আপুনি যদি উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ Class 11 Assamese MCQ Chapter 12 ধনবৰ আৰু ৰতনী পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 11 Assamese MCQ Chapter 12 ধনবৰ আৰু ৰতনী
অসম চৰকাৰ তথা উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ শেষতীয়া সিদ্ধান্ত মর্মে অসমীয়া বিষয়ত বহুবিকল্পীধর্মী প্রশ্ন নাথাকিব। ইয়াৰ পৰিৱৰ্তে অতি চমু উত্তৰৰ প্ৰশ্ন থাকিব। ছাত্র ছাত্রী সুবিধার্থে ইয়াত অতি চমু উত্তৰ (VSA) ৰ প্রশ্নোত্তৰৰ সন্নিবিষ্ট কৰা হ’ল।
👉 Read Also:
ধনবৰ আৰু ৰতনী
-লক্ষ্মীনাথ বেজবৰুৱা
অতি চমু প্রশ্নোত্তৰ (VSA)
১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম- ‘কদমকলি’।
২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম- ‘মোৰ জীৱন সোঁৱৰণ’।
৩। অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?
উঃ লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া সাহিত্যত ‘চুটি গল্পৰ জনক’ বুলি কোৱা হয়।
৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম-সুৰভি।
৫। ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উঃ ‘বাঁহী’ আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল।
৬। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উঃ মালিতা হৈছে আখ্যানমূলক বা কাহিনীমূলক গীত। ইংৰাজীত ইয়াক ‘বেলাড’ বুলি কোৱা হয়।
৭। লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ হাস্যৰসাত্মক পুথি কেইখন হ’ল- কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ উভতনি, কৃপাবৰ বৰুৱাৰ ভাৱৰ বুৰবুৰণি, বৰবৰুৱাৰ বুলনি আদি।
৮। লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্রন্থ কেইখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ আলোচনামূলক গ্রন্থ কেইখনৰ নাম- The Religion of Love and Devotion, শ্রীকৃষ্ণকথা, কামত কৃতিত্ব লভিবৰ সংকেত, ভাগৱত কথা আদি।
৯। লক্ষ্মীনাথ বেজবৰুৱা কিমান চনৰ অসম সাহিত্য সভাৰ সভাপতি আছিল? এই অধিবেশন ক’ত হৈছিল?
উঃ লক্ষ্মীনাথ বেজবৰুৱা ১৯২৪ চনৰ অসম সাহিত্য সভাৰ গুৱাহাটী অধিৱেশনৰ সভাপতি হৈছিল।
১০। লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ চুটিগল্পৰ পুথি কেইখন হ’ল- সুৰভি, সাধুকথাৰ কুঁকি, জোনবিৰি আৰু কেহোঁকলি।
১১। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ পুথি কেইখন হ’ল-বুঢ়ী আইৰ সাধু, জুনুকা, ককাদেউতা আৰু নাতি ল’ৰা।
১২। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখনৰ নাম লিখা।
উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনী পুথি কেইখন হ’ল- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত, শ্রী শ্রী শংকৰদেৱ, মহাপুৰুষ শ্রীশংকৰদেৱ আৰু শ্রীমাধৱদেৱ।
👉 Read Also:
