Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Assamese MCQ Chapter 8 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 8 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Assamese MCQ Chapter 8 এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।

👉 Read Also:

এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

-প্রণয় বৰদলৈ

অতি চমু প্রশ্নোত্তৰ (VSA)

১। এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীর্থই কি পৰিধান কৰিছিল?

উঃ এভাৰেষ্ট আৰোহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীর্থই বতাহ আৰু পানী প্রতিৰোধী জেকেট আৰু ট্রাওজাৰ পৰিধান কৰিছিল।

২। পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত?

উঃ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা ২৯,০২৯ ফুট উচ্চতাত অৱস্থিত।

৩। অসম এভাবেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল?

উঃ অসম এভাৰেষ্ট অভিযানৰ ৯ জনীয়া অভিযাত্রী দলটিয়ে আৰোহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যোৱা হিমবাহ ক্ষেত্ৰৰ নাম আছিল ‘খুফু আইচ ফল’।

৪। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়?

উঃ নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি ‘পু’মৰি শিখৰ’ক জনা যায়।

৫। লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাবেষ্টলৈ অভিযান চলায়?

উঃ লেখক তথা তেওঁৰ সতীৰ্থবৃন্দই মানস বৰুৱাৰ নেতৃত্বত ২০১৫ চনত ‘অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়।

৬। দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীবনে হাৰমনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰৰ আছিল?

উঃ দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীবনে হাৰমনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকীৰ এগৰাকী আছিল চীনা মহিলা আৰু আনগৰাকী আমেৰিকান ব্যক্তি।

৭। ‘KHUMBO ICE FALL’ বুলিলে কি বুজা?

উঃ ‘KHUMBO ICE FALL’ বুলিলে বৰফৰ নদী ভাঙি খণ্ড-বিখণ্ড হৈ ৰূপীকৃত বৰফৰ প্ৰাচীৰ সৃষ্টি কৰাকে বুজায়।

৮। কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউন্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল?

উঃ প্রয়াত পৰ্বতাৰোহী নেছিম বাইটীৰ নেতৃত্বত নেপাল-হিমালয়ৰ হেলেম্বু অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত মাউন্ট এভাৰেষ্ট আৰোহণৰ সপোন ৰোপিত হৈছিল।

৯। প্রথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল?

উঃ প্রথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন আছিল ক্রমে তৰুণ শইকীয়া আৰু মনিষ ডেকা।

১০। প্ৰণয় বৰদলৈয়ে ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা।

উঃ প্রণয় বৰদলৈয়ে ৰচনা কৰা এখন গ্রন্থ হ’ল ‘হিমালয়ৰ শিখৰে মাতিছে’।

১১। প্রণয় বৰদলৈ কোনখন কাকতৰ উপসম্পাদক?

উঃ প্রণয় বৰদলৈ ‘জ্ঞানদ্বীপ’ আলোচনীৰ উপসম্পাদক।

১২। ‘নয়নাভিৰাম’ শব্দৰ অৰ্থ কি’

উঃ চকু জুৰ পেলোৱা অৰ্থাৎ অতি সুন্দৰ।

১৩। ‘হিমানী সম্প্রপাত’ বুলিলে কি বুজা?

উঃ ‘হিমানী সম্প্রপাত’ বুলিলে পৰ্বতৰ গাৰে শিলাস্তৰৰ সৈতে বৈ অহা বৰফৰাশিক বুজোৱা হয়।

১৪। এভাৰেষ্ট সপোন আৰু বিভীষিকা’ প্ৰৱন্ধটি কাৰ ৰচনা?

উঃ প্রণয় বৰদলৈ।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment