আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 9 বিয়াৰ প্রেজেন্ট পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 9 বিয়াৰ প্রেজেন্ট
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
গোট-২ চুটি গল্প
বিয়াৰ প্রেজেন্ট
-চৈয়দ আব্দুল মালিক
অতি চমু প্রশ্নোত্তৰ (VSA)
১। চৈয়দ আব্দুল মালিকৰ জন্ম কিমান চনত হৈছিল?
উঃ চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনত।
২। চৈয়দ আব্দুল মালিকে কিমান চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল?
উঃ চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল।
৩। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উঃ চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৪। চৈয়দ আব্দুল মালিকৰ মৃত্যু কিমান চনত হৈছিল?
উঃ চৈয়দ আব্দুল মালিকৰ ২০০০ চনত মৃত্যু হৈছিল।
৫। চৈয়দ আব্দুল মালিকৰ দুখন উপন্যাসৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকে বহুকেইখন উপন্যাস ৰচনা কৰিছিল, তাৰ ভিতৰত দুখন উপন্যাস হ’ল-
‘ধন্য নৰ তনু ভাল’ আৰু ‘অঘৰী আত্মাৰ কাহিনী’।
৬। চৈয়দ আব্দুল মালিকৰ দুখন চুটিগল্প সংকলনৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকৰ দুখন চুটিগল্প সংকলন হ’ল- ‘এজনী নতুন ছোৱালী’ আৰু ‘বঙাগড়া’।
৭। চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম- ‘অসমীয়া জিকিৰ আৰু জাৰি’, ‘আজান ফকীৰ আৰু সুৰীয়া জিকিৰ’, ‘চুফী আৰু চুফীবাদ’ আদি।
৮। “তেৱেই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-‘আমাৰ তাৰে নোহোৱানে’?” -কোনে কাক কথাষাৰ সুধিছিল?
উঃ “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-‘আমাৰ তাৰে নোহোৱানে’?” -এই কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল।
৯। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?
উঃ নাজিয়াই সম্পর্কীয় মোমায়েক ৰিটায়ার্ড হাকিম আহমেদ চাহেবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল।
১০। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?
উঃ কনকেশ্বৰ ঠাকুৰৰ সৰু জীয়েক হস্পিতালত আছিল। চিকিৎসাৰ বাবে টকাৰ অসুবিধা হোৱাৰ বাবে ঠাকুৰ গাঁৱলৈ যাবলৈ ওলোৱাত জীয়েকক হস্পিতালত ৰখিবলৈ নাজিয়া হস্পিতালত যাব লগা হৈছিল।
১১। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰপৰা পইচা পালে?
উঃ কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ নাজিয়াৰ পৰা পইচা পালে।
১২। “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব”-আমাৰ দুজন’ বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?
উঃ “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব”-‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু নাজিয়াৰ গিৰিয়েকৰ কথা কোৱা হৈছে।
👉 Read Also:
