আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 13 বনকুঁৱৰী পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 13 বনকুঁৱৰী
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
বনকুঁৱৰী
-চন্দ্ৰকুমাৰ আগৰৱালা
অতি চমু প্রশ্নোত্তৰ (VSA)
১। প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি?
উঃ প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম-বনকুঁৱৰী।
২। বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে কি মন্তব্য কৰিছিল?
উঃ বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে মন্তব্য কৰিছিল- ‘প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।’
৩। ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
উঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল-চন্দ্ৰকুমাৰ আগৰৱালা।
৪। ‘প্রতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয়?
উঃ ‘প্রতিমাৰ খনিকৰ’ বুলি চন্দ্ৰকুমাৰ আগৰৱালাক কোৱা হয়।
৫। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি?
উঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু হ’ল- প্রকৃতি, প্রেম আৰু সৌন্দর্য।
৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক’ত হৈছিল?
উঃ শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্রহ্মজান গাঁৱত।
৭। ‘জোনাকী’ আলোচনী কেতিয়াৰ পৰা প্রকাশ পায়?
উঃ ১৮৮৯ চনৰ পৰা।
৮। চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি?
উঃ হৰিবিলাস আগৰৱালা।
৯। ‘মুকলি চুলিৰে নাম গায় ঘূৰি চাপৰি টুক টুক টুক্।’-ইয়াত কাৰ কথা কোরা হৈছে?
উঃ ইয়াত যক্ষিনী কন্যা বনকুঁৱৰীৰ কথা কোৱা হৈছে।
১০। বনকুঁৱৰীৰ শিৰত কি জিলিকি আছিল?
উঃ মৰকত মণি।
১১। যক্ষিণী ছোৱালী দুজনীয়ে কি সাজ পিন্ধি আছিল?
উঃ বনফুলৰ সাজ।
১২। আহঁতৰ তলত কোনে নাচিছিল?
উঃ যক্ষিণী ছোৱালীয়ে।
১৩। ‘অকণি বুকুত ইটিক সুমাই সিটিয়ে মৰম যাচে।’- ইয়াত কোনে কাক মৰম যচাৰ কথা কৈছে?
উঃ ইয়াত দুটি কপৌয়ে ইটিয়ে সিটিক মৰম যচাৰ কথা কৈছে।
১৪। যক্ষিণী কন্যালৈ কোনে লাগি চাই থাকে?
উঃ হৰিণা পোৱালিয়ে।
১৫। বনকুঁৱৰী কবিতাটো কাৰ ৰচনা?
উঃ চন্দ্ৰকুমাৰ আগৰৱালা।
১৬। ‘প্রতিমা’খন সৰু কিন্তু নিভাঁজ সোণৰ’ কথাষাৰ কোনে কৈছিল?
উঃ লক্ষ্মীনাথ বেজবৰুৱা।’
১৭। কোনজন অসমীয়া সাহিত্যিকক ‘সাহিত্য সম্রাট’ বুলি কোৱা হয়?
উঃ লক্ষ্মীনাথ বেজবৰুৱা।
👉 Read Also:
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ
- গৌৰৱ
- কিতাপৰ কথা
- গিবন
- কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান
