আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 14 লাচিত ফুকন পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 14 লাচিত ফুকন
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
লাচিত ফুকন
-দেৱকান্ত বৰুৱা
অতি চমু প্রশ্নোত্তৰ (VSA)
১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
উঃ দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত ‘দোমোজাৰ’ কবি হিচাপে জনাজাত।
২। দেৱকান্ত বৰুৱাৰ একমাত্র কাব্য পুথিখনৰ নাম কি?
উঃ দেৱকান্ত বৰুৱাৰ একমাত্র কাব্য পুথিখনৰ নাম- ‘সাগৰ দেখিছা’।
৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্রথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?
উঃ দেৱকান্ত বৰুৱাৰ “আমি দুৱাৰ মুকলি কৰোঁ” কবিতাত প্রথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়।
৪। “দেশৰ বাতৰি শুনিবানে বীৰ” – ইয়াত ‘বীৰ’ বুলি কাৰ কথা কোৱা হৈছে?
উঃ “দেশৰ বাতৰি শুনিবানে বীৰ”- ইয়াত বীৰ বুলি ‘লাচিত ফুকন’ৰ কথা কোৱা হৈছে।
৫। “নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীৰ” – ‘জয়শ্রী’ মানে কি?
উঃ “নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীৰ”-ইয়াত ‘জয়শ্রী’ মানে শত্রুক পৰাজয় কৰাৰ পৰা হোৱা সৌভাগ্য বা সম্মান।
৬। দেৱকান্ত বৰুৱা কোন যুগৰ কবি?
উঃ ‘আৱাহন’ যুগৰ।
৭। অসমৰ কাব্যভূমিত কবিয়ে কি চৰা বুলি কৈছে?
উঃ ‘গাধৰ পাল’।
৮। দেৱকান্ত বৰুৱাৰ কোন চনত মৃত্যু হৈছিল?
উত্তৰ: ১৯৯৬ চনত।
৯। কবিতাটোত ‘অপৰাধী মাতুল’ বুলি কাক কোৱা হৈছে?
উঃ লাচিত ফুকনৰ মোেময়েকক কোৱা হৈছে।
👉 Read Also:
