আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 6 কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 6 কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
কেম্ব্রিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান
-ড° হীৰেন গোহাঁই
অতি চমু প্রশ্নোত্তৰ (VSA)
১। কে ‘ম্ব্রিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত?
উঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয় কেম নদীৰ উপত্যকাত অবস্থিত।
২। কে ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত ৩১ খন কলেজ আছে।
৩। হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে ব্ৰিজৰ কলেজখনৰ নাম লিখা।
উঃ হীৰেন গোঁহাইয়ে অধ্যয়ন কৰা কে’ম্ব্রিজৰ কলেজখনৰ নাম গনবিল এণ্ড কীইজ।
৪। কে ‘ম্ব্রিজ বিশ্ববিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল?
উঃ কে ‘ম্ব্রিজ বিশ্ববিদ্যালয় কোনো ব্যক্তি বিশেষে প্রতিষ্ঠা কৰা নাছিল, পণ্ডিত আৰু বিদ্যানুৰাগী ব্যক্তি কেইজনমানৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল।
৫। জর্জ ষ্টাইনাৰ কোন?
উঃ জর্জ ষ্টাইনাৰ এজন মার্কিন পণ্ডিত।
৬। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে ‘লাৰ কোন আছিল?
উঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইটালীৰ এগৰাকী প্রখ্যাত দার্শনিক আৰু পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্রখ্যাত দার্শনিক, পণ্ডিত আৰু কবি আছিল।
৭। ‘গথিক স্থাপত্য’ বুলিলে কি বুজা?
উঃ ‘গথিক স্থাপত্য’ বুলিলে মধ্যযুগৰ ইউৰোপৰ গির্জাবোৰত দেখা পোৱা এক প্ৰকাৰৰ স্থাপত্য কলা শৈলীক বুজায়।
৮। কে ‘ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল?
উঃ কে’ম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কলেজৰ সদস্য সকলে নির্বাচন কৰিছিল।
৯। আৰৱী গ্রন্থত প্লেটো আৰু আৰিস্তুতলক কি কি নামেৰে জনা যায়?
উঃ আৰৱী গ্ৰন্থত প্লেটোক ‘আফ্লাতুন’ আৰু আৰিস্ততলক ‘আৰিস্তু’ নামেৰে জনা যায়।
১০। হীৰেন গোঁহাইৰ জন্ম কিমান চনত হৈছিল?
উঃ হীৰেন গোঁহাইৰ জন্ম ১৯৩৯ চনত হৈছিল।
👉 Read Also:
