আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 2 অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 2 অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ
-পদ্মনাথ গোহাঞি বৰুৱা
অতি চমু উত্তৰ প্রশ্নোত্তৰ (VSA)
১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ’ শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উঃ পদ্মনাথ গোহাঞিবৰুৱাৰ ‘মোৰ সোঁৱৰণী’ নামৰ আত্মজীৱনী খনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। মহাত্মা গান্ধীয়ে প্রথমবাবৰৰ বাবে কেতিয়া অসম ভ্রমণ কৰিছিল?
উঃ মহাত্মা গান্ধীয়ে ইংৰাজী ১৯২১ চনত প্ৰথমবাৰৰ বাবে অসম ভ্রমণ কৰিছিল।
৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল- ‘মোৰ সোঁৱৰণী’।
৪। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?
উঃ ‘আগৰৱালা পকী’ তেজপুৰ চহৰত অৱস্থিত।
৫। গান্ধীজীৰ সন্মানার্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজলিছত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।
উঃ পদ্মনাথ গোহাঞিবৰুৱা।
৬। ‘অসমীয়া ভাষাৰ প্ৰথম উপন্যাসখনৰ নাম কি?
উঃ পদ্মনাথ গোহাঞিবৰুৱাৰ ‘ভানুমতী’।
৭। পদ্মনাথ গোহাঞিবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উঃ শ্রীকৃষ্ণ।
৮। ‘অসম সাহিত্য সভা’ৰ প্ৰথম সভাপতি কোন আছিল?
উঃ পদ্মনাথ গোহাঞিবৰুৱা।
৯। ‘অসম সাহিত্য সভা’ৰ প্ৰথম অধিবেশন কত অনুষ্ঠিত হৈছিল?
উঃ শিৱসাগৰত।
১০। পদ্মনাথ গোহাঞিবৰুৱাই ভাৰত চৰকাৰৰ পৰা কি উপাধি পাইছিল?
উঃ ৰায়চাহাব।
১১। ‘তেজপুৰৰ কোনজন উকীলে মহাত্মা গান্ধী আৰু মহম্মদ আলি চাহাবক নমস্কাৰ জনাইছিল?
উঃ বাবু মহেন্দ্রনাথ উকীলে।
১২। ‘হৰিবিলাস আগৰৱালাৰ ঘৰত মহাত্মা গান্ধীক কিহেৰে আপ্যায়ন কৰা হৈছিল?
উঃ ছাগলীৰ গাখীৰেৰে।
১৩। ‘গান্ধীজীয়ে তেজপুৰত কিহৰ ওপৰত বক্তৃতা দিছিল?
উঃ স্বৰাজ আৰু অসহযোগীতাৰ ওপৰত।
১৪। ‘মহাত্মা গান্ধীৰ লগত অসমলৈ অহা নেতাজন কোন আছিল?
উঃ মৌলানা মহম্মদ আলি চাহাব।
👉 Read Also:
- অসমৰ পুৰণি খেল–ধেমালি
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
- বিয়াৰ প্রেজেন্ট
- ৰাৱণক বিভীষণৰ সজ উপদেশ
- বৰগীতঃ জয় জয় যাধৱ
