Join WhatsApp

Join Now

Join Telegram

Join Now

H.S 1st Yea Class 11 Assamese MCQ Chapter 17 কুশল কোঁৱৰ 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 17 কুশল কোঁৱৰ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Assamese MCQ Chapter 17 কুশল কোঁৱৰ

অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।

👉 Read Also:

গোট-৪ নাটক

কুশল কোঁৱৰ

-উত্তম বৰুৱা

অতি চমু প্রশ্নোত্তৰ (VSA)

(ক) ‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ নাট্যকাৰজন কোন?

উঃ উত্তম বৰুৱা।

(খ) উত্তম বৰুৱা ক’ত জন্ম গ্রহণ কৰিছিল?

উঃ গুৱাহাটীৰ আজাৰাত।

(গ) সপ্তম শ্রেণীত পঢ়ি থাকোতে উত্তম বৰুৱাই ৰচনা কৰা পুথিখনৰ নাম কি?

উঃ ‘মহাপুৰুষৰ নামঘৰ’।

(ঘ) উত্তম বৰুৱাৰ প্ৰথম প্ৰকাশিত নাটকখনৰ নাম কি?

উঃ ‘বৰ মানুহৰ দোলা’ (১৯৬০)।

(ঙ) কুশল কোঁৱৰ কোন আছিল?

উঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ এজন শ্বহীদ আছিল।

(চ) কুশল কোঁৱৰৰ পিতৃৰ নাম কি আছিল?

উঃ সোণাৰাম কোঁৱৰ।

(ছ) গোমধৰ কোঁৱৰ কোন আছিল?

উঃ গোমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰি শ্বহীদ হোৱা প্রথমজন অসমীয়া। তেওঁ আছিল কুশল কোঁৱৰৰ আজোককা।

(জ) কুশল কোঁৱৰৰ মাতৃৰ নাম কি আছিল?

উঃ কণপাহি।

(ঝ) ‘কুশল কোঁৱৰ’ কোন শ্ৰেণীৰ নাটক?

উঃ বুৰঞ্জীমূলক নাটক।

(ঞ) কুশল কোঁৱৰে পত্নী প্ৰভাৱতীৰ চিলাই মেচিনটো কিয় বিক্রী কৰিছিল?

উঃ কংগ্ৰেছৰ ঋণ পৰিশোধ কৰিবলৈ।

(ট) কুশল কোঁৱৰে কেতিয়াৰ পৰা মাছ-মাংস খাবলৈ এৰি দিছিল?

উঃ মহাত্মা গান্ধীক লগ পোৱাৰ পৰা।

(ঠ) বৈকুন্ঠ বিহৰী সিং কোন আছিল?

উঃ এজন স্বাধীনতা বিপ্লবী। তেওঁ বিহাৰৰ লোক আছিল।

(ঢ) কুশল কোঁৱৰে কাক গুৰু মানিছিল?

উঃ মহাত্মা গান্ধীক।

(ড) পুলিন বৰুৱা কোন জিলাৰ লোক আছিল?

উঃ গোৱালপাৰা জিলাৰ।

(ণ) কুশল কোঁৱৰক কোনে বিশ্বাসঘাতকতা কৰিছিল?

উঃ পুলিন বৰুৱাই।

(ত) সৰু পথাৰৰ ৰেল দুর্ঘটনা কোন চনৰ কিমান তাৰিখে হৈছিল?

উঃ ১৯৪২ চনৰ ৯ অক্টোবৰত।

(থ) শিৱসাগৰ জিলাৰ ডে পুটি কমিচনাৰৰ্জনৰ নাম কি আছিল?

উঃ মি. কেম্বল এনদ্র হামফ্রে।

(দ) কুশল কোঁৱৰৰ উকিলজনৰ নাম কি আছিল?

উঃ তাৰা প্ৰসাদ বৰুৱা।

👉 Read Also:

(ধ) ‘কুশল কোঁৱৰ’ নাটকত উল্লেখ থকা চৰকাৰী উকিলজনৰ নাম কি আছিল?

উঃ দেৱেশ্বৰ শৰ্মা।

(ন) বালিজান চাহ বাগিছাৰ মালিক কোন আছিল?

উঃ বিশ্বেশ্বৰ শৰ্মা।

(প) ‘ভাৰত বৰ্ষ ব্ৰিটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰেই ভাৰত শাসন কৰিব’- কথাষাৰ কোনে কৈছিল।

উঃ মি. মর্লিয়ে কৈছিল।

(ফ) কোনে কেতিয়া কেনেকৈ জালিৱানবালাবাগ হত্যাকাণ্ডৰ প্রতিশোধ লৈছিল?

উঃ উধম সিং নামৰ এজন কুৰি বছৰীয়া বিদ্রোহীয়ে পঞ্জাৱৰ পৰা লণ্ডনলৈ গৈ ১৯৪০ চনত জেনেৰেল ডায়াৰক হত্যা কৰি প্ৰতিশোধ লৈছিল।

(ব) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?

উঃ ১৯৪২ চনৰ ১৩ জুন তাৰিখে।

(ভ) বিপ্লবীসকলে কোন ঠাইত ৰেল বগৰাইছিল?

উঃ সৰুপথাৰ ৰেল ষ্টেচনৰ ওচৰত থকা চাংপুলত।

(ত) সৰু পথাৰৰ ৰেল দুর্ঘটনা কোন চনৰ কিমান তাৰিখে হৈছিল?

উঃ ১৯৪২ চনৰ ৯ অক্টোবৰত।

(থ) শিৱসাগৰ জিলাৰ ডে পুটি কমিচনাৰজনৰ নাম কি আছিল?

উঃ মি. কেম্বল এনদ্র হামফ্রে।

(দ) কুশল কোঁৱৰৰ উকিলজনৰ নাম কি আছিল?

উঃ তাৰা প্ৰসাদ বৰুৱা।

(ধ) ‘কুশল কোঁৱৰ’ নাটকত উল্লেখ থকা চৰকাৰী উকিলজনৰ নাম কি আছিল?

উঃ দেৱেশ্বৰ শৰ্মা।

(ন) বালিজান চাহ বাগিছাৰ মালিক কোন আছিল?

উঃ বিশ্বেশ্বৰ শৰ্মা।

(প) ‘ভাৰত বৰ্ষ ব্ৰিটিছে তৰোৱালৰ আগেৰে জয় কৰিছিল আৰু তৰোৱালৰ আগেৰেই ভাৰত শাসন কৰিব’- কথাষাৰ কোনে কৈছিল।

উঃ মি. মর্লিয়ে কৈছিল।

(ফ) কোনে কেতিয়া কেনেকৈ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্রতিশোধ লৈছিল?

উঃ উধম সিং নামৰ এজন কুৰি বছৰীয়া বিদ্রোহীয়ে পঞ্জাৱৰ পৰা লণ্ডনলৈ গৈ ১৯৪০ চনত জেনেৰেল ডায়াৰক হত্যা কৰি প্রতিশোধ লৈছিল।

(ব) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?

উঃ ১৯৪২ চনৰ ১৩ জুন তাৰিখে।

(ভ) বিপ্লবীসকলে কোন ঠাইত বেল বগৰাইছিল?

উঃ সৰুপথাৰ ৰেল ষ্টেচনৰ ওচৰত থকা চাংপুলত।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment