰ

উঃ (গ)

প্ৰঃ নিকৃষ্ট দ্ৰব্যৰ উদাহৰণ কি?

(ক) চিয়াহী আৰু কলম

(খ) কঁপাহী কাপোৰ

(গ) নিম্ন মানদণ্ডৰ খাদ্য সামগ্রী

(ঘ) বজাৰ মূল্য

উঃ (গ)

প্ৰঃ পৰিপূৰক দ্ৰব্যৰ সংজ্ঞা কি?

(ক) যিবিলাক দ্রব্য একেলগে উপভোগ কৰা হয়

(খ) যিবিলাক দ্ৰব্যৰ দাম একে থাকে

(গ) যিবিলাক দ্ৰব্যৰ বিকল্প থাকে

(ঘ) একে পণ্যৰ বিভিন্ন মডেল

উঃ (ক)

👉 Read Also:

প্ৰঃ পৰিপূৰক দ্ৰব্যৰ এটি উদাহৰণ কি?

(ক) গাড়ী আৰু বাইক

(খ) চিয়াহী আৰু কলম

(গ) চাউল আৰু আটা

(ঘ) ৰঙা আৰু হালধীয়া

উঃ (খ)

প্রঃ এটা দ্ৰব্যৰ চাহিদা তাৰ বিকল্প দ্ৰব্যৰ দামৰ লগত কিদৰে সম্পর্কিত?

(ক) একমুখী

(খ) বিপৰীতমুখী

(গ) সমান

(ঘ) একে থাকে

উঃ (খ)

প্রঃ যদি চাহিদাৰ স্থিতিস্থাপকতা শূন্য হয়, তেন্তে এবিধ পণ্যৰ দাম ১০ শতাংশ কমিলেও চাহিদাত কি পৰিৱৰ্তন ঘটিব?

(ক) বৃদ্ধি পাব

(খ) হ্রাস পাব

(গ) স্থিত থাকিব

(ঘ) নাযায়

উঃ (গ)

প্রঃ চাহিদাৰ স্থিতিস্থাপকতা যদি একৰ সমান হয়, তেন্তে চাহিদাৰ পৰিমাণ কিদৰে পৰিৱৰ্তন হয়?

(ক) সমান অনুপাতে

(খ) বৃদ্ধি পায়

(গ) হ্রাস পায়

(ঘ) একো নহয়

উঃ (ক)

প্রঃ চূড়ান্ত দ্রব্য কি?

(ক) যিবিলাক দ্রব্য প্রয়োজনীয়

(খ) যিবিলাক দ্রব্য ভোগকাৰ্য্যত ব্যৱহাৰ কৰিব পৰা যায়

(গ) যিবিলাক দ্রব্য বিকল্পৰূপে কাম কৰে

(ঘ) নির্দিষ্ট আয়তৰে প্রয়োজন হয়

উঃ (খ)

প্রঃ উপভোগ টোপোলাই কি বুজায়?

(ক) নির্দিষ্ট আকাৰৰ চাহিদা

(খ) বিভিন্ন দ্ৰব্যৰ পৰিমাণৰ সংহতি

(গ) প্রতিযোগীতা বৃদ্ধি কৰাত সহায় কৰে

(ঘ) আকর্ষণ বৃদ্ধি কৰে

উঃ (খ)

প্রঃ এবিধ দ্ৰব্যৰ দাম কমিলেও যদি চাহিদাৰ পৰিমাণ অস্থিৰ থাকে, তেন্তে চাহিদাৰ স্থিতিস্থাপকতা কিমান?

(ক) ১

(খ) ০

(গ) অধিক

(ঘ) শূন্যৰ সমান

উঃ (খ)

প্রঃ যদি X দ্ৰব্যৰ দাম বৃদ্ধিৰ ফলত Y দ্ৰব্যৰ চাহিদা বৃদ্ধি পায়, তেন্তে X আৰু Y কিদৰে পৰিচিত?

(ক) বিকল্প

(খ) সহায়ক

(গ) চাহিদা

(ঘ) প্রাপ্ত

উঃ (ক)

প্রঃ উপভোক্তা এজন যুক্তিসংগত ব্যক্তি বুলি ক’ত ধৰি লোৱা হয়?

(ক) উচ্চ আয়

(খ) সীমিত আয়

(গ) সাধাৰণ আয়

(ঘ) আন আন

উঃ (খ)

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রঃ উপযোগিতাৰ সংজ্ঞা দিয়া।

উঃ বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযোগিতা বোলে।

প্রঃ এজন উপভোক্তাৰ উপযোগিতাক কিহে প্রতিনিধিত্ব কৰে?

উঃ চাহিদাই।

প্রঃ এজন উপভোক্তাৰ বাবে নিৰ্ধাৰিত বাজেট কি?

উঃ সীমিত আয়।

প্রঃ বাজেট ৰেখা কি?

উঃ বাজেট বেখাডাল সেইবিলাক টোপোলাৰ দ্বাৰা গঠিত যিবিলাক উপভোগৰ ব্যয় উপভোক্তাজনৰ আয়ৰ ঠিক সমান।

প্রঃ বাজেট ৰেখাৰ হেলনীয়াটো কি?

উঃ এটা দ্ৰব্যৰ এক এককতকৈ অধিক উপভোগ কৰিলে আনটো দ্ৰব্যৰ অলপ পৰিমাণ উপভোগৰ পৰা বিৰত থকা বুজায়।

প্রঃ প্রান্তিক উৎপাদন শূন্য হলে মুঠ উৎপাদন কি হ’ব?

উঃ সর্বোচ্চ।

প্রঃ উপভোক্তাৰ বাজেট ৰেখাৰ হেলনীয়াটোরে কি নির্ধাৰণ কৰে?

উঃ বাজেট ৰেখাৰ হেলনীয়াটো হৈছে ঋণাত্মক।

অৰ্থাৎ বাজেট ৰেখাৰ হেলনীয়াটোৱে এই বেডালত এবিধ দ্ৰব্যৰ এক একক পৰিৱৰ্তনৰ কাৰণে আনবিধ দ্ৰব্যৰ কিমান পৰিৱৰ্তন হয় তাক নির্ণয় কৰে। অর্থাৎ বাজেট ৰেখাৰ ঢাল ঋণাত্মক।

প্রঃ উপভোক্তাৰ বাজেট ৰেখাৰ তলৰ বিন্দুবোৰেৰে কি সূচায়?

উঃ মুঠ আয়তকৈ কম খৰচ হোৱা এটা টোপোলা প্রতিনিধিত্ব কৰে।

প্ৰঃ দুটা দ্ৰব্যৰ মাজৰ বিকল্পৰ নিৰিখটোৱে কিহৰ জোখ দিয়ে?

উঃ প্রতিকল্পনৰ প্রান্তিক হাৰ।

প্রঃ এডাল নিৰপেক্ষ ৰেখা তলমুৱাকৈ হেলনীয়া কিয়?

উঃ নিৰপেক্ষ ৰেখাডালত 1 নং দ্ৰব্যৰ পৰিমাণ পৃদ্ধিয়ে 2 নং দ্ৰব্যৰ পৰিমাণ হ্রাস কৰে বাবে ৰেখাডাল তলমুৱাকৈ হেলনীয়া।

প্রঃ খালী ঠাই পূৰ কৰাঃ অর্থনীতিত এইটো সাধাৰণতে ধৰি লোৱা হয় যে উপভোক্তাগৰাকী এজন ………. ব্যক্তি।

উঃ যুক্তিসংগত।

প্ৰঃ উপভোক্তাৰ যুক্তিযুক্ত আচৰণে কিহৰ ইংগিত দিয়ে।

উঃ উপভোক্তাৰ যুক্তিযুক্ত আচৰণে অগ্ৰাধিকাৰৰ ইংগিত দিয়ে।

প্রঃ সঠিক অংশটো বাছি উলিওৱাঃ উপভোক্তাৰ অগ্ৰাধিকাৰৰ শীৰ্ষ বিন্দুটো বাজেট ৰেখাৰ ওপৰত। বাজেট ৰেখাৰ তলত বাজেট ৰেখাত স্থাপন কৰিব পাৰি।

উঃ উপভোক্তাৰ অগ্ৰাধিকাৰৰ শীৰ্ষ বিন্দুটো বাজেট ৰেখাৰ ওপৰত স্থাপন কৰিব পাৰি।

প্ৰঃ ধৰি লোৱা হওঁক X আৰু y দুটা চলক আৰু Yৰ মূল্য নিৰ্ভৰ কৰে X ৰ মূল্যৰ ওপৰত। এতেকে y চলকটো স্বতন্ত্র নে নিৰ্ভৰশীল লিখা।

উঃ y চলকটো নিৰ্ভৰশীল।

প্রঃ যিকোনো দুটা চলক X আৰু y ক বিবেচনাৰ বাবে লোৱা। y ৰ মূল্য নিৰ্ভৰ কৰে X ৰ মূল্যৰ ওপৰত। এতেকে দুয়োটা চলকৰ মাজৰ কাৰ্যমূলক সম্পর্ক লিখা।

উঃ ইয়াত X হৈছে স্বতন্ত্র আৰু y হৈছে নির্ভৰশীল চলক। গতিকে x আৰু y ৰ মাজৰ সম্পৰ্ক হ’ল y = f(x)।

প্রঃ অর্থনীতিত এটা কাৰ্যৰ লেখচিত্র অংকনৰ বাবে অভিলম্বীয় অক্ষৰ লগতে জোখা হয় নিৰ্ভৰশীল চলক। শুদ্ধ নে অশুদ্ধ লিখা।

উঃ অশুদ্ধ।

প্রঃ খালী ঠাই পূৰ কৰাঃ  চাহিদা ৰেখাৰ হেলনীয়া প্ৰৱণতাই………..ব জোখ লয়, যত চাহিদা সলনি হয় ইয়াৰ দাম অনুসৰি।

উঃ চাহিদাৰ স্থিতিস্থাপক।

প্রঃ চাহিদা কার্য (বা ফলন) কি?

উঃ চাহিদা কার্যই দ্রব্য এটাৰ দাম আৰু চাহিদাৰ পৰিমাণৰ মাজৰ সম্পৰ্কক বুজায়।

প্রঃ স্বাভাবিক দ্রব্য কি?

উঃ বেছিভাগ দ্ৰব্যৰ ক্ষেত্ৰত আয় বৃদ্ধি হলে দ্রব্যবিধৰ চাহিদাৰ পৰিমাণ বৃদ্ধি হয় আৰু আয় কমিলে চাহিদা কমে। যিবোৰ সামগ্ৰীৰ ক্ষেত্ৰত ভোক্তাজনৰ আয় আৰু চাহিদাৰ একমুখী সম্পর্ক থাকে, তেনে সামগ্রীক স্বাভাৱিক দ্রব্য বোলে।

প্রঃ নিকৃষ্ট ধর্মী দ্রব্য কি?

উঃ যিবোৰৰ দ্ৰব্যৰ চাহিদা আৰু ভোক্তাজনৰ আয় বিপৰীত দিশত গতি কৰে তেনেকুৱা দ্রব্যক নিকৃষ্ট দ্রব্য বোলা হয়। নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত আয় বৃদ্ধি হ’লে চাহিদা হ্রাস পায় আৰু যেতিয়া আয় কমে, নিকৃিষ্ট দ্ৰব্যৰ চাহিদা বাড়ে। নিকৃষ্ট দ্ৰব্যৰ উদাহৰণ হ’ল- নিম্ন মানদণ্ডৰ খাদ্য সামগ্রী, নিম্ন মানদণ্ডৰ সাজপাৰ আদি।

প্ৰঃ পৰিপূৰক দ্ৰব্যৰ সংজ্ঞা দিয়া।

উঃ যিবিলাক দ্রব্য একেলগে উপভোগ কৰা হয়, সেইবিলাক দ্রব্য পৰিপূৰক দ্রব্য বোলা হয়। উদাহৰণ- কলম আৰু চিয়াহী, জোতা আৰু মোজা ইত্যাদি। পৰিপূৰক দ্ৰব্যৰ ক্ষেত্ৰত এটা সামগ্ৰীৰ চাহিদা বৃদ্ধি হ’লে আনটো দ্ৰব্যৰ চাহিদাও বৃদ্ধি হয়। যেনে-কলমৰ চাহিদা বৃদ্ধি হলে চিয়াহীৰ চাহিদাও বৃদ্ধি হ’ব।

প্ৰঃ পৰিপূৰক দ্ৰব্যৰ এটা উদাহৰণ দিয়া।

উঃ চিয়াহী আৰু কলম।

প্রঃ শুদ্ধ ৰূপটো বাছি উলিওৱাঃ এটা দ্ৰব্যৰ চাহিদা তাৰ বিকল্প / পৰিপূৰক দ্ৰব্যৰ দামৰ বিপৰীত দিশত সাধাৰণতে গতি কৰে।

উঃ এটা দ্ৰব্যৰ চাহিদা তাৰ পৰিপূৰক দ্ৰব্যৰ দামৰ বিপৰীত দিশত সাধাৰণতে গতি কৰে।

প্রঃ শুদ্ধ নে অশুদ্ধ লিখাঃ চাহিদাৰ স্থিতিস্থাপকতা এটা বিশুদ্ধ ৰাশি।

উঃ শুদ্ধ।

প্রঃ যদিহে এবিধ পণ্যৰ দাম ১০ শতাংশ বৃদ্ধি হয় আৰু সেই পণ্যবিধৰ ক্ষেত্ৰত উপভোক্তাগৰাকীৰ মুঠ ব্যয় অপৰিৱৰ্তিত হৈয়ে থাকে। তেন্তে চাহিদাৰ স্থিতিস্থাপকতা কি হ’ব?

উঃ চাহিদাৰ স্থিতিস্থাপকতা একতকৈ কম হব।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment