আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 16 এখন চিঠি পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 16 এখন চিঠি
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
এখন চিঠি
-হেম বৰুৱা
অতি চমু প্রশ্নোত্তৰ (VSA)
১। ‘এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ কোনখন পুথিৰ পৰা লোৱা হৈছে?
উঃ এখন চিঠি’ কবিতাটো হেম বৰুৱাৰ ‘মন-ময়ূৰী’ কবিতাপুথিৰ পৰা লোৱা হৈছে।
২। হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা।
উঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম-‘পছোৱা’।
৩। চেলা গিৰিপথ ক’ত আছে?
উঃ চেলা গিৰিপথ অৰুণাচল প্ৰদেশৰ চীন সীমান্তত আছে।
৪। কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে?
উঃ যি মৃত্যুরে আন দহজনক জীবন দিয়ে সেই মৃত্যুক কবিয়ে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে।
৫। ‘এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম কি?
উঃ ‘এখন চিঠি’ কবিতাটোত উল্লেখ কৰা সৈনিক জনৰ পত্নীৰ নাম- ‘মমতা’।
৬। এখন চিঠি’ কবিতাটিৰ ৰচক কোন?
উঃ হেম বৰুৱা।
৭। হেম বৰুৱাই ক’ত কেতিয়া জন্ম গ্রহণ কৰিছিল?
উঃ ১৯১৫ চনত, তেজপুৰত
৮। হেম বৰুৱাই ৰচনা কৰা এখন কবিতা পুথিৰ নাম লিখা।
উঃ বালিছদা।
৯। হেম বৰুৱাই ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা।
উঃ The Red River and Blue Hill.
১০। হেম বৰুৱাই কোনখন অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল?
উঃ ১৯৭২ চনত অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনৰ সভাপতি আছিল।
👉 Read Also:
- গিবন
- কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান
- অসমৰ পুৰণি খেল–ধেমালি
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
- বিয়াৰ প্রেজেন্ট
