Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Assamese MCQ Chapter 7 অসমৰ পুৰণি খেল-ধেমালি 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 7 অসমৰ পুৰণি খেল-ধেমালি পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Assamese MCQ Chapter 7 অসমৰ পুৰণি খেল-ধেমালি

অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।

👉 Read Also:

অসমৰ পুৰণি খেল-ধেমালি

-সুবোধমল্ল বৰুৱা

অতি চমু প্রশ্নোত্তৰ (VSA)

১। ‘বিহু আকৌ আহিল’ গ্রন্থখন কোনে ৰচনা কৰিছিল?

উঃ হেমবৰ গোহাঞিয়ে ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।

২। প্রথম আহোম ৰজাজনৰ নাম কি আছিল?

উঃ প্রথম আহোম ৰজাজনৰ নাম আছিল ‘চ্যুকাফা’।

৩। ক্রীড়া কি?

উঃ ক্রীড়া হ’ল এক আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্রকাশ।

৪। বিশ্বৰ সবাতোকৈ জনপ্রিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?

উঃ ছু-চু বুলি আখ্যা দিছিল।

৫। চীনত ছুচু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল?

উঃ কণী যুঁজ, কড়ি যুজঁ ইত্যাদি।

৬। ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা।

উঃ ম’হ যুজঁ, বাঘ-ভালুকৰ যুজ, হাতী যুজঁ, আদি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল।

৭। ইণ্ডিজেনাছ গেমছ কোনে, ক’ত কেতিয়া অনুষ্ঠিত কৰিছিল?

উঃ ‘ইণ্ডিজেনাছ গেমছ’ ১৯৮৯ চনত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল।

৮। বিশ্বৰ সবাতোকৈ জনপ্রিয় খেল কি?

উঃ ফুট বল।

৯। ছু-চু কোন দেশৰ খেল।

উঃ চীন দেশৰ।

১০। কণী যুঁজ সম্পর্কে বিস্তৃত আলোচনা থকা গ্ৰন্থখনৰ নাম কি?

উঃ কণী যুঁজ সম্পর্কে বিস্তৃত আলোচনা থকা গ্ৰন্থখনৰ নাম হ’ল-বিহু আকৌ আহিল’। গ্রন্থখনৰ ৰচক হেম বৰগোহাঞি।।

১১। খেল ধেমালিৰ বিষয়ে যতীন বৰুৱাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ ‘বিহু উৎসৱৰ খেলা-ধূলা’।

১২। অসমৰ খেল-ধেমালি আৰু সংস্কৃতিৰ ওপৰত পৰাগধৰ চলিহাই ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ Aspects of Assamese Culture.

১৩। অকল ছোৱালীসকলে খেলা এবিধ খেলৰ নাম লিখা।

উঃ ফুল-ফুলতী।

১৪। এচিয়া মহাদেশৰ প্ৰথম স্পর্ট চ পেভিলিয়ন কোনটো?

উঃ শিৱসাগৰৰ ৰংঘৰ।

১৫। চৰাইচোং কি?

উঃ চৰাইচোং হ’ল ছয়-সাতখন পথাৰৰ মুকলি অঞ্চল।

১৬। ম’হ যুঁজ কেতিয়া অনুষ্ঠিত হয়?

উঃ মাঘ বিহুৰ সময়ত।

১৭। শিৱসাগৰৰ ৰংঘৰটো কোনে কাক বিক্রী কৰিছিল?

উঃ ইংৰাজসকলে ৰংঘৰটো ১৩০০ টকাত স্থানীয় লোক এজনৰ ওচৰত বিক্ৰী কৰিছিল।

১৮। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?

উঃ আহোম স্বৰ্গদেউ প্রমত্ত সিংহই।

১৯। ‘পুৰণি অসমৰ খেল-ধেমালি’ প্রবন্ধটি কোনে ৰচনা কৰিছে?

উঃ সুবোধমল্ল বৰুৱা।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment