Join WhatsApp

Join Now

Join Telegram

Join Now

H.S 1st Year Class 11 Assamese MCQ Chapter 3 গৌৰৱ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 3 গৌৰৱ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Assamese MCQ Chapter 3 গৌৰৱ

অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।

👉 Read Also:

গৌৰৱ

-কালিৰাম মেধি

অতি চমু প্রশ্নোত্তৰ (VSA)

১। কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা।

উঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পর্কীয় গ্রন্থখনৰ নাম হ’ল-“অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব”।

২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?

উঃ ‘ডিভাইন কমেডি’ ইটালীৰ মহাকবি ডাণ্টেৰ ৰচনা।

৩। নেপলিয়ান বোনাপার্ট কোন দেশৰ বীৰ আছিল?

উঃ নেপলিয়ান বোনাপার্ট ফ্রান্স দেশৰ বীৰ আছিল।

৪। মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে?

উঃ মৈথিলী আৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।

৫। ‘গৌৰৱ’ নামৰ পাঠটিৰ লিখক কোন?

উঃ কালিৰাম মেধি।

৬। কালিৰাম মেধিয়ে অসমীয়া ভাষা সম্পর্কে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?

উঃ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব।

৭। কালিৰাম মেধিয়ে সম্পাদনা কৰা এখন গ্ৰন্থৰ নাম লিখা।

উঃ প্রহ্লাদ চৰিত।

৮। মহাকবি ডান্টে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?

উঃ ডিভাইন কমেডি।

৯। গ্রীক-ট্ৰজান যুদ্ধৰ কাৰণ কি আছিল?

উঃ গ্রীক-ট্রজান যুদ্ধৰ কাৰণ আছিল সুন্দৰী হেলেন।

১০। শৰীৰৰ কি তিনিটা গুণৰ পৰা গৌৰৱৰ উৎপত্তি হয়?

উঃ ৰূপ, স্বাস্থ্য আৰু বল।

১১। কি গুণে মানুহক অমৰ কৰে?

উঃ জ্ঞান, আত্ম সংযম আৰু আত্মবলিদানে মানুহক অমৰ কৰে।

১২। ক্লিওপেট্রাৰ ৰূপ কিহৰ বাবে কুৎসিত হৈছিল?

উঃ ক্লিওপেট্ৰাৰ ৰূপ সাপৰ বিষৰ বাবে কুৎসিত হৈছিল।

১৩। লিয়েণ্ডাৰে কাক পাবৰ বাবে সাগৰ সাতুৰি পাৰ হৈছিল?

উঃ লিয়েণ্ডাৰে প্ৰেয়সী হিৰোক পাবলৈ সাগৰ সাতুৰি পাৰ হৈছিল।

১৪। ভার্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?

উঃ এনিড।

১৫। ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্থায়ী হয়নে?

উঃ ৰূপৰ বলত পোৱা মান ভক্তি স্থায়ী নহয়।

১৬। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে?

উঃ বিশ্বামিত্ৰৰ দুখৰ কাৰণ জন্ম আছিল বুলি পাঠটোত কোৱা হৈছে।

১৭। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?

উঃ শুদ্ধোধন গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে।

১৮। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰে?

উঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ানবিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment