আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 15 ৰাজপথ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 15 ৰাজপথ
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
ৰাজপথ
-ভৱানন্দ দত্ত
অতি চমু প্রশ্নোত্তৰ (VSA)
১। ‘অসমীয়া কবিতাৰ কাহিনী’ গ্রন্থখন কাৰ ৰচনা?
উঃ ‘অসমীয়া কবিতাৰ কাহিনী’ গ্রন্থখন ভৱানন্দ দত্তৰ ৰচনা।
২। ‘ব্লেক আউট’ মানে কি?
উঃ ‘ব্লেক আউট’ মানে নিষ্প্রদীপ (পোহৰ নথকা অৱস্থা)।
৩। ৰাজপথত কোন সময়ত ভদ্র-বনিতাৰ চৰণাঘাত পৰে?
উঃ ৰাজপথত নিশাৰ অন্ধকাৰত ভদ্র-বনিতাৰ চৰণাঘাত পৰে।
৪। ‘ৰাজপথ’ কবিতাটি প্রথমে কোনখন আলোচনীত প্রকাশ পাইছিল?
উঃ ‘ৰাজপথ’ কবিতাটি প্রথমে ‘জয়ন্তী’ আলোচনীত প্রকাশ পাইছিল।
৫। ‘নচিকেতা’ কাৰ ছদ্মনাম?
উঃ ‘নচিকেতা’ ভৱানন্দ দত্তৰ ছদ্মনাম।
৬। ‘ৰাজপথ’ নামৰ কবিতাটি কোনখন আলোচনীত প্রথম প্রকাশিত হৈছিল?
উঃ ‘জয়ন্তী’ আলোচনীত।
৭। কি ছদ্ম নামত ভৱানন্দ দত্তই কবিতাটি প্রকাশ কৰিছিল?
উঃ নচিকেতা।
৮। ভৱানন্দ দত্তই ৰচনা কৰা সাহিত্য সমালোচনামূলক এখন গ্ৰন্থৰ নাম লিখা।
উঃ অসমীয়া কবিতাৰ কাহিনী।
১। ভৱানন্দ দত্তৰ জন্ম কেতিয়া হৈছিল?
উঃ ১৯১৮ চনত।
৯। ভৱানন্দ দত্তৰ ‘ৰাজপথ’ নামৰ কবিতাটি কোন শ্ৰেণীৰ কবিতা?
উঃ প্রগতিবাদী ধ্যান-ধাৰণাৰ কবিতা।
১০। ভৱানন্দ দত্তই ইংৰাজীত ৰচনা কৰা গ্রন্থখনৰ নাম কি?
উঃ Philosophy of India.
১১। কোনজন অসমীয়া কবিৰ ছদ্মনাম আছিল ‘নচিকেতা’?
উঃ ভৱানন্দ দত্তৰ।
👉 Read Also:
- কিতাপৰ কথা
- গিবন
- কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান
- অসমৰ পুৰণি খেল–ধেমালি
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
