আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 5 গিবন পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 5 গিবন
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
গিবন
-হোমেন বৰগোহাঞি
অতি চমু প্রশ্নোত্তৰ (VSA)
১। হোমেন বৰগোহাঞিয়ে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উঃ ‘হালধীয়া চৰায়ে বাওঁধান খায়’ আৰু ‘তিমিৰ তীর্থ’।
২। হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উঃ আত্মানুসন্ধান।
৩। কোনখন গ্ৰন্থৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে?
উঃ পিতাপুত্র।
৪। পৃথিবীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে সেইবোৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য।’ কাৰ উক্তি?
উঃ জার্মান দার্শনিক শ্বপেনহাৱাৰৰ।
৫। এডৱার্ড গিবনে প্ৰেমত পৰা ছোৱালীজনীৰ নাম কি আছিল?
উঃ ছুজান কাৰচদ।
৬। ‘Adolphe আত্মজীবনীমূলক উপন্যাসখন কাৰ ৰচনা?
উঃ বেঞ্জামিন কষ্টাট।
৭। হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা এখন কাকতৰ নাম লিখা।
উঃ ‘নিয়মীয়া বার্তা’।
৮। ‘গিবন’ শিৰোনামৰ প্ৰৱন্ধটি হোমেন বৰগোহাঞিৰ কোনখন গ্ৰন্থৰ অন্তৰ্গত?
উঃ ‘স্বৰ্গ আৰু নৰক’ নামৰ গ্ৰন্থৰ অন্তৰ্গত।
৯। হোমেন বৰগোহাঞিৰ জন্ম কিমান চনত হৈছিল?
উঃ হোমেন বৰগোহাঞিৰ জন্ম ১৯৩২ চনত হৈছিল।
১০। হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম লিখা।
উঃ হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম- ‘সুবালা’, ‘পিতাপুত্র’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘তিমিৰ তীৰ্থ’, ‘অস্তৰাগ’ আদি।
১১। হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা।
উঃ হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম- ‘সাপ্তাহিক নীলাচল’, ‘নাগৰিক’, ‘অসমবাণী’, ‘নিয়মীয়া বার্তা’ আদি।
১২। কোনখন গ্ৰন্থৰ বাবে বৰগোহাঞি দেরে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উঃ ‘পিতাপুত্র’ গ্ৰন্থৰ বাবে ১৯৭৮ চনত বৰগোহাঞিদেবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল
১৩। হোমেন বৰগোহাঞিয়ে ৰচনা কৰা চুটিগল্পৰ পুথিসমূহ কি কি?
উঃ ‘বিভিন্ন কোৰাচ’, ‘বিভিন্ন নৰক’ হোমেন বৰগোহাঞিয়ে ৰচনা কৰা চুটিগল্পৰ পুথি।
১৪। বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ কি কি?
উঃ বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ হ’ল- ‘আত্মানুসন্ধান’, আৰু ‘ধুমুহা আৰু ৰামধেনু’।
১৫। হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ কোন বৰ্ষৰ সভাপতিৰ আসন অলংকৃত কৰিছিল?
উঃ হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ ২০০১-২০০২ বৰ্ষৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।
১৬। এডবার্ড গিবন কোন আছিল?
উঃ এডৱাৰ্ড গিবন এজন ইংৰাজ ইতিহাস লিখক আছিল।
১৭। এডবার্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।
উঃ অক্সফোর্ডৰ মেগডালেন কলেজ।
১৮। এডবার্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম লিখা।
উঃ “The History of the Decline and Fall of the Roman Empire.”
১৯। শ্বপেনহাৱাৰ কোন আছিল?
উঃ শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জার্মান দার্শনিক আছিল।
২০। ‘আলেকজেন্দ্রিয়ান কোৱার্টেট’ নামৰ উপন্যাস মালাৰ লেখক কোন আছিল?
উঃ ডাৰেল।
২১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা।
উঃ জন মিল্টন সপ্তদশ শতিকাৰ ইংৰাজ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’।
২২। দার্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উঃ ‘The Social contract’ আৰু Confessions’ |
২৩। গিবনৰ সম্পূৰ্ণ নামটো কি আছিল? তেওঁ কোন শতিকাৰ লেখক আছিল?
উঃ গিবনৰ সম্পূৰ্ণ নাম এডৱার্ড গিবন। তেওঁ অষ্টাদশ শতিকাৰ লেখক আছিল।
২৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?
উঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন অষ্টাদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল। এই গ্রন্থখন ১৭৯০ চনত প্রকাশিত হৈছিল।
২৫। যৌবন কালত এডবার্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?
উঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।
👉 Read Also:
